সুখ Class 9 Question Answer সুখ কবিতা নৱম শ্ৰেণী

সুখ Class 9 Question Answer | সুখ কবিতা সকলো প্ৰশ্নৰ উত্তৰ | Class 9 Assamese Chapter 13 Question Answer| সুখ কবিতা আনন্দ চন্দ্ৰ আগৰৱালা

শ্ৰেণীনৱম শ্ৰেণী
বিষয়অসমীয়া
পাঠসুখ কবিতা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

সুখ Class 9 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

অতি চমু উত্তৰ দিয়া :
(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি?
উঃ মানুহৰ সুখ-দুখৰ আচল কথা হৈছে মন।

(খ) কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰায় বুলি কৰিয়ে কৈছে?
উঃ ‘মই’, ‘মােৰ’ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে।

(গ) নিঃস্বার্থৰ বাট কেনেকুৱা ?
উঃ নিঃস্বার্থৰ বাট হৈছে সুগন্ধি কুসুম ফুলা সেন্দুৰীয়া আলি।

(ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়?
উঃ কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰা বাবে আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়।

(ঙ) কাক আপােন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে?
উঃ পৰক আপােন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে।

(চ) কবিৰ মতে প্রকৃত সুখ কেনেকৈ পাব পাৰি?
উঃ নিঃস্বার্থ মনােভাবেৰে বিশ্বপ্ৰেমৰ বাণী বিলােৱাৰ মাজতহে প্রকৃত সুখ পাব পাৰি।

সুখ কবিতা Class 9

২। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা।
উঃ সুখ মানুহৰ মনৰ পৰা উদ্ভুত এক অৱস্থা। মনৰ সন্তুষ্টি আৰু তৃপ্তিৰ অনুভৱেই সুখ। সুদীর্ঘ জীৱনৰ বিভিন্ন কর্মৰ মাজেদি মানুহে কেৱল সুখী হ’বলৈ বিচাৰে। কাৰণ দুখৰ সংজ্ঞা কেৱল যন্ত্রণা; ই জীৱন দুর্বিসহ কৰি তােলে। সুখৰ সন্ধানত মানুহ ব্যাকুল হ’লেও ইয়াক সহজে পাব নােৱাৰি। সুখৰ পথ নিষ্কণ্টক নহয়।সুখ পাবলৈ হ’লে মানুহে নিঃস্বার্থভাৱে কাম কৰিব লাগিব। সেই কাম কেৱল নিজৰ বা আপােনজনৰ বাবে নহয়।

স্বার্থ ত্যাগ কৰি, আনৰ হিত সাধন কৰি আৰু পৰক আপােন কৰি তেওঁলােকৰ দুখ মােচনৰ বাবে আগুৱাই গৈ কর্মত নিজক নিয়ােগ কৰিব লাগে। তেনে কৰ্মৰ ফল অন্যজনৰ বাবে ফলদায়ক হয়। তেওঁলােকৰ মুখত হাঁহি বিৰিঙি উঠা দেখিলেও সুখ অনুভৱ কৰিব পাৰি। আত্মকেন্দ্রিক লােকক কোনেও ভাল চকুৰে নাচায়। পৃথিৱীৰ সকলাে লােক আপােন ভাই-ভনীৰ দৰে- এনে প্রেমময় ভাব আৰু উদাৰতা সুখ আহৰণৰ উৎস। সেই বিশ্বপ্রেমতহে সুখ বিচাৰি পােৱা যায় বুলি কবিয়ে কৈছে।

সুখ Class 9 Question Answer

৩। ব্যাখ্যা কৰা :
(ক) অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিৰ পাৰিলে
সংসাৰ সুখৰ ঠাই।
উঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত থকা আনন্দ চন্দ্ৰ আগৰৱালাৰ ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
মানৱ জীৱনত সুখৰ উৎসৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
মানুহ মাত্রেই সুখৰ সন্ধানী। আজীৱন মানুহে সুখ বিচাৰে সকলােতে। প্রকৃত সুখৰ কোনাে নির্দিষ্ট ধাৰণা নথকা বাবে মানুহে সুখ বিচাৰি হাবাথুৰি খায়। সুখৰ বাট বুলিবলৈ গৈ মানুহে পায় দুখৰ উপৰি দুখ।মানুহক সুখৰ সন্ধান দিবলৈ কবিয়ে চেষ্টা কৰিছে। তেওঁ বুজি পাইছে যে কেৱল নিজৰ নিমিত্তে সুখ বিচাৰি থাকিলে সুখে আহি ধৰা নিদিয়ে।

পৰৰ উন্নতিৰ মাজতহে বিচাৰি পােৱা যায় সুখ। পৰৰ উন্নতি বা হিতৰ কাৰণে খাটিব পৰাজনেহে নিজৰ মনত সুখ অনুভৱ কৰে। পৰৰ দুখত দুখী হৈ তেওঁলােকক সহায় কৰোঁতাজনহে সুখী হয়। পৰৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰোঁতাজনৰহে সুখৰ অভাৱ নােহােৱা হয়। পৰৰ সুখৰ কাৰণে চকুলাে টুকিব পাৰিলেহে নিজৰ সুখলৈ ঠাই হয়। ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে কবিয়ে এই কথাকেই ক’ব খুজিছে।

(খ) গাই-গােটা পেটে ভঁৰাল নহবা
লােকৰ দুখলৈ চোৱা,
মানুহৰ সেৱা মানুহৰ পূজা।
পৱিত্ৰ বৰত লােৱা।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত। ‘সুখ’ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
মানুহৰ সেৱাৰ মাজত কিদৰে সুখৰ সন্ধান পােৱা যায় তাকে ক’বলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
সুখ বিচাৰি মানুহে ওৰে জীৱন অতিবাহিত কৰে। নিজৰ সুখৰ বাৰেই ঘাইকৈ মানুহে কষ্ট কৰে। বহু সময়ত মানুহ নিজৰ পাৰ্থিৱ সুখক লৈ ইমান ব্যস্ত থাকে যে পৃথিৱীৰ অইন মানুহৰ কথা পাহৰিয়েই থাকে। তেওঁলােকৰ মনত অহং ভাবে ক্রিয়া কৰে আৰু দুখীহে হৈ পৰে। কিয়নাে নিঃস্বার্থভাৱে লােকৰ উন্নতিৰ চিন্তা কৰাজনেহে সুখৰ বাট বিচাৰি পায়।

স্বার্থপৰ লােকৰ জীৱনৰ বাট কাঁইটীয়া হয়। সেয়ে কবিয়ে অইনৰ দুখক উপলব্ধি কৰি সেই দুখ নিৰাময়ৰ হকে খাটিবলৈ কৈছে। নিঃস্ব বা আৰ্তজনৰ সেৱা কৰাটোতহে সুখ লুকাই থাকে। মানৱ ধর্মহে পৰম ধৰ্ম, মানুহৰ পূজা কৰিলেহে সুখী হােৱাৰ আশীষ পাব পাৰি। তাকে নকৰি কেৱল নিজৰ কথা ভাবিলে মায়া-মোহত বন্দী মানুহে দুখী জীৱন কটোৱাৰ বিকল্প নাথাকে। ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে ক’ব খুজিছে যে মানুহৰ সেৱাই মানুহৰ পৱিত্ৰ ব্ৰত হােৱা উচিত আৰু তাৰ মাজতেই নিহিত থাকে জীৱনৰ সুখ।

সুখ Class 9 Question Answer

(গ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট
খােতজপতি বিন্ধে হুলে,
নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি
সুগন্ধি কুসুম ফুলে।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রকৃত সুখৰ কাৰণৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
মানুহ মানেই সুখ বলিয়া। সুখৰ সন্ধানেই মানুহৰ জীৱনৰ মুখ্য উদ্দেশ্য।পিচে সুখ বিচাৰি থাকোতে মানুহে অইনৰ কথা পাহৰিয়েই থাকে, কেৱল নিজৰ সুখৰ নিমিত্তেহে অহোপুৰুষাৰ্থ কৰে। মানুহে বুজি নুঠে যে পৰৰ হিততহে লুকাই থাকে নিজৰ সুখ-আনন্দ। স্বার্থ পূৰণ কৰিবলৈ গৈ মানুহে দুখহে পায় কেৱল। কবিয়ে সেয়ে জীৱনৰ কাঁইটীয়া বাট পৰিহাৰ কৰিবলৈ মানুহক নিঃস্বার্থ ভাবেৰে মানৱৰ পূজা কৰিবলৈ কৈছে।

আত্মকেন্দ্রিক মানুহে সুখী হ’ব নােৱাৰে কিয়নাে পৰৰ সুখতহে লুকাই থাকে নিজৰাে সুখ। পৃথিৱীৰ সকলাে লােকক আপােন ভাই-ভন্নী জ্ঞান কৰি তেওঁলােকৰ উন্নতিৰ নিমিত্তে চিন্তা কৰিলেহে মানুহে সুখ বিচাৰি পাব পাৰে। আনকি বিশ্বপ্রেমৰ বাণী বিলােৱা জনৰ কোনােদিন সুখৰ ওৰ নপৰে বুলিও কবিয়ে কৈছে।

সুখ কবিতাৰ মূলভাব লিখা।

মূলভাবঃ সুখ মানুহৰ মনৰ পৰা উদ্ভুত এক অৱস্থা। মনৰ সন্তুষ্টি আৰু তৃপ্তিৰ অনুভৱেই সুখ। সুদীর্ঘ জীৱনৰ বিভিন্ন কর্মৰ মাজেদি মানুহে কেৱল সুখী হ’বলৈ বিচাৰে। কাৰণ দুখৰ সংজ্ঞ কেৱল যন্ত্রণা; ই জীৱন দুর্বিসহ কৰি তােলে। সুখৰ সন্ধানত মানুহ ব্যাকুল হলেও ইয়াক সহজে পাব নােৱাৰি। সুখৰ পথ নিষ্কণ্টক নহয়। সুখ পাবলৈ হ’লে মানুহে নিঃস্বার্থভাৱে কাম কৰিব লাগিব। সেই কাম কেৱল নিজৰ বা আপােনজনৰ বাবে নহয়। স্বার্থ ত্যাগ কৰি, আনৰ হিত সাধন কৰি আৰু পৰক আপােন
কৰি তেওঁলােকৰ দুখ মােচনৰ বাবে আগুৱাই গৈ কর্মত নিজক নিয়ােগ কৰিব লাগে। তেনে কৰ্মৰ ফল অন্যজনৰ বাবে ফলদায়ক হয়। তেওঁলােকৰ মুখত হাঁহি বিৰিঙি উঠা দেখিলেও সুখ অনুভৱ কৰিব পাৰি।

আত্মকেন্দ্রিক লােকক কোনেও ভাল চকুৰে নাচায়। পৃথিৱীৰ সকলাে লােক আপােন ভাই-ভনীৰ দৰে- এনে প্রেমময় ভাব আৰু উদাৰতা সুখ আহৰণৰ উৎস। সেই বিশ্বপ্রেমতহে সুখ বিচাৰি পােৱা যায় বুলি কবিয়ে কৈছে।

লগতে পঢ়ক:

Class 9 Assamese Chapter 13 Question Answer

ভাষা বিষয়ক

১। উদাহৰণটো চাই বাকীকেইটা কৰা :
উদাহৰণ: আপােনঃ পৰ
দুখ, স্বার্থ, অভাব, সন্তোষ, হাঁহি।
উঃ দুখ : সুখ
স্বাৰ্থ : নিঃস্বার্থ
অভাৱ : উভৈনদী।
সন্তোষ : অসন্তোষ
হাঁহি : কান্দোন

২। উদাহৰণটো চাই বাকীকেইটা কৰা :
উদাহৰণঃ সামৰথঃ সামর্থ্য
ধৰম, কৰম, বিৰিখ, যতন, মুকুতি
উঃ ধৰম : ধর্ম
কৰম : কর্ম
বিৰিখ :বৃক্ষ
যতন : যত্ন
মুকুতি : মুক্তি

Class 9 Assamese Chapter 13 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ

১। চমু উত্তৰ দিয়া :
(ক) ‘সুখ’ কবিতাটো কোনখন কবিতাপুথিৰ পৰা লােৱা হৈছে?
উঃ ‘সুখ’ কবিতাটো ‘জিলিকনি’ৰ পৰা লােৱা হৈছে।

(খ) কান্দোনত সুখ কেনেকৈ পায় বুলি কবিয়ে কৈছে?
উঃ পৰৰ কাৰণে কান্দিব জানিলে কান্দোনত সুখ পায় বুলি কবিয়ে কৈছে।

(গ) কবিয়ে কাক পূজা কৰিব কৈছে?
উঃ কবিয়ে মানুহক পূজা কৰিবলৈ কৈছে।

(ঘ) স্বাৰ্থৰ বাটত কি পােবা যায়?
উঃ স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু হুল পােৱা যায়।

‘সুখ’ কবিতাটো কোনখন কবিতাপুথিৰ পৰা লােৱা হৈছে?

উঃ ‘সুখ’ কবিতাটো ‘জিলিকনি’ৰ পৰা লােৱা হৈছে।

মানুহৰ সুখ-দুখৰ আচল কথা কি?

উঃ মানুহৰ সুখ-দুখৰ আচল কথা হৈছে মন।

কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰায় বুলি কৰিয়ে কৈছে?

উঃ ‘মই’, ‘মােৰ’ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে।

নিঃস্বার্থৰ বাট কেনেকুৱা ?

উঃ নিঃস্বার্থৰ বাট হৈছে সুগন্ধি কুসুম ফুলা সেন্দুৰীয়া আলি।

Leave a Comment