নিয়মানুবর্তিতা – অসমীয়া ৰচনা সকলো শ্ৰেণীৰ বাবে

নিয়মানুবর্তিতা Assamese Essay | নিয়মানুবর্তিতা ৰচনা

বিষয় ৰচনা (অসমীয়া ব্যাকৰণ)
পাঠ  নিয়মানুবর্তিতা ৰচনা
উপলব্ধ সকলো  প্ৰশ্নৰ উত্তৰ
শ্ৰেণী সকলো শ্ৰেণীৰ বাবে

নিয়মানুবর্তিতা

আৰম্ভণি : কিছুমান নির্দিষ্ট নিয়ম-শৃঙ্খলাৰ প্ৰতি দেখুওৱা আনুগত্যকেই নিয়মানুবর্তিতা বােলে। সমগ্র বিশ্বখনেই নিয়মানুৱৰ্তিতাৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত।এনেবােৰ নিয়মৰ জৰিয়তেহে ঘৰ-সমাজ তথা দেশ এখনৰ সুচাৰু ৰূপে পৰিচালন সম্ভৱ। নিয়মানুবর্তিতাক হেয়জ্ঞান কৰি সমাজ এখনৰ সৰ্বাংগীন উন্নতি সাধন সম্ভৱ নহয়। নিয়মৰ সামান্য হেৰ-ফেৰৰ ফলত একো একোটা ডাঙৰ অঘটন ঘটা পৰিলক্ষিত হয়। গতিকে মানুহে নিয়মানুবর্তিতা মানি চলিবই লাগিব।

নিয়মানুবর্তিতাৰ প্ৰয়ােজনীয়তাঃ মানৱজীৱনৰ প্ৰায় সকলোেবাৰ শিতানতে নিয়মানুবর্তিতাৰ বিশেষ কাৰ্য্যৰ উপযােগিতা আছে।সকলাে কৃতকাৰ্য্যতাৰ মুখ্য চাবি-কাঠি হৈছে নিয়মানুবর্তিতা। উচ্ছংখলতা মানৱ জীৱনৰ ধ্বংসৰ এক প্রধান কাৰণ। নিয়ম-শৃংখলাৰ দ্বাৰা পৰিচালিত প্ৰতিটো পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰে। পঢ়াশালি, খেলপথাৰ, যুদ্ধক্ষেত্র আদি প্ৰতিটো পদক্ষেপতেই নিয়মানুবর্তিতাই সীমাহীন প্রভাৱ বিস্তাৰ কৰা দেখা যায়। নিয়মানুবর্তিতা অবিহনে অশেষ পৰিশ্ৰম কৰিলেও, আশানুৰূপ ফলৰ আশা কৰিব নােৱাৰি। নিয়ম-শৃংখলা নােহােৱা সমাজ এখনক “সমাজ” আখ্যা দিব নােৱাৰি। দেশ এখনৰ সমাজত নিয়মানুবর্তিতাৰ অভাৱ হলে দেশ অৰাজক হয় আৰু নাগৰিকৰ জীৱন বিপদাপন্ন হয়। গতিকে প্ৰতিটো শিশুকে সৰুৰে পৰা নিয়মানুবর্তিতাৰ বিষয়ে জ্ঞান দিয়াটো প্রয়ােজনীয়।নিয়মানুবর্তিতাৰ অভ্যাস শিশু অৱস্থাতে গঢ়িলে তাৰ সুফল এজন ব্যক্তি, এখন সমাজ আৰু দেশে আজীৱন লাভ কৰিব পাৰে। নিয়ম-শৃংখলাই স্বাস্থ্যৰক্ষাৰ দিশতাে অপৰিসীম প্রভাৱ বিস্তাৰ কৰে। সময় মতে খােৱা-লােৱা, ফুৰা-চকা কৰা ব্যক্তিসকলে সুস্বাস্থ্যৰ লগতে দীর্ঘায়ু জীৱন-যাপন কৰিবলৈ সক্ষম হয়। সুস্বাস্থ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত নিয়মানুবর্তিতাই মহৌষধৰ ভূমিকা পালন কৰে।

নিয়মানুবর্তিতা আৰু ছাত্র-ছাত্রীঃ নিয়ম-শৃংখলা মানি নচলিলে স্কুল-কলেজত পঢ়াৰ পৰিবেশ নষ্ট হয় আৰু ইয়াৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ অনিষ্ট হয়। জীৱনত আশাপ্রদ সাফল্য লাভ কৰিবলৈ হ’লে ছাত্র-ছাত্ৰীসকলে নিয়মানুবর্তিতা মানি চলিব লাগিব আৰু কঠোৰ পৰিশ্ৰমত ব্রতী হ’ব লাগিব। সময়মতে শোৱা পাতিলৈ যােৱা-উঠা, সময়মতে অধ্যয়ন কৰা, সময়মতে খেলা-ধূলা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে ঘৰত অভিভাৱকৰ আৰু স্কুলত শিক্ষকৰ অনুশাসন মানি চলাটো নিতান্তই প্রয়ােজনীয়।
সৈন্য-বাহিনী,আৰক্ষী বাহিনী আদিলৈ লক্ষ্য কৰিলেই নিয়মানুৱর্তিতাৰ আৱশ্যকতাৰ দিশটো ভালদৰে বুজিব পাৰোহক। সৈন্য-বাহিনীয়ে নিয়মানুবর্তিতা তথা শৃংখলা মানি নচলিলে যুদ্ধত-জয়লাভ কৰিব নােৱাৰে। ছাত্র-ছাত্ৰীসকলে সামাজিক নিয়ম-শৃংখলা ৰক্ষা কৰাটোও তেওঁলােকৰ কৰ্তব্য।

সামৰণি : সমাজ আৰু দেশৰ শৃংখলা বজাই ৰাখি নিজৰ, সমাজ, দেশৰ উন্নতিৰ বাবে ছাত্র-ছাত্রীৰ লগতে দেশৰ সমগ্ৰ নাগৰিকেই যত্নপৰ হােৱা উচিত। তাকে কৰোঁতে ছাত্ৰসকলে বিনয়ী হৈ আগবঢ়া উচিত।“ভঙা সহজ, গঢ়াহে টান”– এই কথাষাৰ মনত ৰখা উচিত। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সদায় স্মৰণ কৰিব লাগে যে “শৃংখলাৰ দ্বাৰাহে শৃংখলা ঘূৰাই আনিব পাৰি।”

Leave a Comment