বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন (ৰচনা)

বিজ্ঞানৰ অৱদান Class 10 | বিজ্ঞানৰ অৱদান ৰচনা class 9 | বিজ্ঞানৰ অৱদান উপকাৰ আৰু অপকাৰ | মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান | বিজ্ঞানৰ অপকাৰ

বিষয় ৰচনা (অসমীয়া ব্যাকৰণ)
পাঠ বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন
উপলব্ধ সকলো  প্ৰশ্নৰ উত্তৰ
শ্ৰেণী নৱম আৰু দশম শ্ৰেণী

বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন

আৰম্ভণি : মানুহ জীৱশ্রেষ্ঠ প্রাণী। আদিম অৱস্থাৰ পৰা বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আহি মানুহে আজিৰ অৱস্থা পাইছে। জুইৰ আৱিষ্কাৰে মানৱ জাতিৰ আমূল পৰিৱৰ্তন সাধিলে। আজি আমি বিজ্ঞান অবিহনে জীৱন-ধাৰণৰ কথাটো ভাৱিবই নােৱাৰোঁ। বিজ্ঞান আমাৰ জীৱন-ধাৰণৰ অংগ-হৈ পৰিছে। অতীতলৈ চালে দেখা পাওঁ যে জুইৰ আৱিষ্কাৰ হােৱাৰ পাছত অস্ত্র-শস্ত্র, কৃষিকার্য, লােৰ সজুলি আদি কৰি ক্ৰমে উন্নতিৰ জখলাত বগাই আজিৰ অৱস্থা পাইছে। অভাৱেই আৱিষ্কাৰৰ মূল। মানুহৰ জীৱন ধাৰণ সহজ-সৰল, বিলাসী কৰি তুলিবলৈ বিজ্ঞানৰ নতুন নতুন বস্তু আৱিষ্কাৰ কৰে। আজি বিজ্ঞানে কি কৰিব পৰা নাই। ৰাতিপুৱা শুই উঠি লােৱা ব্রাছডালৰ পৰা ৰাতি শােৱা বিচনাখনলৈ বিজ্ঞানৰ অৱদান। আজিৰ যুগ বিজ্ঞানৰ যুগ।

বিজ্ঞানৰ উপকাৰিতাঃ বিজ্ঞানে আজি আমাৰ পৃথিৱীখনক এখন ক্ষুদ্র গাঁৱলৈ ৰূপান্তৰিত কৰিছে। বিশ্বৰ যি কোনাে প্রান্ততে ঘটা বা বাতৰি আমি মুহুর্ততে লাভ কৰিব পাৰে। আজি বিজ্ঞানে আমাক কি দিয়া নাই? ছপাশাল, ৰেল-ইঞ্জিন, মটৰগাড়ী, ৰেডিঅ’, টেলিভিচন, বিজুলী বাতি আদিৰ আৱিষ্কাৰে পৃথিৱীৰ এটা প্ৰান্তৰ পৰা আন এটা প্রান্তলৈ যাতায়ত্ত , যােগাযােগ সহজলভ্য হৈ পৰিছে আৰু ইয়াৰ বাবে কষ্ট স্বীকাৰ কৰিব লগা নহয়। ঘৰত বহিয়েই ক’ত কি ঘটিছে সেই কথা জানিব আৰু দেখিব পাৰাে। খ্রীষ্টিয় অষ্টাদশ শতাব্দীৰ শেষ সময়ৰ পৰা উনবিংশ শতিকাৰ আদিভাগতে বিজ্ঞানৰ নৱ নৱ আবিষ্কাৰ হয়। সেয়ে এইছােৱা কালক বিজ্ঞানৰ সােণালী যুগ বুলি ক’ব পাৰি৷ পূৰ্বতে মানুহে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ হ’লে নানা বাধা-বিঘিনি অতিক্ৰম কৰি দুর্গম পথেৰে খােজ কাঢ়ি যাব লাগিছিল।আজিকালি পলকতে যানবাহন, ৰেলগাড়ী, উৰাজাহাজ আদিৰ সহায়ত এখন দেশৰ পৰা আন এখন দেশলৈ যাব পৰা যায়। মানুহ প্ৰকৃতিৰ দাস। কিন্তু আজি মানুহে প্রকৃতিক নিজৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছে।বৈজ্ঞানিক আৱিষ্কাৰে মানুহৰ দৈনন্দিন জীৱনক আৰাম-বিলাসৰ ৰম্যভূমিলৈ পৰিৱৰ্তন কৰিছে। বিজ্ঞানে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাই আমাক দিয়ে সৃষ্টি তত্ব, ঐতিহাসিক, নৃতাত্ত্বিক জ্ঞান। বিজ্ঞানে গ্রহ-নক্ষত্ৰৰ সন্ধান দিছে। আজি মানুহে চন্দ্ৰত অৱতাৰণ কৰিছে। অন্য গ্রহত মানুহৰ বসতি সম্ভৱ কৰিবলৈ বিজ্ঞানে যৎপৰােনাস্তি চেষ্টা কৰিছে। বিজ্ঞানৰ ন-ন-আৱিষ্কাৰে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আমূল পৰিৱৰ্ত্ত সাধন কৰিছে। বিজ্ঞানৰ বাবেই মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। বিজ্ঞানৰ সহায়ত নানা জটিল ৰােগৰ চিকিৎসা সম্ভৱ হৈ পৰিছে। আনকি টেষ্ট-টিউবত ভ্রণ সৃষ্টি কৰাও সম্ভৱ হৈ পৰিছে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক উৎপাদনৰ ব্যৱস্থা সম্ভৱ হৈছে। খেতি- বাতিৰ বাবে বিভিন্ন ধৰণৰ আহিলা-পাতি আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ ফলত খেতিয়কৰ সময় ৰাহি হৈছে আৰু উৎপাদন অধিক কৰিবলৈ সক্ষম হৈছে।

বিজ্ঞানৰ অপকাৰিতা : বিজ্ঞানে এহাতে যিদৰে আমাক সভ্যতাৰ চৰম শিখৰলৈ লৈ গৈছে আনফালে। ই মানৱজাতিৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। পাৰমাণবিক অস্ত্র-শস্ত্র, বােমা-বাৰুদ আদিৰ আৱিষ্কাৰে মানুহৰ জীৱনলৈ কঢ়িয়াই আনিছে চৰম হতাশা। পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ প্রয়ােগে মানুহৰ জীৱন নিমিষতে শেষ কৰি দিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিৰোছিমা আৰু নাগাচাকিত পাৰমাণৱিক বােমা বিস্ফোৰণ ঘটোৱাৰ ফলত বহু লােকৰ জীৱন নাশ হয়। ইয়াৰ উপৰি জৈৱিক বােমাৰ আৱিষ্কাৰৰ মানৱ জাত্ৰি বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন বাবে অভিশাপ। কীটনাশক দ্রব্য, ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰতা বঢ়াই শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ লেখীয়াই মাটিৰ প্রদূষণ কৰি ভৱিষ্যৎ জীৱনলৈ হতাশা কঢ়িয়াই আনিছে। কলকাৰখানাৰ আৱৰ্জনাই বায়ু প্ৰদূষণ কৰি আমাৰ যোগ্য ভােগ্য বসুন্ধৰালৈ চৰম বিপর্যয় সৃষ্টি কৰিছে। কৃত্রিম উপগ্রহ আৰু ৰকেটৰ ব্যৱহাৰে আমাৰ পৃথিৱীখনক এক ভয়াবহ পৰিস্থিতিলৈ লৈ গৈছে।

সামৰণিঃ সকলাে বস্তুৰে ভাল-বেয়া দুটা দিশ আছে। আমি বেয়াটো গ্রহণ নকৰি ভালটো গ্ৰহণ কৰিব লাগে। মানৱ জাতিৰ কল্যাণৰ কাৰণে বিজ্ঞানক ব্যৱহাৰ কৰি মানৱ জাতিৰ সমস্যা দূৰ কৰাৰ বাবে যত্ন কৰিব লাগে। অদূৰ ভৱিষ্যতে হ’ব পৰা সমস্যা সমাধানৰ বাবে বৈজ্ঞানিকসকলে চেষ্টা কৰিব লাগে।তদুপৰি পৰিৱেশক নিয়ন্ত্ৰণত ৰাখি জনকল্যাণ কৰিবলৈ ব্রতী হ’ব লাগে। বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছে। মুঠতে বিজ্ঞান মানৱ সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা।

Related Post: ভাৱ সম্প্ৰসাৰণ কৰা – অসমীয়া ব্যাকৰণ সকলো শ্ৰেণীৰ বাবে

Leave a Comment