পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answer – নৱম শ্ৰেণী

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answer Class IX Question Answer সকলো প্ৰশ্নৰ উত্তৰ | Class 9 Assamese Chapter 10 Question Answer

শ্ৰেণীনৱম শ্ৰেণী
বিষয়অসমীয়া
পাঠপোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক

১। চমুকৈ উত্তৰ লিখা :
(ক) ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম ক’ত হৈছিল?
উঃ ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল।

(খ) পিপলান্ত্রি গাঁওখন ক’ত অবস্থিত?
উঃ পিপলান্ত্রি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ নামৰ জিলাখনত অৱস্থিত।

(গ) কিহৰ বাবে পিপলান্ট্রি গাঁওখনে ‘গ্রীণিজ ৱর্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল?
উঃ মাৰ্বল পাথৰৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল।

(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে?
উঃ ডেনমার্ক প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে।

(ঙ) ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল?
উঃ আর্জেন্টিনা দল এটাই ‘Tree Sisters’ নামৰ চিনেমাখন নির্মাণ কৰিছিল।

(চ) কিৰণ কোন আছিল?
উঃ কিৰণ পিপলান্ত্রি গাঁওখনৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল।

(ছ) ৰাখীবন্ধনৰ দিনা পিপলান্ত্রি গাঁৱৰ ছােৱালী আৰু মহিলাসকলে কি কৰে?
উঃ ৰাখীবন্ধনৰ দিনা গাঁওখনৰ ছােৱালী আৰু মহিলাসকলে গাঁৱৰ গছসমূহত ৰছী অর্থাৎ ৰাখী বান্ধে।

(জ) কিৰণ নিধি যােজনাৰ আঁৰৰ মানুহজন কোন?
উঃ ‘কিৰণ নিধি যােজনা’ৰ আঁৰৰ মানুহজন শ্যাম সুন্দৰ পালিৱাল।

(ঝ) কোনাে এজন মানুহৰ মৃত্যুত পিপলান্ত্রি গাঁৱৰ মানুহে কি কৰে?
উঃ কোনাে এজন মানুহৰ মৃত্যুত পিপলাক্সি গাঁৱৰ মানুহে ১১ টাকৈ গছ পুলি ৰােপণ কৰে।

২। পিপলান্ত্রি গাঁৱৰ পৰিবেশ কিয় দূষিত হৈছিল?
উঃ পিপলান্ত্রি গাঁওখন মাৰ্বল পাথৰৰ ক্ষেত্ৰত অতি চহকী হােৱাত ডাঙৰ ব্যৱসায়ীসকলে কেইবাটাও বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰিছিল। ফলত লাহে লাহে গাঁওখনৰ প্রকৃতি ধ্বংস হৈ পৰিছিল। গছ-গছনিৰ সংখ্যা দ্রুতভাৱে কমি যােৱাত বৰষুণৰ পৰিমাণে কমি গৈছিল। ফলস্বৰূপে গাঁওখনৰ পৰিৱেশ দূষিত হৈ পৰিছিল।

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answer

৩। শ্যাম সুন্দৰ পালিৱাল কোন?পিপলান্ত্রি গাঁওখন পৃথিৱীবিখ্যাত হােৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা।
উঃ ৰাজছমন্দ জিলাৰ পিপলান্ত্রি গাঁৱৰ বাসিন্দা আছিল শ্যাম সুন্দৰ পালিৱাল। ২০০৫ চনত তেওঁ সেই গাঁৱৰ মুখিয়ালো হৈছিল। ছবছৰতে মাতৃহাৰা হােৱা শ্যামসুন্দৰে জীৱন সংগ্ৰামৰ বাবে গাঁও এৰি গুচি গৈছিল। যদিও গাঁৱৰ প্ৰতি থকা এক অবুজ টানে তেওঁক গাঁৱলৈ এসময়ত আহিবলগা কৰে। সেই সময়ত গাঁৱৰ পৰিৱেশ দূষিত অৱস্থাত আছিল। বৃহৎ বৃহৎ ব্যৱসায়ীৰ কৰ্ম- কাণ্ডৰ ফলত ভূ-গর্ভৰ পানী ৮০০ ফুট তললৈ নামিছিল। উশাহ ল’বলৈ বিশুদ্ধ বতাহাে নাপাইছিল মানুহে কিয়নাে গছৰ সংখ্যা কমি গৈছিল। তেনে সময়তে শ্যাম সুন্দৰ গাঁৱৰ মুখিয়াল হৈছিল। হঠাৎ তেওঁৰ জীয়ৰী কিৰণৰ এদিন মৃত্যু ঘটে আৰু শােকত ম্রিয়মান পালিৱালে জীয়ৰীৰ স্মৃতিত এটা গছপুলি ৰােৱে। মুখিয়াল হিচাপে তেওঁ গাঁৱত কন্যা সন্তান জন্মিলে ১১১ টা গছপুলি ৰােপণৰ নিয়ম প্ৰৱৰ্তন কৰিলে। লগতে গাঁওবাসীক চাৰিটা দায়িত্বও দিলে।

(১) কন্যা সন্তানক ল’ৰা সন্তানৰ সমানেই প্রতিপালন কৰা, (২) পানীসংৰক্ষণ কৰা, (৩) গছ-গছনিৰই প্রতিপালন কৰা আৰু(৪) খেতি বাতিৰ দ্বাৰা জীবিকা নির্বাহ কৰা। তেওঁ জানিছিল যে গাঁৱৰ পৰিৱেশ উন্নত হ’বলৈ হ’লে গছ লাগিব, কিয়নাে গছে কেৱল সেউজ পৰিৱেশ সৃষ্টি কৰাই নহয়, ই মাটি সাৰুৱা কৰে আৰু ভূগৰ্ভৰ পানী ওপৰলৈ আনে। অবশেষত পিপলান্ত্রি গাঁৱত গছ-গছনি ৰােপণৰ ফলত বিশুদ্ধ বায়ু বলিবলৈ ধৰিলে। বৰষুণৰ ফলত ভূ-গর্ভৰ পানী ওপৰলৈ আহিল আৰু মাটি সাৰুৱা হােৱাত খেতি- বাতিও ভাল হ’ল। বিভিন্ন প্রজাতিৰ চৰাই বছৰি সেই গাঁৱৰ গছ-গছনিলৈ আহে। মুঠতে গাঁওখন পৃথিৱীবিখ্যাত হৈ পৰিল। শ্যাম সুন্দৰ পালিৱালৰ দূৰদর্শিতাই ইয়াৰ মূল কাৰণ।পিপলান্ত্রি গাঁৱলৈ সুখ-সমৃদ্ধি উভতি অহাত সৰ্বাধিক অৱদান তেওঁৰেই।

৪। ‘কিৰণ নিধি যােজনা’ কি? এই যােজনাৰ অধীনত পিপলান্ত্রি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ?
উঃ ‘কিৰণ নিধি যােজনা’ হৈছে পিপলান্ত্রি নামৰ গাঁওখনত তাৰে মুখিয়াল শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যা কিৰণৰ স্মৃতিত প্ৰৱৰ্তন কৰা এক আঁচনি, যাৰ অধীনত উক্ত গাঁওখনত কন্যা সন্তান জন্মিলে গাঁৱৰ ৰাইজে ১১১ টা গছপুলি ৰােপণ কৰে। এই যােজনাৰ অধীনত পিপলান্ত্রি গাঁৱৰ মানুহবােৰে পালন কৰা চাৰিটা বিশেষ দায়িত্ব হৈছে–কন্যা সন্তানসকলক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰােপণ কৰা আৰু খেতিবাতি কৰি নিজৰ প্ৰয়ােজন পূৰণ কৰা।

৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?
উঃ শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে ‘কিৰণ নিধি যােজনা’ নামেৰে এখন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে কিছুমান বিশেষ নিয়মৰ প্ৰচলন কৰিছিল। এই নিয়মবােৰ আছিল – গাঁৱৰ কোনাে লােকে কন্যা ভ্ৰূণ হত্যা কৰিব নােৱাৰিব।

দ্বিতীয়তে, কন্যা সন্তানটোক মৰমেৰে আলফুলে ডাঙৰ-দীঘল কৰিব লাগিব আৰু সেই একে মৰম তথা যত্নৰে তাইৰ জন্মৰ সময়ত ৰােপণ কৰা ১১১ টা গছপুলিকো প্রতিপালন কৰিব লাগিব। তৃতীয়তে, কোনাে কন্যা সন্তানকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব। চতুর্থত, কোনাে পৰিস্থিতিতে ছােৱালী জন্মৰ পিছতে পিতৃ-মাতৃ তথা গাঁৱৰ ৰাইজে মিলি তাইৰ নামত বেংকত ৩১,০০০ ধনৰাশি জমা থ’ব যি ধনৰাশি কেৱল তাইৰ পঢ়াৰ বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব।

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন প্ৰশ্ন উত্তৰ

৬। পিপলান্ট্রি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা।
উঃ পিপলান্ত্রি গাঁৱত প্রকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল। গছবােৰে তেওঁলােকক উশাহ ল’বলৈ বিশুদ্ধ অক্সিজেন দিছিল, গছৰ বাবেই ভূমি উৰ্বৰা হােৱাত শস্য নদন-বদন হৈছিল আৰু মানুহৰ সুখ-সমৃদ্ধি বাঢ়িছিল। সেয়ে মানুহে গছৰ প্রতিপালন আন্তৰিকতাৰে কৰিছিল। ৰক্ষা বন্ধনৰ দিনা গাঁৱৰ জীয়ৰী আৰু মহিলাসকলে গছত ৰছী অর্থাৎ ৰাখী বন্ধাৰ নিয়মো প্রচলন হৈছিল। কন্যা সস্তানৰ জন্মৰ সময়ত ৰােৱা ১১১ জোপা গছৰ পুলিৰ প্ৰতিটোকেই পূর্ণাংগ গছত পৰিণত কৰাবলৈ আন্তৰিকতাৰে প্ৰতিগৰাকী মানুহেই দায়িত্ব পালন কৰিছিল। সময়ৰ অগ্রগতিৰ লগে লগে গছ আৰু মানুহ এক আত্মিক-আন্তৰিক বান্ধোনেৰে বান্ধ খাই পৰিছিল।

৭। পিপলান্ত্রি গাঁৱৰসফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে?
উঃ পিপলান্ট্রি গাঁৱৰ গছবােৰত প্ৰতি বছৰে বিভিন্ন প্রজাতিৰ চৰাইৰ আগমন ঘটে আৰু সেইবােৰ চাবলৈ বিভিন্ন ঠাইৰ পৰা বছৰি মানুহ আহে। এই গাঁৱৰ সফলতাৰ কাহিনী এতিয়া মানুহৰ মুখে মুখে। ভাৰতবৰ্ষৰ প্রায় প্রত্যেক সংবাদ মাধ্যম আৰু বাতৰি- কাকতৰ জৰিয়তে এই গাঁৱৰ কাহিনী প্রচাৰ হৈ আহিছে। কেৱল ছপা বা বৈদ্যুতিন মাধ্যমেই নহয়, ছ’চিয়েল মিডিয়াতে প্রচাৰ হৈছে পিপলান্ত্রি গাঁৱৰ সাফল্যৰ কথা। ফেচবুক, টুইটাৰ, ইউটিউব আদিৰ জৰিয়তে গাঁওখনৰ বহুত তথ্য উপলব্ধ হৈছে, যাৰ বাবে দেশ-বিদেশৰ মানুহৰ মনত এই গাঁৱৰ প্ৰতি ঔৎসুক্য বৃদ্ধি পাইছে। বিভিন্ন গৱেষকৰ দল, তথ্য-চিত্র নির্মাণকাৰীৰ দল, চিনেমা নির্মাণকাৰী দল এই গাঁৱলৈ আহিবলৈ লােৱাত গাঁৱৰ ৰাস্তা-ঘাট পকী কৰিলে চৰকাৰে। পিপলান্ত্রি গাঁৱক লৈ চিনেমাও নির্মাণ হৈছে। যি প্রত্যক্ষ কৰি অইন গাঁৱততা পিপলান্ত্রিৰ অনুকৰণত কাম হােৱা দেখা গৈছে। মুঠতে ব্যক্তিগত, চৰকাৰী-বেচৰকাৰী সকলাে মাধ্যমৰ দ্বাৰাই পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী প্রচাৰ হৈছে বুলি কব পাৰি।

class 9 assamese chapter 10 question answer

৮। পিপলান্ত্রি গাঁওখন কিয় এখন আদর্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক?
উঃ পিপলান্ত্রি গাঁওখনক আদর্শ গাঁও বুলি ভাবোঁ। গাঁওখনলৈ সুপৰিৱেশ ঘূৰাই আনিবলৈ শ্যাম সুন্দৰ পালিৱালে যি চাৰিটা দায়িত্ব পালিবলৈ গাঁওবাসীক কৈছিল,সেই চাৰিটা হ’ল – (ক) কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ডাঙৰ-দীঘল কৰা, (খ) বৰষুণৰ পানী সংৰক্ষণ কৰা, (গ) গছ-গছনি ৰুই প্রতিপালন কৰা আৰু (ঘ) খেতি-বাতিৰে নিজৰ প্রয়ােজন পূৰ কৰা। এই চাৰিটা কাম পৃথিৱীৰ যিকোনাে গাঁৱৰ লােকেই কৰাটো জৰুৰী বুলি মই ভাবো। এই চাৰিটা কামে গাঁওখনক যি ৰূপ দিলে সেয়াই এখন প্রকৃত গাঁৱৰ ছবি। গছপুলি ৰােপণকৰা,বৰষুণৰ পানী সংৰক্ষণ কৰাটো আজিৰ সময়ত অত্যন্ত জৰুৰীও হৈ পৰিছে। কিয়নাে জনবসতি ঘন অঞ্চলত পানীৰ অভাৱ যথেষ্ট পৰিমাণে হােৱা দেখা যায়।

এনে কৰিলে অন্য গাঁওবােৰতত ভূ-পৃষ্ঠৰ পানী ওপৰলৈ উঠি আহিব আৰু অন্য পিপলান্ত্ৰি গাঁও এখন গঢ় লৈ উঠিব। একেদৰে একবিংশ শতিকাত ল’ৰা-ছােৱালীৰ প্ৰভেদ ৰখাটো একেবাৰেই সমর্থন যােগ্য নহয়, কিয়নাে উভয়ৰে পৰম্পৰ সহযােগিতাতহে সমাজ আগবাঢ়ে। কন্যা সন্তানৰ জন্মত ৰােৱা গছপুলিৰ বাবেই সেই গাঁৱৰ মানুহ বিশুদ্ধ অক্সিজেন লৈ জীয়াই থাকিব পাৰিছে, অন্য গাঁৱতাে তেনে আদর্শ অনুকৰণ কৰা উচিত। মুঠতে সকলাে দিশৰ পৰা পিপলান্ত্রি গাঁওখনক আদর্শ গাঁও বুলি মই ভাবোঁ। সঁচাকৈয়ে ‘পােহৰৰ বাটেৰে আগুৱাবলৈ’পাঠটিত কেইবাটাও শিক্ষণীয় দিশ চকুত পৰে। যেনে— মানসিক দৃঢ়তা, সুনির্দিষ্ট পৰিকল্পনা, উদ্যম,আগ্রহ আদি। এইবােৰৰ সংমিশ্ৰণত কেনেদৰে দুর্ভিক্ষৰ কবলত পৰা গাঁও এখন আজি বিশ্ববাসীৰ বাবে আদর্শ গাঁৱত পৰিণত হৈছে সেইটো সকলােৱে শিকিবলগীয়া কথা। তদুপৰি প্রকৃতিৰ লগত মানুহৰ যে আন্তৰিকতা বা আত্মীয়তা গঢ় লৈ উঠিব পাৰে পাঠটোত সেই কথাটোও সুন্দৰভাৱে ফুটি উঠিছে।

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন প্ৰশ্ন উত্তৰ

৯। বহলাই, বুজাই লিখাঃ
(ক) বাৰটা মাহত তেৰটা খেতি।
উঃ প্রশ্নোদ্ধৃত কথাফাকিৰ দ্বাৰা প্রয়ােজনতকৈ অধিক পৰিশ্ৰম কৰাৰ কথা বুজাব খােজা হৈছে। মাহে যদি মানুহ এটা খেতিৰ কামতাে ব্যস্ত থাকে, তথাপি বছৰি মুঠ খেতিৰ সংখ্যা হ’ব লাগে বাৰটা। অর্থাৎ নিয়মীয়াকৈ পৰিশ্রমী কার্যত জড়িত থাকিলেও বছৰেকৰ সংখ্যাটোহে হয়গৈ। কিন্তু কিছু এনে পৰিশ্রমী মানুহ আছে যিসকলে দেহে-কেহে খাটি বছৰৰ মুঠ মাহতকৈও অধিক সংখ্যাত খেতি কৰে। তেনে লােকৰ উপার্জনাে সৰহ হয়। কিয়নাে উৎপাদিত সামগ্রী বিক্ৰী কৰি তেওঁলােকে অইনতকৈ অধিক ধন লাভ কৰে। কষ্ট কৰিব পৰা বয়সত যথেষ্ট পৰিশ্ৰম কৰি একাংশ লােকে জীৱনজুৰি সুখত কটায়। তাৰ পৰিৱর্তে এচামে পৰিশ্ৰম নকৰি আৰামতে সকলাে পাব খােজে আৰু ভবা মতে একো নাপাই হা-হুমুনিয়াহ কাঢ়ি দিন কটায়।

প্রশ্নোত কথাষাৰিৰ দ্বাৰা এই কথা স্পষ্ট হৈছে যে অধিক পৰিশ্ৰমী লােকৰ বাবে কামত দিন হিচাপ কৰাৰ অৱকাশ নাই, তেওঁলােকে অবাবত সময় নষ্ট নকৰি কেৱল জীৱনলৈ সুখ আর্জে। তেওঁলােকৰ বাবে এবছৰাে কমহে হয় বর্ষপূর্তিৰ বাবে।

(খ) স্বচ্ছ ভাৰত অভিযান।
উঃ স্বচ্ছ ভাৰত অভিযান মানে হৈছে এখন নিকা পাৰিপাৰ্শ্বিক অৱস্থাৰ ভাৰত গঢ়া। ২০০৪ চনৰ ২ অক্টোবৰত ভাৰতৰ তদান্তীন প্রধানমন্ত্ৰীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। ২০১৯ চনত মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীত তেওঁৰ প্রতি শ্রদ্ধাঞ্জলি হিচাপে এই স্বচ্ছতা অভিযান পৰিপূৰ্ণ কৰাৰ লক্ষ্য নিৰূপণ কৰা হৈছে। সু-পৰিৱেশত সুস্বাস্থ্য নিশ্চিতকৰণেই এই আঁচনিৰ মূল উদ্দেশ্য। ৰাইজক অনাময়ৰ ব্যৱস্থা সম্পর্কে সজাগ কৰা, ব্যক্তিগত অনাময় ব্যৱস্থাৰ প্ৰয়ােজনীয়তালৈ লক্ষ্য ৰখাৰ লগতে দেশখনৰ চাফ-চিকুণতাৰ প্রতি মানুহক সজাগ কৰি তােলাও এই আঁচনিৰ অন্যতম উদ্দেশ্য। এই আঁচনিৰ অধীনত গছপুলি ৰােপণ, নলা নর্দমা পৰিস্কাৰকৰণ ইত্যাদিও সামৰি লােৱা হৈছে। স্বচ্ছ ভাৰত অভিযান সফল কৰিবলৈ সকলােৰে ঐক্যবদ্ধ চেষ্টাৰ প্রয়ােজন। অকলে এদিনতে দেশখন পৰিস্কাৰ কৰাটো অসম্ভৱ। ব্যক্তিবিশেষৰ উন্নতিয়েহে ৰাষ্ট্ৰৰ প্রগতি নিশ্চিত কৰে, সেই কথালৈ মন দি দেশত স্বাস্থ্যসম্মত পৰিৱেশ সৃষ্টিত সকলােৱে হাত উজান দিয়াটো সমীচিন।

(গ) সামাজিক মাধ্যম।
উঃ সামাজিক মাধ্যম বা ছ’চিয়েল মিডিয়া হৈছে ইন্টাৰনেট নেটৱৰ্কিং বা ৱেব প্রযুক্তিৰ সহায়ত চলা এটি ধাৰা।মানুহে পৃথিৱীৰ বিভিন্ন ঠাইত থকা মানুহৰ সৈতে যােগাযোেগৰ এক সুন্দৰ মাধ্যম হৈছে এই ৱেবযুক্ত সামাজিক মাধ্যমসমূহ। প্রযুক্তিবিদ্যাই দ্রুত পৰিৱৰ্তনশীল কৰি তোলা আজিৰ মানুহৰ দৈনন্দিন জীৱনত সামাজিক মাধ্যমৰ ভূমিকা অনস্বীকার্য। এই মাধ্যমসমূহৰ জৰিয়তে মানৱীয় সম্পর্ক, সাহিত্য-সংস্কৃতি, ৰাজনীতি, অর্থনীতি, সমাজনীতি আদিসকলাে বিষয়ৰে যেন সমন্বয় ঘটিছে। দৰাচলতে সামাজিক সম্পর্কৰ ভিত্তিত গঢ়ি উঠা বিশেষ ৱেবছাইটৰ দ্বাৰা ব্যক্তিয়ে নিজস্ব চিন্তা, ধ্যান-ধাৰণা আদি নিজস্ব নেটৱৰ্কত তুলি ধৰি সামাজিক সম্পর্ক গঢ়ি তােলে। ফেচবুক, টুইটাৰ, ইউটিউব, ইনষ্টাগ্রাম, পেছাট, উইচাট, ৱাটছআপ আদি হৈছে কেইটামান বহুল ব্যৱহৃত সামাজিক মাধ্যম। এনে মাধ্যমসমূহৰ জৰিয়তে মানুহে ভবা কথাবােৰ পােষ্ট বা মন্তব্য হিচাপে লিখি, ফটো বা ভিডিঅ’ আদি আপলােড কৰি অইনৰ লগত একাত্মীয়তা স্থাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে কম সময়ত যােগাযােগ স্থাপন কৰিব পৰা যায়।অৱশ্যে এনে মাধ্যম ভালদৰে ব্যৱহাৰ নকৰিলে কুফল ভােগ কৰিবলগীয়াও হয়। সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰে মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলােৱাৰ লগতে সামাজিক অৱক্ষয় বা ক্ষতি হােৱাও দেখা যায়। সেয়ে সামাজিক মাধ্যমৰ সফলতা নির্ভৰ কৰে ব্যৱহাৰকাৰীৰ ওপৰত।

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Class 9

ভাষা বিষয়ক

১০| বাক্য ৰচনা কৰা :
হাতে কামে; নিয়ম-শৃংখলা; দিনে-নিশাই খেতিবাতি; আনন্দ-উল্লাস; ডাঙৰ-দীঘল; সুখ-সমৃদ্ধি।

উঃ হাতে কামে : হাতে কামে লাগিলেহে নিজৰ কাম সুচাৰুৰূপে সম্পন্ন হয়।
নিয়ম-শৃংখলা : বিদ্যালয়ত সকলােৱে নিয়ম-শৃংখলা মানি চলা উচিত।
দিনে-নিশাই : দিনে নিশাই পৰিশ্ৰম কৰি কিতাপখন মৰমীয়ে লিখি উলিয়ালে।
খেতি-বাতি : খেতি-বাতি বৰষুণ পাই নদন-বদন হৈছে।
আনন্দ-উল্লাস : বিয়াখন আনন্দ-উল্লাসৰ মাজেৰে পাৰ হৈ গ’ল।
ডাঙৰ-দীঘল : মামাকে মাতৃহীনা তৰুক বৰ আলাসত ডাঙৰ দীঘল কৰিছে।
সুখ সমৃদ্ধি : ঘৰখনত সুখ-সমৃদ্ধি উপচি পৰাৰ আশীর্বাদ দি হুঁচৰি দলটোৱে বিদায় ল’লে।

class 9 assamese chapter 10 question answer

১১। কিয় মূর্ধণ্য ‘ণ হৈছে লিখাঃ
বৰষুণ; পৰিমাণ; ৰূপায়ণ।
উঃ একেটা পদতে থকা ‘ঋ’, ‘ৰ’ আৰু ‘য’-ৰ পাছত থকা দন্ত্য ‘ন’ মুগ্ধণ্য ‘ণ’ হয়।

১২। তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমার্থক শব্দ লিখা ।
মুক্ত; বায়ু; বৃহৎ পানী; গছ; চকু; গাঁও।
উঃ মুক্ত : মুকলি।
বায়ু : পৱন
বৃহৎ : স্হূল
পানী : জল
গছ :তৰু
চকু : অক্ষি
গাঁও : গ্রাম

১৩। তলৰ উপসৰ্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰা :
প্রতি; অধি; উপ; অৱ; দুৰ।
উঃ প্রতিবাদ; অধিনায়ক; উপনদী; অৱবাহিকা; দুর্গম

Related Post:

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন class 9

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰঃ
(ক) পিপলান্ত্রি গাঁওখন ৰাজস্থানৰ কোনখন জিলাত অবস্থিত?
উঃ পিপলাঞ্জি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ জিলাত অৱস্থিত।

(খ) পিপলান্ত্রি গাঁওখনক পুণৰজীৱিত কৰি তােলাৰ আঁৰত থকা ব্যক্তিজনৰ নাম
উঃ পিপলান্ত্রি গাঁওখনক পুণৰুজ্জীৱিত কৰি তােলাৰ আঁৰত থকা ব্যক্তিজনৰ নাম শ্যাম সুন্দৰ পালিৱাল।

(গ) কিমান চনত শ্যাম সুন্দৰ পালিৱালে পিপলান্ত্রি গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰিছিল?
উঃ ২০০৫ চনত শ্যাম সুন্দৰ পালিৱালে পিপলান্ত্রি গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰিছিল।

(ঘ) পিপলান্ত্রি গাঁওখনত কন্যা সন্তান জন্ম পালে কি কৰা হয় ?
উঃ পিপলান্ত্রি গাঁওখনত কন্যা সন্তান জন্ম পালে আনন্দ-উল্লাস কৰি ছােৱালীজনীৰ নামত ১১১ টা গছপুলি ৰােপণ কৰা হয়।

(ঙ) পিপলান্ত্রি গাঁওখনত প্ৰতিগৰাকী কন্যাৰ জন্মৰ পিছত বেংকত কিমান ধনৰাশি জমা থােৰা হয়?
উঃ পিপলান্ত্রি গাঁওখনত কন্যা সন্তান জন্ম পালে কন্যাগৰাকীৰ নামত বেংকত ৩১,০০০ টকা জমা থােৱা হয়।

(চ) পিপলান্ত্রি গাঁওখনত বর্তমান কিমান সংখ্যক লােকে বাস কৰে?
উঃ পিপলান্ত্রি গাঁওখনত বর্তমান ৮,০০০ ৰাে অধিক লােকে বাস কৰে।

(ছ) ভাৰতৰ কোনজন ৰাষ্ট্রপতিয়ে পিপলান্ত্রি গাঁওখনলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়াইছিল?
উঃ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এপিজে আব্দুল কালামে পিপলান্ত্রি গাঁওখনলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়াইছিল।

ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম ক’ত হৈছিল?

উঃ ৰাজপুত বীৰ মহাৰাণা প্রতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল।

পিপলান্ত্রি গাঁওখন ক’ত অবস্থিত?

উঃ পিপলান্ত্রি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ নামৰ জিলাখনত অৱস্থিত।

কিহৰ বাবে পিপলান্ট্রি গাঁওখনে ‘গ্রীণিজ ৱর্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল?

উঃ মাৰ্বল পাথৰৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱর্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল।

পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে?

উঃ ডেনমার্ক প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্রি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে।

‘Tree Sisters’ নামৰ চিনেমাখন কোনে নির্মাণ কৰিছিল?

উঃ আর্জেন্টিনা দল এটাই ‘Tree Sisters’ নামৰ চিনেমাখন নির্মাণ কৰিছিল।

কিৰণ কোন আছিল?

উঃ কিৰণ পিপলান্ত্রি গাঁওখনৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল।

Leave a Comment