ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ | নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ | Class 9 Social Science Assamese Medium Question Answer Chapter 2
শ্ৰেণী | নৱম শ্ৰেণী |
বিষয় | সমাজ বিজ্ঞান ইতিহাস |
পাঠ | ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ |
অধ্যায় | ২ |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class 9
অতি চমু /চমু উত্তৰৰ প্ৰশ্নঃ
প্ৰশ্ন ১। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰঃ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো হল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ।
প্ৰশ্ন ২। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰঃ আনন্দমঠ উপন্যাসৰ ৰচয়িতা হল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
প্ৰশ্ন ৩। ‘স্যাৰে জাহাছে আচ্ছা’…. গীতৰ গীতিকাৰ কোন?
উত্তৰঃ ‘স্যাৰে জাহাছে আচ্ছা’…. গীতৰ গীতিকাৰ হল কবি মহম্মদ ইকবাল।
প্ৰশ্ন ৪। ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথম ৰেল যাতায়ত ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল।
প্ৰশ্ন ৫। ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাবৰাৰৰ মাজত বেচৰকাৰী খণ্ডত সূচনা হৈছিল।
প্ৰশ্ন ৬। ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক’ত স্থাপন হৈছিল?
উত্তৰঃ ভাৰতৰ পোন প্ৰথম ছপাশাল ১৭৯৭ খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন কৰা হৈছিল।
প্ৰশ্ন ৭। কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক’ত প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল।
প্ৰশ্ন ৮। লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হ’লঃ সতীদাহ প্ৰথা বন্ধ কৰা, স্ত্ৰী শিক্ষাৰ বিস্তাৰ।
প্ৰশ্ন ৯। ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰঃ ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হ’লঃ ‘বেংগল গেজেট’।
Related Post: ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন (প্ৰশ্ন উত্তৰ)
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class IX
চমু /দীঘল উত্তৰৰ প্ৰশ্নঃ
প্ৰশ্ন ১। চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
উত্তৰঃ ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল একপ্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰপ্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল।
প্ৰশ্ন ২। ‘উদৰ প্ৰেৰণ পত্ৰ’ৰ মূল উদ্দেশ্য কি কি আছিল লিখা।
উত্তৰঃ “উদৰ প্রেৰণ পত্ৰ’ৰ মূল উদ্দেশ্যসমূহ হ’ল-
(ক) প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্য্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নির্ধাৰণ কৰা।
(খ) নিম্ন পর্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পর্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্রদান নির্দেশনা প্রদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল।
(গ) মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰা।
(ঘ) প্রতিখন প্রদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামর্শ দিয়া।
প্ৰশ্ন ৩। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬ টা কাৰকৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত মুখ্য ভূমিকা লােৱা ৬ টা কাৰক হ’ল—
(ক) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত পাশ্চাত্য শিক্ষাৰ যথেষ্ট প্রভাৱ পৰিছিল। কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল। ঈশ্বৰচন্দ্র গুপ্তই পােন প্রথমে স্বদেশপ্রেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল।
(খ) কোম্পানিৰ শাসন আৰম্ভ হােৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ১৮৩৯ খ্রীত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্রাংক ৰােড় নির্মাণ কৰি ব্রিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল। ১৮৮৩ খ্রীত অসমতাে শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যােগাযােগৰ আৰম্ভণি হয়। এনে যােগাযােগ উন্নতিয়েই ভাৰতীয়সকলৰ মনত জাতীয়তাবাদী ভাবধাৰাৰ উন্মেষণ ঘটাইছিল।
(গ) বংগদেশৰ প্রখ্যাত মনিষী ৰাজা ৰামমােহন ৰায়ে ভাৰতত নৱজাগৰণ ভাব গঢ়ি তুলিছিল। লর্ড উইলিয়াম বেন্টিংকৰ সংস্কাৰকামী উদ্যোগৰ সহায়ত ৰাজা ৰামমােহন রায়ে ভাৰতত ভালেমান কুসংস্কাৰৰ অৱসান ঘটাইছিল। এওঁৱেই আছিল আধুনিক ভাৰতৰ জন্মদাতা।
(ঘ) ৰামকৃষ্ণ মিছন, আর্যসমাজ, প্রার্থনা সমাজ আদি সংস্থা সমূহে ভাৰতত জাতীয় জাগৰণ গঢ়ি তােলাত মুখ্য ভূমিকা লৈছিল। প্রার্থনা সমাজে সংস্কামুখী আন্দোলনৰ সৃষ্টি কৰিছিল। আনহাতে মিছন প্রতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশপ্রেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাবৰ বিকাশ ঘটাইছিল।
(ঙ) ১৮৮৫ খ্রীত ভাৰতীয় জাতীয় কংগ্রেছৰ জন্মৰ লগে লগে ভাৰতীয়। জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহন কৰিছিল।
(চ) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত বাতৰি কাকতৰ ভূমিকা অতি গুৰুত্বপূর্ণ। আঞ্চলিক ভাষাৰ সংবাদ-পত্রই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তােলাত বিশেষ অৰিহণা জগাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সাম্রাজ্যবাদী শাসকৰ কাম-কাজবােৰৰ ওপৰত কটুৰ সমালােচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল।
Class 9 Social Science Assamese Medium Chapter 2
প্ৰশ্ন ৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ তলত উল্লেখ কৰা হ’লঃ
ক) পাশ্চাত্য শিক্ষাই বংগবাসীক পোন প্ৰথম আলোড়িত কৰিছিল; এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ আনফালে ইয়াৰ শিক্ষা প্ৰতিষ্ঠান। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যায়ন কৰিব পৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল। দুয়োটাৰ সান্নিধ্যত তেওঁলোকৰ মন-প্ৰাণ নৱ আলোকৰে উদ্ভাসিত হৈ উঠিছিল।
খ) তেওঁলোক পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা- বতৰা, চাল- চলনেও তেওঁলোকক আকৰ্ষণ কৰিছিল।
গ) ৰুছো, ভল্টেয়াৰ, বাৰ্ক, মেক’লে স্পেনচাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল।
ঘ) জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতূহলেৰে ভৰি পৰিছিল।
প্ৰশ্ন ৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়তৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা।
উত্তৰঃ কোম্পানিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধিছিল। ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত ২১ কিলোমিটাৰ পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়ত ব্যৱস্থাৰ সূচনা হয়। ১৮৮৩ খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগৰ আৰাম্ভ হয় । এনে যোগাযোগৰ উন্নতিয়েই ভাৰতীয়সকলৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাবধাৰাৰো উন্মেষণ ঘটাইছিল ।
Class 9 সমাজ বিজ্ঞান ইতিহাস পাঠ ২
প্ৰশ্ন ৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায়। বংগদেশৰ বৰ্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিছিল।
১৭৯৭ খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন কৰিছিল। শ্ৰীৰামপুৰ মিছন ছপাখানাই বঙলা ভাষাত প্ৰকাশ কৰা ‘দিগদৰ্শন’ আৰু ‘সমাচাৰ দৰ্পণ’ নামৰ বাৰ্তালোচনী দুখনে খ্ৰীষ্টান ধৰ্মক এটা মহান ধৰ্ম হিচাপে প্ৰতিপন্ন কৰি হিন্দু ধৰ্মৰ প্ৰতি কিছুমান নিন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল। হিন্দু ধৰ্মৰ প্ৰতি কৰা নিন্দাসূচক মনোভাবৰ বিৰুদ্ধে ৰামমোহন ৰায়ে তীব্ৰ প্ৰতিবাদ কৰিছিল।
ৰাজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজতে আবদ্ধ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুৰুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পৰ্দাপ্ৰথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা সম্পূৰ্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা হৈ ৰ’ব। একমাত্ৰ ৰায়ৰ সহযোগ লাভ কৰিয়েই গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে এই কু- প্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম হৈছিল।
ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানিৰ চৰকাৰক আহ্বান জনাইছিল। কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। বৰ্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল।
ৰায়ে এচাম প্ৰতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ হেনৰি ভিভিয়ান ডেলজিয় আদি উল্লেখযোগ্য। ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা ।
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস অধ্যায় ২
প্ৰশ্ন ৭। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। হিন্দু সমাজৰ বাল্য বিবাহ, জাতি- ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল। আৰ্য সমাজে সমুদ্ৰ যাত্ৰাত সমৰ্থন জনাইছিল আৰু সকলোবিলাক অন্ধবিশ্বাস পৰিহাৰ কৰিবলৈ প্ৰচাৰ চলাইছিল। আৰ্য সমাজে ধৰ্মান্তৰকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াক `শুদ্ধি’ বুলি জনা যায়। স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান কৰিছিল। ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল। আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল।
এনেদৰে দয়ানন্দ সৰস্বতীয়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
প্ৰশ্ন ৮। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ব্ৰাহ্ম সমাজৰ আৰ্হিত কেশৱ চন্দ্ৰ সেনে মহাৰাষ্ট্ৰত ১৮৬৭ খ্ৰীষ্টাব্দত ‘প্ৰাৰ্থনা সমাজ’ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল।
প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে। ৰাণাডেৰ একান্ত চেষ্টাত ‘বিধৱা বিবাহ সংস্থা’ আৰু ‘দাক্ষিণাত্য’ শিক্ষা সমাজ’ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল। দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন-পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল। নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল। প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্ৰ দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল।
নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় ২
প্ৰশ্ন ৯। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামী সকলক মুগ্ধ কৰিব পাৰিছিল।
ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰুৰ পৰলোকপ্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্ৰতিষ্ঠা কৰিছিল।
স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁ ধৰ্ম সাধনাৰ বিশেষত্ব আছিলঃ
(১) ভাৰতীয়ৰ মনত স্বদেশপ্ৰেম সঞ্চাৰ কৰা,
(২)ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু
(৩) ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাবৰ বিকাশ ঘটোৱা। তেওঁ ভাৰতীয়ৰ মাজত ঐক্য- সম্প্ৰীতি ভাব গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা। স্বামী বিবেকানন্দৰ তেজস্বী ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্ৰেৰণা জগাই তুলিছিল। বিবেকানন্দৰ কৰ্ম চিন্তাই ভাৰতীয়ক অতীত ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল, যাৰ ফলশ্ৰুতিত ভাৰতীয়ৰ মনত জাতীয়তাবাদী ভাব-চেতনা সঞ্চাৰ কৰিছিল।
প্ৰশ্ন ১০। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিয়’ছফিকেল ছ’চাইটিক জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টৰ বিশেষ কৰ্মদক্ষতা। এনি বেছান্টে সমাজসেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিৱেশ কৰিছিল। ভাৰতীয় আধ্যাত্মিকতাক প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। ১৮৯৮ খ্ৰীষ্টাব্দত বাৰাণসীত এনি বেছান্টে প্ৰতিষ্ঠা কৰা ‘চেন্ট্ৰেল হিন্দু স্কুল’খনেই ১৯১৬ খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়। মিচেছ এনি বেছান্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যোগাইছিল। ১৯১৬ খ্ৰীষ্টাব্দত বেছান্টে ‘হোম ৰুল লীগ’ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব- শাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল।
Class 9 Social Science Assamese Medium Question Answer Chapter 2
প্ৰশ্ন ১১। ‘আলিগড় আন্দোলন’ কি? এই আন্দোলনে মুছলমান সকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।
উত্তৰঃ ভাৰতীয় মুছলমান সমাজক আলীগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাব-চিন্তাৰ সঞ্চাৰ কৰাটোক আলিগড় আন্দোলন বুলি কোৱা হয়।
মুছলমান সমাজক আধুনিক চিন্তা-চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ছাৰ চৈয়দ আহমদখানৰ অৱদান উল্লেখযোগ্য। তেওঁ মুছলমান সম্প্ৰদায়ক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে ১৮৬৪ খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে। ১৮৭৫ খ্ৰীষ্টাব্দত তেওঁ আলীগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে। কম সময়ৰ ভিতৰতে অনুষ্ঠানটো পাশ্চাত্য সাহিত্য-সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰত পৰিণত হৈ পৰে ।
ছৈয়দ আহমদ খানে আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল। এই অনুষ্ঠানটোৰ যোগেদি ভাৰতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে কু-সংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল। ১৯২০ খ্ৰীষ্টাব্দত এই কলেজখন ‘আলিগড় মুছলিম বিশ্ববিদ্যালয়’ত পৰিণত হৈছিল।
প্ৰশ্ন ১২। ‘বাতৰি কাকত’ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা।
উত্তৰঃ দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম- কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এইক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি। ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত ‘বংগ দৰ্শন’, ‘সঞ্জীৱনী’, ‘আৰ্য্য দৰ্শন’, ‘অমৃত বাজাৰ পত্ৰিকা’ আদি কাকতে ভাৰতীয়ৰ মনত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজ শাসনে ভাৰতীয়ক শোষণ কৰি অহাৰ স্বৰূপটো উদঙাই দিছিল।
১৮৬১ খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল। দুৰ্ভিক্ষৰ কবলত বহুতো ভাৰতীয়ই মৃত্যুক সাৱটি ল’বলগা হৈছিল। চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নোলোৱাত দেশীয় ভাষাৰ কাকতসমূহে লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্ৰাদেশিক শাসকসকলক চোকা সমালোচনা কৰিছিল। লিটনে ইয়াৰ বাবে খঙত টিঙিৰি তুলা হৈ ভাৰতীয় আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত পুনৰ বাধা নিষেধ প্ৰয়োগ কৰিবলৈ ১৮৭৮ খ্ৰীষ্টাব্দত কুখ্যাত ‘প্ৰেছ আইন’ জাৰি কৰিছিল।
গৱৰ্ণৰ জেনেৰেল লৰ্ড লিটনে ১৮৭৮ খ্ৰীষ্টাব্দত ‘অস্ত্ৰ আইন’ জাৰি কৰি ভাৰতীয় লোকক আগ্নেয় অস্ত্ৰ’ ধাৰণ কৰাত বাধা নিষেধ আৰোপ কৰিছিল। লিটনৰ এই ‘অস্ত্ৰ আইন’ আৰু ‘প্ৰেছ আইনে’ ভাৰতীয়সকলক ক্ষুব্ধ কৰিছিল। ভাৰতীয়সকলে ক্ৰমান্বয়ে আত্মমৰ্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হৈছিল।
Class 9 Social Science Assamese Medium Chapter 2
প্ৰশ্ন ১৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা।
উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল। ‘ইণ্ডিয়ান নেচনেল ইউনিয়ন’ নামেৰে নামাংকিত বৈঠকখনে দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল।
১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গকুল দাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্ৰতিনিধিয়ে অধিৱেশনস্থলীত উপস্থিত হৈছিল। সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্ৰ বন্দ্যোপাধ্যায়ক। মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ বুলি স্থিৰ কৰিছিল।
ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class 9
প্ৰশ্ন ১৪। ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ এই নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছে আৰম্ভণিতে আবেদন- নিবেদনৰ মাজেৰে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। ইংৰাজ শাসক আৰু বৃটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বৰ্তাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয়ৰ প্ৰতিনিধিত্ব বিচৰাটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল।
১৯০৫ খ্ৰীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেৰ নৰম সুৰৰ ভাষণ বিপিনচন্দ্ৰ পালে বিৰোধিতা কৰিছিল। তেওঁ অনুনয়- বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল।
১৯০৭ খ্ৰীষ্টাব্দত ৰাস বিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিবেশনত জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয় – এটা চৰমপন্থী আৰু আনটো নৰমপন্থী। চৰমপন্থী দলত আছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰায় আৰু বিপিনচন্দ্ৰ পাল। চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল। ১৯১৬ খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল।
Also Read: ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Question Answer
প্ৰশ্ন: আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰঃ আনন্দমঠ উপন্যাসৰ ৰচয়িতা হল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।
প্ৰশ্ন: ‘স্যাৰে জাহাছে আচ্ছা’…. গীতৰ গীতিকাৰ কোন?
উত্তৰঃ ‘স্যাৰে জাহাছে আচ্ছা’…. গীতৰ গীতিকাৰ হল কবি মহম্মদ ইকবাল।
প্ৰশ্ন: ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথম ৰেল যাতায়ত ১৮৫৩ খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল।
প্ৰশ্ন: ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক’ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা ১৮৩৯ খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাবৰাৰৰ মাজত বেচৰকাৰী খণ্ডত সূচনা হৈছিল।