অসমৰ প্রাকৃতিক সম্পদ ৰচনা – সকলো শ্ৰেণীৰ বাবে

অসমৰ প্রাকৃতিক সম্পদ ৰচনা – সকলো শ্ৰেণীৰ বাবে

বিষয় ৰচনা (অসমীয়া ব্যাকৰণ)
পাঠ পর্বতাৰােহণ
উপলব্ধ সকলো  প্ৰশ্নৰ উত্তৰ
শ্ৰেণী নৱম আৰু দশম শ্ৰেণী

অসমৰ প্রাকৃতিক সম্পদ ৰচনা

আৰম্ভণি : অসম প্রাকৃতিক সম্পদেৰে ভৰপুৰ। ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তত থকা এই ৰাজ্যখন প্রাকৃতিক সম্প্রদত চহকী। প্রকৃতিৰ বুকুত উপলব্ধ সামগ্ৰীসমূহক প্রাকৃতিক সম্পদ বােলে। এতিয়ালৈ আৱিস্কৃত আৰু অনাৱিস্কৃত বহুতাে প্রাকৃতিক সম্পদ অসমত উপলব্ধ।
প্ৰকৃতিৰ বুকুত পোৱা এই সম্পদসমুহক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। সেই কেইটা হল— বনজ সম্পদ, খনিজ সম্পদ আৰু জলজ সম্পদ।

বনজ সম্পদঃ অসম হাবি-বননিৰে পৰিপূৰ্ণ। অসমৰ হাবিত নানা তৰহৰ গছ-গছনি আছে। শাল, চেগুন, চন্দন, গমাৰি, তিতাচপ, আজাৰ আদি মূল্যৱান গছ-গছনি পােৱা যায়। অসমৰ হাবি-বনানি দৰৱ জাতীয় গছ-লতিকাৰে পৰিপূৰ্ণ। কাগজ শিল্পৰ বাবে প্রধান কেচা সামগ্রী বাঁহ, জুইশলাৰ বাবে শিমলু গহাে অসমৰ হাবিত প্ৰচুৰ পৰিমাণে পােৱা যায়। মচলা জাতীয় গছৰ উপৰিও ৰঙৰ গছ বৰহমথুৰি, মেজাংকৰি অসমৰ হাবিত পােৱা যায়। শিমলু, তুলা আৰু লা’ৰ কাৰণে অসম প্রসিদ্ধ। অসমৰ হাবিত পােৱা বেতৰ পৰা নানা ধৰণৰ আচবাব তৈয়াৰ কৰা হয়। তদুপৰি আম, কঠাল, জামু, পনিয়ল, লেতেকু, আমলখি, শিলিখা, তেঁতেলী, অমৰা আদি নানা ধৰণৰ ফল-মূলৰ গছ-গছনি ইয়াত পােৱা যায়। অসমৰ হাবিত ওপজা নাহৰ গুটি, পম কাঠ, চিত্ৰনলা বনৰ পৰা তেল আৰু সুগন্ধি দ্রব্য প্রস্তুত কৰা হয়। অসমৰ হাবি-বননিত নানা ধৰণৰ জীৱ-জন্তু, চৰাই-চিৰিকটি পােৱা যায়। এইবােৰৰ ভিতৰত বাঘ, ভালুক, হাতী, গড়, পহু আদি উল্লেখযােগ্য। অসমৰ হাবিত পােৱা চৰাইৰ ভিতৰত কেইবিধমান হ’ল ধনেশ, ময়ূৰ দেও ৰাজহাঁহ আদি। অসমৰ এশিঙীয়া গঁড় পৃথিবী বিখ্যাত। অসমৰ জন্তু দূৰ দেশলৈ পঠিয়াই অসম চৰকাৰে বছৰে বহু টকা আয় কৰে। বাঘ, ভালুক, পহুৰ ছাল, পহুৰ শিং, গড়ৰ ছাল আৰু খর্গ, হাতীৰ দাত, হাড় বৰ মূল্যৱান। সম্প্রতি বছৰে বছৰে হোৱা বানপানী আৰু লুভীয়া চোৰাং চিকাৰীৰ উৎপাতত এইবােৰ জন্তু-জানােৱাৰ আৰু চৰাই-চিৰিকটি ক্রমে লােপ পাবলৈ ধৰিছে। সেয়ে চৰকাৰে ইয়াৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। বনজ সম্পদৰ ভিত্তিত প্লাইউদ, কাঠফলা কল, জুইশলা কাৰখানা, কাগজ উদ্যোগ আদি স্থাপিত হৈছে।

খনিজ সম্পদঃ ভূগর্ভৰ তলিৰ পৰা আহৰণ কৰা সম্পদ সমূহক খনিজ সম্পদ বােলে। খনিজ সম্পদৰ ভিতৰত বিভিন্ন মাটি শিল্পৰ উপৰি চুণ,কেৰাচিন, পেট্রোল, ডিজেল, মমবাতি, এল পি.জি. আৰু কয়লা উল্লেখযােগ্য। অসমৰ বােকাজানত চুণশিল উদ্যোগ আছে। লিডু, মাৰ্ঘেৰিটা, টিপং,বৰগােলাইত কয়লা আৰু ডিগবৈ,দুলীয়াজান, হুগ্রীজান, নাহৰকটিয়া, মৰাণ, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী আদিত পেট্রোলিয়ামৰ পুং আৱিস্কাৰ হৈছে। ইয়াৰ উপৰি ভালেমান ঠাইতাে কয়লা আৰু পেট্রোলিয়ামজাত সামগ্রীৰ সন্ধান পােৱা গৈছে। গােৱালপাৰাত লােৰ সন্ধান পােৱা গৈছে।  অসমত তাম আৰু সােণৰ খনি পােৱাৰাে সম্ভাৱনা আছে। ডিগবৈত অসমৰ প্ৰথমটো তেল শােধনাগাৰ আছিল। এতিয়া গুৱাহাটীৰ নুনমাটি আৰু বঙাইগাঁৱত আকৌ দুটা তেল শােধনাগাৰ স্থাপিত হৈছে। কিন্তু অসমৰ অধিকাংশ খাৰুৱা তেল বাৰাউনিলৈ নিয়া হয়। কাৰ্বি আংলঙৰ বােকাজানত চিমেন্ট কাৰখানা আছে। অসমত প্ৰচুৰ খনিজ সম্পদ পােৱাৰ সম্ভাৱনা আছে। অসম যিহেতু হাবি-বননি, পাহাৰ-পর্বত আদিৰে পৰিপূৰ্ণ সেয়ে যাতায়তৰ দুৰ্গমতাৰ বাবে এতিয়াও খনিজ সম্পদসমূহ আহৰণ তথা আৱিস্কাৰ কৰিব পৰা হােৱা নাই।

জলজ সম্পদঃ অসম নদী মাতৃক ৰাজ্য।অসমত বহুতাে সৰু- বৰ নদী আছে। এই নদীবােৰত বহুতাে মাছ কাছ আদি পােৱা যায়। অসমৰ নদীত সকলাে সময়তে পানী থাকে। বিদ্যুৎ আজিৰ সমাজ জীৱনৰ এটি অপৰিহার্য অংগ হৈ পৰিছে। অসমত ইমানবােৰ নদী থকা স্বত্বেও বর্তমান ব্যৱহার্য বিদ্যুৎ খিনিকে যােগান ধৰিব পৰা নাই। মীন পালনৰ বহুতাে সুবিধা আছে। মানুহে মাছ পুহি অর্থনৈতিকভাৱে সবল হ’ব পাৰে। বনজ, খনিজ আৰু জলজ সম্পদৰ লেখীয়াকৈ মাটিও এবিধ প্রাকৃতিক সম্পদ। ইয়াত সকলাে ধৰণৰ শস্যকে কৰিব পাৰি। অসমৰ মাটি সাৰুৱা। ধান, মাহ, আলু, তেল গুটিৰ শস্য, মৰাপাট, ঘেঁহু আদি উৎপাদন কৰে। কপাহ, কুঁহিয়াৰ, কল, মাটিকঁঠাল, তামােল, নাৰিকল, আদি খেতিও ইয়াত ভালকৈ হয়। অসমৰ মাটি কাজুবাদাম আৰু চিত্ৰনলাৰ খেতিৰ বাবে উপযােগী, কিন্তু উদ্যমী লােকৰ অভাৱত এই দুবিধ খেতি অসমত প্রচলন হােৱা নাই। অসমৰ চাহৰ সুনাম আছে। এৰী-মুগা-পাট পলুও প্রকৃতিৰে দান। অসমৰ শুৱালকুছিত পাট-মুগাৰ কাপােৰ উৎপাদন কৰা হয়।শুৱালকুছিৰ পাট-মুগাই এক বিশেষ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। পলাশবাৰীৰ এৰীয়া কাপােৰৰ সুনাম আছে।

সামৰণি : অসমত বহুতাে প্রাকৃতিক সম্পদ আছে যদিও, সেই আটাইবােৰ উদ্ধাৰ কৰি তথা যোগ্যভাৱে কামত লগাব পৰা নাই। অসমৰ জনসাধাৰণে এতিয়াও প্রাকৃতিক সম্পদসমূহ সংৰক্ষণ আৰু সঠিক ব্যৱহাৰ কৰিবলৈ শিকা নাই। প্রাকৃতিক সম্পদত বহু ৰাজ্যতকৈও অসমে চহকী হৈয়াে অসমীয়া মানুহৰ অর্থনৈতিক অৱস্থা পুতৌ লগা। যিহেতু কোনাে সম্পদেই চিৰস্থায়ী নহয়, সেয়ে আমি প্রাকৃতিক সম্পদসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’ব লাগে আৰু সেইবােৰৰ সংবর্ধন কৰিবলৈ চেষ্টা কৰিব লাগে।

Leave a Comment