এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 (প্ৰশ্নৰ উত্তৰ) অষ্টম শ্ৰেণী

এন্ ফ্রাঙ্কৰ ডায়েৰি | Class 8 Assamese Lesson 3 Question Answer

শ্ৰেণীঅষ্টম শ্ৰেণী অসমীয়া
বিষয়অংকুৰণ
পাঠএন্ ফ্রাঙ্কৰ ডায়েৰি
পাঠ3
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
প্রঃ ১। পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্রশ্নবিলাকৰ উত্তৰ লিখা :

(ক) জন্মসূত্রে এন্ ফ্রাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?
উত্তৰ : জন্মসূত্রে এন্‌ ফ্রাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।

(খ) এন্‌ ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?
উত্তৰ : এন্‌ ফ্রাঙ্কৰ দেউতাকৰ নাম অট’ ফ্রাঙ্ ।

(গ) নাজীবাহিনীৰ হাতৰপৰা ৰক্ষা পাবলৈ তেওঁলোক ক’ত লুকাই আছিল?
উত্তৰ : নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক দুবছৰকাল এটা পণ্যাগাৰত লুকাই আছিল।

(ঘ) এন্‌ ফ্রাঙ্কে কেতিয়াৰপৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?
উত্তৰ : এন্‌ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে ডায়েৰি লিখিছিল।

(ঙ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জামান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?
উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জার্মান সেনাধ্যক্ষজনৰ নাম হৈছে এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল।

(চ) এন্ ফ্রাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?
উত্তৰ : এন্‌ ফ্রাঙ্কে দিনলেখা লিখিবলৈ ইচ্ছা কৰাৰ কাৰণ হৈছে ভবিষ্যতে এজনী তেৰ বছৰীয়া কিশোৰীৰ চিন্তা-ভাবনাৰ বিষয়ে জানিবৰ বাবে হয়তো কোনোবাই আগ্রহ প্রকাশ কৰিব পাৰে। সেইবাবে হৃদয়ত পুঞ্জীভূত হৈ থকা সকলো কথা সবিস্তাৰে তেওঁ ডায়েৰীৰ পাতত লিখি গৈছিল। এন্‌ ফ্রাঙ্কে ডায়েৰী লিখিবলৈ ইচ্ছা কৰাৰ আন এক কাৰণ হৈছে তেওঁৰ এজন প্রকৃত বন্ধুৰ অভাৱ আছিল। সেই অভাৱ পূৰ্ণ কৰিবলৈ তেওঁ ডায়েৰীখনকে বন্ধুজ্ঞান কৰিছিল আৰু সেই বন্ধুৰ নাম ৰাখিছিল “কিটি”। এই ডায়েৰীখনত তেওঁ নিজৰ অন্তৰৰ সকলো কথা উজাৰি প্ৰকাশ কৰিছিল।

Class 8 Assamese Lesson 3 Question Answer

(ছ) দিনলেখাসমূহ এন্ ফ্রাঙ্কে কিয় সম্পাদনা কৰিছিল?
উত্তৰ : দিনলেখাসমূহ এন্‌ ফ্রাঙ্কে সম্পাদনা কৰাৰ কাৰণ আছিল। ১৯৪৪ চনতে কোনো এটা দিনত হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিছিল যে যুদ্ধ শাম কটাৰ পিছত তেওঁ জার্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ-যন্ত্রণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ প্ৰধানকৈ চিঠি-পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। এই কথাত অনুপ্রাণিত হৈ এন্ ফ্রাঙ্কে তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্রকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেওঁ তেতিয়ালৈকে লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ায়।

(জ) অট’ ফ্রাঙ্কে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰিছিল?
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জার্মান সেনাধ্যক্ষ এডলফ হিট্লাৰৰ নেতৃত্বত নাজীবাহিনীয়ে ইহুদীৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদী লোকক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃসংশভাৱে হত্যা কৰিছিল। সেই সময়ত এন্ ফ্রাংকৰ দেউতাক অট’ ফ্রাঙ্কে সপৰিয়ালে হলেণ্ডত বাস কৰিছিল। তেখেতে নাজীবাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ দুবছৰকাল এটা পণ্যাগাৰত আত্মগোপন কৰিছিল।

(ঝ) ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’ বুলি এন্‌ ফ্রাঙ্কে উপলব্ধি কৰিছিল। কিয়? বুজাই লিখা।
উত্তৰ : মানুহৰ মনত বিভিন্ন ধৰণৰ চিন্তা-ভাবনাই অহৰহ খেলা কৰি থাকে। সময় সুবিধা অনুযায়ী মানুহে এই ভাব চিন্তা আনৰ আগত প্ৰকাশ কৰে। এগৰাকী প্রকৃত বন্ধুৰ আগত এজন মানুহে সকলো ধৰণৰ চিন্তা-ভাবনা মুকলিভাৱে প্ৰকাশ কৰিব পাৰে। অৱশ্যে যিকোনো সময়তে মানুহে যিকোনো কথা ক’বলৈ বা শুনিবলৈ ইচ্ছা নকৰিবও পাৰে। এদিনাখন এন্‌ ফ্রাঙ্কে কৰিবলৈ একো কাম নথকাত হতাশাত ভূগিছিল আৰু ঘৰতে থাকে নে বাহিৰলৈ ওলাই যায় ভাবি আছিল। অৱশেষত তেওঁ য’তে আছিল ত’তে বহি থাকিল আৰু সেই সময়ত মনলৈ অহা সকলো ভাব-অনুভূতি একান্তমনে কাগজত লিখি গ’ল। তেওঁ উপলব্ধি কৰিছিল যে “মানুহতকৈ কাগজৰ ধৈৰ্য বেছি।” যিদৰে প্ৰকৃত বন্ধুৰ আগত মনৰ সকলো কথা নিঃসংকোচে ব্যক্ত কৰিব পাৰি সেইদৰে কাগজতো মনৰ সকলো কথা সংকোচ নোহোৱাকৈ যিমান সময় মন যায় সিমান সময়লৈ লিখি থাকিব পাৰি। গতিকে এন্ ফ্রাঙ্কে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি উপলব্ধি কৰিছিল।

লগতে পঢ়ক  ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8 - প্ৰশ্নৰ উত্তৰ অসমীয়া পাঠ 5

(ঘ) এন্ ফ্রাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি উপলব্ধি কৰিছিল?
উত্তৰ : এন্‌ ফ্রাঙ্কৰ এজনো প্রকৃত বন্ধু নাছিল। সেইবাবে তাই নিজকে অকলশৰীয়া বুলি উপলব্ধি কৰিছিল। এন্‌ ফ্রাঙ্কৰ নিজৰ বুলিবলৈ মাক-দেউতাক , ষোল্ল বছৰ বয়সীয়া এগৰাকী বায়েক, খুড়াক, খুড়ীয়েক আৰু ত্ৰিশজনমান বন্ধু আছিল । তেওঁৰ প্ৰতি আকৃষ্ট অনেক লোক আছিল। কিন্তু এই সকলোবোৰ থকা পিছতো তেওঁ এগৰাকী প্ৰকৃত বন্ধুৰ অভাৱত নিজকে অতি অকলশৰীয়া অনুভৱ কৰিছিল। কাৰণ যদিও তেওঁ বন্ধু-বৰ্গৰ লগত হাঁহি-ধেমালি কৰি কথা-বতৰা পাতিছিল তথাপিও এওঁলোকৰ লগত অন্তৰ উজাৰি সকলো কথা আদান-প্রদান কৰিব নোৱাৰিছিল৷ কেৱল গতানুগতিকভাৱেহে কথা-বতৰা পাতিছিল।

এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8

প্রশ্ন ২। তলৰ শব্দসমূহৰ অৰ্থ শব্দ-সম্ভাৰত চাই নিজৰ বহীত লিখা।
উত্তৰ : গণ্য : ডাঙৰ বা শ্ৰেষ্ঠ বুলি মানিবৰ যোগ্য, লেখত লবলগীয়া।
গতানুগতিক : লোকৰ নিয়ম বা কাৰ্য মতে চলা, নতুনত্ববিহীন।
অস্ত্ৰোপচাৰ : ৰোগ চিকিৎসাৰ বাবে কৰা অস্ত্ৰৰ প্ৰয়োগ।
বৰ্বৰ : অসভ্য, নীচ, দুষ্ট।
পৰিত্যক্ত : এৰা, ত্যাগ কৰা।
প্রবাদ : মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা।অধিগৃহীত : আইনৰ সহায়েৰে দখল কৰা।

থিৰাং : নিশ্চিত, থিক, লৰচৰ নোহোৱা।
উৎসর্গা : দান, কোনো বিশেষ ফলসিদ্ধিৰ উপলক্ষে কোনো নিৰ্দিষ্ট দেৱতা বা মানুহক কৰা দান।
আড়ম্বৰ : জাক-জমকতা।
প্রত্যাশিত : ভৰসা কৰি থকা, আশা কৰা।
ভাৱমূর্তি : চিন্তাধাৰা, কোনো ব্যক্তি বা বিষয় সম্পর্কে লোৱা ধাৰণা।
পুঞ্জীভূত : থূপ খাই থকা।
শামকটা : উপশম হোৱা, কম হোৱা।
সন্নিৱিষ্ট : অন্তর্ভূক্ত।

প্রশ্ন ৩। “কিটি” কোন? এন্‌ ফ্রাঙ্কে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।
উত্তৰ : ‘কিটি’ হৈছে এন্‌ ফ্রাঙ্কৰ ডায়েৰীখনৰ নাম। এন্‌ ফ্রাঙ্কৰ জীৱনলৈ প্ৰকৃত বন্ধুৰ আগমন ঘটা নাছিল। তেওঁৰ বহুতো বন্ধু, অনুৰাগী আৰু আত্মীয়-স্বজন আছিল যদিও তেওঁ এওঁলোকৰ লগত কেৱল গতানুগতিক কথা-বতৰাহে পাতিছিল কিন্তু অন্তৰ উজাৰি সকলো কথা আদান- প্ৰদান কৰিব নোৱাৰিছিল। গতিকে ডায়েৰিখনক প্রকৃত বন্ধু হিচাপে গণ্য কৰি তেওঁ এইখনৰ নাম ৰাখিছিল ‘কিটি’ আৰু ইয়াত অন্তৰৰ সকলো কথা লিখি গৈছিল।

প্রশ্ন ৪। এন্‌ ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখনক কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল?
উত্তৰ : এন্‌ ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ কৰাত তেওঁৰ দেউতাক অট’ ফ্রাঙ্কে আগভাগ লৈছিল। এন্‌ ফ্রাঙ্কৰ ডায়েৰিখনৰ পৰা সেই সময়ৰ বিভিন্ন কথা জানিব পাৰি। পুথিখনত এন্‌ ফ্রাঙ্কে নিজা উপলব্ধি সুন্দৰকৈ বৰ্ণনা কৰিছে। প্ৰথম অৱস্থাত এন্‌ ফ্রাঙ্কে নিজৰ বাবে ডায়েৰি লিখিছিল যদিও ১৯৪৪ চনৰ কোনো এটা দিনত হলেও চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰে যে যুদ্ধ শাম কটাৰ পিছত তেওঁ জার্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ-যন্ত্রণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। বিষয়াজনৰ এই কথাত অনুপ্রাণিত হৈ এন্‌ ফ্রাঙ্কে তেওঁৰ ডায়েৰিখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ডায়েৰিখনত ইতিমধ্যেই লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ায়। এনেদৰে এন্‌ ফ্রাঙ্কে ১৯৪৪ চনৰ ১ আগষ্টলৈকে ডায়েৰি লিখে আৰু ৪ আগষ্ট তাৰিখে এন্‌ আৰু তেওঁৰ পৰিয়ালৰ অন্যান্যসকলক লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে। বন্দী অৱস্থাত অনাহাৰ, অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক, বায়েক আৰু এন্‌ৰ মৃত্যু হয়। একমাত্র দেউতাকেই নাজীবাহিনীৰ কৱলৰ পৰা জীৱিতৰূপত বাচি আহে। যুদ্ধ শাম কটাৰ পাছত তেখেতে জীয়েকৰ এই ডায়েৰিখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে।

লগতে পঢ়ক  Class 8 Assamese Question Answer - অষ্টম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ

Class 8 Assamese Lesson 3 Question Answer

প্রশ্ন ৫। এন্‌ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল?
উত্তৰ : এন্‌ ফ্রাঙ্ক আৰু তেওঁৰ আইতাকৰ সম্বন্ধ অতি মধুৰ আছিল। তেওঁ আইতাকক বৰ ভাল পাইছিল। ১৯৪১ চনৰ গ্ৰীষ্ম সময়ত আইতাকক অসুখৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল আৰু ১৯৪২ চনৰ জানুৱাৰী মাহত আইতাকৰ মৃত্যু হৈছিল। মৃত্যুৰ পিছতো এন্ ফ্রাঙ্কৰ প্ৰতি মুহূর্ততে আইতাকলৈ বৰকৈ মনত পৰি আছিল। ১৯৪২ চনত এন্‌ ফ্রাঙ্কৰ জন্ম দিনৰ দিনা জন্ম দিনৰ ম’মবাতিৰ লগতে আইতাকৰ স্মৃতিতো তেওঁ এডাল মম জ্বলাইছিল।

প্রশ্ন ৬। পাঠটো পঢ়ি এন্‌ ফ্রাঙ্কৰ সেই সময়ত হোৱা মনৰ ভাবৰ বিষয়ে লিখা।
উত্তৰ : এন্‌ ফ্রাঙ্কৰ চিন্তাৰ পৰিধি অতি বহল আছিল। মাত্র ১৩ বছৰ বয়সতে তেওঁ ডায়েৰি লিখা কাম আৰম্ভ কৰিছিল। ১৩ বছৰীয়া কিশোৰী এগৰাকীৰ চিন্তা- ভাবনাৰ বিষয়ে জানিবলৈ কোনো ব্যক্তি হয়তো আগ্রহী হ’ব পাৰে, সেই বাবে তেওঁ মনৰ সকলো কথা উজাৰি ডায়েৰিৰ পাতত ব্যক্ত কৰিছিল। এন্‌ ফ্রাঙ্কৰ চৌপাশে মাক-দেউতাক, আত্মীয়-স্বজন, বায়েক, বন্ধু আদি অনেক লোক আছিল যদিও মনৰ সকলো ভাব অনুভূতি প্ৰকাশ কৰিবপৰা এজন প্রকৃত বন্ধুৰ বৰ অভাৱ আছিল। সেয়েহে মনৰ সকলো অব্যক্ত কথা তেওঁ ডায়েৰিৰ পাতত প্ৰকাশ কৰিছিল। ডায়েৰিৰ পাতত এন্‌ ফ্রাঙ্কে তেওঁৰ আৰু আইতাকৰ সম্বন্ধৰ কথা প্ৰকাশ কৰিছিল। আইতাক আৰু তেওঁৰ সম্পৰ্ক অতি মধুৰ আছিল। আইতাকৰ মৃত্যুৰ পাছত এন্‌ ফ্রাঙ্কে তেওঁৰ জন্ম দিনৰ দিনা জন্ম দিনৰ ম’মবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল ম’মবাতি জ্বলাইছিল। এইদৰে উক্ত পাঠটোৰপৰা আমি এন্‌ ফ্রাঙ্কৰ মনোভাৱৰ বিষয়ে জানিব পাৰো।

এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8

খ: ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৭। পাঠটোত অধি, অনু, প্রতি—এইকেইটা উপসর্গ যোগ হৈ হোৱা শব্দ কেইটা বিচাৰি লিখা।
উত্তৰ : পাঠটোত থকা অধি, অনু, প্রতি—এইকেইটা উপসর্গ যোগ হৈ হোৱা শব্দকেইটা তলত উল্লেখ কৰা হ’ল—
অধি—অধিগৃহীত
অনু—অনুপ্রাণিত, অনুবাদ, অনুষ্টুপীয়া,
প্রতি—প্রতিদিন, প্রতিবিম্ব, প্রত্যাশিত।

প্রশ্ন ৮। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা।
স্থায়ী, প্রকাশ, ভোগ, স্মৃতি, সমাপ্ত, আড়ম্বৰ ভাগ্য, ধৈর্য।
উত্তৰ :

শব্দবিপৰীত শব্দ
স্থায়ীঅস্থায়ী
প্ৰকাশঅপ্রকাশ
ভোগদুর্ভোগ
স্মৃতিবিস্মৃতি
সমাপ্তঅসমাপ্ত
আড়ম্বৰঅনাড়ম্বৰ
ভাগ্যদুর্ভাগ্য
ধৈর্যঅধৈর্য

প্রশ্ন ৯। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।
যন্ত্রণা, কৰুণ, কিশোৰী, মৃত্যু
উত্তৰ।

শব্দপ্ৰতিশব্দ
যন্ত্রণাযাতনা
কৰুণকাতৰ
কিশোৰীবালিকা
মৃত্যুমৰণ

Class 8 Assamese Lesson 3 Question Answer

প্রশ্ন ১০। তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণীবিভাজন কৰা।
• মই আহিলো আৰু তেওঁ ঘৰলৈ গ’ল।
• ভাল ল’ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে ।
• বৰষুণ পৰিছে।
• মই সদায় ভাত খাই স্কুললৈ যাওঁ।
• একমাত্র দেউতাকেই নাজীবাহিনীৰ কবলৰপৰা জীৱিত ৰূপত বাচি আহিছিল।
• এন্‌ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰপৰা ডায়েৰি লিখা আৰম্ভ কৰিছিল।
• এইবাৰ পিছে তেওঁ মৰমৰ ‘কিটি’ বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত ‘তোমাৰ, এন্‌’ বুলি সমাপ্ত কৰিছিল।
• জন্ম দিনৰ ম’মবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ’ল।
উত্তৰ :
সৰল বাক্য :
• বৰষুণ পৰিছে।
• একমাত্র দেউতাকেই নাজীবাহিনীৰ কবলৰপৰা জীৱিত ৰূপত বাচি আহিছিল।
• এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰপৰা ডায়েৰি লিখা কামটো আৰম্ভ কৰিছিল।
• জন্ম দিনত ম’মবাতিৰ লগতে আইতাকৰ স্মৃতিত এডাল ম’মবাতি জ্বলোৱা হ’ল।
• মই সদায় ভাত খাই স্কুললৈ যাওঁ।

লগতে পঢ়ক  পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 | সকলো প্ৰশ্নৰ উত্তৰ | পাঠ 10 |

যৌগিক বাক্য :
• মই আহিলো আৰু তেওঁ ঘৰলৈ গ’ল।
• এইবাৰ পিছে তেওঁ ‘মৰমৰ কিটি’, বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত ‘তোমাৰ, এন্‌’ বুলি সমাপ্ত কৰিছিল।

→ জটিল বাক্য :
• ভাল ল’ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে।

এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8

প্রশ্ন ৯। তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা (দুটা আৰু বহুতৰ মাজত)।
• সোণ উজ্জ্বল।
• মীনা মেধাবী।
• অৰুণ ওখ।
• জোনবাই সৰু।
• এই কিতাপখন ভাল।
উত্তৰ :

বাক্যদুটা মাজত তুলনাবহুতৰ মাজত তুলনা
সোণ উজ্জ্বলসোণ ৰূপতকৈ উজ্জ্বল।সোণ আন সকলোবোৰ ধাতুতকৈ বেছি উজ্জ্বল।
মীনা মেধাবীমীনা ৰীণাতকৈ মেধাবী।অষ্টম শ্ৰেণীৰ ছোৱালীকেইজনীৰ ভিতৰত মীনা বেছি মেধাবী।
অৰুণ ওখঅৰুণ তৰুণতকৈ ওখ।খেলুৱৈ দলটোৰ আটাইকেইজন ল’ৰাৰ ভিতৰত অৰুণ বেছি ওখ।
জোনবাই সৰুজোনবাই পৃথিৱীতকৈ সৰু।সূৰ্য, পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু।
এই কিতাপখন ভালসেই কিতাপখনতকৈ এই কিতাপখন বেছি ভাল।এই সকলোবোৰ কিতাপতকৈ এই কিতাপখন বেছি ভাল।

প্রশ্ন ১০। বাক্য ৰচনা কৰা :
উত্তৰ :

অনতি পলমে—উক্ত ঘটনাটো অনতি-পলমে এই অঞ্চলত বিয়পি পৰিল ।
হাঁহি-ধেমালি —কণ কণ ল’ৰা-ছোৱালীবোৰৰ হাঁহি-ধেমালিৰে গোটেই ঠাইখিনি মুখৰিত হৈ উঠিছে।
ৰূপান্তৰিত—তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়।
আত্মগোপন —ল’ৰা ৰজাৰ সৈন্যৰ পৰা হাত সাৰিবৰ বাবে গদাপানীয়ে নগা পাহাৰত আত্মগোপন কৰি আছিল।

চিঠি-পত্ৰ — চিঠি-পত্ৰৰ সহায়ত খা-খবৰ, বা-বাতৰি আদান-প্ৰদান কৰা হয়।
দুখ-যন্ত্ৰণা—বানপানীৰ সময়ত মানুহৰ দুখ-যন্ত্ৰণা কুলাই পাচিয়ে নধৰা হয়।
পৰিত্যক্ত—স্থানীয় লোকে উক্ত বেগটো পৰিত্যক্ত অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে।
বিশ্ববিখ্যাত–‘এন্‌ ফ্রাঙ্কৰ ডায়েৰি’ এখন বিশ্ববিখ্যাত গ্রন্থ।
আদান-প্রদান—আজি কালি মানুহে কাগজী মুদ্ৰাৰ সহায়ত বয়-বস্তুৰ আদান- প্ৰদান কৰে।
চিন্তা-ভাৱনা—এনে বুঢ়া বয়সত চিন্তা-ভাৱনা কাৰি থাকি মনটোক কষ্ট দিয়া উচিত নহয়।

এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8

প্রশ্ন ১১। ‘এন্‌ ফ্রাঙ্কৰ ডায়েৰি’ পাঠটোত মন আটক শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।
উত্তৰ : মন পা – (মন বুজ)—ঘৰৰ মানুহৰ মন পোৱাৰ পিছতহে মই সেই কথাটো উলিয়াবলৈ সাহস গোটাব পাৰিলো ৷
• মন-পুতি লাগ (মনোযোগ দি লাগ)—পঢ়াশুনাত মন-পুতি লাগিলেহে ভাল ফল আশা কৰিব পাৰি।
• মন কৰা–(ইচ্ছা কৰ)–তই মন কৰিলে কামটো মই অনায়াসে কৰিব পাৰিম।
• মন বান্ধ (মন দমা) – হৰি মনে পর্যাপ্ত পৰিমাণৰ ধন উপাৰ্জন কৰাৰ অন্তত এতিয়া মন বান্ধিছে।
• মন মাৰ(নিৰানন্দ হ)—ভালদৰে পড়াশুনা নকৰিলি, এতিয়া পৰীক্ষাত অকৃতকার্য হৈ মন মানি থাকিলে কি হ’ব!
আটক কৰ—(আবদ্ধ কৰ)—কাজিৰঙাত কেইবাজনো চোৰাংচিকাৰীক স্থানীয় ৰাইজে আটক কৰি পুলিচক গটাই দিয়ে।
আটক ধুনীয়া—(অসাধাৰণ ৰূপে ধুনীয়া)—তাজমহলৰ আটক ধুনীয়া সৌন্দর্যই সকলোৰে মন-প্ৰাণ মুহি নিয়ে।

এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?

উত্তৰ : এন্‌ ফ্রাঙ্কৰ দেউতাকৰ নাম অট’ ফ্রাঙ্ ।

জন্মসূত্রে এন্ ফ্রাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?

উত্তৰ : জন্মসূত্রে এন্‌ ফ্রাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।

এন্ ফ্রাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল

উত্তৰ : এন্‌ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্টলৈকে ডায়েৰি লিখিছিল।

Leave a Comment