কথাছৱি আৰু সমাজত ইয়াৰ প্ৰভাৱ
বৰ্তমান যুগত আমোদ-প্রমোদৰ বাবে বিজ্ঞানে আগবঢ়োৱা এটা অন্যতম উপাদান হৈছে কথাছৱি। কথাছৱি আৱিষ্কাৰ হ’বৰ বেছি বছৰ হোৱা নাই। ১৮৭৭ চনত কেম্ব্ৰিজ নামৰ চাহাব এজনে প্ৰথমে ইয়াৰ উদ্ভাৱন কৰে। পাছত আমেৰিকাৰ বিখ্যাত বিজ্ঞানী টমাছ আল্ভা এডিচনে ইয়াৰ বিশেষ উন্নতি সাধে। এওঁলোকৰ উপৰিও আৰু কেইজনমান বিজ্ঞানীৰ প্ৰচেষ্টাত কথাছৱিয়ে পৰিপূৰ্ণ অৱস্থা লাভ কৰে।
চিনেমা শব্দৰ অৰ্থ হ’ল গতিশীল ছৱি বা চলচ্চিত্র। আগেয়ে এই চলচ্চিত্র শব্দহীন আছিল। পাছত শব্দযন্ত্র বা টেপ ৰেকৰ্ডাৰৰ সহায়ত ছৱিৰ মুখত শব্দ সংযোগ কৰি দিয়া হ’ল। সেইবাবে ইয়াৰ আন এটা নাম ট’কি বা কথা-ছৱি। আচলতে ই ছৱিও নহয় ৰূপালী পৰ্দাত প্ৰতিবিম্বিত ছৱিৰ ছায়াহে। সেইবাবে অসমীয়াত ইয়াক ছায়াছৱিও বোলা হয়।
সমাজত কথাছৱিৰ ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পৰা দেখা যায়। কথাছৱিৰ উপকাৰিতা বহুত। ই আমোদ-প্রমোদ দিয়াৰ লগতে শিক্ষাদান কৰে। আমি নিজে গৈ চাব নোৱাৰা দূৰ-দূৰণীৰ নানা ঠাই, ঘৰ-দুৱাৰ, মঠ-মন্দিৰ, হাবি- বননি, পৰ্বত-পাহাৰ, জীৱ-জন্তু, নদ-নদী আদি ইয়াৰ যোগেদি দেখা পাওঁ। মৰুভূমিৰ ছৱি, যুদ্ধৰ ভয়াবহ ৰূপ, হাবিৰ জীৱ-জন্তুৰ বিবিধ কার্যকলাপ আদি চাব পাৰোঁ। দেশ-বিদেশৰ বিবিধ উৎসৱ-পাৰ্বণ, মেলাৰ দৃশ্য, খেল-ধেমালি আদি চিনেমাৰ সহায়ত চাব পাৰোঁ। চিনেমাত দেখুওৱা নাটক চাই ইয়াৰ ঘটনাৰপৰা আমি এক বিশেষ ধৰণৰ শিক্ষা লাভ কৰোঁ।
ঐতিহাসিক ঘটনাৰ আধাৰত ৰচিত নাটকৰ চিত্রাভিনয়ে আমাক আমোদ দিয়াৰ লগতে ইতিহাসৰ তথ্য আৰু ইতিহাস প্ৰসিদ্ধ বস্তুৰ বিষয়ে আমাক জানিবলৈ দিয়ে। চিনেমাৰ উপযোগী গীত-নাট- কাহিনী আদি ৰচনা কৰিবলৈ লেখকসকলক উদগাই দি চিনেমাই সাহিত্যৰ ক্ষেত্ৰতো উন্নতি সাধন কৰে। ইয়াৰ দ্বাৰা নৃত্য-অভিনয় আদি কলাৰ উন্নতি সাধিত হৈছে। সাংস্কৃতিক ভাব বিনিময়ৰ দ্বাৰা মানুহৰ মাজত ভ্ৰাতৃত্ব আৰু সংহতিৰ ভাব স্থাপন কৰাত চিনেমাই বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে।
কথাছৱিৰ কিছুমান উপকাৰিতা বা ভাল গুণ থাকিলেও ইয়াৰ অপকাৰিতাও নোহোৱা নহয়। কথাছৱি আমোদৰ বস্তু হ’লেও ইয়াক অনিয়মিত আৰু অতিপাত চালে ই মানুহৰ অপকাৰ কৰে। সময় আৰু টকা-পইচাৰ ক্ষতিৰ লগতে ই চকুৰ কাৰণে অনিষ্টকাৰী। তদুপৰি কিছুমান অসাধু চিনেমা ব্যৱসায়ীয়ে ধন ঘটিবৰ বাবে অশ্লীল, কুৰুচিপূর্ণ চিনেমা উলিয়াইছে। এনে ধৰণৰ চিনেমাই মানুহক চৰিত্ৰস্খলন, নৈতিক অধঃপতনৰ দিশত আগুৱাই নিয়ে৷ ছাত্ৰ-ছাত্ৰীসকলে এনে ধৰণৰ চিনেমা চোৱা উচিত নহয়।