যুঁজ class 9 Question Answer সকলো প্ৰশ্নৰ উত্তৰ

যুঁজ class 9 Question Answer | সকলো প্ৰশ্নৰ উত্তৰ | Class 9 Assamese Chapter 11 Question Answer

শ্ৰেণীনৱম শ্ৰেণী
বিষয়অসমীয়া
পাঠযুঁজ class 9
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

যুঁজ class 9 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক :
১। অতি চমুকৈ উত্তৰ লিখা :

(ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল?
উঃ প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি হৈছিল।

(খ) সিদ্ধার্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম কি?
উঃ সিদ্ধার্থহঁতৰ শ্রেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্র মাষ্টৰ।

(গ) নির্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল?
উঃ নির্মলে সিদ্ধার্থক বিচাৰি দোকানলৈ গৈছিল।

(ঘ) সিদ্ধার্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিলে?
উঃ সিদ্ধার্থই পেঞ্চিলবক্সত দেউতাকে তালৈ অনা চকলেটৰ কাগজবোৰ সাঁচি থৈছিল।

(ঙ) নির্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল?
উঃ নির্মলৰ শৰীৰত বাহ লােৱা দুৰাৰােগ্য ৰােগৰ চিকিৎসাৰ বাবে সি বহুদিনৰ বাবে বাহিৰলৈ যাব লগীয়া হৈছিল।।

যুঁজ class 9 Question Answer

২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
(ক) সিদ্ধার্থই কিয় প্রশান্তৰ বেগৰ পৰা পইচা চুৰি কৰিছিল?
উঃ স্কুলীয়া বয়সতে সিদ্ধার্থ আৰু মাকক এৰি সিদ্ধার্থৰ দেউতাক ক’ৰবালৈ গুচি গৈছিল। মাকেও সিদ্ধার্থৰ প্ৰতি সিমান মনােযােগ নিদিছিল, ফলত সিদ্ধার্থ হতাশা আৰু নিঃসংগতাত ভুগিছিল। নিজৰ শূন্যতাখিনি পাহৰিবলৈ সিদ্ধার্থই অৱলম্বন হিচাপে আকোৱালি লৈছিল ড্ৰাগছৰ নিচাক। ড্ৰাগছ কিনিবলৈ সিদ্ধার্থক পইচাৰ প্ৰয়োজন হৈছিল। প্রশান্তৰ বেগৰ পৰাও ড্ৰাগছ কিনিবলৈকে সিদ্ধার্থই পইচা চুৰি কৰিছিল।

(খ) কি কি কাৰণত সিদ্ধার্থ নিচাসক্ত হৈ পৰিছিল?
উঃ স্কুলীয়া বয়সতে সিদ্ধার্থক দেউতাকে এৰি গৈছিল আৰু মাকেও বিশেষ গুৰুত্ব নিদিছিল। ফলতু সিদ্ধার্থ আৱেগিক সম্পৰ্কৰ পৰা বঞ্চিত হৈছিল। ক্রমান্বয়ে সি হতাশা আৰু নিঃসংগতাত ভুগিছিল। লাহে লাহে স্কুল খতি কৰিবলৈ লৈছিল।অনাই বনাই ঘূৰি ফুৰিলেও অনুশাসন শিকাবলৈ সিদ্ধার্থৰ যেন কোনাে নাছিল। মৰম- স্নেহ, আৱেগিক গুৰুত্ব ইত্যাদি সকলাে হেৰুৱাই এক ধৰণৰ আশ্ৰয় বা অৱলম্বন বিচাৰি সিদ্ধার্থ নিচাসক্ত হৈ পৰিছিল।

(গ) নির্মলে সিদ্ধার্থক বিচাৰি কিয় পাণদোকানখনলৈ গৈছিল?
উঃ সিদ্ধার্থই নিজৰ হাতাশা আৰু নিঃসংগতাৰ পৰা মুক্তিৰ পথ বিচাৰি থকাটো গম পাইছিল স্কুলৰ কাষৰ পাণ দোকানীজনে।এদিন তেওঁ মুক্তিৰ বাট হিচাপে সিদ্ধার্থৰ হাতত গুজি দিছিল এটা চিগাৰেট – ড্রাগছৰ চিগাৰেট। সিদ্ধার্থক চিগাৰেট হুপি থকা দুই-এদিন নির্মলে দেখিছিল। দোকানখনত প্ৰায়েই সিদ্ধার্থ গৈ থকাও নির্মলৰ চকুত পৰিছিল। স্কুলীয়া ল’ৰা-ছােৱালীৰ প্ৰতি দোকানীজনৰ অতিৰিক্ত আগ্ৰহৰ কথা নির্মলে জানিছিল আৰু ভাল নাপাইছিল। সেইজন দোকানীৰ লগত সিদ্ধার্থ কথা-বতৰা হােৱাটো লৈ নিৰ্মলৰ শংকা উপজিছিল। হঠাৎ সিদ্ধার্থ স্কুললৈ নহা হ’ল। বিচাৰি যাবলৈও তাৰ ঘৰ কোনাে চিনি নাপাইছিল। উপায়ন্তৰ নাপাই নির্মলে সিদ্ধার্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল।

Class 9 Assamese Chapter 11 Question Answer

(ঘ) সিদ্ধার্থই প্ৰথমতে কিয় নির্মলৰ মুখামুখি হ’ব খোজা নাছিল?
উঃ সিদ্ধার্থ আৰু নির্মল সহপাঠী। মাক-দেউতাকৰ মৰম, অনুশাসন, গুৰুত্ব সকলাে হেৰুৱাই সিদ্ধার্থই হতাশা আৰু নিঃসংগতাত ভুগিছে। সেইবােৰৰ পৰা উদ্ধাৰ হােৱাৰ অৱলম্বন হিচাপে সি আঁকোৱালি লৈছে ড্রাগছৰ নিচাক। সিদ্ধার্থৰ নানা পৰিৱৰ্তনলৈ লক্ষ্য কৰি সহপাঠী নির্মলে তাক ওভােতাই অনাৰ চেষ্টা কৰিলে। অপাৰ স্নেহেৰে সিদ্ধার্থৰ যন্ত্ৰনাবােৰ জানিব খুজিলে। কিন্তু সিদ্ধার্থ নির্মলৰ সন্মুখীন হ’ব খােজা নাছিল। কিয়নাে মৰম, আন্তৰিকতা সি কাহানিবাই হেৰুৱাইছে আৰু যন্ত্রণাত মৌন হৈ থাকিবলৈকে সি শিকিছে।নির্মল যদি তাৰ আশ্ৰয় হৈ নাথাকে তেন্তে সি কথাবােৰ কৈয়েইবা কি লাভ! সিদ্ধার্থই জানিছিল নির্মলক কথাবােৰ কোৱা মানে ড্রাগছৰ আশ্রয় হেৰুওৱা। সকলাে হেৰুৱাই থকাটো তাৰ কাৰণে সম্ভৱপৰ নহয়। আৰু ইমানদিনে নােকোৱা কথাবােৰ হঠাৎ কাৰােবাক কৈ দিয়াটোও ইমান সহজ নহয়। সেয়ে সিদ্ধার্থই প্রথমতে নির্মলৰ মুখামুখি হ’ব খােজা নাছিল।

(ঙ) নির্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধার্থই কি কৈছিল?
উঃ নির্মল আছিল সিদ্ধার্থৰ বাবে আশাৰ প্ৰতীক, আনন্দৰ বার্তাবাহক, সপােনৰ ধ্বজাবাহক। সেই নির্মলৰ জটিল ৰােগৰ খবৰে স্বাভাৱিকতে সিদ্ধার্থক বাকৰুদ্ধ, নিস্পন্দ কৰি তুলিছিল। দুচকুৰে বৈছিল অবিৰাম চকুলাে। সেপ ঢুকি ঢুকি কোনােমতে নির্মলক সিদ্ধার্থই কৈছিল যে নির্মলে বিচৰা ধৰণে ড্ৰাগছৰ পৰা আঁতৰি প্রকৃতি আৰু কিতাপৰ জগতখনত সি জীৱন বিচাৰিবলৈ চেষ্টা কৰিব। ইয়াকো কৈছিল যে নির্মল কায়িক অনুপস্থিতিৰ সিদ্ধার্থৰ ভিতৰৰ মানুহজনে অর্থাৎ আত্মিক উপস্থিতিয়ে সিদ্ধার্থক অনুপ্রাণিত কৰিব জীৱনৰ সাপক্ষে যুঁজা যুদ্ধখনত আগ বাঢ়ি যাবলৈ।

৩। ‘তােৰ কি হৈছে, মােক ক’বই লাগিৰ সিদ্ধার্থ- নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধার্থক কেনেকৈ প্রভাবিত কৰিছিল?
উঃ সিদ্ধার্থ মৰম হেৰুওৱাৰ যন্ত্ৰণাত ছাটি-ফুটি কৰি জীয়াই থকা এজন কিশােৰ। দেউতাকে এদিন তাক এৰি ক’ৰবালৈ গুচি যায় আৰু মাকৰ তাৰ প্রতি বিশেষ গুৰুত্ব নাই। মাক-দেউতাকৰ মৰম আৰু অনুশাসনৰ পৰা একপ্রকাৰ বঞ্চিত সিদ্ধার্থ। সেয়ে নির্মলৰ অনুশাসন মিহলি কথাষাৰিয়ে তাক যেন শান্তিৰ উমান দিছিল। নির্মলৰ কথাষাৰিত সােমাই থকা মৰম আৰু আন্তৰিকতাৰেইতাে তাক প্রয়ােজন। নির্মলৰ কথাৰ মাজত সি শুনা পায় আশাৰ সংগীত, পােৱাৰ সুৰ। আপােনত্বৰ শিকলিৰে সি যেন নির্মলৰ সতে বান্ধ খাব পাৰিব-সিদ্ধার্থৰ এনে লাগিছিল।

৪। সিদ্ধার্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা।
উঃ সিদ্ধার্থক সৰুতেই দেউতাকে এৰি গৈছিল। বুজন হােৱাৰে পৰা সি মাক-দেউতাকৰ মাজত হােৱা কাজিয়াবােৰ দেখিছিল। চিঞৰ বাখৰ, তর্ক-বিতর্কৰ মাজত সি অবাক হৈ থিয় দি ৰৈছিল। তাৰ প্ৰতি দুয়ােৰে নাছিল ভ্রুক্ষেপ। মাকৰ পৰা প্ৰয়ােজনীয় গুৰুত্ব সিদ্ধার্থই নাপাইছিল। মাকৰ বুকুৰ উম, কোমল হাতৰ পৰশ সিদ্ধার্থই সেই বয়সতে হেৰুৱাইছিল। সাধু শুনি টোপনি যােৱা বয়সত সিদ্ধার্থই উজাগৰী নিশা কটাইছিল। স্কুল ছুটীৰ পাছত সি অনাই বনাই ঘূৰি ফুৰিছিল। কেতিয়াবা মাকে বৰ কঠোৰ ভাষাৰে তাক কথা শুনাইছিল। এনেবােৰ কথাৰ বাবেই যি বয়সত বুকু ভৰিব লাগিছিল মৰমেৰে, সিদ্ধার্থৰ বুকু ভৰিছিল কেৱল নিঃসংগতাৰে।

Class 9 Assamese Chapter 11 Question Answer

৫। নির্মলে কেনেদৰে সিদ্ধার্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিবৰি লিখা।
উঃ সিদ্ধার্থ আৰু নির্মল সহপাঠী।পঢ়া-শুনাত নির্মল চোকা আৰু শ্রেণীতে নিয়মীয়া। সিদ্ধার্থও হাঁহিমুখীয়া আৰু সকলােৰে লগত খেল-ধেমালিত ভাগ লয়। কিন্তু কেইদিনমানৰ পৰা সিদ্ধার্থ গহীন, খিংখিঙীয়া আৰু বেপৰােৱা হৈ পৰাটো নির্মলে লক্ষ্য কৰিছে। আনকি সিদ্ধার্থই শ্ৰেণীকোঠাত সকলােৰে পৰা আঁতৰি পিছফালে বহাও নির্মলে মন কৰিছে। ঘৰত কৰিবলৈ দিয়া কামাে সিদ্ধার্থই প্রায়ে নকৰে আৰু মাজে মাজে স্কুলে ক্ষতি কৰে। কথাবােৰত কিবা খেলিমেলি থকা যেন লাগিল নির্মলৰ। সিদ্ধার্থৰ দৰে হাঁহিমুখীয়া বন্ধুক হেৰুৱাব নােৱাৰি। সেয়ে সিদ্ধার্থৰ পৰিৱৰ্তনক নােহােৱা কৰিবলৈ নির্মল যেন উঠি পৰি লাগিল। নির্মলে মন কৰিছিল যে সিদ্ধার্থই স্কুলৰ নাতিদূৰত থকা পাণদোকানখনলৈ প্ৰায়ে যায়। এদিন আনকি সিদ্ধার্থক চিগাৰেট হুপি থকাও সি দেখিছে। বহুদিন স্কুললৈ নহা দেখি নির্মলে সিদ্ধার্থক বিচাৰি পাণদোকান পালেগৈ।

ভবা মতেই দোকানখনত সিদ্ধার্থক দেখি তাৰ কি হৈছে সেই বিষয়ে এক প্রকাৰ জোৰ দি নির্মলে সুধিলে। নির্মলৰ কথাৰ সুৰত আছিল মৰমমিহলি অনুশাসনৰ সুৰ। সেই আন্তৰিকতাপূর্ণ ব্যৱহাৰে সিদ্ধার্থৰ বুকুত জমা হােৱা বিষাদৰ শিলটোক যেন খহাই পেলাইছিল। ভিতৰি সিদ্ধার্থই অনুভৱ কৰিছিল নির্মলৰ মাজেৰে তালৈ বৈ অহা আলােকৰ পৰশ। বুকুভঙা যন্ত্রণাবােৰ কৈ দীঘল উশাহ ল’ব পৰা সময় যেন নির্মলে আনিছে তাৰ বাবে। পৃথিৱীৰ ভাললগাখিনি যেন নির্মলে তাৰ বাবে কঢ়িয়াই আনিছে। দৰাচলতে মাক-দেউতাকৰ মৰম, অনুশাসন
সকলাে হেৰুৱাই সিদ্ধার্থ নিঃসংগতাত ভুগিছিল আৰু তাৰ পৰা পলায়নৰ অৱলম্বন হিচাপে সেই পাণদোকানীয়ে তাৰ হাতত তুলি দিছিল ড্ৰাগছ।

ক্রমান্বয়ে সিদ্ধার্থ আসক্তি বাঢ়িছিল ড্ৰাগছৰ প্রতি আৰু তাৰ প্ৰভাৱত বাকী সকলােৰে পৰা আঁতৰি আহিছিল সি৷ কিন্তু নির্মলৰ আন্তৰিকতাই যেন তাক নিচামুক্তিৰ বাট দেখুৱালে। সমস্ত আস্থাৰে সি নির্মলক জীৱনৰ দুখৰ কথাবােৰ ক’লে। নির্মলে তাক ক’লে শৰীৰত জটিল ৰােগ লৈ সি কেনেকৈ জী থাকিবলৈ যুঁজ কৰি আছে। ইয়াকো ক’লে যে প্রত্যেকৰে জীৱনত বেলেগ বেলেগ ৰূপত যুঁজ একোখন আহেই। সিদ্ধার্থৰ জীৱনতাে আছে। নির্মলে যুঁজাৰ দৰে ড্ৰাগছৰূপী শত্ৰুৰ বিৰুদ্ধে সিদ্ধার্থয়াে যুঁজিবই লাগিব। নির্মলৰ মৰম আৰু দায়িত্ববােধে সিদ্ধার্থৰ অন্তৰ ওপচাই দিলে। সি কথা দিলে যে সি চেষ্টা কৰিব। সিদ্ধার্থ যেন নােপােৱাৰ দুখবােৰৰ পৰা ওলাই আহিছিল। নির্মলৰ মৰমে এনেদৰেই সিদ্ধার্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল।

৬। তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি; অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছটফটাবহে পাৰি’—কথাষাৰৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা।
উঃ মাক-দেউতাকৰ মৰম হেৰুৱাই নিঃসংগ জীৱন কটোৱা এটি কিশােৰ সিদ্ধার্থ।নির্মল তাৰ সহপাঠী সকলােৰে লগত হাঁহি-ধেমালি কৰা সিদ্ধার্থ হঠাৎ গহীন, খিংখিঙীয়া আৰু বেপৰােৱা হৈ পৰিছিল। জীৱনত মৰম হেৰুৱাই সিদ্ধার্থই আশ্ৰয় লৈছিল। ড্ৰাগছৰ—এই আসক্তিয়ে সিদ্ধার্থক যেন সকলােৰেপৰা আঁতৰাই ৰাখিছিল। সিদ্ধার্থ শ্ৰেণীত অনিয়মীয়া হৈছিল, শিক্ষকৰ কথাতাে উভতি ধৰিছিল।বৰ সন্তর্পণে কথাবােৰ মন কৰিছিল নির্মলে। সি যেন বুজিব খুজিছিল সিদ্ধার্থৰ খেলিমেলি জীৱনটোৰ কথা। তাৰ এনে লাগিছিল যেন সিদ্ধার্থক আগৰ দৰেই কৰি তুলিব।

মৰমসনা অনুশাসনৰ সুৰেৰে সেয়ে সিদ্ধার্থক সি সুধিছিল তাৰ কি হৈছে। সিদ্ধার্থ চমকিত হৈছিল নির্মলৰ কথাৰ আন্তৰিক সুৰত। মৰম, আন্তৰিকতা সিতাে কাহানিবাই হেৰুৱালে। সি দেখা মাক-দেউতাকৰ কাজিয়াৰ বিশৃংখল দিনবােৰৰ কথা পাহৰা নাই। সাধুকথা শুনি টোপনি যাব লগা দিনবােৰত কিদৰে সি উজাগৰী নিশা কটাইছিল এতিয়াও স্পষ্টকৈ তাৰ মনত আছে। যন্ত্রণাত মৌন হৈ থাকিবলৈকে সি শিকিছে। কিন্তু নির্মলে যে ভাঙিব খুজিছে তাৰ মৌনতা। তাৰ ভয় হৈছে কিয়নাে মৰমক আওকাণ কৰিব পৰা ল’ৰা সি নহয়, অথচ ড্ৰাগছৰ নিচা এৰাও যথেষ্ট কঠিন। সিদ্ধার্থই বুজিছিল নির্মলক সকলো কোৱা মানে তাৰ একমাত্র আশ্রয় ড্ৰাগছ হেৰুওৱা। নির্মলে যে তাক মাক-দেউতাকৰ দৰে এৰি নাযাব তাৰ কি নিশ্চয়তা আছে। সেয়ে সি নির্মলৰ সন্মুখীন হােৱাতকৈ যন্ত্রণাত মৌন হৈ থকাই ভাল বুলি ভাবিছিল। আৰু ইমানদিনে নােকোৱা কথাবােৰ এনেদৰে হঠাৎ কাৰােবাক কৈ দিয়াটো ইমান সহজো নহয়। তাৰ বাবে সিদ্ধার্থক লাগিব মানসিক প্রস্তুতি। প্রশ্নোদ্ধৃত কথাষাৰিৰ মাজেৰে লেখকে এই কথাকেই ক’ব খুজিছে।

Class 9 Assamese Chapter 11 Question Answer

৭। হাঁহিব নােৱাৰি, খেলিব নােৱাৰি, শুব নােৱাৰি ইমানেই তীব্র সেই শূন্যতাৰ ভাৰ — দুখৰ দাহন’— কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা।
উঃ প্রশ্নোদ্ধৃত কথাষাৰত সিদ্ধার্থৰ বিষয়ে কোৱা হৈছে। সিদ্ধার্থ নিঃসংগ কিশােৰ। স্কুলীয়া বয়সত সি মাক-দেউতাকৰ পৰা পাবলগীয়া প্রয়ােজনীয় মৰম পােৱা নাছিল। বৰং বুজন হােৱাৰে পৰা মাক-দেউতাকৰ মাজত হাই-কাজিয়া, চিঞৰ বাখৰহে দেখি-শুনি আহিছিল। মাক-দেউতাক কাৰ হৈ সি কথা ক’ব সেই প্রশ্নই তাৰ কোমল অন্তৰ থকা-সৰকা কৰিছিল। সাধু শুনি টোপনি যাবলগীয়া বয়সত সি উজাগৰী নিশা কটাইছিল। তাৰ চকুপানীয়ে মাক-দেউতাকক একেলগ কৰি ৰাখিব নােৱাৰিলে। এদিন দেউতাকে মাকৰ সতে তাক এৰি ক’ৰবালৈ গুচি গৈছিল। মাকৰ অন্তৰতো যেন আৱেগ, মৰম আদি শুকাই গৈছিল। তাৰ প্রতি নাছিল কোনাে বিশেষ গুৰুত্ব। সিদ্ধার্থৰ জীৱনলৈ যেন শূন্যতা নামি আহিছিল। কেতিয়াবা অনাই বনাই ঘূৰি ফুৰিছিল, স্কুললৈ নগৈছিল—কথাবােৰলৈ মাকে বিশেষ মন নিদিছিল। মৰম আৰু অনুশাসন— এইবােৰে সিদ্ধার্থৰ জীৱনৰ পৰা বিদায় মাগিছিল। অসম্ভৱ শূন্যতাবােধে সিদ্ধার্থক খুলি খাইছিল। আনকি সি হাঁহিবলৈ পাহৰি গৈছিল। খেলিবলৈ বা শুবলৈও তাৰ ভয় লাগিছিল। শোকে খুন্দা মৰা গধুৰ বুকুৱে তাক কেৱল সকলােৰে পৰা আঁতৰাই আনিছিল প্রশ্নোদ্ধৃত কথাষাৰেৰে লেখকে সিদ্ধার্থৰ মনৰ এই দিশবােৰকেই আঙুলিয়াই দিব খুজিছে।

৮। সিদ্ধার্থই কিহৰ তাড়নাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু পাছত তাৰ কিয় অন্তর্দন্দ হৈছিল বুজাই লিখা।
উঃ সিদ্ধার্থই ড্রাগছ কিনিবলৈ মাকৰ খাৰুযোৰ চুৰি কৰিছিল। নিঃসংগতাৰ পৰা উদ্ধাৰ পাবলৈ সিদ্ধার্থই ড্ৰাগছ খাবলৈ লৈছিল। ড্ৰাগছ কিনিবলৈ বহুত পইচাৰ প্ৰয়ােজন, স্কুলীয়া ল’ৰাৰ ওচৰত ইমান পইচা নাথাকে। সেয়ে প্রথমে সি মাকে অসাৱধানভাৱে থােৱা পইচাবােৰ চুৰি কৰিছিল।তাৰ পাছত স্কুলৰ সহপাঠীৰ পৰাও মনে মনে পইচা নিবলৈ ধৰিলে। এদিন মাকে গা ধুবলৈ যাওঁতে সি খাৰুযোৰ লৈ গ’ল। বিক্ৰী কৰি পােৱা ধনেৰে ড্ৰাগছ খাবলৈ সাজু হ’ল। মাকে পুতেকৰ কথা নাভাবি ঘৰৰ কাম কৰা ছােৱালীজনীয়ে চুৰি কৰা বুলি ভাবিলে আৰু পুলিচে ছােৱালীজনীক লকআপত ভৰাই থ’লে। খাৰুযােৰ নিয়াৰ পাছত অৱশ্যে সিদ্ধার্থৰ নিজৰ মাজতে বহু প্রশ্ন হৈছিল। অন্তর্দন্দ্বত ভুগিছিল সি। ভুল কৰি পেলালে যে সেই কথা সি বুজি উঠিছিল। কাম কৰা ছােৱালীজনীয়ে বিনা দোষত শাস্তি খাবলগীয়া হ’ল, তাইৰ কৰুণ মুখখনে তাক বহুত কষ্ট দিলে। ড্রাগছৰ প্রতি আসক্তি যে ভাল কথা নহয় সেয়াও সি বুজি উঠিছিল। নিজে কৰা দোষৰ ভাৰ অইনৰ ওপৰত দি সিদ্ধার্থ সুখী হ’ব পৰা নাছিল। তাৰ সংবেদনশীল মনটোৱে সেয়ে হাহাকাৰ কৰি উঠিছিল কাম কৰা ছােৱালীজনীৰ বাৱে।

৯। ‘আচলতে মন গ’লেই সুখী হ’ব পাৰি জান।’– নির্মলে কি প্ৰসংগত সিদ্ধার্থক এনেদৰে কৈছিল বুজাই লিখা।
উঃ সিদ্ধার্থ আৰু নির্মল সহপাঠী। সৰুতে দেউতাকে সিদ্ধার্থ মাকৰ লগত এৰি কৰবালৈ গুচি গৈছিল। সিদ্ধার্থই মাক-দেউতাক উভয়ৰে মৰম-আদৰ শৈশৱত নাপালে। নিঃসংগতাৰ পৰা উদ্ধাৰ পাবলৈ সিদ্ধার্থই ড্রাগছৰ আশ্রয় ল’লে। ড্ৰাগছ আসক্তি বাঢ়ি যােৱাত সিদ্ধার্থক পইচাৰ প্ৰয়ােজন হয় আৰু সি পইচা চুৰি কাৰ্যতে জড়িত হয়। ইপিনে সহপাঠী নির্মল নাছােৰবান্দা। সিদ্ধার্থৰ দুখৰ কাৰণ জানিহে এৰিব নির্মলৰ কথাৰ সুৰত সিদ্ধার্থই আপােন আপােন গােন্ধ এটা পালে। মনৰ দুখবােৰৰ কথা প্রাণখুলি নির্মলক ক’বলৈ মন কৰিলে আৰু কলেও। জীৱনটো প্রবঞ্চনা যেন লাগিব ধৰিছিল সিদ্ধার্থৰ।কিন্তু প্রশ্নোদ্ধৃত কথাষাৰেৰে নির্মলে সিদ্ধার্থক ইতিবাচক কৰি তুলিবলৈ চেষ্টা কৰিলে। নির্মলৰ মতে প্রকৃতি জগতক ভাল পােৱা মানুহ কেতিয়াও নিঃসংগ নহয়। সুখী হােৱাটো নিজৰ মনৰ কথা। প্রকৃতি জগতৰ মাজতেই মানুহে সুখী হােৱাৰ উপাদানসমূহ বিচাৰি পাব পাৰে। জীৱনক ভাল পােৱা মানুহক জীৱনে প্রবঞ্চনা নকৰে বুলিও নির্মলে ভাবে।নদী, পাহাৰ, আকাশ, জোন-প্ৰকৃতিৰ এই উপাদানবােৰেই সুখ কঢ়িওৱা কাৰক একো একোটা।মনেৰে সুখী বুলি ভাবিব পাৰিলেই সুখ সকলোেতে পােৱা যায়– নির্মলে তাকেই বিশ্বাস কৰে। লেখকেও প্রশ্নোদ্ধৃত কথাষাৰিৰে তাকেই ক’ব খুজিছে।

যুঁজ class 9 Question Answer

১০। ব্যাখ্যা কৰা :
(ক) নােপােৱা মৰম পােৱাৰ আশাই যেন তাক দুর্বল আৰু অভিমানী কৰে।

উঃ প্রশ্নোদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতাৰ যুঁজ’ শীর্ষক গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে।
সিদ্ধার্থৰ মানসিক অৱস্থা বুজাবলৈ লেখকে প্রসংগক্রমে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।
সিদ্ধার্থ আৰু নির্মল সহপাঠী। হাঁহিমুখীয়া সিদ্ধার্থই সকলােৰে লগত খেলে। কিন্তু কিছুদিন ধৰি সি হৈ পৰিছিল গহীন, খিংখিঙীয়া আৰু বেপৰােবা। স্কুলৰ হােমৱৰ্ক নকৰাকৈ থাকিছিল, আনকি সিদ্ধার্থই প্রায়ে স্কুলে ক্ষতি কৰিছিল। কথাবােৰলৈ মন কৰি এদিন নির্মলে তাক সুধিছিল আচলতে তাৰ কি হৈছে। নির্মলৰ কথাৰ সুৰত সিদ্ধার্থই পাইছিল আপােনত্বৰ গােন্ধ । এনেদৰে তাৰ মনটোক জানিব খােজা মানুহ যে কোনাে নাই। মৰমেৰে দাবী কৰিব পৰা মানুহ দেউতাকো আঁতৰি গ’ল ঘৰৰ পৰা আৰু মাকৰ নাথাকিল তাৰ প্রতি বিশেষ গুৰুত্ব। মৰম, আৱেগ আদি কথাবোেৰ সিদ্ধার্থই পাহৰিয়ে পেলাইছিল। সেয়ে ইমান দিনৰ পাছত নির্মলে জোৰ কৰি তাৰ খবৰ ল’বলৈ বিচৰা দেখি সিদ্ধার্থ আৱেগিক হৈ পৰিছিল। সি যেন মৰমৰ ওচৰত দুর্বল। কাৰােবাৰ ওচৰত যেন তাৰ অভিমান হয় মৰম হেৰুৱাই থাকিব লগা হােৱা কাৰণে। নির্মলে তালৈ ঘূৰাই আনিব খুজিছিল হেৰুওৱা মৰম, সেয়ে তাৰ মন আশাবাদী হৈ পৰিছে।

(খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তাে কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য।
উঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতাৰ যুঁজ’ শীর্ষক গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে।
সিদ্ধার্থৰ পৰিৱর্তনৰ কাৰণবােৰ জানিব খুজি নির্মলে কৰা উপলব্ধিৰ বিষয়ে ক’বলৈ লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।
নির্মল সিদ্ধার্থৰ সহপাঠী। পঢ়া-শুনাত সি চোকা। সিদ্ধার্থ হাঁহিমুখীয়া, সকলােৰে লগত খেলে। কিন্তু কেইদিনমানৰ পৰা সিদ্ধার্থই সকলােৰে পৰা আঁতৰি ফুৰাটো নির্মলৰ চকুত পৰিল। সিদ্ধার্থ স্কুললৈও সদায় নহা হ’ল। এদিনৰ কথা। স্কুলৰ শ্রেণী শিক্ষক মহেন্দ্র মাষ্টৰ থাকোতে শ্ৰেণীকোঠাত হুলস্থূল লাগিল। প্রশান্ত নামৰ ছাত্ৰগৰাকীৰ বেগৰ পৰা দুখন পঞ্চাশ টকীয়া নােট হেৰাইছিল। শিক্ষকে সকলােৰে বেগবােৰ চাই সিদ্ধার্থৰ বেগত দুখন পঞ্চাশ টকাৰ নােট দেখিলে। তেওঁ ধমক লগােৱাত সিদ্ধার্থই সেই পইচা মাকে দিয়া বুলি ক’লে। মহেন্দ্র মাষ্টৰে সাৱধানবাণী শুনায় যে যিদিনা ধৰা পেলাব পাৰিব সিদিনা সিদ্ধার্থই স্কুল এৰিব লাগিব। তাৰ পাছত এসপ্তাহ সিদ্ধার্থ স্কুললৈ নগ’ল। সিদিনা নির্মলে তাক সুধিছিল যে তাৰ কি হৈছে। আৰু নির্মলৰ প্ৰশ্নৰ উত্তৰ দিব নােৱাৰিব বুলিয়েই সিদ্ধার্থ পলাই আছিল। ইপিনে শ্ৰেণীত সিদ্ধার্থক নেদেখি দুষ্ট ল’ৰা সিদ্ধার্থ চোৰ বুলি তেওঁ সকলােকে কৈছিল। কথাষাৰ নির্মলে মানি ল’ব পৰা নাছিল। সি বুজি উঠিছিল যে সিদ্ধার্থ জীৱনত কিবা নঘটিবলগীয়া ঘটনা ঘটিছে যাৰ বাবে তাৰ বহু পৰিৱৰ্তন হৈছে। বিশেষ কোনাে কথা নাথাকিলে চুৰি কার্যত লিপ্ত হােৱা ল’ৰা সিদ্ধার্থ নহয়। বাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে তাকেই বুজাইছে।

Class 9 Assamese Chapter 11 Question Answer

(গ) পাবলগীয়া মৰমৰােৰ হেৰুৱাই এখন ভাগি যােৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্রোহী অথচ কৰুণ চৰিত্ৰ।
উঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কলিতাৰ যুঁজ’ শীর্ষক গল্পটোৰ পৰা তুলি দিয়া হৈছে।
সিদ্ধার্থৰ জীৱনৰ গােপন সত্য উন্মােচন কৰিব খুজি লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।
সিদ্ধার্থ নিঃসংগতাত ভােগা এজন কিশােৰ।স্কুলত পঢ়ি থাকোতে দেউতাক আঁতৰি গ’ল। মাকৰ নাথাকিল তাৰ প্রতি কোনাে বিশেষ দায়িত্ব। স্কুললৈ নগৈ অনাই বনাই ফুৰিলেও ক’বলগীয়া মাকৰ একো নাথাকিছিল। সিদ্ধার্থৰ বুকু দুখত ফাটি যাব খােজে। মাক-দেউতাকৰ কাজিয়া চাই আৰু শুনি সি সাধু শুনি টোপনি যােৱা দিনবােৰত উজাগৰী নিশা কটাইছিল। কেতিয়াবা মাকে মৰমৰ সলনি অমনােযােগী সুৰতহে কথাবােৰ কৈছিল। মুঠতে মৰমহীন কঠোৰ জীৱন এটাক সাৱটি সিদ্ধার্থ হৈ পৰিছিল বিদ্রোহী অথচ কৰুণ চৰিত্ৰ। ড্ৰাগছ হৈ পৰিছিল তাৰ অৱলম্বন।সঠিক সময়ত সঠিক লালন-পালন হােৱা হ’লে সিদ্ধার্থৰ পৰিৱৰ্তন বেয়াৰ দিশে নগ’লহেঁতেন— লেখকে তাকেই ক’ব খুজিছে।

(ঘ) সকলাে মানুহৰেই জীবনবােৰ একো একোখন যুঁজ।
উঃ উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যপুথি ড° মৃণাল কলিতাৰ যুঁজ’ নামৰ গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে।
মানুহৰ জীৱন সংগ্ৰামৰ কথা কোৱাৰ প্ৰসংগতে লেখকে ব্যাখ্যেয় কথাফাকি অৱতাৰণা কৰিছে।
সিদ্ধার্থ আৰু নির্মল সহপাঠী। সিদ্ধার্থ নিঃসংগতাত ডুবি ড্রাগছ আসক্ত হৈ পৰে। এদিন নির্মলে তাৰ কাৰণ জানিব বিচাৰিলে। নির্মলৰ কথাৰ সুৰত সিদ্ধার্থই আপােনত্বৰ গােন্ধ পালে। কৈ পেলালে নিজৰ জীৱনৰ কৰুণ কাহিনীটো আৰু সেয়া জীৱনে কৰা প্রবঞ্চনা বুলি সি যে ভাবে সেয়াও কলে। নির্মল কিন্তু আশাবাদী ল’ৰা। মৰমেৰে সিদ্ধার্থক ভাল জীৱন এটা দিব পৰা যায় বুলি সি বুজি উঠিছে। বৰ মৰমেৰে সি সিদ্ধার্থক বুজাইছিল যে নদী,ফুল, তৰা, গান, আকাশ, জোন আদি প্ৰকৃতিৰ উপাদানবােৰৰ মাজতেই সুখ থাকে।সিদ্ধার্থৰ জীৱনাে সুখেৰে ভৰি পৰিব কেৱল জীৱনৰ যুঁজখনত সিদ্ধার্থই ভাল খেলিব লাগিব। প্রত্যেকৰে জীৱনত যুদ্ধ থাকে, নির্মলেও আনকি শৰীৰত হােৱা জটিল ৰােগ এটাৰ লগত যুঁজি আছে। নিজৰ ভুল আৰু বেয়া দিশবােৰৰ লগত যুঁজি সিহঁতক পৰাস্ত কৰিব পাৰিলে জীৱনটো সুখেৰে উপচি পৰে।হৰা-জিকালৈ বাট নাচাই জীৱনৰ যুঁজবােৰ কৰাটোৱেই মানৱ জীৱনৰ চিৰন্তন সত্য—ব্যাখ্যেয় কথাফাকিৰ মাজেৰে এই সত্যকেই লেখকে
উন্মােচন কৰিব খুজিছে।

যুঁজ class 9 Question Answer

১১। ‘যুঁজ’ গল্পটোৰ শিৰােনামৰ তাৎপর্য বুজাই লিখা।
উঃ ‘যুঁজ’গল্পটোত এগৰাকী কিশােৰৰ মনস্তাত্ত্বিক দিশৰ বিশ্লেষণ কৰা হৈছে। আপােনজনৰ মৰমৰ পৰা বঞ্চিত হৈ ল’ৰাটোৰ নিচাৰ প্রতি আসক্তি বাঢ়ে। অন্ধকাময় জীৱন এটাৰ ফালে গতি কৰিবলৈ লওঁতে হঠাৎ পােহৰৰ দৰে আৱিৰ্ভাৱ হয় নির্মল। সিদ্ধার্থৰ সহপাঠী নির্মল। নির্মলে সিদ্ধার্থৰ পৰা তাৰ জীৱনৰ কৰুণতম কথাবােৰ
জানিব পাৰি বুজিছিল যে মৰমেৰেহে সিদ্ধার্থক ঘূৰাই আনিব পৰা যাব সুস্থিৰ জীৱনলৈ। নির্মলে সিদ্ধার্থক বুজাইছিল যে দৰাচলতে প্রত্যেক মানুহৰে জীৱনত যুঁজ একোখন থাকে। বেয়া চিন্তা, অসৎ মনােবৃত্তিৰ বিৰুদ্ধে মানুহে অহৰহ যুঁজি থাকে। নির্মলেও আনকি নিজৰ শৰীৰত হােৱা জটিল ৰােগ এটিৰ লগত যুঁজি আছে।সিদ্ধার্থয়াে হতাশ নহৈ নিজৰ সিদ্ধান্ত আৰু ভুল কথাবােৰৰ লগত যুঁজিব লাগিব। হৰা-জিকাৰ কথালৈ মন নকৰি যুঁজ কৰি যােৱাটো প্ৰকৃতিৰ নিয়ম। এগৰাকী কিশােৰৰ জীৱনলৈ অহা যুঁজৰ বিষয়ে বুজাবলৈ পাঠটোৰ ‘যুঁজ’ নামকৰণ সার্থক হৈছে বুলি ক’ব লাগিব।

যুঁজ class 9 Question Answer

ভাষা-বিষয়ক:

১২। ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
মৃত্যুশীতল; অসহনীয়; অতল, অমীমাংসিত; বেপৰােৱা; অচিনাকি।
উঃ মৃত্যুশীতল : মৃত্যুৰ দৰে শীতল — কর্মধৰয় সমাস
অসহনীয় : ন সহনীয় –নঞ তৎপুৰুষ সমাস
অতল : তল নাই যাৰ — -বহুব্রীহি সমাস
অমীমাংসিত : ন মীমাংসিত – নঞ তৎপুৰুষ সমাস।
বেপৰােৱা : পৰােৱাৰ অভাৱ — অব্যয়ীভাৱ সমাস
অচিনাকি : ন চিনাকি — নঞ তৎপুরুষ সমাস।

১৩। বাক্য ৰচনা কৰা :
উজাগৰ; অবাধ্য; অৱলম্বন; খেৰকুটা।
উঃ উজাগৰ : উজাগৰে থাকিলে শৰীৰে কষ্ট পায়।
অবাধ্য : পিতৃ-মাতৃৰ অবাধ্য হােৱা উচিত নহয়।
অৱলম্বন : গুৰুবাক্য অৱলম্বন কৰি চলাটো শিষ্যৰ প্ৰধান কর্তব্য।
খেৰকুটা : খেৰকুটাক আশ্রয় কৰিয়েই পৰুৱাটো বাচি থাকিল।

১৪। সমার্থক শব্দ লিখা :
নীৰৱতা ; বিষাদ; প্রস্তৰ; একাকীত্ব; আন্ধাৰ।
উঃ নীৰৱতা : মৌনতা
বিষাদ : দুখ
প্রস্তৰ : শিল
একাকীত্ব : নিজস্ব
আন্ধাৰ : তিমিৰ, অন্ধকাৰ

যুঁজ class 9 Question Answer অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমুকৈ উত্তৰ লিখা :
(ক) প্রশান্তৰ বেগৰ পৰা কিমান টকীয়া আৰু কেইখন নােট চুৰি হৈছিল?

উঃ প্রশান্তৰ বেগৰ পৰা দুখন পঞ্চাশ টকীয়া নোট চুৰি হৈছিল।

(খ) নির্মল কোন আছিল?
উঃ নির্মল সিদ্ধার্থৰ সৈতে একেখন বিদ্যালয়ৰ একেটা শ্রেণীতে পঢ়িছিল।

(গ) নির্মলে সিদ্ধার্থক পাণ দোকানৰ পিছফালে কি কৰি থকা দেখা পাইছিল?
উঃ নির্মলে সিদ্ধার্থক পাণ দোকানৰ পিছফালে চিগাৰেট টানি থকা দেখা পাইছিল।

(ঘ) সিদ্ধার্থক কিয় স্কুলৰ সকলােবােৰ ল’ৰাৰ লগতে নির্মলেও এৰাই চলিব আৰম্ভ কৰিছিল?
উঃ সিদ্ধার্থক বেপৰােৱা স্বভাৱৰ বাবে স্কুলৰ সকলােবােৰ ল’ৰাৰ দৰে নির্মলেও তাক এৰাই চলিবলৈ আৰম্ভ কৰিছিল।

(ঙ) সিদ্ধার্থই মাকক স্কুললৈ নােযােবাৰ কি কাৰণ দৰ্শাইছিল?
উঃ সিদ্ধার্থই মাকক গা বেয়া হােৱা বাবে স্কুললৈ নােযােৱা বুলি কৈছিল।

২। নির্মলক কিহে এক দুর্বোধ্য সাঁথৰৰ মাজলৈ টানি নিছিল?
উঃ স্কুল ছুটীৰ পিছত সিদ্ধার্থ প্রায়ে এখন পাণ দোকানলৈ গৈছিল যিখন অতি ৰহস্যময় আছিল, এনে এখন পাণ-দোকানত সিদ্ধার্থৰ সঘন উপস্থিতিয়ে নির্মলক এক দুর্বোধ সাঁথৰৰ মাজলৈ টানি নিছিল।

৩। নির্মলৰ মুখামুখি হ’বলৈ সিদ্ধার্থক কিয় মানসিক প্রস্তুতিৰ দৰকাৰ হৈছিল?
উঃ নির্মলৰ মুখামুখি হ’বলৈ সিদ্ধার্থক মানসিক প্রস্তুতিৰ দৰকাৰ হৈছিল কিয়নাে ইমানদিনে নােকোৱা কথাবােৰ হঠাৎ কাৰােবাক কৈ দিয়াটো বৰ সহজ নহয়।

Recent Posts

যুঁজ’ গল্পটোৰ শিৰােনামৰ তাৎপর্য বুজাই লিখা।

উঃ ‘যুঁজ’গল্পটোত এগৰাকী কিশােৰৰ মনস্তাত্ত্বিক দিশৰ বিশ্লেষণ কৰা হৈছে। আপােনজনৰ মৰমৰ পৰা বঞ্চিত হৈ ল’ৰাটোৰ নিচাৰ প্রতি আসক্তি বাঢ়ে। অন্ধকাময় জীৱন এটাৰ ফালে গতি কৰিবলৈ লওঁতে হঠাৎ পােহৰৰ দৰে আৱিৰ্ভাৱ হয় নির্মল। সিদ্ধার্থৰ সহপাঠী নির্মল। নির্মলে সিদ্ধার্থৰ পৰা তাৰ জীৱনৰ কৰুণতম কথাবােৰ
জানিব পাৰি বুজিছিল যে মৰমেৰেহে সিদ্ধার্থক ঘূৰাই আনিব পৰা যাব সুস্থিৰ জীৱনলৈ। নির্মলে সিদ্ধার্থক বুজাইছিল যে দৰাচলতে প্রত্যেক মানুহৰে জীৱনত যুঁজ একোখন থাকে। বেয়া চিন্তা, অসৎ মনােবৃত্তিৰ বিৰুদ্ধে মানুহে অহৰহ যুঁজি থাকে। নির্মলেও আনকি নিজৰ শৰীৰত হােৱা জটিল ৰােগ এটিৰ লগত যুঁজি আছে।সিদ্ধার্থয়াে হতাশ নহৈ নিজৰ সিদ্ধান্ত আৰু ভুল কথাবােৰৰ লগত যুঁজিব লাগিব। হৰা-জিকাৰ কথালৈ মন নকৰি যুঁজ কৰি যােৱাটো প্ৰকৃতিৰ নিয়ম। এগৰাকী কিশােৰৰ জীৱনলৈ অহা যুঁজৰ বিষয়ে বুজাবলৈ পাঠটোৰ ‘যুঁজ’ নামকৰণ সার্থক হৈছে বুলি ক’ব লাগিব।

নির্মল কোন আছিল?

উঃ নির্মল সিদ্ধার্থৰ সৈতে একেখন বিদ্যালয়ৰ একেটা শ্রেণীতে পঢ়িছিল।

প্রশান্তৰ বেগৰ পৰা কিমান টকীয়া আৰু কেইখন নােট চুৰি হৈছিল?

প্রশান্তৰ বেগৰ পৰা দুখন পঞ্চাশ টকীয়া নোট চুৰি হৈছিল।

Leave a Comment