অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer Class 9

Class 9 Assamese Chapter 6 Question Answer | অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰা | অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

শ্ৰেণীনৱম শ্ৰেণী
বিষয়অসমীয়া
পাঠঅন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰা
লেখকসত্যনাথ বৰা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়কঃ

১। (ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা ?
উঃ সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা ।

(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায় ?
উঃ সমাজত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি, তাক নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায় ৷

(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ।
উঃ ভৱিষ্যত নুগুণি মানুহৰ লগত কেটেৰা মাৰি কথা কোৱা নির্বোধ খিংখিঙীয়া মানুহৰ শত্ৰু সৰহ।

(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উঃ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ।

(ঙ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক কি কৰা হয় ?
উঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক ছল কৰা হয়।

class 9 assamese অন্যৰ প্ৰতি ব্যৱহাৰ

(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।’—ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উঃ ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল’ – ইয়াত সেইটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে। যিসকলে লগ-লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা
উঃ সত্যনাথ বৰাৰ ৰচনা৷

অন্যৰ প্ৰতি ব্যৱহাৰ class 9

২। চমুকৈ বুজাই লিখা৷

ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি
উঃ এই সংসাৰত আমি বিভিন্ন ধৰণৰ মানুহৰ লগত সম্বন্ধ পাতিবলগীয়া হয়৷ সেইবিলাক মানুহৰ ভিতৰত কাৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি তাক আমি জনা উচিত৷ ইয়াকে নাজানি বহু মানুহে জীৱনত নানা বিধ উপদ্ৰৱ ভূগিবলৈ পায়৷ সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি চৰিত্ৰ সজ হ’লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয়৷ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়৷ আকৌ অনেক কপটীয়া ছলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়৷ এতেকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই ইতিকিং নকৰি মন দি শিকা উচিত৷

(খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে
উঃ বিনয় মানুহৰ এটা সজ গুণ৷ যিকোনো কথাতে কেটেৰা মাতেৰে মাৰি মানুহৰ মনত বেজাৰ দিয়া অযুগুত, কিন্তু নিৰ্বোধ খিংখিঙিয়া মানুহে ভৱিষ্যত নুশুনি কেটেৰা মাৰিহে কথা কয়৷ এনে ধৰণৰ লোকক কোনেও ভাল নাপায়৷ এই শ্ৰেণীৰ মানুহৰ শত্ৰুৰ সংখ্যাও সৰহ৷ সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও, কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে৷ সিহঁতৰ গাত ভাল গুণ থাকিলেও তিতা মাতেই সকলো ঢাকি পেলায়৷ তিতা মাতেৰে মাতিলে সহস্ৰ উপকাৰো নিমিষতে মানুহে পাহৰি যায়৷ তেওঁৰ অবুৰ্দ দানৰ ফল নিমিষতে নোহোৱা হৈ যায়৷ সেই দেখি জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে৷

অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰা

৩৷ তাৎপৰ্য ব্যাখ্যা কৰা –

ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ৷
উঃ প্ৰশ্নোক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিৰ অন্তৰ্গত৷ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি ক’ব পাৰি৷ উচিত জোখেৰে ঔষধ খালে সি বেছি গুণ দিয়ে৷ সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ৷ দম্ভালি মাৰি কোৱা কথা শুনি কোনোও ভাল নাপায়৷ সেইবাবে আনৰ লগত আলাপ-আচৰণ কৰোঁতে দম্ভালি এৰি হ’লে নিজক সৰু বা লঘু কৰা হয়৷ এই কথা শুদ্ধ নহয়৷ নম্ৰতা ডাঙৰ আশ্ৰয়ৰ চিন, তাৰ পৰা আশ্ৰয়ৰ উচ্ছতাহে প্ৰকাশ পায়৷ নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল৷ মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়৷ মনত অহংকাৰ ৰাখি মুখে নম্ৰ হ’লে মানুহক চল কৰা হয়৷

খ) সোনৰ জেউতি অমান্য কৰিলে নকমে ৷
উঃ প্ৰশ্নোক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱেৰ ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিৰ অন্তৰ্গত৷ সোন এবিধ মূল্যৱান ধাতু৷ ইয়াক আমি অমান্য কৰিলেও মূল্যৱান হৈয়ে থাকিব৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজ হৈছে. মান্যৱন্ত লোক সদায় আদৰণীয়৷ এওঁলোকে সদায় আনৰ পৰা সন্মান পায়৷ কিন্তু কোনো কোনো মানুহে মান্যৱন্ত লোকক অমান্য কৰিলে, পুৰুষালি কৰা যেন পায়, সেই দেখি ছল পালে অমান্য কৰিবলৈ নেৰে৷ কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্তক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি৷ সোনৰ জেউতি, যেনেকে অমান্য কৰিলে নকমে ঠিক তেনেকৈ মান্যৱন্ত লোকসকলৰ মূল্য আনে অমান্য কৰিলেও কেতিয়াও হ্ৰাস নহয়৷

অন্যৰ প্ৰতি ব্যৱহাৰ class 9

৪৷ বিপৰীতাৰ্থক শব্দ লিখা –
সুখ, সন্তোষ, সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্ৰতা, লঘু, উচ্ছ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱন্ত ৷

উত্তৰ –
সুখঃ দুখ
সন্তোষঃ অসন্তোষ
সজঃ অসজ
চৰিত্ৰবন্তঃ চৰিত্ৰহীন
কপটীয়াঃ উদাৰ অকপটীয়া
মিঠাঃ তিতা
বিনয়ঃ অহংকাৰ
নম্ৰতাঃ কঠোৰতা
লঘুঃ গুৰু
উচ্ছঃ নীচ
নিন্দাঃ প্ৰশংসা
গুপ্তঃ প্ৰকাশ
দোষঃ গুন
গহীনঃ পাতল

অঅন্যৰ প্ৰতি ব্যৱহাৰ Extra Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ :
১। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র কি?
উঃ ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ হ’ল মিঠা মাত ।

২। কিহৰ দোষত অনেক চৰিত্ৰৱন্ত মানুহেও হিংসা আৰু গৰিহণাৰ ভাজন হয়?
উঃ ব্যৱহাৰৰ দোষত অনেক চৰিত্ৰৱন্ত মানুহেও হিংসা আৰু গৰিহণাৰ ভাজন হয় ।

৩। মিঠা মাতৰ গুণত কি হ’ব পাৰি?
উঃ মিঠা মাতৰ গুণত স্বভাৱত বহুত দোষ থাকিলে সৰবৰহী হ’ব পাৰি ।

8। কোনবোৰ মানুহে ভৱিষ্যৎ নুগুণি কেটেৰা মাৰি মানুহৰ লগত কথা কয় ?
উঃ নির্বোধ আৰু খিংখিঙীয়া মানুহে ভৱিষ্যৎ নুগুণি কেটেৰা মাৰি মানুহৰ লগত কথা কয়।

৫। কিহৰ দোষত মানুহ সকলোৰে চকুৰ কুটা যেন হৈ পৰে?
উঃ কঠুৱা মাতৰ দোষত মানুহ সকলোৰে চকুৰ কুটা যেন হৈ পৰে।

৬। মানুহৰ গাত লক্ষ গুণ থাকিলেও কিহে সেইবোৰ ঢাকি পেলায় ?
উঃ মানুহৰ গাত লক্ষ গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায়।

Class 9 Assamese Chapter 6 Question Answer

৭। কোনবোৰ কথা মানুহৰ কাণত কাঁড় ফুটা দি ফুটে?
উঃ দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দি ফুটে।

৮। সন্মুখত প্রশংসা কৰাটো কাৰ স্বভাৱ?
উঃ সন্মুখত প্রশংসা কৰাটো চাটুকাৰৰ স্বভাৱ।

৯। সকলোৰে সৈতে মিলেৰে থাকিবলৈ আনৰ কি কথা লুকাই ৰাখিব জানিৰ লাগে?
উঃ সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিব জানিব লাগে।

১০। অনেক মানুহে কি গুণৰ অভাৱত বন্ধু-বান্ধৱ হেৰুওৱাৰ লগতে গৰিহণা খাব লগা হয়?
উঃ গুপ্ত কথা লুকাই ৰাখিব পৰা গুণৰ অভাৱত অনেক মানুহে বন্ধু-বান্ধৱ হেৰুওৱাৰ লগতে গৰিহণা খাব লগা হয়।

নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা অন্যৰ প্ৰতি ব্যৱহাৰ

১১। কোনবোৰ মানুহৰ আগত নিজৰ গুপ্ত কথা ক’লে ভৱিষ্যতে হিংসা কৰিবলৈ সূচল কৰি দিয়া হয় ?
উঃ দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙি ক’লে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয়।

১২। কোনবোৰ কথা সদায় সাবধানে লুকাই ৰাখিব লাগে ?
উঃ যিবোৰ কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে, তেনে কথা সদায় সাৱধানে লুকাই ৰাখিব লাগে ।

১৩। কোনবোৰ মানুহে নিজেই নিজৰ নীচ আশয়ৰ চিনাকি দি আনৰ কোপত পৰে?
উঃ যিবোৰ মানুহে আনৰ দোষ বিচাৰি ফুৰে সি নিজেই নিজৰ নীচ আশয়ৰ চিনাকি দি আনৰ কোপত পৰে।

১৪। কোনবোৰ কথা আনৰ কাণত বিহ যেন লাগে?
উঃ নিজৰ মুখত নিজৰ গুণৰ কথা আনৰ কাণত বিহ যেন লাগে।

১৫। গুণৰ গৌৰৱ কেতিয়া নোহোৱা হয়?
উঃ নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱ নোহোৱা হয় ।

১৬। কোনটো কথা বৰ নিকৃষ্ট?
উঃ ‘তই’ কথা বৰ নিকৃষ্ট।

অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

চমু প্রশ্নোত্তৰ :

১। আনৰ গুণ বখানোতে কোনবোৰ কথালৈ গুৰুত্ব দিব লাগে আৰু কিয় ?
উঃ আনৰ গুণ বখানোতে কেতিয়াও সন্মুখত বখানিব নালাগে কাৰণ মুখৰ আগত গুণ বখানিলে নিন্দা কৰা যেন হয় আৰু গুণীজনে তোমাক চাটুকাৰ বুলিও ভাবিব পাৰে ৷ চাটুকাৰক মুৰ্খ মানুহে ভাল পায় কিন্তু জ্ঞানী মানুহে ঘিণায়। কোনো মানুহৰ গুণৰ কথা সন্মুখত ক’ব লগীয়া হ’লে সংক্ষেপে ক’ব লাগে আৰু এজনৰ গুণ আন এজনৰ আগতহে ক’ব লাগে, কিয়নো তাৰ পৰা নিজৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰো উপকাৰ হয়।

২। মানুহৰ সৰু মনৰ পৰিচয় ক’ৰ পৰা পোৱা যায় ?
উঃ সংসাৰত মানুহৰ অৱস্থা সদায় সমানে নাথাকে, একেজন মানুহকে আঢ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰাটো উচিত নহয়, অর্থাৎ লোকক সুদিনত সৎকাৰ কৰি দুর্দিনত ইতিকিং কৰা স্বভাৱৰ পৰাই মানুহৰ সৰু মনৰ পৰিচয় পোৱা যায়।

৩। কেনেকৈ সকলোৰে সঁজাতী হ’ব পাৰি?
উঃ আনৰ গুপ্ত কথা লুকাই ৰখাৰ লগতে যি কথা প্ৰকাশ কৰিলে দুজনৰ মাজত কন্দল লাগিব পাৰে, তেনে কথা সাৱধানে লুকাই ৰাখিব পাৰিলে সকলোৰে সঁজাতী হ’ব পাৰি।

৪। বিশেষ প্রয়োজন নাথাকিলে আনৰ আগত নিজৰ কথা কিয় সৰহকৈ ক’ব নালাগে?
উঃ বিশেষ প্রয়োজন নাথাকিলে আনৰ আগত নিজৰ কথা সৰহকৈ ক’ব নালাগে কাৰণ নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱ নাথাকে আৰু নিজৰ মুখত নিজৰ গুণৰ কথা আনৰ কাণত বিহ যেন লগা হয়।

৫। অচিনাকি মানুহক কিয় পোন প্ৰথমে বিশ্বাস কৰাটো যুগুত নহয়?
উঃ পৃথিৱীত নানা ৰকমৰ মানুহ আছে, কোন সাধু, কোন চোৰ, কোন শঠ, কোন সৰল বিধৰ তাক দেখিলেই চিনিব নোৱাৰি, কাৰণ বহু চোৰেও আনক ছলিবলৈ সাধুৰ ভাও ধৰে। সেয়েহে অচিনাকি মানুহক পোন প্রথমে বিশ্বাস কৰাটো যুগুত নহয় ।

Class 9 Assamese Chapter 6 Question Answer

৬। লেখকে আনৰ দোষৰ ভাগ এৰি গুণৰ ভাগ ধৰাই শ্রেয়স বুলি কিয় কৈছে?
উঃ আনৰ দোষ বিচাৰি ফুৰিলে তাৰ পৰা কাৰো একো উপকাৰ নহয় বৰঞ্চ এনে কৰিলে মানুহৰ নীচ আশয়ৰ চিনাকিহে পোৱা যায় আৰু যাৰ দোষ বিচাৰে তেওঁৰ কোপত পৰিব লগীয়া হয়, সেয়েহে লেখকে আনৰ দোষৰ ভাগ এৰি গুণৰ ভাগ ধৰাই শ্ৰেয়স বুলি কৈছে।

৭। পাঠটোৰ জৰিয়তে লেখকে আমাক কি বুজাই দিবলৈ চেষ্টা কৰিছে?
উঃ পাঠটোৰ জৰিয়তে লেখকে আমাক জীৱন-যুদ্ধত প্ৰয়োজনীয় ব্যৱহাৰ প্ৰণালীৰ আঁতি- গুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ বুজাই দিবলৈ চেষ্টা কৰিছে। লগতে মানুহ সজ হোৱাৰ উপৰি আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগে এই কথাবোৰৰো জ্ঞান দিছে।

Also Read:

(ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা ?

উঃ সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা ।

(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায় ?

উঃ সমাজত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি, তাক নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায় ৷

(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ।

উঃ ভৱিষ্যত নুগুণি মানুহৰ লগত কেটেৰা মাৰি কথা কোৱা নির্বোধ খিংখিঙীয়া মানুহৰ শত্ৰু সৰহ।

(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?

উঃ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ।

(ঙ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক কি কৰা হয় ?

উঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক ছল কৰা হয়।

(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।’—ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

উঃ ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল’ – ইয়াত সেইটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে। যিসকলে লগ-লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?

উঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top