বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer | প্ৰশ্ন উত্তৰ | Class 8

বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer | বস্তু বিজ্ঞান অধ্যয়ন প্ৰশ্ন উত্তৰ | বস্তু বিজ্ঞান অধ্যয়ন Class 8 Assamese Lesson 7 Question Answer

শ্ৰেণীঅষ্টম শ্ৰেণী অসমীয়া
বিষয়অসমীয়া
পাঠবস্তু বিজ্ঞান আৰু অধ্যয়ন Class 8
লেখকসত্যনাথ বৰা
পাঠ7
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
প্রশ্ন ১। উত্তৰ দিয়া :

(ক) বিজ্ঞান-শাস্ত্ৰ কিহৰ ভঁৰাল?
উত্তৰ : বিজ্ঞান-শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।

(খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে?
উত্তৰ : বিজ্ঞানৰ বলত মানুহে নানা ধৰণৰ কাম কৰিবলৈ ধৰিছে। ৰে’ল, জাহাজ, টেলিগ্রাফ, ফনোগ্রাফ, টেলিফোন, গ্রামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ বৰ্তমানলৈকে আৱিষ্কাৰ হোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসাৰ প্ৰণালীসমূহ বিজ্ঞান-চৰ্চাৰ ফলতে সম্ভৱপৰ হৈছে।

(গ) উদ্‌গতিৰ পথত কিহে বাধা দিয়ে?
উত্তৰ : উদ্‌গতিৰ পথত কু-সংস্কাৰে বাধা দিয়ে।

(ঘ) বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে?
উত্তৰ : বিজ্ঞান চর্চা কৰিলে মানুহে প্ৰকৃতিৰ তত্ব ভেদ কৰিব পাৰে। আমাৰ সমুখত বিভিন্ন ধৰণৰ ঘটনা ঘটে, যেনে—ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিত চিঞৰিলে প্ৰতিধ্বনি হয় ইত্যাদি। এনে ধৰণৰ ঘটনা আমি দিনে নিশাই দেখি আহিছো। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে ইয়াক চৰ্চা কৰিলে আমি এনেবোৰ পৰিঘটনাৰ কাৰণ জানিবলৈ সক্ষম হওঁ।

(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে?
উত্তৰ : ধনগুলৈক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে।

(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে?
উত্তৰ : হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে।

(ছ) বিজ্ঞান শিক্ষাৰপৰা কি জনা যায়?
উত্তৰ : বিজ্ঞান শিক্ষাৰপৰা বস্তুৰ মূল তত্ব জনা যায়। ইয়াৰ ফলত সেই বস্তুৰ প্রতি মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্ম হ’ব নোৱাৰে।

প্রশ্ন ২। “ধনগুলৈ”ৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা।
উত্তৰ : “ধনগুলৈ” হৈছে এবিধ ভাপ বা বাষ্প। সাধাৰণতে জাৱৰ, জন্তুৰ মল- মূত্ৰ আদি পচা বস্তু থকা, জেকা ঠাইৰ পৰা এই বাষ্পৰ সৃষ্টি হয়। এই বাষ্পবোৰ বতাহেৰে সৈতে সংলগ্ন হ’লে তাত জুই জ্বলি উঠে আৰু সেই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময় লৰচৰ কৰি ফুৰে। কোনো কোনো লোকে বিশ্বাস কৰে যে পুতি থোৱা ধন-সোণৰ ই এক কালিকা আৰু ৰাতি ই বাহিৰলৈ ওলাই আহে। সেইবাবে মানুহে ইয়াক “ধনগুলৈ” বুলি কয়।

প্রশ্ন ৩। “প্রতিধ্বনি” কেনেকৈ হয় চমুকৈ লিখা।
উত্তৰ : আমি যেতিয়া মুকলি ঠাইত চিঞৰো, আমাৰ মাতটো দূৰণিত ঠেকা খাই পুনৰ ঘূৰি আহি আমাৰ কাণত সোমায়। আমি মাতটোৰ লগে লগে আন এটা মাত শুনা যেন পাওঁ। এনেদৰে মাত বা ধ্বনিৰ উৎপত্তি হৈ আন ঠাইত ঠেকা খাই পুনৰ উভতি অহাকে “প্রতিধ্বনি” বুলি কোৱা হয়।

প্রশ্ন ৪। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়?
উত্তৰ : বিজ্ঞান হৈছে কোনো এটা বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়ন। বিজ্ঞান চর্চাৰ দ্বাৰা মানুহে নানা ধৰণৰ আচৰিত আচৰিত কাম কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ সহায়ত মানুহে ৰেল, জাহাজ, টেলিগ্রাফ, ফনোগ্রাফ, ফটোগ্রাফ, টেলিফোন, গ্রামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, বর্তমান ওলোৱা নানা ধৰণৰ গাড়ী, মটৰ, নানাবিধ ঔষধ, নানা ধৰণৰ চিকিৎসা প্ৰণালী আদি আৱিষ্কাৰ কৰিছে। বিজ্ঞান চর্চাৰ ফলত প্ৰকৃতিত সংঘটিত হোৱা নানা ধৰণৰ পৰিঘটনাৰ কাৰণ জানিবলৈ সক্ষম হৈছে।

গতিকে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি ক’ব পাৰি। ইয়াৰ চৰ্চাৰ দ্বাৰা মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। ই কু-সংস্কাৰ, অন্ধ-বিশ্বাস আদি আঁতৰ কৰি আগবাঢ়ি যাবলৈ আৰু এখন সুস্থ সমাজ গঢ়িবলৈ মানুহকে শিক্ষা দিয়ে।

বস্তু বিজ্ঞান অধ্যয়ন প্ৰশ্ন উত্তৰ

প্রশ্ন ৬। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) কু-সংস্কাৰ উদ্‌গতি পথৰ এটা বাধা।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা প্ৰৱন্ধ “বস্তু বিজ্ঞান অধ্যয়ন”ৰ পৰা উদ্ধৃত কৰা হৈছে।
মানুহে উন্নতিৰ পথত আগবাঢ়ি যাবৰ বাবে কু-সংস্কাৰ, অন্ধ-বিশ্বাস আদি মনৰপৰা আঁতৰাই পেলাব লাগে। কু-সংস্কাৰে উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰে। বিজ্ঞানে মানুহৰ মনৰপৰা পুৰণিকলীয়া কু-সংস্কাৰ, অন্ধ-বিশ্বাস আদি আঁতৰাই তাৰ ঠাইত বিজ্ঞানভিত্তিক চিন্তাধাৰাৰ প্ৰৱৰ্তন কৰে। ইয়াৰ ফলত জ্ঞানৰ পৰিধি বৃদ্ধি হয়।

সাধাৰণত মানুহে কু-সংস্কাৰৰ বশৱৰ্তী হৈ কোনো ঘটনাৰ কাৰণ নজনালৈ তাক মানি লোৱা দেখা যায়। ইয়াৰ ফলত ঘটনাবোৰৰ অন্তর্নিহিত কাৰণবোৰ নজনাকৈ ৰৈ যায়। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰ সহায়ত ইয়াক ব্যাখ্যা কৰিলে নতুন নতুন দিশ পোহৰলৈ অহা দেখা যায়। ই জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ অৰিহণা যোগায়।

লগতে পঢ়ক  অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ | Class 8 | অসমীয়া অষ্টম শ্ৰেণী

(খ) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।

উত্তৰ। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা প্ৰৱন্ধ “বস্তু বিজ্ঞান অধ্যয়নৰ” পৰা উদ্ধৃত কৰা হৈছে।
বিজ্ঞান হৈছে কোনো এটা বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়ন। বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ ফলত মানুহে নানা ধৰণৰ আচৰিত কাম কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ সহায়ত মানুহে ৰেইল, জাহাজ, টেলিগ্রাফ, ফটোগ্রাফ, ফনোগ্রাফ, টেলিফোন, গ্রামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, বর্তমান ওলোৱা নানা ধৰণৰ গাড়ী, মটৰ, নানাবিধ ঔষধ, নানা ধৰণৰ চিকিৎসা প্রণালী আদি আৱিষ্কাৰ কৰিছে। বিজ্ঞান চৰ্চাৰ সহায়ত প্ৰকৃতিত সংঘটিত হোৱা নানা ধৰণৰ পৰিঘটনাৰ কাৰণ জানিবলৈ সক্ষম হৈছে।

গতিকে ক’ব পাৰি যে বিজ্ঞান শাস্ত্ৰ হৈছে জ্ঞানৰ ভঁৰাল। ইয়াৰ অধ্যয়নৰ দ্বাৰা মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। ই কু-সংস্কাৰ, অন্ধ-বিশ্বাস আদি আঁতৰাই আগবাঢ়ি যাবলৈ আৰু এখন সুস্থ সমাজ গঢ়িবলৈ মানুহক শিক্ষা দিয়ে।

(গ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ “বস্তু বিজ্ঞান অধ্যয়ন” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। বৰ্তমান বিজ্ঞানৰ যুগ। বিজ্ঞানে আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটাই আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছে। মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফলত গঢ়ি উঠিছে। বিজ্ঞানে মানৱ সভ্যতাৰ সকলো উপকৰণ আহৰণ কৰি মানৱ জাতিক সকলো ধৰণৰ সুখ-স্বাচ্ছন্দ প্ৰদান কৰিছে।

বৰ্তমান মানৱ সভ্যতাৰ বিভিন্ন উপকৰণবোৰ হৈছে ৰেল, জাহাজ, টেলিগ্রাফ, ফটোগ্রাফ, ফনোগ্রাফ, টেলিফোন, গ্রামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, দুৰদৰ্শন, ৰেডিঅ’, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ধৰণৰ চিকিৎসা প্ৰণালী আদি। এইবোৰৰ অবিহনে বর্তমান মানৱ সভ্যতা কল্পনা কৰিব নোৱাৰি। মানৱ সভ্যতাৰ এই উপকৰণসমূহ বিজ্ঞান চৰ্চাৰ ফলত সৃষ্টি হৈছে আৰু ভৱিষ্যতেও ন-ন উপকৰণ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

(ঘ) সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমূচিত।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ প্ৰৱন্ধ “বস্তু বিজ্ঞান অধ্যয়ন”ৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান বিজ্ঞানৰ যুগ। বিজ্ঞানে আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটাই জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছে। আমাৰ চাৰিওফালে দিনে-নিশাই নানা ধৰণৰ ঘটনা ঘটি আছে। আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে সেইবোৰ পৰ্যবেক্ষণ কৰিলে ইয়াৰ বিভিন্ন দিশ উদযাপন কৰিবলৈ পাৰিম। সেইবাবে বিজ্ঞান-শাস্ত্ৰ অধ্যয়ন আমাৰ বাবে নিতান্ত প্রয়োজনীয়।

বস্তু বিজ্ঞান অধ্যয়ন Class 8 Assamese

বহলাই লিখা।

প্রশ্ন ৭। (ক) পাঠৰ আলমত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা।
উত্তৰ : অতি প্রাচীন কালৰেপৰাই মানৱ সমাজত নানা ধৰণৰ কু-সংস্কাৰ প্ৰচলিত হৈ আহিছে। এই কু-সংস্কাৰবোৰে মানুহক উন্নতিৰ পথত আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। আমাৰ সমাজত প্ৰচলিত কেতবোৰ কু-সংস্কাৰৰ দৃষ্টান্ত উল্লেখ কৰা হ’ল।

বহুতো চহা লোকে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। আন কিছুমানে বিশ্বাস কৰে যে পুতি থোৱা ধন-সোণৰ ই এক কালিকা আৰু ৰাতি ই বাহিৰলৈ ওলাই আহে। সেই বাবে ইয়াক ধনগুলৈ বুলি কোৱা হয়। কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰে আৰু সেই হাতীয়ে গা- লৰালে ভূমিকম্প হয় বুলি ভাবে। এই বিলাক কেতবোৰ সাধাৰণ কু সংস্কাৰৰ দৃষ্টান্তহে। ইয়াতকৈ অধিক গুৰুতৰ বিষয়ত মানুহৰ কু-সংস্কাৰ আছে।

এই কু-সংস্কাৰবোৰ আঁতৰ কৰিবলৈ বিজ্ঞান চৰ্চাৰ অতি প্রয়োজন। বিজ্ঞান চর্চা কৰিলে সকলো বিষয়ৰে মূল তত্ত্ব জানিব পাৰি। ই মানুহৰ মনৰ পৰা সকলো মিছা কু-সংস্কাৰ আঁতৰাই মানুহৰ মনবোৰ সংস্কাৰমুক্ত কৰি তোলে। পানী কাষৰীয়া ঠাই, জাৱৰ, জন্তুৰ মল-মূত্ৰ আদি পচা ল থকা, জেকা ঠাইৰ পৰা গধূলি সময়ত এবিধ ভাপ বা বাষ্প ওলায়৷ ই পৰিষ্কাৰ বায়ুৰ সংস্পৰ্শলৈ আহিলে জ্বলি উঠে। ইয়াক ধনগুলৈ বুলি কোৱা হয়। এসময়ত চহা সমাজত ইয়াক প্ৰেতৰ আত্মা বুলি বিশ্বাস কৰা হৈছিল। কিন্তু বৰ্তমান বিজ্ঞান চর্চাই প্ৰসাৰ লাভ কৰাত মানুহে ইয়াৰ মূল তত্ত্ব জানিবলৈ সক্ষম হৈছে।

(খ) ‘বিজ্ঞান-শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়।’—যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা।
উত্তৰ : বিজ্ঞান হৈছে কোনো এটা বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়ন। ইয়াৰ সহায়ত মানুহে নানা ধৰণৰ আচৰিত কাম কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানৰ সহায়ত মানুহে ৰে’ল, জাহাজ, টেলিগ্রাফ, ফটোগ্রাফ, ফনোগ্রাফ, টেলিফোন, গ্রামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, বর্তমান ওলোৱা নানাধৰণৰ বিমান, নানাবিধ ঔষধ, নানা ধৰণৰ চিকিৎসা প্রণালী আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক  ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8 - প্ৰশ্নৰ উত্তৰ অসমীয়া পাঠ 5

বিজ্ঞান চৰ্চাৰ সহায়ত প্ৰকৃতিত সংঘটিত হোৱা নানা ধৰণৰ পৰিঘটনাৰ কাৰণ জানিব পাৰি। ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিত চিঞৰিলে প্ৰতিধ্বনি হয়। এনে ধৰণৰ দিনে- ৰাতিয়ে দেখা ঘটনাবিলাকৰ কাৰণ বিজ্ঞান-শাস্ত্ৰ অধ্যয়নৰ পৰা জানিব পাৰোঁ। বৈজ্ঞানিকসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোনৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ যোগাযোগ কৰিবলৈ সক্ষম হৈছে।

বস্তু বিজ্ঞান অধ্যয়ন Class 8 Assamese

খঃ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৮। তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা
ৰোৱনী, ৰান্ধনি, নাৱৰীয়া, মৰমীয়াল, পনীয়া, জোনালী, দয়ালু, ধৰুৱা।
উত্তৰঃ ৰোৱনী —ৰো + অনী
বান্ধনি – বান্ধ + অনি
নাৱৰীয়া – নাও + অৰীয়া
মৰমীয়াল – মৰম + ঈয়াল

পনীয়া – পানী + ঈয়া
জোনালী – জোন + আলী
দয়ালু – দয়া + আলু
ধৰুৱা – ধাৰ + উৱা।

প্রশ্ন ৯। ৰচনা লিখা :

(ক) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ।
(খ) কম্পিউটাৰ আৰু আধুনিক জীৱন
(গ) দূৰদৰ্শন : ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ
(ঘ) কথাছৱি আৰু সমাজত ইয়াৰ প্ৰভাৱ
(ঙ) মবাইল ফোন : ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা।

বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer

১০। চমু টোকা লিখা।
(4) গ্রামোফোন,
(খ) ইণ্টাৰনেট,
(ঘ) অণুবীক্ষণ।
(4) দূৰভাষ (Tele phone)
উত্তৰ :

(ক) গ্রামোফোন : গ্রামোফোন হৈছে এনে এবিধ যন্ত্ৰ যাৰ সহায়ত আমি পূৰ্বতে বাণীবদ্ধ কৰি থোৱা সংগীত আৰু কথা পুনৰ শুনিব পাৰোঁ। এই যন্ত্ৰ পোন প্রথমে আমেৰিকাত আৱিষ্কাৰ কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম আছিল ফ’ন’গ্রাফ। আমেৰিকাৰ বিজ্ঞানী টমাচ্ এলভা এডিচনে গ্রামোফোন আৱিষ্কাৰ কৰিছিল।

(খ) ইন্টাৰনেট : বৰ্তমান সময়ৰ আটাইতকৈ উন্নতমানৰ সেৱা হৈছে ইণ্টাৰনেট সেৱা। ইয়াৰ জৰিয়তে মানৱ জীৱন অধিক দ্ৰুতগামী আৰু খৰতকীয়া হৈছে। ইণ্টাৰনেটৰ জৰিয়তে আমি দেশৰ লগতে বিদেশৰ সকলো খবৰ পলকতে লাভ কৰিবলৈ সক্ষম হওঁ। পৃথিৱীৰ বিভিন্ন ঠাইৰ লোকৰ লগত ইয়াৰ সহায়ত যোগাযোগ কৰিব পাৰি। ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিব পাৰি। বৰ্তমান মানৱ জীৱনৰ অগ্ৰগতিত ইণ্টাৰনেট এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

(গ) দূৰভাষ (টেলিফোন) : কুৰি শতিকাৰ বিজ্ঞানৰ এটা চমকপ্রদ সাফল্য হৈছে দূৰভাষ আৱিষ্কাৰ। ১৮৭৬ চনত আমেৰিকাৰ বিজ্ঞানী গ্রাহাম বেলে ইয়াক আৱিষ্কাৰ কৰিছিল। ইয়াৰ সহায়ত ঘৰত থাকিয়েই দেশ-বিদেশৰ বিভিন্ন ঠাইত থকা লোকৰ সৈতে কথা পাতিব পাৰি। একোটা অঞ্চলত স্থাপন কৰা টেলিফোন এক্সচেঞ্জসমূহে টেলিফোনৰ কাৰ্যাৱলী নিয়ন্ত্ৰণ কৰে। সাধাৰণতে তাঁৰৰ সহায়ত টেলিফোন সংযোগ ৰক্ষা কৰা হয় যদিও বর্তমান তাঁৰৰ সংযোগ নথকাকৈ টেলিফোন সংযোগৰ ব্যৱস্থা কৰিব পাৰি। টেলিফোন এক্সচেঞ্জবিলাকৰ মাজত উপগ্ৰহৰ যোগেদি সংযোগ ৰক্ষা কৰা হয়। তাঁৰৰ সংযোগ নোহোৱা টেলিফ ‘নবোৰক চেলুলাৰ বা ম’বাইল ফোন বুলি কোৱা হয়।

বৰ্তমান টেলিফোনেৰে যোগাযোগ কৰাৰ ক্ষেত্ৰত S.T.D (Subscriber Trunk Dialing) আৰু ISD (International Subscriber Dialing) ব্যৱস্থা থকাৰ উপৰিও বর্তমান স্বয়ংক্রিয় টেলিফ’ন এক্সচেঞ্জৰ ব্যৱস্থা (Trunk Automatic Exchange- TAX) প্ৰৱৰ্তন হৈছে। স্বয়ংক্রিয় ব্যৱস্থাত কম্পিউটাৰ ব্যৱহাৰ কৰা হয়।

(ঘ) অণুবীক্ষণ : হলেণ্ডৰ বিজ্ঞানী জানচেনে অণুৱীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰে৷ এই যন্ত্ৰৰ সহায়ত চকুৰে মনিব নোৱাৰা অতি ক্ষুদ্ৰ বস্তুকো ডাঙৰকৈ দেখা যায়। চিকিৎসকসকলে ৰোগীৰ তেজ, শৌচ-প্ৰসাৱ আদিত ৰোগৰ বীজাণু পৰীক্ষাৰ কাৰণে অণুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰে।
ঘ : প্রকল্প
প্রশ্ন ১১। পাঠৰ আলমত বিজ্ঞান চৰ্চাৰ ফলত আৱিষ্কৃত সামগ্ৰীসমূহ তালিকাভূক্ত কৰি সেইবোৰ কোনে, কেতিয়া আৱিষ্কাৰ কৰিছিল উল্লেখ কৰা।

সামগ্ৰীৰ নামআৱিষ্কাৰক/উদ্ভাৱক সময়/চন
ৰেডিঅ’মার্কনি
টেলিভিচনজন লগি বেয়ার্ড
অণুবীক্ষণলিউৱেন হক
দূৰবীক্ষণগেলিলিঅ’
টেলিফ’নগ্রাহাম বেল
ৰেলজর্জ স্টিফেনচন
উৰাজাহাজৰবাৰ্ট ভাতৃদ্বয়

বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer

প্রশ্ন ১। ধনগুলৈ কি?
উত্তৰ :ধনগুলৈ হৈছে জন্তুৰ মল-মূত্ৰ আদি পচা বস্তু থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বাষ্প। এই বাষ্প বতাহত সংলগ্ন হ’লে তাত জুই জ্বলি উঠে আৰু চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময় চলি থাকে। আগৰ দিনত মানুহে ইয়াক প্ৰেতৰ মায়া বুলি ভাবিছিল আৰু ভয় কৰিছিল। লোকবিশ্বাস মতে পুতি থোৱা ধন- সোণৰ ই এক কালিকা আৰু ই বাহিৰলৈ ওলাই আহে। কিন্তু বিজ্ঞান-চৰ্চাৰ দ্বাৰা মানুহে ধনগুলৈৰ বিষয়ে জানিবলৈ সক্ষম হয়।

প্রশ্ন ২। ‘বস্তু বিজ্ঞান অধ্যয়ন’ এই পাঠটি সত্যনাথ বৰাৰ কোনখন পুথিৰপৰা লোৱা হৈছে।
উত্তৰ : ‘বস্তু বিজ্ঞান অধ্যয়ন’ পাঠটি সত্যনাথ বৰাৰ ‘সাৰথি’ৰপৰা লোৱা হৈছে।

লগতে পঢ়ক  জাগা জননীৰ সন্তান Class 8 (পাঠ 4) অসমীয়া প্ৰশ্নৰ উত্তৰ

প্রশ্ন ৩। বিজ্ঞান বুলিলে কি বুজা?
উত্তৰ : বিজ্ঞান হৈছে কোনো বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়ন। বিশ্বৰ সকলো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ সুসংবদ্ধ বিধি আছে। এই ক্রিয়া-প্রতিক্রিয়াসমূহৰ সুসংবদ্ধ বিধি অনুসৰি প্ৰণালীবদ্ধভাৱে কৰা অধ্যয়নৰ জৰিয়তে লাভ কৰা জ্ঞানক বিজ্ঞান বুলি কোৱা হয়।

প্রশ্ন ৪। আমাৰ চৌদিশে ঘটি থকা ঘটনাবোৰৰ কাৰণসমূহ আমি কিদৰে জানিব পাৰোঁ।
উত্তৰ : আমাৰ চৌদিশে ঘটি থকা ঘটনাবোৰক বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰিলে আৰু বিজ্ঞান শাস্ত্র অধ্যয়ন কৰিলেহে ইয়াৰ কাৰণসমূহ জানিব পাৰিম।

প্রশ্ন ৫। “বিজ্ঞানত ভালকৈ জ্ঞান জন্মিলে মানুহৰ মনৰপৰা বহুত কু-সংস্কাৰ পলাবলৈ বাধ্য হয়।”—তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰ : কু-সংস্কাৰে মানুহৰ উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰে। বিজ্ঞান-বিষয়ক জ্ঞানে মানুহৰ মনৰপৰা কু-সংস্কাৰ আঁতৰাই উন্নতিৰ পথ মুকলি কৰি দিয়ে।. সৰ্বসাধাৰণ ৰাইজে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। কিছুমান লোকে আকৌ পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি, সেই হাতীয়ে গা- লৰালে ভুঁইকপ হয় বুলি ভাবে। এইবিলাক আমাৰ সমাজত চলি থকা কিছুমান কু-সংস্কাৰৰ উদাহৰণ। বিজ্ঞান শিক্ষাৰ সহায়ত মানুহৰ মনৰপৰা এনে ধৰণৰ কু- সংস্কাৰ আঁতৰি যায়। ই মানুহক বস্তুৰ মূলতত্ত্বৰ বিষয়ে জানিবলৈ দিয়ে। কোনো বস্তুৰ মূলতত্ত্ব সম্পর্কে জ্ঞান থাকিলে মানুহৰ মনত সেই বস্তুৰ প্ৰতি থকা সকলো ধৰণৰ কু-সংস্কাৰ বা অন্ধবিশ্বাস আঁতৰ হয়।

প্রশ্ন ৬। “বিজ্ঞান-চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি।” বুজাই লিখা।
উত্তৰ : আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায়। যেনে—ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিত চিঞৰিলে প্রতিধ্বনি হয়, আকাশত বিজুলিয়ে চিকিমিকি কৰে, ৰাতিপুৱা সূর্য উদয় হয় আদি। এইবিলাক ঘটনা আমি সদায়ে দেখি আছো। বিজ্ঞান-চৰ্চাৰ দ্বাৰাহে এই ঘটনাবিলাকৰ কাৰণ নির্ণয় কৰিব পৰা যায়।

প্রশ্ন ৭। বিজ্ঞানে মানৱ জাতিৰ কিদৰে উপকাৰ সাধিছে উদাহৰণ দিয়া।
উত্তৰ : বিজ্ঞানে মানৱ জাতিৰ অশেষ উপকাৰ সাধন কৰিছে। এই উপকাৰসমূহ বিভিন্ন ক্ষেত্ৰত দেখা যায়। শব্দৰ তত্ত্ব নিৰূপণ কৰি টেলিফোনৰ সহায়ত এঠাইৰপৰা আন ঠাইলে সংযোগ স্থাপন কৰিছে। ফনোগ্রাম, গ্রামোফ’ন আদি যন্ত্র সাজিছে; ৰশ্মিৰ তত্ত্ব নিৰূপণ কৰি ফটোগ্রাফ কৰিছে; দৰ্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অণুবীক্ষণ আদি যন্ত্ৰ সাজিছে। বায়ুৰ তত্ত্ব নিৰূপণ কৰি উৰাজাহাজ নিৰ্মাণ কৰিছে।

প্রশ্ন ৮। প্রাকৃতিক ঘটনাবোৰৰ মূল কাৰণ কিদৰে জানিব পাৰি?
উত্তৰ : বিজ্ঞান-চৰ্চাৰ সহায়ত প্রাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি।

প্রশ্ন ৯। মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কিহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে?
উত্তৰ : মুনষ্য জাতিৰ বৰ্তমান সভ্যতা বিজ্ঞান-চৰ্চাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে।

প্রশ্ন ১০। মানুহৰ উন্নতিৰ পথত এটা প্রধান অন্তৰায় কি?
উত্তৰ : কু-সংস্কাৰ মানুহৰ উন্নতিৰ পথৰ এটা প্রধান অন্তৰায়।

বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer

খালী ঠাই পূৰ কৰা :
প্রশ্ন ১। সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ-____
উত্তৰ : সমুচিত।
প্রশ্ন ২। ____ উদ্‌গতিৰ পথত এটা বাধা।
উত্তৰ : কু-সংস্কাৰ।
প্রশ্ন ৩। ____কু-সংস্কাৰে জাতীয় উদ্‌গতিৰ পথ আৰু — কু-সংস্কাৰে ব্যক্তিৰ উদ্‌গতিৰ পথ ভেটে।
উত্তৰ : জাতীয়, ব্যক্তিৰ।
প্রশ্ন ৪। বিজ্ঞানত ভালকৈ জ্ঞান জন্মিলে মানুহৰ মনৰপৰা বহুত ____ পলাবলৈ বাধ্য হয়।
উত্তৰ : কু-সংস্কাৰ।
প্রশ্ন ৫। বিজ্ঞান শাস্ত্র _____ভঁৰাল।
উত্তৰ : জ্ঞানৰ।
প্রশ্ন ৬। বিজ্ঞান-চৰ্চা কৰিলে প্ৰকৃতিৰ _____ ভেদ কৰিব পাৰি।
উত্তৰ : গুপ্ততত্ত্ব।
প্রশ্ন ৭। ______নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন ঠাইলৈ চলাব পাৰিছে।
উত্তৰ : শব্দতত্ত্ব ।

বিজ্ঞান-শাস্ত্ৰ কিহৰ ভঁৰাল?

উত্তৰ : বিজ্ঞান-শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।

উদ্‌গতিৰ পথত কিহে বাধা দিয়ে?

উত্তৰ : উদ্‌গতিৰ পথত কু-সংস্কাৰে বাধা দিয়ে।

বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে?

উত্তৰ : বিজ্ঞান চর্চা কৰিলে মানুহে প্ৰকৃতিৰ তত্ব ভেদ কৰিব পাৰে। আমাৰ সমুখত বিভিন্ন ধৰণৰ ঘটনা ঘটে, যেনে—ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিত চিঞৰিলে প্ৰতিধ্বনি হয় ইত্যাদি। এনে ধৰণৰ ঘটনা আমি দিনে নিশাই দেখি আহিছো। কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে ইয়াক চৰ্চা কৰিলে আমি এনেবোৰ পৰিঘটনাৰ কাৰণ জানিবলৈ সক্ষম হওঁ।

ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে?

উত্তৰ : ধনগুলৈক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে।

হাতীয়ে গা লৰালে কি হয় বুলি ভাবে?

উত্তৰ : হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে।

বিজ্ঞান শিক্ষাৰপৰা কি জনা যায়?

উত্তৰ : বিজ্ঞান শিক্ষাৰপৰা বস্তুৰ মূল তত্ব জনা যায়। ইয়াৰ ফলত সেই বস্তুৰ প্রতি মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্ম হ’ব নোৱাৰে।

বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে?

উত্তৰ : বিজ্ঞানৰ বলত মানুহে নানা ধৰণৰ কাম কৰিবলৈ ধৰিছে। ৰে’ল, জাহাজ, টেলিগ্রাফ, ফনোগ্রাফ, টেলিফোন, গ্রামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ বৰ্তমানলৈকে আৱিষ্কাৰ হোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসাৰ প্ৰণালীসমূহ বিজ্ঞান-চৰ্চাৰ ফলতে সম্ভৱপৰ হৈছে।

Leave a Comment