বিষয় | অসমীয়া ব্যাকৰণ |
পাঠ | এটা শব্দত প্ৰকাশ কৰা |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
শ্ৰেণী | নৱম আৰু দশম শ্ৰেণী |
এটা শব্দত প্ৰকাশ কৰা
- ধান থােৱা ঘৰ-ভঁৰাল।
- গৰু ৰন্ধা ঘৰ- গোহালি।
- মাকৰ ভায়েক-মামা।
- মাকৰ ভনীয়েক— মাহী।
- সখীৰ মাক-– আমৈ।
- সখীৰ দেউতাক—তাৱৈ।খাবলৈ অনা কলপুলি— পচলা।এবাৰ ফল দি মৰা উদ্ভিদ – ঔষধি।
- শিং নােহােৱা গৰু – লাওমূৰা।
- একে মাতৃৰ সন্তান— সহােদৰ।
- একে গুৰুৰ শিষ্য— সতীর্থ।
- যি তিৰােতাৰ গিৰিয়েক মৰিছে – বিধৱা।
- যি তিৰােতাৰ গিৰিয়েক আছে – সধবা।
- যি পুৰুষৰ পত্নী ঢুকাইছে— বিপত্নীক।
- চেলেকি খোৱা বস্তু- লেহ্য।
- চোবাই খােৱা বস্তু – চব্য।
- দৰমহা নােলোৱাকৈ কামকৰা মানুহ -অবৈতনিক।
- ভৰিৰ পৰা মূৰলৈকে -আপদমস্তক।
- বন্ধু বান্ধৰৰ সৈতে – সবান্ধৱে।
- কাৰাে নাম নধৰাকৈ পৰা গালি –গুৱাল গালি।
- ফুল ফুলাকৈ গুটি হােৱা গছ – বনস্পতি।
- মাটিৰে নির্মিত – মৃন্ময়।
- মেলত পাগত – মেলেকী।
- লােকক দেখি পাছত যি কৰে – অনুকৰণ।
- এটা সন্তান হােৱাৰ পাছৰ আৰু সন্তান নােহােৱা তিৰােতা – কাকবন্ধা।
- হতভাগ্য যাৰ – হতভগা।
- ধান ৰােৱা তিৰােতা – ৰােৱনী।
- ধান দোৱা তিৰােতা- দাৱনী।
- বীণা আছে পাণিত যাৰ – বীণাপাণি।
- দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ- দেশকর্মী।
- পথৰ পৰা যি বিচলিত হৈছে- পথভ্রষ্ট।
- নােহােৱা বস্তু যি উলিয়ায় – আৱিষ্কাৰক, উদ্ভাৱক।
- ৰূপেৰে নিমিত বা ৰূপ-চৰােৰা – ৰূপােৱালী।
- সােণেৰে নির্মিত বা সােণ-চৰােৰা – সােণোৱালী।
- দেশক ভাল পােৱা মানুহ – দেশভক্ত, দেশপ্রেমিক।
- নিজৰ ওপৰত যি নির্ভৰ কৰে – স্বাৱলম্বী, আত্মনির্ভৰশীল।
- বহুত কলগছ থকা ঠাই- কলনি।
- গােটেই জীৱন জুৰি – আজীৱন।
- দীর্ঘকাল জীয়াই থকা– দীর্ঘজীৱী।
- হঠাতে হােৱা ঘটনা – আকস্মিক।
- লােকৰ পৰা পােৱা নিন্দা– লােকনিন্দা।
- যি হিচাপমতে নচলে – বেহিচাপী।
- ভিক্ষাৰ অভাৰ – দুর্ভিক্ষ।
- প্রৱাসত থকা মানুহ – প্রবাসী।
- সত্য কথা কোৱা মানুহ – সত্যবাদী।
- পদুমৰ দৰে চকু যাৰ – পদ্মলোচন।
- যাৰ অন্ত নাই ‘- অনন্ত।
- নিজৰ ৰূপ-যৌবন লৈ গৌৰৱ কৰা তিৰোতা – মানিনী।
- যাক দেখা নাযায় – অদৃশ্য।
- পৰৰ অধীন – পৰাধীন।।
- আনৰ মুখলৈ অপেক্ষা কৰা মানুহ – পৰমুখাপেক্ষী।
- যি গৰু ম’হৰ গাড়ী চলায় – গাড়োৱান।
- কানি খোৱা মানুহ -কানীয়া।
- বাটেদি যােৱা মানুহ – বাটৰুৱা।
- মিছা কথা কোৱা মানুহ – মিছলীয়া।
- কাহৰ বাচন গঢ়োতা – কঁহাৰ।
- মাটিৰ বাচন সাজোতা – কুমাৰ।
- যি সকলে নাও বায়–নাৱৰীয়া।
- যি জলত চৰে- জলচৰ।
- যি শক্রক বধ কৰে – শত্ৰুঘ্ন।
- ব্যাকৰণত যি পাৰদৰ্শী – বৈয়াকৰণিক।
- যাক সহজে লংঘন কৰিব নােৱাৰি – অলঙঘ্য।
- অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয়— নাতিশীতােষ্ণ।
- যিজনে আইন জানে – আইনজ্ঞ।
- যাৰ কোনাে সন্তান নাই – নিঃসন্তান।
- কঁঠালৰ কলি – মুচি।
- বেঙৰ নেজ থকা সৰু পােৱালি — লালুকী।
- কাৱৈ মাছৰ পােৱালি – কাৱৈটিলা।
- চন্দ্ৰৰ নিচিনা মুখ – চন্দ্রমুখ।
এটা শব্দত প্ৰকাশ কৰা অসমীয়া ব্যাকৰণ
- বিয়া-বাৰু নােহােৱা পুৰুষ- দাং বলা।
- যি তিৰােতাৰ সন্তান জন্ম নাপায় – বন্ধ্যা (কাঠ বাজী)।
- বিহুৰ আগদিনা—উৰুকা।
- দুই মাহৰ সন্ধি – দোমাহী।
- লিখা-পঢ়া জনা লােক — সাক্ষৰ।
- লিখা-পঢ়া নজনা লােক – নিৰক্ষৰ।।
- পশু-পক্ষী, চৰাই-চিৰিকটি প্রদর্শনীৰ বাৰে ৰখা ঠাই -চিৰিয়াখানা।
- উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লােক – কৃতজ্ঞ।
- উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লােক- অকৃতজ্ঞ, কৃতঘ্ন।
- যি ঠাইলৈ যােৱা কঠিন – দুর্গম।
- যি ঠাইলৈ সহজে যাব পাৰি-সুগম।
- ঘৰৰ চালৰ পৰা পানী পৰা ঠাই – পানীপােতা।
- যি ইন্দ্রিয়ক জয় কৰিছে—জিতেন্দ্রিয়।
- যি সকলাে জানে– সর্বজ্ঞ।
- যিয়ে ঈশ্বৰক বিশ্বাস কৰে -আস্তিক।
- যিয়ে ঈশ্বৰক বিশ্বাস নকৰে— নাস্তিক।
- যাৰ পিতৃ পৰিচয় নাই—জাৰজ।
- যাৰ মাক-দেউতাক নাই— মাউৰা।
- হিমালয়ৰ পৰা সমুদ্র পর্যন্ত—আসমুদ্র-হিমাদ্রী।
- বােকাত যাৰজন্ম-পঙ্কজ।
- কণীৰ পৰা জন্মা—অণ্ডজ।
- যিলােকে খুজি-মাগি পেট প্ৰৱৰ্তয়- মগনীয়া।
- যাৰ সকলাে শেষ হৈ গৈছে—সর্বহাৰা।
- যি নিজৰ দেশক ভাল পায়— দেশপ্রেমিক।
- দেশৰ হকে যিয়ে আত্মবলিদান দিছে—শ্বহীদ।
- আনৰ ভাল দেখিব নােৱাৰা লােক-পৰশ্ৰীকাতৰ।
- যাৰ কোনাে শত্রু জন্ম হােৱা নাই— অজাতশত্রু।
- ধর্ম প্রচাৰ কৰা লােক— ধর্ম প্রচাৰক।
- বয়বস্তু বেচা-কিনা কৰা ঠাই—বজাৰ।
- যাৰ মাক নাই— বৈমাত্রিক।
- যিলােকে ভাল-বেয়া বিচাৰ * কৰিহে কাম কৰে-দূৰদৰ্শী।
- যিলােকে ভাল-বেয়া বিচাৰ নকৰাকৈ কাম কৰে- অদূৰদশী।
- যিলােকে ভবিষ্যতৰ কথা ক’ৰ পাৰে- ভবিষ্যৎ দ্ৰষ্টা।
- কুলাৰ দৰে নখ যাৰ – শূর্পনখা।
- যাৰ পূর্বজন্মৰ কথা মনত আছে—জাতিস্মৰ।
- কৰিবলগীয়া কাম-
- যাক সহজে পােৱা যায়- সুলভ।
- যাক পাৰলৈ টান – দুর্লভ।
- যাৰ পুত্র নাই- অপুত্রক।
- যি সংকল্প কৰিছে – কৃতসংকল্প।
- যি অনাই-বনাই ঘূৰি ফুৰে – যাযাবৰ, অঘৰী।
- যাৰ মূৰত চুলি নাই— তপামুৰা।
- যি মৰাে মৰাে অৱস্থাত আছে – মুমূর্য।
- যি কোনাে পক্ষ নলয়- নিৰপেক্ষ।
- যি সমাপ্ত হােৱা নাই— অসমাপ্ত।
- যি ৰণত মতলীয়া – ৰণমত্ত।
- যি বিষ্ণুক পূজা কৰে— বৈষ্ণৱ।
- যি শিৱক পূজা কৰে– শৈৱ।
- যি শক্তিক পূজা কৰে – শাক্ত।
- যাৰ দয়া মমতা নাই- নির্দয়।
- (কথা) কোৱাৰ যি ইচ্ছা – বিবক্ষা।
- মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা – জিঘাংসা।
- যি গােচৰ কৰে – গুচৰীয়া।
- যি ৰাতি চৰে- নিশাচৰ।
- যিজনে ভাল-বেয়া বিচাৰ কৰিব নােৱাৰে- অবিবেচক।
- যাক পৰিহাৰ কৰিব নােৱাৰি – অপৰিহার্য।
- যি কথা কোৱা উচিত নহয়- অকথ্য।
- যি কথাৰ অৰ্থ নাই—অর্থহীন, নির্থক।
- যিজনে ভবিষ্যৎ চিন্তা কৰিব পাৰে-দূৰদৰ্শী।
- যি আগেয়ে হােৱা নাই – অভূতপূর্ব।
- যাৰ দুই হাত সমানে চলে- সব্যসাচী।
- নিজে নিজে হােৱা-স্বয়ম্ভু।
- পি খােৱা বস্তু — পেয়।
অসমীয়া ব্যাকৰণ নৱম আৰু দশম শ্ৰেণী