বিষয় | ৰচনা (অসমীয়া ব্যাকৰণ) |
পাঠ | শিষ্টাচাৰ ৰচনা |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
শ্ৰেণী | নৱম আৰু দশম শ্ৰেণী |
শিষ্টাচাৰ ৰচনা
“তােমাৰ নতুন বাইকখন ভাল লাগিছে। মই তােমাৰ বাইকখন এবাৰ চলাই চাব খােজোঁ আৰু মই চলামেই। যদি তুমি চলাবলৈ নিদিয়া তেন্তে জোৰকৈ হ’লেও চলাম। তােমাৰ বান্ধৱীক মােৰ ভাল লাগিছে। তাইক মই আইচক্রীম খুৱাবলৈ বাহিৰলৈ লৈ যাম। তুমি ভাল পােৱা নে বেয়া পােৱা সেইটো মােৰ বিচার্য বিষয় নহয়।” –এনেধৰণৰ ধ্যান-ধাৰণা আজিৰ যুগৰ যুৱ-সমাজত দেখা যায়। বর্তমানৰ জীৱন-ধাৰণৰ ষ্টাইলেই হ’ল —মই যিটো কৰিছো বা ভাবিছোঁ সেইটোৱেই শুদ্ধ আৰু মই যিটো কৰিব খুজিছোঁ সেইটোৱেই মই কৰিম। শিষ্টাচাৰ আজিকালি নােহােৱা হ’ল। শিষ্টাচাৰ প্ৰদৰ্শন কৰাটো এতিয়া পুৰণিকলীয়া বা ভােদালােকৰহে কাম—এনে ভাৱধাৰা আজিৰ যুৱ-সমাজত দেখা যায়। “ক্ষমা কৰিব”,“ধন্যবাদ”, “অনুগ্রহ কৰিব”আদি শব্দ লাহে লাহে আওপুৰণি হৈ পৰিছে।তথাপি যিজন লােকৰ শিষ্টাচাৰ আছে, ভদ্ৰতা আৰু সৌজন্যতাবােধ আছে তেওঁক শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলােৱে ভাল পায়। প্রত্যেকেই ভদ্র স্বভাৱৰ লােকক ভাল পায়। তেনে লােকৰ লগত বন্ধুত্ব স্থাপন কৰাটো তেনেই সহজ। তেনেলােকৰ লগত থাকি আনন্দ অনুভৱ হয়, কিয়নাে তেওঁ কেতিয়াও হুটা কথা নকয় আৰু আনৰ কথাত উপলুঙা নকৰে।
‘অনুগ্ৰহ কৰি’, ‘ধন্যবাদ’ আদি শব্দই আমাৰ ব্যক্তিত্ব মহানহে কৰে আৰু দৈনন্দিন জীৱনত অধিক আনন্দ দিয়ে। দাবী কৰাতকৈ প্রার্থনা কৰাটো অধিক শ্রেয়। কেতিয়াবা কৰা ভুলৰ বাবে ক্ষমা প্রার্থনা কৰিলে মানুহৰ জীৱন অধিক মহান হয়।
শিষ্টাচাৰ শৈশৱৰে পৰা আৰম্ভ হয়। আমি আমাৰ ঘৰতে আমাৰ মা-দেউতা আৰু অন্যান্যৰ পৰা বিনয়ী আৰু ভদ্র আচৰণ শিকো। আমি শিক্ষাগুৰু আৰু বন্ধুবৰ্গৰ পৰাও শিষ্টাচাৰ শিকো। কোনেও শিক্ষকজন কর্কশ হােৱাটো নিবিচাৰে। শিক্ষকসকলেও ছাত্র-ছাত্ৰীক শিষ্টাচাৰ শিকাবলৈ হ’লে ছাত্র-ছাত্ৰীক সৰুৰে পৰা ভদ্রভাৱে আৰু মৰমেৰে শিকাব লাগে। শিষ্টাচাৰে আমাৰ ব্যক্তিৰ বিকাশ সাধন কৰা আৰু গােটেই জীৱন আমাৰ সংগী হয়। এইদৰে, শিষ্টাচাৰে আমাৰ জীৱনৰ প্ৰতিটো পদক্ষেপতে, কর্মক্ষেত্ৰত, আমাৰ পৰিয়ালৰ লােকৰ মাজত আৰু সমাজ জীৱনত প্ৰভাৱ পেলায়। এসময়ত পুৰুষসকল বিনয়ী আৰু সাহসী আছিল আৰু মহিলাসকল ভদ্ৰ আৰু নাৰীসুলভ প্ৰকৃতিৰ আছিল। সেইবােৰ পুনৰ আমাৰ সমাজত নেদেখালৈকে সমাজ জীৱনৰ অমানিশা দূৰ নহ’ব। শিষ্টাচাৰী হােৱাটো পূৰণিকলীয়া নহয়। ই আমাৰ ব্যক্তিত্বক জ্যোতিষ্মানহে কৰিব।
Related Posts: