দূৰদৰ্শন : ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ – সম্পূৰ্ণ অসমীয়া ৰচনা

দূৰদৰ্শন : ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ

দূৰদৰ্শন আধুনিক যুগৰ এটা শক্তিশালী সংযোগ মাধ্যম। ইংৰাজী টেলিভিশ্যন শব্দটোক আমাৰ পৰিভাষাত দূৰদৰ্শন’ নাম দিয়া হৈছে। টেলি শব্দৰ অৰ্থ দূৰ, ভিশ্যন মানে হৈছে দেখা কাৰ্য—দৰ্শন। ইয়াৰ সহায়ত আমি দূৰ-দূৰণীৰ যিকোনো দৃশ্য, ঘটনা, কার্য আদি ঘৰত বহি বহিয়েই উপভোগ কৰিব পাৰোঁ। জন লগি বেয়ার্ড নামৰ বৃটিছ বিজ্ঞানী এজনে ১৯২৫ চনত দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল। আমাৰ দেশত ১৯৫৯ চনৰপৰা পোন প্ৰথম আকাশবাণীৰ তত্ত্বাৱধানত অকল দিল্লীত সপ্তাহত তিনিদিনকৈ দূৰদৰ্শনৰ প্ৰচাৰ আৰম্ভ কৰা হয়। ১৯৭৬ চনৰ পৰাহে দূৰদৰ্শনৰ যোগেদি নিজাকৈ কাৰ্যসূচী প্ৰচাৰ আৰম্ভ হয়।

আগেয়ে দূৰদৰ্শনৰ যোগেদি কেৱল ক’লা আৰু বগা ছৱিহে দেখিবলৈ পোৱা গৈছিল। এতিয়া ৰঙীন ছৱি দেখুৱাবলৈ পৰা হোৱাত সকলো দৃশ্য, চিত্ৰ আদি স্বাভাৱিক ৰূপত দেখিবলৈ পোৱা যায়। দূৰদৰ্শন কেৱল আমোদ-প্রমোদৰ আহিলাই নহয়, ই এটা বহুমুখী প্ৰচাৰ মাধ্যমো। বিশেষকৈ কৃষি, শিল্প, শিক্ষা আৰু সংস্কৃতি বিষয়ত ইয়াৰ অৱদান উল্লেখযোগ্য। দেশ-বিদেশৰ উন্নত কৃষিকৰ্মৰ প্ৰদৰ্শনৰ দ্বাৰা সেই বিষয়ত লোকক কিছু শিক্ষা দিব পাৰি। সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ দ্বাৰা সাংস্কৃতিক ভাব বিনিময় কৰি দেশ-বিদেশৰ লোকৰ মাজত সম্প্ৰীতিৰ ভাব জগাই তুলিব পাৰি। স্বাস্থ্য বিষয়ক অনুষ্ঠান পৰিবেশন কৰি জনসাধাৰণক স্বাস্থ্য সম্পর্কে সজাগ কৰিব পাৰি। বিভিন্ন শিক্ষামূলক অনুষ্ঠান পৰিবেশনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰ সাধন কৰিব পাৰি।

দূৰদৰ্শনৰ বেয়া প্ৰভাৱো আছে। মানুহ আমোদপ্ৰিয়, কিছুমান মানুহে অনৱৰতে টি.ভি.ৰ কাষত বহি খেল-ধেমালি, গীত, নাম, চিনেমা-ভাওনা আদি চাই সময় কটায়। ইয়াৰপৰা কামৰ ক্ষতি হয়। টি.ভি.য়ে পঢ়া-শুনাত ব্যাঘাত ঘটাই ছাত্র- ছাত্ৰীৰো বেয়াকৈ অনিষ্ট কৰিব পাৰে। দূৰদৰ্শনৰ দেখুওৱা বিজ্ঞাপনৰ দ্বাৰাও মানুহৰ অপকাৰ হোৱা বুলি অভিযোগ উঠা দেখা যায়। ইয়াত দেখুওৱা বিলাসী বস্তুৰ বিজ্ঞাপনৰ দ্বাৰা মানুহ বিলাসী আৰু ভোগবাদী হোৱাৰ আশংকা কৰা হৈছে। কেতিয়াবা কোনো আলোচনাত কিবাকিবি বস্তু বৰ্জন কৰিবলৈ পৰামৰ্শ দি পিছ মুহূর্ততে সেই বস্তুক ব্যৱহাৰ কৰিবলৈ আকর্ষণীয় বিজ্ঞাপন প্ৰচাৰ কৰা দেখা যায়। দূৰদৰ্শনৰ কিছুমান স্বাস্থ্য হানিকৰ দুৰ্গুণো আছে। দূৰদৰ্শনে তেজষ্ক্ৰিয় আৰু অতিবেঙুনীয়া ৰশ্মি নিৰ্গত কৰে। এই ৰশ্মি মানৱদেহৰ বাবে অত্যন্ত অপকাৰী। ইয়াৰপৰা মাৰাত্মক ছালৰ ৰোগ, চকুৰ ৰোগ হ’ব পাৰে। মুৰ্চ্ছা, মূৰ কামোৰণি আদিও হ’ব পাৰে।

লগতে পঢ়ক  বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন (ৰচনা)
বৰ্তমান পৃথিৱীৰ উন্নত দেশবোৰত এইবোৰৰ প্ৰতিকাৰ কৰিবৰ কাৰণে বিশেষ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ দেশত বৰ্তমান তেনে কোনো ব্যৱস্থা লোৱা হোৱা নাই। সেইবাবে দূৰদৰ্শন চাওঁতাসকলে যিকোনো অনুষ্ঠান নাচাই কিছুমান বছা বছা অনুষ্ঠানহে চাব লাগে।

Leave a Comment