Class 9 Assamese Chapter 4 Question Answer – প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

Class 9 Assamese Chapter 4 Question Answer – প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

শ্ৰেণী নৱম শ্ৰেণী
বিষয় অসমীয়া
পাঠ প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক 
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

Class 9 Assamese Chapter 4 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ
১। চমু উত্তৰ দিয়া :

(ক) কবিয়ে কাক সংকীর্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
উঃ কবিয়ে আকাশক সংকীর্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

(খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল?
উঃ কবিৰ প্ৰাপ্য কি তাক সুধি প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিছিল।

(গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উঃ কবিক বিশাল দৃষ্টি মহাকাশে দিলে।

(ঘ) ‘মুমূর্ষু’ মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ’—ইয়াত ‘বিদ্যুৎ’ শব্দই কি বুজাইছে?
উঃ ইয়াত ‘বিদ্যুৎ’ শব্দই পোহৰ বুজাইছে। অর্থাৎ জীৱনক আলোকময় কৰাৰ কথা বুজাইছে ।

(ঙ) প্রচণ্ড ধুমুহাই কৰিক কি প্রশ্ন কৰিছিল?
উঃ প্রচণ্ড ধুমুহাই কবিক তেওঁৰ প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল।

২। বজ্ৰই কবিক কি কি দিলে?
উঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে।

৩। কবিয়ে ‘সচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উঃ কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে স্বাৰ্থহীন দানৰ কথা বুজাব খুজিছে।

8। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
উঃ কবিয়ে বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গান গাই দিগন্ত কঁপাবলৈ মন মেলিছে।

৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।

৬। আকাশ, ধুমুহা আৰু বজ্রক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা
উঃ মানৱপ্রেমী কবিক সমাজত মানৱতা সিঁচিবলৈ এনে কিছুমান উপাদানৰ প্ৰয়োজন যাৰ গৰাকী হৈছে আকাশ, ধুমুহা আৰু বজ্ৰ। আকাশৰ বিশালতা, ধুমুহাৰ প্ৰচণ্ড শক্তি, বজ্ৰৰ উদাত্ত কণ্ঠ আৰু সাহস – এইবোৰেৰে শক্তিশালী হৈ কবিয়ে সিঁচিবলৈ সক্ষম হৈছে দানৱীয় সমাজত মানৱীয়তা ৷ প্ৰকৃতিপ্রদত্ত স্বকীয় শক্তিসমূহ প্রদান কৰি কবিৰ মনোবাঞ্ছা পূৰণ কৰাৰ বাবে কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰপাতক প্ৰণিপাত জনাইছে।

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

৭। ব্যাখ্যা কৰাঃ

(ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,
তোমাৰ কাম্য কি কোৱা?
মই ক’লোঁ, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।
উঃ ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা বজ্ৰৰ শক্তিশালী উদাত্ত কণ্ঠ যে কবিৰো কাম্য তাকে বুজাব খোজা হৈছে।
কবি মানুহৰ প্ৰেমিক। সমাজৰ কলুষতা, অমানৱীয়তাই কবিক ব্যথিত কৰে। সকলো মলিনতা নোহোৱা কৰিবলৈ কবিৰ দূৰন্ত ইচ্ছা। কিন্তু তাকে কৰিবলৈ বহু কিবাকিবিৰ প্ৰয়োজন যি নিজৰ মাজত নথকা যেন কবিয়ে অনুভৱ কৰিছে।

কবি কণ্ঠশিল্পী সুৰেৰে তেওঁ পৃথিৱী সুৰীয়া কৰিব খোজে। গানৰ মাজেৰেই তেওঁ মানৱতাৰ কথা ক’ব খোজে। কিন্তু তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিছে যে সাধাৰণ কণ্ঠেৰে মানৱতাৰ সেই গান যেন শক্তিশালী নহ’ব। তেনে হ’ব পাৰে কেৱল ব্ৰজসম শক্তিশালী কণ্ঠেৰে প্ৰকৃতিসৃষ্ট হৈও বজ্ৰৰ মাজত থকা উদাত্ত কণ্ঠ কবিৰ নাই। সেয়ে তেওঁ বজ্ৰক কৈছে সেই কণ্ঠ তেওঁকো লাগে। বজ্রসম উদাত্ত কণ্ঠেৰেহে কবিয়ে সিঁচিব পাৰিব দানৱীয় সমাজতো মানৱীয় উদাৰতা।

(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছাই
সংকীর্ণতা এৰি দিয়া
অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া
উঃ ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা আকাশৰ বিশালতা যে কবিকো লাগে তাকেই ক’ব খোজা হৈছে।
মানুহক ভাল পোৱাটোৱেই কবিৰ প্ৰধান কাম। মনৰ বিশালতাৰে পূৰ্ণ মানৱ সমাজ কবিৰ কাম্য। তাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিব খোজে। কিন্তু তাৰ বাবে যেন কবিৰ নিজৰ মাজতে কিছু গুণৰ অভাৱ। আকাশৰ বিশালতা কেৱল ব্যক্তিবিশেষৰ বাবে নহয়, সকলোৰে বাবে। বিশালতাই বিশাল ৰূপত থাকিলেহে মানুহক আকৰ্ষণ কৰিব পাৰে, সংকীৰ্ণৰূপে বিশালাৰ উপলব্ধি নকৰায়। সেয়েহে, মহাকাশৰ পূৰ্ণ বিশালতা কবিৰ কাম্য।

মানৱ সমাজ সংকীৰ্ণ চিন্তাৰে, কলুষ-কালিমাৰে ছানি ধৰিছে ৷ কেৱল বিশাল মানৱীয়তাই, উদাৰতাইহে নাশ কৰিব পাৰে সমাজৰ এই ক্ষয়িষ্ণুতা। সকলো ভাল অনুভূতিৰে ভৰা গানেৰে কবিয়ে মানুহৰ অন্তৰ বিশালতাৰে পূৰ্ণ কৰিব খোজে। আকাশৰ বিশালতাই পৃথিৱীক চুই আছে, কবিয়েও এনে বিশাল অন্তৰেৰে পৃথিৱীৰ মানুহক চুব খোজে, বিয়পাব খোজে মানৱীয় উদাৰ্তা। কাৰণ মানুহে মানুহক ভাল পালেহে এই সমাজ বৰ্তি থাকিব।

Class 9 Assamese Chapter 4 Question Answer

(গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।
উঃ প্রকৃতি প্রদত্ত শক্তিৰে পৃথিৱীত জ্ঞানৰ পোহৰ সিঁচিব পৰাকৈ কবি শক্তিশালী হৈ উঠিছে—ব্যাখ্যেয় কবিতাফাকিৰে এনে কথাকেই বুজাব খোজা হৈছে।
কবি মানৱদৰদী। সমাজৰ বেয়া চিন্তা, হিংসা, মলিনতা আদি দূৰ কৰি সুন্দৰ সমাজ এখন প্রতিষ্ঠা হোৱাটো কবিয়ে বিচাৰে। কিন্তু এয়া হ’বলৈ যে কবিৰ কিছুমান গুণ নিজৰ মাজত নাই যি প্ৰকৃতিৰ অন্যান্য উপাদানৰ মাজত আছে। সেই গুণবোৰ নিজৰ মাজত আহৰণ কৰিব পাৰিলে কবিয়ে কাংক্ষিত মানৱ সমাজখন পাব পাৰে। সেয়ে তেওঁ প্ৰকৃতিৰ সেই সমূহ উপাদানৰ পৰা গুণবোৰ বিচাৰিছে।

কবিৰ একান্ত ইচ্ছাক নেওচিব যেন নোৱাৰিলে আকাশ, ধুমুহা আৰু বজ্ৰই । কিয়নো কবিও একে প্রকৃতিৰেই সন্তান। কবিৰ প্ৰাৰ্থনাক আঁকোৱালি লৈ মহাকাশে কবিক প্ৰদান কৰিলে পূর্ণ বিশালতা, ধুমুহাই দিলে প্রচণ্ড শক্তি আৰু বজ্রই দিলে উদাত্ত বণ্ঠ আৰু সাহসৰ যুক্তি। এই উপাদানবোৰেৰে কবি হৈ পৰিল প্ৰচণ্ড শক্তিশালী যাৰ সহায়ত দানবীয় পৃথিৱীত তেওঁ সিঁচিব পাৰে মানৱীয়তা।

(ঘ) মুমূর্ষু মানৱ জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰো
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ।
উঃ ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা প্ৰকৃতিপ্ৰদত্ত শক্তি বিভিন্ন উপাদানৰ পৰা লাভ কৰি কবি যে সেইবোৰৰ প্রতি কৃতজ্ঞ হৈ পৰিছে তাকেই ক’ব খোজা হৈছে। মানব সমাজ আজি কলুষতা, মলিনতাৰে দানৱৰ সমাজলৈ ৰূপান্তৰ হৈছে।
সমাজহে মানৱৰ কিন্তু মানবীয়তা যেন লুপ্তপ্রায়। সমাজৰ এই স্খলনে কবিক চিন্তিত কৰি তুলিছে। মৃতপ্ৰায় মানৱীয়তাক পুনৰ প্ৰতিষ্ঠাৰ বাবে কবি মন হাহাকাৰ কৰি উঠিছে। কবিয়ে সমাজত প্রতিষ্ঠা কৰিব খোজা এই কাৰ্যৰ বাবে তেওঁক যে বহু কিবাকিবিৰ প্রয়োজন। সেই সকলো যাৰ ওচৰত আছে সেইবোৰ হৈছে আকাশ, ধুমুহা আৰু বজ্ৰ।

আকাশৰ বিশালতাৰে, ধুমুহাৰ প্ৰচণ্ড শক্তিৰে, বজ্ৰৰ উদাত্ত কণ্ঠ আৰু সাহসেৰে কবিয়ে মানব সমাজত সুন্দৰতা সিঁচিব খোজে। কবিৰ আকুল আহ্বানক নেওচিব নোৱাৰি প্ৰকৃতিপ্রদত্ত ক্ষমতাসমূহ সংশ্লিষ্ট উপাদানবোৰে কবিক কৰিয়ে প্রচণ্ড শক্তি, উদাত্ত কণ্ঠ আৰু সাহস আৰু আকাশৰ বিশালতাৰে সমাজত প্রতিষ্ঠা কৰিব খোজে উদাৰ মানৱীয়তা। মৃতপ্রায় মানবক উজ্জীবিত কৰিব খোজে। তেওঁ আশাবাদী। সেয়ে যি ধুমুহা, বজ্র আৰু আকাশে তেওঁক নিজস্ব বৈশিষ্ট্যসমূহ প্ৰদান কৰি শক্তিশালী কৰি তুলিলে সেই আটাইবোৰলৈ কবিয়ে আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰি প্ৰণিপাত জনাইছে।

Class 9 Assamese Chapter 4 Question Answer

ভাষা বিষয়ক :
৮। তলত দিয়া শব্দবোৰৰ সমার্থক শব্দ লিখা :
ধুমুহা, বুকু, কাম্য, সংকীর্ণতা, বিশাল, দানৱ, প্ৰণিপাত, সিক্ত।

ধুমুহা : চাচি, বানাহ, চক্ৰবাত, তুফান, মাৰুত, বা-মাৰলী ।
বুকু : বক্ষ, বুক, পাটা
কাম্য : বাসনীয়, ঈপ্সিত, বাঞ্ছিত, আকাংক্ষিত, অভীষ্ট, প্রার্থনীয়, অভিপ্রেত।
সংকীর্ণতা : ক্ষুদ্রতা

বিশাল : ব্যাপক, সুবৃহৎ, বৃহদাকাৰ, বিস্তীৰ্ণ, প্ৰকাণ্ড, ইলাহি
দানব : অসুৰ, দৈত্য, দনুজ, দেৱাৰি, সুৰাৰি
প্ৰণিপাত : প্রণাম, নমস্কাৰ, প্ৰণতি
সিক্ত : আর্দ্র, তিতা, ভিজা, সেমেকা, জেকা, সজল

৯। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে লিখা :
কণ্ঠ, পূর্ণ, প্রচণ্ড, সংকীর্ণতা, প্ৰণিপাত।
উঃ ‘ণ’ হোৱাৰ কাৰণ উল্লেখ কৰা হ’ল –
কণ্ঠ : ‘ট’ বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হয়। ‘কণ্ঠ’ শব্দটোত ‘ঠ’ ৰ লগত লাগি থকা কাৰণে ‘ণ’ হৈছে।
পূর্ণ : একেটা পদতে থকা ঋ, ৰ আৰু ‘ষ’ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হয়। ‘পূৰ্ণ’ শব্দটোত ‘ৰ’ ৰ পাছত থকা কাৰণে ‘ণ’ হৈছে।
প্রচণ্ড : ‘ট’ বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ’লে দন্ত ‘ন’ মূর্ধণ্য ‘ণ’হয়। ‘প্ৰচণ্ড’শব্দটোত ‘ড’ৰ লগত লাগি থকা কাৰণে ‘ণ’ হৈছে।
সাংকীর্ণতা : একেটা পদতে থকা ঋ, ৰ আৰু ‘ষ’-ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হয়। ‘সাংকীর্ণতা’ শব্দটোত ‘ৰ’ –ৰ পাছত থকা কাৰণে ‘ণ’ হৈছে।
প্রণিপাত : একেটা পদতে থকা ঋ, ৰ আৰু ‘ষ’-ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হয়। ‘প্ৰণিপাত’ শব্দটোত ‘ৰ’ –ৰ পাছত থকা কাৰণে ‘ণ’ হৈছে।

Class 9 Assamese Chapter 4 Question Answer

১০। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ষ’ হৈছে লিখা :
মুমূর্ষু, দৃষ্টি।
উঃ ‘ষ’ হোৱাৰ কাৰণ উল্লেখ কৰা হ’ল –
মুমূর্ষু : অ-আ ভিন্ন অন্য স্বৰবৰ্ণৰ পাছত থকা প্ৰত্যয়ৰ দত্ত ‘স’ মূর্ধণ্য ‘ষ’ হয়।
দৃষ্টিঃ ‘ট’ বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ‘স’ মূর্ধণ্য ‘ষ’ হয়।

১১। সন্ধি ভাঙা :
দিগন্ত, সর্বাকাশ, সংকীর্ণ।
উঃ দিগন্ত : দিক্ + অন্ত
সর্বাকাশ : সর্ব + আকাশ
সংকীর্ণ : সম্ + কীৰ্ণ

Also Read:

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ :
১। ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ কবিতাটিৰ ৰচক কোন?
উঃ ‘প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ কবিতাটিৰ ৰচক হ’ল ড° ভূপেন হাজৰিকা।

২। ড° ভূপেন হাজৰিকাৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল?
উঃ ড° ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনত শদিয়াত হৈছিল।

৩। ড° ভূপেন হাজৰিকাই কিমান চনত ‘পদ্মভূষণ’ সন্মান লাভ কৰে?
উঃ ড° ভূপেন হাজৰিকাই ২০১২ চনত ‘পদ্মভূষণ’ সন্মান লাভ কৰে ।

8। ড° ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ জৰিয়তে অভিনেতাৰূপে আত্মপ্রকাশ কৰিছিল?
উঃ ড°ভূপেন হাজৰিকাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী’ চলচ্চিত্ৰৰ জৰিয়তে ১৩ বছৰ বয়সত অভিনেতাৰূপে আত্মপ্ৰকাশ কৰিছিল।

৫। অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত ১৯৫৬ চনত মুক্তিলাভ কৰা ভূপেন হাজৰিকাৰ ছবিখনৰ নাম কি?
উঃ অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত ১৯৫৬ চনত মুক্তিলাভ কৰা ড° ভূপেন হাজৰিকাৰ ছবিখনৰ নাম হ’ল ‘এৰা বাটৰ সুৰ’ ।

৬। ড° ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিবেশনৰ সভাপতি আছিল ?
উঃ ড° ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ ৫৩ সংখ্যক শিৱসাগৰ অধিৱেশনৰ সভাপতি আছিল (১৯৯৩ চনত)।

৭। ‘বজ্ৰ’— মানে কি?
উঃ গাজনি মাৰি ওলোৱা বিজুলীয়েই হৈছে বজ্ৰ। হিন্দু শাস্ত্ৰ মতে দেৱৰাজ ইন্দ্ৰৰ অস্ত্ৰ বিশেষকো বজ্ৰ বুলি কোৱা হয়।

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক কবিতাটিৰ মূলভাব

সমাজৰ পংকিলতাক ধুই, মচি নিকা কৰি মানৱতাৰ প্ৰতিষ্ঠাৰে এখন উজ্জ্বল সমাজ স্থাপন কৰিব খোজাটোৱেই কবিতাটোৰ মূলভাব।
মানুহ আৰু প্ৰকৃতিৰ নিবিড় সম্পর্ক। প্ৰকৃতিৰ পৰাই মানুহ অৰ্থাৎ জীৱৰ সৃষ্টি আৰু প্রকৃতিতে লয় হয় ! গতিকে মানুহ প্ৰকৃতিৰ অংশ। এই বিশ্বব্ৰহ্মাণ্ডৰ অন্য কেতবোৰৰ দৰে ধুমুহা, বজ্র, আকাশ এই সকলো প্ৰকৃতিৰ একো একোটা উপাদান। ধুমুহাৰ তাণ্ডৱ সৃষ্টি কৰিব পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ উদাত্ত শব্দ যিয়ে পৃথিৱী কঁপাব পাৰে, আৰু আকাশৰ সৰ্বাত্মক বিশালতা আৰু উদাৰতা আদি হৈছে প্ৰত্যেকৰে স্বকীয় বৈশিষ্ট্য। প্রত্যেকৰে নিজস্ব শক্তিৰে পৃথিৱীত নিজস্ব বৈশিষ্ট্য বৰ্তাই ৰাখিছে। কিন্তু মানুহ একে প্রকৃতিৰে সৃষ্ট হ’লেও এনে গুণৰ অধিকাৰী হ’ব নোৱাৰাটো দুৰ্ভাগ্যজনক। অথচ বর্তমান পৃথিৱীৰ কলুষতা, অমানৱীয়তা আদি নোহোৱা কৰিবলৈ এনে গুণৰ অতি আৱশ্যক।

কবিৰ অন্তৰ মানৱ দৰদী। তেওঁ মানুহৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰি সমাজখন সুন্দৰ আৰু নিকা কৰিবলৈ বিচাৰে। অথচ তাকে কৰিবলৈ তেওঁৰ মনৰ মাজত কিহবাৰ অভাৱ অনুভৱ কৰিছে। সেই অভাৱবোধৰ বাবেই সৃষ্টি হৈছে অনেক প্রশ্নৰ। সেই প্রশ্নৰ উত্তৰ বিচাৰি তেওঁ ধুমুহা, বজ্ৰ আৰু আকাশৰ কাষ চাপি প্ৰাপ্য বিচাৰিছে। উপৰিউক্ত উপাদান আৰু মানুহ যিহেতু প্রকৃতিপ্রদত্ত, গতিকে ধুমুহা, বজ্ৰ আৰু আকাশৰ গুণ মানুহ হিচাপে কবিৰো প্ৰাপ্য। সেয়ে তেওঁ ধুমুহাৰ প্ৰচণ্ড শক্তি তেওঁৰো প্ৰাপ্য বুলি ধুমুহাৰ ওচৰত দাবী কৰিছে। উদাত্ত কণ্ঠেৰে কথা ক’ব নোৱাৰিলে মানুহৰ অন্তৰ আলোড়িত নহয় বাবে বজ্ৰৰ নিনাদেৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে। সীমাহীন আকাশৰ বিশালতা সকলোৰে বোধগম্য নহয়। আকাশ কোনো বিশেষ ব্যক্তিৰ বাবে নহয়, সকলোৰে বাবে। আকাশে মুক্তভাৱে, উদাৰচিত্তে পৃথিৱীক ধাৰণ কৰি আছে। তেনে আকর্ষণীয় উদাৰতা কবিকো লাগে যাৰ সহায়ত তেওঁ পৃথিৱীৰ সকলো মলিনতা ধুই নিব পাৰে।

বৰ্তমান পৃথিৱীত মানুহৰ সীমাহীন বৰ্বৰতাই মানুহক লজ্জানত কৰিছে। মানৱীয়তা গুণ মানুহৰ মনৰ পৰা লোপ পোৱা বাবে দানৱীয়তাহে প্ৰকাশ হৈছে। কবিয়ে কিন্তু সংকীর্ণতা নাশ কৰি মহাকাশে দিয়া বিশাল উদাৰতা আৰু বজ্ৰৰ উদাত্ত কণ্ঠেৰে দানৱীয় সমাজখনতো সুৰৰ যাদুৰে মানৱীয়তা সিঁচিব বিচাৰে যাৰ দ্বাৰা জীৱন যুঁজত মুমুর্ষু মানৱে পাব জীৱনৰ বিদ্যুৎ অর্থাৎ পোহৰ।

Leave a Comment