ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য উত্তৰ Class IX Question Answer সকলো প্ৰশ্নৰ উত্তৰ

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য উত্তৰ Class IX Question Answer সকলো প্ৰশ্নৰ উত্তৰ | Class 9 Assamese Chapter 9 Question Answer

শ্ৰেণী নৱম শ্ৰেণী
বিষয় অসমীয়া
পাঠ অন্ধবিশ্বাস আৰু কু সংস্কাৰ
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য উত্তৰ

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়কঃ
১। অতি চমু উত্তৰ দিয়া :

(ক) প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?
উঃ প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল, তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল।

(খ) বুদ্ধদেৱৰ আচল নাম কি?
উঃ বুদ্ধদেৱৰ আচল নাম সিদ্ধাৰ্থ, গৌতম আৰু শাক্যসিংহ।

(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা কোন?
উঃ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হ’ল ব্যাস।

(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উঃ কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল কনিষ্ক।

(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?
উঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক হ’ল মহাবীৰ ৷ তেওঁৰ প্ৰকৃত নাম বৰ্দ্ধমান ৷

২। কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্রতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা।
উঃ ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম- ভাষা, আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি।

৩। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্র্যপূৰ্ণ বুলি কোৱা হৈছে লিখা।
উঃ ভাৰতবৰ্ষৰ চাৰিসীমা অজস্ৰ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ। ইয়াৰ এফালে যিদৰে ওখ ওখ পর্বতমালা আছে, আনফালে আছে আকৌ সুগভীৰ সাগৰ মহাসাগৰ। বিস্তীর্ণ সমতলভূমি যিদৰে আছে, সেইদৰে মালভূমিও আছে। এফালে আছে শাৰী শাৰী দ্বীপমালা আৰু আনফালে আছে হ্রদ-জলাশয়। গ্ৰীষ্মৰ তীব্রতাই যিদৰে দহি নিয়ে শীতৰ কঠোৰতায়ো ভাৰতবৰ্ষৰ এছোৱা চেঁচা কৰি ৰাখে। মৌচুমীৰ তাণ্ডৱে যিদৰে জনজীৱন বিপন্ন কৰি তোলে সেইদৰে ভাৰতৰ বহু অঞ্চল মৰুভূমিৰ শুষ্কতাই উত্তপ্ত কৰি ৰাখে৷ সেয়ে পাঠটোত ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে।

8। আৰ্যসকল ভাৰতলৈ অহাৰ পাছতো পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উঃ ভাৰতবৰ্ষ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি। প্রাচীন কালৰেপৰাই আদিম অধিবাসীসকলৰ উপৰি দ্ৰাবিড়, অষ্ট্ৰিক, মংগোলীয় আৰু আৰ্যসকলে ভাৰতত বসবাস কৰি আহিছে। আৰ্যসকলৰ পাছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষলৈ অহা নিজ মানুহৰ সোঁত বন্ধ হোৱা নাছিল। আৰ্যসকল অহাৰ বহু বছৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতিয়ে ৰাজনৈতিক উদ্দেশ্যেৰে ভাৰতলৈ আহি বসবাস কৰিবলৈ লয়। ৰাজ্য স্থাপন কৰি স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা এই জাতিসমূহ হৈছে— শক, কুশান, পাঠান, মোগল, পর্তুগীজ, ইংৰাজ, ফৰাচী আদি।

Class 9 Assamese Chapter 9 Question Answer

৫৷ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।
উঃ ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। ভৌগোলিক অৱস্থানত যিদৰে বৈচিত্র্য বিৰাজমান, একেদৰে খাদ্য প্ৰকৰণতো আছে বৈচিত্র্য। পূব, পশ্চিম, উত্তৰ, দক্ষিণ— এই চাৰিও দিশে থকা মানুহৰ খাদ্য প্ৰকৰণ একে নহয়। পূব ভাৰত আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতৰ মানুহৰ ৰুটিহে প্রধান খাদ্য। আকৌ, পূব ভাৰতৰ সকলো লোকেই মাছ-মাংস খায় যদিও উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ-মাংস নচলে।

৬। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বর্ণনা কৰা ।
উঃ জলবায়ু আৰু সাংস্কৃতিক ভিন্নতা অনুযায়ী ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহৰ সাজপাৰো বেলেগ বেলেগ। পুৰুষ আৰু মহিলাৰ সাজপাৰৰ ভিন্নতা স্বাভাৱিকতেই থাকে। কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পুৰুষৰ সাজপাৰৰ মাজতো পার্থক্য আছে। যেনে, পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন্ধ নামাৰি লুঙীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতত আকৌ পুৰুষে পায়জামা পিন্ধি বেছি ভাল পায়। সাম্প্ৰতিক সময়ত পুৰুষ সমাজৰ মাজত জনপ্ৰিয় হৈ পৰিছে লংপেণ্ট। মহিলাৰ ক্ষেত্ৰতো অঞ্চল বিশেষে ভিন্নতা দেখা যায়। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ হৈছে শাৰী, কিন্তু অসমত মহিলাৰ মাজত মেখেলা-চাদৰৰ প্ৰচলন অধিক। উত্তৰ ভাৰতৰ মহিলাসকলে আকৌ বেছিকৈ পৰিধান কৰে চুড়িদাৰ, পায়জামা আদি সম্প্ৰতি ভাৰতবৰ্ষত পাশ্চাত্যৰ বিভিন্ন ধৰণৰ সাজ-পোচাকৰ বহল প্ৰচলন পৰিলক্ষিত হৈছে।

৭। আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।
উঃ আৰ্যসকল ভাৰতলৈ অহাৰ পিছত কেইবাটাও পৰাক্ৰমী জাতি ভাৰতবৰ্ষলৈ আহে ৷ সেইসকলৰ ভিতৰত শক, হুন, পাঠান, মোগল আদি উল্লেখযোগ্য।

শক : এটা যাযাবৰ জাতি। পোনতে এওঁলোকে অক্ষু নদীৰ পাৰত বাস কৰিছিল। পিছত ইউ চি জাতিয়ে যাযাবৰী অভ্যাস এৰি গৃহস্থ বৃত্তি গ্ৰহণ কৰে। এই জাতিটো পিছত পাঁচটা শাখাত বিভক্ত হয়। সেই সকলৰ ভিতৰত কুশান সৰ্বশ্ৰেষ্ঠ জাতি।

ইংৰাজ : ইংৰাজসকল ষষ্ঠদশ শতিকাত ভাৰতলৈ আহে। সম্রাট জাহাংগীৰৰ দিনত মহাৰাণী ভিক্টৰিয়াৰ অনুমতি লৈ এওঁলোকে ভাৰতত ঔপনিৱেশৰ উদ্দেশ্যে প্ৰৱেশ কৰে। পাছত ইংৰাজসকলে বাণিজ্যিক দিশত উদ্‌গতি লাভ কৰি ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনো দখল কৰিবলৈ চেষ্টা চলায়।

Related Post:

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Question Answer

৮। “যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে।”— এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।
উঃ ভাৰতবৰ্ষত ঘাইকৈ ভাষা, ধৰ্ম আৰু আঞ্চলিক পার্থক্য থকা পৰিলক্ষিত হয়। কিন্তু আমোদজনক কথাটো হ’ল যে এই দিশকেইটাই আকৌ স্থান-কাল-পৰিৱেশভেদে দেশবাসীৰ মাজত ঐক্যৰ সেতুও নিৰ্মাণ কৰিছে। উদাহৰণস্বৰূপে; অসমত বিভিন্ন ধৰ্মৰ মানুহে বাস কৰে। হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন আদি বিভিন্ন ধৰ্মাৱলম্বী মানুহে কিন্তু অসমত এক পৰিচয় বহন কৰি বাসিন্দা হৈ আছে। এই ক্ষেত্ৰত ঐক্যৰ সেঁতু নিৰ্মাণ কৰিছে ভাষাই। ভিন্ন ধৰ্মৰ মানুহৰ অসমত এটাই ভাষা — অসমীয়া, তেওঁলোক অসমীয়াভাষী হিচাপে পৰিচিত। আকৌ, ধৰ্মই ঐক্যৰ সাঁকো গঢ়াৰ নিদৰ্শনো ভাৰতবৰ্ষত আছে। যেনে— উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ হিন্দু মানুহৰ সাজপাৰ, খাদ্যাভাস বেলেগ হ’লেও ধর্মীয় বান্ধোনে তেওঁলোকৰ মনলৈ বিভেদ অহাত বাধা দিয়ে ।

তেওঁলোক ভাৰতবৰ্ষৰ একে হিন্দুধর্মী লোক। আনহাতে, ধর্মপ্রাণ ব্যক্তি এজনে ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ ধৰ্মানুষ্ঠান এখনলৈ গৈ তালৈ অহা অন্যান্য ধৰ্মৰ মানুহৰ মাজত মিল অনুভৱ কৰে কিয়নো সৃষ্টিকর্তা একেজনেই। ভক্তি ভাব সকলো ধৰ্মৰ মানুহৰ মনত একেদৰেই বৈ থাকে। তেওঁলোকৰ বাবে এক ভাৰতীয়ৰ সংহতি গঢ়ি দিয়ে ভক্তি ভাবে। তদুপৰি উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ আচাৰ-নীতি বেলেগ বেলেগ হ’লেও এক হিন্দু হিচাপে উভয়ে পৰিচয় দিয়ে। তেনেদৰে বিভিন্ন ধর্মানুষ্ঠান, উৎসৱ আদিত যোগ দিও ভাৰতীয়সকলে এক ভাৰতীয়ৰ সংহতি গঢ়িব পাৰিছে। এই ক্ষেত্ৰত প্ৰাচীন ধর্মগ্রন্থসমূহেও একেটা চিন্তাৰে ভাৰতীয়ৰ মনত সংহতিৰ জন্ম দিছে।

৯। “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিৰ নোৱাৰি।’—এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।
উঃ ভাৰতবৰ্ষ বৈচিত্র্যময় ভূমি। বহুৰঙী সূতাৰে গঁথা এখন ৰঙীন দলিচা। কিন্তু ঐক্যই যেন পদে পদে ভাৰতবৰ্ষৰ লগ নেৰে। প্রাচীন ঐতিহ্যৰে পৰিপূৰ্ণ এই দেশখনত এনে অলেখ উপাদান আছে, যিবোৰে ভাৰতীয়সকলক এক কৰি ৰাখিছে। এই উপাদানবোৰৰ ভিতৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উল্লেখনীয়। কবিতা, সংগীত, চিত্ৰবিদ্যা,স্থাপত্য আৰু ভাস্কৰ্যকে একেলগে সুকুমাৰ কলা বুলি কোৱা হয় । সুকুমাৰ কলাৰ অন্তৰ্গত এই আটাইকেইটা উপাদানৰ মাজত নিহিত হৈ আছে ভাৰতীয় দর্শন। ভাৰতীয় সংগীতত শুনিবলৈ পোৱা যায় প্রাচীন ঋষি-মুনিসকলৰ স্বৰ। ভাৰতীয় স্থাপত্য কলাত বিভিন্ন গোষ্ঠীৰ শৈল্পিক নিদৰ্শন দৃষ্টিগোচৰ হয়। ক’ৰবাত যদি মোগল শৈলী ক’ৰবাত আকৌ দ্রাৱিড়ী শৈলী। ইপিনে সমগ্ৰ অসম ভৰি আছে আহোমৰ স্থাপত্যকলাৰে৷ আকৌ অজন্তা, ইলোৰাৰ স্থাপত্যত আছে বৌদ্ধ সংস্কৃতিৰ নিদর্শন।

ভিন ভিন ভাষা-ধৰ্মৰ নিদৰ্শনেৰে পৰিপুষ্ট সুকুমাৰ কলা কিন্তু বিশ্বত এক ভাৰতীয় কলা হিচাপেহে পৰিচিত। কিয়নো সকলোতে নিমজ্জিত হৈ আছে ভাৰতীয় দর্শন। যিটো উপাদানে ভাৰতবৰ্ষত ঐক্যৰ ভেটি আটাইতকৈ বেছি সুদৃঢ় কৰিছে সি হৈছে ভাৰতীয় সংস্কৃতি। বর্ণাঢ্য ভাৰতৰ সংস্কৃতিয়ে ভাৰতবাসীকে নহয়, যুগে যুগে বিশ্ববাসীকো চমক খুৱাই আহিছে। বিভিন্ন সাংস্কৃতিক উৎসৱ, ৰাষ্ট্ৰীয় দিৱস উদযাপন আদিত জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলোৰে অংশগ্রহণে এক সন্মিলিত ভাবৰ জন্ম দিয়ে। স্বাধীনতা দিৱস, গণৰাজ্য দিৱসৰ লগতে হোলী, দেৱালী, খ্ৰীষ্টমাছ, ঈদ উদযাপন ধর্ম বিশেষে সীমাবদ্ধ হৈ থকা নাই, সম্প্রতি এইবোৰ হৈ পৰিছে ভাৰতীয় সংস্কৃতি। সংস্কৃতিৰ অংগ হিচাপেই ই সকলোৰে মাজত উলহ-মালহেৰে উদযাপিত হয়। সেয়ে ক’ব পাৰি ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ অনবদ্য বৰঙণি আছে।

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Class 9

১০। “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।”— তাৎপর্য ব্যাখ্যা কৰা।
উঃ বিভিন্নতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ বেছি সমৃদ্ধ কৰি তুলিছে, সিয়েই হৈছে ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আৰু গভীৰ ৷ নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি-উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা দান কৰিছে। আর্য, অনার্য, মংগোলীয়, দ্রাবিড়, গ্রীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ এটা সময়ত ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল। এই জাতি-উপজাতিবোৰ আছিল স্বকীয়. সংস্কৃতিৰে সমৃদ্ধ ৷ ইয়াৰ উপৰি নিজ নিজ সংস্কৃতি লৈ আহিছিল আফগান, পাঠান, মোগল, ব্ৰিটিছ আদি বিদেশী জাতিসকলে। এই আটাইবোৰ জাতিয়ে নিজস্ব সংস্কৃতিবোৰ ধৰি নাৰাখি সমন্বয়ৰ বাবে মেলি দিলে। ফলত বৰ্ণাঢ্যতা লাভ কৰি ভাৰতীয় সংস্কৃতিয়ে সাগৰৰ দৰে বিশাল ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল। ভাৰতবৰ্ষৰ  বৈচিত্র্যময় প্রকৃতি আৰু পূৰ্বৰে পৰা চলি অহা সাংস্কৃতিক প্ৰবাহৰ সংস্পৰ্শত এয়া সম্ভৱ হৈছে।

ভাৰতীয় সংস্কৃতিত সমন্বয় কেনেদৰে হৈছে তাৰ বহুতো উদাহৰণ পোৱা যায়। যেনে— বিভিন্ন দেৱ-দেৱীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, তাৰ বেছিভাগেই দ্ৰাবিড়সকলৰ প্ৰভাৱ বুলি ক’ব পাৰি। তেনেদৰে, মৃতকক সৎকাৰ কৰা, লিংগ পূজা আদি অনাৰ্য যুগৰ অৱদান। তদুপৰি, কামাখ্যা দেৱীও আদিতে অনাৰ্য দেৱী আছিল। চুফীবাদ আৰু উপনিষদৰ মাজত যি মিল দেখা যায়, তাৰ মূলতে হ’ল ইছলাম আৰু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰভাৱ। পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ফ্ৰম ভল্লা টু গংগা’ নামৰ গ্ৰন্থত এই সম্পর্কে বিশেষ তথ্য পোৱা যায়। হিন্দুস্থানী সংগীতত যি উচ্চাংগ দেখা যায় তাত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। ভাৰতীয় ভাস্কর্য কলাৰ কাৰুকাৰ্যত ইণ্ডো-ছাৰাছেনিক ৰীতি মন কৰিব লগীয়া। তাজমহল, ফটেহপুৰ ছিক্ৰি আদিৰ শিল্পকলাত ইয়াৰ উদাহৰণ পোৱা যায়। উল্লেখনীয় যে চাহজাহানৰ সমাধিৰ পদুম ফুল আৰু কলহৰ চিত্ৰ আদিয়ে সমন্বয়ৰ কথাকে সোঁৱৰাই দিয়ে।

তেনেদৰে অজন্তা, ইলোৰাৰ ছবিবোৰে বৌদ্ধ সংস্কৃতিৰ কিছু নিদৰ্শন দাঙি ধৰে। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদৰ আড়ম্বৰহীনতা সুদূৰ পাৰস্যৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী আউলীয়াসকলৰ ভক্তিধৰ্মৰ প্ৰভাৱৰ ফল বুলি ক’ব পাৰি। ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে ভাৰতীয় সংস্কৃতি এক সংমিশ্রিত সংস্কৃতি। ভাৰতীয় সংস্কৃতিৰ কোঁহে কোঁহে সমন্বয়ৰ ভাবাধাৰা বিদ্যমান।

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য উত্তৰ

১১। চমু উত্তৰ লিখাঃ
(ক) কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ।
উঃ নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি লোক মংগোলীয় গোষ্ঠীৰ।

(খ) সুকুমাৰ কলা কোনবিলাক?
উঃ কবিতা, চিত্রবিদ্যা, সংগীত, চিত্রকলা,ভাস্কর্য, স্থাপত্য আদি ।

(গ) কি কি গ্ৰন্থই প্রাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহয় কৰিছে?
উঃ বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত আদি ।

১২। কি কি পার্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে?
উঃ জাতি, ধৰ্ম, ভাষা, আহাৰ, সাজ-পাৰ, ভৌগোলিক গাঁথনি আদিৰ পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে।

১৩। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বর্ণনা দিয়া।
উঃ উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা পৰিধান কৰে।

Class 9 Assamese Chapter 9 Question Answer

১৪। চমুটোকা লিখা :
(ক) সংগীত
(খ) সুকুমাৰ কলা
(গ) ব্যাস
(ঘ) কুশান
(ঙ) মক্কা
(চ) বশিষ্ঠ

উঃ
(ক) সুকুমাৰ কলা : সুকুমাৰ কলা হ’ল চৌষষ্ঠি কলাৰ ভিতৰত অন্যতম। কবিতা, চিত্র, সংগীত, ভাস্কর্য, স্থাপত্য চিত্রবিদ্যা আদি সুকুমাৰ কলাৰ ভিতৰত পৰে।

(খ) সংগীতঃ গীত, বাদ্য আৰু নৃত্যৰ সমলয়ক সংগীত-বোলে। ই সুকুমাৰ কলাৰ অন্তর্গত।

(গ) কুশান : কুশান হ’ল এটা বংশ। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা হ’ল কণিষ্ক। ইউ চি জাতি এটাৰ পাঁচটা শাখাৰ ভিতৰত কুশান বংশও এটা।

(ঘ) ব্যাসঃ ব্যাস হ’ল প্রাচীন ভাৰতৰ এজন মুনি। এওঁ শাস্ত্ৰজ্ঞ ঋষি আছিল। বেদ, পুৰাণ, মহাভাৰত আদি বিখ্যাত ধর্মীয় গ্রন্থসমূহ ব্যাসদেৱে ৰচনা কৰিছিল।

(ঙ) মক্কা : মক্কা হ’ল আৰৱৰ ৰাজধানী। ই এখন প্রাচীন চহৰ। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম এই নগৰতেই হৈছিল।

(চ) বশিষ্ঠ : বশিষ্ঠ এজন মুনি। এওঁক ব্ৰহ্মাৰ মানস পুত্ৰ বুলি কোৱা হয়। এইজনা ঋষি মন্ত্ৰদ্ৰষ্টা আছিল। তপস্যাৰ বলত ক্ষত্রিয় কুলৰ পৰা এওঁ ব্ৰাহ্মণত্ব লাভ কৰে। পিছলৈ এওঁ ৰাজৰ্ষি হৈছিল।

১৫। “ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূর্ণ দেশ”। – কথাষাৰ বহলাই লিখা।
উঃ পৃথিৱীৰ বহুতো দেশতকৈ ভাৰতৰ ঐতিহ্য অতি প্রাচীন। অতীত কালৰে পৰা ভাৰত আৰ্দশাত্মক আৰু সুসভ্য। কেইবাহাজাৰ বছৰ আগেয়ে যেতিয়া বহুতো দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল, তেতিয়া ভাৰত জ্ঞান-বিজ্ঞান, সাহিত্য,দৰ্শন, সুকুমাৰ কলা আদি দিশত উন্নত আছিল, এই দেশৰ দৰ্শন,ভাষা, সংস্কৃতিয়ে দেশখনক বিশ্বৰ ভিতৰত মহীয়ান কৰি তুলিছে। বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত ভাৰতবৰ্ষ এখন বৈচিত্র্যময় দেশ।

১৬। তোমাৰ দৈনন্দিন খাদ্যসম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যাভ্যাস পোৱা যায় চমুকৈ লিখা।
উঃ আমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ মানৱ জাতিৰ খাদ্যসম্ভাৰ পোৱা যায়। তাৰ ভিতৰত প্ৰথমতেই নাম ল’ব লাগিব অসমীয়া জাতিৰ পৰিচয় নিহিত হৈ থকা ‘তামোল- পাণ’ৰ। অসমীয়া জাতিলৈ এই অৱদান হৈছে অষ্ট্ৰিকসকলৰ। দৈনন্দিন জীৱনত আমি সততে ব্যৱহাৰ কৰি থকা বিস্কুট, কেক, ব্রেড, কফি, ফাষ্ট ফুডৰ কেইবাবিধো সামগ্ৰী অসমীয়া জীৱনলৈ ব্ৰিটিছসকলৰ অৱদান ৷

Class 9 Assamese Chapter 9 Question Answer

ভাষা বিষয়ক :

১৭। তলৰ শব্দবোৰৰ সন্ধি ভাঙা :
অনুষ্ঠান; জনাকীর্ণ; স্বাধীন; জন্মাষ্টমী
উঃ অনুষ্ঠান : অনুঃ + থান
জনাকীর্ণ : জন + আকীর্ণ
স্বাধীন : স্ব + অধীন
জন্মাষ্টমী : জন্ম + অষ্টমী

১৮। তলৰ শব্দবোৰৰ প্ৰত্যয় নির্ণয় কৰা :
শাৰীৰিক; সামাজিক; সুকীয়া; ভৌগোলকি; ফুলনি; ভাৰতীয়; ফুলাম; অবিনাশী; বাল্মীকি।
উঃ শাৰীৰিক : শৰীৰ + ঈক
সামাজিক : সমাজ + ইক
সুকীয়া : সুক + ঈয়া
ভৌগোলকি : ভূগোল + ইক্
ফুলনি : ফুল + অনি
ভাৰতীয় : ভাৰত + ঈ + অ
ফুলাম : ফুল + আম
অবিনাশী : অবিনাশ + ঈ

১৯। প্ৰত্যেকৰে এটা বা দুটাকৈ সমার্থক শব্দ লিখা :
হেতু; পৃথিৱী; গ্রন্থ; মাতা।
উঃ হেতু : উদ্দেশ্যে, কাৰণে
পৃথিৱী : ধৰণী, ধৰিত্ৰী
গ্ৰন্থ : পুথি, কিতাপ
মাতা : মাতৃ, জননী

২০। বিপৰীত শব্দ লিখা।
পার্থক্য; ত্যাগ; বৈচিত্র্য; প্রাচীন।
উঃ পার্থক্য : সাদৃশ্য
ত্যাগ : গ্রহণ
বৈচিত্র্য : প্রাচীন
ঐক্য : নবীন

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Class 9

অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ :

১। প্রাগৈতিহাসিক যুগত ভাৰতৰ আদিম অধিবাসীসকলে ক’ত বাস কৰিছিল ?
উঃ প্রাগৈতিহাসিক যুগত ভাৰতৰ আদিম অধিবাসীসকলে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল।

২। বৰ্তমান ভাৰতৰ কোনবোৰ অঞ্চলত আদিম অধিবাসীসকলৰ বংশধৰসকলে বসবাস কৰা দেখা যায় ?
উঃ বৰ্তমান মধ্যভাৰত, বিহাৰ, উৰিষ্যা আদি অঞ্চলত আদিম অধিবাসীসকলৰ বংশধৰসকলে বসবাস কৰা দেখা যায় ।

৩। ভাৰতৰ আদিম অধিবাসীসকলৰ বৰ্তমান বংশধৰ কোনসকল?
উঃ ভাৰতৰ আদিম অধিবাসীসকলৰ বৰ্তমান বংশধৰ হ’ল কোল-মুণ্ডা, চাওঁতালসকল।

৪। দ্রাবিড়সকলে পোনতে ভাৰতৰ কোন অঞ্চলত বসবাস কৰিছিল ?
উঃ দ্রাবিড়সকলে পোনতে ভাৰতৰ পঞ্জাৱ অঞ্চলত বসবাস কৰিছিল।

৫। কাৰ হেঁচাত দ্ৰাবিড়সকল দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য হৈছিল ?
উঃ আৰ্যসকলৰ হেঁচাত দ্ৰাবিড়সকল দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য হৈছিল।

৬। দক্ষিণ ভাৰতৰ কোনবোৰ জাতি দ্ৰাবিড়সকলৰ বংশধৰ ?
উঃ দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কর্ণাড় আদি জাতি দ্ৰাবিড়সকলৰ বংশধৰ।

৭। উত্তৰ-পূব চুকেদি সোমাই ভাৰতত স্থায়ীভাবে বসতি কৰিবলৈ লোৱা মানৱগোষ্ঠী দুটা কি কি আছিল?
উঃ উত্তৰ-পূব চুকেদি সোমাই ভাৰতত স্থায়ীভাৱে বসতি কৰিবলৈ লোৱা মানৱগোষ্ঠী দুটা আছিল অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠী।

৮। কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ?
উঃ নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ ৷

৯। আৰ্য্যসকল কিমান বছৰ আগতে ভাৰতলৈ আহিছিল?
উঃ প্ৰায় চাৰি হাজাৰ বছৰ আগতে আৰ্যসকল ভাৰতলৈ আহিছিল।

১০। আর্যসকলে কোন ফালেদি ভাৰতত সোমাইছিল?
উঃ আৰ্যসকলে উত্তৰ-পশ্চিম ফালেদি ভাৰতত সোমাইছিল।

১১। আর্যসকলে কোন অঞ্চলত স্থায়ীভাবে বসতি কৰিবলৈ লয়?
উঃ আৰ্যসকলে পঞ্জাৱ আৰু পাছত গোটেই উত্তৰ আৰু পূব ভাৰতত স্থায়ীভাৱে বসতি কৰিবলৈ লয়।

১২। আৰ্যসকলৰ পৰা কি কি বৰ্ণৰ সৃষ্টি হৈছিল?
উঃ আৰ্যসকলৰ পৰা ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ্ৰ আদি বৰ্ণৰ সৃষ্টি হৈছিল।

১৩। আৰ্যসকলৰ পিছত এছিয়া আৰু ইউৰোপৰ পৰা ভাৰতলৈ অহা প্ৰবল পৰাক্ৰমী জাতিসমূহ কি কি আছিল?
উঃ আৰ্যসকলৰ পিছত এছিয়া আৰু ইউৰোপৰ পৰা ভাৰতলৈ অহা প্ৰবল পৰাক্ৰমী জাতিসমূহ আছিল শক, কুশান পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি।

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Class 9

১৪। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য কি?
উঃ পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হ’ল ভাত ৷

১৫। উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকসকলৰ প্ৰধান আহাৰ কি?
উঃ উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকসকলৰ প্ৰধান আহাৰ হ’ল ৰুটী।

১৬। ভাৰতীয় মহিলাৰ প্ৰধান সাজ কি ?
উঃ ভাৰতীয়া মহিলাৰ প্ৰধান সাজ হ’ল শাৰী।

১৭। পূব ভাৰতৰ মতা মানুহবোৰে কেনেদৰে চুৰিয়া পৰিধান কৰে?
উঃ পূব ভাৰতৰ মতা মানুহবোৰে পোন্ধ মাৰি চুৰিয়া পৰিধান কৰে ।

১৮। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কি সাজ পৰিধান কৰে?
উঃ উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ-পায়জামা পৰিধান কৰে।

১৯। কিহে ভাৰতীয় মানুহৰ আচাৰ-অনুষ্ঠান আদিত বৈচিত্ৰ্যৰ সৃষ্টি কৰিছে?
উঃ ধৰ্মৰ বিচিত্ৰতাই ভাৰতীয় মানুহৰ আচাৰ-অনুষ্ঠান আদিত বৈচিত্ৰ্য্যৰ সৃষ্টি কৰিছে।

২০। পৃথিৱীৰ দ্বিতীয় জনাকীর্ণ দেশ কি?
উঃ পৃথিৱীৰ দ্বিতীয় জনাকীৰ্ণ দেশখন হ’ল ভাৰতবৰ্ষ।

২১।ভাৰতত কিমানটা প্রধান আঞ্চলিক ভাষা আছে?
উঃ ভাৰতত পোন্ধৰটা প্রধান আঞ্চলিক ভাষা আছে।

২২। ‘ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ লোক, ভাৰতবৰ্ষৰ পৰা ফাটি গৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে থাকিল।’ — ইয়াত কোন দুখন স্বাধীন ৰাষ্ট্ৰৰ কথা কোৱা হৈছে।
উঃ ইয়াত পাকিস্তান আৰু বাংলাদেশৰ কথা কোৱা হৈছে।

২৩। ভাৰতবৰ্ষত কোন কোন ত্রিকালজ্ঞ ঋষিৰ জন্ম হৈছিল?
উঃ ভাৰতবৰ্ষত ব্যাস, বাল্মিকী, বশিষ্ঠ, বিশ্বামিত্র আদি ত্রিকালজ্ঞ ঋষিৰ জন্ম হৈছিল।

২৪। চৈতন্যদেব কোন আছিল?
উঃ চৈতন্যদেৱ বৈষ্ণৱ ধৰ্মৰ এগৰাকী প্ৰচাৰৰ্ক আছিল।

২৫। শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন?
উঃ শিখ ধৰ্মৰ প্ৰৱৰ্তক হ’ল গুৰু নানক।

২৬। কবীৰ কাৰ শিষ্য আছিল?
উঃ কবীৰ ৰামানন্দৰ শিষ্য আছিল।

২৭। ৰামায়ণ কোনে ৰচনা কৰিছিল?
উঃ আদিকবি বাল্মিকীয়ে ৰামায়ণ ৰচনা কৰিছিল।

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Question Answer

২৮। জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ প্ৰকৃত নাম কি আছিল?
উঃ মহাবীৰৰ প্ৰকৃত নাম আছিল বর্দ্ধমান।

২৯। সনাতন ধৰ্মৰ প্ৰধান গ্রন্থ কি?
উঃ সনাতন ধৰ্মৰ প্ৰধান গ্ৰন্থ হ’ল বেদ।

৩০। বেদৰ ঘাই ভাগ কি?
উঃ বেদৰ ঘাই ভাগ হ’ল উপনিষদ।

৩১। সুকুমাৰ কলা বুলিলে কি বুজা?
উঃ কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য্য— এই পাঁচবিধকে সুকুমাৰ কলা বুলি কোৱা হয়।

৩২। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্মস্থান কি?
উঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্মস্থান হ’ল মক্কা।

৩৩। বেদান্ত বা অদ্বৈতবাদ দৰ্শনৰ প্ৰচাৰক কোন আছিল?
উঃ বেদাস্ত বা অদ্বৈতবাদৰ প্ৰচাৰক আছিল শংকৰাচাৰ্য।

৩৪। প্ৰাক বৈষ্ণৱ যুগৰ কোনজন কবিয়ে সংস্কৃতৰ পৰা ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল।
উঃ মাধৱ কন্দলীয়ে সংস্কৃতৰ পৰা ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল।

৩৫। কোন ব্ৰহ্মাৰ মানসপুত্ৰ তথা সূর্যবংশীয় ৰজাসকলৰ কূল পুৰোহিত আছিল?
উঃ বশিষ্ঠ মুনি ব্ৰহ্মাৰ মানসপুত্ৰ তথা সূর্যবংশীয় ৰজাসকলৰ কূল পুৰোহিত আছিল।

৩৬। “ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য” প্ৰবন্ধটোৰ লেখক কোন?
উঃ “ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য” প্ৰবন্ধটোৰ লেখক হ’ল ড° হেমন্ত কুমাৰ শৰ্মা ।

৩৭। ড° হেমন্ত কুমাৰ শৰ্মাৰ দুখন উল্লেখযোগ্য সাহিত্য সংকলনৰ নাম লিখা।
উঃ ড° হেমন্ত কুমাৰ শৰ্মাৰ দুখন উল্লেখযোগ্য সাহিত্য সংকলন হ’ল ‘অসমীয়া লোকগীতি সঞ্চয়ন’ আৰু ‘কামৰূপী লোকগীত-সংগ্রহ’।

৩৮। গীতাত শ্ৰীকৃষ্ণই অর্জুনক কি কি বিষয়ৰ হিত উপদেশ দিছে?
উঃ গীতাত শ্ৰীকৃষ্ণই অর্জুনক কৰ্ম, যোগ, জ্ঞান, ভক্তি আদিৰ বিষয়ে হিত উপদেশ দিছে।

৩৯। বুদ্ধদেৱক কাৰ অৱতাৰ বুলি ধৰা হয় ?
উঃ বুদ্ধদেৱক বিষ্ণুৰ নৱম অৱতাৰ বুলি ধৰা হয়।

৪০। বুদ্ধ শব্দৰ অর্থ কি?
উঃ বুদ্ধ শব্দৰ অৰ্থ হ’ল জ্ঞানী।

৪১। বুদ্ধদেৱে কিহৰ তলত পৰম জ্ঞান লাভ কৰিছিল?
উঃ বুদ্ধদেৱে বুদ্ধগয়াৰ বোধিবৃক্ষৰ তলত পৰম জ্ঞান লাভ কৰিছিল।

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Class 9

চমু প্রশ্নোত্তৰ :

১। আদিম অধিবাসী বুলিলে কাক বুজায় ? এওঁলোকৰ বৰ্তমান বংশধৰসকল কোন?
উঃ প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বসবাস কৰিছিল, তেওঁলোককে আদিম অধিবাসী বোলা হয়। এওঁলোকৰ বৰ্তমান বংশধৰসকল হ’ল মধ্যভাৰত, বিহাৰ, উৰিষ্যা আদিত বাস কৰা কোল-মুণ্ডা, চাওঁতাল আদি।

২। দ্রাবিড়সকল কোন আছিল। বৰ্তমান ভাৰতৰ কোনবোৰ লোক দ্ৰাবিড়সকলৰ বংশধৰ ?
উঃ দ্ৰাবিড়সকল হ’ল ভাৰতবৰ্ষলৈ অহা এটি সুপ্রাচীন মানৱ গোষ্ঠী। তেওঁলোকে পোনতেপঞ্জাৱ অঞ্চলত বাস কৰিছিল যদিও আৰ্যসকলৰ হেঁচাত দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য হয়। দক্ষিণ ভাৰতৰ তামিল, তেলেগু কৰ্ণাড় আদি লোকনকল দ্রাবিড়সকলৰ বৰ্তমান বংশধৰ ।

৩। আৰ্যসকল কোন আছিল? তেওঁলোকৰ পৰা কি কি বৰ্ণৰ সৃষ্টি হৈছিল?
উঃ আৰ্যসকল হ’ল প্ৰায় চাৰি হাজাৰ বছৰ আগতে উত্তৰ-পশ্চিম ফালেদি ভাৰতত সোমোৱা এটি শক্তিশালী মানৱগোষ্ঠী। তেওঁলোকে দ্ৰাবিড়সকলক দক্ষিণ ভাৰতলৈ খেদি প্ৰথমে পঞ্জাৱ আৰু পাছত গোটেই উত্তৰ আৰু পূব ভাৰতত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল । আৰ্যসকলৰ পৰা ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শুদ্ৰ বৰ্ণৰ সৃষ্টি হৈছিল।

8। “ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূর্ণ দেশ।”— ভাৰতবৰ্ষক কিয় এখন অতি পুৰণি সুসভ্য দেশ বুলি গণ্য কৰা হয় ?
উঃ ভাৰতবৰ্ষক এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূর্ণ দেশ বুলি গণ্য কৰাৰ কাৰণ হ’ল— কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল তেতিয়া ভাৰতবৰ্ষই দর্শন, বিজ্ঞান সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল।

৫। “ভাৰতবৰ্ষক বাৰেবৰণীয়া ফুলৰ এখনি মনোৰম ফুলনি বুলিব পাৰি”— কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উঃ উপৰিউক্ত কথাষাৰৰ তাৎপৰ্য হ’ল যে ভাৰতবৰ্ষত হিন্দু, বৌদ্ধ, জৈন শিখ, ইছলাম, খ্রীষ্টান আদি বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰাৰ ফলত ধৰ্মৰ বিচিত্ৰতাই ভাৰতীয় মানুহৰ আচাৰ-অনুষ্ঠানতো বিচিত্ৰতাৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি ভাৰতবাসীৰ ভাষাৰ বৈচিত্র্যও মন কৰিব লগীয়া। পৃথিৱীৰ দ্বিতীয় জনাকীর্ণ দেশ ভাৰতবৰ্ষত অসমীয়া, বাংলা, হিন্দী, উৰিয়া আদি পোন্ধৰটা প্ৰধান আঞ্চলিক ভাষা আৰু কেইবাশও উপভাষা চলে। তদুপৰি ভৌগোলিক অৱস্থান বিশেষেও ভিন ভিন অঞ্চলৰ মানুহৰ সামাজিক ৰীতি-নীতি, খাদ্য, সাজ-পাৰ ভিন ভিন হোৱা দেখা যায়।

এই সকলো ক্ষেত্ৰতে ইমানবোৰ পাৰ্থক্য থকাৰ পিছতো হাজাৰ হাজাৰ বছৰ ধৰি বিশ্বত এই বিৰাট ভূ-ভাগ ভাৰতবৰ্ষ আৰু ইয়াৰ লোকসকল ভাৰতীয় হিচাপে পৰিচিত হৈ আহিছে। যেনেদৰে এখন ফুলনি ৰং-বিৰঙৰ আৰু নানা প্রজাতিৰ ফুলেৰে বাৰেবৰণীয়া হৈ পৰে, ঠিক সেইদৰে বিভিন্ন ভাষা-সংস্কৃতি, জাতি-ধৰ্ম, আচাৰ-অনুষ্ঠান সুকীয়া সুকীয়া বৈশিষ্ট্যৰে ভাৰতবৰ্ষ বাৰেবৰণীয়া হৈ পৰিছে।

ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য Class 9

৬। কিহৰ দ্বাৰা অনুপ্রাণিত হৈ ভাৰতবাসীয়ে ভাষা, ধৰ্ম আৰু আঞ্চলিক পার্থক্য পাহৰি আপোন ভাই-ভনীৰ দৰে মিলিজুলি থাকিবলৈ লৈছে?
উঃ ভাৰবৰ্ষত ব্যাস, বাল্মিকী, বশিষ্ঠ, বিশ্বামিত্র আদি ত্রিকালজ্ঞ জন্ম হৈছিল। এই দেশতে ভগৱান বুদ্ধ, মহাবীৰ, শংকৰাচাৰ্য, ৰামানুজ, ৰামানন্দ, কবীৰ, নানক, শংকৰদেৱ আদি মহাপুৰুষসকলে ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিক আদৰ্শ প্ৰচাৰ কৰি গৈছে। এইবোৰৰ দ্বাৰা অনুপ্রাণিত ভাৰতবাসীয়ে ভাষা, ধৰ্ম আৰু আঞ্চলিক পার্থক্য পাহৰি আপোন ভাই-ভনীৰ দৰে মিলিজুলি থাকিবলৈ লৈছে।

৭। ভাৰতবৰ্ষৰ বিভিন্ন দিশত থকা বৈচিত্র্যসমূহে কেনেদৰে স্থান-বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি ভাৰতক এখন বহুৰঙী সূতাৰে গঁথা এখনি ফুলাম দলিচাৰ দৰে গঢ়ি তুলিছে? বুজাই লিখা।
উঃ ভাৰতবৰ্ষ বিভিন্ন দিশত বৈচিত্র্যপূর্ণ এখন দেশ, কিন্তু এই সকলোবোৰ বৈচিত্র্য থকাৰ পিছতো সেইবাৰে আকৌ নিজৰ মাজতেই ঐক্যৰ সেঁতু নিৰ্মাণ কৰি ভাৰতক আৰু ভাৰতীয় লোকসকলক ঐক্যবদ্ধ কৰি তুলিছে। উদাহৰণস্বৰূপে, অসমত থকা হিন্দু, মুছলমান, শিখ, খ্রীষ্টিয়ান আদি লোকে ধর্মীয় দিশত বিভিন্ন আদর্শ পোষণ.কৰে; কিন্তু তেওঁলোকৰ মাতৃভাষা অসমীয়াই তেওঁলোকক এক অসমীয়া জাতিৰূপে বান্ধি ৰাখিছে। আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত বিভিন্নতা থাকিলেও ধর্মীয় বান্ধোনে দুয়োজনকে এক কৰি ৰাখিছে। অন্যান্য ধৰ্মাৱলম্বী লোকৰ ক্ষেত্ৰতো একে কথাকেই ক’ব পাৰি যে ভাৰতবৰ্ষৰ বিভিন্ন দিশত থকা বৈচিত্র্যসমূহেই স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি ভাৰতক এখন বছৰঙী সূতাৰে গঁথা ফুলাম দলিচাৰ দৰে গঢ়ি তুলিছে।

Leave a Comment