প্ৰগতিৰ সোণালী বাট Class 8 – {প্ৰশ্নৰ উত্তৰ} অসমীয়া পাঠ 6

প্ৰগতিৰ সোণালী বাট Class 8 | Class 8 Assamese Lesson 6 Question Answer| অসমীয়া পাঠ 6

শ্ৰেণী অষ্টম শ্ৰেণী অসমীয়া
বিষয় অংকুৰণ
পাঠ প্ৰগতিৰ সোণালী বাট
পাঠ 6
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

প্ৰগতিৰ সোণালী বাট Class 8

কঃ পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
প্রশ্ন ১। উত্তৰ দিয়া :

(ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি?
উত্তৰ : হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ হৈছে উক্ত স্থানত অঞ্চলটোৰ মহিলাসকলে আত্ম সহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল।

(খ) প্রদর্শনীখন কোনে পাতিছিল?
উত্তৰ :প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল।

(গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল।
উত্তৰ : মানুহে ভিৰ কৰা বিপণিখনত এড়ী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল।

(ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে?
উত্তৰ : অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ভালেমান ক্ষুদ্র উদ্যোগ গঢ়ি তুলিছে।

(ঙ) স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়?
উত্তৰ : স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্ম-সহায়ক গোট বুলি জনা যায়।

(চ) এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়?
উত্তৰ : এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে ব্যৱহাৰ কৰা হয়।

(ছ) ২০০১ চনটো কি বর্ষ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ : ২০০১ চনটো আন্তর্জাতিক নাৰী সবলীকৰণ আৰু সমমর্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল।

(জ) উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি?
উত্তৰ : উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হৈছে বয়ন শিল্প।

(ঝ) প্রাকৃ-স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল?
উত্তৰ : মহামানৱ মহাত্মা গান্ধীয়ে প্রাক্-স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে চিন্তা কৰিছিল।

প্ৰগতিৰ সোণালী বাট Class 8

প্রশ্ন ২। চমুকৈ বৰ্ণনা কৰা :
(ক) আত্ম-সহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে?
উত্তৰ : আত্ম-সহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলে। এই গোটবোৰে অতি সহজ সৰল পদ্ধতিৰে নানা আকর্ষণীয় সামগ্রী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰে। এনেদৰে দুখীয়া পৰিয়ালৰ কিছু সংখ্যক মহিলা আর্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়ি যায়।

(খ) পাঠত থকা প্রাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকী হৈছে গাৰ্গী আৰু মৈত্রেয়ী। এওঁলোক প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী আছিল। এওঁলোকে ধর্ম আলোচনা, সভা-সমিতি আদিত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰিছিল।

(গ) মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্রথম পদক্ষেপ কি আছিল?
উত্তৰ : মহাত্মা গান্ধীয়ে প্ৰাক্-স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল। খাদী উদ্যোগ স্থাপন কৰি তেওঁ এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৱাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।

(ঘ) মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল?
উত্তৰ : মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ বিধৱা মহিলা এগৰাকীৰ সহায়ত সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।

প্রশ্ন ৩। নাৰী সৱলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা।
উত্তৰ : ভাৰত চৰকাৰে নাৰী সৱলীকৰণৰ বিভিন্ন আঁচনিসমূহ গ্ৰহণ কৰি নাৰীৰ হকে বিশেষভাৱে কাম কৰাৰ কিছুমান প্রতিষ্ঠা গঢ়ি তুলিছে। এই আঁচনিসমূহ হৈছে, উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম,’ ‘কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’, ‘ইন্দিৰা মহিলা যোজনা’ আদিয়েই প্রধান।

উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম : ‘উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম’ ইংৰাজীত North-Eastern Development Finance Corporation Ltd. চমুকৈ নেড্‌ফি (NEDFI) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গঠিত হোৱা এটা পৃথক বিত্তীয় অনুষ্ঠান। ১৯৯৫-১৯৯৬ চনত কেন্দ্ৰীয় চৰকাৰে কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই বিত্তীয় অনুষ্ঠান স্থাপনৰ ঘোষণা কৰে। ১৯৯৬ চনৰ ২৩ ফেব্ৰুৱাৰীত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নেড্‌ফি উদ্বোধন কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাটোৱেই হৈছে নেডফিৰ প্রধান লক্ষ্য। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকল এক বিশেষ সামাজিক মর্যাদাৰ অধিকাৰী যদিও সামগ্ৰিকভাৱে অর্থনৈতিক দিশত সিমান টনকীয়াল নহয়। সেয়েহে সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগমে মহিলা উদ্যোগ উন্নয়ন প্রকল্পৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়িত কৰিছে। নেডফিয়ে মহিলাসকলৰ বাবে আগবঢ়োৱা কেইখনমান আঁচনি হৈছে –

১। ক্ষুদ্র বিত্ত সাহায্য আঁচনি (মাইক্র’ ফাইনেন্স স্কীম)
২। উত্তৰ-পূৱ ইকুইটি (Equity) ফাণ্ড আঁচনি।

৩। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হস্ত-তাঁত আৰু হস্তশিল্প আঁচনি।
৪। মৰাপাট উদ্যোগ আঁচনি।

প্ৰগতিৰ সোণালী বাট Class 8

প্রশ্ন ৪। তলৰ শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা।
উত্তৰ :
বিপণি—বজাৰ, হাট, দোকান, বেচা-কিনা কৰা স্থান।
প্ৰদৰ্শন—–দেখুওৱা কাৰ্য।
ক্রেতা—কিনোতা, গ্রাহক।
স্বাৱলম্বী—–—আত্মনির্ভৰশীল।
সুপ্ত–নিদ্রিত, লুকাই থকা, শুই থকা।
গঠনাত্মক—গঠনমূলক।
অফুৰন্ত—–শেষ নোহোৱা।
পদমর্যাদা–উচ্চ পদবীৰ বাবে হোৱা মান বা গৰিমা।
টনকিয়াল—শ্ৰম কৰিব পৰা, অৱস্থাপন্ন, টনটনীয়া।
পদক্ষেপ—ইটোৰ পাছত আনটো খোজ (কাৰ্যস্তৰ)।
সমমর্যাদা—সমান পৰিমাণে কৰা মান।
আন্তর্জাতিক–বিভিন্ন দেশৰ মাজত বা একাধিক দেশ সম্বন্ধীয়।

প্রশ্ন ৫। ‘অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে – এই কথাবাৰ কোনে কেতিয়া আৰু কিয় কৈছিল?
উত্তৰ : ‘অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।’—এই কথাৰাৰ মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল। মহাত্মা গান্ধী এবাৰ অসমলৈ আঁহোতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈছিল আৰু উক্ত কথাষাৰ কৈছিল।

লগতে পঢ়ক  শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer - অসমীয়া অষ্টম শ্ৰেণী

প্ৰগতিৰ সোণালী বাট Class 8

প্রশ্ন ৬। বুজাই কোৱা আৰু লিখা :

(ক) আত্ম-সহায়ক গোট আৰু ইয়াৰ কাম-কাজ।
উত্তৰ : আত্ম-সহায়ক গোট হৈছে দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত হোৱা এটি গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। এওঁলোকৰ মাজত মিলা-প্রীতি, সদ্ভাৱ থাকিব লাগে। গোটটোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে।

প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুত লয়। এই আত্ম-সহায়ক গোটবোৰৰ প্ৰধান উদ্দেশ্য হৈছে নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া, গোটটো পৈণত হৈ উঠিলে বেংকৰ লগত যোগাযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। আত্ম-সহায়ক গোটৰ কাম-কাজ হৈছে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ আতি সহজ সৰল পদ্ধতিৰে নানা আকর্ষণীয় সামগ্রী উৎপাদন কৰা আৰু সুলভ মূল্যৰ বিনিময়ত এইবোৰ বিক্ৰী কৰি গ্ৰাহকৰ চাহিদা পূৰ কৰা।

(খ) নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম।

উত্তৰ : বৰ্তমান সময়ত নাৰীক স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্রতিভাক বিকশিত কৰিবলৈ নাৰীসকলক সামাজিক স্বীকৃতি আৰু সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে। এই উদ্দেশ্যে ২০০১ চনটো আন্তর্জাতিক নাৰী সবলীকৰণ আৰু সমমর্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। ভাৰত চৰকাৰেও নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি গ্ৰহণ কৰি নাৰীৰ হকে বিশেষভাৱে কাম কৰা কেতবোৰ প্ৰতিষ্ঠান গঢ়ি তুলিছে। সেইবোৰৰ ভিতৰত ‘উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম’, ‘কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ’, ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’, ‘ইন্দিৰা মহিলা যোজনা’ আদি উল্লেখযোগ্য।

এই সংস্থাসমূহৰ কাম হৈছে নাৰীৰ শিক্ষণ, বৃত্তিমূলক প্রশিক্ষণ, আর্থ-সামাজিক উন্নয়নৰ আঁচনি, নাৰীৰ অধিকাৰ আদিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা। ইন্দিৰা মহিলা যোজনা ই মহিলাসকলৰ বাবে চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধা সমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। এই সুবিধা গ্ৰহণ কৰি অসমৰ চুকে কোণে অনেক আত্ম-সহায়ক গোট গঢ়ি উঠিছে আৰু মহিলাসকলৰ মাজত স্বাৱলম্বনৰ এক অভূতপূর্ব জাগৰণৰ সৃষ্টি হৈছে। চৰকাৰে আগবঢ়োৱা সা-সুবিধা গ্ৰহণ কৰি মহিলাসকলে মনস্তাত্বিক সকলো বাধা আঁতৰাই নিজৰ যোগ্যতা সম্পর্কে জ্ঞাত হোৱাটোৱে এই আঁচনিসমূহৰ প্ৰাথমিক কৰ্তব্য।

(গ) কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰে?
উত্তৰ : সহজতে পোৱা বিভিন্ন সম্পদসমূহৰ দ্বাৰা সহজ সৰল পদ্ধতিৰে নানা আকর্ষণীয় সামগ্রী উৎপাদন কৰি, সেইবোৰ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি মহিলাসকলে অর্থনৈতিকভাৱে কিছু টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িব পাৰে। ‘মহিলাসকলৰ আত্ম-সহায়ক গোটবোৰে বিভিন্ন ঠাইতে লাৰু, পিঠা, আচাৰ, পাপৰ, কাঁহুদি, খৰিচা, খাৰলি আদিৰ প্ৰদৰ্শনী পাতিব পাৰে। ইয়াৰ উপৰি হাতে সজা বেগ, পুতলা, ম’মবাতি, বাঁহ-বেতৰ সামগ্ৰী, নিত্য ব্যৱহাৰ্য ভিন ভিন বস্তু তৈয়াৰ কৰিও প্ৰদৰ্শনীত দেখুৱাব পাৰে আৰু ইয়াৰ দ্বাৰা ক্ৰেতাৰ চাহিদা পূৰ কৰি নিজেও স্বাৱলম্বিতাৰ পথত আগবাঢ়ি যাব পাৰে। মহিলাসকলে বোৱা কটা কামৰ দ্বাৰাও স্বাৱলম্বী হ’ব পাৰে। কিছুমানে এড়ী পলু পুহি তাঁত শালত এড়ী চাদৰ বৈ তাত বাৰেবৰণীয়া সূতাৰে বুটা বাচিব পাৰে। এনেধৰণে বিভিন্ন বিভিন্ন ধৰণৰ কাম কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰে।

প্ৰগতিৰ সোণালী বাট question answer class 8

খ’ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৭। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা :
নাৰী, নাড়ী
আচল, আঁচল
লক্ষ, লক্ষ্য
আচাৰ, আছাৰ
ফাঁকি, ফাকি
উত্তৰ। নাৰী (স্ত্ৰী, তিৰোতা) –বর্তমান সময়ত নাৰীসকল পুৰুষৰ সমানে সমানে আগুৱাই যাবলৈ সক্ষম হৈছে।

নাড়ী—(শৰীৰৰ ভিতৰত থকা নাড়ী-ভূৰি)—তাৰ কথা শুনি হাঁহিত পেটৰ নাড়ী-ভুৰি ওলাই অহাৰ উপক্ৰম হৈছে।
আচল (প্ৰকৃত)—বিপদৰ বন্ধুহে আচল বন্ধু।
আঁচল (চাদৰৰ আগ অংশ) – অসমৰ শিপিনীয়ে চাদৰৰ আঁচলত সপোন ৰচিব পাৰে।
লক্ষ (লাখ)–বর্তমান ভাৰতৰ লক্ষ লক্ষ লোক নিবৰুৱা সমস্যাৰ চিকাৰ হৈছে।
লক্ষ্য (উদ্দেশ্য) –মানুহে জীৱনৰ লক্ষ্য স্থিৰ কৰি আগুৱাই যাব লাগে।
আচাৰ (স্বভাৱ, চৰিত্ৰ, আচৰণ) – শিশুসকলক সৰুৰেপৰাই ভাল আচাৰব্যৱহাৰৰ শিক্ষা দিব লাগে।
আছাৰ (ধৰি পেলাই বলেৰে জোকাৰ বা কোবা)—কাপোৰখন নৈত আছাৰি আনগৈ।
তাত (সেই ঠাইত) — মানুইবোৰে তাত লেতেৰা জাৱৰ-জোঁথৰ পেলাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
তাঁত—(কাপোৰ ব’বৰ কাৰণে তাঁত শালত লগোৱা দীঘল সূতাবিলাক ) তাঁত শালত বোঁৱা পাটৰ কাপোৰ জগতবিখ্যাত।
ফাঁকি—(ছলনা, প্ৰতাৰণা, প্ৰবঞ্চনা)—আমি কোতিয়াও আনক ফাঁকি দিব নালাগে।
ফাকি—(পদ্যৰ এক চৰণ)—ল’ৰাজনে কবিতা ফাকি বৰ সুন্দৰকৈ আবৃত্তি কৰিছে।
প্রশ্ন ৮। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা।

উত্তৰ :

শব্দবিপৰীত অৰ্থ
কঠিনসহজলভ্য
নবীনপ্রাচীন
পৰনিৰ্ভৰশীলআত্মনিৰ্ভৰশীল
দুর্লভসুলভ
খৰগতিধীৰগতি
পূর্ণিমাঅমানিশা
অনধিকাৰঅধিকাৰ
নিন্দাপ্রশংসা
অনাৱশ্যকআৱশ্যক
জাগ্রতসুপ্ত
ধ্বংসসৃষ্টি
অসম্ভৱসম্ভৱ

প্ৰগতিৰ সোণালী বাট question answer class 8

প্রশ্ন ৯। এটা শব্দত প্ৰকাশ কৰা :
(ক) যি আনৰ ওপৰত নিৰ্ভৰ কৰে—
(খ) যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে—
(গ) স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি ওঠা শিল্প-
(ঘ) যি আনক হিংসা নকৰে—
(ঙ) যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে—
(চ) যি জনে নিজৰ ওপৰত বিশ্বাস ৰাখে—
উত্তৰ। (ক) পৰনিৰ্ভৰশীল।

লগতে পঢ়ক  বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer | প্ৰশ্ন উত্তৰ | Class 8

(খ) স্ব-নির্ভৰশীল
(গ) কুটিৰ শিল্প
(ঘ) অহিংসুক
(ঙ) স্বাৰ্থপৰ
(চ) আত্মবিশ্বাসী।

প্রশ্ন ১০। সন্ধি ভাঙা আৰু গঠন কৰা :
উত্তৰ। (ক) স্ব+অধীন =স্বাধীন
উৎ+নতি =উন্নতি
উৎ+মত্ত = উম্মত্ত
সম +কৃত =সংস্কৃত
জীৱ +অন্ত =জীৱন্ত
স্ব+অৱলম্বন =স্বাৱলম্বন
উৎ +ঘাটন = উদ্ঘাটন
উৎ +চাৰণ=উচ্চাৰণ
পৰাধীন =পৰ +অধীন
উন্নয়ন = উৎ +নয়ন
সংগীত=সম + গীত
মহাত্মা =মহা + আত্মা
যথেষ্ট =যথা+ইষ্ট
অতীত =অতি+ইত
যথোচিত =যথা +উচিত
বিদ্যোৎসাহী =বিদ্যা+উৎসাহী।

প্রশ্ন ১১। তলত দিয়া শব্দবিলাক বহুবচনলৈ পৰিৱৰ্তন কৰা।
শিক্ষক, ছাত্র, মানুহ, গৰু, গ্ৰন্থ, গুৰু।
উত্তৰ:

একবচনবহুবচন
শিক্ষকশিক্ষকসকল/শিক্ষকবৃন্দ
ছাত্রছাত্রসকল/ছাত্রবৃন্দ/ছাত্রবিলাক
মানুহমানুহবোৰ/মানুহবিলাক
গৰুগৰুবোৰ
গ্রন্থগ্রন্থসমূহ/গ্ৰন্থৰাজি
গুৰুগুৰুবৃন্দ/গুৰুসকল

প্ৰগতিৰ সোণালী বাট question answer class 8

প্রশ্ন ১২। তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা।
উত্তৰ : চ্ছ – বিচ্ছিন্ন, বিচ্ছেদ
ণ্ঠ – কণ্ঠ, কুণ্ঠিত
ন্থ–গ্রন্থাগাৰ, গ্ৰন্থি
গ্র – অগ্র, গ্রন্থ
ণ্ট—কণ্টক
ঞ্চ—বেঞ্চি, সঞ্চিত।

প্রশ্ন ১৩। বাক্য ৰচনা কৰা :
দূৰ-দূৰণি, বিধে বিধে, শিপিনী, লোকে-লোকাৰণ্য, সা-সুবিধা, চুকে- কোণে, আত্মবিশ্বাস, দলদোপ-হেন্দোলদোপ।
উত্তৰ। দূৰ-দূৰণি—দূৰ-দূৰণিৰ পৰা মানুহ আহি এই বজাৰত বস্তু বেচা-কিনা কৰে।

বিধে বিধে – অসমীয়া মানুহে ভোগালী বিহুত বিধে বিধে পিঠা পনা তৈয়াৰ কৰে।
শিপিনী—অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।

লোকে-লোকাৰণ্য—দেৱীমাৰ দৰ্শন পাবলৈ ঠাইখিনি লোকে লোকাৰণ্য হৈ পৰিছে।

সা-সুবিধা—গ্ৰাম্যাঞ্চলৰ লোকসকল আজিও সকলো ধৰণৰ সা- সুবিধাৰ পৰা বঞ্চিত হৈ আছে।
চুকে-কোণে—বস্তুটো ভালকৈ বিচাৰচোন, চুকে-কোণে ক’ৰবাত থাকিবও পাৰে।
আত্মবিশ্বাস—প্রকৃত শিক্ষাই মানুহৰ মনত আত্মবিশ্বাস জগাই তোলে।
দলদোপ হেন্দোলদোপ — বিয়াঘৰৰ মানুহে গোটেইখন দলদোপ- হেন্দোলদোপ লগাইছে।

প্রশ্ন ১৪। লিংগ নির্ণয় কৰা :
উত্তৰ : নাৰী —স্ত্রীলিংগ
বুঢ়ী – স্ত্রীলিংগ
দাদা—পুংলিংগ
যুৱক—পুংলিংগ
ছোৱালী–স্ত্রীলিংগ
দেউতা—পুংলিংগ
পুৰুষ — পুংলিংগ
ডেকা—পুংলিংগ
আমৈ—স্ত্রীলিংগ।

১৫। তলৰ উপসৰ্গকেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা।
উত্তৰ : প্র – প্ৰগতি
পৰা – পৰামৰ্শ
অপ – অপমান
উপ–উপদেশ
অতি – অতিমাত্ৰা
প্ৰতি – প্ৰতিদিন

Recent Posts

প্ৰগতিৰ সোণালী বাট question answer class 8

গ: জ্ঞান সম্প্ৰসাৰণ
প্রশ্ন ১৬। মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে । তেনেধৰণৰ কাম কেইপদমানৰ নাম লিখা।
উত্তৰ : মহিলাসকলে কম খৰচত বিভিন্ন ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে। আমাৰ অসম এখন কৃষিপ্রধান ৰাজ্য। গতিকে ইয়াত উৎপাদন হোৱা বিবিধ ধানৰ পৰা চিৰা, মুড়ি, সান্দহ, বিভিন্ন ধৰণৰ পিঠা, লাডু আদি তৈয়াৰ কৰিব পাৰে। বাঁহ-বেত আদি বনজ সম্পদৰ ক্ষেত্ৰতো আমাৰ দেশখন চহকী। এই বাঁহ-বেতৰ পৰা বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সা-সঁজুলি আদি তৈয়াৰ কৰিব পাৰে, বিভিন্ন ধৰণৰ আচাৰ, পাপৰ, কাহুদি, খৰিচা, খাৰলি আদি প্ৰস্তুত কৰাৰ উপৰিও হাতে সজা বেগ, পুতলা, মমবাতি আদিও তৈয়াৰ কৰিব পাৰে।

ইয়াৰ উপৰি বোৱা-কটা আদিৰ দ্বাৰা বিভিন্ন ধৰণৰ সাজ-পোছাক আদিও তৈয়াৰ কৰিব পাৰে। এই ধৰণৰ বিভিন্ন কামৰ দ্বাৰা মহিলাসকলে বিভিন্ন বস্তু তৈয়াৰ কৰি ক্ৰেতাৰ চাহিদা পূৰণ কৰাৰ লগতে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে।

প্রশ্ন ১৭। ভাব বহলাই লিখা।
(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়। (খ) মন কৰিলে চন, বাকৰি মাটিত ধন।
উত্তৰ :

(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।
এটোপ এটোপ পানী লগ হৈ নৈৰ সৃষ্টি হয়। সেইদৰে একগোট হোৱা অজস্র মানুহৰ নখৰ আগত উঠা এটোপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ’ব পাৰে। সেইদৰে বহুতো মানুহ একত্ৰিত হৈ প্রত্যেকেই অলপ প্রচেষ্টা আগবঢ়ালে একোটা মহৎ কার্য সম্পাদন হ’ব পাৰে। অলপ অলপকৈ আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বর্তমানে যুগত একো একোটা মহৎ শিক্ষানুষ্ঠান গঢ়ি তুলিছে। গতিকে ৰাইজৰ সন্মিলিত শক্তিৰ দ্বাৰা সমাজত বহুত মহৎ কার্য সম্পাদন কৰিব পাৰি।

(খ) মন কৰিলে বন, বাকৰি মাটিত ধন।
মানুহে মন কৰিলে কৰিব নোৱাৰা কাম একো নাই। কোনো এটা কাম সুকলমে সম্পাদন কৰিবলৈ আমাৰ একমাত্ৰ প্ৰয়োজন হৈছে সদিচ্ছাৰ। বাকৰি মাটিত ধান খেতি কৰাটো কঠিন কাম। এনে মাটিত ধান খেতিৰ বাবে প্রয়োজন হোৱা উৰ্বৰতাৰ অভাৱ হোৱা দেখা যায়। সেইবাবে মানুহে সাধাৰণতে বাকৰি মাটিত ধান খেতি নকৰে। কিন্তু মানুহে যদি সদিচ্ছাৰে খেতি কৰে তেনেহ’লে বাকৰি মাটিতো ধান খেতি হোৱাটো সম্ভৱপৰ হয়। গতিকে আমি সদিচ্ছাৰ সহায়ত কাম কৰিলে অসম্ভৱ কাৰ্যকো সম্ভৱ কৰি তুলিব পাৰোঁ।

Class 8 Assamese Lesson 6 Question Answer

প্রশ্ন ১৮। কুটিৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম লিখা। লগতে প্রতিবিধ সামগ্রী উৎপাদিত হোৱা শিল্পটোৰ নাম লিখা।
উত্তৰ : কুটিৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰী হৈছে—সাজ-পোছাক, বাঁহ-বেতৰ সঁজুলি, বাচন-বৰ্তন আদি। এই সামগ্ৰীসমূহ উৎপাদিত হোৱা শিল্পবোৰ হৈছে—বয়ন শিল্প, বাঁহ-বেত শিল্প, কাঁহ-পিতলৰ বাচন-বৰ্তন শিল্প আৰু মৃৎ শিল্প। এই শিল্পসমূহ কুটিৰ শিল্পৰ অন্তর্গত।

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ
প্রশ্ন ১। দেশ এখনৰ প্ৰকৃত উন্নয়নৰ মূল কথা কি?
উত্তৰ : দেশ এখনৰ প্ৰকৃত উন্নয়নৰ মূল কথা হৈছে দেশখনৰ নাৰী-পুৰুষ উভয়ে স্বাৱলম্বী হোৱাটো। ইয়াৰ দ্বাৰাহে দেশ এখনৰ প্ৰকৃত উন্নয়ন সম্ভৱ।

লগতে পঢ়ক  এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 (প্ৰশ্নৰ উত্তৰ) অষ্টম শ্ৰেণী

প্রশ্ন ২। আত্ম-সহায়ক গোট কি?
উত্তৰ : কোনো এটা অঞ্চলৰ মহিলাসকলে একো একোটা সৰু গোটত ভাগ হৈ স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকর্ষণীয় সামগ্রী উৎপাদন কৰি সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰে। এই মহিলাৰ গোটবোৰক আত্ম-সহায়ক গোট বোলে।

প্রশ্ন ৩। গাৰ্গী, মৈত্রেয়ী কোন?
উত্তৰ : গার্গী, মৈত্রেয়ী হৈছে প্রাচীন ভাৰতৰ দুগৰাকী বিদূষী মহিলা। এওঁলোক প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী আছিল। এওঁলোক ধর্ম আলোচনা, সভা-সমিতি আদিত পুৰুষৰ সমানেই অংশ গ্ৰহণ কৰাৰ কথা ইতিহাসৰ পাতত পোৱা যায়।

প্রশ্ন ৪। নাৰীক অর্থনৈতিকভাবে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে প্রথম পদক্ষেপ কি লৈছিল?
উত্তৰ : নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত খাদী উদ্যোগ স্থাপন কৰি মহাত্মা গান্ধীয়ে প্রথম পদক্ষেপ লৈছিল।

প্রশ্ন ৫। মহাত্মা গান্ধীয়ে ক’ত কাৰ দ্বাৰা খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল?

উত্তৰ : মহাত্মা গান্ধীয়ে গুজৰাটৰ সৱৰ্মতী আশ্ৰমত গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।

প্রশ্ন ৬। মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি কি মন্তব্য কৰিছিল?
উত্তৰ : মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি কৈছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।

প্রশ্ন ৭। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত কুটিৰ শিল্পই কেনেকুৱা স্থান অধিকাৰ কৰিছে লিখা।
উত্তৰ : বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত বয়ন শিল্পই কুটিৰ শিল্প হিচাপে এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। পূৰ্বতে মহিলাসকলে কেৱল পৰিয়ালৰ চাহিদা পূৰ কৰিবলৈহে কাপোৰ বৈছিল। কিন্তু বর্তমান এই শিল্পই সমবায় ভিত্তিত আন্তর্জাতিক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আধুনিক প্রযুক্তি কৌশল, উন্নতমানৰ যন্ত্ৰ-পাতিৰ ব্যৱহাৰে অতি কম সময়ৰ ভিতৰত অধিক উৎপাদন সম্ভৱ কৰি তুলিছে।

Class 8 Assamese Lesson 6 Question Answer

প্রশ্ন ৮। নিজ নিজ কর্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি দেশৰ প্ৰগতিত বৰঙণি যোগোৱা কেইগৰাকীমান মহিলাৰ নাম লিখা।
উত্তৰ : নিজ নিজ কর্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি দেশৰ প্ৰগতিত বৰঙণি যোগোৱা কেইগৰাকীমান মহিলাৰ নাম উল্লেখ কৰা হ’ল—সৰোজিনী নাইডু, এনি বেচাণ্ট, কল্পনা চাওলা, পুনিতা অব’ৰা, কিৰণ বেদী, মেধা পাটেকাৰ আদি।

প্রশ্ন ৯। নাৰী সবলীকৰণৰ আঁচনিসমূহৰ প্ৰধান লক্ষ্য কি?
উত্তৰ : নাৰী সবলীকৰণ আঁচনিসমূহৰ প্ৰধান লক্ষ্য হৈছে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্রশিক্ষণ, আর্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰ আদি৷

প্রশ্ন ১০। “ইন্দিৰা মহিলা যোজনা”ৰ কাম কি?
উত্তৰ। ‘ইন্দিৰা মহিলা যোজনা’ৰ কাম হৈছে–ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্রদান কৰি জীৱন্ত কৰি তোলে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। মহিলাসকলৰ মনস্তাত্ত্বিক বাধা আঁতৰাই তেওঁলোকক নিজৰ যোগ্যতা সম্পর্কে সচেতন কৰি তোলাটোৱেই এই যোজনাৰ প্ৰাথমিক কর্তব্য।

প্রশ্ন ১১। আত্ম-সহায়ক গোট বুলিলে কি বুজা চমুকৈ লিখা।
উত্তৰ : আত্ম-সহায়ক গোট হৈছে দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত হোৱা এটা গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা এনে পৰ্যায়ৰ হয়। এওঁলোকৰ মাজত মিলা-প্ৰীতি আৰু সদ্ভাৱ থাকিব লাগে। গোটটোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি কোনো অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়া হয়। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুত লয়। এই আত্ম-সহায়ক গোটৰ উদ্দেশ্য হৈছে নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া, উক্ত গোটটো পৈনত হৈ উঠিলে বেংকৰ লগত যোগাযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা।

প্রশ্ন ১২। উত্তৰ-পূৰ্ব উন্নয়ন আৰু বিত্তীয় নিগম কেতিয়া আৰু কোনে উদ্বোধন কৰিছিল?
উত্তৰ : উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম ১৯৯৬ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে সেই সময়ৰ প্ৰধানমন্ত্রী অতল বিহাৰী বাজপেয়ী ডাঙৰীয়াই উদ্বোধন কৰিছিল।

প্রশ্ন ১৩। নেড্‌ফিৰ প্ৰধান লক্ষ্য কি?
উত্তৰ : নেড্‌ফিৰ প্ৰধান লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলক অর্থনৈতিক দিশত আগবঢ়াই লৈ যোৱা। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকল এক বিশেষ সামাজিক মর্যাদাৰ অধিকাৰী যদিও সামগ্ৰিকভাৱে অৰ্থনৈতিক দিশত সিমান টনকিয়াল নহয়। সেইবাবে সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগমে মহিলা উদ্যোগ উন্নয়ন প্রকল্পৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে।

প্রশ্ন ১৪। নেড্‌ফিয়ে মহিলাসকলৰ বাবে আগবঢ়োৱা কেইখনমান আঁচনি নাম লিখা।
উত্তৰ : নেড্‌ফিয়ে মহিলাসকলৰ বাবে আগবঢ়োৱা কেইখনমান আঁচনিৰ নাম উল্লেখ কৰা হ’ল—
১। ক্ষুদ্র বিত্ত সাহায্য আঁচনি (মাইক্র ফাইনেঞ্চ স্কীম)
২। উত্তৰ-পূৱ ইকুইটি (Equity) ফাণ্ড আঁচনি।
৩। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হস্ততাঁত আৰু হস্তশিল্প আঁচনি।
৪। মৰাপাট উদ্যোগ আঁচনি।

(ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি?

উত্তৰ : হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ হৈছে উক্ত স্থানত অঞ্চলটোৰ মহিলাসকলে আত্ম সহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল।

(খ) প্রদর্শনীখন কোনে পাতিছিল?

উত্তৰ :প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল।

(গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল।

উত্তৰ : মানুহে ভিৰ কৰা বিপণিখনত এড়ী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল।

(ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে?

উত্তৰ : অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ভালেমান ক্ষুদ্র উদ্যোগ গঢ়ি তুলিছে।

(ঙ) স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়?

উত্তৰ : স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্ম-সহায়ক গোট বুলি জনা যায়।

(চ) এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়?

উত্তৰ : এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে ব্যৱহাৰ কৰা হয়।

(ছ) ২০০১ চনটো কি বর্ষ হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ : ২০০১ চনটো আন্তর্জাতিক নাৰী সবলীকৰণ আৰু সমমর্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল।

Leave a Comment