জাগা জননীৰ সন্তান Class 8 (পাঠ 4) অসমীয়া প্ৰশ্নৰ উত্তৰ

জাগা জননীৰ সন্তান Class 8 assamese lesson 4 | অসমীয়া class 8 chapter 4

শ্ৰেণীঅষ্টম শ্ৰেণী অসমীয়া
বিষয়অংকুৰণ
পাঠজাগা জননীৰ সন্তান
পাঠ4
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

জাগা জননীৰ সন্তান Class 8

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ৩। উত্তৰ দিয়া :
(ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
উত্তৰ : কবিয়ে স্বদেশ-স্বজাতিৰ উন্নতিৰ বাবে সততে আত্মত্যাগ কৰিবলৈ সাজু থকা জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে।

(খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?
উত্তৰ : যাক জয় কৰিবলৈ কঠিন তেনে ধৰণৰ অভিযানক দুৰ্জ্জয় অভিযান বুলি কোৱা হয়। এনে ধৰণৰ অভিযানত ভয় বা শংকাৰ কোনো স্থান নাই।

(গ) দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?
উত্তৰ : দুৰ্জ্জয় অভিযানেৰে মৃত্যুকো জয় কৰি দেশমাতৃক সকলো ধৰণৰ বিপদৰ পৰা মুক্ত কৰি বিজয়ী কৰিবলৈ কৈছে।

(ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
উত্তৰ : জননীৰ সন্তানক কর্মহীনতা আৰু কাপুৰুষতাই দুর্বল কৰাৰ কথা কৈছে।

(ঙ) “তথাপিও নাই ভয়” বুলি কিয় কৈছে?
উত্তৰ : স্বদেশ বা স্বজাতিৰ উন্নতিৰ অভিযানত কর্মহীন, ভয়াতুক আদি লোকৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে। তেওঁলোকৰ অন্তৰত লুকাই থকা সাহসী সত্ত্বাক জগাই তোলে। সেইবাবে কবিয়ে দেশমাতৃক “তথাপিও নাই ভয়” বুলি কৈছে।

(চ) কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?
উত্তৰ : স্বদেশ প্ৰেমী নৱ-জোৱানৰ জয় নিনাদত শত্রু কম্পমান বুলি উল্লেখ কৰিছে।

(ছ) আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?
উত্তৰ : আপোন পাহৰা বীৰক দুৰ্ম্মদ বীৰ বুলি আখ্যা দিছে।

প্রশ্ন ৪। গীতটোত বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।
উত্তৰ : (তোমালোকে কঠিন শব্দাৰ্থত চোৱা।)

জাগা জননীৰ সন্তান মূলভাব

প্রশ্ন ৫। জাগা জননীৰ সন্তান গীতটোৰ মূলভাব লিখা।
উত্তৰ : “জাগা জননীৰ সন্তান” এটি দেশপ্রেমমূলক গীত। এই গীতটোৰ দ্বাৰা দেশমাতৃৰ বিপদৰ সময়ত সন্তানসকলক জাগিবলৈ আহ্বান জনোৱা হৈছে। দেশমাতৃ যেতিয়া বিপদত পৰে, আইমাতৃৰ সু-সন্তানসকলে সকলো ধৰণৰ বিপদ-আপদ নেওচি নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈ দেশমাতৃক সকলো ধৰণৰ বিপদৰপৰা ৰক্ষা কৰে। স্বদেশ-স্বজাতিৰ উন্নতিৰ অভিযানত কর্মহীন, কাপুৰুষ ব্যক্তিৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাই মানুহৰ অন্তৰৰ সাহসী সত্ত্বাক জাগ্ৰত কৰি মানুহক শক্তিশালী কৰি তোলে। নিজ মাতৃভূমিক ৰক্ষা কৰিবলৈ আৰু মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষেত্ৰতে শিৰ নত নকৰা নৱ জোৱানসকল আইমাতৃৰ ভবিষ্যৎ জীৱনৰ সুৰক্ষাৰ প্ৰহৰীস্বৰূপ৷ গতিকে এই নৱ-জোৱানসকলক জাগি উঠিবলৈ এই গীতটোৰ দ্বাৰা আহ্বান জনোৱা হৈছে।

Related Posts

জাগা জননীৰ সন্তান কবিতাটোৰ সাৰাংশ
এই কবিতাটোত দেশমাতৃৰ সু-সন্তানসকলক জাগিবৰ বাবে আহ্বান জনোৱা  হৈছে। দেশমাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সু- সন্তানসকলে নিজ কৰ্তব্যৰ পথত আগবাঢ়ি যায়। স্বদেশ বা স্বজাতিৰ উন্নতি কৰিবলৈ হ’লে কর্মহীন বা কাপুৰুষ হ’লে নচলিব। স্বদেশৰ উন্নতিৰ অভিযানত কর্মহীনতা বা কাপুৰুষতাৰ কোনো স্থান নাই। স্বদেশৰ প্ৰতি থকা অসীম ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে, মানুহৰ অন্তৰত সুপ্ত হৈ থকা সাহসী সত্তাক জাগ্রত কৰি তোলে। মাতৃভূমিক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষেত্ৰত শিৰ অবনত নকৰা নৱ-জোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। গতিকে উক্ত কবিতাটোৰ দ্বাৰা সেই বীৰসকলক উদ্দেশ্য কৰি প্ৰেৰণাময় আহ্বান জনোৱা হৈছে।

Class 8 assamese lesson 4

খ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৬। বাক্য ৰচনা কৰা :
শক্তিমান, কাপুৰুষ, নিনাদ, অজেয়, অভিযান।
উত্তৰ: শক্তিমান : কবিয়ে দেশমাতৃৰ শক্তিমান সু-সন্তানসকলক জাগিবৰ বাবে আহ্বান জনাইছে।
কাপুৰুষ : স্বদেশ বা স্বজাতিৰ উন্নতিৰ ক্ষেত্ৰত কাপুৰুষসকল হেঙাৰস্বৰূপ হোৱা দেখা যায়।
নিনাদ : শৰাইঘাটৰ ৰণত লাচিত বৰফুকনে শত্রু পক্ষৰ বিজয়ৰ নিনাদ শুনিও বিচলিত হোৱা নাছিল।
অজেয় : দেশমাতৃৰ সন্মান অক্ষুন্ন ৰাখিবৰ বাবে অজেয় নৱ-জোৱানসকলে অহোপুৰুষাৰ্থ কৰে।
অভিযান : দেশৰ উন্নতিৰ অভিযানত সকলো লোকে একগোট হৈ আগবাঢ়ি যোৱা উচিত।

প্রশ্ন ৭। সন্ধি গঠন কৰা আৰু ভাঙা :
দেৱ + অসুৰ = দেৱাসুৰ
কুশ + আসন = কুশাসন
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ
মহর্ষি = মহা + ঋষি

নৰেন্দ্ৰ = নৰ + ইন্দ্ৰ
মনোহৰ = মনঃ + হৰ
মনোযোগ = মনঃ + যোগ
মূৰাৰি = মূৰ + অৰি

দশ + আনন = দশানন
মহা + অর্ণৱ = মহাৰ্ণৱ
উল্লেখ = উৎ + লেখ
উজ্জ্বল = উৎ + জল
নাৱিক = নৌ + ইক
দিগন্ত + দিক + অন্ত

Class 8 assamese lesson 4

প্রশ্ন ৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা :
মৃত্যু, জয়, কাপুৰুষ, ভয়, শত্রু, দুর্বল
উত্তৰ:

শব্দবিপৰীত শব্দ
মৃত্যুজন্ম
জয়পৰাজয়
কাপুৰুষসাহসী
ভয়নির্ভয়
শত্রুমিত্র
দুর্বলসবল।

প্রশ্ন ৯। তলৰ শব্দবোৰৰ সমার্থক শব্দ লিখা :
উদাহৰণ : মৃত্যু – মৰণ, দেহত্যাগ, স্বৰ্গ-গমন, পৰলোক গমন।
জননী, সন্তান, বীৰ, নিনাদ
উত্তৰ :

শব্দসমার্থক শব্দ
জননীমাতৃ, আই, জন্মদাত্রী, জন্মদায়িনী।
সন্তানল’ৰা-ছোৱালী, সতি-সন্ততি।
বীৰবলৱত্ত, সাহীয়াল।
নিনাদধ্বনি, শব্দ।

জাগা জননীৰ সন্তান Class 8

প্রশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা :

উত্তৰ-:

বাক্যএটা শব্দ
(ক) সাহস নথকা মানুহভীৰু, কাপুৰুষ
(খ) জাকৈৰে মাছ ধৰা মানুহজাকৈয়া
(গ) যাৰ শক্তি আছেশক্তিমান
(ঘ) যাক জিনিব নোৱাৰিদুর্জেয়।

প্রশ্ন ১১। তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা ।
মান, দুর্বলতা, দর্শন, দুখ, মানৱ ।
উত্তৰ :

বিশেষ্যবিশেষণ
মানমানী
দুর্বলতাদুর্বল
দর্শনদার্শনিক
দুখদুখীয়া
মানৱমানৱীয়

জাগা জননীৰ সন্তান Class 8

প্রশ্ন ১২। ভাব বহলাই লিখা।
সাঁতোৰ সাঁতোৰ নিজ বাহুবলে,
সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে।

উত্তৰ :এই পদদফাঁকিৰ সহায়ত প্রত্যেক মানুহৰ নিজ শক্তি-সামৰ্থৰ কথা ব্যক্ত কৰিছে। সাঁতোৰা এটা ভাল অভ্যাস। ইয়াৰদ্বাৰা শৰীৰৰ উৎকৰ্ষ সাধন হয়। কিন্তু মানুহে সদায় নিজ শক্তি-সামর্থ অনুসৰিহে সাঁতুৰিব লাগে। মানুহৰ বাহুত বলৰ ক্ষমতাৰ ওপৰত মানুহে কিমান সাঁতুৰিব পাৰিব সেয়া নিৰ্ণয় কৰা হয় মানুহে নিজ বাহুবলকৈ অধিক সাঁতুৰিবলৈ গ’লে তেওঁৰ পানীত ডুবি মৃত্যু হোৱাটো অতি স্বাভাৱিক কথা।
ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে মানুহে সদায় নিজৰ ক্ষমতা অনুসৰিহে কোনো কাৰ্য কৰা উচিত। নিজ ক্ষমতাতকৈ পকৰিবলগীয়া কামটো অধিক জটিল হয় তেতিয়াহ’লে কৃতকাৰ্যৰ পথত বাধা সৃষ্টি হ’ব পাৰে।

প্রশ্ন ১৩। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা।
উত্তৰ : (তোমালোকে নিজে কৰিবা।)

প্রশ্ন ১৪। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা।
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম হৈছে কাৰেঙৰ লিগিৰী, নিমাতী কইনা, ৰূপালীম, শোণিত কুঁৱৰী, লভিতা ইত্যাদি।

কবিয়ে কাক জাগি উঠিবলৈ কৈছে?

উত্তৰ : কবিয়ে স্বদেশ-স্বজাতিৰ উন্নতিৰ বাবে সততে আত্মত্যাগ কৰিবলৈ সাজু থকা জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে।

দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?

উত্তৰ : যাক জয় কৰিবলৈ কঠিন তেনে ধৰণৰ অভিযানক দুৰ্জ্জয় অভিযান বুলি কোৱা হয়। এনে ধৰণৰ অভিযানত ভয় বা শংকাৰ কোনো স্থান নাই।

দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?

উত্তৰ : দুৰ্জ্জয় অভিযানেৰে মৃত্যুকো জয় কৰি দেশমাতৃক সকলো ধৰণৰ বিপদৰ পৰা মুক্ত কৰি বিজয়ী কৰিবলৈ কৈছে।

জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?

উত্তৰ : জননীৰ সন্তানক কর্মহীনতা আৰু কাপুৰুষতাই দুর্বল কৰাৰ কথা কৈছে।

“তথাপিও নাই ভয়” বুলি কিয় কৈছে?

উত্তৰ : স্বদেশ বা স্বজাতিৰ উন্নতিৰ অভিযানত কর্মহীন, ভয়াতুক আদি লোকৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে। তেওঁলোকৰ অন্তৰত লুকাই থকা সাহসী সত্ত্বাক জগাই তোলে। সেইবাবে কবিয়ে দেশমাতৃক “তথাপিও নাই ভয়” বুলি কৈছে।

কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?

উত্তৰ : স্বদেশ প্ৰেমী নৱ-জোৱানৰ জয় নিনাদত শত্রু কম্পমান বুলি উল্লেখ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top