অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ | Class 8 | অসমীয়া অষ্টম শ্ৰেণী

অতীতক নাযাবা পাহৰি Class 8 Question Answer – | অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ |  Class 8 Assamese Lesson 11 Question Answer

শ্ৰেণী অষ্টম শ্ৰেণী অসমীয়া
বিষয় অসমীয়া
পাঠ অতীতক নাযাবা পাহৰি
পাঠ 11
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। উত্তৰ দিয়া :
(ক) কোনবোৰ সম্পদক কলাসম্পদ বুলি কোৱা হয়?
উত্তৰ : অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কর্য, লিপি, মুদ্রা, বুৰঞ্জী, প্রসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে কোনো এটা যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধর্ম, দর্শন আদিৰ সম্ভেদ দিয়ে সেই সম্পদবিলাকক কলা সম্পদ বুলি কোৱা হয়।

(খ) অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়?
উত্তৰ : এই সম্পদসমূহ অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে আমাক জানিব দিয়ে। অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্রা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদিৰ বিষয়ে আমি এই সম্পদবোৰৰ পৰা জানিব পাৰো।

(গ) কোনবিলাক সম্পদক প্রত্নতাত্ত্বিক সম্পদ বোলে?
উত্তৰ : প্রাচীন মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ, মুদ্রা, বুৰঞ্জী প্রসিদ্ধ স্থান আদি যিবিলাক সম্পদৰ পৰা আমি কোনো এক সময়ৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধর্ম, দর্শন আদি জানিব পাৰোঁ। সেই সম্পদবোৰক প্ৰত্নতাত্ত্বিক সম্পদ বোলে।

(ঘ) প্রত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ?
উত্তৰ : সময়ে সময়ে খননকাৰ্যৰ জৰিয়তে প্রাচীন মঠ-মন্দিৰ, লিপি, বাচন- বৰ্তন, আ-অলংকাৰ আদি বহুতো সম্পদ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয়। এই সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্রত্নতত্ত্ব বুলি কোৱা হয়।

(ঙ) সূৰ্য পাহাৰ কোন জিলাত অবস্থিত?
উত্তৰ : সূর্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত।

(ছ) তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল?
উত্তৰ : তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল।

(জ) সূর্য পাহাৰৰ খননকার্যত কি কি উদ্ধাৰ হৈছিল?
উত্তৰ : সূর্য পাহাৰৰ খননকাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদিৰ মূৰ্তি উদ্ধাৰ হৈছিল।

(ঝ) গোৱালপাৰা জিলাৰ ‘পাগলাটেক’ত কি উদ্ধাৰ হৈছিল?
উত্তৰ : গোৱালপাৰা জিলাৰ ‘পাগলাটেক’ত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল।

অতীতক নাযাবা পাহৰি Class 8 Question Answer

(ঞ) গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ‘ডুবৰণি’ক প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে, বুজাই লিখা।
উত্তৰ : গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰণিক প্রাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়। এইদৰে কোৱাৰ কাৰণ হৈছে এই অঞ্চলৰ ওচৰে- পাজৰে যিবিলাক প্রাচীন লিপি উদ্ধাৰ হৈছে তাৰ পৰা আমি প্রাচীন অসমৰ সমাজ, ধর্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ বিষয়ে জানিব পাৰোঁ। লিপিৰ উপৰিও প্রত্নতাত্ত্বিক খননকাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱ-লিংগ আদিয়ে অতীতত এই অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিতো বহন কৰে।

(ট) গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খননকাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল?
উত্তৰ : গুৱাহাটী মহানগৰৰ আমবাৰী খননকাৰ্যৰ দ্বাৰা নটৰাজ শিৱৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্যৰত অৱস্থাত থকা এই মূৰ্তি সমগ্ৰ ভাৰততে পাবলৈ নাই।

(ঠ) শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধিক্ষেত্র মৈদামসমূহ উদ্ধাৰ হৈছে। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল? এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে লিখা।
উত্তৰ : শিৱসাগৰ জিলাৰ চৰাইদেউত থকা আহোম স্বৰ্গদেউৰ সমাধিক্ষেত্র মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ হৈছে—মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সফুৰা, হাতী দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি। এই মৈদামসমূহৰ লগত চীনদেশৰ ৰাজকীয় সমাধিক্ষেত্ৰসমূহৰ সাদৃশ্য আছে।

অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ

প্রশ্ন ২। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা :
উত্তৰ :

শব্দঅর্থ
প্রত্নতত্ত্বপুৰণিকলীয়া বস্তু সম্পৰ্কীয় জ্ঞান। প্রাচীনকালৰ মুদ্ৰা, লিপি, মন্দিৰ আদিৰ ভগ্নাৱশেষৰ বিচাৰ বা উদ্ধাৰ হোৱা অতীত ইতিহাস সম্পৰ্কীয় জ্ঞান।
ভগ্নাৱশেষকোনো বস্তুৰ ভাঙি ছিগি যোৱাৰ পাছত থকা অংশ বিশেষ।
ভাস্কর্যশিল বা শিল্প আদিত মূৰ্তি বা আখৰ কটা, ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প।
স্তূপবস্তুৰ থূপ বা দম।
ঐতিহাসিকইতিহাস সম্পৰ্কীয়, বুৰঞ্জীৰ গুৰি ধৰি লিখা।
উদ্ঘাটনমুকলি কৰা কাৰ্য, উন্মোচন।
ঐতিহ্যগৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্রথা।
গৌৰৱসন্মান, মর্যাদ, সম্ভ্রম।

Class 8 Assamese Lesson 11 Question Answer

প্রশ্ন ৩। চমু টোকা লিখা :
(ক) শ্ৰীশ্ৰী সূৰ্য পাহাৰ, (খ) মৈদাম, (গ) ডুবৰণি, (ঘ) নটৰাজ।

উত্তৰ  : (ক) শ্ৰীশ্ৰী সূৰ্য পাহাৰ : প্রত্নতাত্ত্বিক দিনৰ পৰা এক গুৰুত্বপূৰ্ণ স্থান হ’ল গোৱালপাৰা জিলাত অৱস্থিত শ্ৰীশ্ৰী সূৰ্য পাহাৰ। ইয়াত খননকার্য চলাই বিভিন্ন ধৰ্মৰ বিবিধ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এইবোৰ হৈছে শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুক নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱ লিংগ, গণেশ আদিৰ মূৰ্তি। বিভিন্ন মূৰ্তিৰ সমাৱেশৰ বাবে শ্ৰীশ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিব পাৰি।

লগতে পঢ়ক  জাগা জননীৰ সন্তান Class 8 (পাঠ 4) অসমীয়া প্ৰশ্নৰ উত্তৰ

(খ) মৈদাম : আহোম স্বৰ্গদেউসকলৰ ৰাজকীয় সমাধিক্ষেত্ৰক মৈদাম বুলি কোৱা হয়৷ শিৱসাগৰ জিলাৰ চৰাইদেউ অঞ্চলত খননকার্য চলাই এই মৈদামসমূহ উদ্ধাৰ কৰা হৈছে। বৃহৎ আকাৰৰ অৰ্ধগোলাকৃতিৰ মৈদামসমূহৰ ওপৰত দেখা পোৱা স্থাপত্যৰ নিদৰ্শন সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। চীনদেশৰ ৰাজকীয় সমাধিক্ষেত্ৰৰ লগত এই মৈদাম সংস্কৃতিৰ মিল থকা দেখা যায়। ভাৰতীয় প্রত্নতাত্ত্বিক বিভাগে এনে এটি মৈদামৰ খননকার্য চলাই মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সফুঁৰা, হাতী দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি অনেক সম্পদ সংগ্রহ কৰিবলৈ সমৰ্থ হৈছে।

(গ) ডুবৰণি : গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত অৱস্থিত “ডুবৰণি”ক প্রাচীন অসমৰ বুৰঞ্জীৰ এক অন্যতম ক্ষেত্ৰ বুলি ক’ব পাৰি। এই অঞ্চলৰ দাঁতিকাষৰীয়া ঠাইৰ পৰা আমি সেই সময়ৰ সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য জানিব পাৰোঁ। লিপিৰ উপৰিও ডুৱৰণি অঞ্চলত প্রত্নতাত্ত্বিক খননকাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱ-লিঙ্গ আদিয়ে ডুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত দাঙি ধৰে।

(ঘ) নটৰাজ : প্রত্নতাত্ত্বিক খননকার্যত উদ্ধাৰ হোৱা আন এক গুৰুত্বপূৰ্ণ সামগ্ৰী হৈছে নটৰাজৰ মূৰ্তি। আজিৰ পৰা কিছু বছৰৰ আগতে গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত খননকার্য চলাই নটৰাজ শিৱৰ মূৰ্তি উদ্ধাৰ কৰা হৈছে। শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্যৰত অৱস্থাত থকা এই মূর্তি সমগ্র ভাৰততে বিৰল। আমবাৰী খননকার্যত উদ্ধাৰ হোৱা এই নটৰাজ মূৰ্তিৰ উপৰি আন আন সামগ্ৰীবোৰ হৈছে ইটাৰে নিৰ্মিত স্থাপত্যৰ ভেটিৰ অৱশেষ, নটৰাজ, বিষ্ণু, শিৱ আদিৰ অনেক ডাঙৰ সৰু আকাৰৰ ভাস্কৰ্য, পোৰা মাটিৰ নানান প্রত্নতাত্ত্বিক সম্পদ ইত্যাদি।

অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ

প্রশ্ন ৪। ব্যাখ্যা কৰা :
(ক) অতীত যিমানে সুস্থ, সবল, ভৱিষ্যৎ সিমানেই সুদূৰপ্ৰসাৰী।
উত্তৰ : ভৱিষ্যৎ সদায় অতীতৰ ভেটিত প্ৰতিষ্ঠা কৰা হয়। অতীতৰ ভেটিটো যদি সুপ্রতিষ্ঠিত হয় ভৱিষ্যত সিমানেই সুদূৰপ্ৰসাৰী হ’ব। সেইদৰে এটা জাতি সদায় তাৰ অতীতৰ ওপৰত নিৰ্ভৰশীল হয়। জাতিটোৰ অতীত যদি সুস্থ সবল হয়, তেন্তে তাৰ ভৱিষ্যৎ সুদূৰপ্ৰসাৰী হ’ব। এটা জাতিৰ বৰভেটি ৰচিত হয় তাৰ শিল্পকলা, সংস্কৃতি, ভাষা, সাহিত্য আদিৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে জাতিটো ভাষা, সাহিত্য-সংস্কৃতি আদি দিশত যিমানে চহকী হ’ব তাৰ ভৱিষ্যৎ জীৱন সিমানে উন্নতমানৰ হ’ব। অতীতৰ সুস্থ-সবল ধ্যান- ধাৰণাক আমি সমাজ জীৱনত যথাযথৰূপে প্ৰয়োগ কৰিব লাগে। ইয়াৰ দ্বাৰা ভৱিষ্যত জীৱন উজলি উঠাৰ সম্ভাৱনা দেখা যায়।

(খ) উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ হৈছিল।
উত্তৰ : উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত “অতীতক নাযাবা পাহৰি” নামৰ পাঠটিৰ পৰা গ্ৰহণ কৰা হৈছে। সময়ে সময়ে খননকার্য চলাই বহুতো সম্পদ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয়। এই সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্রত্নতত্ত্ব বুলি কোৱা হয়। অসমৰ তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাৱঁত প্রত্নতাত্ত্বিক খননকার্য চলাই পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছে। এনে ধৰণৰ পোৰা মাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্রাচীন প্রত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাত একে সময়তে সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সাধন হৈছিল।

Related Posts:

অতীতক নাযাবা পাহৰি Class 8 Question Answer

খ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৫। তলৰ শব্দবিলাকৰ বিপৰীতার্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা।
উত্তৰ : উপস্থিত — অনুপস্থিত
চিনাকি – অচিনাকি
প্রাচীন – নবীন
পৰিকল্পিত – অপৰিকল্পিত
ধ্বংস – সৃষ্টি
নৱীন – প্রবীণ
দুর্বল – সবল
বৈসাদৃশ্য — সাদৃশ্য।

Class 8 Assamese Lesson 11 Question Answer

প্রশ্ন ৬। বাক্য ৰচনা কৰা।
ভগ্নাৱশেষ, ইতিহাস, উৎঘাটন, উদ্ধাৰ, খনন, নিৰ্মাণ, ঐতিহ্য, আপুৰুগীয়া।
উত্তৰ : ভগ্নাৱশেষ: (কোনো বস্তুৰ ভগা-ছিগা অংশবোৰ)–হৰপ্পা আৰু মহেঞ্জোদাৰো খননকার্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষবোৰে সেই সময়ৰ সংস্কৃতিৰ আভাস দিয়ে।

ইতিহাস: (বুৰঞ্জী) – কোনো এটা জাতিৰ বিষয়ে ভালদৰে জানিবলৈ হ’লে আমি সেই জাতিটোৰ ইতিহাস অধ্যয়ন কৰিৰ লাগিব।

উৎঘাটন: (মুকলি কৰা কাৰ্য, উন্মোচন)—–শৰাইঘাটৰ দলংখন সেই সময়ৰ প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীয়ে উৎঘাটন কৰিছিল।

উদ্ধাৰ: (ৰক্ষা, আপদৰ পৰা ৰক্ষাপৰা কাৰ্য)—বনকৰ্মীয়ে চোৰাং-চিকাৰীৰ হাতৰ পৰা গঁড়টো জীৱন্তে উদ্ধাৰ কৰিলে।

খনন: (খন্দা বা খনা কাৰ্য) — গুৱাহাটীৰ আমবাৰীৰ খনন কাৰ্যত নটৰাজ শিৱৰ মূৰ্তি উদ্ধাৰ হৈছে।

লগতে পঢ়ক  শিশু লীলা Class 8 - অষ্টম শ্ৰেণী অসমীয়া | পাঠ 15

নির্মাণ: (সজা, গঢ়া)—জালুকবাৰীত নির্মিয়মান উৰণীৰ সেতুখনৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে।

ঐতিহ্য: (গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্রথা)—প্রত্নতাত্ত্বিক খননকার্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষবোৰে কোনো এখন ঠাইৰ প্ৰাচীন ঐতিহ্য দাঙি ধৰে।

আপুৰুগীয়া: (পাবলৈ নোহোৱা, দুর্লভ)—গঁড় অসমৰ আপুৰুগীয়া সম্পদ।

Class 8 Assamese Lesson 11 Question Answer

প্রশ্ন ৭। তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা।
(ক) কোনো বস্তুৰ ভগা-ছিগা অংশবোৰ—
(খ) প্রাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন—
(গ) প্রাচীন যুগৰ সম্পদসমূহ সংৰক্ষণ কৰি ৰখা স্থান—
(ঘ) শিলত কটা শিল্প।
উত্তৰ। (ক) ভগ্নাৱশেষ
(খ) প্রত্নতাত্ত্বিক অধ্যয়ন
(গ) সংগ্ৰাহালয়
(ঘ) ভাস্কর্য।

অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ

প্রশ্ন ৮। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।
(ক) অ’ভাৰহেড প্রজেক্টৰ বুলিলে কি বুজা?
উত্তৰ : অ’ভাৰহেড প্রজেক্টৰ হৈছে এবিধ প্ৰক্ষেপণ যন্ত্ৰ। ইয়াৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি। ইয়াৰ জৰিয়তে কথা বুজিবলৈ বা বুজাবলৈ সুবিধা।

(খ) অ’ভাৰহেড প্রজেক্টৰৰ সহায়ত কি কবিৰ পাৰি?
উত্তৰ : অ’ভাৰহেড প্রজেক্টৰৰ সহায়ত স্বচ্ছ কাগজত কোনো কথা লিখি লৈ ছৱি বা প্রতিফলক পৰ্দাত ডাঙৰলৈ দেখুৱাব পাৰি। ইয়াৰ জৰিয়তে কথা বুজিবলৈ বা বুজাবলৈ সুবিধা হোৱা দেখা যায়া ।

(গ) প্রত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়?
উত্তৰ : প্রত্নতাত্ত্বিক সম্পদ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কাৰ্বন ফৰটিন মেথদ (Carbon Fourteen Method) বুলি কোৱা হয়।

(ঘ) প্রত্নতাত্ত্বিক খননকার্য সমাধা হোৱা ঠাই কেইখনমানৰ নাম লিখা।
উত্তৰ : প্রত্নতাত্ত্বিক খননকার্য সমাধা হোৱা ঠাই কেইখনমানৰ নাম হৈছে— গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰী সূৰ্য পাহাৰ, তেজপুৰৰ ওচৰৰ বৰাচুবুৰী, গুৱাহাটীৰ আমবাৰী, শিৱসাগৰ জিলাৰ চৰাইদেউ, দ-পৰ্বতীয়া, ন-নাথ, মহেঞ্জোদাৰো আৰু হৰপ্পা ইত্যাদি।

ঙ) লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে।
‘উত্তৰ : প্রত্নতাত্ত্বিক দিশৰ পৰা লিপিসমূহৰ মূল্য অতি বেছি। এইবোৰৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে।

অতীতক নাযাবা পাহৰি Class 8 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। পাঠটোত উল্লিখিত বিশিষ্ট প্রত্নতত্ত্ববিদগৰাকীৰ নাম কি?
উত্তৰ : পাঠটোত উল্লিখিত বিশিষ্ট প্রত্নতত্ত্ববিদগৰাকীৰ নাম ডঃ বিপিনচন্দ্ৰ দাস।

প্রশ্ন ২। কেইবিধমান কলা সম্পদৰ নাম লিখা।
উত্তৰ : কেইবিধমান কলা সম্পদৰ নাম হৈছে—অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কর্য, লিপি, মুদ্ৰা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি। এই সম্পদসমূহৰ পৰা আমি সেই যুগৰ ঐতিহ্য বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ কথা জানিব পাৰোঁ।

প্রশ্ন ৩। মহেঞ্জোদাৰোৰ উদ্ধাৰ হোৱা কেইবিধমান ভগ্নাৱশেষৰ নাম লিখা।
উত্তৰ : মহেঞ্জোদাৰোৰ উদ্ধাৰ হোৱা কেইবিধমান ভগ্নাৱশেষ হৈছে বাচন- বর্তন, কেইপদমান আ-অলংকাৰ, নলা-নর্দমা, থকা ঘৰ, গা-ধোৱা ঘৰ ইত্যাদি।

প্রশ্ন ৪। কিমান বছৰৰ পুৰণি সম্পদক প্রত্নতাত্ত্বিক সম্পদ হিচাপে ধৰা হয়?
উত্তৰ : প্ৰাক-ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা এশ বছৰৰ পুৰণি সকলো সম্পদক প্রত্নতাত্ত্বিক সম্পদৰূপে ধৰা হয়।

প্রশ্ন ৫। উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সাধন এনে সময়ত হৈছিল বুলি কিয় ক’ব পাৰি?
উত্তৰ : প্রত্নতাত্ত্বিক খননকাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা বিভিন্ন সামগ্ৰীৰ সময় নিৰূপণ কৰিব পাৰি। সেই মৰ্মে তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাৱঁত উদ্ধাৰ হোৱা পোৰা মাটিৰ কুঁৱাৰ অৱশেষ আৰু গংগা নদীৰ প্ৰাচীন প্রত্নতাত্ত্বিক স্থানত উদ্ধাৰ হোৱা পোৰা মাটিৰ কুঁৱাৰ অৱশেষৰ মাজত মিল থকা দেখা গৈছে। ইয়াৰ দ্বাৰা প্রমাণ হয় যে উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সাধন হৈছিল।

প্রশ্ন ৬। শ্ৰীশ্ৰী সূর্য পাহাৰক বিভিন্ন ধর্মীয় সমাজৰ মিলনভূমি বুলি কিয় কোৱা হয়?
উত্তৰ : শ্ৰীশ্ৰী সূৰ্য পাহাৰত খননকার্য চলাই বিভিন্ন প্রত্নতাত্ত্বিক সম্পদ উদ্ধাৰ কৰা হৈছে। এই সম্পদসমূহ হৈছে শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদি গুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱ লিংগ, গণেশ আদিৰ মূৰ্তি ইত্যাদি। বৌদ্ধ, জৈন, হিন্দু আদি ধৰ্মৰ বিভিন্ন সম্পদৰ সমাৱেশ ঘটাৰ বাবে শ্ৰীশ্ৰী সূর্য পাহাৰক বিভিন্ন ধর্মীয় সমাজৰ মিলন ভূমিৰূপে চিহ্নিত কৰিব পাৰি।

Class 8 Assamese Lesson 11 Question Answer

প্রশ্ন ৭। গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ হৈছে?
উত্তৰ : গোৱালপৰা জিলাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছে।

প্রশ্ন ৮। গোলাঘাট জিলাৰ ডুবৰণিত কি কি প্রাচীন সম্পদ উদ্ধাৰ হৈছে?
উত্তৰ : গোলাঘাট জিলাৰ ‘ডুবৰণি’ প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্র। এই অঞ্চলৰ আশে পাশে বিভিন্ন প্রাচীন লিপি উদ্ধাৰ হোৱাৰ উপৰি প্ৰত্নতাত্ত্বিক খনন- কাৰ্যৰ দ্বাৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদি উদ্ধাৰ হৈছে।

প্রশ্ন ৯। আমবাৰী খননকাৰ্যৰ দ্বাৰা কি কি প্রত্নতাত্ত্বিক সম্পদ উদ্ধাৰ কৰা হৈছে ?
উত্তৰ : আমবাৰী খননকাৰ্যৰ দ্বাৰা শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্যৰত অৱস্থাত থকা ‘নটৰাজ’ৰ মূৰ্তি, ইটাৰে নিৰ্মিত স্থাপত্যৰ ভেটিৰ অৱশেষ, বিষ্ণু, নটৰাজ, শিৱ আদিৰ অনেক সৰু ডাঙৰ আকাৰৰ ভাস্কৰ্য, পোৰা মাটিৰ নানান প্রত্নতাত্ত্বিক সম্পদ উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক  এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 (প্ৰশ্নৰ উত্তৰ) অষ্টম শ্ৰেণী

প্রশ্ন ১০। মৈদাম কাক বোলে?
উত্তৰ : আহোম স্বৰ্গদেউসকলৰ ৰাজকীয় সমাধিক্ষেত্ৰক মৈদাম বুলি কোৱা হয়। শিৱসাগৰ জিলাৰ চৰাইদেউত এনে ধৰণৰ মৈদাম উদ্ধাৰ কৰা হৈছে। বৃহৎ আকৃতিৰ অৰ্ধগোলাকাৰ মৈদামসমূহৰ স্থাপত্য সমগ্ৰ ভাৰততে বিৰল।

প্রশ্ন ১১। প্রত্নতাত্ত্বিক বিভাগে মৈদামৰ খননকার্য কৰি কি উদ্ধাৰ কৰিছে?
উত্তৰ : ভাৰতীয় প্রত্নতাত্ত্বিক বিভাগে এটি মৈদামৰ খননকার্য চলাই মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সফুৰা, হাতী দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি অনেক সম্পদ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে।

প্রশ্ন ১২। আমি প্রত্নতাত্ত্বিক সম্পদসমূহৰ প্ৰতি কিয় শ্রদ্ধাশীল হ’ব লাগে।
উত্তৰ : প্ৰত্নতাত্ত্বিক খননকার্যত যিবিলাক সম্পদ উদ্ধাৰ হয়, সি ,এটা জাতিক ঐতিহাসিকভাৱে গৌৰৱান্বিত কৰি তোলে। প্রত্নতাত্ত্বিক সম্পদসমূহৰ যথোপযুক্ত সংৰক্ষণে দেশৰ অৰ্থনৈতিক দিশ সবল কৰে। ইয়াৰ লগতে দেশ এখনৰ সাংস্কৃতিক বৈশিষ্ট্যৰাজিও বিদেশত প্ৰচাৰ হোৱাত সহায়ক হয়। সেয়েহে আমি প্রত্নতাত্ত্বিক সম্পদসমূহৰ প্ৰতি শ্রদ্ধাশীল হ’ব লাগে।

প্রশ্ন ১৩। অ’ভাৰহেড প্রজেক্টৰ কি? ইয়াৰ কাম কি?
উত্তৰ : অ’ভাৰহেড প্ৰজেক্টৰ হৈছে এবিধ প্রক্ষেপণ যন্ত্র। ইয়াৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্রতিফলক পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি। ইয়াৰ জৰিয়তে সহজতে কথা বুজিব বা বুজাব পাৰি।

প্রশ্ন ১৪। কাৰ্বন ফৰটিন মেথদ কি?
উত্তৰ : বৈজ্ঞানিক ব্যৱস্থাৰে প্ৰত্নতাত্ত্বিক সম্পদ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কাৰ্বন ফৰটিন মেথদ বুলি কোৱা হয়। জৈৱিক মাধ্যমৰ সম্পদৰ ক্ষেত্ৰত এই প্রক্রিয়া অধিক ফলপ্রসূ হোৱা দেখা যায়।

প্রশ্ন ১৫। অসমৰ ক’ত ক’ত প্রত্নতাত্ত্বিক খননকার্য সমাধা কৰা হৈছে?
উত্তৰ : অসমৰ আমবাৰী, মদন-কামদেৱ দেৱালয়, শ্রীশ্রী সূর্য পাহাৰ, দ- পৰ্বতীয়া, ন-নাথ, ডুবৰণি আদি স্থানত প্ৰত্নতাত্ত্বিক খননকার্য সমাধা কৰা হৈছে।

অতীতক নাযাবা পাহৰি প্ৰশ্ন উত্তৰ

প্রশ্ন ১৬। ব্যাখ্যা কৰা :

তোমালোকো এনে সম্পদসমূহৰ লগত পৰিচিত হৈ ইয়াৰ প্ৰতি শ্ৰদ্ধাবান হবা।
উত্তৰ : উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত “অতীতক নাযাবা পাহৰি” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
উক্ত কথাফাকি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বিশিষ্ট প্রত্নতত্ত্ববিদ ড° বিপিন চন্দ্ৰ দাস ছাৰে কৈছিল। তেখেতে প্রধান শিক্ষকৰ আমন্ত্ৰণক্রমে প্রত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়ত উপস্থিত হৈছিলগৈ। বক্তৃতাৰ অন্তত
তেখেতে উক্ত বাক্যফাঁকি কৈছিল যে প্রত্নতাত্ত্বিক খননকার্যত যিবিলাক সম্পদ উদ্ধাৰ হয়, সেই সম্পদবিলাকে এটা জাতিক ঐতিহাসিকভাৱে গৌৰৱান্বিত কৰি ৰাখে। প্রত্নতাত্ত্বিক সম্পদৰ যথোপযুক্ত সংৰক্ষণে দেশ এখনৰ অৰ্থনৈতিক দিশটো সবল কৰে। ইয়াৰ লগতে দেশখনৰ সাংস্কৃতিক বৈশিষ্ট্যৰাজিও বিদেশত প্ৰচাৰ হোৱাত সহায়ক হয়। সেই বাবে আমি সকলোৱে এনে ধৰণৰ সম্পদসমূহৰ প্ৰতি লগত পৰিচিত হৈ ইয়াৰ প্ৰতি শ্রদ্ধাশীল হোৱা উচিত।

প্রশ্ন ১৭। খালী ঠাই পূৰ কৰা :
(i) _____ৰাজকীয় সমাধিক্ষেত্রেৰ লগত মৈদাম সংস্কৃতিৰ সাদৃশ্য থকা দেখা যায়।
উত্তৰ : চীনদেশৰ।
(ii) আহোমসকলৰ ৰাজত্বকালত অসমৰ প্ৰায় সকলো শিলৰ ভগ্নাৱশেষৰ স্থানত_____নির্মাণ হৈছিল।
উত্তৰ : ইটাৰ মন্দিৰ।
(iii) প্রত্নতাত্ত্বিক সম্পদৰ যথোপযুক্ত সংৰক্ষণে দেশ এখনৰ_____ দিশ সবল কৰে।
উত্তৰ : অৰ্থনৈতিক।
(iv) গোৱালপাৰা জিলাৰ ______ পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছে।
উত্তৰ : পাগলাটেকত।
(v) শ্ৰীশ্ৰী সূৰ্য পাহাৰক বিভিন্ন ______ সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিব পাৰি।
উত্তৰ : ধর্মীয় ।
(vi) প্রত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰাৰ ব্যৱস্থাটোক_____ বোলে।
উত্তৰ : কাৰ্বন ফৰটিন মেথদ।
(vi) ________প্রত্নতাত্ত্বিক মূল্য সর্বাধিক।
উত্তৰ : লিপিসমূহৰ।

কোনবোৰ সম্পদক কলাসম্পদ বুলি কোৱা হয়?

উত্তৰ : অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কর্য, লিপি, মুদ্রা, বুৰঞ্জী, প্রসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে কোনো এটা যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধর্ম, দর্শন আদিৰ সম্ভেদ দিয়ে সেই সম্পদবিলাকক কলা সম্পদ বুলি কোৱা হয়।

অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়?

উত্তৰ : এই সম্পদসমূহ অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে আমাক জানিব দিয়ে। অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্রা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদিৰ বিষয়ে আমি এই সম্পদবোৰৰ পৰা জানিব পাৰো।

কোনবিলাক সম্পদক প্রত্নতাত্ত্বিক সম্পদ বোলে?

উত্তৰ : প্রাচীন মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ, মুদ্রা, বুৰঞ্জী প্রসিদ্ধ স্থান আদি যিবিলাক সম্পদৰ পৰা আমি কোনো এক সময়ৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধর্ম, দর্শন আদি জানিব পাৰোঁ। সেই সম্পদবোৰক প্ৰত্নতাত্ত্বিক সম্পদ বোলে।

প্রত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ?

উত্তৰ : সময়ে সময়ে খননকাৰ্যৰ জৰিয়তে প্রাচীন মঠ-মন্দিৰ, লিপি, বাচন- বৰ্তন, আ-অলংকাৰ আদি বহুতো সম্পদ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হয়। এই সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্রত্নতত্ত্ব বুলি কোৱা হয়।

সূৰ্য পাহাৰ কোন জিলাত অবস্থিত?

উত্তৰ : সূর্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত।

তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল?

উত্তৰ : তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল।

সূর্য পাহাৰৰ খননকার্যত কি কি উদ্ধাৰ হৈছিল?

উত্তৰ : সূর্য পাহাৰৰ খননকাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদিৰ মূৰ্তি উদ্ধাৰ হৈছিল।

গোৱালপাৰা জিলাৰ ‘পাগলাটেক’ত কি উদ্ধাৰ হৈছিল?

উত্তৰ : গোৱালপাৰা জিলাৰ ‘পাগলাটেক’ত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল।

Leave a Comment