শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer – অসমীয়া অষ্টম শ্ৰেণী

শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer | শ্ৰী শ্ৰী শংকৰদেৱ প্ৰশ্ন উত্তৰ |  Class 8 Assamese Lesson 8 Question Answer

শ্ৰেণীঅষ্টম শ্ৰেণী অসমীয়া
বিষয়অসমীয়া
পাঠশ্ৰী শ্ৰী শংকৰদেৱ Class 8
লেখকসত্যনাথ বৰাদেৱ
পাঠ8
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
প্রশ্ন ১। উত্তৰ দিয়া :

(ক) কবিয়ে “ধ্যানমগ্ন যোগী” বুলি কাক কৈছে?
উত্তৰ : কবিয়ে “ধ্যানমগ্ন যোগী” বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছে।

(খ) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে?
উত্তৰ : শংকৰদেৱে অসমীয়া সাহিত্য, সংস্কৃতি, সভ্যতা আদিৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। শংকৰদেৱৰ সাহিত্য, সংস্কৃতি আদিৰ ক্ষেত্ৰত থকা অসাধাৰণ প্ৰতিভাই অসমভূমিক পবিত্ৰ কৰিছে।

(গ) কবি কাননত কি বজোৱাৰ কথা কৈছে?
উত্তৰ : কবি কাননত নিৰলে বীণা বজোৱাৰ কথা কৈছে।

(ঘ) মৰৰতত কোনে কিহৰ বাতৰি আনি দিয়ে।
উত্তৰ : মৰতত ধ্যানমগ্ন যোগীৰূপী শংকৰদেৱে স্বর্গৰ বাতৰি আনি দিয়ে।

(ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে?
উত্তৰ : কবিয়ে ভক্তি ধৰ্মৰ যি অমিয়া সুৰ স্বৰ্গৰ পৰা মৰ্ত্যলৈ বোৱাই আনিছিল সেই সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কবিতাটোত কোৱা হৈছে।

শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer

প্রশ্ন ২। কবিতাটোৰ মূল কথাখিনি গদ্যত লিখা।
উত্তৰ : অসমৰ জাতীয় জীৱনক সাহিত্য-সভ্যতা-সংস্কৃতি আদিৰ যোগেদি এক গৌৰৱময় স্তৰত উপনীত কৰোৱাত শ্ৰীমন্ত শংকৰদেৱৰ অৱদান অতুলনীয়। খ্ৰীঃ চতুৰ্দশ পঞ্চদশ শতিকাত ধৰ্মৰ নামত বিপর্যস্ত হোৱা অসমীয়া সমাজক মহাপুৰুষে ভক্তিধৰ্মৰ দ্বাৰা একতাৰ ডোলেৰে বান্ধিছিল। অসমীয়া সমাজক ধর্ম, জ্ঞান, ভাষা, আদিৰে নতুনকৈ জীৱন দান কৰিছিল।

তেখেতে জাতীয় জীৱনৰ সকলো দিশতে সংস্কাৰমূলক দৃষ্টিভংগী গ্ৰহণ কৰি এক পৰিশীলিত জীৱনবোধ জগাই তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰিছিল। আমাৰ জাতীয় সংস্কৃতিৰ ৰীতি-নীতি, চিন্তা-ভাৱনা, আচাৰ-ব্যৱহাৰ সকলোতে শংকৰদেৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। বেদ, উপনিষদৰ সাৰভাগ গ্ৰহণ কৰি বিভিন্ন ধৰণৰ গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।

তেওঁ প্ৰচাৰ কৰা ভক্তি ধৰ্মত ক্ষুদ্ৰ স্বাৰ্থ, ভিন ভিন মনোভাব আদিয়ে স্থান পোৱা নাছিল। এইদৰে সকলো দিশৰে পৰা অসমদেশক আগবঢ়াই লৈ যোৱা শংকৰদেৰ অসমৰ ৰত্নস্বৰূপ। এইজনা মহাপুৰুষৰ বাবে আমি ভাৰতীয় জীৱনশৈলীত স-সন্মানে নিজৰ স্থিতিক লৈ গৌৰৱ কৰিবলৈ সক্ষম হৈছোঁ।

প্রশ্ন ৩। তলৰ আঁচটনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে। সেইবোৰৰ শুদ্ধ অর্থ বাছি উলিয়াই লিখা।

(ক) কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি (তন্ময়/বিস্ময়/মহান)
উত্তৰ : কোন দূৰ অতীতৰ মহান যোগী তুমি।

(খ) গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ (শিপাই যোৱা/নাইবিয়া হোৱা/বিয়পি)
উত্তৰ : গোটেই অসম ভূমি বিয়পি পৰা জীৱনী যাৰ।

(গ) তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে (যশস্যা/ গঞ্জনা/লাঞ্ছনা)।
উত্তৰ : তোমাৰ যশস্যা গীতি হৃদয়ে হৃদয়ে বাজে।

(ঘ) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ! মৰতত (পৃথিৱী/পাতাল/আকাশ)।
উত্তৰ : স্বৰ্গৰ বাতৰি আনি দিলা দেৱ! পৃথিৱীত।

Also Read:

প্রশ্ন ৪। বাক্য ৰচনা কৰা :
পৱিত্ৰ, কর্মবীৰ, সদাচাৰ, ৰীতি-নীতি, মৰত, মধুৰ
উত্তৰ :

পৱিত্ৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তিধৰ্মৰ ধাৰা বোৱাই অসমদেশক পৱিত্ৰ কৰিছিল।
কর্মবীৰ : স্বদেশৰ বাবে আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে নবীনচন্দ্র বৰদলৈক কৰ্মবীৰ উপাধি প্ৰদান কৰা হৈছিল।
সদাচাৰ : সদাচাৰী ব্যক্তিক জ্ঞানীজনে আদৰ কৰে।
ৰীতি-নীতি : আমি সমাজত বিভিন্ন ধৰণৰ ৰীতি-নীতি মানি চলিব লাগে।
মৰত : শংকৰদেৱে সৰগৰপৰা মৰতলৈ প্ৰেমৰ মন্দাকিনী ধাৰা নমাই আনিছিল।
মধুৰ:—বীণাৰ সুমধুৰ ঝংকাৰে মন প্রাণ বলিয়া কৰে।

শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer

প্রশ্ন ৫। কবিতাটোৰপৰা শব্দ আনি খালী ঠাই পূৰ কৰা :
মধুৰ ___তাৰ গভীৰ___সুৰে
আজিও ___বাজি ____ঘৰে ঘৰে।
যি___সুৰেৰেই প্রেম____ ধাৰা।
অসীম____বলে নমালা ____ পৰা।
উত্তৰ : মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে
যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা
অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা।

প্রশ্ন ৬। প্রসংগ-সংগতি দশাই ব্যাখ্যা কৰা।

(ক) নিৰলে বজাই বীণা কোন কবি কাননত
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?

উত্তৰ। কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি যতীন্দ্ৰনাথ দুৱাৰদেৱ বিৰচিত শ্ৰীশ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
কবিয়ে শ্ৰীমন্ত শংকৰদেৱক কোনোবা দূৰ অতীতৰপৰা অহা মহান যোগী বুলি কৈছে, যিয়ে নিজৰ পৱিত্ৰ জ্যোতিৰ সহায়ত এই অসমভূমি পৱিত্ৰ কৰি তুলিছে এই মহান যোগীজনে যেন কোনোবা কবি কাননত নিৰলে বীণা বজাই স্বৰ্গৰ বাতৰি মর্ত্যত বিলাই ফুৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ সময়ছোৱাত অসম দেশখন নানা ধৰণৰ অনাচাৰ ব্যভিচাবেৰে ভৰি আছিল। আনকি ধৰ্মৰ নামত নৰ বলি পৰ্যন্ত হৈছিল ৷ অসমৰ এই বিভ্রান্ত তথা বিশৃংখল সমাজ-জীৱনক সনাতন ধৰ্মৰ সহায় মহাপুৰুষজনাই উদ্ভাসিত কৰি তুলিছিল। অসমৰ জাতি-ধর্ম-বর্ণ-ভাষা নিৰ্বিশেষে সকলো লোকে এই ধৰ্মৰ সহায়ত একতাৰ ডোলেৰে বান্ধখাই পৰিল।

লগতে পঢ়ক  Class 8 Assamese Question Answer - অষ্টম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ

(খ) তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ
গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত যতীন্দ্রনাথ দুৱৰাদেৱ বিৰচিত শ্ৰীমন্ত শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
অসমীয়া জাতিক নৱ ৰূপেৰে সজাই তোলাত শংকৰদেৱে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। শংকৰদেৱৰ ধৰ্ম, শিক্ষা, সাহিত্য, সংস্কৃতি আদিৰ দ্বাৰা অসমীয়া জাতিয়ে ভেদাভেদ পৰিহাৰ কৰি একতাৰ ডোলেৰে বান্ধ খাই এখন বিশাল সাম্ৰাজ্য গঠন কৰিছে। আমাৰ জাতীয় সংস্কৃতিৰ ৰীতি-নীতি, চিন্তা-ভাবনা সৃজন-মনন এই সকলো দিশতে শংকৰদেৱৰ অৱদান অনস্বীকার্য।

গতিকে সমাজ এখনৰ সকলো দিশ আৱৰি থকা এই বিশাল ব্যক্তিত্বৰ অধিকাৰী শংকৰদেৱৰ জীৱনী লিখা কাৰো বাবেই সহজসাধ্য কথা নহয়। অসমীয়া সমাজখনক সুন্দৰকৈ সজাই পৰাই, বৈষ্ণৱ ধৰ্ম আৰু ভক্তিমূলক গীত ভটিমাৰে ইয়াক পৱিত্ৰ কৰি, ভাষা-সাহিত্য-সংস্কৃতিক অতি চহকী কৰি বিশ্বদৰবাৰত অসমীয়া জাতি পৰিচয় কৰাই দিয়া মহাপুৰুষ ভাৰততে নহয় সমগ্র বিশ্বতে দ্বিতীয় এজন অৱতাৰ হোৱা নাই।

Class 8 Assamese Lesson 8 Question Answer

প্রশ্ন ৭। শেষ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাচি উলিয়াই লিখা।

উদাহৰণ: তুমি – ভূমি
উত্তৰ ধাৰা – পৰা
সাজে – বাজে
সুৰে – ঘৰে
জ্ঞান – দান
সদাচাৰ – ব্যৱহাৰ।

প্রশ্ন ৮। চমুকৈ লিখা :

(ক) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰ্তত?’—ইয়াত উল্লেখ কৰা ‘স্বৰ্গৰ বাতৰি’ কি, বুজাই লিখা।
উত্তৰ : স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰ্তত? — ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি বুলি একশৰণ বৈষ্ণৱ ধৰ্মৰ কথা বুজাইছে। শংকৰদেৱে বিভিন্ন ধৰণেৰে বিভ্রান্ত তথা বিশৃংখল হৈ থকা অসমীয়া সমাজখনক একশৰণ নাম ধৰ্মৰ দ্বাৰা একতাৰ ডোলেৰে বান্ধি পেলাইছিল।

(খ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে?
উত্তৰ : শংকৰদেৱে অসমীয়া সমাজক ন-সাজেৰে সজাই তুলিছিল। বিভিন্ন কাৰণত বিভ্রান্ত আৰু বিশৃংখল হৈ থকা অসমীয়া সমাজখনক তেওঁ ভক্তিৰ সোঁতেৰে এক কৰি দিছিল। জনসাধাৰণৰ মনৰপৰা সকলোধৰণৰ কু-সংস্কাৰ আঁতৰ কৰি জ্ঞান, ধৰ্ম, ভাষা আদিৰে তেওঁলোকক উদ্ভাসিত কবিৰ খুজিছিল। গতিকে তেওঁ ধৰ্ম, ভাষা, সংস্কৃতি, ৰীতি-নীতি, সদাচাৰ, ব্যৱহাৰ আদি দান দিছিল। অসমত প্রচলিত ধর্ম, ভাষা, সংস্কৃতি, ৰীতি-নীতি, সদাচাৰ, ব্যৱহাৰ আদিক সংস্কাৰ কৰি নতুন সাজেৰে সজাই তুলিছিল।

(গ) ‘কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।’—ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে, বুজাই লিখা।
উত্তৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজস্ব প্রতিভাৰ দ্বাৰা অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। বেদ, উপনিষদ, ভাগৱত আদিৰ পৰা সাৰভাগ গ্ৰহণ কৰি বহুত বাচকবনীয়া গ্রন্থ প্রণয়ন কৰি ধৰ্মৰ জগতখনৰ লগতে অসমীয়া ভাষা আৰু সাহিত্যকো উভৈনদী সন্তাৰেৰে জকমকীয়া কৰি থৈ গৈছে। সেইবাবে কবি যতীন্দ্রনাথ দুৱৰাদেৱে কৈছে যে শ্রীমন্ত শংকৰদেৱে বেদ উপনিষদৰ পৰা সাৰভাগ গ্ৰহণ কৰি যি বাচকবনীয়া পুথিৰ মালা গাঁথি থৈ গৈছে সি অসমীয়া সাহিত্য জগতক সমৃদ্ধশালী কৰিছে।

(খ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে?
উত্তৰ। শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ, ভিন্ন ভাব, সৰু-বৰ আদি আঁতৰ কৰি সকলোকে একতাৰ ডোলেৰে বান্ধিছিল। সেই সময়ত অসমীয়া সমাজখন হিংসা, খেয়াল, অধৰ্ম, কু-সংস্কাৰ আদিৰে ভৰি পৰিছিল। আনকি ধৰ্মৰ নামত নৰবলি পর্যন্ত হৈছিল। শংকৰদেৱে ভক্তি ধৰ্মৰ সহায়ত অসমীয়া সমাজৰ পৰা সেই সকলোবোৰ আঁতৰ কৰিছিল।

Class 8 Assamese Lesson 8 Question Answer

খঃ ভাষা অধ্যয়ন

প্রশ্ন ৯। তলত দিয়া শব্দসমূহৰ সমার্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা।
উত্তৰ। পৃথিৱী —মৰত (মর্ত্য)
মৰম – আদৰ
সন্যাসী – যোগী
অন্তৰ – হৃদয়
বাগিচা – কানন
গংগা – মন্দাকিনী
গৌৰৱ – গৰিমা
মিঠা – মধুৰ।

প্রশ্ন ১০। তলত দিয়া শব্দসমূহৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
উত্তৰ।

লগতে পঢ়ক  ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8 - প্ৰশ্নৰ উত্তৰ অসমীয়া পাঠ 5
শব্দবিপৰীত শব্দ
অতীতভৱিষ্যৎ
পূণ্যপাপ
প্রেমঘৃণা
পৱিত্রঅপৱিত্র
জীৱনমৰণ

Class 8 Assamese Lesson 8 Question Answer

প্রশ্ন ১১। কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ উলিয়াই দুখন তালিকা প্রস্তুত কৰা।
উত্তৰ : কবিতাটোৰপৰা বিশেষ্য আৰু বিশেষণ পদবোৰ উলিয়াই তালিকা প্রস্তুত কৰা হ’ল।

বিশেষ্যবিশেষণ
ধ্যানমগ্ন
যোগী
কিৰণ
বীণা
কবি কাননত
স্বৰ্গৰ
অতীতৰ
পূণ্য
পবিত্র
নিৰলে
গভীৰ

শ্ৰী শ্ৰী শংকৰদেৱ Class 8

প্রশ্ন ১২। ‘যি বীণৰ সুৰেৰেই প্রেম মন্দাকিনী ধাৰা।’
এই ধাৰা শব্দটোৰ লগত বেলেগ বেলেগ শব্দ যোগ কৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা হয়। তলত তাৰে কেইটামান শব্দ দিয়া হৈছে। এই শব্দকেইটাৰ অর্থ অভিধান চাই লিখা।
উত্তৰ : ফল্গূধাৰা :– মাটিৰ তলে তলে বোৱা নৈৰ সোঁত
জীৱনধাৰা– ধাৰাসাৰ
নেৰানেপেৰা– গোটেই জীৱন
ধাৰাৱাহিক— অবিচ্ছিন্ন, ক্রমিক
ধাৰাভায্য—- অবিচ্ছিন্নভাৱে দিয়া টীকা
ধাৰাপাত —-অংকৰ নিয়মাদি থকা প্রথম কিতাপ।

প্রশ্ন ১৩। এটা শব্দত প্ৰকাশ কৰা।
(ক) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা
উত্তৰ : একশৰণীয়

(খ) বিষ্ণুক ভক্তি কৰে যি
উত্তৰ : বৈষ্ণৱ

(গ) একে গুৰুৰ শিষ্য—

উত্তৰ : সতীর্থ, হৰিভকত

(ঘ) পিতৃ-মাতৃহীন সন্তান-
উত্তৰ : মাউৰা

(ঙ) সত্ৰ-সম্বন্ধীয় –
উত্তৰ : সত্ৰীয়া।

প্রশ্ন ১৪। তলত দিয়া যুৰীয়া শব্দকেইটাৰে বাক্য সাজা।
উত্তৰ : (ক) জয় জয় – ল’ৰাজনে চাকৰিটো পোৱাৰ পিছত ঘৰখনৰ অৱস্থা জয় জয় ময় ময় হৈছে।
(খ) কোন কোন – আইমাতৃক ৰক্ষা কৰিবলৈ কোন কোন আগবাঢ়ি আহিছা?
(গ) নিজে নিজে – তোমালোক সকলোৱে নিজে নিজে ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিবা।
(ঘ) দলে দলে – মেলা চাবলৈ মানুহবিলাক দলে দলে ওলাই আহিছে।
(ঙ) পাচিয়ে পাচিয়ে – বিহু অহাৰ বাবে গাঁৱৰ তিৰোতাবিলাকে পাচিয়ে পাচিয়ে ঢেঁকীত ধান বানিবলৈ ধৰিছে।

গঃ জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন ১৫। সাৰাংশ লিখা :
‘মৌ-মাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নিৰ্মাণ কৰে। সেই চাকৰ কিমান আদৰ! মকৰাই কিন্তু নিজৰ পেটৰ পৰা বিজলুৱা আঠা উলিয়াই জাল বয়। তিৰোতাই বাঢ়নীৰে সেই কৃত্রিম সূতাৰ জাল সাৰি পেলায়। নীৰৱ সাধকসকল মৌ-মাখিৰ নিচিনা হ’ব লাগিব। তেওঁলোকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য-বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব।’ উত্তৰ : নীৰৱ সাধকসকল মৌ-মাখিৰ দৰে হ’ব লাগে। তেওঁলোকে তেওঁলোকৰ কৰ্মৰদ্বাৰা সমাজৰ হিত সাধন কৰিব লাগে। মৌমাখি আৰু মকৰা দুয়োৱেই শ্ৰমৰ বিনিময়ত মৌচাক আৰু মকৰাজাল নিৰ্মাণ কৰে। কিন্তু মৌচাকে সমাজত আদৰ পায় আনহাতে মকৰাজালক আৱৰ্জনা হিচাপে গণ্য কৰা হয়। গতিকে নীৰৱ সাধকসকলে সমাজ জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত বুৰঞ্জীৰ পাতৰ পৰা বিভিন্ন সময়ৰ ৰাজনীতি, সমাজনীতি, সাহিত্য-বিজ্ঞান আদিৰ গুণখিনি আহৰণ কৰিব লাগে। তেতিয়াহে এখন আদর্শ সমাজ গঢ়ি উঠিব পাৰে।

শ্ৰী শ্ৰী শংকৰদেৱ প্ৰশ্ন উত্তৰ

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। কবিতাটোত ধ্যানমগ্ন যোগী বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰ : কবিতাটোত ধ্যানমগ্ন যোগী বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কোৱা হৈছে।

প্রশ্ন ২। ধ্যানমগ্ন যোগীয়ে কিদৰে অসম ভূমি পৱিত্ৰ কৰিছিল?
উত্তৰ : ধ্যানমগ্ন যোগীয়ে নিজৰ প্ৰতিভাৰ দ্বাৰা অসম ভূমি পৱিত্ৰ কৰিছিল।

প্রশ্ন ৩। ‘আজিও উঠিছে বাঁজি অসমৰ ঘৰে ঘৰে’—ইয়াত কি বাজি উঠাৰ কথা কোৱা হৈছে?
উত্তৰ : শংকৰদেৱে জাতি-ধর্ম-বর্ণ-ভাষা নির্বিশেষে সমগ্র অসম দেশৰ লোকসকলক ভক্তিধৰ্মৰ এনাজৰীৰে বান্ধিছিল। ইয়াকে কবিয়ে স্বৰ্গৰ বতৰা মত্যলৈ অনা বুলি কৈছে। এই সৰগীয় বতৰা আজিও অসমৰ মানুহৰ ঘৰে ঘৰে বাজি আছে।

প্রশ্ন ৪। ধ্যানমগ্ন যোগীয়ে অসীম সাধনাৰ বলে স্বৰ্গৰপৰা কি নমাইছিল?

উত্তৰ : ধ্যানমগ্ন যোগীয়ে ভক্তিধৰ্ম স্বৰূপ প্রেম মন্দাকিনী ধাৰা অসীম সাধনাৰ বলে স্বৰ্গৰপৰা নমাইছিল।

প্রশ্ন ৫। ধ্যানমগ্ন যোগীয়ে কি বোৱাইছিল আৰু অসমক কিদৰে জীৱনদান কৰিছিল?
উত্তৰ : ধ্যানমগ্ন যোগীয়ে ভক্তিধৰ্মৰ সোঁত বোৱাইছিল আৰু ধৰ্ম বিষয়ক জ্ঞান দি আৰু ব্ৰজাবলী ভাষাৰ সৃষ্টি কৰি অসমক জীৱনদান কৰিছিল।

প্রশ্ন ৬। শংকৰদেৱে কিহক নতুন সাজেৰে সজাইছিল?
উত্তৰ : শংকৰদেৱে অসমৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰ্মৰ প্ৰতি মানুহৰ ভাবধাৰা আদিক নতুন সাজেৰে সজাইছিল।

প্রশ্ন ৭। মহাপুৰুষে কিদৰে মালাধাৰি গাঁথিছিল?
উত্তৰ : বেদ-উপনিষদৰ পৰা সাৰ ভাগ গ্ৰহণ কৰি অতি যত্ন সহকাৰে মহাপুৰুষে মালাধাৰি গাঁথিছিল।

লগতে পঢ়ক  জাগা জননীৰ সন্তান Class 8 (পাঠ 4) অসমীয়া প্ৰশ্নৰ উত্তৰ

প্রশ্ন ৮। মহাপুৰুষে তেওঁৰ ধৰ্মত কিহক স্থান দিয়া নাছিল?
উত্তৰ : ক্ষুদ্ৰ স্বাৰ্থ, ভিন ভাৱ, সৰু-বৰ আদিক মহাপুৰুষে তেওঁৰ ধৰ্মত স্থান দিয়া নাছিল। তেওঁৰ ধৰ্মমতে সকলো জীৱই সমান স্থানৰ অধিকাৰী আছিল।

প্রশ্ন ৯। জননীয়ে কিয় হাঁহি হাঁহি জগতত নিজৰ পৰিচয় দিছিল?
উত্তৰ। শংকৰদেৱে ধৰ্মৰ নামত বিভ্রান্ত তথা বিশৃংখলিত অসমীয়া লোকক একতাৰ এনাজৰীৰে বান্ধিছিল। তেওঁ অসমৰ ভাষা, ধৰ্ম, সংস্কৃতি আদি সকলোবোৰ সংস্কাৰ কৰি নতুন ৰূপ দিছিল। ক্ষুদ্ৰ স্বাৰ্থ, ভিন পৰ ভাব, সৰু বৰ আদি তেওঁৰ দ্বাৰা প্ৰচাৰিত ধৰ্মত স্থান পোৱা নাছিল। অসমীয়া সমাজ, সংস্কৃতি, ভাষা, সাহিত্য আদিয়ে সকলো দিশতে আগবাঢ়ি যোৱাৰ ফলত জননীয়ে হাঁহি হাঁহি বিশ্বজগতত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।

প্রশ্ন ১০। কবিতাটোত শংকৰদেৱে কি মালা গাঁথাৰ কথা কোৱা হৈছে?
উত্তৰ : কবিতাটোত শংকৰদেৱে বেদ-উপনিষদৰ সাৰভাগ গ্ৰহণ কৰি যি বাচক্ৰবনীয়া পুথি ৰচনা কৰিছিল সেই পুথিৰ মালা গাঁথা বুলি কোৱা হৈছে।

প্রশ্ন ১১। ধ্যানমগ্ন যোগীয়ে প্রেম মন্দাকিনী ধাৰা কিদৰে নমাইছিল?

উত্তৰ : ধ্যানমগ্ন যোগীয়ে অসীম সাধনা, অধ্যৱসায় আদিৰ যোগেদি ভক্তিধৰ্মৰ যি স্বৰ্গীয় ভাৱ মানুহৰ মনত জগাইছিল তাকে কবিতাটোত কবিয়ে স্বৰ্গত থকা প্রেম মন্দাকিনীৰ লগত তুলনা কৰিছে আৰু স্বৰ্গৰ পৰা নমাই আনা বুলি কৈছে।

শ্ৰী শ্ৰী শংকৰদেৱ প্ৰশ্ন উত্তৰ

প্রশ্ন ১২। ব্যাখ্যা কৰা :

(ক) ক্ষুদ্র স্বার্থ ভিন্ন ভাৱ আঁতৰাই সৰু বৰ
পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা শ্ৰীশ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা গ্ৰহণ কৰা হৈছে। শংকৰদেৱৰ আবিৰ্ভাৱৰ সময়ত গোটেই অসম দেশখন নানা ধৰণৰ অন্যায়, অবিচাৰ আদিৰ দ্বাৰা ভৰি পৰিছিল। ক্ষুদ্ৰ স্বাৰ্থ, ভিন পৰ ভাব, উচ্চ-নীচ, জাতিভেদ প্ৰথা আদিয়ে জনসাধাৰণৰ মাজত বিভেদৰ সৃষ্টি কৰিছিল। আনকি ধৰ্মৰ নামত নৰবলি পর্যন্তও দিয়া হৈছিল। শংকৰদেৱে সমাজৰ পৰা এইবোৰ আঁতৰ কৰি সকলোলোকক একশৰণ নামধৰ্মৰ দ্বাৰা একতাৰ ডোলেৰে বান্ধি পেলাইছিল।সমাজৰ উচ্চ-নীচ সকলোলোকে এই ধৰ্মক আদৰি লৈ এক সমন্বয়ৰ সুঁতি গঢ়ি তুলিছিল।

(খ) কোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্ম দিলা জ্ঞান,
দিলা ভাষা অসমক কৰিলা জীৱন দান।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা শ্ৰীশ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা গ্ৰহণ কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱে নানাধৰণে বিশৃংখলিত আৰু বিভ্ৰান্ত অসমীয়া জনসাধাৰণক ভক্তি ধৰ্মৰ দ্বাৰা একতাৰ ডোলেৰে বান্ধিছিল। তেওঁ বেদ-উপনিষদ, গীতা-ভাগৱত আদিৰ পৰা সাৰভাগ গ্ৰহণ কৰি তাৰ সহায়ত জনসাধাৰণক জ্ঞান দিবলৈ কবিতা, নাটক, তত্ত্বগধুৰ সাহিত্য আদি ৰচনা কৰিছিল। ব্ৰজাৱলী ভাষাৰ সহায়ত এই সাহিত্যসমূহ জনসাধাৰণক বোধগম্য কৰিছিল। গতিকে ধর্ম, ভাষা, সাহিত্য আদি সকলো দিশতে তেওঁ নিজৰ প্ৰতিভাৰদ্বাৰা প্ৰভাৱ বিস্তাৰ কৰি বিভ্রান্ত আৰু বিশৃংখলিত অসমীয়া লোকসকলক একতাৰ ডোলেৰে বান্ধি পেলাইছিল। ইয়াৰ দ্বাৰা অসমীয়া সমাজে নতুন জীৱন লাভ কৰিছিল৷

(গ) সকলোকে তুমি দেৱ। সজালা নতুন সাজে;
তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা শ্ৰীশ্ৰী শংকৰদেৱ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱৰ সময়ত অসম দেশৰ লোকসকলৰ মাজত হিংসা-খেয়াল, উচ্চ-নীচ মনোভাব, জাত-পাতৰ বিচাৰ আদিয়ে গা কৰি উঠিছিল। আনকি ধৰ্মৰ নামত নৰবলি পর্যন্ত হোৱা দেখা গৈছিল। শংকৰদেৱে এই বিপথগামী অসমীয়া জনসাধাৰণক প্ৰকৃত পথলৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ তেওঁ অসমৰ লোকসকলৰ মাজত ভক্তি ধৰ্মৰ সোঁত বোৱাই সকলোকে একতাৰ ডোলেৰে বান্ধিছিল। জনসাধাৰণক জ্ঞান দিবলৈ বেদ-উপনিষদৰ সাৰভাগ গ্ৰহণ কৰি বাচকবনীয়া পুথি ৰচনা কৰিছিল। গীত-নাটবোৰ সহজে বোধগম্য হ’বলৈ ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ কৰিছিল। সেইদৰে ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ সকলোতেই মহাপুৰুষে নতুনত্ব সৃষ্টি কৰিছিল। সেইবাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গৰিমা গীতি অসমীয়া জাতিৰ হৃদয়ে হৃদয়ে বিয়পি আছে।

কবিয়ে “ধ্যানমগ্ন যোগী” বুলি কাক কৈছে?

উত্তৰ : কবিয়ে “ধ্যানমগ্ন যোগী” বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছে।

কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে?

উত্তৰ : শংকৰদেৱে অসমীয়া সাহিত্য, সংস্কৃতি, সভ্যতা আদিৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। শংকৰদেৱৰ সাহিত্য, সংস্কৃতি আদিৰ ক্ষেত্ৰত থকা অসাধাৰণ প্ৰতিভাই অসমভূমিক পবিত্ৰ কৰিছে।

কবি কাননত কি বজোৱাৰ কথা কৈছে?

উত্তৰ : কবি কাননত নিৰলে বীণা বজোৱাৰ কথা কৈছে।

মৰৰতত কোনে কিহৰ বাতৰি আনি দিয়ে।

উত্তৰ : মৰতত ধ্যানমগ্ন যোগীৰূপী শংকৰদেৱে স্বর্গৰ বাতৰি আনি দিয়ে।

কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে?

উত্তৰ : কবিয়ে ভক্তি ধৰ্মৰ যি অমিয়া সুৰ স্বৰ্গৰ পৰা মৰ্ত্যলৈ বোৱাই আনিছিল সেই সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কবিতাটোত কোৱা হৈছে।

Leave a Comment