শিশুলীলা Class 9 Question Answer

Class 9 Assamese Chapter 1 Question Answer | শিশুলীলা প্ৰশ্নৰ উত্তৰ

শ্ৰেণীনৱম শ্ৰেণী
বিষয়অসমীয়া
পাঠশিশুলীলা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

শিশুলীলা Class 9 Question Answer

অতি চমু প্রশ্নৰ উত্তৰ লিখাঃ

(ক) কৃষ্ণগীত গাবন্ত সুন্দৰী-।।
-কৃষ্ণগীত গােৱা সুন্দৰীগৰাকী কোন?
উঃ কৃষ্ণগীত গােৱা সুন্দৰীগৰাকী হ’ল যশােদা ।

(খ) কর্ণত কুণ্ডল দোলে আতি।
– কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?
উঃ যশােদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে।

(গ) কাম্পে কোপে অৰুণ অধৰ।
ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে?
উঃ কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে।

(ঘ)‘মথনিত ধৰিয়া নিষেধি।
‘মথনি’ শব্দৰ অৰ্থ কি?
উঃ মথনি’ হ’ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ।

(ঙ) নােজোড়ে আঙ্গুল দুই জৰী’–ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
উঃ শ্রীকৃষ্ণক বান্ধিবলৈ জৰীৰ নাটনি হৈছে যশােদাৰ।

(চ) ‘ৰুণ ঝুণ কেয়ুৰ কঙ্কণ’।
– কাৰ কেয়ূৰ কঙ্কণৰ ৰুণ ঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?
উঃ যশােদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা কবিতাটোত কোৱা হৈছে।

Class 9 Assamese Chapter 1 Question Answer

২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা ।
উঃ নৱবৈষ্ণৱ ধৰ্মৰ্ত শ্রীকৃষ্ণ স্বয়ং বিষ্ণুৰ অৱতাৰ । পৃথিৱীত অৱতাৰ লৈ শ্ৰীকৃষ্ণই নানা লীলা সম্পাদন কৰিছিল। শিশুলীলা’ শীর্ষক পাঠটিত কবিয়ে শ্রীকৃষ্ণৰ শৈশৱৰ লীলা বৰ্ণনা কৰিছে । কিন্তু তেনে বর্ণনাত কবিয়ে শ্রীকৃষ্ণক ভগৱানৰ অৱতাৰ হিচাপে নহয়, সাধাৰণ মানৱ শিশু হিচাপেহে অংকন কৰিছে। শংকৰদেৱৰ বৰ্ণনাত পৃথিৱীৰ অন্য শিশুৱে কৰা কাম শ্রীকৃষ্ণয়াে কৰিছে। দধি মথি থকা যশােদাক কৃষ্ণই কাম কৰাত বাধা দিছে কিয়নাে শিশু কৃষ্ণৰ যে মাকৰ গাখীৰ খােৱাৰ মন।

পুত্ৰৰ মন বুজি যশােদাই স্তন্যপান কৰাবলৈ লয়। সেই সময়তে গাখীৰ উথলি পৰিবলৈ লােৱা দেখি কৃষ্ণক কোলাৰ পৰা নমাই যশােদাই দৌৰি যায়। মাকে গাখীৰ খুওৱা এৰি আধাতে উঠি গ’লে সাধাৰণতে শিশুৰ খং উঠে, কান্দিব ধৰে। যশােদা উঠি যােৱাতাে শ্রীকৃষ্ণৰ খং উঠিল। খঙত তেওঁৰ ওঁঠ কপিল আৰু তেওঁ দাঁত কামুৰিবলৈ ধৰিলে। শিলেৰে দধিভাণ্ড ভাঙি তেওঁ নিজেও খালে আৰু বান্দৰকো খুৱালে। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই চুৰি কৰি অনা লৱণু উড়লৰ ওপৰত বহি পৰম তৃপ্তিৰে খােৱা দৃশ্য কবিৰ কাপেৰে সুন্দৰভাৱে নিগৰিছে।

কৃষ্ণৰ এই কাণ্ডত মাকৰ বৰ খং উঠিল আৰু হাতত এচাৰি লৈ কৃষ্ণক মাৰিবলৈ আহিল। জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ যাক যােগীসকলে দিন ৰাতি ধ্যান কৰিও নাপায়, সেই কৃষ্ণই সাধাৰণ শিশুৰ দৰে মাকৰ ভয়ত পলাইছে। আকৌ, পুত্ৰক খেদি খেদি মাক যেতিয়া ভাগৰি পৰিছে তেতিয়া সকলাে শিশুৰ দুখ লগাৰ দৰেই মাকৰ ক্লান্ত অৱস্থা দেখি দুখ মনেৰে কন্দনামুৱা হৈ কৃষ্ণই মাকক ধৰা দিছে। লৱণুভাণ্ড ভঙা বাবে মাকে তেওঁৰ মূৰ খাব বুলি ধমকি দিয়াত একেবাৰে সাধাৰণ শিশুৰ দৰে মহা ভয়ত কোচমােচ খাইছে। মুঠতে ‘ শিশুলীলা’ পাঠটিত বর্ণিত শ্ৰীকৃষ্ণৰ শৈশৱৰ কর্ম কাণ্ডসমূহ জগতৰ প্রত্যেকটি শিশুৱে কৰা কৰ্ম-কাণ্ডতকৈ অলপো বেলেগ নহয়। কবিজনাই একেবাৰে সাধাৰণ মানৱ শিশু হিচাপে শ্রীকৃষ্ণক অংকন কৰিছে।

শিশুলীলা class 9 question answer

(৩) শংকৰদেৱৰ মহত্ত্বম সৃষ্টি কীর্তন-ঘােষা’ৰ বিষয়ে এটি টোকা লিখা।
উঃ কীর্তন মহাপুৰুষ শংকৰদেৱৰ কবিত্ব প্রতিভাৰ শ্ৰেষ্ঠ নিদর্শন, বৈষ্ণৱ সাহিত্যৰ কীর্তিস্তম্ভ। এই পুথিত মহাপুৰুষে ভাগৱত পুৰাণৰ অনুপ্ৰেৰণাৰে অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ দৰ্শন অদ্বৈত বেদান্তক সুপ্রতিষ্ঠিত কৰিছে। বর্তমানৰ কীর্তন’২৭ টা স্বয়ংসম্পূর্ণ খণ্ডৰ সমষ্টি। প্রকাশিত কীর্তন ঘােষাত চতুর্বিংশতি অৱতাৰ, ধ্যান বর্ণনা,অজামিল উপাখ্যান, শিশুলীলা, ৰাসলীলা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণ আদিকৈ উনত্রিশটা খণ্ড আছে যদিও শেষৰ দুই খণ্ড গুৰুজনাৰ ৰচনা নহয়।

(৪) শিশুলীলা’ পাঠটিৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
উঃ ‘শিশুলীলা’ত যশোদাৰ সৰল মাতৃস্নেহ আৰু কৃষ্ণৰ শিশুসুলভ দুষ্টালিৰ মনােৰম প্রকাশ দেখা যায়। এগৰাকী সাধাৰণ শিশুৰ, ৰূপত শ্ৰীকৃষ্ণৰ কৰ্মৰাজিৰ বৰ্ণনা কবিৰ কাপেৰে মােহনীয় হৈ নিগৰিছে। কিন্তু কৃষ্ণৰ দুষ্ট শিশু ৰূপটিৰ আঁৰত যে এগৰাকী পূর্ণব্রহ্ম ভগৱান বিৰাজ কৰিছে, সেই বিষয়ে সকীয়াবলৈও মহাপুৰুষে পাহৰা নাই। যশােদাৰ বাবে কৃষ্ণ আঁচলৰ ধন,নয়নৰ মণি।পূর্ণ ব্রহ্ম ভগৱানক অকৃত্রিম মাতৃস্নেহেৰে বশ কৰি যশােদাই ভক্তবৎসল ভগৱানৰ মহিমা ঘােষণা কৰিছে। এয়াই শিশুলীলাৰ অন্তৰ্নিহিত তত্ব ।

অসমীয়া class 9 শিশুলীলা

(৫) তাহাঙ্ক তনয় মালি বলে।
যশােদা বান্ধন্ত উড়খলে।।
—কথাষাৰৰ অন্তনিহিত তাৎপর্য বুজাই লিখা।
উঃ সংগতি: ব্যাখ্যেয় পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত.‘শিশুলীলা’ শীর্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

প্রসংগ : শ্ৰীকৃষ্ণৰ প্রকৃত স্বৰূপ সম্পর্কে থকা যশােদাৰ অজ্ঞানতাৰ কথা ক’বলৈ বিচাৰি কবিয়ে ব্যাখ্যেয় পদফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা : শ্রীকৃষ্ণই মানৱ জনম লৈ যশােদাৰ পুত্ৰৰূপে সংসাৰত বসবাস কৰিছে। যশােদায়ে অপত্য স্নেহেৰে কৃষ্ণৰ প্রতিপালন কৰিছে। দুষ্টালি কৰিলে সাধাৰণ এগৰাকী মাতৃৰ দৰেই কৃষ্ণক শাস্তিও দিছে। ঈশ্বৰৰ পূৰ্ণ ৰূপ হৈও কৃষ্ণই মাকৰ স্নেহ-শাস্তি মূৰ পাতি লৈছে। সাধাৰণ শিশুৰ দৰেই ঠেহ পাতি মাকৰ গাখীৰ খাইছে। আৰু আধা খুৱাই মাক দৌৰি গৈ কামত মগ্ন হােৱা বাবে খং অভিমানত কঁপিছে। খঙৰ ভমকত মাকৰ দধিভাণ্ড ভাঙি নিজেও খাইছে, বান্দৰকো খুৱাইছে। এই ঘটনা দেখি মাকে যেতিয়া চকু পকাই শাস্তি দিবলৈকে কৃষ্ণৰ ওচৰলৈ হাতত বাৰী লৈ আহিছে, তেতিয়া কৃষ্ণ ভয়ত পলাইছে। খেদি খেদি ভাগৰত যশােদাই থমকি ৰৈছে। আৰু মাকৰ কষ্ট সহ্য কৰিব নােৱাৰি কন্দনামুৱা হৈ কৃষ্ণই নিজে মাকক ধৰা দিছে।

খঙত যশােদাই কৃষ্ণক মূৰ ভাঙিব বুলি ধমকি দি তেওঁক উড়লত বান্ধিবৰ যত্ন কৰিছে। কিন্তু যি কৃষ্ণ স্বয়ং ভগৱান তেওঁক জাগতিক মায়াই বান্ধি ৰাখিব নােৱাৰে। যশােদাক মাতৃৰূপে স্বীকাৰ কৰিলেও তেওঁ বন্ধন স্বীকাৰ কৰা নাই, সেয়ে যশােদাই অশেষ কষ্ট কৰিও শ্রীকৃষক উড়লত বান্ধিব পৰা নাই। যশােদা বিষ্ণুভক্ত হােৱা বাবেহে কৃষ্ণই তেওঁক পুত্রসুখ দিছে, কিয়নাে ভগৱান ভক্তৰ অধীন। কিন্তু যশােদাই এই পৰম সত্য উপলব্ধি কৰিব নােৱাৰি সাধাৰণ মাতৃৰ দৰেই কৃষ্ণক নিজ পুত্র জ্ঞান কৰি শান্তি দিবলৈ উদ্যত হৈছে। ব্যাখ্যেয় কথাফাকিৰ মাজেৰে কবিয়ে এই কথাই প্ৰকাশ কৰিব বিচাৰিছে।

শিশুলীলা Class 9 Question Answer

(৬) “নাহি আদি অন্ত পূর্বাপৰ।
পূর্ণ-ব্রহ্ম জগত ঈশ্বৰ।।”
—ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উঃ কবি শংকৰদেৱ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক। তেওঁ বিষ্ণুৰ উপাসক। অলপ সুৰুঙা পালেই তেওঁ উপাস্য দেৱতা কৃষ্ণৰ মধুৰ মূৰুতি আৰু ভুৱন-মােহন ৰূপৰ অংকন তথা তেওঁৰ শ্ৰেষ্ঠত্বৰ বৰ্ণনাত মগ্ন হয়। প্রশ্নোদ্ধৃত পদফাকিতাে কৃষ্ণৰ শিশুৰূপটিৰ আঁৰত যে পূর্ণব্রহ্ম ভগৱান বিৰাজ কৰিছে তাকেই স্পষ্ট কৰিব বিচাৰিছে।

শ্রীকৃষ্ণ জগতৰ ঈশ্বৰ। পৃথিৱীত মানৱ জনম ল’লেও তেওঁৰ মহিমাৰ অন্ত নাই। তেওঁকালৰ উদ্ধত। তেওঁৰ জন্মও নাই, মৃত্যুও নাই। তেৱেই অনাদি,অনন্তভগৱন্ত । তেৱেই পূর্ণব্রহ্ম। জগতত থাকিলেও জাগতিক মায়াই তেওঁক বান্ধি ৰাখিব নােৱাৰে। পৃথিৱীত তেওঁ যশােদাক মাতৃৰূপে স্বীকাৰ কৰিলেও বন্ধন স্বীকাৰ কৰা নাই। সেয়ে যশােদাই অশেষ কষ্ট কৰিও তেওঁক উড়লত বান্ধিব পৰা নাই। কিন্তু যশােদা পৰম বিষ্ণুভক্ত; সেয়ে ভক্তবৎসল ভগৱানে তেওঁৰ স্নেহৰ বশ্যতা স্বীকাৰ কৰিছে। মায়া-মােহত আবদ্ধ হৈ তেওঁ জগতত পুত্রৰ কর্তব্য পালন কৰি থকা নাই, বৰং ভক্তৰ মনোবাঞ্ছা পূৰণৰ অৰ্থেহে স্বয়ং পূৰ্ণব্ৰহ্মাই মানৱ লীলা গ্ৰহণ কৰিছে ।

অসমীয়া class 9 শিশুলীলা ব্যাখ্যা কৰা:

ক) যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।
উঃ সংগতিঃ ব্যাখ্যেয় পদ্যফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘শিশুলীলা’ শীর্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

প্রসংগঃ শ্ৰীকৃষ্ণৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবিয়ে ব্যাখ্যেয় পদফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ শ্রীকৃষ্ণ জগতৰ ঈশ্বৰ। তেওঁ অনাদি,অনন্ত, ভগৱন্ত। যোগী কলে অশেষ কষ্ট সহ্য কৰি ধ্যানতাে নাপায় তেওঁক। অথচ সেই ভগৱন্তই পৃথিৱীত পুত্ৰৰূপে থাকি যশােদাৰ ভয়ত তৎ হেৰাইছে। সাধাৰণ শিশুৰ দৰেই ঠেহ পাতি মাকৰ গাখীৰ খাইছে আৰু আধা খুৱাই মাক দৌৰি গৈ কামত মগ্ন হােৱা বাবে খং অভিমানত কঁপিছে। খঙৰ ভমকত মাকৰ দধিভাণ্ড ভাঙি নিজেও খাইছে, বান্দৰকো খুৱাইছে। এই ঘটনা দেখি মাকে যেতিয়া চকু পকাই শাস্তি দিবলৈকে কৃষ্ণৰ ওচৰলৈ হাতত বাৰী লৈ আহিছে, তেতিয়া কৃষ্ণই ভয়ত পলাইছে। মহা মহা মুনিগণে অশেষ শ্ৰমৰ বলতাে যাক নাপায় যশােদাই তেওঁক নিজ পুত্ৰৰূপে পাইছে। পুত্ৰৰূপে পুৱাই নহয়,মাতৃ স্নেহেৰে তেওঁক বশ কৰিও ৰাখিছে। দৰাচলতে ভগৱান ভক্তৰ অধীন, মহামুনিগণে নােপােৱা কৃষ্ণক যশােদাই ভক্তিৰ বলতহে পুত্ৰৰূপে পাইছে।ব্যাখ্যেয় কথাফাকিৰ অন্তর্নিহিত কথা এয়াই।

খ) ভাণ্ড ভাঙ্গী আবে যাইবি কোথা।
খাইবাে আজি কৃষ্ণ তােৰ মাথা।
উঃ সংগতিঃ ব্যাখ্যেয় পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত শিশুলীলা’ শীর্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

প্রসংগঃ লৱণুচোৰ কৃষ্ণক মাকে ধৰা পেলােৱা ঘটনাৰ বর্ণনা প্রসংগত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা : মাক যশােদই এদিন কৃষ্ণক গাখীৰ খুৱাই থাকোতে হঠাৎ উঠি যাব লগা হ’ল। ক্ষীৰ ৰাখিবলৈ জুইত থােৱা গাখীৰ উতলি পৰাৰ পৰা ৰক্ষা কৰিবলৈহে যশােদাই আধা গাখীৰ খােৱা অৱস্থাত কৃষ্ণক এৰি দৌৰিছিল। কৃষ্ণৰ খং উঠিল আৰু মাক অন্যফালে থাকেতে কোঠাত প্ৰৱেশ কৰি শিলেৰে দধিভাণ্ড ভাঙি পেলায়। আনকি পাত্ৰত থকা দৈ চৌদিশে চটিওৱাই নহয়, বান্দৰকো খুৱালে। মাকে ভঙা পাত্র দেখিয়েই বুজিলে সেয়া পুত্ৰৰ কাম বুলি। এছাৰি লৈ কৃষ্ণক মাৰিবলৈ যশােদাই খেদি আহিল,ভয়ত কৃষ্ণ পলাল। বহু সময় দৌৰিও যশােদাই পুতেকক ধৰিব নােৱাৰিলে। মাকৰ কষ্ট দেখি সহিব নােৱাৰি কৃষ্ণাই কন্দনামুৱা হৈ মাকৰ হাতত নিজে ধৰা দিলে। দুখ-ভাগৰত যশােদাই কৃষ্ণৰ মুৰ ভাঙিব বুলি কৈ বান্ধিব খােজে। ব্যাখ্যেয় কবিতাফাকিৰে কবিয়ে এনে সুন্দৰ দৃশ্যকেই অংকন কৰিছে ।

শিশুলীলা Class 9 Question Answer

(গ) পাচে পাচে যশােদা খেদন্ত।
ভয়ে লাগ মাৱক নদন্ত।।
উঃ সংগতিঃ ব্যাখ্যেয় পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘শিশুলীলা’ শীর্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

প্রসংগঃ লৱণু চোৰ কৃষ্ণক মাকে ধৰা পেলােৱাত ভীতিগ্রস্ত কৃষ্ণই পলায়ন কৰা কথা ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা : মাক যশােদাই এদিন কৃষ্ণক গাখীৰ খুৱাই থাকোতে হঠাৎ উঠি যাব লগীয়া হ’ল। ক্ষীৰ ৰান্ধিবলৈ জুইত থােৱা গাখীৰ উতলিপৰাৰ পৰা ৰক্ষা কৰিবলৈহে যশােদাই আধা গাখীৰ খােৱা অৱস্থাত কৃষ্ণক এৰি দৌৰিছিল। কৃষ্ণৰ খং উঠিল আৰু মাক অন্যফালে থাকোতে কোঠাত প্রৱেশ কৰি শিলেৰে দধিভাণ্ড ভাঙি পেলায়। আনকি পাত্ৰত থকা দৈ চৌদিশে চটিওৱাই নহয়, বান্দৰকো খুৱালে। মাকে ভঙা পাত্র দেখিয়েই বুজিলে সেয়া পুত্ৰৰ কাম বুলি। এছাৰি লৈ কৃষ্ণক মাৰিবলৈ যশােদাই খেদি আহিল, ‘ভয়ত কৃষ্ণ পলাল। কবি মহাপুৰুষে বখ্যেয় পদফাকিৰ জৰিয়তে মাতৃৰ ভয়ত পুত্ৰৰ পলায়নৰ সুন্দৰ দৃশ্য অংকন কৰিছে ।

Class 9 Assamese Chapter 1 Question Answer

৮) শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উঃ নৱবৈষ্ণৱ ধৰ্মৰ মতে শ্রীকৃষ্ণ স্বয়ং বিষ্ণুৰ অৱতাৰ। পৃথিৱীত অৱতাৰ লৈ শ্ৰীকৃষ্ণই নানা লীলা সম্পাদন কৰিছিল। শিশুলীলা’ শীর্ষক পাঠটিত কবিয়ে শ্রীকৃষ্ণৰ শৈশৱৰ লীলা বর্ণনা কৰিছে। কিন্তু তেনে বর্ণনাত কবিয়ে শ্রীকৃষ্ণক ভগৱানৰ অৱতাৰ হিচাপে নহয়, সাধাৰণ মানৱ শিশু হিচাপেহে অংকন কৰিছে। শংকৰদেৱৰ বৰ্ণনাত পৃথিৱীৰ অন্য শিশুৱে কৰা কাম শ্রীকৃষ্ণয়াে কৰিছে। দধি মথি থকা যশােদাক কৃষ্ণই কাম কৰাত বাধা দিছে কিয়নাে শিশু কৃষ্ণৰ যে মাকৰ গাখীৰ খােবাৰ মন । পুত্ৰৰ মন বুজি যশােদাই স্তন্যপান কৰাবলৈ লয়। সেই সময়তে গাখীৰ উথলি পৰিবলৈ লােৱা দেখি কৃষ্ণক কোলাৰ পৰা নমাই যশােদাই দৌৰি যায়।

মাকে গাখীৰ খুওৱা এৰি আধাতে উঠি গ’লে সাধাৰণতে শিশুৰ খং উঠে, কান্দিৰ ধৰে। যশােদা উঠি যােৱাতাে। শ্ৰীকৃষ্ণৰ খং উঠিল। খঙত তেওঁৰ ওঁঠ কঁপিল আৰু তেওঁ দাঁত কামুৰিবলৈ ধৰিলে। শিলেৰে দধিভাণ্ড ভান্তি তেওঁ নিজেও খালে আৰু বান্দৰকে খুৱালে। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই চুৰি কৰি অনা লৱণু উড়লৰ ওপৰত বহি পৰম তৃপ্তিৰে খােৱা দৃশ্য কবিৰ কাপেৰে সুন্দৰভাৱে নিগৰিছে। কৃষ্ণৰ এই কাণ্ডত মাকৰ বৰ খং উঠিল আৰু হাতত এচাৰি লৈ কৃষ্ণক মাৰিবলৈ আহিল। জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ যাক যােগীসকলে দিন-ৰাতি ধ্যান কৰিও নাপায়, সেই কৃষ্ণই সাধাৰণ শিশুৰ দৰে মাকৰ ভয়ত পলাইছে। আকৌ, পুত্রক খেদি খেদি মাক যেতিয়া ভাগৰি পৰিছে তেতিয়া সকলাে শিশুৰ দুখ লগাৰ দৰেই মাকৰ ক্লান্ত অবস্থা দেখি কন্দনামুৱা হৈ কৃষ্ণাই মাকক ধৰা দিছে।

লবণুভাণ্ড ভঙা বাবে মাকে তেওঁৰ মূৰ খাব বুলি ধমকি দিয়াত একেবাৰে সাধাৰণ শিশুৰ দৰে মহা ভয়ত কোচমােচ খাইছে। মুঠতে ‘শিশুলীলা’ পাঠটিত বর্ণিত শ্ৰীকৃষ্ণৰ শৈশৱৰ কৰ্ম- কাণ্ডসমুহ জগতৰ প্রত্যেকটি শিশুৱে কৰা কৰ্ম-কাগুতকৈ অলপাে বেলেগ নহয় । এনেদৰে এটি মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণাই নিজৰ কাৰ্যৰে মাকক নগুৰ- নাকতি কৰিছে।

শিশুলীলা Class 9 Question Answer

৯) “মহাকোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই লবণু ভূজন্ত।।”
– কোনে অতি খঙেৰে কোঠাত সােমাইছিল ? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
উঃ শ্রীকৃষ্ণই অতি খঙত কোঠাত সােমাইছিলহি। এদিনাখন যশােদাই দধি মথি আছিল। সেই সময়তে ক’ৰবাৰ পৰা আহি কৃষ্ণই মথনিত ধৰি মাকক কাম কৰাত বাধা দিলে কিয়নাে কৃষ্ণৰ মাকৰ গাখীৰ খাবলৈ মন। যশােদায়ে কাম এৰি হাঁহিমুখে পুত্ৰক কোলাত লৈ স্তনপ্ৰাণ কৰাবলৈ ধৰিলে তেনেতে গাখীৰ উথলি পৰিব খােজা দেখি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশােদাই দৌৰি সেইপিনে গ’ল। মাকে গাখীৰ খুওৱা এৰি আধাতে দৌৰা কাৰণে কৃষ্ণৰ খং উঠিল। তেওঁৰ সূৰ্যৰ দৰে ওঁঠকপিবলৈ ধৰিলে আৰু খঙত তেওঁ দাঁত কামুৰিবলৈ ধৰিলে। মাকৰ ওপৰত উঠা খঙৰ ভমকত শিলেৰে তেও দধিভাণ্ড ভাঙিলে। অকল সেয়াই নহয়, শিকিয়াত থকা পাত্ৰৰ পৰা লবনু চুৰি কৰি আনি নিজেও খালে আৰু বান্দৰকো খুৱালে। খঙত একো নাই হৈ লৱণুবােৰ চাৰিওফালে তেওঁ ছটিয়াই দিলে।

১০। কৃষ্ণক ধৰিবলৈ গৈ যশােদাৰ কেনে অবস্থা হৈছিল বুজাই লিখা।
উঃ কৃষ্ণক ধৰিবলৈ গৈ যশােদা বিফল হৈছিল বহু সময়। আগে আগে দৌৰা পুত্র কৃষ্ণক খেদি যাওঁতে যশােদাৰ বন্ধা খােপা খুলি গৈছিল আৰু খােপাত গুঁজি থােৱা মালতী ফুলৰ থােপা পৰি গৈছিল। কঁকাল বিষাই গৈছিল আৰু ভাগৰত কাহিল হৈছিল যশােদা।

Class 9 Assamese Chapter 1 Question Answer

১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূর্ধন্য ‘ণ’ আৰু মূর্ধন্য ষ’ হৈছে বুজাই লিখা :

অৰুণ, কঙ্কণ, কর্ণ, শ্রেণী, ভাণ্ড, নিষেধি।
উঃ অৰুণঃ একেটা পদতে থকা ঋ’, ৰ আৰু ষ’ৰ পাছত থকা দন্ত্য-ন মূর্ধণ্য ‘ণ’ হয় ।
কঙ্কণ : স্বাভাৱিকতে মূর্ধণ্য ‘ণ’হৈছে।
কর্ণ : একেটা পদতে থকা ঋ’, ‘ৰ’আৰু ষ’ৰ পাছত থকা দন্ত্য ন’ মূর্ধণ্য ‘ণ’ হয়…
শ্রেণী :একেটা পদতে থকা ঋ’, ৰ আৰু ষ’ৰ পাছত থকা দন্ত্য ন মূর্ধণ্য ‘ণ’ হয়।
ভাণ্ড : ট বৰ্গৰ কোনাে বর্ণৰ লগত যুক্ত হলে ন’মূর্ধণ্য ‘ণ’ হয়।
নিষেধিঃ ই-কাৰান্ত আৰু উ-কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা,সিধ, সিচ, লস্ আদি ধাতুৰ দন্ত্য সমৃদ্ধণ্য ষ’ হয়।

১৪। পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উঃ পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা উল্লেখ কৰা হ’ল পিন্ধি, কান্দন্তে, ভাঙ্গি, বান্ধি, নমাই।

শিশুলীলা Class 9 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ
১) বৰগীতটোত নন্দ-জায়া বুলি কাক কোৱা হৈছে?
উঃ  বৰগীতটোত নন্দ-জায়া বুলি যশােদাক কোৱা হৈছে।

২। বৰগীতটোত কোনে কৃষ্ণৰ শিশু লীলাসমুহ স্মৰণ কৰি কৃষ্ণগীত গাইছে?
উঃ বৰগীতটোত যশােদাই কৃষ্ণৰ শিশু লীলাসমূহ স্মৰণ কৰি কৃষ্ণগীত গাইছে।

৩। ক্ষৌম বস্ত্র গিন্ধি দিব্য কাছে।’—ক্ষৌম বস্ত্র মানে কি?
উঃ ক্ষৌম বস্ত্র মানে পাট কাপােৰ।

৪। ‘শ্রম জলে উজ্জ্বল বদন।।’—ইয়াত ভাগৰত কাৰ শৰীৰ জিলিকি উঠাৰ কথা কোৱা হৈছে?
উঃ ইয়াত ভাগৰত যশােদাৰ শৰীৰ জিলিকি উঠাৰ কথা কোৱা হৈছে।

৫। কর্ণত কুণ্ডল দোলে আতি।’—কাৰ কাণত কুণ্ডল দোলাৰ কথা কৈছে?
উঃ যশােদাৰ কাণত কুশুল দোলাৰ কথা কোৱা হৈছে।

৬।‘হাসি-হাসি কোলে লৈলা নন্দ জায়া।’—ইয়াত কোনে কাক হাঁহি হাঁহি কোলাত তুলি লােৱাৰ কথা কোৱা হৈছে?
উঃ ইয়াত নন্দৰ পত্নী যশােদাই হাঁহি-হাঁহি শিশু কৃষ্ণক কোলাত তুলি লােৱাৰ কথা কোৱা হৈছে।

৭। কাম্পে কোপে অৰুণ অধৰ। অতিপাত খঙত কাৰ ওঁঠ কপিৰলৈ ধৰিছিল?
উঃ শিশু কৃষ্ণৰ অতিপাত খঙত ওঁঠ কপিবলৈ ধৰিছিল।

৮। শিলায়ে ভাঙ্গিলা দধিভাণ্ড৷’—শিশু কৃষ্ণই শিল দলিয়াই কিয় দধিভাণ্ড ভাঙিছিল?
উঃ স্তনপান কৰিব নােপােৱাৰ খঙতে শিশু কৃষ্ণই শিল দলিয়াই দধিৰ ভাণ্ড ভাঙিছিল।

৯। মহাকোপে কোঠা পশিলন্ত।’—কোনে মহাকোপত কোঠাত সােমাইছিল?
উঃ শিশু কৃষ্ণই মহাকোপত আহি কোঠাত সােমাইছিল।

১০। যশােদাই শিশু কৃষ্ণক কিহৰ ওপৰত বহি লৱণু খাই থকা প্রত্যক্ষ কৰিছিল?
উঃ যশােদাই শিশুকৃষ্ণক উড়লৰ ওপৰত বহি লৱণু খাই থকা প্রত্যক্ষ কৰিছিল।

১১। শিশু কৃষ্ণই দলি মাৰি কাক লৱণু খাবলৈ দিছিল?
উঃ শিশু কৃষ্ণই দলি মাৰি বানৰবােৰক লৱণু খাবলৈ দিছিল।

১২। যশোদাই এছাৰি লৈ খেদি অহা দেখি শিশু কৃষ্ণই কি কৰিছিল?
উঃ যশােদাই এছাৰি লৈ খেদি অহা দেখি শিশু কৃষ্ণই উড়লৰ পৰা নামি লৰ মাৰিছিল।

১৩। খসি পড়ে মালতীৰ থােপা।’—ক’ৰ পৰা আৰু কিয় মালতীৰ থােপা খহি পৰিছে?
উঃ শিশু কৃষ্ণক ধৰিবলৈ খেদি ফুৰোঁতে যশােদাৰ খােপাৰ পৰা মালতীৰ থােপা খহি পৰিছে ।

১৪। “যাক যােগী নাপারে ধ্যানত।” ইয়াত যােগীয়ে কাক ধ্যানত নােপােৰাৰ কথা কোৱা হৈছে?
উঃ ইয়াত যােগীসকলে ধ্যানতত হৰি অর্থাৎ ভগৱান কৃষ্ণৰ দৰ্শন নােপােৱাৰ কথা কোৱা হৈছে।

শিশুলীলা Class 9 Question Answer

১৫। গােবিন্দই কিয় চকু মুদি কান্দিবলৈ ধৰিছিল?
উঃ গগাবিন্দ অর্থাৎ শিশু কৃষ্ণই তেওঁৰ পিছে পিছে লৰি ফুৰোঁতে মাক যােদাৰ শ্ৰম হােৱা দেখি চকু মুদি কান্দিবলৈ ধৰিছিল।

১৬। ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।’—কোনে, কাক এই বুলি কৈছিল?
উঃ ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।’— এই বুলি যশােদাই শিশু কৃষ্ণক কৈছিল।

১৭৷ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান কত?
উঃ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ আলিপুখুৰী।

১৮। শিশুলীলা’ বৰগীতটোৰ আধাৰ গ্ৰন্থ কি?
উঃ শিশুলীলা’বৰগীতটোৰ আধাৰ গ্ৰন্থ হ’ল শ্ৰীমন্ত শংকৰদেৱৰ কীর্তন-ঘােষা’।

১৯। মহাপুৰুষ শংকৰদেৱ বিৰচিত কবিতা বা গীতসমূহক কি বুলি কোৱা হয়?
উঃ মহাপুৰুষ শংকৰদেৱ বিৰচিত কবিতা বা গীতসমূহক বৰগীত বুলি কোৱা হয়।

২০। মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰকীর্তিস্তম্ভ বুলি কোনখন পুথিক কোৱা
উঃ কীর্তন-ঘােষাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়।

২১। শংকৰদেৱে ৰচনা কৰা নাটসমূহক কি বুলি কোৱা হয়?
উঃ শংকৰদেৱে ৰচনা কৰা নাটসমূহক অংকীয়া নাট বুলি কোৱা হয়।

২২। কোনখন নাটৰ যােগেদি মহাপুৰুষজনাই অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল?
উঃ সংলাপবিহীন নাট ‘চিহ্নযাত্রা’ৰ যােগেদি মহাপুৰুষজনাই অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল।

২৩।শংকৰদেৱে বৰগীতটোত কাক পূর্ণব্রহ্ম জগতৰ ঈশ্বৰ বুলি কৈছে?
উঃ শংকৰদেৱে বৰগীতটোত কৃষ্ণক পূর্ণ ব্রহ্ম জগতৰ ঈশ্বৰ বুলি কৈছে।

শিশুলীলা Class 9 Question Answer

১) বৰগীতটোত কবিয়ে দধি মথন কৰি থকা যশােদাৰ দেহৰ সৌন্দর্য কেনেদৰে বর্ণনা কৰিছে?
উঃ বৰগীতটোত কবিয়ে দধি মথি থকা যশােদাই দেহত পাটৰ বস্ত্ৰ আৰু কঁকালৰ পৰা তলৰ অংশত অসমীয়া নাৰীৰ দৰে মেখেলা পিন্ধি থকা বুলি কৈছে। যােদাৰ পুত্র স্নেহত দুয়ােটা স্তনৰ পৰা গাখীৰ নিগৰি আহিছিল আৰু দধি মথনৰ জোকাৰণিত ঘনে ঘনে তেওঁৰ স্তনযুগল লৰিছিল, হাতৰ খাৰুৰ পৰা ৰুণজুন শব্দ হৈছিল, কাণৰ কুণ্ডল দুলিছিল, খােপা মেল খাই তাৰ পৰা মালতী ফুল খহি পৰিছিল। এইবােৰ উপমাৰ দ্বাৰা তেওঁ ৰূপমুগ্ধ শিল্পীৰ দৃষ্টিৰে যশােদাৰ শ্ৰমৰ খাটানিত জিলিকি উঠা শ্রমুজ্জ্বল দেহৰ স্বাস্থ্যোজ্জ্বল শ্ৰী, সুষমা আৰু লাৱণ্যৰ এক অপূর্ব বর্ণনা দিছে।

২) মন্থনত ব্যস্ত থকা যশােদাক শিশু কৃষ্ণই আহি কিয় বাধা প্রদান কৰিছিল ?
উঃ যশােদাই দধি মন্থনত ব্যস্ত হৈ থকাৰ সময়ত কৃষ্ণই মাকৰ স্তনপানৰ হেঁপাহতে আহি বাৰে বাৰে যশােদাক আমনি কৰিছিল আৰু মথনিত ধৰি দধি মন্থনত বাধা দিছিল।

৩) স্তনপান কৰিবলৈ নােপােৱাত কৃষ্ণৰ কি হৈছিল আৰু তেওঁ কি কৰিছিল?
উঃ স্তনপান কৰিবলৈ নােপােৱাত কৃষ্ণ খঙত জ্বলি উঠিছিল, তেওঁৰ সূৰ্যৰ দৰে উজ্জ্বল ওঁঠ কঁপিবলৈ ধৰিছিল আৰু অতি জোৰেৰে দাঁত কামুৰিবলৈ ধৰিছিল। খঙৰ ভমকতে কৃষ্ণই শিল দলিয়াই দধিভাণ্ড ভাঙি কোঠাত সােমাই লৱণু ভােজন কৰাৰ লগতে বান্দৰবােৰকো দলিয়াই দলিয়াই খাবলৈ দিছিল।

৪) যশোদাই কৃষ্ণক এৰি কিয় লৰি গৈছিল ?
উঃ যশোদাই দধি মথনৰ পৰা বিৰতি লৈ কৃষ্ণক স্তনপান কৰাই থাকোঁতে তেওঁ গাখীৰবােৰ পাত্ৰৰ পৰা উঠলি উঠা দেখিছিল, সেয়ে তেওঁ কৃষ্ণক এৰি লৰি গৈছিল।

৫) শিকিয়াৰ পৰা দধি ভাণ্ড নমাই যশােদাই কি দেখিছিল আৰু তাৰ পৰা তেওঁ কি বুজি পাইছিল?
উঃ শিকিয়াৰ পৰা দধি ভাণ্ড নমাই যশােদাই ভাণ্ডটো ভাঙি থকা দেখা পাইছিল।ভঙা দধিভাণ্ডটো দেখি যশােদাই বুজি পাইছিল যে এইটো তেওঁৰ পুত্র কৃষ্ণৰে কাম আৰু এইবােৰ সি স্তনপান কৰিবলৈ নােপােৱাৰ খঙতে কৰিছে।

৬) কৃষ্ণই দধিভাণ্ড ভাঙি লৱণু খােৱাৰ লগতে বান্দৰক দি নষ্ট কৰাত যশােদাই কি কৰিছিল?
উঃ কৃষ্ণই দধি ভাণ্ড ভাঙি লৱণু খােৱাৰ লগতে বান্দৰক সিঁচৰতি কৰি দি নষ্ট কৰাত, যশােদাই খঙতে কৃষ্ণক এশিকনি দিবলৈ হাতত এছাৰি তুলি লৈ কৃষ্ণৰ পিছে পিছে খেদি ফুৰিবলৈ ধৰিছিল। খেদি খেদি তেওঁ ভাগৰি পৰাত কৃষ্ণই মাকৰ শ্ৰম দেখি কন্দনমুৱা হৈ মাকক ধৰা দিছিল। তেতিয়া যশােদাই কৃষ্ণক গালি পাৰিবলৈ ধৰিছিল আৰু উড়লত ৰান্ধি থ’বলৈ জৰী বিচাৰিব ধৰিছিল।

৭) লবণু নষ্ট কৰা কৃষ্ণক যশােদাই কি বুলি গালি দিছিল?
উঃ লৱণু নষ্ট কৰা কৃষক যশােদাই কৰায়ত্ত কৰি দধিভাণ্ড ভাঙি এতিয়া ক’ত পলাবি,আজি তােৰ মূৰ খাম, তই সকলাে লৱণু নষ্ট কৰিলি বুলি গালি দিছিল।

শিশুলীলা Class 9 Question Answer

৮) শুনি প্রভু ভৈলা মহাত্রাস’–ইয়াত প্রভু বুলি কাৰ কথা কোৱা হৈছে আৰু তেওঁ কিয় মহাত্রাসিত হৈছে?
উঃ ইয়াত প্রভু বুলি শিশু কৃষ্ণৰ কথা কোৱা হৈছে। মাক যশােদাই তেওঁক দধিভাণ্ড ভাঙি কতপলাবি, আজি মই তােৰ মূৰ খাম বুলি গালি পাৰাৰ বাবে তেওঁ মহাত্রাসিত হৈছে।

৯) শ্ৰীমন্ত শংকৰদেৱৰ চাৰিখন অংকীয়া নাটৰ নাম লিখা।
উঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চাৰিখন অংকীয়া নাটৰ নাম হ’ল—ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগােপাল আৰু ৰামবিজয়।

১০) শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীৰ বিষয়ে ১০০ টা মান শব্দৰ ভিতৰত চমুকৈ লিখা ।
উঃ চতুর্দশ-পঞ্চদশ শতিকাৰ অসমত শংকৰদেৱৰ নেতৃত্বতে সংগঠিত ধর্মীয় আন্দোলনেৰে অসমৰ সামাজিক-সাংস্কৃতিক জীৱনক সংস্কাৰ আৰু সমৃদ্ধ কৰিবলৈ শংকৰদেৱে এক বিৰাট বৈষ্ণৱ সাহিত্যৰ সৃষ্টিৰ পথ মুকলি কৰিছিল। তেওঁৰ ৰচনাৱলীক তলত দিয়া ধৰণে ভাগ কৰিব পাৰিঃ

কাব্য: হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মথন, অজামিল উপাখ্যান, কুৰুক্ষেত্র।
অংকীয়া নাট :পত্নীপ্রসাদ, কালীয় দমন, কেলিগােপাল, ৰুক্মিণী হৰণ,পাৰিজাত হৰণ, ৰামবিজয়।
গীত : বৰগীত, ভটিমা, টোটয় আৰু চপয়।
ভক্তিমূলক আলােচনা : ভক্তি প্রদীপ, অনাদি পাতন, নিমি নৱসিদ্ধ সংবাদ।
সংস্কৃত প্ৰকৰণ গ্রন্থ: ভক্তি ৰত্নাকৰ।
অনুবাদমূলক গ্রন্থ : ভাগৱত ১ম, ২য়, ৬ষ্ঠ (অজামিল উপাখ্যান ৮ম, ১০ম, ১১শ আৰু ১২শ স্কন্ধ, উত্তৰাকাণ্ড ৰামায়ণ।
নামপ্রসঙ্গ গ্রন্থ : কীর্তন-ঘােষা আৰু গুণমালা।

Also Read: শিষ্টাচাৰ ৰচনা – অসমীয়া ৰচনা সকলো শ্ৰেণীৰ বাবে

১) বৰগীতটোত নন্দ-জায়া বুলি কাক কোৱা হৈছে?

উঃ  বৰগীতটোত নন্দ-জায়া বুলি যশােদাক কোৱা হৈছে।

২। বৰগীতটোত কোনে কৃষ্ণৰ শিশু লীলাসমুহ স্মৰণ কৰি কৃষ্ণগীত গাইছে?

উঃ বৰগীতটোত যশােদাই কৃষ্ণৰ শিশু লীলাসমূহ স্মৰণ কৰি কৃষ্ণগীত গাইছে।

৩। ক্ষৌম বস্ত্র গিন্ধি দিব্য কাছে।’—ক্ষৌম বস্ত্র মানে কি?

উঃ ক্ষৌম বস্ত্র মানে পাট কাপােৰ।

৪। ‘শ্রম জলে উজ্জ্বল বদন।।’—ইয়াত ভাগৰত কাৰ শৰীৰ জিলিকি উঠাৰ কথা কোৱা হৈছে?

উঃ ইয়াত ভাগৰত যশােদাৰ শৰীৰ জিলিকি উঠাৰ কথা কোৱা হৈছে।

৫। কর্ণত কুণ্ডল দোলে আতি।’—কাৰ কাণত কুণ্ডল দোলাৰ কথা কৈছে?

উঃ যশােদাৰ কাণত কুশুল দোলাৰ কথা কোৱা হৈছে।

৬।‘হাসি-হাসি কোলে লৈলা নন্দ জায়া।’—ইয়াত কোনে কাক হাঁহি হাঁহি কোলাত তুলি লােৱাৰ কথা কোৱা হৈছে?

উঃ ইয়াত নন্দৰ পত্নী যশােদাই হাঁহি-হাঁহি শিশু কৃষ্ণক কোলাত তুলি লােৱাৰ কথা কোৱা হৈছে।

Leave a Comment