লোকসংস্কৃতি Class 9 Question Answer – অসমীয়া নৱম শ্ৰেণী

লোকসংস্কৃতি Class 9 Question Answer | সকলো প্ৰশ্নৰ উত্তৰ | Class 9 Assamese Chapter 12 Question Answer

শ্ৰেণী নৱম শ্ৰেণী
বিষয় অসমীয়া
পাঠ লোকসংস্কৃতি
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

লোকসংস্কৃতি Class 9 Question Answer

১। অতি চমু উত্তৰ দিয়া।

প্ৰশ্ন (ক) লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বােলা হয়?
উত্তৰঃ লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক লােক সংস্কৃতি বােলা হয়।

প্ৰশ্ন (খ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ।
উত্তৰঃ লােক সমাজত পুৰণি সময় বা দিনৰ কথাৰ অধিক সমাদৰ।

প্ৰশ্ন (গ) লােক কৃষ্টি কাক বােলে?
উত্তৰঃ লােক বা জ্ঞানৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, খােৱা-লােৱা, পিন্ধা- উৰা, পূজা-উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিকে লােক কৃষ্টি বােলে। লােক কৃষ্টিক লােক সংস্কৃতি বা গঞা সংস্কৃতি বুলিও ক’ব পাৰি। চমুকৈ জন সাধাৰণৰ বা লােক সাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ’ল লােক কৃষ্টি।

প্ৰশ্ন (ঘ) লােক সংস্কৃতিৰ দৃশ্যমান দিশক কি বােলা হয় ?
উত্তৰঃ লােক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বােলা হয়।

প্ৰশ্ন (ঙ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম হ’ল – ‘বুঢ়ী আইৰ সাধু’।

প্রশ্ন ২। লােকসমাজ সম্পর্কে কিছুমান লােকতত্ত্ববিদে দিয়া কি ধাৰণ৷ গ্ৰহণ কৰিৰ নােৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নােৱৰাৰ কাৰণ কি?
উত্তৰঃ লােক সমাজ সম্পর্কে কিছুমান লােকতত্ত্ববিদে দিয়া ধাৰণাটো এয়ে যে – লােক সমাজ সমাজৰ এটা নিম্ন স্তৰৰ অংগ। কিন্তু সেই চাম লােকতত্ত্ববিদৰ এনে ধাৰণা কেতিয়াও গ্ৰহণ কৰিব নােৱাৰি বুলি লিখকে স্পষ্টভাৱে কৈছে। তেওঁ কৈছে যে বিজ্ঞানসন্মত দৃষ্টিভংগী হলেই যে কোনো এখন সমাজ উচ্চতৰ হ’ব আৰু তাৰ বিপৰীত লােক বা গঞা সমাজ নিম্নৰ হ’ব লাগিব তাৰ কোনাে কথা নাই।

লােক সমাজৰ অংগীভূত মানুহে প্রায়ে গাঁৱে-ভূঞে বাস কৰে আৰু অভিজাত লােক সকল নগৰ-চহৰ আদিত বাস কৰিলেও এই ধাৰণা সদা-সর্বদাই গ্রহণযােগ্য হ’ব নােৱাৰে, যিহেতু গাঁৱতাে শিক্ষিত মানুহ বাস কৰে। তাৰ বিপৰীতে চহৰ বা নগৰতাে গঞা লােকৰ বসতি দেখা যায়। নগৰ-চহৰ বিভিন্ন কাম- কাজৰ বাবে গঞা লােকৰ প্রয়ােজন হয়। তেতিয়া গাৱৰ লােকে চহৰ-নগৰত থাকি মজদুৰ বা কামৰ ভূমিকা পালন কৰে আৰু এইদৰেই তেওঁলোেক চহৰ বা নগৰবাসী হয়।

লোকসংস্কৃতি Class 9 Question Answer

প্রশ্ন ৩। চমু টোকা লিখাঃ
নিচুকনি গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্রুতি, জিকিৰ, দেহবিচাৰৰ গীত, হুচৰি গীত।

উত্তৰঃ (ক) নিচুকনি গীতঃ নিচুকনি গীত হ’ল ল’ৰা-ছােৱালী ওমলােৱা আৰু নিচুকুওৱা গীত। এইবােৰক ধাই নামাে বােলা হয়। মিঠা কোমল সুৰৰ এই গীতবােৰৰ যােগেদি শিশুমনক এক আনন্দৰ জগতলৈ লৈ যােৱা হয় যত কালৰ ভয় দৌৰাত্ম্য একো নাই। এইবােৰে লােক সমাজৰ মৌখিক তথা লােকগীত।

যেনে –
“আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পৰি সৰিব, আমাৰে মইনাই বুটলি খাব এ।”

(খ) মালিতা বা কাহিনী গীতঃ পৌৰাণিক কাহিনী বা বুৰঞ্জী মূলক আখ্যান আদিৰ বৰ্ণনালে কেতবোৰ গীত লােক সমাজত প্ৰচলিত হৈ আহিছিল। এই গীতবােৰকে মালিতা বা কাহিনী গীত বােলে। ইয়াৰ লেখক, চন, তাৰিখ আদিৰ বিষয়ে একো জনা নাযায় যদিও কিছুমান বুৰঞ্জীমূলক গীতৰ বিষয় বস্তু অনুসাৰে ৰচনাৰ কাল কিছু অনুমান কৰিব পৰা যায়।

ইংৰাজীত এই গীত বিলাকক ‘বেলাড’ বুলি কোৱা হয়। এই শ্রেণীৰ গীতক বিষয়বস্তু অনুসাৰে একাধিক ভাগত ভাগ কৰিব পৰা যায়। পালা-পার্বতীৰ গীত, মণি কোঁৱৰৰ গীত, ৰাধিকা শান্তিৰ গীত, মানামতীৰ গীত, মণিৰাম দেৱানৰ গীত, বৰফুকনৰ গীত আদি এই শ্ৰেণীৰ গীত।

(গ) সাঁথৰঃ সাঁথৰ হ’ল— সাধাৰণ জন সাধাৰণৰ আৰু কেতিয়াবা পণ্ডিতৰৰ বুদ্ধিজাত শব্দৰ ধেমালি। এইবােৰত কল্পনাৰ সূৰণ, কাব্যশ্ৰীৰ স্পৰ্শ আৰু অনুপ্রাস আদি শব্দালংকাৰৰ ব্যঞ্জনা দেখিবলৈ পােৱা যায়। অত্যানুপ্রাস এটি সাধাৰণ লক্ষণ। এটা সাঁথৰৰ উদাহৰণ – ইয়ে সিহে, পিঠিৰে দৌৰে কিহে – (নাও)

(ঘ) জনশ্রুতিঃ পৌৰাণি কালৰে পৰা মানুহৰ মুখে মুখে শুনি অহা বা চলি অহা মাত-কথা, কাহিনী আদিকেই জনশ্রুতি বােলা হয়। সেইবােৰ মানুহে ইজনৰ মুখৰ পৰা সিজনে শুনি মনত ৰাখিছিল আৰু এনেদৰে পৰম্পৰাগতভাৱে চলি আহিছিল। শুনি মনত ৰখা একেটা কথাই কেতিয়াবা বিকৃত বা নানান ৰূপ লব পাৰে। এইবিলাক মৌখিক সাহিত্যৰ অন্তর্ভুক্ত।

(ঙ) জিকিৰঃ ইছলাম ধর্ম প্রচাৰৰ উদ্দেশ্যে শাহ মিলন বা আজান পীৰ নামৰ এজন ধর্ম প্ৰচাৰকে জিকিৰ ৰচনা কৰিছিল। এই গীতসমূহৰ ৰচনা কাল ১০৪৫ হিজৰী বা ১৬৩৪ খ্রীষ্টাব্দ আৰু ১১৪৫ হিজৰী বা ১৭৩৪ খ্রীষ্টাব্দ বুলি অনুমান কৰা হৈছে। অনেক জিকিত বৈষ্ণৱ সাহিত্য আৰু লােক-গীতৰ প্রতিধ্বনি শুনা যায়।

জিকিৰৰ এটা উদাহৰণ-
চিন্তা হেৰা মােৰ মন আল্লাৰ নামত।
ভজা হেৰা মােৰ মন গুৰুৰ পাৱত।

Class 9 Assamese Chapter 12 Question Answer

(চ) দেহবিচাৰৰ গীতঃ দেহবিচাৰৰ গীতসমূহ এক প্ৰকাৰ ভকতীয়া গীত। এই গীতবােৰত গুপ্ত সাধনা আৰু শৈৱ-শাক্তৰ তান্ত্রিক ৰূপ প্ৰকাশ হােৱা দেখা যায় পূর্ণসেৱা, বৰখেলীয়া, গােপীধৰা, বৰসেৱা, ৰাতিখােৱা, কণিপতীয়া ৰীতিয়া আদিৰ পন্থাৰ মানুহে সাধাৰণতে এই গীত সমূহ গাইছিল।

লগতে পঢ়ক  যুঁজ class 9 Question Answer সকলো প্ৰশ্নৰ উত্তৰ

দেহ বিচাৰৰ গীতত শৰীৰক কেতিয়াবা নাও, কেতিয়াবা ঘৰ, কেতিয়াবা চাকিৰ লগত তুলনা কৰা হয়। শৰীৰ “চতুৰ অধিক কুৰিজনৰ মন্দিৰ”, চৌৰিশ তত্ত্বৰ ঘৰ। এই ঘৰৰ নৱথান দ্বাৰ” এই ঘৰৰ ভিতৰৰাে “নিজঘৰত” পূর্ণ কৃষ্ণ” বা পূর্ণানন্দ নিবাস। মায়া নদীৰ ইপাৰে সিপাৰে থাকে “কাল-বিকাল পক্ষী”– জীবাত্মা আৰু পৰমাত্মা। – এনেবােৰ কথা দেহবিচাৰৰ গীতত গােৱা হয়।

(জ) হুঁচৰিগীতঃ হুঁচৰি গীত সমূহ ধর্মীয় ভাবাপন্ন আশীর্বাদ-প্রার্থনামূলক গীত। বিহুৰ সময়তেই এই গীত সমূহ গাই গৃহস্থ, ৰাইজ সকলােৰে মঙ্গল কামনা কৰি আশীর্বাদ দিয়া হয় আৰু ভগৱানৰ ওচৰত প্রার্থনা জনােৱা হয়। তাৰােপৰি পৰিবেশ-পৰিস্থিতিৰৰ এই গীতবােৰৰ মাজেৰে আভাস পােৱা যায়।

লোকসংস্কৃতি Class 9 Question Answer

প্রশ্ন ৪। “লােক জীৱন তিনিটা ভাগত বিভক্ত” —- লােক জীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।
উত্তৰঃ লোকজীৱন সামাজিক আচাৰ অনুষ্ঠান , ভৌতিক বা বস্তুসংস্কৃতি আৰু পৰিৱেশ্য কলা এই তিনিটা ভাগত বিভক্ত ।

সামাজিক আচাৰ অনুষ্ঠানঃ মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ সেঁতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি বাতি , জন্ম- বিবাহ – মৃত্যু বিষয়ক ৰীতি নীতি , আচাৰ ব্যৱস্থা আদিয়েই সামাজিক আচাৰ অনুষ্ঠান । এইবোৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত। সামাজিক আচাৰ অনুষ্ঠান চাৰিটা ভাগত বিভক্ত – উৎসৱ- অনুষ্ঠান, অৱসৰ- বিনোদন আৰু খেল- ধেমালি, লোকধৰ্ম আৰু লোকঔষধ ।

ভৌতিক বা বস্তু সংস্কৃতিঃ ভৌতিক বা বস্তুসংস্কৃতি হল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মান, নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা- বঢ়া ,প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপ বিভাগ কেইটা হৈছে – লোককলা, লোকশিল্প, লোক স্থপতিকলা , লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী ।

লোক পৰিৱেশ্য কলাঃ লোক জীৱনৰ শেষভাগটো হৈছে লোক পৰিৱেশ্য কলা । পৰম্পৰাগত গীত, নৃত্য-নাচ, নাট আদিয়েই পৰিৱেশ্য কলাৰ উপাদান ।কোনো এটা সাধুকথা কোৱা বা লোকগীত এটি গোৱাকে পৰিৱেশন কৰা বোলে ।পৰিৱেশ্য কলাৰ পৰিসৰে নৃত্য গীত, নাট, বাদ্যযন্ত্ৰ আদিক সামৰে। লোকনাট হ’ল গীত আৰু নৃত্যৰ সমষ্টি । সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি ।

৫। বহলাই লিখাঃ

সামাজিক আচাৰ অনুষ্ঠানঃ মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন ।পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ সেঁতু । সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি বাতি , জন্ম- বিবাহ – মৃত্যু বিষয়ক ৰীতি নীতি , আচাৰ ব্যৱস্থা আদিয়েই সামাজিক আচাৰ অনুষ্ঠান । এইবোৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত ।

সামাজিক আচাৰ অনুষ্ঠান চাৰিটা ভাগত বিভক্ত – উৎসৱ- অনুষ্ঠান, অৱসৰ- বিনোদন আৰু খেল- ধেমালি , লোকধৰ্ম আৰু লোকঔষধ ।

ভৌতিক বা বস্তু সংস্কৃতিঃ ভৌতিক বা বস্তুসংস্কৃতি হল লোকসংস্কৃতিৰ দৃশ্যমান দিশ । জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মান ,নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা- বঢ়া ,প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী ।ভৌতিক সংস্কৃতিৰ উপ বিভাগ কেইটা হৈছে – লোককলা, লোকশিল্প, লোক স্থপতিকলা , লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী ।

লোক পৰিৱেশ্য কলাঃ লোক জীৱনৰ শেষভাগটো হৈছে লোক পৰিৱেশ্য কলা । পৰম্পৰাগত গীত , নৃত্য – নাচ , নাট আদিয়েই পৰিৱেশ্য কলাৰ উপাদান ।কোনো এটা সাধুকথা কোৱা বা লোকগীত এটি গোৱাকে পৰিৱেশন কৰা বোলে  পৰিৱেশ্য কলাৰ পৰিসৰে নৃত্য গীত , নাট , বাদ্যযন্ত্ৰ আদিক সামৰে ।লোকনাট হ’ল গীত আৰু নৃত্যৰ সমষ্টি ।

Class 9 Assamese Chapter 12 Question Answer

৬। লোকনাট কিহৰ সমষ্টি বুলি লেখকে কৈছে ? লোকনাটত সংলাপৰ গুৰুত্ব আছেনে তোমাৰ নিজৰ ভাষাত লিখা
উত্তৰ: লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লেখকে কৈছে । লোকনাটত সংলাপৰ গুৰুত্ব কম তাৰ পৰিবৰ্তে ইয়াত নৃত্য আৰু গীতৰহে গুৰুত্ব আছে বুলি লেখকে কৈছে । গীত আৰু নৃত্যৰ দ্বাৰাই লোকনাটৰ কাহিনী দেখুওৱা হয় ।

৭। লোক সাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি । ভাগবোৰৰ নাম লিখা
উত্তৰ: লোক সাহিত্যিক ৫ টা উপভাগত ভগাব পাৰি ।
ক) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত
খ) গদ্যধৰ্মী লোককথা
গ) প্ৰবচন, বচন , লোকোক্তি, যোজনা , পটন্তৰ
ঘ) সাঁথৰ
ঙ) লোকভাষা

৮। ভৌতিক বা বস্তুসংস্কৃতিৰ অধ্যয়নৰ বিষয়বস্তু কি ? ইয়াৰ উপ- বিভাগ কি কি ?
উত্তৰ: জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মান ,নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা- বঢ়া ,প্ৰস্তুতি আদিয়েই বস্তুসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী । ভৌতিক সংস্কৃতিৰউপ বিভাগ কেইটা হৈছে – লোককলা, লোকশিল্প, লোক স্থপতিকলা , লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী ।

৯। ‘ অ মাই যশোৱা হে…মাই হে যশোৱা গীতটি কোনে লিখিত ৰূপ দিয়ে ?
উত্তৰ: ডঃ ভূপেন হাজৰিকাই।

লগতে পঢ়ক  সন্মান Class 9 Question Answer - প্রশ্নোত্তৰ অসমীয়া নৱম শ্ৰেণী

লগতে পঢ়ক

লোকসংস্কৃতি Class 9 Question Answer

১০। তাৎপৰ্য লিখাঃ

লোক সংস্কৃতি পুৰণি হৈও নতুন , নতুন হৈও পুৰণি

উত্তৰ: লোকসংস্কৃতিৰ উপাদান সমূহ প্ৰধানত:মানুহৰ মুখে মুখে যুগে যুগে পৰম্পৰাগত ভাবে চলি অহা। লোক সংস্কৃতিৰ অন্তৰ্গত আহিলাসমূহ যেনে লোকগীত , হুঁচৰি, বিহুগীত, বিয়ানাম, লোকনাট, লোকসহিত্য, জিকিৰ- জাৰি, মালিতা আদি বহুযুগৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু চলি যাব। কেৱল মাত্ৰ এটা পিৰীৰ পৰা আন এটা পিৰীলৈ ই সম্প্ৰসাৰিত হৈছে। এনে হওঁতে কৰবাত ই হয়তো ৰূপ সলাই নতুন ৰূপ লৈছে।

শিক্ষিত লোকৰ হাতত পৰি আধুনিক বা সম্পাদিত ৰূপ পাইছে। উদাহৰন স্বৰূপে লক্ষ্মীনাথ বেজবৰুৱা দেৱে বুঢ়ী আইৰ সাধুখন সম্পাদিত কৰি নতুন ৰূপত প্ৰকাশ কৰি উলিয়াইছিল অথচ ইয়াত থকা সাধুসমূহ কিন্তু যুগে যুগে আইতা সকলৰ মুখে মুখে চলি অহা সাধুৱেই। একেদৰে অ’ মাই যশোৱা হে শীৰ্ষক গীতটিও ডঃ ভূপেন হাজৰিকা দেৱে নতুনকৈ লিখি গাইছিল। গতিকে দেখা যায় যে লোক সংস্কৃতিৰ বস্তু সমূহ কালৰ পিছত কাল ধৰি এনেদৰে চলি অহা । সেইবাবে আমি কব পাৰো যে লোকসংস্কৃতি পুৰণি হৈও নতুন আৰু নতুন হৈও পুৰণি ।

খ) সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰ পৰিৱৰ্তন ঘটে ।
উত্তৰ: লোকসংস্কৃতিৰ উপাদান সমূহ মানুহে সমাজ তথা সময় সাপেক্ষে নিজৰ মতে গঢ় দিয়ে । কালৰ বিৱৰ্তনত এই উপাদানসমূহৰো ৰূপান্তৰ ঘটে । শিক্ষিত মানুহৰ হাতত পৰি এই উপাদান সমূহে আধুনিক ৰূপ পায় সেইবাবে কব পাৰি যে সমাজ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰ পৰিৱৰ্তন ঘটে ।

Class 9 Assamese Chapter 12 Question Answer

ভাষা বিষয়কঃ
১১। তলৰ শব্দবোৰত মূৰ্দ্ধন্য ‘ণ’ আৰু ‘ষ’হোৱাৰ কাৰণ দৰ্শোৱা।

উত্তৰ: কৃষি – ক বা ৰ- ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্দ্ধন্য ষ হয় ।
অনুষ্ঠান- ই কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত্য স মূর্দ্ধণ্য ষ হয় ।
ধাৰণ- একেটা পদতে থকা ঋ, ৰ , ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ , ক- বৰ্গ বা প- বৰ্গৰ কোনো বৰ্ণ বা য, ৱ , হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয় ।
আহৰণ-একেটা পদতে থকা ঋ, ৰ , ষ আৰু ন ৰ মাজত স্বৰবৰ্ণ , ক- বৰ্গ বা প- বৰ্গৰ কোনো বৰ্ণ বা য, ৱ , হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয় ।

১২। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
বিশ্বাস- অবিশ্বাস
মৌখিক- লিখিত
সংযোগ- বিচ্ছেদ
প্ৰয়োজনীয়- অলাগতিয়াল
জন্ম- মৃত্যু
উচিত- অনুচিত

১৩। সমাৰ্থক শব্দ লিখা।
গঞা- গাঁৱলীয়া
পিতা – দেউতা, পিতাই , পিতৃ
বেমাৰ- ৰোগ, অসুখ
চহৰ- নগৰ
লোক- জন, মানুহ

লোকসংস্কৃতি Class 9 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ

১। ‘লােক’ শব্দটোৰ সলনি কি কি শব্দ ব্যবহাৰ কৰিৰ পৰা যায়?
উঃ ‘লােক’ শব্দটোৰ সলনি জন, গঞা, গণ আদি শব্দ ব্যৱহাৰ কৰিব পৰা যায়।

২। ‘লােক’ পদটোৱে কি বুজায়?
উঃ আমি ৰাইজ বুলিলে যি বুজো–তেনে অর্থকেই ‘লােক’ পদটোৱে বুজায়।

৩। লােক সংস্কৃতি বুলিলে চমুকৈ কি বুজায় ?
উঃ লােক সংস্কৃতি বুলিলে চমুকৈ জনসাধাৰণ বা লােক-সাধাৰণৰ আচৰণসমূহৰ বিষয়ে বুজায়।

৪। লােক সংস্কৃতিৰু আৰু কি কি বুলিৰ পাৰি?
উঃ লােক সংস্কৃতিক আৰু গঞা সংস্কৃতি বা সর্বসাধাৰণৰ সংস্কৃতি বুলিব পাৰি।

৫। ড° প্রফুল্ল দত্ত গােস্বামীয়ে সাধাৰণতে কাক লােক বা জন বুলি আখ্যা দিছিল?
উঃ বিশেষভাৱে লিখা-পঢ়া নথকা গণ লােককেই ড° প্রফুল্ল দত্ত গােস্বামীয়ে সাধাৰণতে লােক বা জন বুলি আখ্যা দিছিল।

৬। লোক বা জনসকল সাধাৰণতে কত বাস কৰে ?
উঃ সাধাৰণতে লােক বা জনসকলে গাঁৱে-ভূঞে বাস কৰে।

৭। গঞা লােকসকলৰ প্ৰধান জীবিকা কি?
উঃগঞা লােকসকলৰ সাধাৰণতে প্রধান জীৱিকা হ’ল কৃষি।

৮। গঞা লােকসকলে ছপা-সমল বা কিতাপ আলােচনীতকৈ কিহত অধিক গুৰুত্ব দিয়ে?
উঃগঞা লােকসকলে ছপা-সমল বা কিতাপ-আলােচনীতকৈ মুখে মুখে চলি অহা গীত-পদ, কথা-কাহিনী, যােজনা পটন্তৰ আদিত অধিক গুৰুত্ব দিয়ে।

৯। লােক জীৱনত কিহত যুক্তিতকৈ অধিক গুৰুত্ব দিয়া হয়?
উঃ লােক জীৱনত যুক্তিতকৈ বিশ্বাস অধিক গুৰুত্ব দিয়া হয় ।

১০। লােক সমাজত গভীৰ বিশ্বাসে কিহৰ প্রতি মানুহৰ মনবোৰ সর্বদা আকৃষ্ট কৰি থাকে?
উঃ লােক সমাজত গভীৰ বিশ্বাসে পুৰণি ধৰণ কৰণ, ৰীতি-নীতি, ভূত-প্রেত, ধর্মীয় কৃত্য, ঔষধ-চিকিৎসা আদিৰ প্রতি মানুহৰ মনবোৰ সর্বদা আকৃষ্ট কৰি থাকে।

লোকসংস্কৃতি Class 9 Question Answer

১১। লােক সমাজত কোনবােৰ কথাৰ সমাদৰ অধিক?
উঃ লােকসমাজত পুৰণি দিনৰ কথাৰ সমাদৰ অধিক।

লগতে পঢ়ক  প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক Class 9 Assamese Chapter 4 Question Answer

১২। কিহৰ জৰিয়তে শাস্ত্রীয় সংস্কৃতিৰ জন্ম হয় ?
উঃ লােক কৃষ্টিৰ পৰিমাৰ্জনৰ জৰিয়তে শাস্ত্রীয় সংস্কৃতিৰ জন্ম হয়।

১৩। লােক সংস্কৃতিৰ বিষয়বস্তুক প্রধানভাৱে কেইভাগত ভগাব পাৰি আৰু কি কি?
উঃ লােক সংস্কৃতিৰ বিষয়বস্তুক প্রধানভাৱে দুটা ভাগত ভগাব পাৰি। প্ৰথমটো লােক সাহিত্য বা বাচিক কলা আৰু দ্বিতীয়টো হ’ল লােক জীৱন।

১৪। নিচুকনি গীত কি?
উঃ কেঁচুৱা ল’ৰা-ছােৱালীক নিচুকাবলৈ গােৱা গীতেই হ’ল নিচুকনি গীত।

১৫। সামাজিক আচাৰ-অনুষ্ঠানবােৰ প্ৰধানভাবে কিহৰ সৈতে জড়িত?
উঃ সামাজিক আচাৰ-অনুষ্ঠানবােৰ প্ৰধানভাৱে লােকবিশ্বাসৰ সৈতে জড়িত।

১৬। ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটা কি কি?
উ ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটা হ’ল-লােক কলা, লােকশিল্প, লােক স্থপতিকলা, লােক আভৰণ আৰু লােক ৰন্ধন প্রণালী।

১৭। ‘লােক সংস্কৃতি’ নামৰ প্ৰবন্ধটোৰ লেখক কোন?
উঃ ‘লােক সংস্কৃতি’ নামৰ প্ৰবন্ধটোৰ লেখক হ’ল ড° নবীন চন্দ্র শর্মা।

১৮। কোনখন পুথিৰ যােগেদি ড° নবীনচন্দ্ৰ শৰ্মাই অসমৰ ৰাইজৰ ওচৰত ওজাপালি অনুষ্ঠানটোক মেলি ধৰে?
উঃ ‘অসমৰ ওজাপালি’ নামৰ পুথিখনৰ যােগেদি ড° শৰ্মাই অসমৰ ৰাইজৰ আগত ওজাপালি অনুষ্ঠানটোক মেলি ধৰে।

১৯। ড° নবীন চন্দ্ৰ শৰ্মাই ৰচনা কৰি প্ৰকাশ কৰা পুথিৰ সংখ্যা কিমান?
উঃ ড° নবীন চন্দ্র শৰ্মাই ৰচনা কৰি প্ৰকাশ কৰা পুথিৰ সংখ্যা হ’ল প্রায় ৯৭ খন।

২০। পৰিৱেশ্য কলাৰ পৰিসৰে কি কি সামৰি লয়?
উঃ পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত-নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰি লয়।

২১। লােকনাটত সংলাপৰ তুলনাত কিহৰ গুৰুত্ব অধিক হয় ?
উঃ লােকনাটত সংলাপৰ তুলনাত গীত আৰু নৃত্যৰ গুৰুত্ব অধিক হয়।

২২। লােক জীৱনক কেইটা ভাগত ভগাব পাৰি?
উঃ লােক জীৱনক তিনিটা ভাগত ভগাব পাৰি।

২৩। লােকনাট কিহৰ সমষ্টি?
উঃ লােকনাট গীত আৰু নৃত্যৰ সমষ্টি।

২৪। গদ্যধর্মী লােক কথাৰ উপশ্রেণীসমূহ কি কি?
উঃ গদ্যধর্মী লােক কথাৰ উপশ্রেণীসমূহ হ’ল-পুৰাণ কথা, জনশ্রুতি আৰু সাধুকথা।

লোকসংস্কৃতি Class 9 Question Answer

চমু প্রশ্নোত্তৰ

১। লােকসমাজৰ মানুহে কিয় নতুন কথা, নতুন উপদেশ আদিতকৈ পীৰিয়ে-পীৰিয়ে চলি অহা কথাত অধিক গুৰুত্ব দিয়ে?
উঃ লােক সমাজৰ মানুহবোৰ সাধাৰণতে কম পঢ়া-শুনা বা নিৰক্ষৰ হোৱা বাবে তেওঁলােকে ছপা-সমল বা কিতাপ-আলােচনীতকৈ মুখে মুখে চলি অহা গীত-পদ, যােজনা-পটন্তৰ, আবু-আইতাৰ সাধুকথা, ৰামায়ণ-মহাভাৰত বা কোৰাণ, বাইবেল, জাতক আদিৰ কথা শুনি সীমাহীন আনন্দ লাভ কৰে আৰু তুলনামূলকভাৱে অধিক গুৰুত্ব দিয়ে। সেয়েহে তেওঁলােকে নতুন কথা,নতুন উপদেশ আদিতকৈ পীৰিয়ে- পীৰিয়ে চলি অহা কথাত অধিক গুৰুত্ব দিয়ে।

২। লােক বা মৌখিক বা বাচিক কবিতা আৰু লােকগীতক কি কি উপশ্রেণীতভাগ কৰা হৈছে?
উঃ লােক বা মৌখিক বা বাচিক কবিতা আৰু লােক গীতক মালিতা কাহিনী গীত বা বৰদৈ গীত, ধর্মীয় গীত, প্রণয়গীত,কৰ্মগীত,উৎসৱ-অনুষ্ঠানৰ গীত বা সংস্কাৰমূলক গীত, নিচুকনি গীত, শিশুৰ খেল-ধেমালিৰ লগত জড়িত গীত, তত্ত্বপূর্ণ গীত, বিদ্রুপাত্মক গীত আদি উপশ্রেণীত ভাগ কৰা হৈছে।

৩। সামাজিক আচাৰ অনুষ্ঠান বুলিলে কি বুজা? ইয়াক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?
উঃ সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি,জন্ম-বিবাহ-মৃত্যু আদি বিষয়ক;ৰীতি-নীতি, আচাৰ ব্যৱস্থা-অনুষ্ঠান আদিয়েই হ’ল সামাজিক আচাৰ-অনুষ্ঠান। সামাজিক আচাৰ-অনুষ্ঠানক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। এইকেইটা হ’ল- উৎসৱ অনুষ্ঠান, অৱসৰ-বিনােদন আৰু খেল-ধেমালি, লােক ঔষধ আৰু লােক ধর্ম।

৪। লােক পৰিৱেশ্য কলা বুলিলে কি বুজা? লােক পৰিৱেশ্য কলাৰ উপাদানসমূহ কি কি ?
উঃ লােক জীৱনৰ এটা ভাগ হৈছে লােক পৰিৱেশ্য কলা। কোনাে এটা সাধুকথা কোৱা অথবা লােকগীত গােৱাকে পৰিৱেশন বােলে আৰু এনেধৰণে পৰম্পৰাগতভাৱে চলি অহা গীত, নৃত্য, নাটক, বাদ্যযন্ত্র আদিক সামৰি লােৱা পৰিৱেশ্য কলাকে লােক পৰিৱেশ্য কলা বুলি কোৱা। লােক পৰিৱেশ্য কলাৰ উপাদানসমূহ হ’ল পৰম্পৰাগত সংগীত, নৃত্য-নাচ,নাট আদি।

লোকসংস্কৃতি Class 9 Question Answer

৫। সমার্থক শব্দ লিখা :
উপাসনা, আবু, যােজনা, উপদেশ, ৰােগ, প্রাণ
উঃ উপাসনা : পূজা, অর্চনা
আবু : আই, বুঢ়ীআই।
যােজনা : পটন্তৰ, দৃষ্টান্ত, প্রবচন
উপদেশ : দিহা পৰামর্শ
ৰোগ : ব্যাধি, নৰিয়া, বেমাৰ
প্রাণ : জীৱ, জীৱন

৬। বিপৰীত অর্থ লিখাঃ
সংস্কাৰ, নগৰ, পৰম্পৰাগত, সামাজিক, দৃশ্যমান, আধুনিক, নির্মাণ, বিদ্রুপাত্মক
উঃ সংস্কাৰ : কুসংস্কাৰ
নগৰ : গাঁও
পৰম্পৰাগত : অপৰম্পৰাগত
সামাজিক : অসামাজিক
দৃশ্যমান : অদৃশ্যমান
আধুনিক : প্রাচীন
নির্মাণ : ধ্বংস
বিদ্রুপাত্মক : প্রশংসামূলক

প্ৰশ্ন (ক) লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বােলা হয়?

উত্তৰঃ লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক লােক সংস্কৃতি বােলা হয়।

প্ৰশ্ন (খ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ।

উত্তৰঃ লােক সমাজত পুৰণি সময় বা দিনৰ কথাৰ অধিক সমাদৰ।

প্ৰশ্ন (গ) লােক কৃষ্টি কাক বােলে?

উত্তৰঃ লােক বা জ্ঞানৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, খােৱা-লােৱা, পিন্ধা- উৰা, পূজা-উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিকে লােক কৃষ্টি বােলে। লােক কৃষ্টিক লােক সংস্কৃতি বা গঞা সংস্কৃতি বুলিও ক’ব পাৰি। চমুকৈ জন সাধাৰণৰ বা লােক সাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ’ল লােক কৃষ্টি।

প্ৰশ্ন (ঘ) লােক সংস্কৃতিৰ দৃশ্যমান দিশক কি বােলা হয় ?

উত্তৰঃ লােক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বােলা হয়।

Leave a Comment