শিশু লীলা Class 8 – অষ্টম শ্ৰেণী অসমীয়া | পাঠ 15

শিশু লীলা Class 8 Question Answer | শিশু লীলা প্ৰশ্ন উত্তৰ |  Class 8 Assamese Lesson 15 Question Answer

শ্ৰেণী অষ্টম শ্ৰেণী অসমীয়া
বিষয় অসমীয়া
পাঠ শিশু লীলা
পাঠ 15
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

শিশু লীলা Class 8 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। উত্তৰ দিয়া :
(ক) ‘শিশু লীলা’ ঘোষাটি কোনে ৰচনা কৰিছিল?
উত্তৰ : ‘শিশু লীলা’ ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল।

(খ) ‘শিশু লীলা’ত কাৰ কথা কোৱা হৈছে?
উত্তৰ : ‘শিশু লীলা’ ত শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

(গ) শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল?
উত্তৰ : শিশু কৃষ্ণই বলৰাম আৰু অন্যান্য গোপশিশুসকলৰ লগত খেলিছিল।

(ঘ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল?
উত্তৰ : খেলি থকা সময়ত কৃষ্ণই এক লদা মাটি খাইছিল।

(ঙ) গোপশিশুসকলে যশোদাক কি গোচৰ দিছিল?
উত্তৰ : শিশুকৃষ্ণই মাটি খোৱা বুলি গোপশিশুসকলে যশোদাক গোচৰ দিছিল।

(চ) গোপবালকসকলৰ কথা শুনি যশোদাই কি কৰিলে?
উত্তৰ : গোপবালকসকলৰ কথা শুনি যশোদাই মাটি খোৱাৰ কাৰণে কোবাই ছাল ফালি দিব বুলি শিশুকৃষ্ণক ধম্‌কি দিলে।

(ছ) বলাই বুলি কাৰ কথা কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি?
উত্তৰ : বলাই বুলি বলৰামৰ কথা কোৱা হৈছে। কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক হৈছে তেওঁ শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠ ভাতৃ।

শিশু লীলা Class 8 Question Answer

প্রশ্ন ২। কোনে, কাক, কিয় কৈছিল লিখা।

(ক) কেনে মাটি খাইলি অৰে গোপাল।
কোবাই আজি তোৰ ফাৰিবো ছাল।।
উত্তৰ : উক্ত কথাখিনি মাতৃ যশোদাই কৈছে। তেওঁ পুত্ৰ জগতপতি শ্ৰীকৃষ্ণক এইদৰে কৈছে।
এদিনাখন বালক শ্ৰীকৃষ্ণই লগৰীয়াৰ সৈতে খেলাধূলা কৰি থাকোতে মাটিৰ লদা এটা মুখত ল’লে। বলৰাম আৰু অন্যান্য গোপশিশুসকলে এই বিষয়ে মাতৃয শোদাক গোচৰ দিলে। তেতিয়া যশোদাই কৃত্রিম খং দেখুৱাই শ্রীকৃষ্ণক উক্ত ধৰণে কৈছিল যে মাটি খোৱাৰ বাবে তেওঁ শ্ৰীকৃষ্ণক কোৱাই পিঠিৰ ছাল ফালি পেলাব।

(খ) মাতন্ত কৃষ্ণে যশোদাক চাই।
মিছা মাতে সবে শুনিয়ো আই।।
উত্তৰ : উক্ত কথাখিনি শিশু কৃষ্ণই কৈছিল। তেওঁ মাকক সেইদৰে কৈছিল।
এদিনাখন শিশু কৃষ্ণই লগৰীয়াৰ সৈতে খেলি থাকোঁতে মাটিৰ লদা এটা মুখত লয়। বলৰামৰ সৈতে গোপবালকসকলে যশোদাক এই বিষয়ে গোচৰ দিয়ে। মাতৃ যশোদাই কৃত্রিম খং দেখুৱাই কৃষ্ণক ধমক দিয়ে। মাকৰ খং দেখি কৃষ্ণই ভয় খায়। তেতিয়া যশোদাই মৰম কৰি কৃষ্ণক মাটি খোৱাৰ কাৰণ সুধে। উক্ত সময়ত কৃষ্ণই মাকক কয় যে সকলোৱে তেওঁৰ পক্ষে মিছা কথা কৈছে। তেওঁ মাটি খোৱা নাই।প্র

শ্ন ৩। প্রসংগ-সংগতি দশাই ব্যাখ্যা কৰা।

(ক) যশোদা সুন্দৰী দেখন্ত পাছে
সমস্ত জগত গৰ্ভতে আছে।।
উত্তৰ : উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশু লীলা’ কবিতাটোৰপৰা তুলি লোৱা হৈছে।
উক্ত কবিতাটোত মানৱ সন্তানৰূপী যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা ব্যক্ত কৰা হৈছে। মাতৃ আৰু সমনীয়াৰ দৃষ্টিত শ্ৰীকৃষ্ণ হ’ল এজন সাধাৰণ বালক। সেই বালক কৃষ্ণই লগৰীয়াৰ লগত খেলাধূলা কৰে আৰু কাজিয়াও কৰে। এদিনাখন সমনীয়াৰ লগত খেলি থাকোঁতে শিশু কৃষ্ণই মাটিৰ লদা এটা মুখত লয়। বলৰাম আৰু সমনীয়াসকলে মাক যশোদাৰ ওচৰত এই বিষয়ে গোচৰ দিয়ে। মাকে কৃত্রিম খং দেখুৱাই মাটি খোৱাৰ বাবে কোৱাই ছাল ফালিব বুলি কৃষ্ণক ধমকি দিয়ে। মাকৰ খং দেখি কৃষ্ণই ভয় খোৱা যেন দেখুওৱাত মাকে মৰম কৰি কৃষ্ণক মাটি খোৱাৰ কাৰণ সোধে। কৃষ্ণই মাটি খোৱাৰ কথাটো অস্বীকাৰ কৰে। মাকে এই কথাৰ সত্যতা নিৰূপণ কৰিবলৈ গৈ কৃষ্ণৰ মুখত মাটিৰ লদাৰ সলনি সমগ্ৰ জগতখন দেখা পায়। মহিমাময় শ্রীকৃষ্ণৰ ৰূপ কবিতাটোৰ মাজেৰে এইদৰে বৰ্ণনা কৰা হৈছে।

শিশু লীলা Class 8 Question Answer

প্রশ্ন ৪। খালী অংশত শব্দ ভৰোৱা।
(ক) যত গোপ শিশু বলাই আদি।
সৱে ____ গৈয়া কৃষ্ণৰ ____ ।।
যশোদাৰ আগে দিলেক _____
_____ কৃষ্ণে মাটি একদল।।
উত্তৰ : ভৈল, বাদী, খল, খাইলও।

লগতে পঢ়ক  হোমি জাহাঙ্গীর ভাবা Class 8 Question Answer অসমীয়া | পাঠ 11

(খ) শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু____ কৰি মাৱক ____ ।।
ভয়তে যেন ____হাত-ভৰি।
যশোদা দেখে পুত্র গৈল ____ II
উত্তৰ : টেৰ, চাৰ্ত্ত, কাম্পৈ, ডৰি।

প্রশ্ন ৫। শিশু লীলাৰ কথাখিনি গদ্যৰূপত লিখা।
উত্তৰ : শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁ মানৱ শিশুৰূপে যশোদাৰ ঘৰত জন্ম লাভ কৰি বিভিন্ন ধৰণে লীলা কৰিছে। মাতৃ আৰু সমনীয়াৰ দৃষ্টিত শ্ৰীকৃষ্ণ হ’ল এজন সাধাৰণ বালক। সেই বালক কৃষ্ণই লগৰীয়াৰ লগত নানাধৰণৰ খেলাধূলা কৰে আৰু কাজিয়াও কৰে। এদিনাখন শিশু কৃষ্ণই মাটিৰ লদা এটা মুখত লোৱাত বলৰামকে আদি কৰি গোপ শিশুসকলে যশোদাৰ ওচৰত বিপক্ষে গোচৰ দিয়ে।

যশোদাই কৃত্রিম খং দেখুৱাই মাটি খোৱাৰ বাবে কোবাই পিঠিৰ ছাল ফালিব বুলি কৃষ্ণক ধমকি দিয়ে। তাকে শুনি কৃষ্ণই ভয় খোৱা যেন দেখুওৱাত মাকে মৰমেৰে কৃষ্ণক মাটি খোৱাৰ কথা সোদে। তেতিয়া কৃষ্ণই মিছা মতাত মাতৃ যশোদাই মাটি খোৱাৰ সত্যতা নিৰূপণ কৰিবলৈ কৃষ্ণক মুখ মেলিবলৈ কয়। কৃষ্ণই মুখ মেলাত মাকে তেওঁৰ মুখগহ্বৰৰ ভিতৰত মাটিৰ লদাৰ সলনি সমস্ত জগত দেখা পায়। এইদৰে শ্রীকৃষ্ণই মানৱী জনম ধৰি বিভিন্ন লীলা-খেলা কৰাৰ কথা মহাপুৰুষ শ্রীশ্রী শংকৰদেৱে অতি ৰসালকৈ ব্যক্ত কৰিছে।

প্রশ্ন ৬। তলৰ পদফাঁকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা।
শুনিয়া যশোদা সুন্দৰী হাসি।
পুত্ৰৰ হাতত ধৰিলা আসি।।
কেনে মাটি খাইলি অৰে গোপাল।
কোবাই আজি তোৰ ফাৰিবো ছাল।।
আধুনিক অসমীয়া গদ্যৰূপ —
গোপবালকসকলৰ কথা শুনি যশোদাই হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু ক’লে—
“হেৰ গোপাল, তই কিয় মাটি খালি? কোবাই আজি তোৰ গাৰ ছাল ছিঙিম।”
সেইদৰে তলৰ পদকেইফাঁকি পঢ়া আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক। অসমীয়া গদ্যৰূপত লিখা।

(ক) যত গোপ শিশু বলাই আদি।
সবে ভৈল গৈয়া কৃষ্ণৰ বাদী।
উত্তৰ : বলৰামকে আদি কৰি সকলো গোপশিশুৱে কৃষ্ণৰ বিপক্ষে মাতৃ যশোদাৰ ওচৰত গোচৰ দিলে।

(খ) শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু টেৰ কৰি মাৱক চান্ত।।
ভয়তে যেন কাম্পৈ হাত-ভৰি।
যশোদা দেখে পুত্র গৈল ডৰি৷৷
উত্তৰ : শুনি কৃষ্ণৰ মুখৰ মাত নোহোৱা হ’ল। আঁৰ চকুৰে মাকৰ ফালে চালে। ভয়তে যেন হাত-ভৰি কঁপিব ধৰিছে। যশোদাই দেখিলে যে পুতেক ভয় খাই গৈছে।

Related Posts

শিশু লীলা Class 8 Question Answer

খ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৭। তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা।
উদাহৰণ — হাসি—হাঁহি।
উত্তৰ :

চক্ষু – চকু
মাতত্ত – মাতিলে
মাৱক – মাকক
প্ৰকাশিয়া – প্ৰকাশ কৰি
ফাৰিবো – ফালিম
শুনিয়া – শুনি
টেৰ – বেঁকা, কেঁৰা
সমস্ত – গোটেই
সোধস্ত – সুধিলে
কাম্পৈ – কঁপে

প্রশ্ন ৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰ : সুন্দৰী —– কুৎচিত, আপচু

পুত্র — কন্যা, বোৱাৰী
ভাই – ভনী

আই – বোপাই
দাদা – নবৌ
নাৰী – পুৰুষ।

প্রশ্ন ৯। শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰপৰা বিচাৰি লিখা।
উদাহৰণ : হৰি – ধৰি
উত্তৰ : আদি – বাদী
খল – দল
হাসি – আসি
ভৰি – ডৰি
চাই – আই
মাটি – ঘাটি
মাতি – আতি
পাছে – আছে
বেথা – কথা।

শিশু লীলা Class 8 Question Answer

প্রশ্ন ১০। তলৰ পদকেইফাঁকিলৈ মন কৰা।
(ক) কেনে মাটি খাইলি অৰে গোপাল।
(খ) কিয় মাটি খাইলি সোধন্ত কথা।।
এই বাক্য দুটাই প্রশ্ন সোধাটো বুজাইছে। সেইদৰে আধুনিক অসমীয়া ভাষাতো কোনে, কেনেকৈ, কিয়, কি, কলৈ, কেতিয়া আদি শব্দ ব্যৱহাৰ কৰি প্রশ্নবোধক বাক্য গঠন কৰা । উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া।

উদাহৰণ :
নিজৰাই ভাত ৰান্ধিছে।
কোনে ভাত ৰান্ধিছে?

(ক) তেওঁলোক বাছেৰে স্কুললৈ যায়।
উত্তৰ : তেওঁলোক কিহেৰে স্কুললৈ যায়?

লগতে পঢ়ক  Class 8 Assamese Question Answer - অষ্টম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ

(খ) আমি বল খেলি আছোঁ।
উত্তৰ : তোমালোকে কি খেলি আছা?

(গ) জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই।
উত্তৰ : বিমল কিয় স্কুললৈ যোৱা নাই?

(ঘ) ৰতন দিল্লীলৈ গৈছিল।
উত্তৰ : ৰতন ক’লৈ গৈছিল?

(ঙ) মই চাৰি বজাত ঘৰ পামহি।
উত্তৰ : তুমি কেতিয়া ঘৰ পাবাহি?

(চ) সি গান গাই আছে।
উত্তৰ : সি কি কৰি আছে?

প্রশ্ন ১১। খাইলন্ত, দেখন্ত, মাতন্ত, চান্ত আদি শব্দকেইটাই একো একোটা কাম কৰা বুজাইছে। ইতিমধ্যে তোমালোকে কোনো কাম কৰা, হোৱা বা নোহোৱা, থকা বা নথকা আদি বুজোৱা পদক ক্রিয়াপদ বুলি জানি আহিছা। পাঠৰপৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদকেইটা বাছি উলিয়াই লিখা।
উত্তৰ : পাঠত থকা ক্রিয়াপদকেইটা তলত উল্লেখ কৰা হ’ল—
কৰন্ত, খাইলন্ত, চান্ত, চাহন্তে, সোধত্ত, মাতন্ত, দেখন্ত, ভৈল, দিলেক, শুনিয়া, ধৰিলা, খাইলি, কোবাই, ফাৰিবো, হৰিল, কাম্পৈ, দেখে, গৈল, লাগয়, খাইলি, কোলে, মাতে, নখাওঁ, শুনি, নখাইলি, মেলি, আছে।

প্রশ্ন ১২। তলৰ একেটা শব্দৰে ভিন্ন ভিন্ন অর্থ দিয়া হৈছে। অর্থ প্রকাশ হোৱাকৈ শব্দবোৰেৰে বাক্য সাজা।
লদা, দলি
দল
সমূহ, জাক
দল (লদা, দলি)—গৰখীয়া ল’ৰাবোৰে শিলগুটি দলিয়াই দলিয়াই টেঙাবোৰ পাৰি নিলে।
দল (সমূহ, জাক) — মানুহবোৰে দল বান্ধি মেলা চাবলৈ গৈছে।
বাদী (ফাকি, মিছা ভাও)—ল’ৰাটোৱে পঢ়া-শুনা কৰিবলৈ মন নকৰি বাদী ধৰি সন্ধিয়াৰ পৰা শুই আছে।
বাদী (কওঁতা, প্ৰকাশ কৰোঁতা, গুচৰীয়া)—বিচাৰকে বাদী-বিবাদী সকলোকে, বিচাৰকক্ষলৈ মাতিছে।
ঘাটি (দায়, জগৰ, মিছা অপৰাধ)—পুলিচে মিছা ঘাটিত ল’ৰাজনক গ্ৰেপ্তাৰ কৰিছে।
ঘাটি (পহৰাৰ ঠাই, আড্ডা, চকি)—আৰক্ষীৰ যোৱানে উক্ত অঞ্চলত বহুতো উগ্রপন্থীৰ ঘাটি উৎখাত কৰিছে।

শিশু লীলা Class 8 Question Answer

গ : জ্ঞান সম্প্ৰসাৰণ
প্রশ্ন ১৩। তলৰ কথাখিনিত যতি চিন, প্রয়োজন সাপেক্ষে উদ্ধৃতি চিন বহুৱাই পুনৰ লিখা।
মানুহজনে আৰু চাই থাকিব নোৱাৰিলে তেওঁ জমাদাৰ্জনক ক’লে চিপাহীকেইজনে চতিটো তুলিব পৰা নাই আপুনি অলপ হাত উজান দিলেই দেখোন চতিটো ওপৰলৈ উঠে মানুহজনৰ কথাত জমাদাৰ চাহাবৰ খঙে চুলিৰ অগে পালেগৈ তেওঁ হুঁটা মাতেৰে ক’লে মই হলো বিষয়া এল জমাদাৰ মোৰ কিবা মান সম্মান নাই নে যে মই চিপাহকেইজনৰ লগত চতিটো দাঙিম ইহঁতৰ কাম চাবলৈহে মোক ৰাখিছে ইহতঁৰ লগত কাম কৰিবলৈ ৰখা নাই নহয় ।
উত্তৰ : মানুহজনে আৰু চাই থাকিব নোৱাৰিলে। তেওঁ জমাদাৰ্জনক ক’লে, “চিপাহীকেইজনে চতিটো তুলিব পৰা নাই, আপুনি অলপ হাত-উজান দিলেই দেখোন চতিটো ওপৰলৈ উঠে।” মানুহজনৰ কথাত জমাদাৰ চাহাবৰ খঙে চুলিৰ আগ পালেগৈ। তেওঁ হুঁটা মাতেৰে ক’লে, “মই হলো এজন জমাদাৰ বিষয়া, মোৰ কিবা মান-সন্মান নাই নে যে মই চিপাহীকোইজনৰ লগত চতিটো দাঙিম। ইহঁতৰ কাম চাবলৈহে মোক ৰাখিছে, ইহঁতৰ লগত কাম কৰিবলৈ ৰখা নাই নহয়।”

প্রশ্ন ১৪। তলত দিয়া ব্ৰজাৱলী ভাষাৰ গদ্যাংশ পঢ়া আৰু আধুনিক অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ যত্ন কৰা।
হে মাই গোৱাৰী! তোথো দামু অভাগিণীত কি পুছহ? অনেক পূণ্য কৰিয়ে দেৱতাৰ বৰে কৃষ্ণক পুত্র পাবলোঁ। সে প্রাণ পুত্র কৃষ্ণ খেড়ি খেলাইতে বিহানে বজাৱ। বিয়াল ভৈ গৈল। এখনো নাহি পাৱলো। সে প্রাণ পুত্ৰত বিচাৰি নাপাই হামাৰি প্ৰাণ কৈছে ৰহব?
উত্তৰ : আধুনিক অসমীয়া ভাষাত—
হে মাই গোৱালী। তই মই অভাগিনীক কি সুধিছ? অনেক পূণ্যৰ ফলত দেৱতাৰ বৰত কৃষ্ণক পুত্ৰ ৰূপে পালোঁ। সেই প্রাণপুত্র কৃষ্ণ খেল খেলিবলৈ ৰাতিপুৱাই ওলাই গ’ল। বিয়লি হৈ গ’ল, এতিয়াও আহি নাপালে। সেই প্রাণপুত্ৰক বিচাৰি নাপাই মই কিদৰে জীয়াই থাকো।

শিশু লীলা Class 8 Question Answer

ঘ: প্রকল্প

১৫। তুমি ইতিমধ্যে পঢ়ি অহা পাঠৰ পৰা ১০০টা পুৰণি অসমীয়া শব্দ
(ব্ৰজাৱলী, পুৰণি কথা সাহিত্য) সংগ্ৰহ কৰি শব্দ সম্ভাৰৰ ক্ৰমত এখন তালিকাপ্ৰ স্তুত কৰা।

অত, অয়ে, অকৰ্ম্ম, অক্ৰুৰ, অগনি, অদ্য, আঙ্ক, আচাৰি, আজানুলম্বিত, আনল, আন্ধিয়াৰ, উভৰি, উল্লাস, উষা, ঋজু, একদিবস, একঠাম, এখানে, ঐৰ, ঐশ্বৰ্য্য, খীৰ, খুঁত, গকুল, গগণ, গও, গদগদ, ঘনশ্যাম, ঘাস, ঘোৰ, ঘ্রাণ, চন্দ্ৰ, চপয়, চলৈ, চক্ষু, চবাল, হল, ডিঙ্গি, ডৌকা, ঢল, ঢোল, তনয়, তঞি, তোমাসাৰ, ত্রাণ, থৰ, থাকিয়োক, থোপ, দগ্ধ, দধি, দত্ত, ধোদ, নগ্ন, নটুৱা, নভৈল, নৰসিংহ, বতাস, বৎস, বেত্তবাই, ভালাৰে, ভীৰু, মৎস্য, মধুকৰ, মুণ্ড, মৃত্তিকা, মোই, ওহিক, কচালিয়া, পঙ্ক, কঠীয়া, পণ, কতনা, ফুৰাৱত, খটাসুৰ, ফোকাৰি, খচিত, ঢোল, বসানি, জলজ, ঝাম্প, ঝিউ, টঙ্কা, টঙ্কিলা, টোল, নামঘোষা, পঙ্ক

লগতে পঢ়ক  শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer - অসমীয়া অষ্টম শ্ৰেণী

Class 8 Assamese Lesson 15 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। শিশু কৃষ্ণই ক’ত ক্রীড়া কৰিছিল?
উত্তৰ : শিশু কৃষ্ণই ব্রজধামত ক্রীড়া কৰিছিল।

প্রশ্ন ২। গোপশিশুসকলে যশোদাৰ ওচৰত কি গোচৰ দিছিল?
উত্তৰ : শিশুকৃষ্ণই খেলি থাকোঁতে মাটি এলডা খোৱা বুলি গোপশিশুসকলে, যশোদাৰ ওচৰত গোচৰ দিছিল।

প্রশ্ন ৩। গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে?
উত্তৰ : গোপ বালকসকলৰ কথা শুনি যশোদাই মাটি খোৱাৰ কাৰণে কৃষ্ণক কোবাই পিঠিৰ ছাল ফালিব বুলি ক’লে।

প্রশ্ন ৪। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা নাটককেইখনৰ নাম লিখা।
উত্তৰ : মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা নাটককেইখনৰ নাম উল্লেখ কৰা হ’ল-

(i) পত্নীপ্রসাদ (ii) কালিয়দমন (iii) কেলিগোপাল (iv) ৰুক্মিণীহৰণ (v) পাৰিজাত হৰণ (vi) ৰাম বিজয়।

প্রশ্ন ৫। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক সাহিত্যৰ নাম লিখা।
উত্তৰ : মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা অনুৱাদমূলক সাহিত্যসমূহ হৈছে— ভাগৱতৰ প্রথম স্কন্ধ, দ্বিতীয় স্কন্ধ, ষষ্ঠ স্কন্ধ, অষ্টম স্কন্ধ, দশম স্কন্ধ, একাদশ স্কন্ধ, দ্বাদশ স্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড ।

প্রশ্ন ৬। শংকৰদেৱৰ দ্বাৰা ৰচিত তত্ত্বমূলক গ্রন্থসমূহৰ নাম লিখা।
উত্তৰ : শংকৰদেৱ দ্বাৰা ৰচিত তত্ত্বমূলক গ্রন্থসমূহ হৈছে—ভক্তিপ্রদীপ, অনাদিপাতন আৰু নিমি নৱ সিদ্ধ সংবাদ ।

Class 8 Assamese Lesson 15 Question Answer

প্রশ্ন ৭। শিশু লীলা পাঠটি শংকৰদেৱৰ কোনখন গ্ৰন্থৰ অন্তৰ্গত?
উত্তৰ : শিশু লীলা পাঠটি শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত।

প্রশ্ন ৮। কীর্তন ঘোষা কেইটা খণ্ডত বিভক্ত?
উত্তৰ : কীৰ্তন ঘোষা ২৭টা খণ্ডত বিভক্ত।

প্রশ্ন ৯। “বায়ো বেন্ত” শব্দৰ অৰ্থ লিখা।
উত্তৰ : “বায়ো বেও” শব্দৰ অৰ্থ হৈছে “মুখ মেলি”।

প্রশ্ন ১০। বলৰাম কোন?
উত্তৰ : বলৰাম শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠ ভাতৃ।

প্রশ্ন ১১। ব্যাখ্যা কৰা :

(ক) যশোদা সুন্দৰী দেখন্ত পাছে।
সমস্ত জগত গৰ্ভতে আছে।।

উত্তৰ : উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
জগতপতি শ্ৰীকৃষ্ণই মানৱী ৰূপ ধাৰণ কৰি গোপশিশুসকলৰ সৈতে খেলি আছিল। খেলাৰ মাজতে শিশু কৃষ্ণই মাটি এলদা মুখত দিয়ে। বলৰামকে ধৰি অন্যান্য গোপশিশুবিলাকে কৃষ্ণৰ বিপক্ষে যশোদাৰ ওচৰত গোচৰ দিয়ে। যশোদাই মাটি খোৱাৰ বাবে কৃষ্ণক কৃত্ৰিমভাৱে খং কৰাত কৃষ্ণই ভয় খোৱা যেন দেখুৱায়৷ মাকে তেতিয়া মৰম কৰি কৃষ্ণক মাটি খোৱাৰ কাৰণ সোধে। কৃষ্ণই মিছা মতাত মাকে এই কথাৰ সত্যতা নিৰূপণ কৰিবলৈ গৈ শ্ৰীকৃষ্ণৰ মুখত মাটিৰ লদাৰ সলনি সমস্ত জগত দেখা পায়। এইদৰে শ্ৰীকৃষ্ণই মানৱী জনম ধৰি বিভিন্ন ধৰণৰ লীলা-খেলা কৰিছিল।

শিশু লীলা’ ঘোষাটি কোনে ৰচনা কৰিছিল?

উত্তৰ : ‘শিশু লীলা’ ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল।

‘শিশু লীলা’ত কাৰ কথা কোৱা হৈছে?

উত্তৰ : ‘শিশু লীলা’ ত শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল?

উত্তৰ : শিশু কৃষ্ণই বলৰাম আৰু অন্যান্য গোপশিশুসকলৰ লগত খেলিছিল।

খেলি থকা সময়ত কৃষ্ণই কি খাইছিল?

উত্তৰ : খেলি থকা সময়ত কৃষ্ণই এক লদা মাটি খাইছিল।

গোপশিশুসকলে যশোদাক কি গোচৰ দিছিল?

উত্তৰ : শিশুকৃষ্ণই মাটি খোৱা বুলি গোপশিশুসকলে যশোদাক গোচৰ দিছিল।

গোপবালকসকলৰ কথা শুনি যশোদাই কি কৰিলে?

উত্তৰ : গোপবালকসকলৰ কথা শুনি যশোদাই মাটি খোৱাৰ কাৰণে কোবাই ছাল ফালি দিব বুলি শিশুকৃষ্ণক ধম্‌কি দিলে।

বলাই বুলি কাৰ কথা কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি?

উত্তৰ : বলাই বুলি বলৰামৰ কথা কোৱা হৈছে। কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক হৈছে তেওঁ শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠ ভাতৃ।

Leave a Comment