চোৰধৰা প্ৰশ্ন উত্তৰ Class 9 Question Answer নৱম শ্ৰেণী

চোৰধৰা Class 9 Question Answer | চোৰধৰা সকলো প্ৰশ্নৰ উত্তৰ | Class 9 Assamese Chapter 15 Question Answer| চোৰধৰা Class 9

শ্ৰেণী নৱম শ্ৰেণী
বিষয় অসমীয়া
পাঠ চোৰধৰা
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

চোৰধৰা প্ৰশ্ন উত্তৰ

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক :
১। অতি চমুকৈ উত্তৰ লিখা :

(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে ?
উঃ কানাই বুলি শ্রীকৃষ্ণৰ কথা কোৱা হৈছে।

(খ) লৱণু-চোৰ কৃষ্ণই গােপীৰ মুখত কি সানি দিছিল?
উঃ লৱণু-চোৰ কৃষ্ণই গােপীৰ মুখত লৱণু সানি দিছিল।

(গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?
উঃ ‘নামঘােষা’গ্রস্থ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ।

(ঘ) ‘ওহি বান্দীসৱক থানে আৱৰ নাহি।’
‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল।
উঃ ‘আৱৰ নাহি’ বুলি যশােদাই শ্রীকৃষ্ণক কৈছিল।

Class 9 Assamese Chapter 15 Question Answer

২। (ক) “হে মাই যশােদা, তােহে তাপ তেজহ।’
— যশােদাৰ মনৰ তাপ গুচাবলৈ গােপীয়ে কিয় ক’ব লগা হৈছিল?
উঃ সুদীর্ঘ দিন যশােদা অপুত্রক আছিল। বহু পূণ্যৰ বলতহে তেওঁ কৃষ্ণক পুত্ৰ হিচাপে পাইছে। কৃষ্ণ যশােদাৰ আলাসৰ লাড়ু। এদিন বহু সময় ধৰি কৃষ্ণক নেদেখি যশােদা ব্যাকুল হৈ পৰিছিল।কাৰো পৰা কৃষ্ণৰ খবৰ পােৱা নাছিল। দুখে-শােকে যশােদাক
খুন্দা মাৰি ধৰিছিল। তেনেতে এগৰাকী গােপী আহি যশােদাক কৃষ্ণৰ খবৰ দিলে। তেওঁ কৃষ্ণক দেখি আহিছে এগৰাকী গােৱালীৰ ঘৰত তেওঁৰ লগত আছে গোপবালকসকল। সেয়ে যশােদাই দুখ কৰাৰ কাৰণ নাই। কৃষ্ণৰ খবৰ দি প্রশ্নোদ্ধৃত কথাষাৰিৰে গােপীয়ে যশােদাক মনৰ দুখ ত্যাগ কৰি শান্ত হ’বলৈ কৈছিল।

(খ) শ্রীকৃষ্ণই গােপীৰ মুখত কিয় লৱণু সানি দিছিল?
উঃ শ্রীকৃষ্ণই লৱণু খাই বৰ ভাল পাইছিল। দেউতাক নন্দ গুৱালৰ ৰজা, সেয়ে ঘৰত দধি-দুগ্ধ লৱণুৰ অভাৱ নাই। কিন্তু কৃষ্ণই ঘৰতে লৱণু খাই ক্ষান্ত নাথাকে, অন্যৰ ঘৰতাে মনে মনে গৈ লৱণু খায়।এদিন এগৰাকী গুৱালীৰ ঘৰত লৱণু চুৰি কৰিবলৈ সােমাই কৃষ্ণ হাতে-লোটে ধৰা পৰিল। বুদ্ধিৰ ভঁৰাল কৃষ্ণই গােপীৰ মুখত নিজৰ হাতৰ লৱণু সানি দিলে যাতে মানুহে তেওঁহে লৱণু খােৱা বুলি ভাবে। কেৱল সেয়াই নহয়, সকলােৰে সন্মুখত কৃষ্ণই কৈছে যে নিজৰ ঘৰৰ লৱণু নিজে খাই গােপীয়ে তেওঁক অপযশ দিছে। গােপীৰ মুখত লাগি থকা লৱণুয়েই তাৰ প্রমাণ।

চোৰধৰা প্ৰশ্ন উত্তৰ Class 9

৩। ‘ইহা শুনি চিন্তা-শােক তেজিৰে পৰম হৰষিত ভেল?’- কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল ?
উঃ যশােদাই কৃষ্ণ কুশলে থকাৰ খবৰ পাই হৰষিত হৈছিল।
পুত্র কৃষ্ণ যশােদাৰ চকুৰ মণি। কৃষ্ণক নেদেখাকৈ এখন্তেকো যশােদাই ৰ’ব নােৱাৰে এদিন কৃষ্ণক বহু সময় নেদেখি যশােদা ব্যাকুল হৈ পৰিল। তেনেতে এগৰাকী গােপী আহি যশােদাক খবৰ দিলে যে তেওঁ কৃষ্ণক দেখি আহিছে। এগৰাকী গােপী ঘৰত লৱণু চুৰি কৰি কৃষ্ণ ধৰা পৰিছে। আৰু গােপীয়ে চুৰি কাৰ্য ধৰা পেলােৱাত কৃষ্ণই লাজ পাইছে। নিজক বচাবলৈ কৃষ্ণই নিজৰ হাতৰ লৱণু ওলােটাই গােপীৰ মুখত সানি দিছে আৰু গােপীকে চোৰ সাজিছে। এই কথাত গােপীৰ মুখৰ মাত হৰিল আৰু কৃষ্ণক কাকুতি কৰিলে তেনে নকৰিবলৈ, ইয়াকো ক’লে যে গােপীক এৰি দিলে তেওঁ কৃষ্ণক লৱণু খাবলৈ দিব। এই কথা শুনি কৃষ্ণই গােপীক এৰিলে আৰু গােপীয়ে কৃষ্ণক লৱণু দিয়াই নহয়, ভােজনাে কৰালে। কৃষ্ণই আনন্দমনে সকলােৰে লগত নৃত্য কৰি আছে। এই সমস্ত খবৰ গােপীৰ মুখে পাই পুত্ৰৰ মংগল জানি যশােদা আনন্দিত হৈছিল।

৪। মাক যশােদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্রকাশ কৰিছিল?
উঃ মাক যশােদাই কৃষ্ণক লগ পাই কোলাত তুলি ল’লে আৰু গালে-মুখে চুমা খালে। শ্রীকৃষ্ণ সমস্ত বৃত্তান্ত শুনি যশােদাই গােৱালীসবক গালি পাৰিলে তেওঁৰ পুত্ৰক চোৰ আখ্যা দিয়া কাৰণে। তেওঁলােকৰ মুখত ছাই পৰিব বুলি ক’লে। কৃষ্ণক ক’লে সি যাতে আৰু কেতিয়াও সেই ঠাইলৈ নাযায়। নিজৰ ঘৰতে দধি-দুগ্ধৰ অভাব নাই, কৃষ্ণই যিমান খাব পাৰে যশােদাই সিমানে দিব। কৃষ্ণ যে কোটি পুৰুষৰ দেৱতাৰাে দেৱতা, মাথাৰ মুকুট, গলৰ সাতসৰী আৰু বুকুৰ শীতল চন্দন তাকো ক’লে। গােৱালীসবক গালি দি যশােদাই কৃষ্ণৰ গাৰ ধূলি জোকাৰি, বুকুৰ মাজত লৈ কোলাত তুলি গালে মুখে চুমা খালে। পৰম আনন্দেৰে নিজৰ ঘৰলৈ আনি শীতল জলেৰে গা ধুৱালে আৰু পঞ্চামৃত খুৱালে। চেনেহ উজাৰি চন্দনেৰে গা ধুৱাই দিব্যবস্তু- অলংকাৰেৰে ভূষিত কৰালে আৰু শ্ৰীকৃষ্ণৰ সুন্দৰ শৰীৰটোলৈ চাই মােক্ষতকৈও অধিক আনন্দ লাভ কৰি পৰম সন্তোষ লভিলে।

চোৰধৰা প্ৰশ্ন উত্তৰ Class 9

ভাষা বিষয়ক
৫। তলৰ পুৰণি শব্দবােৰৰ আধুনিক ৰূপ লিখা :
তেজহ, তােহাৰি, হামু, থিক, মাখিয়ে, উনিকৰ, ফিৰত, গাৰি।
উঃ তেজহ : ত্যাগ কৰা
তােহাৰি : তােৰ
হামু : মই
থিক : আছে
মাখিয়েঃ সানি
উনিকৰ : এওঁৰ
ফিৰত : ঘূৰি ফুৰা
গাৰি : গালি

৬। বিপৰীত শব্দ লিখাঃ
চোৰ, উত্তৰ, কাতৰ, পুণ্য, শােক, হর্ষ, শীতল।
উঃ চোৰ : সাধু
উত্তৰ : প্ৰশ্ন
কাতৰ : অকাতৰ
পুণ্য : পাপ
শােকঃ আনন্দ
হর্ষ : বিষাদ
শীতল : উষ্ণ

চোৰধৰা Class 9 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ :
১। মাধৰদেৱ কাৰ শিষ্য আছিল?
উঃ মাধৱদেৱ শংকৰদেৱৰ শিষ্য আছিল।

২। মাধৱদেৱৰ কিমান চনত আৰু ক’ত জন্ম হৈছিল?
উঃ মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম গ্রহণ কৰিছিল।

৩। ‘চোৰ ধৰা’ কি?
উঃ ‘চোৰ ধৰা’ হ’ল মাধৱদেৱ ৰচিত এখন ঝুমুৰা।

8। মাধৱদেৱৰ ৰচিত একমাত্র নাটকখনৰ নাম কি?
উঃ মাধৱদেৱৰ ৰচিত একমাত্ৰ নাটকখনৰ নাম হ’ল ‘অর্জুন-ভঞ্জন’।

৫। ‘অর্জুন-ভঞ্জন’ নাটখনৰ আন এটা নাম কি?
উঃ ‘অর্জুন-ভঞ্জন’ নাটখনৰ আন এটা নাম হ’ল ‘দধিমথন’।

Class 9 Assamese Chapter 15 Question Answer

৬। গােপীয়ে যােশোদাক কিয় দুখ ত্যাগ কৰিব কৈছিল?
উঃ শ্রীকৃষ্ণই লৱণু খাই মনৰ আনন্দত নৃত্য কৰি থকা দেখি কৃষ্ণ কুশলে থকাৰ খবৰটো দি গােপীয়ে যশােদাক দুখ ত্যাগ কৰিব কৈছিল।

৭। লৱণু ভােজন কৰি শ্ৰীকৃষ্ণই আনন্দত কি কৰিছিল?
উঃ লৱণু ভােজন কৰি শ্ৰীকৃষ্ণই আনন্দত নৃত্য কৰিছিল।

৮। ‘তােহাক হামু লৱণু দেৱব’— কোনে কাক লৱণু দিম বুলি কৈছিল?
উঃ এগৰাকী গােৱালীয়ে শ্রীকৃষ্ণক লৱণু দিম বুলি কৈছিল।

৯। যশােদাই গৈ শ্রীকৃষ্ণক গােপীসকলৰ মাজত কি কৰি থকা দেখিছিল?
উঃ যশােদাই গৈ শ্রীকৃষ্ণক গােপীসকলৰ মাজত নৃত্য কৰি থকা দেখিছিল

১০। মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ কীর্তিস্তম্ভ কি?
উঃ মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ কীৰ্তিৰ্তম্ভ হ’ল ‘নামঘােষা’ পুথি।

১১। মাধৱদেৱে অসমত কি আন্দোলনৰ গুৰি ধৰিছিল?
উঃ মাধৱদেৱে অসমত ভক্তি আন্দোলন বা বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰিছিল।

১২। মাধৱদেৱৰ ক’ত আৰু কেতিয়া মহাপ্রয়াণ ঘটে।
উঃ ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গাত মাধৱদেৱৰ মহাপ্রয়াণ ঘটে।

Also Read:

চোৰধৰা Class 9 Question Answer

চমু প্ৰশ্নোত্তৰ:
১। ঝুমুৰা কি?
উঃ একোটা সম্পূর্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্র ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত ৰচনা কৰা নাটককেই ঝুমুৰা বুলি কোৱা হয়।

২। মাধৱদেৱৰ ৰচিত কেইখনমান ঝুমুৰাৰ নাম লিখা।
উঃ মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহ হ’ল- ‘ভূমি লেটোৱা’, ‘ভােজন বেহাৰ’, ‘চোৰধৰা’ ‘পিম্পৰা গুছুৱা’।

৩। “হে কানাই, তােহাে হামাক ছাড়হ” – কোনে কাক কি প্ৰসংগত কৈছে?
উঃ প্ৰশ্নোদ্ধৃত কথাষাৰ গােৱালী এজনীয়ে শ্রীকৃষ্ণক উদ্দেশ্যি কৈছিল। এদিনাখন কৃষ্ণই গােৱালী এজনীৰ ঘৰত লৱণু চুৰি কৰি খাই ধৰা পৰিল। কিন্তু চতুৰ কৃষ্ণই তেওঁৰ হাতত লাগি থকা লৱণু গােৱালীৰ মুখত সানি দি তেওঁকেই চোৰ সাজিলে। তেওঁৰ আঁচলত ধৰি টানি আনিলে আৰু সকলােকে ক’লে যে নিজৰ ঘৰৰ লৱণু গোৱালীয়ে নিজেই খাইছে। এই কার্যত লাজ পাই গােৱালীয়ে তেওঁক এৰি দিবলৈ কৈ প্ৰশ্নোদ্ধৃত কথাষাৰৰ অৱতাৰণা কৰিছিল।

8। যশােদাই শ্ৰীকৃষ্ণৰ পৰা গােপীসকলৰ বৃত্তান্ত শুনি গােপীসকলক কি বুলি গালি দিছে?
উঃ যশােদাই শ্ৰীকৃষ্ণৰ পৰা গােপীসকলৰ বৃত্তান্ত শুনি গােপীসকলক এনেদৰে গালি দিছে – “আহে চাণ্ডি, গােৱালীসৱ, দাসীক দাসী, তােহোঁসৱ হামাৰ ওহি বালক কৃষ্ণক চোৰ বুলিয়ে কলঙ্ক কৰসি। ছিঃ তােহাৰি মুখে ছাৰ পৰােক।”

৫। “ইহাক শ্ৰৱণ-কীৰ্তন কৰিয়ে, সব লােক সংসাৰ ঘােৰ নিকাৰ তৰব।”— কি শ্ৰৱণ-কীৰ্তন কৰিলে সংসাৰৰ ঘােৰ যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব?
উঃ গােৱালীৰ ঘৰত লৱণু চুৰি কৰি ধৰা পৰা শ্রীকৃষ্ণই নিজৰ হাতৰ মাখন গােৱালীৰ মুখত সানি দি ওলােটাই গােৱালীকহে চোৰ সাজিলে। উপাই নাপাই গােৱালীয়ে লৱণু দিব বুলি ক’লে। লৱণু খাই মনৰ আনন্দত কৃষ্ণই নৃত্য-গীত কৰিব ধৰিলে। ‘চোৰধৰা’ নাটৰ সূত্ৰধাৰে শ্ৰীকৃষ্ণৰ এই নৃত্য-গীত শ্ৰৱণকীর্তন কৰিলে সংসাৰৰ ঘােৰ যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব পাৰি বুলি কৈছে।

৬। যশােদাই কৃষ্ণক ঘৰলৈ আনি কি কৰিছিল?
উঃ যশােদাই কৃষ্ণৰ শৰীৰত লাগি থকা ধূলি জোকাৰি পেলাই বুকুত সাবটি লৈছিল আৰু গালে-মুখে চুমা খাইছিল। ঘৰলৈ আনি শীতল জলেৰে গা ধুৱাই দি পঞ্চামৃত খুৱাইছিল। কপালত সুগন্ধি চন্দনৰ ফোট দিছিল, দিব্য বস্ত্র-অলংকাৰ পিন্ধাই দিছিল আৰু কৃষ্ণৰ সেই সুন্দৰ ৰূপ চাই পৰম তৃপ্তি লাভ কৰিছিল।

চোৰধৰা Class 9 Question Answer

দীঘল প্রশ্নোত্তৰ
১। ঝুমুৰাৰ প্রধান লক্ষণসমূহ কি?
উঃ ঝুমুৰাৰ প্রধান লক্ষণসমূহ তলত উল্লেখ কৰা হ’ল –
(ক) ঝুমুৰা একপ্রকাৰৰ চুটি নাট। ইয়াত এটি সম্পূর্ণ কাহিনী নাথাকে। এটি ক্ষুদ্র আখ্যান এবেলা বা এদিনৰ ঘটনা নাইবা সামান্য পৰিস্থিতিক লৈ নাটৰ কাহিনী সজোৱা হয়।

(খ) ঝুমুৰবােৰ নৃত্য-গীত প্রধান আৰু ইয়াৰ সৰহখিনি গীত ঝুমুৰি চুটি ছন্দত ৰচিত।
(গ) ঝুমুৰাত চৰিত্ৰই প্রাধান্য লাভ কৰে। মাধৱদেৱৰ ঝুমুৰাৰ নায়ক শ্রীকৃষ্ণ হলেও এইবােৰত নাৰী চৰিত্ৰৰ সংখ্যাই অধিক।

২। ‘চোৰধৰা’ ঝুমুৰাত প্রতিবিম্বিত হােৱা কৃষ্ণ আৰু যশােদাৰ এখনি প্রতিচ্ছবি দাঙি ধৰা।
উঃ ‘চোৰধৰা’ ঝুমুৰাৰ নায়ক হৈছে শ্রীকৃষ্ণ। ঝুমুৰাখনত শ্ৰীকৃষ্ণৰ চতুৰালি, উপস্থিত বুদ্ধি, সাহস, নাচ-গীতত পৈণতালি আদি সুন্দৰকৈ ফুটি উঠিছে। মাধৱদেৱৰ হাতত শিশু কৃষ্ণই মানৱ শিশুৰ দৰেই কার্য কৰিছে।পিতৃ-মাতৃৰ আদৰ পাই ডাঙৰ হােৱা যিকোনাে শিশুৰ দৰেই এওঁৰ আৱেগ-অনুভূতিৰ গতি। কিন্তু কৃষ্ণৰ চৰিত্ৰ ৰং- ধেমালিপ্রিয়, বাকপটু আৰু চতৰাুলিৰে ভৰা এধানমানি শিশুৰ দৰেই যদিও শিশুটিৰ মাজতে পৰম ব্ৰহ্মৰ মানৱীয় ৰূপৰ প্ৰকাশ বৈষ্ণৱ নাট্যকাৰে সযতনে দাঙি ধৰিছে।

কৃষ্ণই গােপীসকলৰ মাজত ‘চোৰ চাতুৰি ৰসখেলা’ খেলিছে যদিও প্ৰকৃততে তেওঁ চৰাচৰ গুৰু নাৰায়ণ। ঝুমুৰাখনত সূত্ৰধাৰ আৰু যশােদাৰ উক্তিৰ মাজেৰে এই তত্ত্ব সুন্দৰকৈ প্রকাশ পাইছে- “আহে সভাসদ লােক, শ্রীকৃষ্ণক পৰম কৃপালু গুণ দেখহ। কোটি ব্রহ্মাণ্ডক ঈশ্বৰ হুয়া নন্দক গৃহে বেকত হুয়া, নানান বিনোেদন-নৃত্য কয়ল।” ‘চোৰ ধৰা’ৰ আনটো উজ্জ্বল চৰিত্ৰ হৈছে যশােদা। যশােদা চৰিত্ৰত স্নেহময়ী জননীৰ ৰূপটো সুন্দৰকৈ ফুটি ওলাইছে। যশােদা আদর্শ গৃহিণী, মৰমিয়াল মাক আৰু কঠোৰ পুত্রশাসিকা। পুত্ৰক নেদেখি যশােদা পুত্রশােকত কাতৰ হৈছিল, দামুৰী হেৰােৱা গাইৰ দৰে হৈছিল তেওঁৰ অৱস্থা। গােপী এজনীৰ মুখে খবৰ পাই কৃষ্ণক বিচাৰি উলিয়ালে আৰু এগৰাকী পুত্ৰৰ মৰমত ব্যাকুল মাতৃৰ দৰেই পুত্ৰৰ গাৰ ধূলি জোকাৰি, কোলাত লৈ, চুমা খাই স্তনদান কৰিলে। যশােদাৰ খং আৰু ব্যক্তিত্বও কম নহয়। কৃষ্ণক আটক কৰি ৰখা বুলি জানিব পাৰি গােৱালীসবক গালি পাৰিহে এৰিলে। মুঠতে ঝুমুৰাখনত যশােদাৰ মাজত বিশ্বজনীন মাতৃৰূপ প্রতিভাত হৈছে।

More Assamese Class 10 Question Answer

১। মাধৰদেৱ কাৰ শিষ্য আছিল?

উঃ মাধৱদেৱ শংকৰদেৱৰ শিষ্য আছিল।

২। মাধৱদেৱৰ কিমান চনত আৰু ক’ত জন্ম হৈছিল?

উঃ মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম গ্রহণ কৰিছিল।

৩। ‘চোৰ ধৰা’ কি?

উঃ ‘চোৰ ধৰা’ হ’ল মাধৱদেৱ ৰচিত এখন ঝুমুৰা।

8। মাধৱদেৱৰ ৰচিত একমাত্র নাটকখনৰ নাম কি?

উঃ মাধৱদেৱৰ ৰচিত একমাত্ৰ নাটকখনৰ নাম হ’ল ‘অর্জুন-ভঞ্জন’।

Leave a Comment