সুখ Class 8 অসমীয়া প্ৰশ্নৰ উত্তৰ | পাঠ 12 | অষ্টম শ্ৰেণী

সুখ Class 8,  সুখ কবিতা আনন্দ চন্দ্ৰ আগৰৱালা | সুখ কবিতাৰ মূলভাব | Class 8 Assamese Lesson 12 Question Answer

শ্ৰেণীঅষ্টম শ্ৰেণী অসমীয়া
বিষয়অসমীয়া
পাঠসুখ Class 8
কবিআনন্দ চন্দ্ৰ আগৰৱাল
পাঠ12
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

সুখ Class 8

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ 

প্রশ্ন ১। উত্তৰ দিয়া :
(ক) সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়?
উত্তৰ : সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে দুখৰ উপৰি দুখ পায়।

(খ) কবিয়ে মানুহক “দিনকণা” বুলি কিয় কৈছে?
উত্তৰ : পৃথিৱীৰ প্ৰত্যেক মানুহে সুখ বিচাৰি হাবথুৰি খাই ফুৰে। কিন্তু তেওঁলোকে প্রকৃত সুখ বিচাৰি পাবলৈ অসমর্থ হয়। কবিয়ে সেয়েহে মানুহক দিনকণা বুলি কৈছে কাৰণ মানুহে নিজৰ হাততে থকা সুখ বিচাৰি নাপায়।

(গ) সুখ পাবলৈ হ’লে আমি কি বলিদান দিব লাগিব ?
উত্তৰ : সুখ পাবলৈ হ’লে আমি নিজৰ লোভ-লালসা আদি ত্যাগ কৰিব লাগিব অর্থাৎ আমাৰ স্বাৰ্থ বলিদান দিব লাগিব।

(ঘ) পৰমপিতাৰ সন্তান বুলি কাক কোৱা হৈছে?
উত্তৰ : পৰমপিতাৰ সন্তান বুলি সকলো মানুহকে কোৱা হৈছে।

(ঙ) স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে?
উত্তৰ : স্বাৰ্থৰ বাটত দুখ-যন্ত্রণা আদি ভৰি থাকে। গতিকে সেই দুখ-যন্ত্ৰণাৰ মাজেৰে যাবলৈ হ’লে ভৰিত হুলে বিন্ধে বুলি কবিয়ে কৈছে। অর্থাৎ স্বাৰ্থপৰ লোকে জীৱনত আগবাঢ়ি যাওঁতে নানা ধৰণৰ কষ্ট ভোগ কৰিবলগীয়া হয়।

(চ) সুগন্ধি কুসুম ক’ত ফুলে?
উত্তৰ : নিঃস্বাৰ্থৰ বাটত সুগন্ধি কুসুম ফুলে। অর্থাৎ যিবোৰ লোকৰ মনত কোনো ধৰণৰ স্বাৰ্থ নাথাকে, তেনে লোকে জীৱনৰ বাটত অতি সুন্দৰকৈ আগবাঢ়ি যাব পাৰে।

(ছ) জীৱনটো অকল নিজৰ নিমিত্তে নহয়। তেনেহ’লে কাৰ বাবে?
উত্তৰ : জীৱনটো অকল নিজৰ নিমিত্তে নহয়। আনৰ মাজত নিজক বিলাই দিবলৈ আমি জন্ম লাভ কৰোঁ। গতিকে আমাৰ জীৱনটো আনৰ বাবেহে।

(জ) কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ’ব?
উত্তৰ : আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ’ব। আনৰ মাজত নিজক বিলাই দিব পাৰিলে, নিজক আৱিষ্কাৰ কৰিব পাৰিলে আৰু নিঃস্বার্থভাৱে আনক আপোন কৰিব পাৰিলে জীৱন সুখময় হৈ পৰিব।

সুখ কবিতাৰ মূলভাব Class 8

প্রশ্ন ৪। কবিতাটোৰ মূলভাব নিজৰ কথাৰে লিখা।
উত্তৰ : সুখ এক স্বর্গীয় অনুভূতি। ইয়াক বিচাৰি গোটেই জগতবাসী বলিয়াৰ দৰে ঘূৰি ফুৰে। এনেদৰে ঘূৰি ফুৰোঁতে এওঁলোকে অনেক দুখ-যন্ত্রণা ভোগ কৰিবলগীয়া হয়। সুখৰ অনুভূতি দৰাচলতে মানুহৰ নিজৰ উপলব্ধিৰ ওপৰত নিৰ্ভৰশীল। মানসিক সন্তুষ্টিৰ পৰা সুখৰ জন্ম হোৱাৰ বিপৰীতে অসন্তুষ্টিৰ পৰা দুখৰ জন্ম হয়। মানুহে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলেহে সুখৰ অনুভূতি লাভ কৰিব পাৰে। নিজৰ শক্তি-সামর্থ অনুসৰি আনৰ মাজত নিজক বিলাই দিব পাৰিলে, আনৰ মাজত নিজক আৱিষ্কাৰ কৰিব পাৰিলে আৰু নিঃস্বার্থভাৱে আনক আপোন কৰিব পাৰিলে জীৱন সুখময় হৈ পৰে।

আনহাতে স্বাৰ্থৰ বাট কণ্টকময়। ই মানুহক প্রতি খোজতে কাঁইটৰ দৰে বিন্ধি দুখ দিয়ে । নিঃস্বাৰ্থৰ বাট হৈছে সুগন্ধযুক্ত ফুল ফুলা সেন্দুৰীয়া আলিস্বৰূপ। স্বার্থত্যাগীজনে গোটেই বিশ্বখনকে আপোন জ্ঞান কৰে আৰু বিশ্বৰ সকলোকে আপোন ভাই-ভনীৰ দৰে কৰা জ্ঞানৰপৰা তেওঁলোকৰ জীৱনত দুখ নোহোৱা হয়।

প্রশ্ন ৫। সংসাৰত সুখ পাবলৈ হ’লে কি কি কৰিব লাগিব ? কবিতাটোৰ আলমত লিখা।
উত্তৰ : পৃথিৱীৰ সকলো মানুহে গোটেই জীৱন সুখৰ সন্ধান কৰি ঘূৰি ফুৰে। কিন্তু সুখ কি বস্তু তাক উপলব্ধি কৰিব নোৱাৰে। সুখৰ অনুভূতি দৰাচলতে মানুহৰ নিজৰ উপলব্ধিৰ ওপৰত নিৰ্ভৰশীল। যিজনে নিজ স্বাৰ্থ বলিদান দিব পাৰে সুখ তেওঁৰ পাছে পাছে ঘূৰি ফুৰে। মানৱ জীৱন কেৱল নিজৰ বাবে নহয়, আনৰ বাবে খাটিব পাৰিলে সংসাৰত সুখ পোৱা যায়। পৰৰ অভাৱত, পৰৰ দুখত কান্দিব পাৰিলে আৰু অন্যক আপোন কৰি ল’ব পাৰিলে সুখ পোৱা যায়। অন্যৰ কাৰণে যিয়ে কান্দিব পাৰে তেওঁ দুখৰ মাজতো সুখ উপলব্ধি কৰিব পাৰে।

লগতে পঢ়ক  এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 (প্ৰশ্নৰ উত্তৰ) অষ্টম শ্ৰেণী

সকলো মানুহ যে পৰম পিতাৰ সন্তান সেই কথা উপলব্ধি কৰিব পাৰিলে পৰমজ্ঞান লাভ কৰিব পাৰি। এয়াই হৈছে মানুহৰ পৰম সুখ লাভৰ একমাত্র উপায়। সংসাৰত সুখ লাভ কৰিবলৈ হ’লে মানুহৰ লোৱা মানুহৰ পূজাক ব্ৰত হিচাপে ল’ব লাগে। সুখ দুখৰ মূল কাৰণ হৈছে মানুহৰ মন। মনটোক স্থিৰ কৰি ৰাখিব পাৰিলে আত্মোপলব্ধি হয় আৰু তেওঁলোককে দুখবোধে আমনি কৰিব নোৱাৰে। ত্যাগৰ মাজেৰে মানুহৰ হিত সাধন কৰি তেওঁলোকে পৰম সন্তোষ লাভ কৰে। এই সন্তোষে তেওঁলোকক সুখী কৰে।

সুখ কবিতা আনন্দ চন্দ্ৰ আগৰৱালা Class 8

প্রশ্ন ৬। তলৰ শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই লিখা।
দিনকণাঃ— দিনতে নেদেখা, অমনোযোগী।
স্বাৰ্থঃ— নিজৰ প্ৰয়োজন বা লাভ।
বলিদানঃ— ত্যাগ কৰা।
থিতঃ— স্থিৰ।
হিতঃ– উপকাৰী, মংগলজনক।
সন্তোষঃ— সন্তুষ্টি; আনন্দ; হর্ষ; তৃপ্তি।

পবিত্রঃ- শুচি, শুদ্ধ।
গাই গোটা-পেটে-ভঁৰালঃ – প্ৰত্যেকে নিজৰ বাহিৰে আনৰ কথা চিন্তা নকৰা ।
তৰীঃ– নাও, পাৰ হ’ব পৰা জলযান;

ৰক্ষা পৰিঃ — মুক্তি পাই।
যথার্থঃ– প্ৰকৃত; সঁচা।
পৰমপিতাঃ–  ঈশ্বৰ, ভগবান।
নিঃস্বার্থঃ — নিজৰ প্ৰয়োজন বা লাভ নথকা।
ওৰঃ – শেষ।
অভায়ঃ – নোহোৱা।
পমিঃ—গলি।
সামৰথঃ—সামর্থ্য।
হুলঃ—কাঁইট।

প্রশ্ন ৭। দেখিও নেদেখা কিয় দিনকণা
সুখ যে হাততে আছে;
যিটো দিব পাৰে স্বাৰ্থ বলিদান
সুখ ফুৰে পাছে পাছে।
—কবিয়ে দিনকণা বুলি কাক আৰু কিয় কৈছে?
মানুহৰ পিছে পিছে সুখ ফুৰিবলৈ হ’লে মানুহে কি কৰিব লাগিব ?
উত্তৰ : কবিয়ে দিনকণা বুলি সুখ বিচাৰি ঘূৰি ফুৰা মানুহবোৰক কৈছে।
মানুহবোৰে প্ৰকৃততে সুখ কি বস্তু তাক উপলব্ধি কৰিব নোৱাৰে। মানসিক সন্তুষ্টিৰ পৰা সুখৰ জন্ম হয়। কিন্তু এই কথাটো বুজিব নোৱাৰি মানুহে দিনকণা সদৃশ হৈ গোটেই জগতত সুখ বিচাৰি ঘূৰি ফুৰে। মানুহৰ পিছে পিছে সুখ ফুৰিবলৈ হ’লে মানুহে আত্মস্বার্থ বলিদান দিব পাৰিব লাগিব। যেতিয়া মানুহে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হ’ব পাৰিব তেতিয়া প্ৰকৃত সুখ অনুভৱ কৰিব পাৰিব। আনৰ মাজত নিজক বিলাই দিব পাৰিলে, নিজক আৱিষ্কাৰ কৰিব পাৰিলে আৰু নিঃস্বার্থভাৱেৰে আনক আপোন কৰি ল’ব পাৰিলে মানুহৰ জীৱন সুখময় হৈ পৰিব আৰু তেনে মানুহৰ পিছে পিছে সুখ ঘূৰি ফুৰিব।

তলৰ পাঠসমূহৰ উত্তৰ

সুখ Class 8 Question Answer

প্রশ্ন ৮। প্রসংগ-সংগতি দশাই ব্যাখ্যা কৰা :

যথার্থ নিঃস্বার্থ মৰমী জীৱন
বিশ্ব প্রেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই ভনী তাৰ,
সুখৰ নপৰে ওৰ।
উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি আনন্দচন্দ্র আগৰৱালাদেৱ বিৰচিত ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
সুখ এক স্বর্গীয় অনুভূতি। স্বাৰ্থপৰ লোক এই অনুভূতি পাবলৈ সমৰ্থ নহয়। আনহাতে স্বার্থহীনলোকে ইয়াক সহজেই লাভ কৰিবলৈ সক্ষম হয়। স্বাৰ্থত্যাগী জনে গোটেই বিশ্বখনকে আপোন জ্ঞান কৰে। বিশ্বৰ সকলোৱে তেওঁৰ আপোন ভাই-ভনী। গতিকে বিশ্বৰ সকলো লোকৰ বাবে তেওঁৰ হৃদয় বিশ্বপ্ৰেমেৰে ভৰপূৰ হৈ থাকে। বিশ্বৰ সকলোকে আপোন ভাই-ভনী বুলি কৰা জ্ঞানৰ পৰা তেওঁলোকৰ জীৱনত দুখ নোহোৱা হয় আৰু সুখে তেওঁলোকক অহৰহ খেদি ফুৰে।

প্রশ্ন ৯। বাক্য ৰচনা কৰা।
উত্তৰ : স্বাৰ্থ বলিদানঃ — দেশমাতৃৰ সুযোগ্য সন্তানসকলে মাতৃভূমিৰ কাৰণে স্বার্থ বলিদান দিবলৈ কুণ্ঠাবোধ নকৰে।
সুগন্ধিঃ—গোটেই বাগিছাখন সুগন্ধি ফুলৰ সুবাসেৰে মলমলাই আছে।
সেন্দুৰীয়াঃ — যিসকল লোকৰ অন্তৰত কোনো ধৰণৰ স্বাৰ্থ নাথাকে তেওঁলোকে সেন্দুৰীয়া আলিয়েদি জীৱন বাটত আগুৱাই যায়।
ভৰ-পূৰঃ—স্বাৰ্থপৰ লোকৰ জীৱন দুখ-কষ্টৰে ভৰ-পূৰ হৈ থাকে।
দিন-কণাঃ—দিন-কণা লোকে হাততে থকা সুখখিনিও বিচাৰি নাপায়।

লগতে পঢ়ক  সংস্কৃতি আৰু আমাৰ জীৱন Class 8 Question Answer - অসমীয়া

খঃ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৭। কবিতাটোত থকা যুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সাজা।
উত্তৰ : ভাই-ভনী, ভৰ-পূৰ, নৰ-নাৰী, শক্তি-সামর্থ্য, স্বার্থ-বলিদান ইত্যাদি।
ভাই-ভনী—আজি আমি সকলো ভাই-ভনীয়ে ঈশ্বৰৰ ওচৰত শিৰ নত কৰি আশীৰ্বাদ বিচাৰিছোঁ।

ভৰ-পূৰ—অৰণ্যখন হিংস্র জীব-জন্তু আৰু চৰাই-চিৰিকতিৰে ভৰ-পূৰ হৈ আছে।
নৰ-নাৰী—পৃথিৱীৰ সকলো নৰ-নাৰীয়েই পৰমপিতাৰ সন্তান।
শক্তি-সামর্থ—মানুহে সদায় নিজৰ শক্তি-সামৰ্থৰ ওপৰত ভৰসা কৰিব লাগে।
স্বাৰ্থ-বলিদান—আনৰ কাৰণে স্বাৰ্থ-বলিদান দিয়াজনে প্রকৃত সুখ লাভ কৰিবলৈ সক্ষম হয়।

সুখ কবিতা Class 8

প্রশ্ন ৮। কবিতাটোত থকা “সন্তান” শব্দটোৱে উভয়লিংগ বুজাইছে।
এনে শব্দৰ পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বুজাবলৈ ক্ৰমে কন্যা আৰু পুত্ৰ শব্দ ব্যৱহাৰ কৰা হ’ল। যেনে—মতা মানুহ—মাইকী মানুহ।
তলৰ শব্দবোৰৰ লিঙ্গ পৰিৱৰ্তন কৰা।
হাতী, মানুহ, ম’হ, ছাগলী, কুকুৰা।
উত্তৰ :

পুংলিঙ্গ,স্ত্রীলিঙ্গ
মতা হাতীমাইকী হাতী
মতা মানুহমাইকী মানুহ
মতা ম’হমাইকী ম’হ
মতা ছাগলীমাইকী ছাগলী
মতা কুকুৰামাইকী কুকুৰা

প্রশ্ন ১০। “নিঃস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে।”
সেন্দুৰ শব্দটোত “ঈয়া” প্রত্যয় যোগ হৈ সেন্দুৰীয়া হৈছে। যেনে-
সেন্দুৰ+ঈয়া=সেন্দুৰীয়া।
তেনেদৰে তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা।
 ঢুলীয়া, তেলীয়া, কপটীয়া,পাহাৰীয়া, সেউজীয়া, নগৰীয়া ৷
উত্তৰ : ঢুলীয়া—ঢোল+ঈয়া
তেলীয়াঃ—তেল+ঈয়া
কপটীয়াঃ—কপট+ঈয়া

পাহাৰীয়াঃ—পাহাৰ+ঈয়া।
সেউজীয়াঃ—সেউজ+ঈয়া।
নগৰীয়াঃ – নগৰ + ঈয়া।

প্রশ্ন ১১। তলৰ সৰল বাক্যবোৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা।
উদাহৰণঃ
সৰল বাক্য—– মণিয়ে ভাত খাই স্কুললৈ গ’ল।
যৌগিক বাক্য—মণিয়ে ভাত খালে আৰু স্কুললৈ গ’ল।
উত্তৰ :

সৰল বাক্যযৌগিক বাক্য
সঁচা কথা ক’লে সকলোৱে মৰম কৰিব।সঁচা কথা কবা তেহে সকলোৱে মৰম কৰিব।
ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব।ব্যায়াম কৰিবা, নহ’লে স্বাস্থ্য ভালে নাথাকিব।
পৰীক্ষাত প্ৰথম হোৱা বাবে সকলোৱে প্রমোদক ভাল পাইছিল।প্রমোদে পৰীক্ষাত প্ৰথম হৈছিল সেইবাবে সকলোৱে প্ৰমোদক ভাল পাইছিল।
ৰবীন আহিল, শ্যামল নাহিল।ৰবীন আহিল কিন্তু শ্যামল নাহিল।
খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল।খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠিল আৰু খেলপথাৰত নামিল।

সুখ Class 8 question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ |

প্রশ্ন ১। মানুহে কি বিচাৰি বলিয়া হৈ থাকে?
উত্তৰ : মানুহে সুখ বিচাৰি বলিয়া হৈ থাকে।

প্রশ্ন ২। দিনকণা মানে কি?
উত্তৰ : দিনকণা মানে দিনতে কণা অর্থাৎ অমনোযোগী লোক।

প্রশ্ন ৩। সুখ কাৰ পাছে পাছে ফুৰে?
উত্তৰ : যিজন লোকে নিজ স্বাৰ্থ বলিদান দিব পাৰে সুখ তেওঁৰ পাছে পাছে ফুৰে।

প্রশ্ন ৪। সংসাৰখন সুখৰ ঠাই কৰিবলৈ হ’লে আমি কি কৰিব লাগিব?
উত্তৰ : সংসাৰখন সুখৰ ঠাই কৰিবলৈ হ’লে আমি পৰৰ কাৰণে আমাৰ জীৱন উৎসর্গা কৰিব লাগিব।

প্রশ্ন ৫। সংসাৰত কেতিয়া দুখ নাই?
উত্তৰ : যদি আমি আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰোঁ আৰু আনক আপোন কৰি ল’ব পাৰোঁ তেতিয়াহ’লে সংসাৰত দুখ পোৱা নাযায়।

প্রশ্ন ৬। কান্দোনত সুখ পোৱা যায় নে?
উত্তৰ : আমি যদি আনৰ দুখত দুখী হৈ কান্দিব পাৰোঁ তেতিয়াহ’লে সেই কান্দোনতো সুখ পোৱা যায়।

প্রশ্ন ৭। মানুহৰ “পৱিত্ৰ বৰত” কি?
উত্তৰ : মানুহৰ ‘পৱিত্ৰ বৰত’ হৈছে মানৱ সেৱা। আমি নিজ স্বার্থ পৰিহাৰ কৰি মানুহৰ সেৱা আৰু মানুহৰ পূজা কৰিব লাগে। সেয়াই হৈছে পৱিত্ৰ ধৰ্ম।

প্রশ্ন ৮। ‘মই’, ‘মোৰ’—এই ভাবে মানুহক কি কৰিব?
উত্তৰ : ‘মই’, ‘মোৰ’—এই ভাববোৰে মানুহক তললৈ নমা ব। ই মানুহক অধোন্নতিৰ দিশত আগুৱাই লৈ যাব।

প্রশ্ন ৯। আমি মনক কিয় স্থিৰ কৰিব লাগে ?
উত্তৰ : মানুহৰ সুখ-দুখ এনে ভাব-অনুভূতিসমূহৰ প্ৰকৃত কাৰণ হৈছে মন। গতিকে আমি মনক স্থিৰ কৰিব লাগে। সন্তোষ মনেৰে আমি ত্যাগ কৰিব লাগে আৰু আনৰ হিত সাধন কৰিব লাগে। তেহে প্ৰকৃত সুখ বিচাৰি পোৱা যায়।

লগতে পঢ়ক  নিয়ৰ Class 8 কবিতা প্ৰশ্ন উত্তৰ অংকুৰণ অষ্টম শ্ৰেণী

প্রশ্ন ১০। স্বাৰ্থৰ বাট কেনেকুৱা ধৰণৰ হয়?
উত্তৰ : স্বাৰ্থৰ বাট দুখ-যন্ত্ৰণাৰে ভৰ-পূৰ হয়।

প্রশ্ন ১১। আনন্দ চন্দ্ৰ আগৰৱালাক কি নামেৰে জনা যায় ?
উত্তৰ : আনন্দ চন্দ্ৰ আগৰৱালাক “ভাঙনি কোঁৱৰ” নামে জনা যায়।

প্রশ্ন ১২। আনৰ বাবে নিজ স্বার্থ ত্যাগ কৰা দুগৰাকী মহিয়সী মানৱৰ নাম লিখা।
উত্তৰ : আনৰ বাবে নিজ স্বার্থ ত্যাগ কৰা দুগৰাকী মহিয়সী মানৱ হৈছে (১) নেলছন মাণ্ডেলা আৰু (২) মাদাৰ টেৰেছা।

প্রশ্ন ১৩। নেলছন মাণ্ডেলাই কেইবছৰ কাৰাবাস খাটিছিল?
উত্তৰ : নেলছন মাণ্ডেলাই ২৭ বছৰ কাৰাবাস খাটিছিল।

প্রশ্ন ১৪। ১৯৯০ চনত শান্তিৰ নবেল বঁটা কাক দিয়া হৈছিল।
উত্তৰ : ১৯৯০ চনত শান্তিৰ নৱেল বঁটা নেলছন মাণ্ডেলাক দিয়া হৈছিল।

প্রশ্ন ১৫। কবিতাটোত উল্লিখিত “পৰমপিতা” কোন?
উত্তৰ : কবিতাটোত উল্লিখিত পৰমপিতা হৈছে ভগৱান।

সুখ Class 8 question Answer

প্রশ্ন ১৬। ব্যাখ্যা কৰা :

(ক) শক্তি-সামৰথ পৰত সুখত
বিলাব পাৰিলে ভাই
পৰৰ কাৰণে কান্দিব জানিলে
কান্দনতো সুখ পায়।
উত্তৰ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালদেৱে ৰচনা কৰা ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
কবিতাটোত কবিয়ে প্রকৃত সুখৰ স্বৰূপ দাঙি ধৰিছে। পৃথিৱীৰ প্ৰতিগৰাকী মানুহে গোটেই জীৱন সুখৰ সন্ধান কৰে। কিন্তু সুখ বিচাৰি পোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। যিজন লোকে জীৱনৰ তাৎপর্য অনুধাৱন কৰিব পাৰিছে তেনে | লোকেহে বুজিছে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলেহে প্ৰকৃত সুখ পোৱাটো সম্ভব। আমি শক্তি-সামর্থ্য অনুসৰি আনৰ মাজত নিজক বিলাই দিব পাৰিলে, নিস্বার্থভাৱে আনক আপোন কৰি ল’ব পাৰিলে আৰু আনৰ দুখত দুখী হৈ কান্দিব পাৰিলে কান্দোনৰ মাজতো সুখ লাভ কৰিবলৈ সমৰ্থ হ’ব পাৰোঁ।

(খ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট
খোজে পতি বিন্ধে হুলে।
নিঃস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি
সুগন্ধি কুসুম ফুলে।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালাদেৱে ৰচনা কৰা ‘সুখ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
সুখ এক স্বর্গীয় অনুভূতি। পৃথিৱীৰ প্ৰত্যেক মানুহে সুখ বিচাৰি হাবাথুৰি খাই ফুৰে৷ কিন্তু কেইগৰাকীমানেহে এই সুখ লাভ কৰিবলৈ সক্ষম হয়। যিবোৰ মানুহে স্বাৰ্থপৰ তেওঁলোকে জীৱন বাটত আগুৱাই যাওঁতে নানা ধৰণেৰ দুখ-যন্ত্রণা পাব লগা হয়। এনেবোৰ লোক লোভ মোহ আদিৰে আবৃত হৈ থাকে। গতিকে এওঁলোকে সততে লোভ মোহ ত্যাগ কৰিব নোৱাৰাৰ ফলত দুখ-যন্ত্ৰণাৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে স্বার্থহীন লোকসকলক জীৱন বাটত আগুৱাই যাওঁতে কোনো ধৰণৰ দুখ-যন্ত্ৰণাৰ ভোগ কৰিবলগীয়া নহয় ৷ এওঁলোক লোভ মোহৰ ঊৰ্দ্ধত বাস কৰাৰ বাবে কোনো ধৰণৰ দুখ-যন্ত্রণাই এওঁলোকক স্পৰ্শ কৰিব নোৱাৰে ৷ সেইবাবে এওঁলোকৰ জীৱন বাটক সেন্দুৰীয়া আলি বুলি কোৱা হৈছে।

সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়?

উত্তৰ : সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে দুখৰ উপৰি দুখ পায়।

কবিয়ে মানুহক “দিনকণা” বুলি কিয় কৈছে?

উত্তৰ : পৃথিৱীৰ প্ৰত্যেক মানুহে সুখ বিচাৰি হাবথুৰি খাই ফুৰে। কিন্তু তেওঁলোকে প্রকৃত সুখ বিচাৰি পাবলৈ অসমর্থ হয়। কবিয়ে সেয়েহে মানুহক দিনকণা বুলি কৈছে কাৰণ মানুহে নিজৰ হাততে থকা সুখ বিচাৰি নাপায়।

সুখ পাবলৈ হ’লে আমি কি বলিদান দিব লাগিব ?

উত্তৰ : সুখ পাবলৈ হ’লে আমি নিজৰ লোভ-লালসা আদি ত্যাগ কৰিব লাগিব অর্থাৎ আমাৰ স্বাৰ্থ বলিদান দিব লাগিব।

পৰমপিতাৰ সন্তান বুলি কাক কোৱা হৈছে?

উত্তৰ : পৰমপিতাৰ সন্তান বুলি সকলো মানুহকে কোৱা হৈছে।

স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে?

উত্তৰ : স্বাৰ্থৰ বাটত দুখ-যন্ত্রণা আদি ভৰি থাকে। গতিকে সেই দুখ-যন্ত্ৰণাৰ মাজেৰে যাবলৈ হ’লে ভৰিত হুলে বিন্ধে বুলি কবিয়ে কৈছে। অর্থাৎ স্বাৰ্থপৰ লোকে জীৱনত আগবাঢ়ি যাওঁতে নানা ধৰণৰ কষ্ট ভোগ কৰিবলগীয়া হয়।

সুগন্ধি কুসুম ক’ত ফুলে?

উত্তৰ : নিঃস্বাৰ্থৰ বাটত সুগন্ধি কুসুম ফুলে। অর্থাৎ যিবোৰ লোকৰ মনত কোনো ধৰণৰ স্বাৰ্থ নাথাকে, তেনে লোকে জীৱনৰ বাটত অতি সুন্দৰকৈ আগবাঢ়ি যাব পাৰে।

জীৱনটো অকল নিজৰ নিমিত্তে নহয়। তেনেহ’লে কাৰ বাবে?

উত্তৰ : জীৱনটো অকল নিজৰ নিমিত্তে নহয়। আনৰ মাজত নিজক বিলাই দিবলৈ আমি জন্ম লাভ কৰোঁ। গতিকে আমাৰ জীৱনটো আনৰ বাবেহে।

কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ’ব?

উত্তৰ : আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ’ব। আনৰ মাজত নিজক বিলাই দিব পাৰিলে, নিজক আৱিষ্কাৰ কৰিব পাৰিলে আৰু নিঃস্বার্থভাৱে আনক আপোন কৰিব পাৰিলে জীৱন সুখময় হৈ পৰিব।

Leave a Comment