দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ – সম্পূৰ্ণ অসমীয়া ৰচনা

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ

আৰম্ভণি : বর্তমান যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানে আমাৰ চিত্তাধাৰাৰ পৰিৱৰ্তন ঘটাইছে, আমাৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি যোৱালৈ এই সময়ছোৱাত আমি বিজ্ঞানৰ বিভিন্ন অৱদানৰ দ্বাৰা প্রভাবান্বিত হওঁ। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটিস্বৰূপ হৈ পৰিছে। বিজ্ঞান অবিহনে আমি আজি অন্ধ হোৱাৰ উপক্ৰম হৈছো। সেইবাবে বৰ্তমান যুগটোক বিজ্ঞানৰ যুগ বুলি কোৱা হয়।

মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল : প্রাচীনকালত মানুহে হাবিৰ মাজত, পৰ্বতৰ গুহাত বাস কৰিছিল। তেওঁলোকে চিকাৰ কৰিছিল আৰু কেঁচা মঙহ খাইছিল। লাহে লাহে তেওঁলোকে জুইৰ ব্যৱহাৰ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি-বাতি কৰিবলৈ শিকিলে। প্রত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। যেনে আদিম মানুহে আৱিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুই উৎপন্ন হয়। যেতিয়াৰপৰা প্ৰত্যেক কাৰ্যৰে কাৰণ বিশ্লেষণ কৰিবলৈ ধৰিলে, তেতিয়াৰপৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ উদয় হ’বলৈ ধৰিলে। এইদৰে লাহে লাহে মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল ।

বিজ্ঞানৰ অৱদান : বিজ্ঞানে আমাৰ পৃথিৱীখন সংকুচিত কৰি পেলাইছে। বিজ্ঞানৰ অৱদানে উন্নততৰ যান-বাহন আৱিষ্কাৰ কৰি দেশ-বিদেশৰ লগত যাতায়ত সম্ভৱ কৰি তুলিছে। অনাতাঁৰ, টেলিফোন, টেলিভিছনে যোগাযোগ সহজ কৰিছে। মুদ্ৰাযন্ত্ৰৰ আৱিষ্কাৰৰ ফলত কিতাপ আৰু বাতৰি কাকত প্ৰকাশ আৰু প্ৰচাৰ হৈ মানুহৰ মাজত ভাব বিনিময়ৰ সুবিধা হৈছে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বিজ্ঞানে বিশেষ অৰিহণা আগবঢ়াই মানুহৰ গড় আয়ুস বৃদ্ধি কৰিছে। পুৰণিকলীয়া অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আঁতৰাই তাৰ ঠাইত বৈজ্ঞানিক দৃষ্টিভংগী প্রয়োগ কৰাৰ অৰিহণা আগবঢ়াইছে । ইয়াৰোপৰি বৈজ্ঞানিক আৱিষ্কাৰে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্ত্বিক, ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন-ৰাতি হোৱাৰ কাৰণ, গ্রহ-নক্ষত্ৰৰ ৰহস্যৰ সন্ধান আদিৰ বিষয়ে জনাটোও সম্ভৱ কৰি তুলিছে। ইয়াৰোপৰি বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়ত এই সকলোবোৰৰে পৰিৱৰ্তন সাধন কৰিছে।

অপকাৰ : বিজ্ঞানে কেৱল যে মানুহৰ উপকাৰহে সাধন কৰিছে এনে নহয়। বিজ্ঞানৰ এটা অপকাৰী দিশো আছে। বিজ্ঞানে বিভিন্ন মাৰণাস্ত্ৰ আৱিষ্কাৰ কৰিছে। ‘এটম বোমা’ আৱিষ্কাৰৰ ফলত জাপানৰ ‘হিৰোচিমা’ আৰু ‘নাগাচাকি’ নামৰ চহৰ দুখন ধ্বংসস্তূপত পৰিণত হৈছে। বিজ্ঞান শক্তিৰ অপব্যৱহাৰে মানুহক আদিম স্তৰৰ বন্য জন্তুলৈ ৰূপান্তৰ কৰে। সেইদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত সৃষ্টি হোৱা বিভিন্ন কলকাৰখানাৰপৰা ওলোৱা বিষাক্ত গেছ আৰু আৱৰ্জনাবোৰে পৰিৱেশ প্ৰদূষণ কৰিছে।

লগতে পঢ়ক  বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন (ৰচনা)

মন্তব্য : বিজ্ঞানে জ্ঞানৰ পৰিধি বঢ়োৱাৰ লগতে আমাৰ চৌদিশে ঘটি থকা ঘটনাবোৰক বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰ্যৱেক্ষণ কৰিবলৈ শিকাইছে। ই সমাজৰ অন্ধবিশ্বাস, কু-সংস্কাৰবোৰ আঁতৰাই উন্নতিৰ পথত আগবাঢ়ি যোৱাত অৰিহণা যোগাইছে। গতিকে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অপৰিহাৰ্য হৈ পৰিছে।

ইয়াত অধিক অসমীয়া ৰচনা চাওক

Leave a Comment