সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer – অসমীয়া

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer | সংস্কৃতি আৰু আমাৰ জীৱন প্ৰশ্ন উত্তৰ |  Class 8 Assamese Lesson 14 Question Answer

শ্ৰেণী অষ্টম শ্ৰেণী অসমীয়া
বিষয় অসমীয়া
পাঠ সংস্কৃতি আৰু আমাৰ জীৱন
পাঠ 14
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। উত্তৰ দিয়া :
(ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন?
উত্তৰ : সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন।

(খ) সমাজ কাৰ দ্বাৰা গঠিত হয়?
উত্তৰ : সমাজ মানুহৰ দ্বাৰা গঠিত হয়।

(গ) সংস্কৃতিৰ অন্যতম উপাদান কি?
উত্তৰ : একোখন সমাজত বসবাস কৰা মানুহে যি আচৰণ কৰে তাকেই সেইখন সমাজৰ সংস্কৃতি বুলি কোৱা হয়। সংস্কৃতিৰ অন্যতম উপাদান হ’ল আচাৰ-আচৰণ।

(ঘ) কৃষ্টিৰ উৰ্বৰা পথাৰৰপৰা কি বোটলা হয়?
উত্তৰ : কৃষ্টিৰ উৰ্বৰা পথাৰৰপৰা সংস্কৃতিৰ শইচ বোটলা হয়।

(ঙ) সৎপ্ৰবৃত্তিৰ লোক হ’বলৈ কি কৰিব লাগে?
উত্তৰ : সৎপ্ৰবৃত্তিৰ লোক হ’বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে।

(চ) সংস্কৃতিৰ ৰূপ দুটা কি কি?
উত্তৰ : সংস্কৃতিৰ ৰূপ দুটা হৈছে—বাহ্যিক আৰু আভ্যন্তৰীণ।

(ছ) মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি?
উত্তৰ : মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হৈছে চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।

(জ) কৃষ্টিৰ আধাৰ কি?
উত্তৰ : কৃষ্টিৰ আধাৰ হৈছে কৃষি।

(ঝ) ‘দখনা’ আৰু ‘চৌবন্দী’ মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক?
উত্তৰ : দখনা আৰু চৌবন্দী মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক ।

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer

প্রশ্ন ২। চমু উত্তৰ দিয়া :

(ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি?
উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে, যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰপৰা তুলি নি দিব্য প্রকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়—মানুহৰ সেই কথা, সেই চিন্তা বা সেই কামকেই সংস্কৃতি বুলি কোৱা হয়।

(খ) সাংস্কৃতিক বৈচিত্র্যৰ কাৰণসমূহ কি কি?
উত্তৰ : সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ হ’ল জলবায়ুৰ ভিন্নতা, খাদ্যৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য ইত্যাদি। জলবায়ুৰ ভিন্নতাৰ বাবে বিভিন্ন লোকৰ সংস্কৃতি বেলেগ বেলেগ হোৱা দেখা যায়। সেইদৰে খাদ্যৰীতিৰ অভ্যাস বা লোকসকলে মানি চলা জীৱনশৈলীৰ ক্ষেত্ৰত থকা বিচিত্ৰতায়ো সাংস্কৃতিক বৈচিত্ৰ্যৰ আন আন উল্লেখযোগ্য কাৰণ বুলি ক’ব পাৰি।

(গ) খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায় ?
উত্তৰ : খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰে। বিভিন্ন অঞ্চলত বাস কৰা লোকসকলৰ খাদ্যাভাস ভিন ভিন হয়। নৈপৰীয়া অঞ্চলৰ লোকসকলে সাধাৰণতে মাছ খাই ভাল পায়। সেইবোৰ অঞ্চলত মাছৰ প্ৰচলন অধিক হোবা দেখা যায়। সেইদৰে আন অঞ্চলৰ লোকৰ মাজত খাদ্যৰ ক্ষেত্ৰত থকা বিভিন্নতালৈ লক্ষ্য কৰি ই সংস্কৃতিত প্ৰভাৱ পেলায় বুলি ক’ব পাৰি।

(ঘ) সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে?
উত্তৰ : মানুহ সামাজিক জীৱ। সমাজ এখনৰ সকলো ধৰণৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, শিষ্টাচাৰ, নীতি-নিৰ্দেশনা পালন কৰি মানুহ ডাঙৰ-দীঘল হয়। আমাৰ জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপ গীত-মাত, নাচ-গান, চিত্র-কলা, স্বাপত্য- ভাস্কৰ্য আৰু উৎসৱ-পাৰ্বণ আদিৰ মাজেৰে গোটেই মানৱ জীৱনৰ ৰুচিবোধ, কল্পনাশক্তি আৰু জীৱনশৈলীৰ মহত্ত্ব প্রতিফলিত হয়। উক্ত সাংস্কৃতিক উপাদানসমূহে আমাৰ অন্তবৰ সুকোমল অনুভূতিসমূহ জগাই তোলে। সামাজিক পৰম্পৰাসমূহ মানুহৰ জীৱনত অতি প্রয়োজনীয়। ইয়াৰ লগত মানুহৰ জীৱন ওতপ্রেতাভাৱে জড়িত হৈ পৰে।

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer

প্রশ্ন ৩। বুজাই লিখা :

(ক) বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ।
উত্তৰ : সংস্কৃতিক আমি দুটা ৰূপত ভগাব পাৰোঁ—এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। বাহ্যিক ৰূপ বুলিলে যিটো ৰূপে মানুহ এজনক বাহিৰৰপৰা আমাৰ লগত পৰিচয় কৰাই দিয়ে তাকে বুজোঁ। যেনে নৃত্য এটি পৰিবেশন কৰোঁতে যিবোৰ কলা-কৌশল তাৰ লগত যুক্ত হৈ থাকে সেইবোৰক বাহ্যিক ৰূপ বোলে।

আনহাতে আভ্যন্তৰীণ ৰূপৰ দ্বাৰা মানুহ এজনৰ অভ্যন্তৰৰ বিষয়ে জানিব পাৰি। যেনে নৃত্য এটাৰ ৰসাস্বাদন কৰি লৰ্ভা বিমল আনন্দ আভ্যন্তৰীণ ৰূপৰ অন্তৰ্গত। ধুনীয়াকৈ সাজ-পোছাক পিন্ধা কার্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক আনহাতে আনৰ প্রতি মানুহে যি আচৰণ প্ৰদৰ্শন কৰে সেই আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ পৰিচায়ক। সেয়েহে আভ্যন্তৰীণ সংস্কৃতিৰ লগত মানুহৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যেনে উচিত-অনুচিত, ন্যায়-অন্যায়, কৰণীয়-আকৰণীয় আদি জড়িত হৈ থাকে।

(খ) জলবায়ু আৰু খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে?
উত্তৰ : জলবায়ু আৰু খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত অৰিহণা যোগায়৷ কাৰণ ভিন ভিন জলবায়ুৰ লোকৰ সংস্কৃতি ভিন ভিন হোৱা দেখা যায়। কোনো এটা অঞ্চলৰ জলবায়ুৰ ওপৰত সেই অঞ্চল পৰিৱেশে ক্ৰিয়া কৰে। সেইদৰে খাদ্যৰীতিৰ ওপৰতো পৰিৱেশে ক্ৰিয়া কৰা দেখা যায়। নৈ-পৰীয়া অঞ্চলৰ লোকৰ খাদ্যৰীতি, পাহাৰীয়া অঞ্চলৰ খাদ্যৰীতিৰ লগত নিমিলে। সেইদৰে যি ঠাইৰ জলবায়ু তপত সেই ঠাইৰ খাদ্যৰীতি শীতল জলবায়ুৰ খাদ্যৰীতিতকৈ পৃথক হোৱা দেখা যায়। গতিকে জলবায়ু, খাদ্যৰীতি আদিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন অঞ্চলৰ সংস্কৃতি গঢ় লৈ উঠিছে আৰু ই সংস্কৃতিৰ বিকাশত অৰিহণা যোগাইছে।

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer

প্রশ্ন ৪। ব্যাখ্যা কৰা :

(ক) সংস্কৃতি হ’ল জাতীয় জীৱনৰ চালিকা শক্তি।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘সংস্কৃতি আৰু আমাৰ জীৱন’ পাঠটিৰ পৰা তুলি লোৱা হৈছে। কোনো এটা জনগোষ্ঠীৰ লোকে জন্মৰ পৰা মৃত্যুলৈকে যিবিলাক আচাৰ, ৰীতি-নীতি, বিশ্বাস আদি পালন কৰে সেই গোটেইবোৰকে একেলগে সংস্কৃতি বুলি কোৱা হয়।

এখন সমাজত সংস্কৃতি গঢ় লৈ উঠে। এই সমাজ মানুহৰদ্বাৰা গঠিত হয়। একোখন সমাজত বাস কৰা মানুহে যি ধৰণৰ আচৰণ কৰে সেয়ে হৈছে সংস্কৃতি। সংস্কৃতি মানৱ আচৰণৰ বহিঃপ্রকাশ। মানুহৰ আচাৰ-আচৰণৰ দ্বাৰা ব্যক্তিগত চিন্তা-ভাৱনা প্ৰকাশ হোৱাৰ লগতে সামাজিক মানো প্রতিফলিত হয়। ভিন ভিন সামাজিক পৰিৱেশত বাস কৰা লোকসকলৰ আচাৰ-আচৰণ বিভিন্ন হয়। সেয়েহে সংস্কৃতিক জাতীয় জীৱনৰ চালিকা শক্তি বুলি ক’ব পাৰি।

লগতে পঢ়ক  পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 | সকলো প্ৰশ্নৰ উত্তৰ | পাঠ 10 |

(খ) সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সোপান।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘সংস্কৃতি আৰু আমাৰ জীৱন’ পাঠটোৰপৰা উদ্ধৃত কৰা হৈছে। সংস্কৃতি হৈছে জীৱনৰ চালিকা শক্তি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে যি কথা, যি কাম বা যেনে ধৰণৰ চিন্তাধাৰাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা উন্নত পৰ্যায়লৈ উপনীত কৰে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীবনৰ সম্পূৰ্ণ আনন্দ লাভ কৰাৰ বাট দেখুৱাই দিয়ে, মানুহৰ তেনে ধৰণৰ কথা, চিন্তা বা কামকেই সংস্কৃতি বুলি কোৱা হয়। গতিকে এই কথাষাৰৰ আধাৰত আমি ক’ব পাৰোঁ যে যিবিলাক সুকুমাৰ কলা, কাম আৰু গুণৰাশিয়ে মানৱ জীৱনক সুন্দৰ কৰি তোলে, যাৰ দ্বাৰা মানৱ জীৱন শক্তিশালী হয়, সেইবোৰেই হৈছে সংস্কৃতিৰ মূল আধাৰ।

Class 8 Assamese Lesson 14 Question Answer

(গ) মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তগর্ত, ‘সংস্কৃতি আৰু আমাৰ জীৱন’ নামৰ পাঠটোৰপৰা উদ্ধৃত কৰা হৈছে।
মানুহৰ আৱেগ অনুভূতিসমূহ চৌপাশৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। প্ৰকৃতিৰ ৰংচঙীয়া ৰূপে মানুহৰ মনবোৰ ৰঙিয়াল কৰি তোলে। প্ৰকৃতিৰপৰা আমি কল্পনাৰ আৰু সৃষ্টিৰ খোৰাক লাভ কৰোঁ। বসন্তকালৰ প্ৰকৃতিৰ অপৰূপ শোভাই আমাৰ মনবোৰ ৰঙিয়াল কৰি তোলে। হৰিণ এটিয়ে ছন্দায়িত খোজেৰে যেতিয়া জপিয়াই আঁতৰি যায়, তাৰ মাজতেই শিল্পী সাহিত্যিক অনুপম সৃষ্টিৰ প্ৰেৰণা লাভ কৰে।

আমাৰ ব্ৰহ্মপুত্ৰ, বৰাক আদি বিভিন্ন নদী, চৌপাশে থকা সেউজীয়া পাহাৰ, গছ-লতা, পশু-পক্ষী আৰু ইয়াত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰি সকলো সাহিত্যৰ সৃষ্টি হৈছে। গতিকে ক’ব পাৰি যে মানুহৰ মনৰ আৱেগ অনুভূতিসমূহৰ মূল উৎস হৈছে চৌপাশে থকা বিনন্দীয়া প্রকৃতি।

Related Posts:

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer

(খ) : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৫। (ক) কৃষ্টি আৰু স্তুতি শব্দৰ শেষৰ টি, তি ধ্বনিৰ মিল থকা শব্দ লিখা।
উত্তৰ : কৃষ্টি, দৃষ্টি, সৃষ্টি, বৃষ্টি, তুষ্টি, পুষ্টি, খাঁটি, ত্রুটি, স্তুতি, নতি, প্রীতি, ধৃতি, কৃতি, প্রতি, নাতি, খ্যাতি।

(খ) সংস্কৃতি—সম + কৃতি, এনেধৰণে শব্দৰ আগত সম্ উপসর্গ যোগ কৰি সংস্কাৰ, সংযম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনে ধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত পাঁচটাকৈ শব্দ লিখি বাক্য সাজা।
উত্তৰ :

প্রতিঅৱঅনু বিউৎ
প্রতিবাদঅৱতৰণঅনুগ্রহবিশেষউল্লিখিত
প্ৰতিকাৰঅবস্থাঅনুসৰণ বিশিষ্টউৎপত্তি
প্ৰতিৰোধঅৱহেলাঅনুমতি বিশালউৎপাদন
প্রতিদানঅৱনতিঅনুসন্ধান বিহীনউন্নত
প্রতিষ্ঠাঅৱতাৰঅনুৰোধবিষয় 

প্রতিবাদ – প্রতিবাদকাৰী জনতাৰ ওপৰত পুলিচে নির্বিচাৰে গুলীচালনা কৰিলে।
প্ৰতিকাৰ — যিকোনো ৰোগৰ ক্ষেত্ৰতেই ততালিকে প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগে।
প্ৰতিৰোধ – ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্রহণ কৰিছে।
প্রতিদান – পিতৃ-মাতৃয়ে নিজ সন্তানৰপৰা কেতিয়াও কোনো ধৰণৰ প্ৰতিদান আশা নকৰে।
প্রতিষ্ঠা – ষষ্ঠীত প্রতিষ্ঠা কৰা দেৱীক দশমীত বিসর্জন দিয়া হয়।
অৱতৰণ – নীল আমষ্টং হৈছে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা প্ৰথম মানৱ।
অৱস্থা – ৰোগীগৰাকীৰ অৱস্থা লাহে লাহে ভাললৈ আহিবলৈ ধৰিছে।
অৱহেলা – কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিতে মোমায়েকক দুচোৱাকৈ কাটিছিল।
অৱনতি – দেউতাকৰ মৃত্যুৰ লগে লগে ঘৰখনৰ অৱস্থাৰ যথেষ্ট অৱনতি ঘটিছে।
অৱতাৰ – দুষ্টক দমন কৰিবলৈ বিষ্ণুৱে বিভিন্ন ৰূপত পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিছে।
অনুৰোধ – দৰ্শকৰ অনুৰোধ এৰাব নোৱাৰি গায়কজনে পুনৰ গান গাবলৈ আৰম্ভ কৰিলে।
অনুগ্রহ – ৰাইজৰ অনুগ্ৰহত ল’ৰাজনে কামটো কৰাৰ সুবিধা লাভ কৰিলে।

অনুসৰণ – পুলিচে মনে মনে চোৰকেইটাক অনুসৰণ কৰিছে।
অনুমতি – সভাপতিৰ অনুমতি সাপেক্ষে লোকজনে দুআষাৰমান ক’বলৈ থিয় হ’ল।
অনুসন্ধান – পুলিচৰ অনুসন্ধান মর্মে চোৰাং-চিকাৰীৰ দলটো ধৰা পৰিবলৈ সক্ষম হ’ল।
বিষয় – অসমৰ সকলো বিদ্যালয়তে অসমীয়া বিষয়টো বাধ্যতামূলক হোৱা উচিত।
বিশেষ – সভালৈ বিশেষ বিশেষ ব্যক্তিসকলক আমন্ত্রণ জনোৱা হৈছে।
বিশিষ্ট – বিশিষ্ট বুদ্ধিজীৱি, সমালোচকসকলে উক্ত সভাখনত অংশগ্রহণ কৰিছে।
বিহীন – গাড়ীখন দুদিন ধৰি গৰাকীবিহীনভাবে ইয়াত পৰি আছে।
বিশাল – সেই বিশাল আকাৰৰ গছজোপাই গোটেই অঞ্চলটো আৱৰি আছে।
উন্নত – অঞ্চলটোৰ বাট পথৰ অৱস্থা উন্নত কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত আবেদন জনাইছে।
উল্লিখিত – উল্লিখিত নির্দেশনা মর্মে কামখিনি কৰিবলৈ ছাত্ৰসকলক নির্দেশ দিয়া হৈছে।
উদাহৰণ – কিতাপখনত অংককেইটা কি ধৰণে কৰিব লাগিব তাৰ উদাহৰণ দাঙি ধৰা হৈছে।
উৎপত্তি – ব্রহ্মপুত্র নদী হিমালয় পৰ্বতৰ মানস সৰোবৰ হ্ৰদৰপৰা উৎপত্তি হৈছে।
উৎপাদন – ধান উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে।

প্রশ্ন ৬। পাঠটোত থকা যুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা।
উদাহৰণ : আচাৰ – আচৰণ।
উত্তৰ : চিন্তা-ভাবনা, ৰীতি-নীতি, খেতি-পথাৰ, ধ্যান-ধাৰণা, আচাৰ-বিচাৰ, মেখেলা-চাদৰ, জাতি-জনগোষ্ঠী, ন্যায়-অন্যায়, সাজ-পোচাক, কৰণীয়-অকৰণীয়, শিল্পী-সাহিত্যিক, গছ-লতা, পশু-পক্ষী, গীত-মাত, নাচ-গান, চিত্রকলা, স্থাপত্য-ভাস্কর্য, উৎসৱ-পাৰ্বণ, নীতি-নির্দেশনা ইত্যাদি।

লগতে পঢ়ক  বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer | প্ৰশ্ন উত্তৰ | Class 8

প্রশ্ন ৭। অর্থ প্রকাশ হোৱাকৈ বাক্য ৰচনা কৰা।
উত্তৰ : আচাৰ-বিচাৰ—কৃষিভিত্তিক সমাজ এখনৰ আচাৰ-বিচাৰ আৰু শিল্পভিত্তিক সমাজ এখনৰ আচাৰ-বিচাৰ একে নহ’বও পাৰে।
সাজ-পোচাক – বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ভিন ভিন সাজ-পোচাক পৰিধান কৰে।
পেট-পূজা – আজি আমি লুচি আৰু পায়সেৰে পেট-পূজা কৰিলোঁ।
বিনন্দীয়া—বসন্তকালত প্ৰকৃতি বিনন্দীয়া ৰূপত উদ্ভাসিত হৈ উঠে।

উৎসব-পার্বণ – বেলেগ বেলেগ জনগোষ্ঠীৰ লোকসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বন পালন কৰা দেখা যায়।

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer

গঃ জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন ৮। (ক) কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ-উৎসৱ কেইটামানৰ নাম লিখা।
উত্তৰ : কৃষিভিত্তিক অসমীয়া সমাজত প্ৰচলিত কেতবোৰ আচাৰ-উৎসৱ হৈছে— বিহু, গোচ লোৱা, লখিমী চপোৱা, সাউৰী খোৱা, ন-খোৱা, গোৱালপাৰাত প্ৰচলিত হুদুমদেউ পূজা, ভাংপোতা উৎসৱ, গোচ উঠা, আগ-অনা, ধান কটা উৎসৱ, ভেকুলী বিয়া, ভঠেলি বা সোৰি বা সুৱেৰি উৎসৱ, বাঁহ পূজা ইত্যাদি।

(খ) শিল্পভিত্তিক সমাজ বুলিলে কি বুজা?
উত্তৰ : শিল্প-উদ্যোগক আধাৰ কৰি যিবিলাক সমাজ পৰিচালিত হয় সেই সমাজক শিল্পভিত্তিক সমাজ বুলি ক’ব পাৰি। উৎপাদন ব্যৱস্থাৰ বৈশিষ্ট্যৰ বাবে এনে সমাজৰ আচাৰ-নীতি বা সাংস্কৃতিক উপাদান কৃষিভিত্তিক সমাজতকৈ পৃথক ধৰণৰ হয়৷ এনে সমাজৰ ভাব-চিন্তা বা মূল্যবোধো বেলেগ ধৰণৰ হয়।

প্রশ্ন ৯। “একোটা অঞ্চলতে পৰিধান কৰা সাজ-পোছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবোধ প্ৰতিফলিত কৰে।” —নিজৰ নিজৰ সাজ-পোছাকে কেনে ধৰণে এখন নিৰ্দিষ্ট ঠাইৰ সংস্কৃতিৰ পৰিচয় দাঙি ধৰে উদাহৰণৰ সৈতে বুজাই লিখা।
উত্তৰ : প্ৰত্যেক লোকসমাজৰ জনসাধাৰণৰ মাজত কেতবোৰ নির্দিষ্ট সাজ- পোছাক প্রচলন থকা দেখা যায়। সেই সাজ-পোছাকৰ দ্বাৰা সেই লোকসকলৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰি। উদাহৰণস্বৰূপে আমি অসমীয়া লোকসমাজৰ কথা ক’ব’ পাৰোঁ। এই সমাজৰ নাৰীসকলৰ প্ৰধান সাজ-পাৰ হৈছে মেখেলা চাদৰ। অসমীয়া তিৰোতাসকলে বিভিন্ন সূতাৰে তৈয়াৰ কৰা মেখেলা চাদৰ পৰিধান কৰে। সাধাৰণ অৱস্থাত তেওঁলোকে কপাহেৰে নিৰ্মিত সূতাৰ কাপোৰ পৰিধান কৰে। মৃগা সূতাৰ দ্বাৰা নিৰ্মিত কাপোৰ বিহু আদি অনুষ্ঠানত পৰিধান কৰে। ইয়াৰ উপৰি পাটৰ কাপোৰো বিশেষ বিশেষ অনুষ্ঠান, উৎসৱ-পাৰ্বণ আদিত পৰিধান কৰা দেখা যায়। গতিকে সাজ-পোছাকৰ দ্বাৰা এখন নিৰ্দিষ্ট ঠাইৰ সংস্কৃতিৰ আভাস পাব পাৰি।

প্রশ্ন ১০। গীত-মাত, নাচ-বাদ্য, চিত্র-কলা, স্থাপত্য-ভাস্কৰ্য আৰু উৎসৱ-পাৰ্বণ আদিক আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপ বুলি কিয় কোৱা হয়? এইবোৰ উপাদানে সংস্কৃতি গঢ়ি তোলাত কিদৰে সহায় কৰে বুলি তুমি ভাবা, বুজাই লিখা।
উত্তৰ : আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগ হৈছে গীত-মাত, নাচ-বাদ্য, চিত্র-কলা, স্থাপত্য-ভাস্কর্য, উৎসৱ-পাৰ্বণ আদি। এইবোৰৰ মাজেৰে সমাজ এখনৰ লোকসকলৰ ৰুচিবোধ, কল্পনাশক্তি আৰু জীৱনশৈলীৰ মহত্ব প্রতিফলিত হয়। এখন সমাজৰ সামাজিক ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান, শিষ্টাচাৰ, নীতি নিৰ্দেশনা আদি সকলোবোৰৰ মাজে সেই সমাজখনৰ সংস্কৃতি প্রতিফলিত হয়। এইবোৰেই হৈছে সংস্কৃতিৰ গৌৰৱময় উপাদান। মানুহৰ অন্তৰৰ সুকোমল অনুভূতিক প্রকাশ কৰোৱাত আৰু মানুহৰ কল্পনাক বাস্তৱ ৰূপ দিয়াত গীত-মাত, নাচ-গান, চিত্র- কলা, স্থাপত্য-ভাস্কর্য উৎসৱ-পার্বণ আদি সংস্কৃতিৰ উপাদানসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। গতিকে আমাৰ জীৱনক গৰিমাময় কৰি তোলাত সংস্কৃতি উপাদানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Class 8 Assamese Lesson 14 Question Answer

প্রশ্ন ১১। “সংস্কৃতিৰ দুটা ৰূপ—এটা বাহ্যিক আনটো আভ্যন্তৰীণ।” পাঠটোত বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপৰ দুটা উদাহৰণ দিয়া হৈছে। পঢ়ি বুজি লোৱা আৰু তুমি নিজে ভাবি দুটা উদাহৰণ যুগুত কৰা।
উত্তৰ : সংস্কৃতিৰ দুটা ৰূপ—এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। ইয়াৰ উদাহৰণ হৈছে—সৰু ল’ৰা এটাই দিনটোৰ বেছি ভাগ সময় ধূলি-বালি-মাটি-পানী আদিৰে খেলা খেলি থাকে। ফলত সি অতি লেতেৰা হৈ থাকে। লেতেৰা হৈ থকা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক। আনহাতে ল’ৰাজনৰ মাত-কথা বৰ ভাল। সি অতি দয়ালু আৰু মৰমিয়াল। ল’ৰাজনৰ আনৰ প্ৰতি দেখুওৱা এই আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ পৰিচায়ক।

প্রশ্ন ১২। তলত বিভিন্ন কামৰ নাম দিয়া হৈছে। এই কামবোৰৰ কোনবিলাক ভাল কাম দলত আলোচনা কৰি বাছি উলিয়াই লিখা আৰু এই কামবোৰে কোনো এটা অঞ্চলৰ সংস্কৃতি গঢ়ি তোলাত কিদৰে বৰঙণি যোগায় সেই বিষয়ে টোকা লিখা।
উত্তৰ : তলত ভাল কামবোৰ উল্লেখ কৰা হ’ল-
• আনৰ প্ৰতি গুৰুত্ব দিয়া।
• আনক সন্মান জানোৱা।
• প্রয়োজন অনুসৰি কথা কোৱা।
• মধুৰ কথাৰে আনক সম্মান জনোৱা।
• পথেৰে পাৰ হওঁতে সাৱধান, হোৱা।
° আনৰ সুবিধা-অসুবিধালৈ লক্ষ্য কৰা।
• মার্জিত সাজ-পোছাক পৰিধান কৰা।
° গছ-গছনি, ফুল আদি ৰুই প্রতিপালন কৰা।
° লোক-গীত নাট-ভাওনা আদিৰ প্ৰতি সন্মান জানোৱা আৰু অনুশীলন কৰা।
° পিতৃ-মাতৃ, ভাই-ভনী আৰু ওচৰ চুবুৰীয়াৰ প্ৰতি কৰ্তব্য পালন কৰা।
• উৎসৱ-পাৰ্বণত অংশগ্ৰহণ কৰা।
° সমনীয়াৰ প্ৰতি সহানুভূতিশীল হোৱা।

° শিক্ষাগুৰুৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰা।
মানুহে বাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এই সময়ছোৱাত বিভিন্ন ধৰণৰ কাৰ্য সমাধা কৰে। মানুহে দৈনন্দিন জীৱনত যিবোৰ কাৰ্য সম্পাদন কৰে তাকে সংস্কৃতি বুলি কোৱা হয়। গতিকে কোনো এটা অঞ্চলৰ মানুহে কেৱল ভাল কামবোৰ কৰিলে সেই অঞ্চলৰ সংস্কৃতি গঢ়ি তুলিব পাৰে। আমি সদায় আনৰ প্রতি সহানুভূতিশীল হ’ব লাগে, আনৰ প্ৰতি গুৰুত্ব দিয়া, আনক সন্মান জনোৱা, মধুৰ ভাবে কথা কোৱা, আনৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰখা। আমাৰ পৰম্পৰাগত গীত, মাত, নাট-ভাওনাৰ প্ৰতি সন্মান জনোৱা আৰু এইবোৰ অনুশীলন কৰা, বিভিন্ন উৎসৱ-পাৰ্বণত ভাগ লোৱা, শিক্ষাগুৰুৰ প্ৰতি সন্মান জনোৱা, পিতৃ-মাতৃ, ভাই-ভনী আৰু ওচৰ চুবুৰীয়াৰ প্ৰতি থকা আমাৰ কৰ্তব্য পালন কৰা, মার্জিত সাজ-পোছাক পৰিধান কৰা আদি সু-সংস্কৃতিসম্পন্ন মনৰ পৰিচায়ক। এই কামৰ দ্বাৰা আমি কোনো এটা অঞ্চলৰ সংস্কৃতি গঢ়ি তুলিব পাৰোঁ।

লগতে পঢ়ক  শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Question Answer - অসমীয়া অষ্টম শ্ৰেণী

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer

ঘ: প্রকল্প

প্রশ্ন ১। (ক) আমাৰ সমাজৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা সাজ-পোছাকৰ বৈশিষ্ট্য সম্পর্কে টোকা প্ৰস্তুত কৰা।
উত্তৰ : প্ৰাচীন অসমৰ মহিলাসকলে একবস্ত্ৰ পৰিধান কৰিছিল বুলি আমি প্রাচীন সাহিত্যৰ পৰা জানিব পাৰোঁ। ৰিহা-মেখেলা আহোম কছাৰীৰপৰা অহা বুলি কোনো কোনোৱে ক’ব খোজে। সাধাৰণ অসমীয়া আৰু জনজাতিৰ মহিলাই বুকুত মেথনি মাৰি আঠুৰ ওপৰলৈ পেলাই মেখেলা পিন্ধে। উচ্চ শ্রেণীৰ মহিলাই ভৰিৰ সৰু গাঁঠিলৈকে পেলাই সমুখৰ পিনে দুটামান দীঘল ভাঁজ দি মেখেলা পিন্ধে। বুকুৰপৰা কঁকাললৈ ঘূৰাই ঘূৰাই ৰিহা লয়। আহোম যুগৰ পৰা অসমীয়া সাজ-পাৰত বিদেশী প্ৰভাৱ পৰা দেখা যায়। কাপোৰ সী লোৱা প্ৰথাৰ প্ৰচলন এই সময়ৰ পৰাই হয় বুলি ভাবিবৰ থল আছে।

(খ) আমাৰ সমাজৰ ভিন্ন জনগোষ্ঠীৰ দ্বাৰা উদযাপিত সাংস্কৃতিক উৎসৱবোৰৰ বিষয়ে টোকা লিখা।
উত্তৰ : অসমৰ মূল সংস্কৃতি কৃষিমুখী বা গ্রাম্য সংস্কৃতি। গতিকে খেতি-বাতিৰ লগত জড়িত বিভিন্ন উৎসৱ ইয়াৰ ভিন্ন জনগোষ্ঠীৰ দ্বাৰা উদযাপন কৰা হয়। কৃষি উৎসৱ ঘাইকৈ তিনিটা—বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। মিছিংসকলৰ কৃষিমূলক উৎসৱ হৈছে—আলি-আয়ে-লৃগাং। আহু বা বাও ধান সিচিবৰ দিনা এই উৎসৱৰ আয়োজন কৰা হয়। ডিমাছাসকলে কৃষিধর্মী বসন্তোৎসৱ ফাণ্ডন-চ’তৰ দোমাহীৰ সময়ত অনুষ্ঠিত কৰে। ত্ৰিপুৰাৰ ত্ৰিপুৰীসকলে বহাগ মাহত বসন্তোৎসৱ আয়োজন কৰে আৰু বিহুৰ সাতদিনৰ দিনা ‘গৰিমা’ পূজাৰ আয়োজন কৰে।

ৰাভাসকলে বসন্তোৎসৱ বায়খু’ পালন কৰে। এই উৎসৱত তেওঁলোকে লোকাচাৰসন্মতভাৱে দেৱ-দেৱীক পূজা দিয়ে। ভৈয়ামত বাস কৰা টাই বৌদ্ধধৰ্মী লোকসকলে পালন কৰা উৎসৱক ‘পয়চাংকেন্’ বুলি কোৱা হয়। টাই-খামতি, টাই-ফাকে, টাই আইতন, টাই-তুৰং আৰু টাই খাময়াংসকলে এই উৎসৱ পালন কৰে। তেওঁলোকে এই উৎসৱ উপলক্ষে বুদ্ধ মূৰ্তি মন্দিৰৰ বাহিৰলৈ নি গা-ধুৱায় আৰু ডেকা-গাভৰু সকলে বোকা পানী ছটিয়াই ধেমালি কৰি স্নান কৰে। সেইবাবে এই উৎসৱক পয়-চাম নাম বুলি কোৱা হয়। এইদৰে আমাৰ সমাজৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে পালন কৰা বিভিন্ন উৎসৱৰ এক সম্যক ধাৰণা দাঙি ধৰা হৈছে।

সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। সংস্কৃতিৰ মূল উৎসসমূহ কি কি?
উত্তৰ : সংস্কৃতি হৈছে পুথিগত শিক্ষাৰ উপৰি বিভিন্ন শিক্ষা আহৰণৰ দ্বাৰা হোৱা মানসিক উৎকর্ষ সাধন। সামাজিক ৰীতি-নীতি, আচাৰ-আচৰণ, বিয়া সবাহ, গীত-মাত, খেলা-ধূলা, খোৱা-বোৱা, সাজ-পোছাক আদি উপাদান স্তূপিকৃত সম্ভাৰেই `হৈছে সংস্কৃতিৰ মূল উৎস।

প্রশ্ন ২। কৃষিভিত্তিক সমাজ আৰু শিল্পভিত্তিক সমাজ কাক বোলে লিখা।
উত্তৰ : কৃষিকৰ্মক কেন্দ্ৰ কৰি গঢ়ি উঠা সমাজ ব্যৱস্থাক কৃষিভিত্তিক সমাজ বোলে। এই কৃষিক কেন্দ্ৰ কৰিয়েই কৃষি সংস্কৃতি গঢ় লৈ উঠিছে। কৃষিৰ লগত জড়িত নানা উৎসৱ অনুষ্ঠানে কৃষি সংস্কৃতিক সমৃদ্ধ কৰি তোলে। এই উৎসৱসমূহ হৈছে—–গোছ লোৱা, লখিমী চপোৱা, সাউৰী খোৱা, ন-খোৱা আদি। এই অনুষ্ঠানবোৰৰ লগত সংগতি ৰাখি গীত-মাত পৰিৱেশন কৰা হয়। এইবোৰে কৃষিভিত্তিক সংস্কৃতিত ৰহণ চৰায় ৷ শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত হোৱা সমাজক শিল্পভিত্তিক সমাজ বুলি কোৱা হয়। উৎপাদন ব্যৱস্থাৰ বৈশিষ্ট্য থকা বাবে এনে সমাজৰ আচাৰ, নীতি বা সাংস্কৃতিক উপাদান পৃথক ধৰণৰ হয়।

প্রশ্ন ৩। সংস্কৃতিৰ ৰূপৰেখা প্ৰসংগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৈছিল তোমাৰ পাঠৰ আধাৰত লিখা।
উত্তৰ : সংস্কৃতিৰ ৰূপৰেখা প্ৰসংগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল—“যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়—মানুহৰ সেই কথা, সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি।”

প্রশ্ন ৪। সংস্কৃতি গতিশীল কিয় হ’ব লাগে?
উত্তৰ : মানুহে জন্মৰপৰা মৃত্যুলৈকে যিবিলাক আচাৰ-অনুষ্ঠান পালন কৰে সেই বিলাকত সংস্কৃতিৰ প্ৰতিফলন ঘটে। সেইবাবে এটা জাতি বা এখন সমাজ চহকী হ’বলৈ হ’লে বা জীয়াই থাকিবলৈ হ’লে সেই জাতিৰ নিজস্ব সংস্কৃতিক গতিশীল কৰি তুলিব লাগিব।

প্রশ্ন ৫। সমাজৰ কৃষ্টি-সংস্কৃতিৰ উন্নীতকৰণ কিদৰে হ’ব পাৰে?
উত্তৰ : মানুহে সৰুৰে পৰা কোনো এটা পৰিৱেশত থাকি যিবোৰ কাম কৰাৰ অভ্যাস গঠন কৰে সেই কামবোৰ ভাল বা বেয়া দুয়ো ধৰণৰে হ’ব পাৰে। ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব পাৰিলে মানুহজন সৎ প্রবৃত্তিৰ হয়। ভাল কাম আৰু আচৰণে কোনো এখন সমাজৰ কৃষ্টি-সংস্কৃতি উন্নীতকৰণ কৰাৰ লগতে মানুহক সংস্কৃত মনৰো অধিকাৰী কৰি তুলিব পাৰে।

প্রশ্ন ৬। কৃষিক কৃষ্টিৰ আধাৰ বুলি কিয় কোৱা হয়?
উত্তৰ : ভাৰত এখন কৃষি প্রধান দেশ। ইয়াৰ সকলো উৎসৱ-পাৰ্ৱণ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পালন কৰা হয়। সেয়েহে কৃষিক কৃষ্টিৰ আধাৰ বুলি কোৱা হয়।

সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন?

উত্তৰ : সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন।

সমাজ কাৰ দ্বাৰা গঠিত হয়?

উত্তৰ : সমাজ মানুহৰ দ্বাৰা গঠিত হয়।

সংস্কৃতিৰ অন্যতম উপাদান কি?

উত্তৰ : একোখন সমাজত বসবাস কৰা মানুহে যি আচৰণ কৰে তাকেই সেইখন সমাজৰ সংস্কৃতি বুলি কোৱা হয়। সংস্কৃতিৰ অন্যতম উপাদান হ’ল আচাৰ-আচৰণ।

কৃষ্টিৰ উৰ্বৰা পথাৰৰপৰা কি বোটলা হয়?

উত্তৰ : কৃষ্টিৰ উৰ্বৰা পথাৰৰপৰা সংস্কৃতিৰ শইচ বোটলা হয়।

সৎপ্ৰবৃত্তিৰ লোক হ’বলৈ কি কৰিব লাগে?

উত্তৰ : সৎপ্ৰবৃত্তিৰ লোক হ’বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে।

সংস্কৃতিৰ ৰূপ দুটা কি কি?

উত্তৰ : সংস্কৃতিৰ ৰূপ দুটা হৈছে—বাহ্যিক আৰু আভ্যন্তৰীণ।

মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি?

উত্তৰ : মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হৈছে চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।

কৃষ্টিৰ আধাৰ কি?

উত্তৰ : কৃষ্টিৰ আধাৰ হৈছে কৃষি।

‘দখনা’ আৰু ‘চৌবন্দী’ মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক?

উত্তৰ : দখনা আৰু চৌবন্দী মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক ।

Leave a Comment