ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন (প্ৰশ্ন উত্তৰ) ইতিহাস অধ্যায় ১

ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন | নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ | Class 9 Social Science Assamese Medium Question Answer Chapter 1

শ্ৰেণীনৱম শ্ৰেণী
বিষয়সমাজ বিজ্ঞান ইতিহাস
পাঠভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন

অতি চমু প্রশ্নোত্তৰ :
১। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্রথমে উপস্থিত হৈছিল?
উঃ পতুৰ্গীজ নাৱিকজন হল ভাস্ক’ ডা গামা৷ তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।

২। জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উঃ ইংৰাজ নাৱিকজন হল ফ্ৰান্সিছ ড্ৰেক

৩। ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্রৱেশ কৰিছিল?
উঃ ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডেন হলে প্ৰৱেশ কৰিছিল।

8। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?
উঃ ১৫০০ খ্ৰীষ্টাব্দত লণ্ডনত

৫। ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।
উঃ ক) বেহা-বেপাৰ কৰা। খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

৬। ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?
উঃ মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১

৭। ফৰ্ট উইলিয়াম’ কি ?
উঃ কলিকতা বানিজ্য কেন্দ্ৰটোৰ নাম হল ‘ফৰ্ট উইলিয়াম’

৮। পৰাধীন ভাৰতৰ ৱি্টিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। 
উঃ দুটা ভাগত ভাগ কৰিব পাৰিঃ
ক) প্ৰথমটো হৈছে মোগল সাম্রাজ্যৰ পতনৰ  পৰা আৰম্ভ কৰি ১৮৫৭ গধ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে খ) দ্বিতীয় হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।

৯। ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?
উঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে  ইংলেণ্ডৰ চৰকাৰক পোনপতীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা উদ্দেশ্যত ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল।

১০।‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?
উঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ‘ভাৰতীয় পৰিষদ আইন’ প্ৰণয়ন কৰিছিল। আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া এই আইনখনৰ উদ্দেশ্য আছিল।

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ

২। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা।
উঃ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰাৰ তিনিটা মূল কৌশল হল-
(ক) ১৬১১ খ্রীত গােলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত আৰু ১৬৩৬ খ্রীত আৰমাগাৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র মুকলি কৰিছিল। ১৬৩৯ খ্রী:ত চন্দ্রগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি কেন্দ্ৰটোৰ নাম নতুনকৈ “ফর্ট ছেন্ট জর্জ” নাম দিয়ে।

(খ) ১৬৬১ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে পর্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই যৌতুক হিচাপে বােম্বাই চহৰ লাভ কৰিছিল। ৰজা চার্লছে ১৬৬৮ খ্রীত ৫০,০০০ পাউণ্ড ঋণৰ বিনিময়ত বােম্বাই ইংৰাজ কোম্পানিক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বােম্বাই কোম্পানি প্রধান কার্যালয়ত পৰিণত হয়।

(গ) ১৬৯০ খ্রী.ত জব চার্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যােগেদি বছৰি ১২০০ টকাৰ খাজনাৰ বিনিময়ত কালীঘাটা (কলিকতা), সুতানুটি আৰু গােবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফর্ট উইলিয়াম’ ৰখা হৈছিল।

Class 9 Social Science Assamese Medium Question Answer Chapter 1

৩। ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তােলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযােগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
উঃ ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তােলা ইষ্ট ইণ্ডিয়া, কোম্পানিৰ আটাইতকৈ উল্লেখযােগ্য ব্যক্তিজন হৈছে ৰবার্ট ক্লাইৱ। ৰবার্ট ক্লাইৱে যি কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰিছিল তাৰ চাৰিটা যুক্তি হল—

(ক) ক্লাইৱে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবােৰ বিদেশী ইউৰােপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।
(খ) ৰবার্ট ক্লাইৱে যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানি ফলীয়া কৰিবলৈ প্রচেষ্টা চলাইছিল।
(গ) বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযােধ্যাৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্রত্যেকেই নিজৰ নিজৰ কর্তৃত্ব বিসর্জন দিব লগা হৈছিল।
(ঘ) পলাচী যুদ্ধত (১৭৫৭ খ্রীঃ) বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদদৌলাক (১৭৫৬-৫৭) ছল-চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰি ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।

Class 9 সমাজ বিজ্ঞান ইতিহাস পাঠ 1

৪।চিপাহী বিদ্রোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।
উত্তৰ : ১৮৫৭ চনৰ চিপাহী বিদ্রোহক ভাৰত বুৰঞ্জীত এক যুগান্তকাৰী ঘটনা বুলি আখ্যা দিয়া হয়। এই বিদ্ৰোহৰ প্ৰধান কাৰণ সমূহ হ’ল— (ক) ৰাজনৈতিক কাৰণ, (খ) অর্থনৈতিক কাৰণ, (গ) সামাজিক কাৰণ, (ঘ) ধর্মীয় কাৰণ।

(ক) ৰাজনৈতিক কাৰণ : ইংৰাজ গৱৰ্ণৰ জেনেৰেল লর্ড, ডেলহাউচিয়ে ভাৰতবৰ্ষত। ব্রিটিছ সাম্রাজ্য প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা “স্বত্ববিলােপ নীতি’ আছিল চিপাহী বিদ্ৰোহৰ এটা ৰাজনৈতিক কাৰণ। এই নীতিমতে কোনাে দেশীয় ৰাজ্যৰ ৰজাৰ মৃত্যু হলে তেওঁৰ যদি কোনাে সতি-সন্ততি নাথাকে, তেতিয়া সেই ৰাজ্য ব্রিটিছ সাম্রাজ্যৰ লগত অন্তর্ভুক্ত কৰা হ’ব। লগতে কোনাে দেশীয় ৰজাই তােলনীয়া পুতেকক সিংহাসনৰ উত্তৰাধিকাৰী কৰিব নােৱাৰিব। ডেলহাউচিয়ে এই নীতি প্রয়ােগ কৰি চাৰা, বামি, নাগপুৰ, চম্বলপুৰ, জৈতপুৰ আদি ৰাজ্য ইংৰাজ সাম্রাজ্যৰ অন্তর্ভুক্ত কৰিছিল ব্রিটিছৰ এই কার্যই ভাৰতীয় ৰজাসকলৰ মনত বিদ্ৰোহৰ পাতনি মেলিছিল।

(খ) অর্থনৈতিক কাৰণ : ৰজা আৰু জমিদাৰ শ্ৰেণীৰ মাজত দেখা দিয়া অর্থনৈতিক সংকটো চিপাহী বিদ্রোহৰ এটা অর্থনৈতিক কাৰণ। ৰজা আৰু জমিদাৰসকলৰ ৰাজ্যসমূহ ইংৰাজ সাম্রাজ্যৰ অন্তর্ভুক্ত হােৱাৰ ফলত তেওঁলােকৰ আয়ৰ পথ বন্ধ হৈছিল। তেওঁলােকৰ পেঞ্চন, ভাট্টা আদি বন্ধ কৰি আর্থিক সংকটৰ সন্মুখীন কুৰাইছিল ইয়াৰ উপৰি ইংৰাজৰ মাটিৰ খাজনা বৃদ্ধি, “চিৰস্থায়ী বন্দোৱস্ত নীতি’ আদিয়ে কৃষক, জমিদাৰ আদি সকলাে শ্ৰেণীৰ লােকক আঘাত কৰিছিল।

আনহাতে, ইংলেণ্ডৰ আমদানি সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰি ইংৰাজ চৰকাৰে ভাৰতৰ পৰা অর্থনৈতিক লুণ্ঠন আৰম্ভ কৰিছিল। ভাৰতৰ পৰা কেঁচামালসমূহ কম দৰত কিনি নিজৰ দেশলৈ নি তেওঁলােকৰ দেশৰ উদ্যোগজাত সামগ্ৰীৰে ভৰাই পেলাইছিল। ফলত ভাৰতৰ থলুৱা উৎপাদিত সামগ্ৰীয়ে সেইবােৰৰ লগত ফেৰ মাৰিব পৰা নাছিল আৰু ফলস্বৰূপে ভাৰতৰ থলুৱা সামগ্রী ধ্বংসৰ পিনে অগ্রগতি লৈছিল। এনেবােৰ কাৰণতেই ৰজা, কৃষক আৰু জমিদাৰ সকলৰ মাজত বিদ্ৰোহৰ পাতনি মেলিছিল।

(গ) সামাজিক কাৰণ : অতি প্রাচীন কালৰ পৰাই ভাৰতবর্ষ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি আছিল। ইংৰাজসকলে ভাৰতত স্থায়ীভাৱে বসতি কৰাৰ পাছৰ পৰা ভাৰতীয় সমাজত চলি থকা সতীদাহ, বাল্যবিবাহ, নৰবলি, বিধৱা বিবাহ প্রচলন, শিশুবধ প্রথাৰ অৱসান আদি প্রথাসমূহৰ বিৰােধিতা কৰা আৰু সেইবােৰৰ সাপেক্ষে মাত মতাৰ বাবে কিছুসংখ্যক ভাৰতবাসীৰ মনত ইংৰাজৰ প্রতি বেয়া মনােভাব সৃষ্টি হৈছিল । ইংৰাজী শিক্ষাৰ প্ৰচলন, ডাক তাৰৰ ব্যৱস্থা, ৰে’ল পথ আৰু ভাপ জাহাজৰ আৱিষ্কাৰৰ আঁৰত কিবা অভিসন্ধি লুকাই আছে বুলি ভাৰতীয়সকলে সন্দেহ কৰিছিল। এইবােৰৰ পৰাও ভাৰতীয় সকলৰ মনত চিপাহী বিদ্রোহৰ পাতনি মেলিছিল।

(ঘ) ধর্মীয় কাৰণ : ভাৰতবৰ্ষলৈ অহাৰ সময়ৰ পৰাই ইংৰাজসকলৰ এটা উদ্দেশ্য আছিল খ্রীষ্টান ধর্ম প্রচাৰ কৰা। ভাৰতীয় লােকৰ ধৰ্ম নষ্ট কৰাৰ উদ্দেশ্যে ইংৰাজসকলে ভাৰতৰ হিন্দু মুছলমান সম্প্রদায়ৰ লােকসকলৰ মাজত ধর্মীয় বিবাদৰ সৃষ্টি কৰিছিল। ভাৰতীয়ৰ ধর্মীয় বিবাদৰ কাৰ্যই ১৮৫৭ খ্রীৰ বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল।

ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন Class 9

৫। ‘ভাৰত চৰকাৰ আইনৰ জৰিয়তে হােৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ ভাৰত চৰকাৰ আইনৰ জৰিয়তে হােৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন হৈছে
(ক) ব্রিটিছ সংসদে ১৮৫৮ খ্রীৰ ২ আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্রণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পােনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।

(খ) দ্বিতীয়তে, ভাৰত শাসনৰ সকলাে দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানি আমােলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্রণ পৰিষদ আৰু সঞ্চালক সভাৰ কর্তৃত্বৰ অৱসান ঘটিছিল।

(গ) তৃতীয়তে, নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলাে দায়িত্ব ক্ষমতা ব্রিটিছ মন্ত্রীসভাৰ এজন সদস্যৰ হাতত তাপণ কৰা হয়। ভাৰত শাসনৰ সৈতে প্রক্ষভাৱে জড়িত হােৱা মন্ত্রীজনক ভাৰত সচিব’ বােলা হয়।

(ঘ) চতুর্থত, ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সর্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰ্যা অর্থাৎ প্রতিনিধিৰ খিতাপ প্রদান কৰা হয়। এই আইনে ভাইচৰয় আৰু প্রাদেশিক মুৰব্বীজনক (গৱৰ্ণৰ) নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানিৰ সামৰিক বাহিনীক ব্রিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।

Class 9 সমাজ বিজ্ঞান ইতিহাস Chapter 1

৬। চিপাহী বিদ্রোহৰ চাৰিটা উল্লেখযােগ্য ফলাফল উল্লেখ কৰা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল হল-
(ক) চিপাহী বিদ্ৰোহৰ ফলত ইষ্ট-ইণ্ডিয়া কোম্পানিৰ পৰা ভাৰতৰ শাসনভাৰ ব্রিটিছ চৰকাৰৰ হাতলৈ যায়।
(খ) চিপাহী বিদ্ৰোহৰ ফলতেই ভাৰতীয় দেশীয় ৰাজ্যৰ ৰজাসকলক মহাৰাণীয়ে আশ্বাস দি কৈছিল যে ইষ্ট-ইণ্ডিয়া কোম্পানিৰ সৈতে তেওঁলােকে যিবােৰ চুক্তি কৰিছিল সেইবােৰ চৰকাৰে মানি চলিব।
(গ) দেশীয় ৰজাসকলৰ অধিকাৰ, সম্মান, মর্যাদা আৰু ৰাজ্যৰ সীমা অক্ষুন্ন থাকিব।
(ঘ) জাতি, ধর্ম বা বৰ্ণৰ ভিত্তিত মহাৰাণীৰ চৰকাৰে কোনাে বৈষম্যমূলক আচৰণ নকৰে।

(ঙ) এই বিদ্রোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে।

৭। লর্ড কেনিঙৰ দুটা, প্রধান সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ লর্ড কেনিৰ দুটা প্রধান সংস্কাৰ হ’ল—
(ক) লর্ড কেনিঙ শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে ‘উডৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্রত্যেক প্রদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।

(খ) লর্ড কেনিঙে সেনাবাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল। বিভিন্ন জাতি আৰু বিভিন্ন ধর্মাবলম্বী সৈনিকক একগােট কৰি এটা মিশ্রিত ভাৰতীয় সেনা- বাহিনীৰ গােট গঠন কৰিছিল নতুনকৈ গঠন হােৱা গােটটোত ভালেসংখ্যক ইউৰােপীয় সেনাক নিয়ােগ কৰিছিল।

Class 9 Social Science Assamese Medium Question Answer Chapter 1

৮। ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰঃ ভাৰতীয় পৰিষদ আইন’ৰ দুটা.দোষ হ’ল—
(ক) এই আইনে ভাৰতীয়ক পােন প্রথমবাৰ বিধানমণ্ডলত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্রত্যক্ষ সহযােগিতা আশা কৰিছিল। এক কথাত ভাৰতীয়ক বিধানমণ্ডলৰ সদস্যৰ পদ দি ভাৰতত প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ সঁচটো তৈয়াৰ কৰিছিল। প্রকৃত অর্থত ভাৰতীয় জনসাধাৰণৰ প্রতিনিধি আছিল বুলি ক’ব নােৱাৰি। তেওঁলােক আছিল উচ্চ বংশজাত আৰু সম্ভ্রান্ত ভূ-স্বামী শ্ৰেণীটোৰহে প্রতিনিধি।

(খ) এই আইনে কেন্দ্রীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্রতিক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্রিটিছ-ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামর্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। কিন্তু একে সময়তে ভাইচৰয়গৰাকীক প্রয়ােজন সাপেক্ষে বিধানমণ্ডলত প্রস্তাৱিত আইন নতুবা দিহা-পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতাও দিছিল।

 ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ হল — (ক) এই আইনে পাঁচজনীয়া সদস্যৰ এখন ‘কাৰ্যবাহী পৰিষদ গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰতৰ সচিবক এই আইনে তিনিজন ব্যক্তিক কার্যবাহী পৰিষদৰ বাবে বাছনি কৰিবলৈ কর্তৃত্ব প্রদান কৰিছিল, ভাৰতবৰ্ষত কমেও দহ বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকা ব্যক্তিকহে তেওঁ বাছনি কৰিব পাৰিছিল। বাকী দুজন সদস্যক ব্রিটিছ সংসদে প্রত্যক্ষভাৱে নিয়ােগ কৰাৰ ক্ষমতা পাইছিল তেওঁলােক দুজনৰ এজনক আইনী সদস্য আৰু আনজনক বিত্তীয় সদস্য হিচাপে কাৰ্যবাহী পৰিষদত স্থান দিয়া হৈছিল।

খ) ভাইচৰয়ক কার্যবাহী পৰিষদখন সুচাৰূপে পৰিচালনা কৰাৰ সম্পূর্ণ কর্তৃত্ব দিয়া হৈছিল। ভাইচৰয় লর্ড কেনিঙে পােন প্রথমে কেন্দ্রীয় কার্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভগাই দি তেওঁলােকক নিজা নিজা দপ্তসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল।

Class 9 সমাজ বিজ্ঞান ইতিহাস Chapter 1

প্রশ্ন ৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হােৱা পৰিৱৰ্তনসমূহ আলােচনা কৰা।
উত্তৰঃ ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হােৱা পৰিৱৰ্তনসমূহ হৈছে
(ক) লর্ড ৰিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ত শাসন ব্যৱস্থাৰ পােষকতা কৰিছিল। তেওঁ স্থানীয় প্রশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পােষকতা কৰিছিল যত প্রশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্রহণ কৰাৰ সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়সকলক আধুনিক প্রশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলােকৰ প্রাথমিক কাম বিলাক তেওঁলােকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল।।

(খ) লর্ড ৰিপনে ১৮৮২ খ্রীত ঐতিহাসিক প্রস্তাৱ মতে প্রত্যেকটো মহকুমাত একোখনকৈ আঞ্চলিক পৰিষদ গঠন কৰে। প্রয়ােজন অনুসৰি প্রত্যেকখন লােকেল ব’র্ডৰ (আঞ্চলিক পৰিষদ) অধীনত থকা গ্রামাঞ্চলৰ লাটসমূহত একোখনকৈ প্রাথমিক ব’র্ড গঠনৰ ব্যৱস্থা ৰাখিছিল। লােকেল ব’র্ডৰ অধিকাংশ সদস্য নির্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল।

(গ) লর্ড ৰিপনে স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কার্যকৰী কৰিবলৈ নির্দেশ দিছিল। কিছুমান প্রদেশত জিলা পর্যায়ত আৰু কিছুমান প্রদেশত মহকুমা পর্যায়ত লােকেল ব’র্ডসমূহ গঠন কৰিছিল।

(ঘ) গ্রামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহে স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। ১৮৮২ খ্রীৰ স্থানীয় স্বায়ত্তশাসনৰ প্ৰস্তাৱ মর্মেনগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰপালিকা নিকায়সমূহৰ শতকৰা ৭৫ জন সদস্যক নির্বাচন যােগেদি বাছনি কৰি লােৱাৰ ব্যৱস্থা কৰা হৈছিল।

(ঙ) ভাৰত সচিবে লর্ড বিপনৰ কেইবাটাও স্বায়ত্ত শাসন সম্পর্কীয় গুরুত্বপূর্ণ প্রস্তাৱ নাকচ কৰিছিল। বিশেষকৈ লােকেল ব’র্ডসমূহত নির্বাচিত সদস্য সংখ্যা বৃদ্ধি আৰু বেচৰকাৰী সদস্যক সভাপতি পদ দিয়াৰ বাবে বিপনে আগবঢ়োৱা প্ৰস্তাৱ ইংলেণ্ডৰ চৰকাৰে সমর্থন কৰা নাছিল। ১৮৮৫ খ্রীৰ স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলকহে লােকেল ব’র্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল।

লর্ড ৰিপনে স্বায়ত্ত শাসনৰ সংস্থাবােৰ জনসাধাৰণৰ নির্বাচিত প্রতিনিধিৰ হাতত অৰ্পণ কৰাটো এটা নীতি হিচাপে গ্রহণ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে বিপনৰ উদ্দেশ্য সম্পূর্ণরূপে কাৰ্যকৰী কৰাত বাধা প্রদান কৰিছিল। সেয়ে হলেও বিপনে পােন প্ৰথমবাৰৰ বাবে স্থানীয় শাসন ব্যৱস্থাক গণতান্ত্রিক পদ্ধতিৰ মাজলৈ টানি আনিছিল।

জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?

উঃ ইংৰাজ নাৱিকজন হল ফ্ৰান্সিছ ড্ৰেক

ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্রৱেশ কৰিছিল?

উঃ ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডেন হলে প্ৰৱেশ কৰিছিল।

ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?

উঃ ১৫০০ খ্ৰীষ্টাব্দত লণ্ডনত

ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।

উঃ ক) বেহা-বেপাৰ কৰা। খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?

উঃ মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।

ফৰ্ট উইলিয়াম’ কি ?

উঃ কলিকতা বানিজ্য কেন্দ্ৰটোৰ নাম হল ‘ফৰ্ট উইলিয়াম’

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top