সন্মান Class 9 Question Answer – প্রশ্নোত্তৰ অসমীয়া নৱম শ্ৰেণী

সন্মান Class 9 Question Answer | সন্মান সকলো প্ৰশ্নৰ উত্তৰ | Class 9 Assamese Chapter 16 Question Answer| সন্মান

শ্ৰেণী নৱম শ্ৰেণী
বিষয় অসমীয়া
পাঠ সন্মান Class 9
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

সন্মান Class 9 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক:

১। অতি চমু উত্তৰ দিয়াঃ
(ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখন মানুহে কেনেকুৱা আচৰণ কৰে?
উঃ অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনত মানুহে স্বপ্রধান হৈ আপােনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে।

(খ) ছাত্ৰই শিক্ষকৰ ধাৰ শুজিব পাৰেনে?
উঃ ছাত্রই শিক্ষকৰ ধাৰ শুজিব নােৱাৰে।

(গ) ‘তেওঁ দেৱতাৰ দেবতা, বিধাতাৰাে বিধাতা, ৰজাৰো ৰজা’ –তেওঁ কোন?
উঃ প্রশ্নোদ্ধৃত বাক্যটোত তেওঁ বুলি ঈশ্বৰক বুজোৱা হৈছে।

(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?
উঃ হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল।

(ঙ) হেমকোষ কি?
উঃ ‘হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বুৎপত্তিগত অভিধান।

(চ) কানীয়াৰ কীৰ্তনৰ ৰচক কোন?
উঃ ‘কানীয়াৰ কীৰ্তনৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা।

২। ‘ঈশ্বৰৰ পাছতে পিতৃ-মাতৃ আমাৰ মাননীয়’ – কথাষাৰ বুজাই লিখা।
উঃ আমি পৃথিৱীৰ পােহৰ দেখাৰ মূলতে যি কাৰণ, সেই কাৰণৰ নাম হৈছে ঈশ্বৰ। তেওঁ সকলােৰে মান্য, কিয়নাে তেওঁৰ বাবেই চৰাচৰ জগত বর্তি আছে। ঈশ্বৰ কাৰণ হ’লেও আমাক জন্ম দিছে আমাৰ পিতৃ-মাতৃয়ে। তেওঁলােকৰ বাবেহে আমি পৃথিৱীত বাস কৰিব পাৰিছোঁ। কেঁচুৱা অৱস্থাত কোলাত তুলি, খুৱাই-ধুৱাই আমাক নিজে নিজৰ কাম কৰিব পৰা তেওঁলােকেই কৰিছে। ডাঙৰ হােৱাৰ পাছতাে বেমাৰ-আজাৰ হ’লে তেওঁলােকে আমাক সুস্থ কৰি তুলিবলৈ অপ্রাণ চেষ্টা কৰে।

আমাৰ দুখত দুখী আৰু সুখত সুখী হ’বলৈ পিতৃ-মাতৃ অহৰহ সাজু হৈ থাকে। আমাৰ বুদ্ধিবৃত্তিৰ কৰ্ষণৰ বাবে উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰিবলৈ তেওঁলােকে কিমান যে দুখ-কষ্ট সহে! আমাৰ দুৰ্যশে তেওঁলােকৰ মনােকষ্ট বঢ়ায়। প্রতিটো সুনামে তেওঁলােকক নতুন জীৱন দিয়ে। তেওঁলােক অবিহনে আমি জীৱনত প্রতিষ্ঠিত হব নােৱাৰোঁ আৰু জীৱন যুঁজত আগ বঢ়াটোও কঠিন হৈ পৰে। আমাৰ বাবে অত দুখ-কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিকৰূপে গঢ়িবলৈ চেষ্টা কৰা বাবে তেওঁলােক আমাৰ বাবে সকলােতকৈ মান্য।

সন্মান Class 9 Question Answer

৩। শিক্ষকৰ প্ৰতি ছাত্ৰই মানসকাৰ কিয় ৰাখিব লাগে?
উঃ শিক্ষক হৈছে প্ৰতিগৰাকী ছাত্ৰৰ পথ নির্দেশক। চকু নথকা মানুহ আৰু শিক্ষক নথকা ছাত্র সমপর্যায়ৰ। ছাত্ৰৰ বাবে শিক্ষক হৈছে অন্তদৃষ্টিৰ যােগান ধৰোতা। বহু কথা চকুৰে দেখিও ছাত্ৰই উপলব্ধি কৰিব নােৱাৰে, সেইবােৰৰ মর্মার্থ বুজাব পাৰে কেৱল শিক্ষকেহে। শিক্ষকেহে আমাক জীৱনৰ সঠিক বাটৰ দিক নির্দেশনা দিব পাৰে। শিক্ষকৰ ঋণ কোনাে ছাত্রই কাহানিও পূৰ কৰিব নােৱাৰে। নিজৰ জ্ঞানেৰে শিক্ষকে ছাত্ৰৰ বুদ্ধিৰ কৰ্ষণ কৰায়। তেনে কামত তেওঁলােকে অশেষ পৰিশ্ৰম কৰিব লগীয়া হয় আৰু বহু সময়ত নিজৰ ভাল লগাবােৰাে ত্যাগ কৰিব লগাত পৰে। তথাপি ছাত্ৰৰ উন্নতিয়েই পৰম প্রাপ্তি বুলি শিক্ষক আনন্দিত হয়। সেয়ে শিক্ষকৰ ত্যাগৰ প্ৰতি ছাত্রসমাজৰ সন্মান থকা উচিত। ঋণ শুজিব নােৱাৰিলেও মান-সৎকাৰ কৰি শিক্ষকক আনন্দ দিব পাৰি আৰু ছাত্ৰসকলে সেয়া কৰা উচিত।

8। ‘সন্মান’ পাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা।
উঃ প্রকৃত সন্মানৰ গৰাকী কোন সেই বিষয়ে পাঠটোত বর্ণনা কৰা হৈছে। চৰাচৰ জগতৰ উৎপত্তিৰ কাৰণ হৈছে ঈশ্বৰ। তেওঁ সৃষ্টি আৰু পালকর্তা। তেওঁক সকলােৱে সন্মান কৰা উচিত কিয়নাে তেওঁৰ অবিহনে এই পৃথিৱীত নাথকিলোঁহেঁতেন আমি। ঈশ্বৰৰ পাছতে সন্মান কৰা উচিত আমাৰ জন্মদাতা পিতৃ-মাতৃক। ল’ৰা-ছােৱালীৰ সুখৰ বাবে নিজৰ সুখকো নেওচা পিতৃ-মাতৃ সদায় সন্মানৰ যােগ্য। কেঁচুৱা কালৰে পৰা আমাক তুলি-তালি ডাঙৰ কৰাকে ধৰি উপযুক্ত সময়ত আমাক শিক্ষা-দীক্ষাৰে আগবঢ়াই নিবলৈ পিতৃ-মাতৃয়ে যথেষ্ট দুখ কষ্ট সহিব লগা হয়, অথচ ল’ৰা-ছােৱালীৰ সুনামে তেওঁলােকক সকলাে দিয়ে। আমি নিজে নােৱাৰা অৱস্থাত তেওঁলােকে নিজৰ কোলাত আমাক আশ্রয় দিয়াৰ দৰে বৃদ্ধাৱস্থাত তেওঁলােককো আমি নিৰাপদে ৰখা উচিত।

ছাত্র-ছাত্রীৰ জীৱনৰ সঠিক দিক নির্দেশক হৈছে শিক্ষকসকল। ছাত্র-ছাত্রীৰ বুদ্ধি-বৃত্তি আৰু সম্ভাৱনাৰ কৰ্ষণ কৰি শিক্ষকে তেওঁলােকৰ জীৱনক গঢ় দিয়ে। এনে কৰিবলৈ যাওঁতে তেওঁলােকে অশেষ শ্ৰম আৰু ত্যাগ কৰিব লগীয়া হয়। গভীৰ জ্ঞানেৰে অন্তর্দৃষ্টি দান কৰে শিক্ষসকলেই। সেয়ে শিক্ষকক আটায়ে সন্মান কৰা উচিত।

শাসনকর্তা অবিহনে দেশত অৰাজকতাৰ সৃষ্টি হয়। কোনেও কাৰাে কথা নুশুনা বা নমনা হয়, চোৰ ডকাইতৰ উপদ্ৰৱ হয়, অন্যায় অবিচাৰবাঢ়ে।এইবােৰৰ পৰা মানুহক ৰক্ষা কৰিব পাৰে দেশৰ শাসনৰ গুৰিয়ালসকলে। তেওঁলােকে দুষ্টক দমন কৰি শান্তক পালন কৰে। সেয়ে তেওঁলােকক সম্মান কৰিব লাগে। গুণ, পদমর্যাদা, জ্যেষ্ঠতা, জ্ঞান আদিৰ শ্ৰেষ্ঠতাৰ ভিত্তিত সকলােকে সম্মান কৰা উচিত–পাঠটোৰ পৰা এই বহুমূলীয়া কথাই শিকিলো।

সন্মান Class 9 Question Answer

ভাষা বিষয়ক :

১। তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখা।
নৰিয়া; জগত; লোতক; চকু ; হেতু; মান।
উঃ
নৰিয়া : ৰােগ, বেমাৰ, অসুখ
জগতঃ পৃথিৱী, ধৰিত্ৰী, বসুমতী
লোতক : চকুলাে, অশ্রু, চকুপানী
চকু : নয়ন, অক্ষি, নেত্র
হেতু : কাৰণ
মান : সন্মান, শ্রদ্ধা

২। বিপৰীত শব্দ লিখা :
শ্রদ্ধা; শলাগ; আদি; দুষ্ট জ্যেষ্ঠ; ন্যায়।
উঃ শ্রদ্ধা : অশ্রদ্ধা
শলাগ : অশলাগ
আদি : অন্ত
দুষ্ : শান্ত
জ্যেষ্ঠ : কনিষ্ঠ
ন্যায় : অন্যায়

Related Post:

সন্মান Class 9 Question Answer অতিৰিক্ত প্রশ্নোত্তৰ

১। চমু উত্তৰ দিয়াঃ
(ক) কোনসকল লােকক কবিয়ে সম্মানৰ পাত্ৰ বুলি কৈছে?
উঃ ঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লােক— এইসকল লােকক কবিয়ে সম্মানৰ পাত্ৰ বুলি কৈছে।

(খ) সকলােৱে কাক ভক্তি কৰা উচিত?
উঃ সকলােৱে ঈশ্বৰক ভক্তি কৰা উচিত।

(গ) কবিয়ে আমি ধনী, মানী আৰু যশস্বী হলে কাৰ আনন্দৰ সীমা নথকাৰ কথা কৈছে?
উঃ কবিয়ে আমি ধনী, মানী আৰু যশস্বী হলে আমাৰ পিতৃ-মাতৃৰ আনন্দৰ সীমা নাথাকে বুলি কৈছে।

(ঘ) সন্মান নামৰ প্ৰবন্ধটো বৰুৱাদেৱৰ কোনখন পুথিৰ পৰা লােৱা হৈছে?
উঃ ‘সন্মান’ নামৰ প্ৰৱন্ধটো বৰুৱাদেৱৰ ‘পাঠমালা’ পুথিৰ পৰা লােৱা হৈছে।

Class 9 Assamese Chapter 16 Question Answer

(ঙ) কাৰ অনুগ্ৰহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়?
উঃ শিক্ষকৰ অনুগ্রহত ছাত্ৰৰ জ্ঞানৰ চকু মুকলি হয়।

(চ) দেশ এখনত দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোঁতা কোন?
উঃ দেশ এখনত দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোঁতা হৈছে দেশৰ অধিকাৰসকল।

(ছ) অধিকাৰ বা শাসনকর্তা নথকা দেশৰ অস্থিৰতাক কিহৰ লগত তুলনা কৰিব পাৰি?
উঃ ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ অস্থিৰতাৰ লগত অধিকাৰ বা শাসনকর্তা নথকা দেশৰ অস্থিৰতাক তুলনা কৰিব পাৰি।

(জ) দেশৰ শাসনকর্তাসকল আমাৰ কিয় মান্য?
উঃ দেশৰ শাসনকর্তাসকলে দুষ্টক দমন কৰি শান্তক পালন কৰে। তেওঁলােকেই চোৰ, ডকাইত আদিৰ পৰা সাধাৰণ মানুহৰ ধন, প্রাণ, মান ৰক্ষা কৰি দেশখন বসবাসৰ উপযােগী কৰি তােলে। সেয়ে তেওঁলােক আমাৰ মান্য।

অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখন মানুহে কেনেকুৱা আচৰণ কৰে?

উঃ অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনত মানুহে স্বপ্রধান হৈ আপােনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে।

ছাত্ৰই শিক্ষকৰ ধাৰ শুজিব পাৰেনে?

উঃ ছাত্রই শিক্ষকৰ ধাৰ শুজিব নােৱাৰে।

‘তেওঁ দেৱতাৰ দেবতা, বিধাতাৰাে বিধাতা, ৰজাৰো ৰজা’ –তেওঁ কোন?

উঃ প্রশ্নোদ্ধৃত বাক্যটোত তেওঁ বুলি ঈশ্বৰক বুজোৱা হৈছে।

হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উঃ হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল।

হেমকোষ কি?

উঃ ‘হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বুৎপত্তিগত অভিধান।

কানীয়াৰ কীৰ্তনৰ ৰচক কোন?

উঃ ‘কানীয়াৰ কীৰ্তনৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা।

Leave a Comment