ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8 – প্ৰশ্নৰ উত্তৰ অসমীয়া পাঠ 5

ভক্তপ্ৰাণ প্ৰহ্লাদ | Class 8 Assamese Lesson 5 Question Answer

শ্ৰেণী অষ্টম শ্ৰেণী অসমীয়া
বিষয় অংকুৰণ
পাঠ ভক্তপ্ৰাণ প্ৰহ্লাদ
পাঠ 5
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। উত্তৰ দিয়া :
(ক) “ভক্তপ্রাণ প্রহ্লাদ” নাটিকাখনৰ মূখ্য চৰিত্ৰকেইটাৰ নাম লিখা।
উত্তৰ : “ভক্তপ্ৰাণ প্ৰহ্লাদ” নাটিকাখনৰ মূখ্য চৰিত্ৰকেইটাৰ নাম উল্লেখ কৰা হ’ল-
হৰি – (ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা)
হিৰণ্যকশিপু – (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী)
প্ৰহ্লাদ – (হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত)
যণ্ডামৰ্ক – (দৈত্য গুৰু)
মহাৰাণী – (হিৰণ্যকশিপুৰ পত্নী, দৈত্যৰাণী)

(খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?
উত্তৰ : নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত।

(গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?
উত্তৰ : প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।

(ঘ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?
উত্তৰ : হৰিৰ প্ৰতি প্ৰহ্লাদৰ ভক্তি অপাৰ আছিল।

(ঙ) হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল?
উত্তৰ : হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণাক্ষ্য।

(চ) প্ৰহ্লাদক অসুৰীয় শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰ : প্ৰহ্লাদক অসুৰীয় শাস্ত্ৰজ্ঞান দিবলৈ যণ্ডামৰ্কক নিযুক্তি দিয়া হৈছিল।

(ছ) ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?
উত্তৰ : ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে সৃষ্টিকর্তা ভগৱানৰ কথা কৈছিল।

(জ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?
উত্তৰ : স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হৈছে নৰসিংহ।

(ঝ) অসুৰীয় শাস্ত্ৰখনৰ নাম কি?
উত্তৰ : অসুৰীয় শাস্ত্ৰখনৰ নাম ‘বামানয় শাস্ত্ৰ’।

ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8

প্রশ্ন ২। লিখা :
(ক) কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোঁহি, তুমি গমেই পোৱা নাইনে?
—এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাবত তন্ময় হৈ আছিল?
উত্তৰ : এই কথাষাৰ প্ৰহ্লাদক তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কৈছিল। ৰাজকুমাৰ প্ৰহ্লাদে ৰাজউদ্যানত থকা চালে চকুৰোৱা পুখুৰীটোৰ পাৰত বহি সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকর্তা হৰিৰ মহিমাৰ কথা ভাবি আছিল।

(খ) স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহ ওলাই আহি কি কৰিছিল? তেওঁৰ গর্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল?
উত্তৰ : স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহ ওলাই আহি তর্জন-গৰ্জন কৰি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে ধৰিছিল আৰু নিজ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিছিল। তেওঁৰ গৰ্জনত দৈত্যসৱ ভয়ত কম্পমান হৈ মুচ্ছাপ্রায় হৈছিল।

প্রশ্ন ৩। চমুকৈ লিখা

(ক) প্রহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা।
উত্তৰ : প্ৰহ্লাদে সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকর্তা, ত্ৰিভূৱনৰ গৰাকী, ন্যায়ৰ প্ৰতিমূর্তি হৰিৰ মহিমাৰ বিষয়ে বিভিন্ন যুক্তি দাঙি ধৰিছে। হৰিৰ ভক্তিৰ মহিমা অপাৰ। হৰিক ভক্তি কৰিলে মানুহে শুদ্ধাশুদ্ধৰ জ্ঞান লাভ কৰি ইয়াক মুকলিকৈ প্ৰকাশ কৰিব পাৰে।
হৰি ভক্তিৰ মহিমাই সকলো বিপদৰ পৰা মানুহক পৰিত্ৰাণ কৰে। হৰিত শৰণ ল’লে মানুহৰ কেতিয়াও কোনো ধৰণৰ বিপদ নহয়। কথাতে কয় “ৰাখে হৰি মাৰে কোনে”। হৰিৰ প্ৰতি কৰা একান্ত ভক্তিৰ শক্তিয়ে সকলোকে সদায় ৰক্ষা কৰে।

আনহাতে হৰিৰ বিৰুদ্ধাচৰণ কৰিলে মানুহৰ অমংগল বা বিনাশ হোৱাৰ সম্ভাবনাই দেখা দিয়ে। অন্যায় আৰু অহংকাৰেও মানুহক বিনাশ কৰে। হৰি সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোতে পৰম ঈশ্বৰ হৰি সুপ্ত হৈ থাকে। এইদৰে প্ৰহ্লাদে বিভিন্ন যুক্তি দাঙি ধৰি পিতাক হিৰণ্যকশিপুৰ আগত হৰি ভক্তিৰ মহিমা দাঙি ধৰিছিল।

(খ) বামানয় শাস্ত্রজ্ঞান ল’বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল?
উত্তৰ : অসুৰীয় শাস্ত্ৰ হৰিভক্তিৰ বিৰুদ্ধ। ইয়াত হৰি ভক্তিৰ বিপৰীতে জ্ঞান দিয়া হয়। ইয়াত দৈত্য বংশৰ পৰম্পৰাৰ বিষয়ে শিকিবলগীয়া বহু কথা আছে। সেইবাবে পিতাক হিৰণ্যকশিপুৱে দৈত্যগুৰু ষণ্ডামৰ্কক প্ৰহ্লাদক অসুৰীয় শাস্ত্ৰজ্ঞানৰ শিক্ষা দিবলৈ আদেশ দিছিল। কিন্তু প্রহ্লাদ আছিল একান্ত হৰিভক্ত। তেওঁ হৰিৰ শ্ৰীচৰণত শৰণ লোৱাৰ হেতুকে হৰিভক্তিৰ বিৰুদ্ধ শাস্ত্ৰজ্ঞান ল’বলৈ আপত্তি কৰিছিল।

ভক্তপ্ৰাণ প্ৰহ্লাদ Question Answer

(গ) হৰিক দৈত্যবংশৰ চিত্ৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল ?
উত্তৰ : দৈত্যবংশত জন্ম লাভ কৰা প্ৰহ্লাদ হৰিভক্ত আছিল। কিন্তু পিতাক হিৰণ্যকশিপুৱে প্ৰহ্লাদৰ এই হৰিভক্তিক সমূলি ভাল পোৱা নাছিল। হৰিৰ প্ৰতি ভক্তি কৰি প্ৰহ্লাদে বংশৰ দুৰ্নাম কৰা বুলি হিৰণ্যকশিপুৱে ধাৰণা কৰিছিল। ইয়াৰ কাৰণ হৈছে বিষ্ণুৰ বৰাহ অবতাৰে হিৰণ্যকশিপুৰ ভাতৃ হিৰণ্যাক্ষক দাঁতেৰে খুচি হত্যা কৰিছিল। যিহেতু হৰিৰ আন এটা ৰূপ বিষ্ণু, সেইবাবে তেওঁ হিৰণ্যকশিপুৰ উপৰিও গোটেই দৈত্য বংশৰে চিৰবৈৰী ৰূপে পৰিগণিত হৈছিল।

(ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূটি কৰিছিল?

উত্তৰ : হৰিৰ বিৰুদ্ধাচৰণ, অন্যায় আৰু অহংকাৰ কৰাৰ বাবে হিৰণ্যকশিপুৱে কৰুণ মৃত্যুক সাৱটি লব লগা হৈছিল। সেইবাবে নৰসিংহৰূপী হৰিক এই বুলি কাকুতি কৰিছিল যাতে হৰিয়ে সকলোকে শুভবুদ্ধি দি ৰক্ষা কৰে আৰু পিতৃ হিৰণ্যকশিপুৰ সকলো দোষ মার্জনা কৰি তেওঁক ক্ষমা কৰে।

লগতে পঢ়ক  এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 (প্ৰশ্নৰ উত্তৰ) অষ্টম শ্ৰেণী

(চ) যণ্ডামর্কই প্রহ্লাদক বামানয় শাস্ত্রজ্ঞান দিবলৈ কি কি বজুনি দিছিল ?
উত্তৰ : দৈত্যৰাজ হিৰণ্যকশিপুৱে প্রহ্লাদক অসুৰীয় শাস্ত্রজ্ঞান দিবলৈ যণ্ডামৰ্কক আদেশ দিছিল। যণ্ডামৰ্কই প্রহ্লাদক অসুৰীয়় শাস্ত্ৰজ্ঞানৰ সপক্ষে বিভিন্ন ধৰণে বুজনি দিছিল। তেওঁ প্ৰহ্লাদক বুজাইছিল যে প্রহ্লাদ দৈত্যবংশৰ পুত্ৰ হোৱা হেতুকে তেওঁ হৰিনাম বা দেৱতাৰ জয়গান গোৱাটো উচিত হোৱা নাই। তেওঁৰ বামানয় শাস্ত্রজ্ঞান লোৱাহে উচিত। ইয়াত দৈত্যবংশৰ পৰম্পৰাৰ বিষয়ে শিকিবলগীয়া অনেক কথাৰ উল্লেখ আছে।

উক্ত বুজনিৰ দ্বাৰা প্ৰহ্লাদক পতিয়ন নিয়াৰ নোৱাৰি যণ্ডামৰ্কই তেওঁক ভয় খুৱাইছিল যে প্ৰহ্লাদৰ কৃতকৰ্মৰ বাবে তেওঁলোকে দৈত্যৰাজৰ শাস্তিৰ মুখামুখি হ’ব লাগিব। প্ৰহ্লাদে যদি হৰিভক্তিৰ মহিমা বর্ণনাৰ পৰা বিৰত নাথাকে তেনেহ’লে হিৰণ্যকশিপুৰ ক্রোধাগ্নিয়ে সকলোকে ভষ্ম কৰি পেলাব।

Related Posts

ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8

(ছ) প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল?
উত্তৰ : প্ৰহ্লাদ অতি হৰিভক্ত আছিল। তেওঁ হৰিৰ শ্ৰীচৰণত শৰণ লৈছিল৷ ষণ্ডামৰ্কই দৈত্যসকলৰ বামানয় শাস্ত্র অধ্যয়ন কৰাৰ সপক্ষে প্রহ্লাদক বিভিন্ন ধৰণেৰে বুজনি দিছিল। কিন্তু বামানয় শাস্ত্র হৰিভক্তিৰ বিৰুদ্ধ হোৱাৰ বাবে প্রহ্লাদে ইয়াক পঢ়িবলৈ মান্তি হোৱা নাছিল।

প্রশ্ন ৪। ব্যাখ্যা কৰা :

“ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযোজন।”
উত্তৰ : ভাৰতীয় ভক্তিমূলক সাহিত্যৰ উল্লেখযোগ্য এক অধ্যায় হৈছে ভক্ত প্ৰহ্লাদৰ কাহিনী। প্রহ্লাদ অত্যন্ত হৰিভক্ত আছিল। তেওঁ হৰিৰ শ্ৰীচৰণত শৰণ লৈছিল। নিজ পিতৃ হিৰণ্যকশিপুৰ কঠোৰ বাধা-নিষেধক যুক্তিৰদ্বাৰা অৱমাননা কৰি প্ৰহ্লাদে সদায় সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দিছিল আৰু পৰমজনাৰ মাহাত্ম্য শ্ৰৱণ-কীৰ্তন কৰিছিল। পিতৃৰ আদেশ অমান্য কৰাৰ অপৰাধত প্ৰহ্লাদে সকলো শাৰীৰিক আৰু মানসিক নির্যাতন মূৰ পাতি লৈ নিজকে নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি হিচাপে পৰিচয় দিছিল। প্ৰহ্লাদ শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী আছিল আৰু দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত আগবাঢ়ি গৈছিল। প্রহ্লাদৰ হৰিভক্তিৰ এই কাহিনীক ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এক গৌৰৱময় সংযোজন বুলি অভিহিত কৰিব পাৰি।

প্রশ্ন ৫। “মোৰ বিনাশ, হাঃ হাঃ হাঃ। বোধকৰোঁ তোমালোকৰ জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত, সহজে নহয় মোৰ বিনাশ।” —এই সংলাপটো কোনে কাক কৈছে? লিখা।
উত্তৰ : উক্ত সংলাপটোৰ বক্তা হৈছে হিৰণ্যকশিপু। তেওঁ প্ৰহ্লাদক এনেদৰে কৈছিল।
প্ৰহ্লাদ হৈছে সত্য আৰু ন্যায়ৰ প্ৰতিমূৰ্তি। নিজ পিতৃৰ কঠোৰ বাধা নিষধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সর্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দিছিল আৰু হৰিৰ শ্ৰীচৰণত নিজকে সমৰ্পণ কৰিছিল। ইয়াৰ বাবে তেওঁ পিতৃ হিৰণ্যকশিপুৰ পৰা নানা ধৰণেৰে শাৰীৰিক আৰু মানসিক যন্ত্রণা ভোগ কৰিবলগীয়া হৈছিল।

প্ৰহ্লাদে পিতৃক হৰিৰ বিৰুদ্ধাচৰণ নকৰিবলৈ নানা ধৰণেৰে বুজনি দিছিল। হৰিক একান্ত ভক্তি কৰিলে সকলো বিপদৰ পৰা ৰক্ষা পাব পাৰি। কিন্তু হৰিৰ প্ৰতি বিৰুদ্ধাচৰণ কৰিলে মানুহৰ নানা অমংগল বা বিনাশো হ’ব পাৰে। এনেদৰে প্ৰহ্লাদে পিতৃক হৰিৰ প্ৰতি থকা বিৰোধভাৱ ত্যাগ কৰিবলৈ বুজনি দিছিল। কিন্তু হিৰণ্যকশিপু অতি দাম্ভিক আছিল। প্ৰহ্লাদক তেওঁ তিৰস্কাৰ কৰি উচ্চ সংলাপখিনি ব্যক্ত কৰিছিল।

ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8

প্রশ্ন ৬। ওপৰৰ সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা।
উত্তৰ :

ব্যসত বা সমস্যমান পদসমস্ত পদব্যাস বাক্য
(ক) তিনি ভূৱনৰ সমাহাৰত্রিভূবনতিনি ভূৱনৰ সমাহাৰ
(খ) পৰম্পৰে হাতে হাতে কৰা যি যুঁজহতাহতি কৰা যি যুঁজপৰম্পৰে হাতে হাতে
(গ) পৰ্বতৰ নিচিনা গম্ভীৰপৰ্বত-গম্ভীৰপৰ্বতৰ নিচিনা গম্ভীৰ
(ঘ) তিনি জগতৰ সমাহাৰত্রিজগততিনি জগতৰ সমাহাৰ
(ঙ) সিংহ খোচিত আসনসিংহাসনসিংহ খোচিত আসন

প্রশ্ন ৭। এটা শব্দত প্ৰকাশ কৰা :
(ক) যাৰ সাহস আছে
উত্তৰ: সাহসী

(খ) যি ঈশ্বৰক বিশ্বাস কৰে
উত্তৰ: আস্তিক

(গ) যি বিষ্ণুক উপাসনা কৰে
উত্তৰ: বৈষ্ণৱ

(ঘ) একে মাকৰ সন্তান
উত্তৰ: সহোদৰ

(ঙ) যি সঁচা কথা কয়
উত্তৰ: সত্যবাদী

(চ) যাক দেখা নাযায়
উত্তৰ: অদৃশ্য।

ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8

গ-জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন ৮। বাক্য ৰচনা কৰা :
চিৰবৈৰী, হিংসা-দ্বেষ, আকাশ-পাতাল, গৰিমা, চালে চকুৰোৱা, শয়নে- সপোনে।

উত্তৰ: চিৰবৈৰী—দৈত্যৰাজ হিৰণ্যকশিপুৱে ভাতৃহন্তা বিষ্ণুক চিৰবৈৰী জ্ঞান কৰিছিল।
হিংসা-দ্বেষ—মহামানৱ মহাত্মা গান্ধীয়ে সকলো ধৰণৰ হিংসা-দ্বেষ আঁতৰাই ভাৰতক এখন সপোনৰ ৰামৰাজ্য হিচাপে গঢ়ি তুলিব খুজিছিল।
আকাশ-পাতাল — মানুহজনৰ ৰাতিৰ কথা আৰু দিনৰ কামৰ মাজত আকাশ- পাতাল পার্থক্য হোৱা দেখা যায়।
গৰিমা—প্রাচীন অসম দেশৰ গুণ গৰিমা লাহে লাহে স্নান হোৱাৰ উপক্ৰম হৈছে। চালে চকুৰোৱা—ঠাইখিনিৰ চালে চকুৰোৱা সৌন্দৰ্যই দৰ্শকৰ মন প্ৰাণ আপ্লুত কৰি তোলে।
শয়নে-সপোনে-— ভক্ত প্রহ্লাদে শয়নে-সপোনে হৰিৰ মহিমা জপ কৰিছিল।

লগতে পঢ়ক  প্ৰগতিৰ সোণালী বাট Class 8 - {প্ৰশ্নৰ উত্তৰ} অসমীয়া পাঠ 6

ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8

প্রশ্ন ৯। চমু উত্তৰ দিয়া :
(ক) যণ্ডামৰ্কৰ পিতৃৰ নাম কি?
উত্তৰ : যণ্ডামৰ্কৰ পিতৃৰ নাম দৈত্যগুৰু শুক্রাচার্য।

(খ) বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?
উত্তৰ : বিষ্ণুৱে প্ৰধানকৈ দহটা অৱতাৰ ধাৰণ কৰিছিল।

(গ) বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি?
উত্তৰ : বিষ্ণুৰ চতুৰ্থ অৱতাৰটো হৈছে নৰসিংহৰ অৱতাৰ।

(ঘ) বামানয় শাস্ত্র কি?
উত্তৰ : বামানয় শাস্ত্ৰ হৈছে বেদ-বিৰুদ্ধ শাস্ত্ৰ। দৈত্যসকলৰ শাস্ত্ৰক বামানয় শাস্ত্র বুলি কোৱা হয়।

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকর্তা কোন?
উত্তৰ : সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকর্তা ভগৱান বিষ্ণু।

প্রশ্ন ২। দৈত্য বংশৰ চিৰবৈৰী কোন?
উত্তৰ : দৈত্য বংশৰ চিৰবৈৰী ভগৱান বিষ্ণু।

প্রশ্ন ৩। হিৰণ্যাক্ষ কোন?
উত্তৰ : হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ ভাতৃ। এওঁক বৰাহৰূপী বিষ্ণুৱে দাঁতেৰে খুচি হত্যা কৰিছিল।

প্রশ্ন ৪। যণ্ডামৰ্ক কোন?
উত্তৰ : যণ্ডামৰ্ক হৈছে দৈত্যগুৰু শুক্রাচাৰ্যৰ পুত্ৰ। শুক্রাচাৰ্যৰ দুই পুত্ৰ ষণ্ড আৰু অমৰ্কক একেলগে যণ্ডামৰ্ক বুলি কোৱা হয়।

প্রশ্ন ৫। বামানয় শাস্ত্ৰৰ বিষয়বস্তু কি?
উত্তৰ : বামানয় শাস্ত্ৰৰ বিষয়বস্তু হৈছে দৈত্যবংশৰ পৰম্পৰাৰ বিষয়ে শিকিবলগীয়া কথাসমূহ।

প্রশ্ন ৬। যণ্ডামৰ্কই “উলুৰ লগত বগৰি পোৰাৰ দৰে” বুলি কি বুজাইছে?
উত্তৰ : যণ্ডামৰ্কই “উলুৰ লগত বগৰি পোৰাৰ দৰে” বুলি কৈ দোষীৰ লগতে নিৰ্দোৰীৰ মৰণ হোৱাটো বুজাইছে। দৈত্যৰজা হিৰণ্যকশিপুৰ বিৰুদ্ধে গৈ হৰিভক্তি কৰাৰ বাবে প্ৰহ্লাদে শাস্তিৰ মুখামুখি হ’ব লাগিব। হিৰণ্যকশিপুৰ এই ক্রোধান্বিয়ে সকলোকে ভষ্ম কৰি পেলাব। এই কথা বুজাবলৈ ষণ্ডামৰ্কই উক্ত ধৰণে কৈছিল।

ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8 Question Answer

প্রশ্ন ৭। হিৰণ্যকশিপুৱে চিৰবৈৰী বুলি কাক কৈছিল আৰু কিয়?
উত্তৰ : হিৰণ্যকশিপুৱে চিৰবৈৰী বুলি হৰিৰ কথা কৈছিল। স্বৰ্গৰ দুৱৰী জয়, বিজয়ে ব্ৰহ্মাৰ মানসপুত্ৰ চাৰিসিদ্ধৰ অভিশাপত হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামেৰে অসুৰৰ ৰূপত পৃথিৱীত জন্ম লাভ কৰিছিল। দিনে দিনে সিহঁতৰ অতপালি বাঢ়ি যাবলৈ ধৰিলে। সিহঁতৰ অতপালিত অতিষ্ঠ হৈ বিষ্ণুৱে বৰাহ অৱতাৰ লৈ সৰুজন ভায়েক হিৰণ্যাক্ষক দাঁতেৰে খুচি মাৰিছিল। তেতিয়াৰে পৰা বিষ্ণু হিৰণ্যকশিপুৰ চিৰবৈৰী হৈ পৰে।

প্রশ্ন ৮। প্রহ্লাদে নিজ পিতৃৰ কি অবাঞ্চিত আচৰণৰ বাবে ভগৱানৰ ওচৰত ক্ষমা খুজিছিল?
উত্তৰ : প্ৰহ্লাদ অতি হৰিভক্ত আছিল। আনহাতে পিতৃ হিৰণ্যকশিপুৱে হৰিৰ প্ৰতি বিৰুদ্ধাচৰণ কৰিছিল। আনকি প্রহ্লাদকো হৰিভক্তি কৰাৰ বাবে তেওঁ নানা ধৰণে তিৰস্কাৰ কৰিছিল আৰু এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আদেশ দিছিল। সেইবাবে প্ৰহ্লাদে পিতাকৰ এই অবাঞ্চিত আচৰণৰ বাবে ভগৱানৰ ওচৰত ক্ষমা খুজিছিল।

প্রশ্ন ৯। দৈত্যৰাজ হিৰণ্যকশিপুৱে প্ৰহ্লাদক কিদৰে শাস্তি দিয়াইছিল?
উত্তৰ : দৈত্যৰাজ হিৰণ্যকশিপুৱে প্ৰহ্লাদক অতি কঠোৰ শাস্তি দিয়াইছিল। তেওঁ প্ৰহ্লাদক পাহাৰৰ শিখৰৰ পৰা বগৰাই দিবলৈ চত্তৰীসকলক আদেশ দিছিল। যদি পাহাৰৰ পৰা বগৰাই দিয়াৰ পিছতো প্ৰহ্লাদৰ একো নহয়, তেন্তে জ্বলা জুইত জাপি দিবলৈ কৈছিল। জুইত জাপি দিয়াৰ আগতে দঁতাল হাতীৰ দ্বাৰা গছকাই ল’বলৈ কৈছিল।

Class 8 Assamese Lesson 5 Question Answer

প্রশ্ন ১০। হিৰণ্যকশিপুৱে কিয় নিজৰ বিনাশ নহয় বুলি গর্ব কৰিছল?
উত্তৰ : হিৰণ্যকশিপু প্ৰকৃততে স্বৰ্গৰ দুৱৰী জয় আছিল। ব্ৰহ্মাৰ মানসপুত্র চাৰিসিদ্ধৰ অভিশাপত স্বৰ্গৰ দুৱৰী জয়, বিজয়ে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ ৰূপেৰে পৃথিৱীত জন্ম লাভ কৰিছিল। দুই ভাই ককায়ে বিশ্বজগত তল ওপৰ কৰাত সিহঁতৰ অতপালিত অতিষ্ঠ হৈ বিষ্ণুৱে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰে। ভায়েকক বধ কৰাৰ প্ৰতিশোধ ল’বলৈ হিৰণ্যকশিপুৱে হিমালয়লৈ গৈ তপস্যাত বহে। বহু বছৰ ধৰি তপস্যা কৰাৰ অন্তত হিৰণ্যকশিপুৱে মহাদেৱক সন্তুষ্ট কৰে আৰু অমৰত্ব বৰ বিচাৰে। শিৱই আন বৰ ল’বলৈ কোৱাত দৈত্যৰাজে এনে বৰ বিচাৰে যে যাৰ ফলত তেওঁৰ মৰণ যাতে কোনো দেৱতা বা নৰৰ হাতত নহয়, কোনো অস্ত্র-শস্ত্ৰৰ দ্বাৰা যাতে তেওঁক বধ কৰিব নোৱাৰে, দিনত বা ৰাতি যাতে তেওঁৰ মৃত্যু নহয়৷ শিৱৰ বৰত সন্তুষ্ট হৈ হিৰণ্যকশিপুৱে নিজকে সর্বশক্তিমান বুলি ভাবিবলৈ ধৰে আৰু নিজৰ কেতিয়াও বিনাশ নহয় বুলি গর্ব কৰিবলৈ কুণ্ঠাবোধ নকৰে।

প্রশ্ন ১১। প্ৰহ্লাদে হিৰণ্যকশিপুক ভগৱান ক’ত থকা বুলি কৈছিল?
উত্তৰ : প্ৰহ্লাদে হিৰণ্যকশিপুক কৈছিল যে এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোতে পৰম পিতা ভগৱান সুপ্ত হৈ থাকে। তেওঁ সকলোতে ব্যপ্তমান।

লগতে পঢ়ক  সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer - অসমীয়া

প্রশ্ন ১২। হিৰণ্যকশিপুৱে হৰিৰ বিৰুদ্ধাচৰণ কৰাৰ ফলত কি পৰিণতি ভোগ কৰিবলগীয়া হৈছিল?
উত্তৰ : হিৰণ্যকশিপুৱে হৰিৰ বিৰুদ্ধাচৰণ কৰাৰ ফলত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।

প্রশ্ন ১৩। প্ৰহ্লাদে কিদৰে দৈত্যকূলৰ কলংক সনা বুলি হিৰণ্যকশিপুৱে ধাৰণা কৰিছিল?
উত্তৰ ‘ প্ৰহ্লাদ সৰুৰে পৰাই হৰিভক্ত আছিল। আনহাতে দৈত্য বংশত হৰিৰ নাম উচ্চাৰণ কৰাটো এক অপৰাধ আছিল। কাৰণ বিষ্ণুৱে বৰাহৰ অৱতাৰ লৈ দৈত্যৰাজ হিৰণ্যকশিপুৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰিছিল। সেইবাবে তেওঁলোকে হৰিক চিৰবৈৰী বুলি কৈছিল। প্ৰহ্লাদে এই হৰিৰ মহিমা শ্ৰৱণ-কীৰ্তন কৰাৰ বাবে এওঁ দৈত্যকূলৰ কলংক সনা বুলি হিৰণ্যকশিপুৱে ধাৰণা কৰিছিল।

Class 8 Assamese Lesson 5 Question Answer

প্রশ্ন ১৪। “হৰিৰ অন্যৰূপ বিষ্ণু, সেইজন কেৱল মোৰেই শত্ৰু নহয়, তেওঁ সমগ্ৰ দৈত্য বংশৰে চিৰশত্রু। এই কথা শয়নে-সপোনে মই পাহৰিব নোৱাৰো।”— কোনে, কাক, কিয় এইদৰে কৈছিল?
উত্তৰ : উক্ত সংলাপখিনি দৈত্যৰজা হিৰণ্যকশিপুৱে কৈছিল। তেওঁ মহাৰাণীক উদ্দেশ্য কৰি উক্ত কথাখিনি কৈছিল।
দৈত্যসকলে হৰি বা বিষ্ণুক শত্রুজ্ঞান কৰিছিল। আনহাতে বিষ্ণুভক্ত প্রহ্লাদক বিভিন্ন ধৰণেৰে বুজনি দিও বিষ্ণুৰ নাম-গুণ, শ্ৰৱণ-কীৰ্তন কৰাৰ পৰা বিৰত কৰিব পৰা নাছিল। সেইবাবে প্ৰহ্লাদৰ প্ৰতি হিৰণ্যকশিপু ক্রোধিত আৰু বিৰক্ত হৈ পৰিছিল। ৰাণীৰ আগত তেওঁ নিজৰ ক্ৰোধ এইদৰে প্ৰকাশ কৰিছিল।

প্রশ্ন ১৫। হিৰণ্যকশিপুৱে ৰাজকুমাৰ প্ৰহ্লাদৰ মতিচ্ছন্ন হোৱা বুলি কিয় ধাৰণা কৰিছিল?
উত্তৰ : দৈত্যৰজা হিৰণ্যকশিপুৰ ভাতৃ হিৰণ্যাক্ষক বিষ্ণুৱে বৰাহৰ অৱতাৰ ধাৰণ কৰি দাঁতেৰে খুচি বধ কৰিছিল। সেই বাবে হিৰণ্যকশিপুৱে বিষ্ণুক শত্রুজ্ঞান কৰিছিল আৰু কুলবৈৰী অ্যাখ্যা দিছিল। আনহাতে হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আছিল হৰিভক্ত। তেওঁ সকলো সময়তে হৰিৰ গুণ গৰিমা গেৱাতে মত্ত হৈ আছিল। বিভিন্ন ধৰণে বুজনি দিও প্ৰহ্লাদক হৰি বিমুখ কৰিব পৰা হোৱা নাছিল। সেইবাবে দৈত্যৰজা ক্ৰোধিত আৰু বিৰক্ত হৈছিল আৰু প্ৰহ্লাদৰ মতিচ্ছন্ন হোৱা বুলি ধাৰণা কৰিছিল।

প্রশ্ন ১৬। “সকলো ধৰণৰ বিপদৰ পৰা পৰম পিতাই মোক ৰক্ষা কৰিব।”— এই বুলি প্ৰহ্লাদে কিয় কৈছিল?
উত্তৰ : প্ৰহ্লাদ সৰুৰে পৰাই হৰিভক্ত আছিল। নানা ধৰণেৰে বুজনি দিও প্ৰহ্লাদক হৰিৰ প্ৰতি বিমুখ কৰিব পৰা হোৱা নাছিল। সেইবাবে দৈত্যৰজাই ক্রোধিত হৈ পৰিছিল। তেওঁ প্ৰহ্লাদক পাহাৰৰ আটাইতকৈ ওখ শৃংগটোৰপৰা তললৈ বগৰাই দিবলৈ চত্তৰীদ্বয়ক আদেশ দিছিল। প্রহ্লাদে এই শাস্তিৰ বিষয়ে জানিব পাৰি হিৰণ্যকশিপুৰ আগত উক্ত কথাখিনি কৈছিল যে তেওঁৰ জীৱনলৈ অহা সকলো ধৰণৰ বিপদৰপৰা পৰমপিতা ভগৱান বিষ্ণুৱে তেওঁক ৰক্ষা কৰিব।

Class 8 Assamese Lesson 5 Question Answer

প্রশ্ন ১৭। চমুটোকা লিখা :
নৰসিংহ, যণ্ডামৰ্ক, হিৰণ্যকশিপু, বামানয় শাস্ত্ৰ।
উত্তৰ : নৰসিংহ : পৃথিৱীত যেতিয়া অন্যায়ৰ পৰিমাণ অধিক হয় ভগৱান বিষ্ণুৱে এই অন্যায় নাশ কৰিবলৈ সময়ে সময়ে বিভিন্ন অৱতাৰ ধাৰণ কৰে। শাস্ত্ৰৰ মতে বিষ্ণুৰ অৱতাৰ প্ৰধানকৈ দহটা। তাৰে ভিতৰত নৰসিংহ হৈছে বিষ্ণুৰ চতুৰ্থ অৱতাৰ। বিষ্ণুৱে নৰসিংহৰ ৰূপ ধাৰণ কৰি বিষ্ণুবৈৰী দৈত্যৰজা হিৰণ্যকশিপুক বধ কৰি হিৰণ্যকশিপুৰ দৰ্প চূৰ্ণ কৰিছিল আৰু প্ৰহ্লাদক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল। কঁকালৰ ওপৰ অংশ সিংহ আৰু তলৰ অংশ মানুহৰ আকৃতিৰ দৰে ৰূপ লোৱা নৰসিংহৰূপী বিষ্ণুৱে হিৰণ্যকশিপুক নখেৰে বিদাৰি বধ কৰিছিল।

ষণ্ডামৰ্ক : যণ্ডামৰ্ক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ আছিল । যণ্ড আৰু অমৰ্ক—এই দুইজনক একে লগে ষণ্ডামৰ্ক বুলি কোৱা হৈছিল৷ দৈত্যৰজা হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক দৈত্যৰ বামানয় শাস্ত্ৰৰ জ্ঞান দিবলৈ ষণ্ডামৰ্কক নিয়োগ কৰিছিল। কিন্তু ষণ্ডামর্কই প্রহ্লাদক বামানয় শাস্ত্ৰৰ প্ৰতি আকৃষ্ট কৰিব পৰা নাছিল। সেইবাবে দৈত্যৰজাই ষণ্ডামৰ্কৰ হতুৱাই প্ৰহ্লাদক কঠোৰ শাস্তি বিহাইছিল।

হিৰণ্যকশিপু : ব্ৰহ্মাৰ মানসপুত্ৰ চাৰিসিদ্ধৰ অভিশাপত স্বৰ্গৰ দুৱৰী জয়, বিজয়ে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামেৰে পৃথিৱীত অসুৰ হৈ জন্ম লাভ কৰিছিল। দুই ভাই ককায়ে পৃথিৱীখন তল ওপৰ কৰিবলৈ ধৰাত সিহঁতৰ অতপালিত সকলো অতিষ্ঠ হৈ পৰিল। তেতিয়া বিষ্ণুৱে বৰাহৰ অৱতাৰ ধাৰণ কৰে আৰু হিৰণ্যাক্ষক দাঁতেৰে খুচি বধ কৰে। ভাতৃ হত্যাৰ প্ৰতিশোধ ল’বলৈ হিৰণ্যকশিপুৱে হিমালয় পৰ্বতলৈ গৈ শিৱক ধ্যান কৰি সন্তুষ্ট কৰে আৰু অমৰত্বৰ বৰ বিচাৰে। শিৱই আন বৰ ল’বলৈ কোৱাত হিৰণ্যকশিপুৱে এনে বৰ বিচাৰে যাৰ ফলত তেওঁৰ মৃত্যু দেৱতা বা নৰৰ হাতত নহয়। কোনো অস্ত্র-শস্ত্ৰৰেও তেওঁক যেন বধিব নোৱাৰে, দিন বা ৰাতি যেন তেওঁৰ মৃত্যু নহয়। শিৱই তেওঁক উক্ত বৰ প্ৰদান কৰে। বৰ লাভ কৰি হিৰণ্যকশিপুৱে নিজকে সর্বশক্তিমান বুলি ভাবিবলৈ ধৰে আৰু অতি অহংকাৰী হৈ উঠে। অৱশেষত বিষ্ণুৱে বৰাহ অৱতাৰ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰে।

বামানয় শাস্ত্র : বামানয় শাস্ত্ৰ হৈছে বেদ বিৰুদ্ধ শাস্ত্ৰ । সাধাৰণতে দৈত্যসকলৰ শাস্ত্ৰক “বামানয় শাস্ত্ৰ” বুলি কোৱা হয়। দৈত্যকুলৰ শিশুসকলক সৰুৰেপৰাই এই বাৰ্মানয় শাস্ত্ৰৰ জ্ঞান দিয়া হয়।

হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল?

উত্তৰঃ হিৰণ্যকশিপুৰ ভাতৃৰ নাম হিৰণ্যাক্ষ আছিল।

অসুৰৰ শাস্ত্ৰ খনৰ নাম কি

উত্তৰঃ অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ

প্ৰহ্লাদক অসুৰীয় শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?

উত্তৰ : প্ৰহ্লাদক অসুৰীয় শাস্ত্ৰজ্ঞান দিবলৈ যণ্ডামৰ্কক নিযুক্তি দিয়া হৈছিল

Leave a Comment