ভয় Class 8 Question Answer – অসমীয়া পাঠ 9 অষ্টম শ্ৰেণী

ভয় Class 8 Question Answer – | ভয় প্ৰশ্ন উত্তৰ |  Class 8 Assamese Lesson 9 Question Answer

শ্ৰেণী অষ্টম শ্ৰেণী অসমীয়া
বিষয় অসমীয়া
পাঠ ভয় Class 8
লেখক শীলভদ্ৰৰ
পাঠ 9
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

ভয় Class 8 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ২। উত্তৰ দিয়া :
(ক) ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন?
উত্তৰ : ভয় ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া।

(খ) ৰবীনৰ পৰিবাৰৰ নাম কি?
উত্তৰ : ৰবীনৰ পৰিবাৰৰ নাম ৰমলা।

(গ) ফুটবল খেলি থাকোতে কোন ঢুকাল?

উত্তৰ : ফুটবল খেলি থাকোতে সত্য খুৰাৰ ল’ৰাজন ঢুকাল।

(ঘ) ৰবীন কেইটা সন্তানৰ পিতৃ ?
উত্তৰ : ৰবীন তিনিটা সন্তানৰ পিতৃ ।

(ঙ) জহীৰুদ্দিনৰ পেচা কি?
উত্তৰ : জহীৰুদ্দিনৰ পেচা হৈছে উকালতি।

(চ) ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তর্কাতর্কি হয়?
উত্তৰ : ফুৰিবলৈ ওলালে পৰিবাৰ ৰমলাৰ লগত ৰবীনৰ তর্কাতর্কি হয়।

(ছ) পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে?
উত্তৰ : পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে।

(জ) অফিচৰ কাম-কাজত ৰবীনে কিয় মন দিব নোৱাৰে?
উত্তৰ : ৰবীনৰ মনত অনবৰতে ভয়ে ক্ৰিয়া কৰি থকাৰ ফলত ৰবীনে কাম- কাজত মন দিব নোৱাৰে।

ভয় Class 8 Question Answer

প্রশ্ন ৩। চমু উত্তৰ দিয়া।
(ক) কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে?
উত্তৰ : যিকোনো ধৰণৰ কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে। বাটেদি গৈ থাকোতে গাড়ী মটৰে পাচফালৰ পৰা খুন্দিয়াব বুলি, অফিচত কাম কৰি থাকোতে স্কুললৈ যোৱা পোনাহঁতৰ কথা মনত পৰি, কিবা কাৰণত তেওঁৰ মৃত্যু হলে ল’ৰা- ছোৱালী তিনিটা আৰু ৰমলাৰ কি অৱস্থা হ’ব সেই কথা ভাবি, ঘৰৰ সন্মুখৰ দুৱাৰ খুলি থলে চোৰ, বদমাচ আদি জাতীয় মানুহ আহি ঘৰৰ মানুহৰ কিবা অনিষ্ট কৰে বুলি ৰবীনৰ মনত ভয়ৰ সৃষ্টি হয়। ক’ৰবাত খট্‌কৈ শব্দ এটা হ’লেই ৰবীন জাপ মাৰি উঠে। গভীৰ ৰাতি হঠাতে উৎকৰ্ণ হৈ কিবা শুনিবলৈ চেষ্টা কৰে। ল’ৰা- ছোৱালীৰ সামান্য অসুখ হ’লেও ঘনাই পায়খানা বা বাথৰূমলৈ যোৱা আৰম্ভ কৰে। উক্ত কথাবোৰে ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে।

(খ) এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল?
উত্তৰ : এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা অৱস্থাত আছে। সৰু ছোৱালীজনী অকলে অকলে বাৰাণ্ডাত আছে। তেওঁ তাত ৰমলাক নেদেখি চিঞৰিবলৈ ধৰিলে। কিন্তু ৰমলাৰ কোনো সাৰ সুৰ নাপাই উত্তেজনাত তেওঁৰ হাতভৰি কঁপিবলৈ ধৰিলে। তেনেতে ৰমলাই নিশ্চিত্তমনে গা ধুই বাথৰূমৰ পৰা ওলাই আহিল আৰু ৰবীনক সেইদৰে চিঞৰ- বাখৰ কৰাৰ কাৰণ সুধিলে। ৰবীনৰ ৰমলাৰ ওপৰত খং উঠি গ’ল আৰু এনেদৰে দুৱাৰখন খুলি ছোৱালীজনীক আগফালে লৈ বাথৰূমত গা ধুই থকাৰ বাবে ৰমলাক এজাউৰি দিলে।

(গ) মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি ক’লৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি?
উত্তৰ : ৰবীনৰ মনত গোপন ঠাইৰ পৰা ভয় এটাই সকলো সময়তে ভূমুকি মাৰি থাকে। এদিনাখন মাজৰাতি হঠাতে ৰবীনৰ টোপনি ভাঙি যায়। তেওঁ কৰবাত কোনোবাই চিঞৰ-বাখৰ কৰা যেন অনুমান কৰে। তেওঁলোকৰ চুবুৰীত ঘৰভাড়া কৰি থকা ভদ্ৰ আৰু বিনয়ী ডেকা উকীল জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ ভিন ঠাইৰ মানুহ অহা বুলি ৰবীনে ভাবে আৰু তৎক্ষণাৎ জহিৰুদ্দিনক ৰক্ষা কৰিবলৈ শোৱাৰ পৰা উঠি দুৱাৰ খুলি ওলাই যায়। ৰবীনে এনেদৰে ওলাই যোৱাৰ কাৰণ হৈছে বিভিন্ন ধর্ম, ভাষা, সম্প্রদায়, জাতি- উপজাতিৰে ভৰি থকা এই দেশখনত আজি যদি এটা সম্প্ৰদায়ে ধৰ্ম, ভাষা আদিৰ বাবে আন এটা সম্প্রদায়ক আক্ৰমণ কৰে, আন এদিন হয়তো আন এটা সম্প্রদায়ে

উক্ত কাৰণতে এইটো সম্প্ৰদায়ক আক্রমণ কৰিব। গতিকে আজি যদি আমি মানৱতাৰ খাতিৰত বিপদত পৰাজনক সহায় নকৰোঁ কালিলৈ আমি বিপদত পৰি আনৰ সহায় বিচৰা অনুচিত হ’ব। সেইবাবে ৰবীনে জহিৰুদ্দিনক ৰক্ষা কৰিবলৈ তেওঁৰ ঘৰৰ ফালে ওলাই গৈছিল।

(ঘ) গল্পটোৰ পৰা ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক’ত পার্থক্য পাইছা?
উত্তৰ : গল্পটোৰ পৰা ৰবীন আৰু ৰমলাৰ চিন্তাধাৰাৰ মাজত যথেষ্ট পার্থক্য দেখা পোৱা যায়। ৰবীনৰ মনত অহৈতুকী ভয় এটাই সকলো সময়তে ক্ৰিয়া কৰি থাকে। পৰিবাৰৰ লগত বাটেদি গৈ থাকোতে বাটত চলাচল কৰা গাড়ী মটৰৰ পৰা কিবা দুৰ্ঘটনা হয় বুলি পৰিবাৰক সাৱধান কৰি দিয়ে। সেইলৈ দুয়োৰে মাজত প্ৰায়ে তর্কাতর্কি লাগে। দুয়োজনে দুয়োজনৰ ওপৰত বিৰক্ত হৈ উঠে। ল’ৰাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিব খোজে।

কিন্তু কাঠৰ বলৰ পৰা কিবা অঘটন হয় বুলি ৰবীনৰ ভয় লাগে। কিন্তু ৰমলাই এই কথাৰ বিৰোধিতা কৰে। পোনাহঁতৰ স্কুল বন্ধ থাকিলে ৰবীনে ভাল পায়। স্কুলৰ পৰা ওলাই আঁহোতে অন্যমনস্ক হৈ পৰা পোনাহঁতৰ কোনো ধৰণৰ অঘটন হয় বুলি ৰবীনে আশংকা কৰে। ৰবীনৰ এই কথাত ৰমলা বিৰক্ত হয়। ৰবীনৰ অবৰ্তমানত ৰমলা আৰু ল’ৰা-ছোৱালী কেইটাৰ অৱস্থাৰ কথা ভাবি ৰবীনৰ ভয় লাগে। তেওঁৰ মতে ৰমলাৰ স্বভাৱত গভীৰতা নাই। তেওঁ কোনো কথা গভীৰভাৱে চিন্তা কৰিব নাজানে। সময়ৰ সোঁতত গা এৰি দিয়া স্বভাৱ ৰমলাৰ। আনহাতে ৰবীনে সকলো কথা গভীৰভাৱে চিন্তা কৰে। আগন্তুক বিপদৰ কথা চিন্তা কৰি তেওঁ ভয়ত বিতত হয়। এয়াই হৈছে ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত থকা পার্থক্য।

ভয় Class 8 Question Answer

প্রশ্ন ৪। কোনে, কাক কেতিয়া কৈছিল লিখা।
(ক) ‘ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই।’
উত্তৰ: উক্ত বাক্যশাৰী ৰবীনৰ পৰিবাৰ ৰমলাই ৰবীনক উদ্দেশ্য কৰি কৈছিল। কেইদিনমানৰ পৰা ৰবীনৰ ল’ৰাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলাত ধৰিছে। কাঠৰ বলেৰে ক্ৰিকেট খেলি কিবা অঘটন ঘটায় বুলি ৰবীনে ভয় খাই ল’ৰাহঁতক ক্রিকেট খেলিবলৈ হাক দিয়ে। উক্ত কথাত ৰমলা বিৰক্ত হয় আৰু ৰবীনৰ উদ্দেশ্যে সেইদৰে কয়।

(খ) ‘হেৰা শুনিছা ? কোনোবাই চিঞৰা যেন লাগিছে।’
উত্তৰ:  উক্ত বাক্যশাৰী ৰবীনে পত্নী ৰমলাক কৈছিল। এদিনাখন ৰাতি কাৰোবাৰ চিঞৰ-বাখৰত ৰবীনৰ টোপনি ভাঙে। তেওঁ সেই চিঞৰ-বাখৰ জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা অহা বুলি অনুমান কৰে। জহিৰুদ্দিন হৈছে তেওঁলোকৰ চুবুৰীত ঘৰ ভাড়ালৈ থকা ভদ্ৰ আৰু বিনয়ী ডেকা উকীল। সেই চিঞৰ-বাখৰ শুনি ৰবীনে ৰমলাক উক্ত বাক্যশাৰী কৈছিল।

(গ) ‘আজি মই তাৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ’লে কালিলৈ মোৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব?’
উত্তৰ: উক্ত বাক্যশাৰী ৰবীনে পৰিবাৰ ৰমলাক কৈছিল। এদিনাখন ৰাতি কাৰোবাৰ চিঞৰ-বাখৰত ৰবীনৰ টোপনি ভাগিল, তেওঁ অনুমান কৰিলে যে এই চিঞৰ-বাখৰ তেওঁলোকৰ চুবুৰীত ভাড়া ঘৰ লৈ থকা ডেকা উকিল জহিৰুদ্দিনৰ ঘৰৰ পৰা আহিছে। তেওঁ এজন ভদ্ৰ আৰু বিনয়ী ডেকা ল’ৰা। গতিকে আন সম্প্ৰদায়ৰ কোনো লোকে জহিৰুদ্দিনৰ পৰিয়ালৰ অনিষ্ট কৰিবলৈ অহা বুলি ৰবীন দৌৰি ঘৰৰ বাহিৰ ওলাল। কাৰণ আজি তেওঁ জহিৰুদ্দিনক ৰক্ষা নকৰিলে কালি তেওঁৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহিব। উক্ত প্ৰসংগত ৰবীনে ৰমলাক উক্ত কথাফাঁকি কৈছিল।

লগতে পঢ়ক  জাগা জননীৰ সন্তান Class 8 (পাঠ 4) অসমীয়া প্ৰশ্নৰ উত্তৰ

প্রশ্ন ৫। দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্রশ্ন যুগুত কৰা।
‘কোলাহল জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো? জহীরুদ্দিনে এই চুবুৰীত ঘৰ ভাৰালৈ থাকে, ওকালতি কৰে। ভদ্ৰ আৰু বিনয়ী ডেকা। চুবুৰীৰ সকলোৰে লগত ভাল। ভিন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি?’
উত্তৰ : (ক) কোলাহল ক’ৰ পৰা আহিছিল?

(খ) জহীৰুদ্দিন ক’ত থাকে?
(গ) জহীৰুদ্দিনৰ স্বভাৱ-চৰিত্ৰ কেনে?
(ঘ) কোনে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে?
(ঙ) জহীৰুদ্দিনৰ পেচা কি?
(চ) উক্ত বাক্যকেইশাৰী এটা সংলাপ হয়নে নহয় লিখা।
(ছ) জহীৰুদ্দিনৰ বিষয়ে কি জানা লিখা।

Class 8 Assamese Lesson 9 Question Answer

প্রশ্ন ৬। তলৰ বাক্যকেইশাৰীৰ অৰ্থ বুজাই লিখা।

(ক) উচ্ছৃংখল জনতা দাবানলৰ দৰে।
উত্তৰ : দাবানল হৈছে বনজুই। বনজুই বনত জ্বলে। ই এফালৰ পৰা সকলো পুৰি চাৰখাৰ কৰে। সেই জুইৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। সাধাৰণতে ফাগুন-চ’ত মাহত যেতিয়া প্ৰকৃতি শুকান হৈ পৰে তেতিয়া এই জুই জ্বলি উঠা দেখা যায়। উচ্ছৃংখল জনতাক দাবানলৰ লগত তুলনা কৰিব পাৰি। উচ্ছৃংখল জনতাই কেৱল ধ্বংস কৰিব জানে। উচ্ছৃংখল জনতাৰ কোনো কথা বিবেচনা কৰাৰ ক্ষমতা নাথাকে। এওঁলোকে অবিবেচক মগজুৰে এফালৰ পৰা সকলোবোৰ ছাৰখাৰ কৰি থৈ যায়।

(খ) দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট।
উত্তৰ : দাবানল হৈছে বনাগ্নি বা বনজুই। ই বনত জ্বলা দেখা যায়। যেতিয়া প্ৰকৃতিৰ বায়ুমণ্ডল শুকান হৈ পৰে তেতিয়া বনাঞ্চলবোৰ শুকাই যায়। শুকান বনাঞ্চলত সামান্য ফিৰিঙতি এটা পৰিলেও বায়ুৰ প্ৰভাৱত ই জ্বলি উঠে। সেই জ্বলি উঠা ফিৰিঙতিটোৱে সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰি সমগ্ৰ বনাঞ্চল জ্বলাই ধ্বংস কৰি পেলায়।

(গ) বিভিন্ন ধর্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্রদায়, কিমান জাতি আৰু উপজাতি। অসংখ্য খণ্ডিত সত্তাৰ এয়েই অমোঘ পৰিণতি।

উত্তৰ : আমাৰ দেশখনত বিভিন্ন ধর্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়ৰ লোকে বাস কৰে। এওঁলোক বিভিন্ন জাতি আৰু উপজাতিত বিভক্ত। এওঁলোক প্রত্যেকৰে নিজা নিজা আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, সংস্কৃতি আছে। এই লোকসকলৰ মাজত সদ্ভাৱ আৰু সম্প্রীতি বজাই ৰখা অতি জটিল কাম। কিবা কাৰণত যদি এই ভিন ভিন ধর্ম, ভাষা, সম্প্রদায়, জাতি, উপজাতিৰ লোকসকলৰ মাজত বিভেদৰ সৃষ্টি হয় ই দাবানলৰ দৰে সকলোকে এফালৰ পৰা ছাৰখাৰ কৰি পেলায়। ইয়াক অসংখ্য খণ্ডিত সত্তাৰ অমোঘ পৰিণতি বুলি কোৱা হয়।

আৰু পঢ়িবলৈ

প্রশ্ন ৭। ‘‘ভয়’ গল্পটোৰ পৰা তোমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় কি কি কথা শিকিলা, লিখা।
উত্তৰ : ‘ভয়’ বিশিষ্ট গল্পকাৰ শীলভদ্ৰৰ এক উৎকৃষ্ট গল্প। ইয়াত গল্পকাৰে ৰবীন নামৰ মানুহ এজনৰ মনত সকলো সময়তে ভূমুকি মাৰি থকা ভয়ৰ বিষয়ে উল্লেখ কৰিছে। গল্পটোৰ মাজেৰে আমি মানৱীয় সম্পৰ্কৰ সংঘাত, সাম্প্রদায়িক সম্প্ৰীতিৰ আৱশ্যকতা আৰু পৰিস্থিতি অনুযায়ী ভয়-শংকা আঁতৰাই আগবাঢ়ি যোৱাৰ ইংগিত স্পষ্টভাৱে দেখা পাওঁ। ইয়াৰ পৰা জীৱনৰ কাৰণে শিকিবলগীয়া কথা হৈছে আমি সকলোৱে মিলিজুলি থাকিব লাগে।

আমাৰ চৌপাশে বিভিন্ন ধর্ম, ভাষা, সম্প্রদায়, জাতি, উপজাতিৰ লোক বাস কৰে। এই সকলোৰে মাজত শান্তি- সম্প্ৰীতি বজাই ৰখাটো অতি প্রয়োজনীয়। তেতিয়াহে আমি এখন ঠাইত সুখে সন্তোষে জীয়াই থাকিব পাৰোঁ । বিপদ-বিঘিনী সকলোৰে জীৱনলৈ আহিব পাৰে। পৰিস্থিতি অনুযায়ী আমি সকলোৱে সকলোৰে প্ৰতি এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াব লাগে।

গল্পটোত, অনবৰতে ভয়ত বিতত হৈ থকা ৰবীনে বিপদৰ সময়ত চুবুৰীয়া জহীৰুদ্দিনক ৰক্ষা কৰিবলৈ মনৰ পৰা সকলো ভয় শংকা আঁতৰাই আগবাঢ়ি গৈছে। কাৰণ আজি যদি ৰবীনে জহীৰুদ্দিনক বিপদৰ সময়ত সহায় নকৰে তেতিয়া হ’লে কালিলৈ ৰবীন বিপদত পৰিলে কোনেও হয়তো সহায় কৰিবলৈ আগবাঢ়ি নাহিব। গতিকে সুখে সন্তোষে জীয়াই থাকিবলৈ আমি সকলোৱে সকলোৰে প্ৰতি সহায়ৰ হাত আগবঢ়োৱা উচিত।

ভয় Class 8 Question Answer

প্রশ্ন ৮। তলৰ শব্দৰোৰেৰে একোটাকৈ বাক্য গঠন কৰা।
আওহতীয়া, সন্তর্পণে, লানি নিছিগা, অন্যমনস্ক, অমোঘ, উচ্ছৃংখল, দাবানল,ছাৰখাৰ, উৎকৰ্ণ, কোলাহল।
উত্তৰ :

আওহতীয়া—এই আওহতীয়া বাটডোখৰ দিনে পোহৰে পাৰ হোৱাই ভাল।
সন্তর্পণে—মাকে শুই থাকোতেই ল’ৰাটোৱে সন্তর্পণে দুবাৰ খুলি বাহিৰলৈ ওলাই গ’ল।
লানি নিছিগা—সাপ্তাহিক বজাৰখনলৈ বুলি মানুহৰ লানি-নিছিগা সোঁত বৈছে।
অন্যমনস্ক—মানুহে ভিৰ বাটত অন্যমনস্ক হৈ গাড়ী চলাব নালাগে।
অমোঘ — অসংখ্য খণ্ডিত সত্তাৰ অমোঘ পৰিণতি স্বৰূপে বৰ্তমান সাম্প্রদায়িক সংঘৰ্ষসমূহৰ সূত্ৰপাত হোৱা দেখা যায়।
উচ্ছৃংখল –উচ্ছৃংখল জনতাক দাবানলৰ লগত তুলনা কৰিব পাৰি।
ছাৰখাৰ —প্ৰচণ্ড ভুইকঁপৰ জোকাৰণিয়ে গোটেই চহৰখন নিমিষতে ছাৰখাৰ কৰি পেলালে।
উৎকৰ্ণ —মাজৰাতি মানুহজনে উৎকৰ্ণ হৈ বাহিৰত কিবা শব্দ শুনিবলৈ চেষ্টা কৰিছিল।
কোলাহল —কাউৰীজাকৰ কোলাহলত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে।

Class 8 Assamese Lesson 9 Question Answer

খ’ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

(খ) তলত দিয়া দফাটো যতি চিন ব্যৱহাৰ কৰি পুনৰ লিখা।
মানুহৰ সুখ শান্তিৰ এক প্ৰধান অন্তৰায় হৈছে ক্ৰোধ কলা কৃষ্টিৰ প্ৰতি আকর্ষণে সেই ক্রোধ নাশ কৰি মানুহৰ মনৰ কোমল প্রবৃত্তি সমূহ জগাই তোলে সেই কাৰণে এটা পৰিয়ালত খেল ধেমালি নাচ গান আদিৰ প্ৰতি থকা ৰাগ আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি মাঘৰ বিহুত মেজি সজা ভোজ ভাত খোৱা হৈ গুদু ঢোপ খেল ঢোল পেঁপা গগণাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্রকাশ কৰে।

উত্তৰ : মানুহৰ সুখ শাস্তিৰ এক প্ৰধান অন্তৰায় হৈছে ক্ৰোধ। কলা কৃষ্টিৰ প্ৰতি আকর্ষণে সেই ক্রোধ নাশ কৰি মানুহৰ মনৰ কোমল প্রবৃত্তিসমূহ জগাই তোলে। সেই কাৰণে এটা পৰিয়ালত খেল-ধেমালি, নাচ-গান আদিৰ প্ৰতি থকা ৰাগ, আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ-শান্তিৰ উমান পাব পাৰি। মাঘৰ বিহুত মেজি সজা, ভোজ ভাত খোৱা, হৈ গুদু ঢোপ খেল, ঢোল-পেঁপা গগণাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্রকাশ কৰে।

লগতে পঢ়ক  প্ৰগতিৰ সোণালী বাট Class 8 - {প্ৰশ্নৰ উত্তৰ} অসমীয়া পাঠ 6

প্রশ্ন ১০। তলৰ আঁচটনা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈছে লিখা।
(ক) নৰ্দমালৈ নামি গ’লেহে হ’ব।
উত্তৰ : ইয়াত চতুৰ্থী বিভক্তিৰ চিন লৈ যোগ হৈছে।

(খ) কিছুদিনৰপৰা পোনাহঁতেও ক্রিকেট খেলাত ধৰিছে।
উত্তৰ : ষষ্ঠী বিভক্তিৰ চিন-ৰৰ পিছত পৰা অনুসর্গ যোগ হৈছে।

(গ) অফিচত কাম কৰি থাকিও হঠাতে ৰবীনৰ বুকুখন ধৰফৰাই উঠে।
উত্তৰ : সপ্তমী বিভক্তি চিন ‘ত’ যোগ হৈছে।

(খ) আজি মই তাৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ’লে কালিলৈ মোৰ লৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব?
উত্তৰ : ইয়াত চতুৰ্থী বিভক্তিৰ চিন–ক, লৈ যোগ হৈছে।

Class 8 Assamese Lesson 9 Question Answer

প্রশ্ন ১১। ভাব বহলাই লিখা।

(ক) অতিমাত্রা সকলোৰে বেয়া।
উত্তৰ : কোনো বিষয়ৰে অতিমাত্ৰা ভাল নহয়। ই মানুহৰ উন্নতিত বাধাস্বৰূপ হয়। অতিমাত্রা কাম কৰিলে দেহৰ ক্ষতি হয়। অতিমাত্রা কথা ক’লে শুনোতাজন বিৰক্ত হয়। অতিমাত্রা খাদ্য খালে পেটৰ অনিষ্ট হয়। গতিকে আমি সদায় সকলোক্ষেত্রতে সীমাবদ্ধতা মানি চলিব লাগে। শৰীৰৰ ক্ষতি নোহোৱাকৈ কাম কৰিব লাগে। প্রয়োজনীয় কথাখিনি ক’ব লাগে। পৰিমিত আহাৰ গ্ৰহণ কৰিব লাগে। সেইদৰে খৰচ পাতিৰ ক্ষেত্ৰত মিতব্যয়ী হ’ব লাগে। ‘অতিমাত্রাই’ সকলো ক্ষেত্ৰতে মানুহৰ বাবে লোকচানৰ কাৰণ হৈ পৰে। সেইবাবে মানুহে মাত্রাধিকভাৱে একো কৰিব নালাগে।

(খ) ফিৰিঙতিৰ পৰা খাণ্ডবদাহ হয়।
উত্তৰ : খাণ্ডৱ এখন বিশাল আৰু বিস্তীর্ণ অৰণ্য আছিল। ইয়াত শত-সহস্র পশু-পক্ষী জীৱ-জন্তুৱে বাস কৰিছিল। অগ্নি দেৱতাক সন্তুষ্ট কৰিবলৈ অৰ্জ্জুনে এই অৰণ্য দাহ কৰিছিল। ফলত অৰণ্যত বাস কৰা সকলো জীৱ-জন্তু জুইত ভস্মীভূত হৈছিল। সামান্য এটা ফিৰিঙতিয়েই বিশাল খাণ্ডৱ অৰণ্য ছাইত পৰিণত কৰিছিল। সেইদৰে সামান্য একোটা ঘটনাৰ পৰা বিৰাট ধ্বংস কার্য সংঘটিত হ’ব পাৰে; গতিকে সামান্য বস্তু বা ঘটনা বুলি অবহেলা নকৰি তাৰ পৰা যাতে একো অনিষ্ঠ নহয় তালৈ আমি আদিতেই সজাগ হ’ব লাগে।

প্রশ্ন ১২। (ক) তলত দিয়া শব্দবিলাকৰ সন্ধি ভাঙা আৰু পাতা।
ভাবাবেগ, পৰীক্ষা, নিশব্দ, ভয়াতুৰ, যথেষ্ট।
উত্তৰ : ভাবাবেগ— ভাব + আবেগ।
পৰীক্ষা—পৰি + ঈক্ষা
নিশব্দ—নিঃ + শব্দ।

ভয়াতুৰ–ভয় + আতুৰ।
যথেষ্ট—যথা + ইষ্ট।

(খ) উৎ + শৃঙ্খল–উচ্ছৃংখল।
উৎ + শ্বাস = উচ্ছ্বাস।
সম্ + মুখ = সন্মুখ।
নিঃ + চিত্ত = নিশ্চিন্ত।
শিৰঃ + ছেদ = শিৰচ্ছেদ।

ভয় Class 8 Question Answer

প্রশ্ন ১৩। (ক) সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পার্থক্য লিখা।
উত্তৰ : সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পার্থক্যসমূহ তলত উল্লেখ কৰা সাধুকথাৰ পটভূমি হৈছে এখন কৃত্রিম জগত। ইয়াত গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকতি আদিয়ে মানুহৰ দৰে কথা কৈ আনন্দৰ খোৰাক যোগায়। আনহাতে চুটিগল্প সমাজ জীৱনৰ বিভিন্ন বিষয়ৰ পৰা ইয়াৰ পটভূমি বিচাৰি লয়।

সাধুৰ পৰিসৰ বিস্তৃত। কল্পনাৰ সহায়ত ইয়াৰ কাহিনী বিস্তৃত কৰিব পাৰি। চুটিগল্পৰ পৰিসীমা সময়ৰ জোখ মাখেৰে বান্ধি ৰাখিব নোৱাৰি। ইয়াৰ উপস্থাপন বৈচিত্র্যময় আৰু সমাপ্তি ইংগিতপূর্ণ হয়। হ্রস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ। সাধুত বাস্তৱ জীৱনৰ প্ৰতিফলন ঘটা দেখা নাযায়। ই কাল্পনিক আৰু অলৌকিক। ই নীতি-বচন, উপদেশ, পৰামৰ্শ দি মানুহৰ নৈতিক দিশ গঠন কৰাত সহায় কৰে। চুটিগল্পত বাস্তৱ জীৱনৰ প্ৰতিফলন ঘটা দেখা যায়। ইয়াত অলৌকিকতাৰ স্থান নাই। কম সময়তে আৰু কম আয়াসতে কাহিনী চিত্তাকর্ষক কৰিব পৰাটো চুটিগল্পৰ এক প্ৰধান বৈশিষ্ট্য।

(খ) সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰ : সাধুকথাৰ বৈশিষ্ট্যবোৰ হৈছে—
(১) সাধুকথাৰ পটভূমি কৃত্রিম জগত। ইয়াত গছ-গছনি, জীৱ-জন্তু, চৰাই- চিৰিকতিয়ে মানুহৰ দৰে কথা কৈ শিশুৰ মনত আনন্দ দিয়ে।
(২) সাধুকথা কাল্পনিক আৰু অলৌকিক।
(৩) সাধুকথাৰ পৰিসৰ বিস্তৃত। কল্পনাৰ সহায়ত ইয়াৰ কাহিনী বিস্তৃত কৰিব পাৰি।
(৪) সাধুকথাৰ ভাষা সহজ সৰল, মন পৰশী।
(৫) সাধুকথাত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে। ই নীতি-বচন, উপদেশ, পৰামৰ্শ দি নৈতিক দিশ গঠনত সহায় কৰে।

(গ) চুটিগল্পৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰ : চুটিগল্পৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল—
(১) চুটিগল্প আধুনিক যুগৰ সৃষ্টি। ইয়াত বাস্তৱ জীৱনৰ চিত্ৰ প্ৰতিফলিত হয়।
(২) চুটিগল্পৰ উপস্থাপন বৈচিত্র্যময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হোৱা দেখা যায়।
(৩) চুটিগল্পৰ আন এটা প্রধান লক্ষণ হৈছে হ্রস্বতা।
(৪) চুটিগল্পৰ কাহিনীভাগ কম সময়ৰ ভিতৰত আৰু কম আয়াসতে চিত্তাকর্ষক কৰি তুলিব লাগে।
(৫) চুটিগল্পৰ বিষয়বস্তুৰ পৰিসৰ সীমিত। শেষ হৈয়ো শেষ নোহোৱা আভাসেৰে ই পঢ়ুৱৈক আমোদ দিয়ে।

(ঘ) অসমীয়া চুটিগল্পৰ জনক কোন?
উত্তৰ : অসমীয়া চুটিগল্পৰ জনক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।

(ঙ) শীলভদ্ৰৰ প্ৰকৃত নাম কি?
উত্তৰ : শীলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী।

(চ) তেখেতৰ জন্ম কত হৈছিল?
উত্তৰ : তেখেতৰ জন্ম হৈছিল অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰত।

(ছ) শীলভদ্রই কোনখন গল্প-সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
উত্তৰ : শীলভদ্রই ‘মধুপুৰ বহুদূৰ’ নামৰ গল্প-সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।

(জ) শীলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল?
উত্তৰ : শীলভদ্ৰৰ ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত মৃত্যু হয়।

ভয় Class 8 Question Answer

খ : প্রকল্প
প্রশ্ন (ক) প্রসিদ্ধ অসমীয়া চুটিগল্পকাৰসকলৰ ভিতৰত পাঁচজনৰ নাম সংগ্ৰহ কৰা আৰু তেওঁলোকৰ যিকোনো এজনৰ এটা গল্প চমুকৈ লিখা।
উত্তৰ। প্ৰসিদ্ধ অসমীয়া চুটিগল্পকাৰসকলৰ ভিতৰত পাঁচজনৰ নাম উল্লেখ কৰা হ’ল-
(১) লক্ষ্মীনাথ বেজবৰুৱা
(২) তৈলোক্যনাথ গোস্বামী
(৩) ডঃ বিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
(৪) মেদিনী চৌধুৰী
(৫) নিৰুপমা বৰগোহাঞি।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ধোঁৱাখোৱা’ গল্পটি চমুকৈ লিখা হ’ল—গংগাৰাম ডাঙৰীয়া এজন গণ্যমান্য ব্যক্তি। তেওঁ ৰূপৰ ধোঁৱাখোৱাত ধোঁৱা খায়। তেওঁৰ এই স্বভাৱ বংশানুক্রমে পুতেকৰ গালৈ বিয়পিছিল। দেউতাকৰ মৃত্যুৰ পাছত ৰামেশ্বৰে পৈতৃক সম্পত্তি স্বৰূপে অন্যান্য বস্তুৰ লগত ৰূপৰ ধোঁৱাখোৱাটিও পায়।

ধোঁৱাখোৱা স্বভাৱটোৰ বাবেই ৰামেশ্বৰে লাহে লাহে সকলোবোৰ সম্পত্তি হেৰুৱায়। তাৰ বাবে তেওঁৰ মনত কোনো বেজাৰ নাই। কিন্তু যিদিনা তেওঁ ৰূপৰ ধোঁৱাখোৱাটো হেৰুৱায় সিদিনাহেঁ তেওঁৰ দুচকুৰে চকুলো বাগৰি যায়। তথাপি তেওঁ নাৰিকলৰ ধোঁৱাখোৱাটিৰে সন্তুষ্টি লাভ কৰে। গল্পটোৰ শেষত ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যোৱা সেই ধোঁৱাখোৱাটি আনিব যোৱাৰ মুহূৰ্তত তেওঁৰ কৰুণ সলিল সমাধি ঘটে।

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। চুটিগল্প কাক বোলে?
উত্তৰ : মানুহৰ অভিজ্ঞতা আৰু আৱেগৰ বিভিন্ন মুহূৰ্তবোৰ অতি কম পৰিসৰত প্ৰকাশ কৰা সাহিত্যবিধক চুটিগল্প বুলি কোৱা হয়। ইয়াৰ উপস্থাপন বৈচিত্র্যময় আৰু সমাপ্তি ইংগিতপূর্ণ হয়।

প্রশ্ন ২। সত্য খুৰাৰ ল’ৰাজন কি খেল খেলি থাকোতে ঢুকাইছিল?
উত্তৰ : সত্য খুৰাৰ ল’ৰাজন ফুটবল খেলি থাকোতে ঢুকাইছিল।

প্রশ্ন ৩। ৰবীনৰ মতে ৰমলাৰ স্বভাৱ-চৰিত্ৰ কেনে ধৰণৰ ?
উত্তৰ : ৰবীনৰ মতে ৰমলাৰ স্বভাৱত কোনো ধৰণৰ গভীৰতা নাই। তেওঁ কোনো কথাই গভীৰভাৱে ল’ব নাজানে। সময়ৰ সোঁতত গা এৰি দি ৰমলাই ভাল পায়।

লগতে পঢ়ক  শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer - অসমীয়া অষ্টম শ্ৰেণী

প্রশ্ন ৪। অফিচৰ পৰা আহি ৰমলাক নেদেখি ৰবীনৰ কি অৱস্থা হৈছিল?
উত্তৰ : অফিচৰ পৰা আহি ৰবীনে দেখিলে ঘৰৰ সমুখৰ দুৱাৰখন খোলা অৱস্থাত আছে আৰু সৰু ছোৱালীজনী অকলে বাৰাণ্ডাত আছে। ৰবীনে ৰমলাক মাতিলে। কিন্তু ৰমলাৰ পৰা কোনো সমিধান নাপাই উত্তেজনাত তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিলে। ক্ষন্তেক পৰ পাছত ৰমলাই গা পা ধুই বাথৰূমৰপৰা ওলাই আহিল। ছোৱালীজনীক অকলে অকলে বাৰাণ্ডাত থৈ নিশ্চিত্তভাৱে বাথৰূমৰপৰা গা ধুই ওলাই অহা ৰমলাক ৰবীনে এজাউৰি দিলে।

প্রশ্ন ৫। ৰবীনক মাজে মাজে ৰমলাৰ কিয় অসহ্য লাগে?
উত্তৰ : ৰবীন অতি ভয়াতুৰ মানুহ। ক’ৰবাত খট্‌কৈ শব্দ এটা হ’লেই ৰবীন জাপ মাৰি উঠে। ল’ৰা-ছোৱালীৰ সামান্য অসুখ হ’লেও ঘনাই বাথৰূম বা পাইখানালৈ যোৱা আৰম্ভ কৰে। গভীৰ ৰাতি হঠাতে উৎকৰ্ণ হৈ কিবা শুনিবলৈ চেষ্টা কৰে। ৰবীনৰ এনে ধৰণৰ কাৰ্যবোৰ দেখি ৰমলাৰ মাজে মাজে বৰ অসহ্য লাগে।

প্রশ্ন ৬। ৰবীনে দূৰৈত উচ্ছৃংখল জনতাৰ চিঞৰ-বাখৰবোৰৰ কাৰণ কি বুলি ৰমলাক কৈছিল?
উত্তৰ : আমাৰ দেশত বিভিন্ন ধৰ্ম, ভাষা, কলা-কৃষ্টিৰ লোকে বাস কৰে। এই লোকসকলৰ মাজত কিবা কাৰণত অল্প গণ্ডগোল লাগিলেই গোটেইবোৰ লোক উচ্ছৃংখল হৈ উঠে। গতিকে দূৰৈত কোনো উচ্ছৃংখল জনতাই কিবা কাৰণত চিঞৰ-বাখৰ কৰা বুলি ৰবীনে ৰমলাক কৈছিল।

প্রশ্ন ৭। জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা অহা কোলাহল শুনি ৰবীনে কি কৰিলে?
উত্তৰ : জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা অহা কোলাহল শুনি ৰবীনে ব্যস্তভাৱে দুৱাৰ খুলি জহীৰুদ্দিনৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ জহীৰৰ ঘৰৰ ফালে যাবলৈ ধৰিলে।

প্রশ্ন ৮। জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা অহা কোলাহল শুনি ৰবীনে কি বুজি পাইছিল?
উত্তৰ : জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা অহা কোলাহল শুনি ৰবীনে বুজি পাইছিল যে উন্মত্ত জনতাই আজি জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিছে আৰু কাইলৈ হয়তো তেওঁৰ ঘৰ আক্ৰমণ কৰিব। গতিকে আজি যদি তেওঁ জহীৰৰ ল’ৰা- ছোৱালীক ৰক্ষা কৰিবলৈ নাযায় তেন্তে কালিলৈ হয়তো তেওঁৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহিব। গতিকে তেওঁ ব্যস্তভাৱে দুৱাৰ খুলি জহীবৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ জহীৰৰ ঘৰৰ ফালে খোজ ল’লে।

ভয় Class 8 Question Answer

প্রশ্ন ৯। কোনে, কাক, কেতিয়া কৈছিল লিখা।
(i) “আৰু কিমাননো কাষলৈ যাব লাগে? নর্দমালৈ নামি গ’লেহে হ’ব?’
উত্তৰ : উক্ত কথাযাৰ ৰমলাই ৰবীনক কৈছিল। ৰবীনৰ মনৰ গোপন কোণত অহৈতুকী ভয় এটাই সকলো সময়তে ক্ৰিয়া কৰি আছিল। পৰিবাৰক লৈ কৰবালৈ ফুৰিবলৈ ওলালে তেওঁ পৰিবাৰক বাৰে বাৰে সতৰ্ক কৰি দিছিল যে বাটৰ মাজেৰে খোজ কাঢ়িব নালাগে। বাটৰ কাষেদি গ’লে মান-সম্মান নাযায়। উক্ত কথাবোৰ শুনি শুনি পৰিবাৰ ৰমলা বিৰক্ত হৈছিল আৰু ৰবীনক সেইদৰে কৈছিল।

(ii) ‘বাৰু মই যদি হঠাতে মৰি যাওঁ, তুমি ল’ৰা-ছোৱালী কেইটাক লৈ কি কৰিবা?’
উত্তৰ : উক্ত কথাষাৰ ৰবীনে পৰিবাৰ ৰমলাক কৈছিল। ৰবীনৰ মনৰ গোপন স্থানত সকলো সময়তে ভয় এটাই ভূমুকি মাৰি আছিল। তেওঁৰ জীৱনত কৰিবলগীয়া প্রধান কাম হৈছে ল’ৰা-ছোৱালীকেইটাক মানুহ কৰা। কিন্তু তাৰ আগতে যদি তেওঁ মৰি যায় তেন্তে তেওঁৰ ল’ৰা, তিৰোতাৰ কি হ’ব সেই কথা ভাবি তেওঁ ভয়ত বিতত হৈছিল আৰু পৰিবাৰ ৰমলাক তেনে ধৰণৰ বিপদৰ সন্মুখীন হ’ব পৰাকৈ সজাগ কৰিবলৈ সেইদৰে কৈছিল।

প্রশ্ন ১। ‘ভয়’ গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা।
উত্তৰ : ভয় গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা হ’ল– ৰবীন বোলা মানুহজনৰ মনৰ গোপন ঠাইত ভয় এটাই অনবৰতে ক্ৰিয়া কৰি থাকে। তেওঁৰ এই স্বভাৱৰ বাবে পৰিবাৰ ৰমলা বিৰক্ত হয়। কিছুদিনৰ পৰা তেওঁলোকৰ পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলাত ধৰিছে। কাঠৰ বলেৰে খেলি কৰবাত আঘাত পাই বুলি ৰবীনৰ ভয় লাগে। অফিচৰ কাম কৰি থাকোত ৰবীনৰ বুকুখন কেতিয়াবা ভয়তে ধৰফৰাই উঠে। জানোবা পোনাহঁত অন্যমনস্ক হৈ স্কুলৰ পৰা আহি থাকোতে বাটৰ গাড়ী মটৰে কিবা অঘটন ঘটায়! অফিচৰ আন মানুহবোৰে নিশ্চিন্ত মনেৰে কাম কৰা দেখিলে ৰবীনৰ খং উঠি যায়। তেওঁৰ অবৰ্তমানত ল’ৰা-ছোৱালী আৰু পৰিবাৰ ৰমলাৰ কি হ’ব সেই কথা ভাবি ৰবীনৰ বৰ ভয় লাগে।

এদিনাখন আবেলি ৰবীনে ঘৰৰ সমুখৰ দুৱাৰখন খোলা দেখিলে আৰু সৰু ছোৱালীজনী অকলে বাৰাণ্ডাত আছে। কিবা অঘটন ঘটা বুলি ৰবীনৰ বৰ ভয় লাগিল। গিৰিয়েকৰ ভয় দেখি ৰমলা অতি বিৰক্ত হ’ল। মানুহজনৰ ভয় দেখি ৰমলাৰ মাজে মাজে অসহ্য লাগে। কৰবাত খট্‌কৈ শব্দ হ’লেই ৰবীন জাপ মাৰি উঠে। ল’ৰা-ছোৱালীৰ সামান্য অসুখ হ’লেও ঘনাই বাথৰূম বা পায়খানালৈ যোৱা আৰম্ভ কৰে। এদিনাখন গভীৰ ৰাতি দূৰৈত উচ্ছৃংখল জনতাৰ অস্পষ্ট কোলাহল শুনি ৰবীনে বৰ ভয় খায়।

ভিন ভিন ধর্ম, ভাষা, কলাকৃষ্টিৰ মানুহবোৰে যেন কৰবাত গণ্ডগোল লগাইছে আৰু সেই গণ্ডগোল ক্ৰমাৎ তেওঁলোকৰ ঘৰৰ ফালে আগুৱাই আহিছে। ৰমলাই এনেধৰণৰ চিন্তা বাদ দি ৰবীনক শুই থাকিবলৈ কয়। এদিনাখন মাজৰাতি হঠাৎ কাৰোবাৰ চিঞৰ শুনি ৰবীনৰ টোপনি ভাঙে। তেওঁ অনুমান কৰে যে তেওঁলোকৰ চুবুৰীত ঘৰ ভাড়া লৈ থকা ভদ্ৰ আৰু বিনয়ী ডেকা উকীল জহিৰুদ্দিনৰ ঘৰৰ পৰা যেন এই চিঞৰ-বাখৰ আহিছে। চুবুৰীৰ সকলোৰে লগত সদ্ভাৱ থকা জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ নিশ্চয় ভিন ঠাইৰ মানুহ আহিছে। ৰবীনে তৎক্ষণাৎ বুজি পালে যে বিভিন্ন ভাষা, সম্প্রদায়, জাতি, উপজাতিয়ে বসতি স্থাপন কৰা এই অঞ্চলত হয়তো কালি ৰবীনৰো এনে পৰিণতি হ’ব পাৰে। লগে লগে ৰবীনৰ মনৰ পৰা সকলো ভয় নিমিষতে আঁতৰি গ’ল। তেওঁ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জহীৰৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ জহীৰৰ ঘৰলৈ খোজ ল’লে।

ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন?

উত্তৰ : ভয় ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া

ৰবীনৰ পৰিবাৰৰ নাম কি?

উত্তৰ : ৰবীনৰ পৰিবাৰৰ নাম ৰমলা।

ফুটবল খেলি থাকোতে কোন ঢুকাল?

উত্তৰ : ফুটবল খেলি থাকোতে সত্য খুৰাৰ ল’ৰাজন ঢুকাল।

ৰবীন কেইটা সন্তানৰ পিতৃ ?

উত্তৰ : ৰবীন তিনিটা সন্তানৰ পিতৃ ।

জহীৰুদ্দিনৰ পেচা কি?

উত্তৰ : জহীৰুদ্দিনৰ পেচা হৈছে উকালতি।

ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তর্কাতর্কি হয়?

উত্তৰ : ফুৰিবলৈ ওলালে পৰিবাৰ ৰমলাৰ লগত ৰবীনৰ তর্কাতর্কি হয়।

পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে?

উত্তৰ : পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে।

অফিচৰ কাম-কাজত ৰবীনে কিয় মন দিব নোৱাৰে?

উত্তৰ : ৰবীনৰ মনত অনবৰতে ভয়ে ক্ৰিয়া কৰি থকাৰ ফলত ৰবীনে কাম- কাজত মন দিব নোৱাৰে।

Leave a Comment