হনুমন্ত লংকা দর্শন Class 9 Question Answer | হনুমন্ত লংকা দর্শন সকলো প্ৰশ্নৰ উত্তৰ | Class 9 Assamese Chapter 13 Question Answer| হনুমন্ত লংকা দর্শন
শ্ৰেণী | নৱম শ্ৰেণী |
বিষয় | অসমীয়া |
পাঠ | হনুমন্ত লংকা দর্শন |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
হনুমন্ত লংকা দর্শন Class 9 Question answer
পাঠভিত্তিক প্রশ্নোত্তৰ
ভাববিষয়ক
১। চমুকৈ উত্তৰ দিয়া
(ক) মাধৱ কন্দলী কোন আছিল?
উঃ মাধৱ কন্দলী আছিল প্রাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি।
(খ) মাধৰ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উঃ মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল।
(গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পােবা যায় ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত পাঁচটা কাণ্ড পােৱা যায়।
(ঘ) মাধৱ কন্দলীক শংকৰদেবে কি কবি বুলি অভিহিত কৰিছিল ?
উঃ মাধৱ কন্দলীক শংকৰদেৱে ‘অপ্রমাদী কবি’বুলি অভিহিত কৰিছিল।
(ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল।
(চ) ‘হনুমন্তৰ লঙ্কাদর্শন’ কাব্যাংশ কোনটো কাণ্ডৰ পৰা লােৱা হৈছে?
উঃ ‘হনুমন্তৰ লংকাদর্শন’ কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লােৱা হৈছে।
২। মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূর্ব যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰা।
উঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূর্ব যুগৰ কবিকেইজন হ’ল – হৰিবৰ বিপ্র, হেমসৰস্বতী, ৰুদ্ৰ কন্দলী।
৩। মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপােষকতা লাভ কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?
উঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপােষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূব-মধ্যাঞ্চলৰ কোনাে অঞ্চলত ৰাজত্ব কৰিছিল।
হনুমন্ত লংকা দর্শন Class 9 Question answer
8। তলত দিয়াবােৰৰ টোকা লিখা :
হনুমন্ত, সুগ্রীব, নীল, অস্ৰাৱতী, কাশ্যপন্দন, বিশ্বকর্মা
উঃ হনুমন্ত : হনুমন্ত বানৰ বীৰ। তেওঁ পৰম ৰামভক্ত। বায়ু দেৱতা আৰু অঞ্জলিৰ পুত্র। মহা বলৱন্ত আৰু বুদ্ধিমত্ত আছিল। ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত সীতাৰ সন্ধান উলিয়ায় হনুমন্তই। ৰাম-ৰাৱণৰ যুদ্ধত লক্ষ্মণক মেঘনাদে শৰ মাৰি বধ কৰাত বিশল্যকৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গােটেই পর্বতটোকে দাঙি আনিছিল। তেওঁৰ অন্তৰ আৰু মুখত সদায় ৰাম বাস কৰিছিল।
সুগ্রীৱঃ সুগ্রীৱ বানৰসকলৰ ৰাজ্য কিষ্কিন্ধ্যাৰ ৰজা বালীৰ ভায়েক। তেওঁ আছিল পৰম বীৰ। সীতাৰ সন্ধানত ঘূৰি ফুৰোঁতে ৰাম-সুগ্রীৱৰ মিলন হয় আৰু সুগ্রীৱ হৈ পৰে ৰামৰ পৰম মিত্র। ৰাজ্যলাভৰ আশাত সুগ্রীৱে ভায়েক বালীক ৰামৰ হতুৱাই হত্যা কৰায়। সীতা উদ্ধাৰৰ বাবে হােৱা যুদ্ধত সমস্ত বানৰ সেনা লৈ সুগ্রীৱে ৰামক সহায় কৰে।
নীল : এগৰাকী বানৰ বীৰ। কিষ্কিন্ধ্যাত ৰামচন্দ্ৰই লগ পায়। এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নির্মাণ কৰা হৈছিল সেই কাৰ্যৰ এগৰাকী সেনাপতি আছিল। সীতা অন্বেষণতাে ৰামক সহায় কৰিছিল।
অস্ৰাৱতী : হিন্দু শাস্ত্র মতে ইন্দ্ৰৰ ৰাজধানী য’ত দেৱতা, অপ্সৰাসকলে বাস কৰে। এই দেৱপুৰী বিশ্বকর্মাই নির্মাণ কৰিছিল। অমৰাৱতী চালে চকুৰােৱা; তাত থকা বাগিছাখনৰ নাম নন্দন কানন যত দুপ্রাপ্য ফুল জকমকাই ফুলি থাকে।
কাশ্যপন্দনঃ সূৰ্যৰ অন্য এটা নাম। কাশ্যপ আৰু অদিতিৰ পুত্ৰ। তেওঁ শক্তিৰ আধাৰ। অগ্নি, ৰুদ্ৰ আৰু বিষ্ণুৰ লগত সূর্য অভিন্ন।
বিশ্বকর্মা : ত্রিলােকৰ শ্ৰেষ্ঠ শিল্পী। দেৱতাসকলৰ অলংকাৰ আৰু বিমান এৱেই নির্মাণ কৰিছিল। বর্তমানে পৃথিৱীত এওঁকেই অভিযান্ত্রিক কাম-কাজৰ দেৱতা বুলি মনা হয়।
হনুমন্ত লংকা দর্শন Class 9 Question answer
৫। লংকানগৰীৰ কাষৰ বন-বননিত হনুমস্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল?
উঃ লংকানগৰীলৈ যাওঁতে কাষৰ বন-বননিত অনেক ফল-ফুল হনুমই দেখা পাইছিল। ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, তাল, কমলা, তেঁতেলী , কঁঠাল,নাৰিকল,শ্রীফল, সােলেং টেঙা, বগৰী, কৰ্দৈ, বীজপুৰ, আমলখি, অমৰা আদি বিবিধ ফলেৰে ভৰি আছিল লংকা নগৰীৰ বননি। শাল, তমাল, গমাৰি, আঁহত, বট, মনিছাল বা ৰিঠা, ছতিয়না, কণ্টকি, তামােল আদি বৃক্ষই আগুৰি আছিল লংকাৰ বন। একাষত আছিল পদুম ফুলেৰে ভৰি থকা পুখুৰী।নাগেশ্বৰ, কদম, গুলচ, পাৰিজাত, সেউতী, মালতী, গুটিমালী আদি নানা ফুল লংকাৰ বনত জাতিষ্কাৰ হৈ ফুলি আছিল। গুণ গুণ শব্দৰে ভােমােৰাই সেই ফুলৰ মধুপান কৰি থকা দৃশ্যই বননিক যেন ৰম্যভূমিত পৰিণত কৰিছিল।
৬। হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল।
উঃ হনুমন্তই বিৰাল অর্থাৎ মেকুৰীৰ ৰূপ ধৰি লংকানগৰীত প্ৰৱেশ কৰিছিল। সীতাৰ অন্বেষণত ঘূৰি ফুৰি হনুমস্তই আহি লংকা নগৰী পাইছিল। সাগৰ পাৰ হৈ আহি লংকাৰ সমীপ পাওঁতে সূর্যাস্ত সময় উপস্থিত হােৱাত হনুমানে সূর্য দেৱতাক প্রার্থনা জনায় আৰু অলপ সময় ৰ’বলৈ। সূর্য দেৱতা সন্মত হােৱাত হনুমানে লংকানগৰীলৈ উৰা মাৰে।নানা ফল-ফুলেৰে ভৰপূৰ কাষৰ বন বননিৰ সৌন্দর্য উপভােগ কৰি গধূলি লংকা নগৰীৰ প্ৰৱেশ পথ পায়। নিজৰ প্ৰকাণ্ড শৰীৰেৰে লংকাত প্রৱেশ কেনেকৈ কৰিব সেই চিন্তাত ত্রস্ত হ’ল হনুমান।কিয়নাে বিৰাটকায় বানৰ দেখিলে লংকাৰ ৰাক্ষসে তেওঁক ধৰি বান্ধি ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা
আছে। সেয়ে তেওঁ মায়াবিদ্যাৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি দেৱাল বগাই লংকা নগৰীত প্ৰৱেশ কৰিলে।
৭। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বর্ণনা দিয়া।
উঃ সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল। বিবিধ ফল-ফুলেৰে জাতিষ্কাৰ বন-বননি পাৰ হৈ গধূলি বেলিকা হনুমন্ত উপস্থিত হৈছিল লংকা নগৰীৰ প্রৱেশ পথত। প্রকাণ্ড শৰীৰটো দেখিলে লংকাৰ ৰাক্ষসে তেওঁক বান্ধি নগৰৰ ঘৰে ঘৰে লৈ ফুৰিব পাৰে বুলি ভাবি তেওঁ এটি মেকুৰীৰ ৰূপ ধাৰণ কৰিলে। মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লংকাৰ সৌন্দর্য চাবলৈ ধৰিলে। ত্রিকূট পর্বতত স্থাপিত লংকা নগৰীখন যেন বিশ্বকর্মা নির্মিত ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীহে। সমগ্ৰ নগৰীৰ চাৰিসীমা সােণৰ গড়েৰে আৱৰা। অনেক যােজন বাটৰ ঠায়ে ঠায়ে উজ্জ্বলি আছিল সােণ, মণি, মণিক ইত্যাদিৰে। লংকা নগৰীৰ বহল চাৰিসীমা বেৰি আছে অসংখ্য দুর্গই।বিভিন্ন যন্ত্রপাতিৰে সজ্জিত সেই দুর্গ দেৱতাই লংঘিব নােৱাৰে। গধুলি সময়ত দেখা লংকানগৰী হনুমন্ত দুর্গম স্থান যেন লাগিছিল।
Class 9 Assamese Chapter 13 Question Answer
৮। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল?
উঃ ৰামভক্ত হনুমন্তই প্ৰভুৰ দুখ মােচনার্থে সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল। গধূলি সময়ত তেওঁ দেখিছিল লংকা আৱৰি আছে সােণেৰে নির্মিত গড়ে নগৰীৰ বহল চাৰিসীমা বেঢ়ি আছে অসংখ্য মজবুত দুর্গই। নানা যন্ত্ৰেৰে সজ্জিত সেই দুর্গ দেৱতাই লংঘিব নােৱাৰে। হনুমন্তৰ ধাৰণা হৈছিল যে লংকা দুর্গম ঠাই। তেওঁৰ মনত চিন্তা উপজিছিল যে অংগদ, সুগ্রীৱ, নীল আৰু তেওঁ মায়াবলেৰে সাগৰ অতিক্ৰম কৰি লংকাত প্রৱেশ কৰিব পাৰিলেও অন্য বানৰে শত যােজন পথ পাৰ হৈ সাগৰৰ সিপাৰৰ লংকালৈ কিদৰে আহিব। দেৱতায়াে লংঘিব নােৱাৰা লংকালৈ আহি দাশৰথী ৰামেও যেন একো কৰিব নােৱাৰিব— তেনে চিন্তাও হনুমন্তৰ মনলৈ আহিছিল।
৯। সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?
উঃ সীতাক বিচাৰি ত্রিকুট পৰ্বতৰ ওপৰৰ সুবেল-শৃংগত উপস্থিত হৈছিল হনুমন্ত। শৃংগত বহি তেওঁ ভাবিছিল যে সমুদ্র অতিক্রমি তেওঁ সুস্থ শৰীৰেৰে সুবেল আহি পাইছে যেতিয়া আগলৈও আগুৱাব পাৰিব। কোটি যােজন বাট অতিক্রম কৰাৰ সাহসাে তেওঁৰ আছে। সাগৰ পাৰ হওঁতে তেওঁৰ মনলৈ কোনাে শংকা অহা নাছিল, সেয়ে এতিয়া আগুৱাব নােৱাৰিব বুলি ভাবিবলৈ তেওঁৰ লাজ লাগে। এইবােৰ কথা ভাবি ভাবি হনুমন্তই সুবেলত বহি দ্বিতীয় অমৰাৱতী সদৃশ লংকা নগৰীলৈ দৃষ্টি
নিক্ষেপ কৰিছিল।
ভাষা বিষয়ক
১১। তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ
কন্টকি, ছাতিয়াল, তহিতে, দেৰিলন্ত।
উঃ কন্টকি : কাঁইটীয়া
ছাতিয়াল : ছতিয়না
তহিতে : তাতে
দেখিলন্ত : দেখিলে
১২। সমার্থক শব্দ লিখাঃ
গগন, বিৰাল, গড়, সমুদ্র, পৱন
উঃ গগন : আকাশ, অৰীক্ষ, ব্যোম, নভ, অম্বৰ
বিৰাল : মেকুৰী
গড় : দুর্গ, কিল্লা, কোঠ
সমুদ্র : সাগৰ, জলধি
পৱন : বায়ু, বতাহ, মৰুৎ
Als Read:
- চোৰধৰা প্ৰশ্ন উত্তৰ Class 9 Question Answer নৱম শ্ৰেণী
- সুখ Class 9 Question Answer সুখ কবিতা নৱম শ্ৰেণী
- লোকসংস্কৃতি Class 9 Question Answer – অসমীয়া নৱম শ্ৰেণী
- যুঁজ class 9 Question Answer সকলো প্ৰশ্নৰ উত্তৰ
- পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answer – নৱম শ্ৰেণী
Class 9 Assamese Chapter 13 Question Answer
অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ :
১। মাধৰ কন্দলী কোন যুগৰ কবি আছিল?
উঃ মাধৱ কন্দলী প্রাক শংকৰী যুগৰ কবি আছিল।
২। পৱন নন্দন কোন?
উঃ পৱন নন্দন হ’ল পৱন পুত্র হনুমান।
৩। লংকাপুৰী ক’ত অৱস্থিত আছিল?
উঃ লংকাপুৰী ত্রিকূট পৰ্বতৰ ওপৰত অৱস্থিত।
৪। হনুমানে কিহৰ ওপৰত বহি লংকা নগৰীখন চাইছিল?
উঃ হনুমানে সুবেল শৃংগত বহিয়েই লংকা নগৰীখন চাইছিল।
৫। কাশ্যপ নন্দন কেন?
উঃ কাশ্যপ নন্দন সূৰ্যৰ অন্য এটা নাম।
৬। হনুমানে প্রাচীৰৰ ওপৰত উঠি কি দেখিছিল?
উঃ প্রাচীৰৰ ওপৰত বহি হনুমানে লংকাৰ গড় দেখিলে। নগৰৰ ফালে গৈ থাকোতে তেওঁ নানা ফল-ফুলৰ গছ দেখিবলৈ পালে।
৭। অমৰাৱতী কি?
উঃ হিন্দু শাস্ত্র মতে অমৰাৱতী ইন্দ্ৰৰ ৰাজধানী য’ত দেৱতা, অস্পৰাসকলে বাস কৰে। এই দেৱপুৰী বিশ্বকর্মাই নিৰ্মাণ কৰিছিল।
৮। ‘দাশৰথী ৰাম’ – ৰে কি অর্থ কৰিছে?
উঃ ‘দাশৰথী ৰাম’— দশৰথৰ পুত্ৰ ৰামৰ অৰ্থ প্ৰকাশ কৰিছে।
হনুমন্ত লংকা দর্শন Class 9 Question answer
চমু প্রশ্নোত্তৰ
১। “সুবেল গিৰিৰ শৃংগ অতি বিতােপন। তহিতে পৰিলা গৈয়া পৱন নন্দন।”
—- পৱন নন্দন কোন? তেওঁ কিয় তাত গৈ পৰিছে?
উঃ পৱন নন্দন হৈছে বানৰ বীৰ হনুমান। তেওঁ ৰামৰ পৰম ভক্ত। সীতাৰ অন্বেষণত গৈ তেওঁ তাত পৰিছে।
২। “ষড় ঋতু নাহাড় কোকিলৰ ৰাৱ”।
– কোনে, ক’ত ছয় ঋতুতে কুলিৰ মাত থাকে বুলি কৈছিল?
উঃ ছয় ঋতুত কুলিৰ মাত লংকা নগৰীত থাকে বুলি অপ্রমাদী কবি মাধৰ কন্দলিয়ে কৈছে।
৩। “অশথ কপিথ ৰট নাৰ দৰ।”
— অশ্বথ আৰু কপিথ মানে কি?
উঃ ‘অশ্বথ’ মানে পবিত্ৰ বৰগছ বা আঁহত গছ। কপিথ’ মানে হ’ল ঔটেঙা।
৪। “মাখা তুলি দেখ আদিত্য অস্ত যান্ত।
সূর্য অস্ত যাবলৈ ধৰা দেখি হনুমানে কি কৰিছিল?
উঃ সূর্য অস্ত যাবলৈ ধৰা দেখি হনুমানে আদিত্যক আৰু কিছু সময় ৰ’বলৈ অনুৰােধ কৰিছিল যাতে তেওঁ ৰামৰ কার্য সিদ্ধিৰ বাবে লংকানগৰী সুন্দৰভাৱে চাই ল’ব পাৰে।
হনুমন্ত লংকা দর্শন মূলভাব
মূলভাব: সীতাৰ খবৰ আনি ৰামক জনাবলৈ হনুমন্তবীৰে লংকালৈ গৈ কি দেখিলে তাৰ নিভাঁজ বর্ণনাই কাব্যাংশৰ মূল বিষয়। সম্পাতিৰ পৰা সাগৰৰ সিপাৰে থকা লংকাৰ অধিপতি ৰাৱণে সীতাক হৰি নিছে বুলি গম পাই ৰাম-লক্ষণ আৰু কপিসকলে মন্ত্রণা কৰিলে যে লংকালৈ হনুমন্ত যাব। কিয়নাে তালৈ গ’লে সাগৰ পাৰ হ’ব লাগিব আকাশ মার্গেদি আৰু সেই কাম কৰিব পৰা একমাত্র বীৰ হৈছে পৱনপুত্র হনুমন্ত। সেইমতে নানা বিপদ-বিঘিনি নেওচি হনুমন্তই ত্রিকূট পর্বত ওপৰত থকা লংকা নগৰী দেখিবলৈ পায়। সেই ক্ষণতে সূর্যাস্ত হ’বলৈ ধৰা দেখি তেওঁ আদিত্যক প্রার্থনা জনালে অলপ সময় ৰবলৈ। আদিত্যই তাকে কৰাত হনুমন্তই সুবেল শৃংগত বহিয়ে লংকাৰ গড় দেখিলে।
নগৰৰ ফালে গৈ থাকোতে তেওঁ নানা ফল-ফুলৰ গছ দেখিবলৈ পালে।ঔটেঙা, আঙুর, আম, জাম, খেজুৰ, তাল, কমলা, তেতেলী,কঁঠাল, নাৰিকল, শ্রীফল, সােলেং টেঙা, বগৰী, কৰ্দৈ, বীজপুৰ, আমলখি, অমৰা আদি বিবিধ ফলেৰে ভৰি আছিল লংকা নগৰীৰ বননি। শাল, তমাল, গমাৰি, আঁহত, বট, মনিছাল বা ৰিঠা, ছতিয়ানা, কণ্টকি, তামােল আদি বৃক্ষই আগুৰি আছিল লংকাৰ বন। একাষত আছিল পদুম ফুলেৰে ভৰি থকা পুখুৰী। নাগেশ্বৰ, কদম, গুলচ, পাৰিজাত, সেউতী, মালতী, গুটিমালী আদি নানা ফুল লংকাৰ বনত জাতিষ্কাৰ হৈ ফুলি আছিল। গুণ গুণ শবদেৰে ভােমােৰাই সেই ফুলৰ মধুপান কৰি থকা দৃশ্যই বননিক যেন ৰম্যভূমিত পৰিণত কৰিছিল। এইবােৰৰ উপৰি বাৰ মাহে বতাহ বয়, ছটা ঋতুতে কুলিয়ে মাতে।
অনেক পশু-পক্ষীৰেও ভৰি আছে বন। হনুমন্তই দৃষ্টি প্রসাৰিত কৰি সকলাে চাই চাই নগৰৰ প্ৰৱেশদ্বাৰ পাওঁতে গধূলি হ’ল। বিৰাটকায় বানৰ দেখিলে ৰাক্ষসে ধৰি বান্ধিনগৰলৈ নিব বুলি ভাবি হনুমন্তই এটা মেকুৰীৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিলে। লংকাখন বিশ্বকর্মা নির্মিত অমৰাৱতীহে যেন। তাতে সকলাে সুবর্ণময়। সুবর্ণ আৰু মাণিক, মুকুতাৰে নির্মিত বিভিন্ন প্রসাদ, গড়, উদ্যানেৰে ভৰি আছে লংকা নগৰী। লংকা নগৰীৰ বহল চাৰিসীমা বেৰি আছে অসংখ্য দুর্গই, বিভিন্ন যন্ত্রপাতিৰে সজ্জিত সেই দুর্গ দেৱতাই লংঘিব নােৱাৰে। এনেহেন লংকা নগৰী হনুমন্তৰ দুর্গম স্থান যেন লাগিছিল।
লংকা নগৰীৰ প্রকৃতি বর্ণনত অসমীয়া কবিয়ে য’তেই সুৰঙা পাইছে তাতেই অসমৰ গছ বন, ফুল-ফলৰ নামােল্লেখ কৰা বাবে লংকাৰ প্রকৃতি পাঠকৰ আপােন আপােন লাগে। নৈসর্গিক সৌন্দর্যৰ নিভাজ বর্ণনাই পাঠটোক সুপঠিত কৰি তুলিছে।
(ক) মাধৱ কন্দলী কোন আছিল?
উঃ মাধৱ কন্দলী আছিল প্রাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি।
(খ) মাধৰ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উঃ মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল।
(গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পােবা যায় ?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত পাঁচটা কাণ্ড পােৱা যায়।
(ঘ) মাধৱ কন্দলীক শংকৰদেবে কি কবি বুলি অভিহিত কৰিছিল ?
উঃ মাধৱ কন্দলীক শংকৰদেৱে ‘অপ্রমাদী কবি’বুলি অভিহিত কৰিছিল।
(ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল।
(চ) ‘হনুমন্তৰ লঙ্কাদর্শন’ কাব্যাংশ কোনটো কাণ্ডৰ পৰা লােৱা হৈছে?
উঃ ‘হনুমন্তৰ লংকাদর্শন’ কাব্যাংশ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লােৱা হৈছে।