মোবাইল ফোন : ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা
বৰ্তমান সময়ত সমাজৰ এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে মবাইল ফোনে। ই যোগাযোগৰ বাবে এক উন্নতমানৰ ব্যৱস্থা। ইয়াৰ সহায়ত আমি যিকোনো সময়তে যিকোনো ঠাইৰ পৰা যিকোনো ঠাইৰ ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰোঁ। ইয়াৰ কেতবোৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে তলত আলোচনা কৰা হল
উপকাৰিতা—বর্তমান সময়ত আমাৰ সমাজ জীৱনত মোবাইল ফোনৰ গুৰুত্ব সর্বাধিক। ইয়াৰ দ্বাৰা আমি যিকোনো সময়তে যিকোনো ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰোঁ। এছ. এম. এছ-ৰ সহায়ত বাৰ্তা বিনিময় কৰিব পাৰোঁ। ইয়াৰ উপৰি মোবাইল ফোনৰ দ্বাৰা আমি ইণ্টাৰনেটৰ সা-সুবিধা গ্ৰহণ কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ সা-সুবিধা যেনে—ৰেলৱে সেৱা, খেলৰ বাতৰি, বিভিন্ন ধৰণৰ বা-বাতৰি আদি আমি ইয়াৰ যোগেদি লাভ কৰিব পাৰোঁ। আজিকালি বজাৰত কিনিবলৈ পোৱা অত্যাধুনিক মবাইলফোনবোৰৰ দ্বাৰা আমি বহু সুবিধা লাভ কৰিবলৈ সক্ষম হৈছো।
অপকাৰিতা—মোবাইল ফোন যিদৰে আমাৰ জীৱনৰ অতি অপৰিহাৰ্য হৈ পৰিছে সেইদৰে ইয়াৰ অত্যধিক প্রয়োগে আমাক ক্ষতিও কৰিছে। প্ৰয়োজনতকৈ অধিক সময় ইয়াৰ ব্যৱহাৰ কৰাৰ ফলত চকুৰ দৃষ্টিশক্তি আৰু কাণৰ শ্ৰৱণ শক্তিত ইয়াৰ কু-প্ৰভাৱ পৰে। অনবৰতে মবাইল ফোনত “গেম” খেলা এটা বেয়া অভ্যাস। সৰু ল’ৰা-ছোৱালী আৰু বিশেষকৈ উঠি অহা যুৱক-যুৱতীসকলে এই গেম খেলাতেই নিটোৰ বহু সময় বায় কৰে। ইয়ে এওঁলোকৰ পঢ়া-শুনা বা অন্যান্য কর্মতো প্ৰভাৱ পেলাম। সবাইল ফোনৰ অপপ্ৰয়োগৰ ফলত বৰ্তমান সমাজত বিভিন্ন ধৰণৰ অপকর্ম সংঘটিত হ’বলৈ ধৰিছে। এনেদৰে অপকৰ্মৰ পৰিমাণ বৃদ্ধি হ’লে সমাজৰ যুৱ প্ৰজন্ম বিপথগামী হোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি।