ছাত্র আৰু ৰাজনীতি – অসমীয়া ৰচনা সকলো শ্ৰেণীৰ বাবে

বিষয় ৰচনা (অসমীয়া ব্যাকৰণ)
পাঠ ছাত্র আৰু ৰাজনীতি
উপলব্ধ সকলো  প্ৰশ্নৰ উত্তৰ
শ্ৰেণী নৱম আৰু দশম শ্ৰেণী

ছাত্র আৰু ৰাজনীতি ৰচনা

আৰম্ভণি : ৰাজনীতি বুলিলে আমাৰ মনলৈ আহে, দেশৰ শাসন সম্বন্ধীয় নীতি-নিয়ম। সেয়ে কোনাে নাগৰিকেই ৰাজনীতিৰ পৰা আঁতৰি থাকিব নােৱাৰে। পৰাধীন আৰু ৰাজতন্ত্ৰৰ অধীন দেশত ৰাজনীতিৰ স্বৰূপ সুকীয়া। কিন্তু স্বাধীন আৰু গণতান্ত্রিক দেশত কোনাে নাগৰিকে ৰাজনীতিৰ পৰা আঁতৰি থাকিব নােৱাৰে। প্রত্যক্ষভাৱে নহ’লেও পৰােক্ষভাবে হলেও সকলাে নাগৰিকেই ৰাজনীতিত অংশ গ্রহণ কৰা দেখা যায়।

ছাত্ৰ আৰু ৰাজনীতিঃ ৰাজনীতি বৰ জটিল।ই ৰাগিয়াল বস্তুৰ দৰে নিচাকাৰক। শঠতা, ভণ্ডামি আদিও ৰাজনীতিৰ লগতে দেখা যায়। সেইবাবেই ৰাজনীতিক লেতেৰা বুলি কোৱা হয়। ছাত্ৰৰ প্ৰকৃত ধর্ম অধ্যয়ন : ৰাজনীতিত নামিলে ছাত্ৰসকলে অধ্যয়ন ঠিক মতে কৰিব নােৱাৰিব নে? সেইবাবেই ছাত্ৰসকল ৰাজনীতিত নমা বিষয়টো এটা বিতর্কৰ বিষয়। ছাত্ৰই ৰাজনীতি কৰা অনুচিত : ছাত্ৰই ৰাজনীতি কৰিব নালাগে বুলি কোৱাসকলৰ যুক্তি হ’ল–ছাত্রসকল অপৈণত আৰু তেওঁলােকৰ বুদ্ধি-বৃত্তি কম। বিভিন্ন ৰাজনৈতিক মতাদর্শ কোনটো ভাল কোনটো বেয়া তেওঁলােকে বুজিব নােৱাৰে।

কিছুমান ৰাজনৈতিক আদর্শ দেখাত ভাল হলেও বাস্তৱত ৰূপায়িত কৰা সম্ভৱ নহয়। ৰাজনৈতিক দলসমূহে নিজৰ মুনাফা আদায় কৰিবৰ বাবে সদায়ে চেষ্টা কৰে। তেওঁলােকে ছাত্র সমাজক প্ৰৰােচিত কৰি তােলে। চতুৰ ৰাজনৈতিক নেতাৰ আদৰ্শত ভােল গৈ ছাত্ৰসকলে ৰাজনীতিত জঁপিয়াই পৰি মূল্যবান সময় নষ্ট কৰে আৰু বিপদৰ সন্মুখীন হয়। এবাৰ ৰাজনীতিত সােমালে তাক এৰা কঠিন হৈ পৰে। প্ৰতিগৰাকী অভিভাৱকে নিজৰ ল’ৰা ছােৱালীক স্কুল-কলেজলৈ অধ্যয়ন কৰিবলৈহে পঠায়।ৰাজনীতি কৰিবৰ বাবে নহয়। উপযুক্ত শিক্ষা লাভৰ অন্তত পৈণত বয়সত ৰাজনীতি কৰাত বাধা নাই।

দলীয় ৰাজনীতিৰ জৰিয়তে কোনাে ছাত্রই দেশৰ ৰাজনীতিৰ গুৰুত্বপূর্ণ বিষয়বাব পালেও বুদ্ধিৰ অপৰিপক্কতাৰ বাবে দেশ-পৰিচালনাত আউলহে লাগে। সেয়ে ৰাজনীতিৰ পৰা আঁতৰি থাকি অধ্যয়ন অটুট ৰাখিও ছাত্র-ছাত্রীসকলে দেশৰ গঠনমূলক কামত অৰিহণা যােগাৰ পাৰে। দলীয় ৰাজনীতিত নিজস্ব স্বার্থৰ প্ৰতিহে অধিক গুৰুত্ব আৰােপ কৰা হয়।ৰাজনীতিত এটা দলে আন এটা দলৰ সফলতা কামনা নকৰে। এই দলসমূহে ছাত্রক হাথিয়াৰ হিচাপে ব্যৱহাৰ ফলত ছাত্ৰসকলৰ নিজৰ অপকাৰৰ লগতে ৰাষ্ট্ৰৰাে ক্ষতি হয়। ছাত্ৰই ৰাজনীতিকৰা উচিতঃ আনহাতে যিটো পক্ষই ছাত্ৰসকলে ৰাজনীতি কৰাটো বিচাৰে তেওঁলােকে ক’ব খােজে যে ছাত্ৰসকলে সক্রিয়ভাৱে ৰাজনীতিত অংশ গ্রহণ কৰিলে
ছাত্ৰসকলৰ লগতে দেশৰ মংগলহে হ’ব। ছাত্ৰ অৱস্থাৰ পৰাই যদি তেওঁলােকে ৰাজনীতিৰ কথা নিশিকে, তেন্তে ভৱিষ্যতে তেওঁলােক কেতিয়াও দক্ষ ৰাজনৈতিক নেতা হ’ব নােৱাৰে।

ইতিহাসৰ পাত লুটিয়ালে দেখা পাওঁ যে বিশ্বৰ যি বােৰ ডাঙৰ ডাঙৰ বা উল্লেখযােগ্য বিপ্লৱ হৈছে, সেই আটাইবােৰৰ সফলতাৰ মূলতে ছাত্ৰ। আজি দেশত এনে বহু সমস্যা আছে, যিবােৰ সমাধান কৰিবলৈ দক্ষ লােকৰ অভাৱ। ছাত্ৰসকলৰ কর্মোদ্যম আছে। আজি এচাম সুযােগ সন্ধানী লােকেহে ৰাজনীতি কৰি আছে। গতিকে ছাত্ৰসকলে ওলাই আহি প্রত্যক্ষভাৱে ৰাজনীতিত অংশগ্রহণ কৰিলে সমাজৰ মংগল সাধন হ’ব।বহুতে ক’ব খােজে যে ছাত্ৰসকলে ৰাজনীতিত অংশগ্রহণ কৰিলে বিদ্যা আহৰণ কৰিব নােৱাৰিব। কিন্তু বহুতাে ছাত্ৰই ৰাজনীতি কৰিও বিদ্যা শিক্ষাত সফলতা লাভ কৰিব পাৰিছে। আমাৰ দেশত এচাম পণ্ডিত আৰু স-ুসাহিত্যিকে ৰাজনীতিত অংশ গ্রহণ কৰিও নিজৰ সুনাম আৰু সুখ্যাতি অর্জন কৰিব পাৰিছে।

সামৰণিঃ দুয়াে পক্ষৰে কথাত যুক্তি আছে। ছাত্রই ৰাজনীতি কৰিও যদি শিক্ষা-দীক্ষা সুখ্যাতিৰে লাভ কৰিব পাৰে, তেন্তে ৰাজনীতি কৰাটোত কোনাে আপত্তি নাই।প্রথমে ছাত্ৰসকলে ৰাজনীতি বিষয়ক তাত্ত্বিক জ্ঞান আয়ত্ত কৰি ল’ব লাগিব। দেশৰ আভ্যন্তৰীণ ৰাজনীতিত দেখা দুর্নীতিৰ বিৰুদ্ধে ছাত্ৰসকলে জনমত গঠন কৰি প্ৰতিবাদ কৰিব লাগিব। দেশৰ সংকটকালত ছাত্ৰসকলে বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব লাগিব। সকলাে দিশ চালি-জাৰি চাই এইটো ক’ব পাৰি যে ছাত্ৰই প্রথমে জ্ঞান আহৰণ কৰিব লাগে। তাৰ পাছতহে ৰাজনীতি কৰিব লাগে। অৱশ্যে দেশৰ সংকটকালত, দেশ, সমাজৰ বেয়া ঘটনা দেখিলে সেইবােৰৰ প্রতিবাদ কৰিব লাগে। সমাজ, দেশৰ সমস্যা সমাধানত ছাত্ৰসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে।ভণ্ড ৰাজনীতিকৰ পাকচক্ৰত পৰি প্ৰৱঞ্চিত হ’ব নালাগে। ভণ্ড ৰাজনীতিকৰ পৰা আঁতৰি থাকিব লাগে আৰু ৰাজনীতিত পৰােক্ষভাৱে অংশগ্রহণ কৰিব লাগে।

Recent Posts

Leave a Comment