অন্ধবিশ্বাস আৰু কু সংস্কাৰ Question Answer নৱম শ্ৰেণী

অন্ধবিশ্বাস আৰু কু সংস্কাৰ Class 9 question Answer| Class 9 Assamese Chapter 8 Question Answer | অন্ধবিশ্বাস আৰু কুসংস্কাৰ নৱম শ্ৰেণী

শ্ৰেণী নৱম শ্ৰেণী
বিষয় অসমীয়া
পাঠ অন্ধবিশ্বাস আৰু কু সংস্কাৰ
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

অন্ধবিশ্বাস আৰু কু সংস্কাৰ Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক :

১। চমু উত্তৰ দিয়া :
(ক) উৰাবাতৰি মানে কি?
উঃ যিবোৰ বাতৰি বা খবৰ কোনো সত্যতা নাথাকে, কিন্তু তাকেই বহুতে নভবা-নিচিন্তাকৈ সত্য বুলি বিশ্বাস কৰি লয় সেয়াই হৈছে উৰাবাতৰি।

(খ) কু-সংস্কাৰ বুলিলে কি বুজা?
উঃ যিবোৰ নীতি-নিয়ম, পৰম্পৰা তথা ব্যৱস্থাই সমাজৰ প্ৰগতিৰ পথত প্রতিবন্ধকতাৰ সৃষ্টি কৰে; কু-সংস্কাৰ বুলিলে এনেবোৰ নীতি-নিয়ম, পৰম্পৰাকে বুজা হয়।

(গ) অন্ধবিশ্বাস, কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’। —কথাষাৰ কোনে কৈছিল?
উঃ উক্ত কথাষাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায় ?
উঃ ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল।

(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উঃ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল।

২। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উঃ যিবোৰ বিশ্বাস, ধাৰণা বা ঘটনাক বিজ্ঞানে অসত্য তথা অমূলক বুলি প্রতিপন্ন কৰিছে অথবা যিবোৰ কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইবোৰকে অন্ধবিশ্বাস বুলি জনা যায়।

অন্ধবিশ্বাস হৈছে সমাজৰ এক কু-ব্যাধি যিয়ে প্রেম, মমতা, ভাতৃত্ববোধ, মানৱতা আদিৰ দৰে সমাজৰ প্ৰধান মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি এখন সভ্য সমাজক কলুষিত কৰি তোলে। জনজীৱনৰ সুস্থ জীৱন-ধাৰণ প্ৰক্ৰিয়াটোক বিপর্যস্ত কৰি তোলাৰ লগতে সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে৷

Also Read: অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰা

Class 9 Assamese Lesson 8 Question Answer

৩। কি কি কাৰণত অন্ধবিশ্বাস, কু-সংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ?
উঃ কোনো যুক্তি নথকা সত্ত্বেও মানুহে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ মানি চলে। নিজক এইবোৰৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব নোৱাৰে। ইয়াৰ আঁৰত একাধিক কাৰণ আছে। তলত সেইবোৰ উল্লেখ কৰা হ’ল –

(ক) অন্ধবিশ্বাস আৰু কু-সংস্কাৰে মানুহৰ মনক প্ৰভাৱিত কৰাৰ অন্যতম কাৰণ হৈছে জ্ঞানৰ অভাৱ বা অধ্যয়নবিমুখিতা। আনকি আনুষ্ঠানিক শিক্ষা থকা মানুহো এই প্ৰভাৱৰ পৰা মুক্ত নহয়। কিয়নো সম্প্রতি শিক্ষা জ্ঞান আহৰণৰ মাধ্যম নহৈ চাকৰি লাভ কৰাৰ মাধ্যমতহে পৰিণত হোৱা দেখা গৈছে।

(খ) ইতিবাচক চিন্তাৰ অভাৱে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বাবে সমাজত ঠাই উলিয়াইছে। নেতিবাচক দৃষ্টিভংগীয়ে মানুহৰ চিন্তাৰ পৰিধি ঠেক কৰিছে, ফলত উচিত-অনুচিত বা যুক্তিসংগতভাৱে কথাবোৰ মানুহে গ্ৰহণ কৰিব নোৱাৰা হৈছে।

(গ) নেতৃস্থানীয় ব্যক্তিৰ স্বার্থসিদ্ধিৰ মনোভাব অনুকৰণ কৰি অনেকেই ভুল ধাৰণা কিছুমান সমাজত বিয়পায় । ফলত সেই ভুল ধাৰণাই সময়ত কু-সংস্কাৰৰ ৰূপ লৈ মানুহক আওবাটে নিয়ে।

(ঘ) ভ্রমণবিহীন জীৱন মনদিগন্ত সংকুচিত হৈ থকাৰ বাট। ভ্ৰমণৰ যোগেদি এঠাইৰ মানুহে আন ঠাইৰ মানুহৰ ইতিবাচক চিন্তাৰ লগত সংযুক্ত হ’ব পাৰে। পৃথিৱী কিমানদূৰ ন চিন্তাৰ বাটত আগ বাঢ়িছে সেই বিষয়ে মানুহে জানিব পাৰে, ফলত নিজেও কু-সংস্কাৰ বা অন্ধবিশ্বাস এৰি যুক্তিৰ বাটেদি খোজ দিয়ে।

(ঙ) অসৎ প্ৰবৃত্তিৰ লোকৰ স্বাৰ্থসিদ্ধিৰ উপায়স্বৰূপেও অন্ধবিশ্বাস, কু-সংস্কাৰ সমাজত বিয়পে।
(চ) কষ্ট নকৰাকৈ সহজে সকলো পাব খোজাৰ মানসিকতায়ো সমাজত অন্ধবিশ্বাস বিয়পায়।
(ছ) বিজ্ঞানমনস্ক মনোবৃত্তিৰ অভাৱ সমাজত অন্ধবিশ্বাস, কু-সংস্কাৰ গা কৰি উঠাৰ
মূল কাৰণ। যুক্তিবাদী মন আৰু বিজ্ঞানমনস্কতাইহে এখন সমাজক অন্ধবিশ্বাস, কু-সংস্কাৰৰ পৰা দূৰত ৰাখিব পাৰে।

Related Post: সময় Class 9 Assamese Chapter 7 Question Answer

অন্ধবিশ্বাস আৰু কু সংস্কাৰ

8। অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি?
উঃ অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিলেহে সমাজ এখনে সুস্থভাৱে উন্নতিৰ বাটত খোজ দিব পাৰে। বিভিন্ন উপায় অৱলম্বন কৰি এই বেয়া কথাবোৰ নোহোৱা কৰিব পাৰি, তাৰ ভিতৰত সজাগতা সৃষ্টি হৈছে অন্যতম শক্তিশালী আহিলা। কেৱল সভা পাতি বা শোভাযাত্রা অনুষ্ঠিত কৰিহে ৰাইজক সজাগ কৰাৰ কথা নাভাবি সুদূৰপ্ৰসাৰী প্ৰভাৱৰ কথাহে চিন্তা কৰা উচিত। সেয়ে পাঠ্যক্ৰমত বিষয়ৰ অন্তভুক্তিৰে এনে কুপ্রথাবোৰ আঁতৰাবলৈ দিহা কৰিব পাৰি। কিয়নো শিক্ষা গ্ৰহণৰ পৰ্যায়তে এনে কুপ্ৰথাবোৰৰ নেতিবাচক দিশসমূহ জানিলে ল’ৰা-ছোৱালী ডাঙৰ হৈ এইবোৰৰ প্ৰভাৱমুক্ত হ’ব। বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ত ৰচনা বা তেনে অন্য কোনো প্রতিযোগিতা অনুষ্ঠিত কৰিও ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰি আৰু কু-প্ৰথাবোৰ নাইকিয়া কৰিব পৰা যায়। তথ্যচিত্র, চলচ্চিত্ৰ আদিৰ মাধ্যমেৰেও এনে কু-প্ৰথাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব পাৰি।

৫। ‘ডাইনী’, ‘সোপাধৰা’— এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা?
উঃ ‘ডাইনী’, ‘সোপাধৰা’ আদি অন্ধবিশ্বাস। ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই। কিছুমান লোকে এনে অন্ধবিশ্বাসৰ অসত্যতা মানি ল’ব নোখোজে অজ্ঞতাৰ বাবে। কিন্তু বহুতে জানি-বুজিও সমাজত এই চিন্তাবোৰ বিয়পায়। ইয়াৰ কাৰণ হৈছে নিজ স্বার্থসিদ্ধি। বহুতে ওচৰ-চুবুৰীয়াৰ উন্নতি দেখি ঈৰ্ষাত জ্বলে আৰু কিবা চেলু লৈ তেওঁলোকক ডাইনী সজাই সামাজিক উৎপীড়ন চলায়। কিছুমানে আকৌ সম্পত্তিৰ লোভতো এনে কাম কৰে।

অন্ধবিশ্বাস আৰু কু সংস্কাৰ Question Answer

৬। তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল’বা –এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা ৷
উঃ আমাৰ অঞ্চলত পৰম্পৰাগতভাৱে মানি অহা বিশ্বাস কিছুমানৰ লগতে দুই-এক অন্ধবিশ্বাস আৰু কু-সংস্কাৰো থকা মই লক্ষ্য কৰিছোঁ।
আমাৰ অঞ্চলত এতিয়াও মানুহে সোপাধৰা আছে বুলি বিশ্বাস কৰে। দীঘল চুলিৰে কান্ধত মোনা লৈ অহা সোপাধৰাই হেনো সৰু ল’ৰা-ছোৱালীক ধৰি লৈ যায়। ফলত দীঘল চুলিৰ মানুহ দেখিলেই আমাৰ সমাজত সন্দেহৰ চকুৰে চায়। বহু সময়ত মাৰ-পিটৰ ঘটনাৰ লগতে অন্য অপ্রীতিকৰ পৰিস্থিতিৰো উদ্ভৱ হোৱা দেখা যায়।

জাতিভেদ প্রথা এতিয়াও আমাৰ অঞ্চলত বিদ্যমান। এটা ধৰ্মৰ মানুহে অইন কিছুমান ধৰ্মৰ মানুহৰ ঘৰত খোৱা-বোৱা কৰিলে জাত যোৱা বুলি ভাবে আৰু সমাজৰ পৰা এঘৰীয়া কৰে। বিয়া-বাৰুৰ ক্ষেত্ৰতো অসবর্ণ বিবাহ হ’লে ঘৰলৈ অহা-যোৱাত নিষিদ্ধতা আৰোপ কৰা দেখা যায়। এনে কু-সংস্কাৰে বহু সময়ত অপ্রীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে। যৌতুকৰ বাবে ছোৱালীক অত্যাচাৰ কৰা ঘটনাও দুই-এঘৰত ঘটিছিল।

এই কু-প্রথাবোৰ নোহোৱা কৰিবলৈ মই গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকলক কিছুমান তথ্যভিত্তিক ঘটনাৰ বিষয়ে জনাম। তেওঁলোকে যাতে বুজি উঠে একবিংশ শতিকাৰ সমাজৰ চিন্তা কেনে হোৱা উচিত। সমাজৰ চিন্তাশীল ব্যক্তিৰ সহযোগত কিছুমান চলচ্চিত্র দেখুওৱাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিম যাতে অন্ধবিশ্বাস বা কু-সংস্কাৰ আজিৰ সময়ত নিষ্প্রয়োজনীয় বুলি তেওঁলোকে উপলব্ধি কৰে। এই বিষয় লৈ কোনো দুর্ঘটনা সংঘটিত হ’লে প্ৰয়োজনত আৰক্ষীক জনাম। সমাজত ভাল কাম কৰি ইতিবাচক চিন্তা বিয়পাবলৈ চেষ্টা কৰিম।

অন্ধবিশ্বাস আৰু কু সংস্কাৰ Question Answer

৭। ব্যাখ্যা কৰাঃ
(ক) অন্ধবিশ্বাস, কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
উঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
অন্ধবিশ্বাস, কু-সংস্কাৰৰ কু-প্ৰভাৱৰ মাত্ৰাধিক্যৰ কথা ক’বলৈ গৈ লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।

অন্ধবিশ্বাসে সমাজ এখনৰ সুস্থ পৰম্পৰাক ভাঙে। বহু সময়ত এনে বিশ্বাসে সমাজক অশান্ত কৰি তোলে আৰু পৰিৱেশ বিনষ্ট কৰে। কেতিয়াবা অন্ধবিশ্বাসৰ প্ৰভাৱত কথা বাগৰি উৰাবাতৰিত পৰিণত হয় আৰু সেই উৰাবাতৰিয়ে মানুহৰ প্ৰাণনাশৰ কাৰণো পৰে । আকৌ কু-সংস্কাৰে বিলুপ্ত কৰে মানৱীয় প্ৰমূল্যবোধসমূহ। প্রেম, মমতা, মানৱতা আদি প্ৰমূল্যবোধসমূহক কুঠাৰাঘাত কৰি কু-সংস্কাৰে সমাজক অস্থিৰ কৰে। সমাজত অশান্তি বিয়পে। মানুহৰ বাবে মানুহেই হৈ পৰে ডাঙৰ শত্রু।

যিদৰে গধুৰ বোজাই মানুহক কোঙা, কুঁজা কৰে একেদৰে অন্ধবিশ্বাস, কু-সংস্কাৰৰ দৰে কু-প্রথাই সমাজ একোখনত বিশৃংখলাৰ সৃষ্টি কৰি তচনচ কৰিব পাৰে। এনে অর্থতে লেখকে ব্যাখ্যেয় কথাফাকিৰ প্ৰয়োগ কৰিছে। দৰাচলতে প্ৰশ্নোদ্ধৃত কথাষাৰিৰ বক্তা ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(খ) সংস্কাৰ এক জীৱন পদ্ধতি।
উঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
কু-সংস্কাৰৰ বিষয়ে ক’বলৈ গৈহে লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে। জীৱন সুস্থভাৱে চলাই নিবলৈ যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা, আদর্শ মানি চলা হয় সেইবোৰেই হৈছে সংস্কাৰ। সংস্কাৰে এখন সমাজক প্ৰগতিৰ পথেৰে আগুৱাই নিয়ে ।

সংস্কাৰে ন ন চিন্তাৰ প্ৰতিফলন ঘটায়। মানৱীয় প্ৰমূল্যবোধৰ বিকাশ সাধন হয় সংস্কাৰৰ মাজত। সময়ৰ বোৱতী সোঁতৰ লগে লগেই সংস্কাৰৰো গতি। সভ্যতাক নতুন ৰূপত তুলি ধৰে সংস্কাৰে। ইয়াৰ পৰিৱৰ্তে সমাজক যদি স্থিতাৱস্থাত ৰাখিব খোজা হয়, তেন্তে সংস্কাৰ হৈ পৰে কু-সংস্কাৰ। সমাজৰ অগ্ৰগতিক বাধা দিয়ে এই কু-সংস্কাৰে। মানুহৰ মন কলুষিত কৰি পৰিৱেশ বিনষ্ট কৰে কু-সংস্কাৰে। সুস্থ জীৱনৰ গতিৰোধক হৈ পৰে কু-সংস্কাৰ। সংস্কাৰ অবিহনে জীৱন সুচাৰুৰূপে পৰিচালিত নহয়। ব্যাখ্যেয় কথাফাকিৰ মাজেৰে লেখকে তাকেই ক’ব বিচাৰিছে।

অন্ধবিশ্বাস আৰু কুসংস্কাৰ নৱম শ্ৰেণী

(গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ ।
উঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।
অন্ধবিশ্বাস আৰু কু-সংস্কাৰে জনসাধাৰণক প্ৰভাৱিত কৰাৰ এটা কাৰণ হৈছে অধ্যয়নবিমুখিতা। সেই বিষয়ে ক’বলৈ গৈ লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।

একবিংশ শতিকাত বহু মানুহ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈছে। নিতৌ ন ন দিশৰ শিক্ষা মুকলি হ’ব ধৰিছে অথচ সমাজত উচ্ছৃংখলতা কমা নাই। অন্ধবিশ্বাস, কু- সংস্কাৰে গা কৰিব এৰা নাই । তাৰ পৰিৱৰ্তে বহু বছৰ আগেয়ে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নোহোৱা লোকৰো আছিল উচ্চ পৰ্যায়ৰ চিন্তাধাৰা । তাহানিৰ বিজ্ঞানসন্মত আৰু বৈপ্লৱিক চিন্তা আজিও আনকি প্ৰাসংগিক হৈ আছে। দৰাচলতে বৰ্তমান যুগত শিক্ষা হৈ পৰিছে চাকৰি লাভৰ এটা মাধ্যম। মানুহে জ্ঞান লাভৰ বাবে শিক্ষাগ্রহণ নকৰি সংস্থাপনৰ স্বাৰ্থতহে কৰিবলৈ লৈছে। ভোগ-বিলাসত মত্ত মানুহ হৈ পৰিছে অধ্যয়ন বিমুখ। ফলত শিক্ষিত মানুহো জ্ঞান লাভৰ পৰা দূৰতেই ৰৈছে। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে ইয়াকেই ক’ব বিচাৰিছে।

Class 9 Assamese Lesson 8 Question Answer

ভাষা বিষয়কঃ

৮। উদাহৰণটো চাই বাকীকেইটা কৰা :
উদাহৰণ : মানৱীয় – অমানৱীয়
সজাগতা; সামাজিক; ৰাজনৈতিক; সাংবিধানিক; প্ৰচাৰ ।
উঃ সজাগতা : অসজাগতা
সামাজিক : অসামাজিক
ৰাজনৈতিক : অৰাজনৈতিক
সাংবিধানিক : অসাংবিধানিক
প্ৰচাৰ : অপ্ৰচাৰ

৯। তলৰ শব্দবোৰৰ বিপৰীতাৰ্থক বুজোৱা শব্দবোৰ লিখা :
ইতিবাচক; সৎ; যোগাত্মক; সক্ষম; উচিত; অভিশাপ।
উঃ ইতিবাচক: নেতিবাচক
সৎ : অসৎ

যোগাত্মক : বিয়োগাত্মক
সক্ষম : অক্ষম
উচিত : অনুচিত
অভিশাপ : আশীর্বাদ

১০। পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।
উঃ নীতি-নিয়ম, পূজা-পাতল, ভূত-প্রেত, ক্রিয়া-কলাপ, যখিনী-ডাইনী

১১। বাক্য ৰচনা কৰা :
মৌলিক অধিকাৰ; অমানৱীয় কাৰ্য; প্ৰচাৰ মাধ্যম; সজাগতা সভা; স্বার্থান্বেষী লোক; আদিম স্তৰ।
উঃ মৌলিক অধিকাৰ : বাক স্বাধীনতা আমাৰ মৌলিক অধিকাৰ।
অমানৱীয় কাৰ্য : দুখীয়াক ইতিকিং কৰাটো অমানৱীয় কার্য।
প্ৰচাৰ মাধ্যম : প্ৰচাৰ মাধ্যমে দেশৰ খবৰ ৰাইজৰ মাজলৈ বিয়পায়।
স্বার্থান্বেষী লোক : স্বার্থান্বেষী লোকে বহু সময়ত সমাজত বিষবাষ্প বিয়পায় নেতিবাচক কথাৰে।
আদিম স্তৰ : কু-সংস্কাৰ, অন্ধবিশ্বাসে একবিংশ শতিকাৰ মানুহকো আদিম স্তৰলৈ লৈ যাব পাৰে।

অন্ধবিশ্বাস আৰু কু সংস্কাৰ Class 9 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :
(ক) কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উঃ জয়ন্ত মাধৱ বৰাই ‘মৰিয়াহোলা’ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

(খ) কোনটো গল্প সংকলনৰ বাবে জয়ন্ত মাধৱ বৰাই অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ কৰিছিল?
উঃ জয়ন্ত মাধৱ বৰাই ‘জাকৈয়া ছোৱালী’ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ কৰিছিল ।

(গ) কোনখন উপন্যাসৰ বাৰে জয়ন্ত মাধৱ বৰাই গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল?
উঃ জয়ন্ত মাধৱ বৰাই ‘অমৃত’ নামৰ উপন্যাসখনৰ বাৰে গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল।

(ঘ) অন্ধবিশ্বাস মানে কি?
উঃ যিবোৰ বিশ্বাস, ধাৰণা বা ঘটনাক বিজ্ঞানে অসত্য তথা অমূলক বুলি প্ৰতিপন্ন কৰিছে অথবা যিবোৰ কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইবোৰকে অন্ধবিশ্বাস বুলি জনা যায় ।

(ঙ) অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত কিহক এক শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয়?
উঃ সজাগতাক অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত এক শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয় ।

অন্ধবিশ্বাস আৰু কুসংস্কাৰ নৱম শ্ৰেণী

২। কলেৰাৰ পৰা উপশম পাবলৈ মিছনেৰীসকলে দিয়া বড়ি খোৱা লোকসকলৰ বিৰুদ্ধে সমাজৰ বাকীবোৰ লোকে কি ব্যৱস্থা লৈছিল আৰু কিয় ?
উঃ কলেৰাৰ পৰা উপশম পাবলৈ মিছনেৰীসকলে দিয়া বড়ি খোৱা লোকসকলক সমাজৰ বাকীবোৰ লোকে জাত যোৱাৰ অপবাদ দি এঘৰীয়া কৰিছিল। তেওঁলোকৰ এনে আচৰণৰ কাৰণ হ’ল তেওঁলোকৰ মনত থকা কু-সংস্কাৰ। এনে কু-সংস্কাৰৰ বশৱৰ্তী হৈ তেওঁলোকে ভাবিবলৈ লয় যে বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালে জাত-কুল যায় ।

৩। ভূত-প্ৰেতক লৈ আমাৰ সমাজত কেনেধৰণৰ অন্ধবিশ্বাস প্ৰচলিত হৈ আছে?
উঃ ভূত-প্ৰেতক লৈ আমাৰ সমাজত ভিন ভিন অন্ধবিশ্বাস প্রচলিত থকা দেখা যায়। ৰাতি ভূত ওলোৱাৰ কথা গাঁৱত মানুহে বিশ্বাস কৰে, দিনত বৰগছৰ তলত, বাৰীত বুঢ়া-ডাঙৰীয়াক লগ পোৱাৰ কথা কয়। ফুটুকানিৰ মাজত আকৌ যখিনীৰ হাঁহি শুনা যায় বুলি আলোচনা কৰে। বুঢ়া ডাঙৰীয়া নৈ-পুখুৰীৰ পাৰতো থাকে বুলি কৈ ল’ৰা-ছোৱালীক নৈ-পুখুৰীৰ পাৰলৈ যোৱাত নিষেধ বচন শুনায়। এনেধৰণৰ অন্ধবিশ্বাসৰ আমাৰ সমাজত প্ৰচলন থকাৰ কথা শুনা যায়।

অন্ধবিশ্বাস আৰু কু সংস্কাৰ Class 9 Question Answer

৪। ব্যাখ্যা কৰা :

(ক) বিজ্ঞান এক সংস্কৃতি, এক সভ্যতা। বিজ্ঞান সর্বব্যাপী।
উঃ বিজ্ঞানসন্মত চিন্তাৰ বিষয়ে ক’বলৈ গৈ লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণাকৰিছে।
বিজ্ঞানক বাদ দি এতিয়াৰ মানৱ জীৱনৰ কল্পনাই কৰিব নোৱাৰি। ইটোৰ লগত সিটো অংগাংগীভাৱে জড়িত। বিজ্ঞান মানৱ জীৱনৰ এৰাব নোৱাৰা সংস্কাৰহে যেন। বিজ্ঞানে সভ্যতা-সংস্কৃতিকো প্ৰতিফলিত কৰে। পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বিজ্ঞানে আমাক নেৰে। বিজ্ঞান অবিহনে জীৱন-ধাৰণ অসম্ভৱ। সেয়ে বিজ্ঞানক আমি চিন্তাতো ঠাই দিয়া উচিত। আওপুৰণি চিন্তাবোৰ বাদ দি বিজ্ঞানসন্মতভাৱে কথাবোৰ চিন্তা কৰা উচিত। আমাৰ মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হ’লেহে সমাজ দোপতদোপে আগবাঢ়িব। বিজ্ঞানৰ সৰ্বব্যাপী প্ৰভাৱক স্বীকাৰ কৰিলে আমি এখন সুস্থ সমাজ পাব পাৰো। লেখকে কথাফাকিৰ জৰিয়তে ইয়াকেই ক’ব বিচাৰিছে।

৫। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে থকা উদাসীনতাই কেনেদৰে স্বার্থান্বেষী লোকক উৎসাহিত কৰে বুজাই লিখা
উঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে থকা উদাসীনতাই স্বার্থান্বেষী লোকক উৎসাহিত কৰে। তেওঁলোকে ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে সমাজত অন্ধবিশ্বাস কু-সংস্কাৰ বিয়পাই দিয়ে। অসৎ মনোবৃত্তিৰ লোকে সামাজিক উৎপীড়ন চলায়। পৰিৱেশ অস্থিৰ হৈ পৰে, কেতিয়াবা আকৌ মাৰ-পিট, হত্যা পর্যন্ত সংঘটিত হোৱা দেখা যায় ।

Also Read: Class 9 Assamese Chapter 8 Question Answer

Leave a Comment