Class 9 Assamese Chapter 2 Question Answer – মানব বন্দনা কবিতা

Class 9 Assamese Chapter 2 Question Answer – মানব বন্দনা কবিতা

শ্ৰেণী নৱম শ্ৰেণী
বিষয় অসমীয়া
পাঠ মানব বন্দনা কবিতা
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

Class 9 Assamese Chapter 2 Question Answer

১। চমু উত্তৰ দিয়া ।

(ক) “মানুহেই পৰাৎপৰ” বােলা কথাষাৰৰ অর্থ অর্থ কি?
উঃ মানুহেই পৰাৎপৰ’ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলােতকৈ শ্রেষ্ঠ। মানুহৰ ওপৰত আন কোনাে শ্রেষ্ঠ জীৱ নাই।

(খ) মানুহক ময়াপী জীৱ’ বােলাৰ অর্থ কি?
উঃ মানুহক ময়াপী জীৱ’ বােলাৰ অৰ্থটো হ’ল মানুহ হৈছে মায়া বা মােহ থকা জীৱ। মানুহে পৃথিৱীৰ মােহ এৰিব নােৱাৰি এইখন পৃথিৱীলৈ পুনঃ পুনঃ জনম লৈ আহি থাকে।

(গ) পাদ্য-অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ কি?
উঃ কবিৰ মতে মানুহ দেৱতাতকৈয়াে শ্রেষ্ঠ। কবিৰ মতে মানুহক এৰি আন কোনাে দেৱতাক পূজা কৰাৰ কোনাে কাৰণ থাকিব নােৱাৰে। সেয়ে পাদ্য-অর্ঘ্য অর্থাৎ পূজাৰ সকলাে উপকৰণ লৈ মানুহকহে মানুহে পূজা কৰা উচিত। কথাফাকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব বিচাৰিছে।

২। মানব বন্দনা কবিতাটিৰ সাৰাংশ তােমাৰ নিজৰ কথাৰে লিখা।
উঃ কবিৰ মতে এইখন পৃথিৱীলৈ মানুহ সোঁতৰ কোনাে অন্ত নাই। এই পৃথিৱীলৈ এচাম মানুহ জন্ম গ্রহণ কৰিছে আৰু এচাম মৃত্যু বৰণ কৰিছে। এই সোঁত চলি আছে আৰু চলি থাকিব। সেয়ে পৃথিৱীক মানুহ নিজাপী ঘৰ অর্থাৎ আপােন ঘৰ বুলি ক’ব পাৰি।

আকৌ এইখন পৃথিৱীক স্বর্গতকৈয়াে অধিক কোৱাৰ কাৰণ হ’ল স্বর্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্রকৃত মৰম, স্নেহ, দয়া, সহানুভূতি দেখুৱাব পাৰে তেন্তে পৃথিৱীখন স্বৰ্গতকৈয়াে অধিক সুখৰ ঠাইত পৰিণত হ’ব। মানুহক এৰি আন কোনাে দেৱতাক পূজা কৰাৰ কোনাে প্রয়ােজন নাই। পূজাৰ সকলাে উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে কাৰণ মানৱ সেৱাই প্রকৃত ধর্ম। কবিৰ মতে মানৱ দেহাও পবিত্র কাৰণ দেহৰ ভিতৰত শ্রেষ্ঠ মানৱ আত্মা লুকাই আছে।

৩। এই যে পৃথিবী স্বর্গতত অধিক
মানুহৰ নিজাপী ঘৰ।
—কথাষাৰৰ অৰ্থ বুজাই লিখা।
উঃ কবিৰ মতে এইখন পৃথিৱীলৈ মানুহৰ সোঁতৰ কোনাে অন্ত নাই। এই পৃথিৱীত এচাম মানুহ জন্ম গ্রহণ কৰিছে আৰু এচামৰ মৃত্যু হৈছে। এই সোঁত চলি আছে আৰু চলি থাকিব। সেয়ে কবিয়ে এইখন পৃথিৱীক মানুহৰ নিজাপী ঘৰ অর্থাৎ আপােন ঘৰ বুলি কৈছে।

আকৌ কবিয়ে এইখন পৃথিৱীক স্বর্গতকৈয়াে অধিক বােলাৰ কাৰণ হ’ল স্বর্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্রকৃত মৰম, স্নেহ, দয়া, সহানুভূতি দেখুৱাব পাৰে তেন্তে এই পৃথিৱীখন স্বর্গতকৈয়াে অধিক সুখৰ ঠাইত পৰিণত হ’ব।

Class 9 Assamese Chapter 2 Question Answer

৪। তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
উঃ উদ্ধৃত কবিতাফাকি আমাৰ সাহিত্য-সুবাসৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ জৰিয়তে কবিয়ে মানৱ সেৱাই যে শ্রেষ্ঠ ধর্ম তাকে প্রকাশ কৰিব বিচাৰিছে।

কবিয়ে কৈছে যে মানুহ হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ। কিন্তু মানৱ জীৱন ক্ষন্তেকীয়া। এই ক্ষন্তেকীয়া জীৱনকাল মানুহে মানৱীয় কৰ্মৰ মাজেদি অতিবাহিত কৰা উচিত। কাৰণ মানৱ সেৱাই শ্রেষ্ঠ ধর্ম। মৰম, স্নেহ, দয়া, সহায় সহযােগ, পৰােপকাৰ আদিৰ জৰিয়তে মানৱক সেৱা কৰিব পাৰি। এইদৰে কবিয়ে কবিতাফাকিৰ জৰিয়তে মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব বিচাৰিছে।

(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য-অর্ঘ্য লই
জয় জয় জয় মানৱ দেহ।
উঃ উদ্ধৃত কবিতাফাকি আমাৰ সাহিত্য সুবাস’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰদ্বাৰা ৰচিত মানৱ বন্দনা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। জীৱ হিচাপে মানুহক শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

কবিৰ মতে মানুহতকৈ আন কোনাে শ্রেষ্ঠ দেৱতা নাই। মানুহে জীৱশ্রেষ্ঠ মানুহকহে পূজা সেৱা কৰিব লাগে। মানুহক এৰি আন কোনাে দেৱতাক পূজা কৰাৰ কোনাে প্রয়ােজন নাই। পূজাৰ সকলাে উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে। কাৰণ মানৱ সেৱাই প্রকৃত ধর্ম। কবিৰ মতে মানৱ দেহাও পৱিত্ৰ কাৰণ দেহাৰ ভিতৰত শ্রেষ্ঠ মানৱ আত্মা লুকাই আছে।

প্রশ্ন ২। মানৱবন্দনা কবিতাটিৰ সাৰাংশ তােমাৰ নিজৰ ভাষাৰে লিখা।

উত্তৰঃমানৱ-বন্দনা’কবিতাটি প্রতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালাই এই সংসাৰত মানুহৰ জন্ম-মৃত্যু আৰু প্রাণী শ্রেষ্ঠ মানুহৰ প্ৰকৃত কৰ্মৰ কথা সুন্দৰভাৱে উপস্থাপন কৰিছে।

এই পৃথিৱীলৈ মানুহ অহৰহ চামে চামে আহিয়েই আছে, আৰু পৃথিৱীৰ পৰা সেইদৰে গৈয়েই আছে। পৃথিৱীত মানুহৰ এই অহা-যােৱাৰ অনন্ত সোঁত বৈ আছে। মৃত্যু হলেও মানুহে পৃথিৱীৰ যেন মায়া-মােহ এৰিব নােৱাৰি পুনৰ পৃথিবীলৈ আহি আছে। পৃথিৱীত মানুহ মৰি থাকিলেও ই কেতিয়াও জনশূন্য হােৱা নাই। এচামৰ মৃত্যু হলে এচামৰ জন্ম হয়। সেয়ে পৃথিৱী ‘মৰত অর্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰ কোনাে অর্থনই।মানুহৰ জন্ম- মৃত্যু সেঁতিৰ কেতিয়াও অন্তহয়।

এই পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগী, মানুহেই মানুহৰ কাৰণে দেৱতা স্বৰূপ। সেই কাৰণে পৃথিৱীত জীয়াই থকা কেইদিন মানুহে মানুহৰ কাম কৰিব লাগে, – মানুহে মানুহক মৰম কৰিব লাগে, মানুহে মানুহৰ কল্যাণৰ হকে আন্তৰিকতাৰে কাম কৰিব লাগে। মানুহে মানুহক মৰম কৰা, মানুহে মানুহৰ কল্যাণ কৰা—এইবােৰেই প্রকৃত ধর্ম। মানুহেই মানুহৰ বাবে শ্রেষ্ঠতকৈও শ্রেষ্ঠ, পৰম সত্য। সেই কাৰণে মানুহক পৰম দেৱতা মানি মানুহক পূজা কৰিবলৈ, – অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ কবিয়ে আহ্বান জনাইছে।

আৰু পঢ়ক: Class 9 Assamese Chapter 1 Question Answer

মানৱ বন্দনা কবিতাটোৰ মূলভাব লিখা

উঃ মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাই মানুহৰ প্ৰতি গভীৰ আস্থাশীল হৈ মানুহৰ বন্দনা কৰিছে।
মানুহ পৃথিৱীত বাস কৰে। পৃথিৱীক মৰত বা মৃত্যুলোক বুলি ক’লেও কিন্তু পৃথিৱীলৈ অহৰহ বৈ আছে মানুহৰ সোঁত। যুগ যুগ ধৰি পৃথিৱীত মানুহে জনম লৈ আছে। এনে মানৱী জনমৰ সাৰ্থকতা নিৰ্দ্ধাৰণ কৰে মানুহৰ কৰ্মই। সেয়ে তেনে কৰ্ম হোৱা উচিত মানৱ কল্যাণৰ অর্থে সমর্পিত। কবিৰ মতে বিশ্বত মানুহেই শ্রেষ্ঠ। আনকি মানুহক তেওঁ শ্ৰেষ্ঠ দেৱতাৰ স্থান দিছে। দেৱতাৰ আবাসস্থল স্বৰ্গ। কিন্তু মানুহ মৰ্ত্যবাসী। স্বৰ্গ আৰু দেৱতা উভয়ে মানুহৰ কল্পনাপ্রসূত: কিন্তু মানৱ সমাজ বাস্তৱ। মানুহৰ সুখ-দুখ, মৰম-ব্যথাৰ বিনিময় হয় মর্ত্য্যৰ পৃথিৱীত। স্বগ সকলো সুখৰ আকৰ আৰু সেই সুখ দেৱতাসকলে ভোগ কৰে বুলি কোৱা হয় যদিও বাস্তৱশূন্য সেই কথা মানুহৰ বাবে অর্থহীন। মানুহৰ সকলো সুখ-শান্তি মৰততে বিৰাজমান । মানুহৰ মাজত কবিয়ে দেৱত্ব বিচাৰি পাইছে৷ সুখ-দুখৰ মাজেৰেই মানুহে পৃথিৱীখন স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰে – এনে শক্তি আৰু মহত্ব মানুহতে নিহিত আছে বুলি কবিয়ে বিশ্বাস কৰি মানুহৰ জয়গান গাইছে।

Class 9 Assamese Chapter 2 Question Answer

ভাষা বিষয়ক

প্রশ্ন ৫| সমার্থক শব্দ লিখা –
মানুহ, সংগ, পৃথিৱী, সোঁত, স্বর্গ, দেৱ

উত্তৰঃ

শব্দ সমার্থক শব্দ
মানুহ নৰ, মনিচ, মনুষ্য।
সংগ লগ, সংগী, লগৰীয়া
পৃথিৱী ধৰিত্ৰী, বসু, বসুন্ধৰা, ধৰা, মহী
স্বর্গ সৰগ।
দেৱ দেৱতা।

(খ) মানৱী জনম দিয়া উটুৱাই’ – বুলি কবিয়ে কিহৰ কথা কৈছে – বুজাই লিখা।
উত্তৰঃ এই পৃথিৱীত মানুহৰ সোঁতৰ অন্ত নাই। মানুহ আহি আছে গৈ আছে অর্থাৎ চামে চামে মানুহ জন্মি আছে,চামে চামে মানুহ মৰি আছে। সেই কাৰণেই পৃথিৱীত মানুহ শূন্য হােৱা নাই। মানুহেৰে পৃথিৱী পূৰ হৈয়েই আছে। মানুহৰ কাৰণে পৃথিৱী ‘নিজাপী ঘৰ। পৃথিৱীত মানুহেই মানুহৰ লগ, মানুহৰ সংগ। সেই কাৰণে মানুহে মানুহৰ মৰম বুজিব লাগে, মানুহৰ প্রতি মানুহৰ মৰমেই প্রকৃত ধৰম। মানুহে মানুহৰ কামত অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰি, মানুহৰ সেৱা কৰি জীৱন অতিবাহিত কৰিব লাগে। তেতিয়াহে পৃথিৱী স্বৰ্গতে অধিক সুখকৰ হৈ পৰিব।

(গ) কৰা কৰা পূজা পাদ্য অর্ঘ্য লই’ বুলি কবিয়ে কাক পূজা কৰাৰ কথা কৈছে বুজাই লিখা।
উত্তৰঃ কৰা কৰা পূজা পাদ্য অর্ঘ্য লই’ বুলি কবিয়ে মানুহে মানুহকেই পূজা কৰাৰ কথা কৈছে।
পৃথিৱীলৈ মানুহৰ জন্ম-মৃত্যুৰ সোঁত এটি অহৰহ বৈ আছে। এচামৰ মৃত্যু হ’লেও এচামৰ জন্ম হৈছে। পৃথিৱীত মানুহ শূন্য হােৱা নাই। ইয়াত মানুহৰ একমাত্ৰ সংগী হ’ল মানুহ। মানুহৰ বাবে মানুহতকৈ শ্রেষ্ঠ কোনাে নাই। সেয়ে মানুহে মানুহৰ প্রতি সততে দয়াশীল, সহানুভূতিশীল, মৰমিয়াল হ’ব লাগে । মানুহৰ প্রতি মানুহৰ মৰমেই হৈছে প্রকৃত ধৰম। মানুহৰ বাবে মানুহেই দেৱতা। মানুহৰ সেৱা কৰিলে অন্য দেৱ-দেৱীক সেৱা কৰাৰ প্রয়ােজন নাই। সেয়ে আন্তৰিকতাৰে পাদ্য-অর্ঘ্য লৈ দেৱতাক পূজা কৰাৰ দৰে মানুহক পূজা কৰাৰ কথা কবিয়ে কৈছে; অর্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে।

Also Read: মানব বন্দনা কবিতা

Class 9 Assamese Chapter 2 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ :

১।কবিয়ে কাক ময়াপী জীব বুলি কৈছে?
উঃ কবিয়ে মানুহক ময়াপী জীৱ বুলি কৈছে।

২। কবিয়ে কলৈ মানুহ আহিছে গৈছে বুলি কৈছে?
উঃ কবিয়ে মৰতলৈ অৰ্থাৎ পৃথিৱীলৈ মানুহ আহিছে গৈছে বুলি কৈছে।

৩।কবিয়ে কিহক মৰত বুলি কোৱাত আক্ষেপ কৰিছে?
উঃ কবিয়ে পৃথিৱীক মৰত বুলি কোৱাত আক্ষেপ প্ৰকাশ কৰিছে।

৪। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ কবি কোন আৰু কবিতাটোৰ নাম কি আছিল
উঃ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ কবি আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু কবিতাটোৰ নাম আছিল ‘বনকুঁৱৰী’।

৫। মানৰ বন্দনা’ কবিতাটোৰ মাজেদি কবিৰ কি মনোভাব প্রকাশ পাইছে?
উঃ উদাৰ মানৱতাবাদ প্রকাশ পোৱা ‘মানৱ বন্দনা’ কবিতাটোৰ যোগেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ প্ৰকাশ পাইছে।

৬। আহিছে মানুহ ….মানুহ ময়াপী জীৱ।’ – ময়াপী শব্দৰ অৰ্থ কি?
উঃ ময়াপী শব্দৰ অৰ্থ হৈছে মায়া-মোহত আৱদ্ধ হৈ থকা।

৭। মানৱী জনমক কবিয়ে কিহৰ সৈতে উটুৱাই দিবলৈ কৈছে?
উঃ মানৱী জনমক কবিয়ে মানৱ কৰ্মৰ সোঁতৰ সৈতে উটুৱাই দিবলৈ কৈছে।

৮। কবিয়ে কাক পৰাৎপৰ অৰ্থাৎ শ্রেষ্ঠতকৈও শ্রেষ্ঠ বুলি কৈছে?
উঃ কবিয়ে মানুহক পৰাৎপৰ বুলি কৈছে।

৯।‘মানুহৰ নিজাপী ঘৰ,’— কিহক মানুহৰ সম্পূৰ্ণ নিজৰ ঘৰ বুলি কোৱা হৈছে?
উঃ পৃথিৱীক মানুহৰ নিজাপী অৰ্থাৎ সম্পূৰ্ণ নিজৰ ঘৰ বুলি কোৱা হৈছে।

১০। কবিয়ে কিহক স্বৰ্গতকৈও শ্রেষ্ঠ বুলি উল্লেখ কৰিছে?
উঃ পৃথিৱীক কবিয়ে স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি উল্লেখ কৰিছে।

১১। পাদ্য অৰ্ঘ্য লৈ কবিয়ে কাক কাৰ পূজা কৰিবলৈ কৈছে?
উঃ কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহকে মানুহৰ পূজা কৰিবলৈ কৈছে।

১২। ‘মানৱ বন্দনা’ কবিতাটোৰ কবি কোন?
উঃ ‘মানৱ বন্দনা’ কবিতাটোৰ কবি হ’ল চন্দ্ৰকুমাৰ আগৰৱালা।

১৩। চন্দ্ৰকুমাৰ আগৰৱালাক কি আখ্যা দিয়া হৈছিল?
উঃ চন্দ্ৰকুমাৰ আগৰৱালাক ‘প্ৰতিমাৰ খনিকৰ’ আখ্যা দিয়া হৈছিল৷

১৪। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ কোনটো যুগৰ শ্ৰেষ্ঠ কবি আছিল?
উঃ চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ শ্ৰেষ্ঠ কবি আছিল।

১৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথিকেইখনৰ নাম লিখা।
উঃ প্ৰতিমা, বীণ-বৰাগী আৰু মৰণোত্তৰভাৱে প্ৰকাশিত চন্দ্ৰামৃত !

Leave a Comment