কম্পিউটাৰ আৰু আধুনিক জীৱন – সম্পূৰ্ণ অসমীয়া ৰচনা

কম্পিউটাৰ আৰু আধুনিক জীৱন

আৰম্ভণি : বিংশ শতিকাত বিজ্ঞানৰ এটি চমকপ্ৰদ আৱিষ্কাৰ হৈছে কম্পিউটাৰ। প্ৰায় চল্লিশ বছৰ আগলৈকেও কম্পিউটাৰ মানুহৰ ধাৰণাতীত বা অকল্পনীয় যন্ত্র আছিল। মানুহৰ মগজুৰ যি কাম তাৰ অধিকাংশ বর্তমান কম্পিউটাৰৰ দ্বাৰা সাধিত হয়। কম্পিউটাৰৰ প্ৰধান কাম হৈছে সাংকেতিক পদ্ধতিৰে মানুহৰপৰা নিৰ্দেশ গ্ৰহণ কৰি সংবাদ আদান-প্রদান কৰা, ইয়াৰ দ্বাৰা সাধিত হোৱা বিভিন্ন কাম-কাজ নিয়ন্ত্ৰণ কৰা।

কম্পিউটাৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি—(১) সংখ্যাত্মক কম্পিউটাৰ আৰু (২) সাদৃশ্যাত্মক কম্পিউটাৰ। সংখ্যাত্মক কম্পিউটাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ জটিল গাণিতিক সমস্যাৰ নিখুঁত সমাধান কৰা হয় আৰু সাদৃশ্যাত্মক কম্পিউটাৰৰ দ্বাৰা সংগৃহীত তথ্য-সম্ভাৰ বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰি তৎক্ষণাৎ যুক্তিসংগত সমাধান কৰিব পাৰি। কম্পিউটাৰৰ প্ৰধান অংশ পাঁচটা—প্ৰৱেশ, স্মৃতি, নিয়ন্ত্রণ, পাটীগণিত আৰু প্রস্থান।

১৯৪০ চনত মার্কিন যুক্তৰাষ্ট্ৰত প্ৰথম সংখ্যাত্মক কম্পিউটাৰ উদ্ভাৱন কৰা হয়। ১৯৪৬ চনত কম্পিউটাৰে পৰিপূৰ্ণতা লাভ কৰে। শেহতীয়াভাৱে উদ্ভাৱন হোৱা চুপাৰ কম্পিউটাৰে গোটেই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। এই কম্পিউটাৰৰ দ্বাৰা নানান ধৰণৰ জটিল কাম-কাজবোৰ সমাধান কৰা হয়।

আধুনিক জীৱন ধাৰাত কম্পিউটাৰ এটা অপৰিহার্য অংগত পৰিণত হৈছে। ইয়াৰ সহায়ত সঠিক তথ্য কম পৰিসৰত নির্ভুলভাৱে সংৰক্ষণ কৰিব পাৰি। আজিকালি অফিচ-কাছাৰী, পুথিভঁৰাল, বিভিন্ন শিল্পোদ্যোগ, বিজ্ঞান-গৱেষণাগাৰ আদি সকলোতে ইয়াৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। শিল্পোদ্যোগসমূহত উৎপাদনসূচী, শ্রমিক নিয়োগ ব্যৱস্থা, পাৰিশ্রমিক নির্ণায়ণ, নতুন প্রকল্প স্থাপন, বৃহৎ প্রকল্প ৰূপায়ণ, প্রকল্প নিৰ্মাণৰ সঠিক সময়সূচী নিৰ্ধাৰণ; অফিচ-কাছাৰীত বিভিন্ন ধৰণৰ লেনদেন, কৰ্মচাৰী নিয়োগ ব্যৱস্থা, পাৰিশ্ৰমিক নিৰ্ণায়ণ, পুথিভঁৰালত পুথিসমূহৰ পঞ্জীয়ন আদি নানা কাৰণত কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। বিজ্ঞান গৱেষণাগাৰৰ ক্ষেত্ৰত – ৰকেট নিক্ষেপণ, মহাকাশ অভিযান, নক্ষত্র যুদ্ধৰ প্ৰস্তুতি আৰু প্রতিশোধ, যিকোনো সমৰাস্ত্ৰ নিয়ন্ত্রণ, শিক্ষা, চিকিৎসা, ব্যৱসায়-বাণিজ্য, যোগাযোগ, পৰিবহন, আমোদ-প্রমোদ আদি সকলো ক্ষেত্ৰতে কম্পিউটাৰৰ প্ৰয়োগ হোৱা দেখা যায়।

ভাৰতৰ নিচিনা উন্নয়নশীল দেশৰ কিছুমান ক্ষেত্ৰত কম্পিউটাৰৰ ব্যৱহাৰ অপৰিহাৰ্য। কিন্তু মানুহক তুচ্ছ কৰি কম্পিউটাৰক উচ্চ আসন দিলে এসময়ত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব। আমি সদায় মনত ৰাখিব লাগিব যে কম্পিউটাৰৰ বাবে মানুহৰ প্ৰয়োজন নহয়। মানুহৰ কাৰণেহে কম্পিউটাৰৰ প্ৰয়োজন।

লগতে পঢ়ক  দূৰদৰ্শন : ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ - সম্পূৰ্ণ অসমীয়া ৰচনা

Leave a Comment