হোমি জাহাঙ্গীর ভাবা Class 8 Question Answer অসমীয়া | পাঠ 11

হোমি জাহাঙ্গীর ভাবা Class 8 Question Answer | হোমি জাহাঙ্গীর ভাবা প্ৰশ্ন উত্তৰ |  Class 8 Assamese Lesson 13 Question Answer

শ্ৰেণী অষ্টম শ্ৰেণী অসমীয়া
বিষয় অসমীয়া
পাঠ হোমি জাহাঙ্গীর ভাবা
পাঠ 13
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

হোমি জাহাঙ্গীর ভাবা Class 8 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। পাঠটো পঢ়ি প্রশ্নবোৰৰ চমু উত্তৰ দিয়া।
(ক) টোপনি পাতল ল’ৰাজনৰ নাম কি?

উত্তৰ : টোপনি পাতল ল’ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা।

(খ) ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল?
উত্তৰ : ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ হ’ল—ল’ৰাজনৰ অতি তীক্ষ্ণ বুদ্ধি আছিল। সেইবাবে তেওঁৰ মগজুত চিন্তা শক্তিৰ প্ৰবাহ নিৰবচ্ছিন্নভাৱে বৈ থাকিছিল।

(গ) চিকিৎসক দেখুৱাই অনাৰ পাছত মাক-দেউতাকে ল’ৰাজনৰ বাবে কোনে ব্যৱস্থা ল’লে?
উত্তৰ : চিকিৎসকক দেখুৱাই অনাৰ পিছত মাক-দেউতাকে ল’ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে।

(ঘ) হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল?
উত্তৰ : হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰি সংগীত আৰু চিত্ৰাংকণৰ প্ৰতি ৰুচি আছিল।

(ঙ) তেখেত লণ্ডনলৈ কিয় গৈছিল?
উত্তৰ : হোমী জাহাংগীৰ ভাবাই ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল।

(চ) ‘দোৰাবজী টাটা ট্ৰাষ্ট’ৰ সহায়ত তেখেতে কি অনুষ্ঠান প্রতিষ্ঠা কৰে?
উত্তৰ : দোৱাবজী টাটা ট্রাষ্টৰ সহায়ত তেখেতে টাটা ইন্সটিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ নামৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰে।

(ছ) স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল?
উত্তৰ : ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল।

(জ) তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰ : তেখেতৰ প্ৰতি শ্রদ্ধা জনাই মুম্বাইত (বম্বে) ‘ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ’ প্ৰতিষ্ঠা কৰা হৈছিল।

হোমি জাহাঙ্গীর ভাবা Class 8 Question Answer

প্রশ্ন ২। ‘লাহে লাহে কিতাপবোৰ ল’ৰাজনৰ সংগী হৈ পৰিল।’—ইয়াত ল’ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল? বুজাই লিখা।
উত্তৰ : ইয়াত ল’ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। হোমী জাহাংগীৰ ভাবা সৰুৰে পৰাই অতি তীক্ষ্ণ বুদ্ধিৰ ল’ৰা আছিল। তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ মস্তিষ্কত নিৰবচ্ছিন্নভাৱে বৈ থাকিছিল। সেইবাবে তেওঁৰ টোপনি অতি পাতল আছিল। টোপনি পাতল হোৱাৰ কাৰণস্বৰূপে এই কথা চিকিৎসকৰ পৰা জানিব পাৰি মাক-দেউতাকে ল’ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি তেখেতসকলে বিজ্ঞানৰ কিতাপ-পত্ৰৰে এটা গ্ৰন্থাগাৰ পাতি দি ল’ৰাজনক পঢ়া-শুনাৰ সকলো সা-সুবিধা প্ৰদান কৰিলে। শিশুটিয়ে এই কিতাপ-পত্ৰবোৰৰ প্ৰতি অতি মনোযোগী হৈ উঠিল আৰু লাহে লাহে কিতাপবোৰ ল’ৰাজনৰ সংগী হৈ পৰিল।

প্রশ্ন ৩। হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ’ল?
উত্তৰ : ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত হোমী জাহাংগীৰ ভাবা পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ সপোন দেখিছিল। তাৰ বাবে তেখেতে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছিল। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ যি সপোন দেখিছিল, সেই সপোন ফলৱৰ্তী হোৱাৰ আগতেই এক বিমান দুর্ঘটনাত পতিত হৈ ভাবাই মৃত্যুক সাৱটি ল’ব লগা হৈছিল।

Class 8 Assamese Lesson 13 Question Answer

প্রশ্ন ৪। ‘হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল।’—এই কথা পাঠটোত কেনেধৰণে প্রতিফলিত হৈছে লিখা।

লগতে পঢ়ক  শিশু লীলা Class 8 - অষ্টম শ্ৰেণী অসমীয়া | পাঠ 15

উত্তৰ : হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। তেওঁ মুম্বাইত স্কুল-কলেজৰ শিক্ষা শেষ কৰি লণ্ডনত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। তাত তেওঁ প্রখ্যাত গণিতজ্ঞ, পদার্থবিদসকলৰ সংস্পৰ্শলৈ অহাৰ সুবিধা লাভ কৰিছিল৷ হোমী জাহাংগীৰ ভাবা যদিও মেকানিকেল ইঞ্জিনিয়াৰ হৈছিল, কিন্তু তেওঁৰ ভৌতিক শাস্ত্ৰৰ অন্তৰ্গত পৰমাণু বিজ্ঞান অধ্যয়নৰ প্ৰতিহে অধিক ধাউতি আছিল। সেয়েহে তেওঁ পৰম নিষ্ঠাৰে পৰমাণু বিজ্ঞান অধ্যয়ন কৰি মহাজাগতিক ৰশ্মিৰ ‘কাচকেড সূত্র’ আৱিষ্কাৰ কৰি বিশ্ব-বিশ্রুত বিজ্ঞানী হিচাপে পৰিগণিত হৈছিল।

হোমী জাহাংগীৰ ভাবাই বিদেশত থাকিয়েই সুখেৰে দিন কটাব পাৰিলেহেঁতেন; কিন্তু নিজ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়বদ্ধতাৰ বাবে ১৯৪০ চনত ভাৰতবৰ্ষলৈ ঘূৰি আহে৷ তেতিয়াৰ পৰাই এই মহান বিজ্ঞানীজনাই নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ‘ডোৰাবজী টাটা ট্ৰাষ্ট’ৰ সহায়ত ভাবাই ‘টাটা ইন্সটিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ’ প্রতিষ্ঠা কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ভাবাই পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰে। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেওঁ ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ সপোন দেখিছিল। কিন্তু সেই সপোন পূৰণ হোৱাৰ আগতে এক বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হয়।

হোমি জাহাঙ্গীর ভাবা Class 8 Question Answer

খ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৬। ‘হোমী জাহাংগীৰ ভাবা’—পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাচি উলিয়াই লিখা।
উত্তৰ :

১মা বিভক্তি২যা বিভক্তি৩য়া বিভক্তি ৪ৰ্থী বিভক্তি৬ষ্ঠী বিভক্তি৭মী বিভক্তি
চিকিৎসক
সকলেও
ল’ৰাজন,
ইমানেই
নৰিবচ্ছিন্নভাৱে, মাক
দেউতাকে
তেখেতসকলে,
শিশুটিয়ে,
বিজ্ঞানী,
এজন
ইঞ্জিনিয়াৰিং
পৰমাণু
বিজ্ঞান হোমী
জাহাংগীৰ
ভাবাই
এজনক,
‘দেউতাক,শিশুজনক,পল এড্রিয়েন সুখেৰে, মৌৰিচ ডিৰাকক
কিতাপ-
পত্ৰৰে
নিষ্ঠাৰে
কৰিবলৈ
লণ্ডনলৈ, ভাৰতলৈ,সংস্পৰ্শলৈ
শিশুসকলৰ, স্বভাৱৰ, চিকিৎসকৰ, ল’ৰাজনৰ,
| নিদ্রাহীনতাৰ, স্বাস্থ্যৰ,
তীক্ষ্ণ বুদ্ধিৰ, তেওঁৰ,
চিন্তা-শক্তিৰ, বিজ্ঞানৰ,
গ্রন্থাগাৰৰ, পঢ়া-শুনাৰ,
ভাৰতৰ, গণিতশাস্ত্ৰেৰ,
চিত্ৰাংকণৰ স্কুল-কলেজৰ,
পদার্থবিদসকলৰ,
তেখেতৰ শাস্ত্ৰৰ,
পোৱাৰ, মহাজাগতিক
ৰশ্মিৰ, সূত্ৰৰ, জগতৰ,
নিজৰ, দেশৰ, উন্নতিৰ
পৰমাণু শক্তি, আয়োগৰ,
পাৰমাণৱিক শক্তিৰ,
বিজ্ঞানৰ
শৈশৱ কালত,
সৰু কালত,
মস্তিষ্কত,
পৃথিৱীত,
পৰিয়ালত,
মুম্বাইত
বিশ্ববিদ্যলয়ত,
সময়ত,
অধ্যায়নতহে,
পাছত
বিদেশত
দেশত,
দুৰ্ঘটনাত,
ব্ৰিটিছ
গেলাৰীত
ইত্যাদি।

প্রশ্ন ৬। নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা।

উত্তৰ :

শব্দবিভক্তিকাৰক
তেখেততেখেত-একৰ্তাকাৰক
শিশুজনকশিশুজন-ককৰ্মকাৰক
কিতাপ-পত্ৰৰেকিতাপ-পত্ৰ-ৰেকৰণ কাৰক
ভাৰতলৈভাৰত-লৈনিমিত্ত কাৰক
চিকিৎসকৰচিকিৎসক-ৰসম্বন্ধ পদ
শৈশৱকালতশৈশৱকাল-তঅধিকৰণ কাৰক

প্রশ্ন ৭। তলৰ বাক্যবোৰৰ আচঁটনা পদবিলাকৰ বিভক্তি নির্ণয় কৰা আৰু কাৰকৰ নাম লিখা।

উত্তৰ :

 বিভক্তিকাৰক
বেলি ডুবিলত আমি খেল সামৰিলোঁ।ডুবিল-তঅধিকৰণ
ৰহিমে কিতাপ পঢ়ে।কিতাপ-অকর্তা
দুখীয়াৰ প্ৰতি দয়ালু হবা।দুখীয়া – ৰসম্বন্ধ পদ
এইখন মোৰ দেশ।মই- ৰসম্বন্ধ পদ
আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই।পৰীক্ষা-লৈনিমিত্ত
যঁতৰেৰে সূতা কাটিব পাৰি।যঁতৰে-ৰেকৰণ
শিক্ষাগুৰুক ভক্তি কৰিব লাগে।শিক্ষাগুৰু-ককর্ম
ডাৱৰীয়া বতৰত হিমালয় পর্বত নেদেখি।হিমালয় পর্বত(ক)কর্ম
কোনো মানুহক হিংসা নকৰিবা।মানুহ-ককর্ম

হোমি জাহাঙ্গীর ভাবা Class 8 Question Answer

প্রশ্ন ৮। খালী ঠাই পূৰ কৰা : (আঁচটনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।)
উত্তৰ। (ক)

শব্দবিপৰীত অৰ্থ
সফল মাতৃবিফল মাতৃ
তীক্ষ্ণ বুদ্ধিভোটা বুদ্ধি
কোনো সংগতিকোনো বিসংগতি
পাঠ অন্তর্ভূক্তপাঠ বহির্ভূত
তেখেতৰ জন্ম হৈছিলতেখেতৰ মৃত্যু হৈছিল
বৃদ্ধি পাইছিলহ্রাস পাইছিল।

প্রশ্ন ৯। বাক্য ৰচনা কৰা।
অৱদান, ধাউতি, জাকত-জিলিকা, আশ্বাস, গৱেষণা, সিদ্ধান্ত।
উত্তৰ : অৱদান – আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান অপৰিহাৰ্য।
ধাউতি — ল’ৰাজনৰ পঢ়া-শুনাৰ প্ৰতি মুঠেও ধাউতি নাই।
জাকত-জিলিকা – হোমী জাহাংগীৰ ভাবাই পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ সপোন দেখিছিল।
আশ্বাস – মুখ্যমন্ত্ৰীৰ আশ্বাস মৰ্মে শৰণাৰ্থীসকল আশ্রয় শিৱিবৰ পৰা ঘৰলৈ উভতি গৈছে।
গৱেষণা – ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম হৈছে, “আচামিচ; ইটছ ফৰমেচন এণ্ড ডেভেলপমেন্ট।”
সিদ্ধান্ত—সভাপতিয়ে আজিৰ সভাখনৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে পঢ়ক  এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 (প্ৰশ্নৰ উত্তৰ) অষ্টম শ্ৰেণী

প্রশ্ন ১০। যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।
উত্তৰ : কণ্ট
উপলব্ধ
নিদ্রা
বিদ্যু
বিশেষ জ্ঞ
গ্ৰন্থা গাৰ
ঞ্জি
প্রতি জ্ঞা
স্তিষ্ক

প্রশ্ন ১১। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।
উত্তৰ :
সংগী – লগৰী
তীক্ষ্ণ— চোকা
প্রধান—ঘাই, ডাঙৰ, মূখ্য, শ্রেষ্ঠ
গ্রন্থ—কিতাপ, পুথি
কিৰণ–পোহৰ, ৰশ্মি
চিকিৎসক –বৈদ্য, বেজ।

Related Posts:

Class 8 Assamese Lesson 13 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। শিশুকালত হোমী জাহাংগীৰ ভাবাৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল?
উত্তৰ : শিশুকালৰেপৰা, হোমী জাহাংগীৰ ভাবা অতি তীক্ষ্ণ বুদ্ধিৰ ল’ৰা আছিল। তেওঁৰ বুদ্ধি ইমানেই তীক্ষ্ণ আছিল যে তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ তেওঁৰ মস্তিষ্কত নিৰবচ্ছিন্নভাৱে বৈ থাকিছিল। সেইবাবে শিশুকালত তেওঁৰ টোপনি অতি পাতল আছিল।

প্রশ্ন ২। কিতাপ হোমী জাহাংগীৰ ভাবাৰ কিদৰে সংগী হৈ পৰিছিল?
উত্তৰ : শিশুকালৰেপৰা হোমী জাহাংগীৰ ভাবা অতি তীক্ষ্ণ বুদ্ধিৰ বালক আছিল। তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ মস্তিষ্কত অনবৰতে বৈ থাকিছিল। ইয়াৰ ফলত শিশুকালত তেওঁৰ টোপনি অতি পাতল আছিল। চিকিৎসকৰ পৰা এই কথাটো জানিব পাৰি মাক-দেউতাকে ল’ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি তেওঁলোকে বিজ্ঞানৰ কিতাপ-পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি শিশুজনক পঢ়াশুনাৰ সকলো সা-সুবিধা প্রদান কৰে। শিশুটিয়ে এই কিতাপ-পত্ৰবোৰৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিলে আৰু পৰৱৰ্তী সময়ত কিতাপবোৰ ল’ৰাজনৰ সংগী হৈ পৰিল।

প্রশ্ন ৩। হোমী জাহাংগীৰ ভাবা কোন সম্প্ৰদায়ৰ লোক আছিল?
উত্তৰ : হোমী জাহাংগীৰ ভাবা পাৰ্চী সম্প্ৰদায়ৰ লোক আছিল।

প্রশ্ন ৪। মাক-দেউতাকে হোমী জাহাংগীৰ ভাবাক কি হোৱাটো বিচাৰিছিল?
উত্তৰ : মাক-দেউতাকে হোমী জাহাংগীৰ ভাবাক এজন মেকানিকেল ইঞ্জিনিয়াৰ হোৱাটো বিচাৰিছিল।

প্রশ্ন ৫। তেওঁ কোন বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী গ্ৰহণ কৰিছিল?
উত্তৰ : তেওঁ লণ্ডনৰ কেমব্রিজ বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্রী গ্রহণ কৰিছিল।

প্রশ্ন ৬। হোমী জাহাংগীৰ ভাবাৰ কি বিষয়ৰ প্ৰতি অধিক ধাউতি আছিল?
উত্তৰ : হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰৰ অন্তৰ্গত পৰমাণু বিজ্ঞান অধ্যয়নৰ প্ৰতি অধিক ধাউতি আছিল।

প্রশ্ন ৭। ভাবাই কোনগৰাকী ন’বেল বঁটা বিজয়ী বিজ্ঞানীৰ দ্বাৰা অনুপ্রাণিত হৈছিল?
উত্তৰ। ভাবাই পল এড্রিয়েন মৌৰিচ ডিৰাক নামৰ ন’বেল বঁটা বিজয়ী বিজ্ঞানীজনৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

লগতে পঢ়ক  বস্তু বিজ্ঞান আৰু অধ্যয়ন Question Answer | প্ৰশ্ন উত্তৰ | Class 8

প্রশ্ন ৮। কাচকেড সূত্ৰৰ আৱিষ্কাৰক কোন?
উত্তৰ। কাচকেড সূত্ৰৰ আৱষ্কাৰক হোমী জাহাংগীৰ ভাবা।

Class 8 Assamese Lesson 13 Question Answer

প্রশ্ন ৯। হোমী জাহাংগীৰ ভাবাই কি কি আৱিষ্কাৰ কৰিছিল লিখা।
উত্তৰ : হোমী জাহাংগীৰ ভাবাই পৰমাণু বিজ্ঞান অধ্যয়ন কৰি মহাজাগতিক ৰশ্মিৰ “কাচকেড সূত্র” আৱিষ্কাৰ কৰে। কশ্মিক কিৰণ সম্পর্কে গৱেষণা কৰি নতুন নতুন তথ্য আৱিষ্কাৰ কৰে।

প্রশ্ন ১০। ভাবাই কিমান চনত বিদেশৰ পৰা ভাৰতলৈ ঘূৰি আহে?
উত্তৰ : ভাবাই ১৯৪০ চনত বিদেশৰপৰা ভাৰতলৈ ঘূৰি আহে।

প্রশ্ন ১১। তেওঁ প্ৰতিষ্ঠা কৰা ৰিছাৰ্চ চেণ্টাৰটোৰ নাম কি?
উত্তৰ : তেওঁ “ডোৰাবজী টাটা ট্রাষ্ট”ৰ সহায়ত “টাটা ইন্সটিটিউট .অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ” প্ৰতিষ্ঠা কৰিছিল।

প্রশ্ন ১২। ভাবাৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাইত প্রতিষ্ঠা কৰা গৱেষণা কেন্দ্ৰটোৰ নাম কি?

উত্তৰ : ভাবাৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাইত প্রতিষ্ঠা কৰা গবেষণা কেন্দ্ৰটোৰ নাম হৈছে “ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ”।

প্রশ্ন ১৩। হোমী জাহাংগীৰ ভাবাই কি কি সন্মান লাভ কৰিছিল?
উত্তৰ : হোমী জাহাংগীৰ ভাবাই লাভ কৰা সন্মানবোৰ হৈছে— লণ্ডনৰ ৰয়েল ছ’চাইটিৰ সভ্য। এডিনবাৰ্গ ৰয়েল ছ’চাইটিৰ সভ্য।
আডম বঁটা প্ৰদান।
হফকিন বঁটা প্ৰদান।
পদ্মবিভূষণ সন্মান।

প্রশ্ন ১৪। হোমী জাহাংগীৰ ভাবাৰ কৰ্মজীৱনৰ এটি বর্ণনা দিয়া।
উত্তৰ : হোমী জাহাংগীৰ ভাবা “ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ” পদার্থ বিজ্ঞানৰ ৰীডাৰ আছিল। এওঁ মহাজাগতিক ৰশ্মি গৱেষণা গোটৰ অধ্যাপক আছিল। ভাবাই টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৫৫ চনত ভাৰতীয় পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ বিষয়ক আন্তর্জাতিক সন্মিলনৰ সভাপতি আৰু আন্তর্জাতিক পাৰমাণৱিক শক্তি এজেঞ্চীৰ বৈজ্ঞানিক উপদেষ্টা সমিতিৰ সদস্য আছিল।

প্রশ্ন ১৫। হোমী জাহাংগীৰ ভাবাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ : হোমী জাহাংগীৰ ভাবাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩০ অক্টোবৰত।

হোমি জাহাঙ্গীর ভাবা Class 8 Question Answer

প্রশ্ন ১৬। ব্যাখ্যা কৰা :
(i) তেখেতৰ অৱদানৰ প্ৰতি শ্রদ্ধা জ্ঞাপন কৰি মুম্বাইত “ভাবা পাৰমাণৱিক গবেষণা কেন্দ্র” প্রতিষ্ঠা কৰা হয়।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত “হোমী জাহাংগীৰ ভাবা” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

হোমী জাহাংগীৰ ভাবাই পৰমাণু বিজ্ঞানৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে পৰম নিষ্ঠাৰে পৰমাণু বিজ্ঞান অধ্যয়ন কৰি মহাজাগতিক ৰশ্মিৰ “কাচকেড সূত্ৰ” আৱিষ্কাৰ কৰিছিল। কশ্মিক কিৰণ সম্পর্কে গৱেষণা কৰি তেখেত কেতবোৰ নতুন নতুন তথ্য আৱিষ্কাৰ কৰিছিল।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত হোমী জাহাংগীৰ ভাবা পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ ৰঙীন সপোন দেখিছিল। কিন্তু তেওঁৰ সেই সপোন বাস্তৱত ৰূপায়িত হোৱাৰ আগতে এক বিমান দুর্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাইত ‘ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ’ প্ৰতিষ্ঠা কৰা হয়।

(ii) তেখেতে আঁকি থৈ যোৱা বিখ্যাত চিত্ৰকেইখনমান আজিও লণ্ডনৰ ব্ৰিটিছ গেলাৰিত সংৰক্ষিত হৈ আছে।
উত্তৰ : উক্ত বাক্যশাৰী পাঠ্যপুথিৰ অন্তৰ্গত ‘হোমী জাহাংগীৰ ভাবা’ নামৰ পাঠটিৰপৰা উদ্ধৃত কৰা হৈছে।

সৰুৰেপৰাই হোমী জাহাংগীৰ ভাবা তীক্ষ্ণ বুদ্ধিৰ ল’ৰা আছিল৷ সেইবাবে মাক- দেউতাকে বিজ্ঞানৰ কিতাপ-পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি শিশুজনক পঢ়া- শুনাৰ বাবে সকলো সা-সুবিধা প্ৰদান কৰিছিল। লাহে লাহে কিতাপ-পত্ৰবোৰ তেওঁৰ সংগী হৈ পৰে আৰু পৰৱৰ্তীকালত তেওঁ এজন নামজ্বলা বিজ্ঞানীৰূপে পৰিগণিত হয়।

ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰি হোমী জাহাংগীৰ ভাবাৰ সংগীত আৰু চিত্রাংকণৰ প্ৰতিও ৰুচি আছিল। অহৰহ বিজ্ঞানৰ ন ন তথ্য উদ্ঘাটনত ব্যস্ত হৈ থকাৰ মাজতেই তেখেতে সুকুমাৰ কলা সাধনৰ বাবে সময় উলিয়াই লৈছিল। তেখেতে আঁকি থৈ যোৱা বিখ্যাত বিখ্যাত চিত্রকেইখনমান আজিও লণ্ডনৰ বৃটিছ গেলাৰীত সংৰক্ষণ কৰি থোৱা হৈছে।

টোপনি পাতল ল’ৰাজনৰ নাম কি?

উত্তৰ : টোপনি পাতল ল’ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা।

ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল?

উত্তৰ : ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ হ’ল—ল’ৰাজনৰ অতি তীক্ষ্ণ বুদ্ধি আছিল। সেইবাবে তেওঁৰ মগজুত চিন্তা শক্তিৰ প্ৰবাহ নিৰবচ্ছিন্নভাৱে বৈ থাকিছিল।

চিকিৎসক দেখুৱাই অনাৰ পাছত মাক-দেউতাকে ল’ৰাজনৰ বাবে কোনে ব্যৱস্থা ল’লে?

উত্তৰ : চিকিৎসকক দেখুৱাই অনাৰ পিছত মাক-দেউতাকে ল’ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে।

হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল?

উত্তৰ : হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰি সংগীত আৰু চিত্ৰাংকণৰ প্ৰতি ৰুচি আছিল।

তেখেত লণ্ডনলৈ কিয় গৈছিল?

উত্তৰ : হোমী জাহাংগীৰ ভাবাই ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল।

‘দোৰাবজী টাটা ট্ৰাষ্ট’ৰ সহায়ত তেখেতে কি অনুষ্ঠান প্রতিষ্ঠা কৰে?

উত্তৰ : দোৱাবজী টাটা ট্রাষ্টৰ সহায়ত তেখেতে টাটা ইন্সটিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ নামৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰে।

স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল?

উত্তৰ : ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল।

তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰ : তেখেতৰ প্ৰতি শ্রদ্ধা জনাই মুম্বাইত (বম্বে) ‘ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ’ প্ৰতিষ্ঠা কৰা হৈছিল।

Leave a Comment