পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 | সকলো প্ৰশ্নৰ উত্তৰ | পাঠ 10 |

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer – | পৰীক্ষিতৰ ব্ৰহ্মশাপ প্ৰশ্ন উত্তৰ |  Class 8 Assamese Lesson 10 Question Answer

শ্ৰেণী অষ্টম শ্ৰেণী অসমীয়া
বিষয় অসমীয়া
পাঠ পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8
লেখক ভট্টদেৱ
পাঠ 10
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া।

(ক) দেখন্ত, মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা।
মুনিয়ে চকু মুদি কি কৰি আছিল?
মুনিজনৰ নাম কি?
পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল?
উত্তৰ : মুনিয়ে চকু মুদি ধ্যান কৰি আছিল।
মুনিজনৰ নাম আছিল শমীক মুনি।
পিয়াহত আকুল হৈ পৰীক্ষিত ৰজাই শমীক মুনিক পানী খুজিছিল।

(খ) পাছে তান পুত্ৰ শৃংগী বার্তা পায়া ক্রোধে ছৱালসৱৰ আগতে বোলন্ত: অহো ৰাজাৰ অন্যায় দেখ।
কি খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল?
ৰজাই কি অন্যায় কৰাৰ কথা কৈছে?
উত্তৰ : ৰজা পৰীক্ষিতে মৰা সাপ এডাল ধনুৰ আগেদি আনি শনীক মুনিৰ ডিঙিত আঁৰি দিয়াৰ কথা মুনি শুনি পুত্ৰ শৃংগীৰ খং উঠিছিল।

এদিনাখন পৰীক্ষিত ৰজাই মৃগয়ালৈ যাওঁতে ভোকে পিয়াহে কাতৰ হৈ শমীক মুনিৰ আশ্ৰমত উপস্থিত হয় আৰু ধ্যানমগ্ন মুনিক পানী বিচাৰে। কিন্তু মুনিৰ পৰা কোনো ধৰণৰ সমিধান নাপাই ৰজা অপমানিত হয় আৰু মৰা সাপ এডাল ধনুৰ আগেদি আনি মুনিৰ ডিঙিত পিন্ধাই দি অপমানৰ হোৰ তোলে। এই কথা জানিব পাৰি মুনিপুত্ৰ ক্ৰোধিত হয়। কাৰণ ব্রাহ্মণসকলে ক্ষত্রিয়ক ৰজা পাতিছে। গতিকে ক্ষত্ৰিয়সকল হৈছে দাস আৰু ব্ৰাহ্মণসকল হৈছে স্বামী। ৰজা পৰীক্ষিতে দাস হৈ শৃংগীয়ে স্বামীৰ অপকাৰ কৰিছে। ই ৰজাৰ বাবে অতি অন্যায় কর্ম হৈছে বুলি মুনিপুত্র শৃংগীয়ে  ল’ৰাসকলৰ আগত কৈছিল।

(গ) আজি মঁঞি দণ্ডিবো; মোৰ বল দেখ। এহি বুলি কৌশিকী জলত আচান্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশোক বুলি শাপ দিলা ।
উক্ত কথাফাঁকি কোনে কৈছিল আৰু কিয় কৈছিল?
শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল?
উত্তৰ : উক্ত কথাফাঁকি শমীক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল। ৰজা পৰীক্ষিতে এদিনাখন মৃগয়া কৰিবলৈ যাওঁতে ভোকে পিয়াহে কাতৰ হৈ শমীক মুনিৰ আশ্ৰমত সোমাই পানী বিচাৰে। কিন্তু ধ্যানমগ্ন মুনিৰ পৰা কোনো ধৰণৰ সমিধান নাপাই ৰজা অপমানিত হয় আৰু ইয়াৰ প্ৰতিশোধ ল’বলৈ ধনুৰ আগেদি মৰা সাপ এডাল মুনিৰ ডিঙিত আঁৰি দি ঘৰলৈ ওভতে। মুনি পুত্ৰ শৃংগীয়ে এই কথা জানিব পাৰি খঙত অগ্নিশর্মা হৈ ৰজাক সেইদৰে কৈছিল।

শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক সাতদিন পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল।

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

(ঘ) অথো দুষ্ট পুত্র কি অন্যায় কৰিলি।
শমীক মুনিয়ে শৃংগীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল?
উত্তৰ : শমীক মুনিয়ে পুত্ৰ শৃংগীৰ মুখেৰে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি মনত বৰ বেজাৰ পাইছিল। শৃংগীক দুষ্ট পুত্ৰ বুলি কৈ কৈছিল যে তেওঁ অতি অন্যায় কৰিলে। ৰজাক শাপ দিয়াৰ ফলত ৰজাৰ মৃত্যু হ’ব। ৰজা অবিহনে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ-ডকাইতৰ উৎপাত বাঢ়িব।

প্রশ্ন ২। উত্তৰ দিয়া :

(ক) পৰীক্ষিত ৰজাৰ মৃত্যু হ’লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি শমীক মুনিয়ে পুতেকক কৈছিল?
উত্তৰ : পৰীক্ষিত এগৰাকী প্ৰজাবৎসল আৰু চক্ৰৱৰ্তী ৰজা আছিল। তেওঁ অস্তি ধৰ্মপৰায়ণ আৰু হৰিভক্ত আছিল। গতিকে তেওঁৰ মৃত্যু হ’লে ৰাজ্য ধ্বংস হ’ব আৰু লোকসকলৰ মাজত চোৰ-ডাকাইতৰ প্ৰকোপ বৃদ্ধি পাব। প্ৰজাসকলে নানা ধৰণৰ দুখ পাব। এনে ধৰণৰ সমস্যাই দেখা দিব পাৰে বুলি শমীক মুনিয়ে কৈছিল।

(খ) শমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা।
উত্তৰ : পৰীক্ষিত ৰজাই আগ-পাছ নুগুণি কৰা অপৰাধ ক্ষমা কৰি দি পুত্ৰ শৃংগীক কোৱা কথাখিনিত শমীক মুনিৰ মহত্ব প্ৰকাশ পাইছে। শমীক মুনিয়ে কৈছে যে পৰীক্ষিতৰ দৰে প্ৰজাবৎসল চক্ৰৱৰ্তী ৰজা এজনৰ মৃত্যু হ’লে ৰাজ্যত নানা ধৰণৰ সমস্যাই দেখা দিব। মহা ধৰ্মপৰায়ণ আৰু হৰিভক্ত ৰজা গৰাকীৰ মৃত্যুত শৃংগী পাপৰ ভাগী হ’ব লাগিব। ৰজাই পিয়াহত আতুৰ হৈ পানী বিচাৰিছিল, গতিকে তেওঁক অভিশাপ দিয়াটো উচিত হোৱা নাই । শৃংগীয়ে কৰা এই পাপৰ প্ৰায়চিত্ত কৰিবলৈ শমীক মুনিয়ে শৃংগীক কৃষ্ণক শৰণ ল’বলৈ উপদেশ দিছে।

প্রশ্ন ৩। “পৰীক্ষিতৰ ব্ৰহ্মশাপ” নামৰ পাঠটিৰ পৰা তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্যৰূপত লিখা।

উত্তৰ :

পুৰণি অসমীয়া ৰূপআধুনিক অসমীয়া ৰূপ
উদাহৰণ—
একদিনা পৰীক্ষিত ৰাজা ধনু শৰ ধৰি মৃগয়া কৰিতে বনক গৈলা। মৃগক খেদি ক্ষুধায়ে তৃষ্ণায়ে শ্রান্ত ভৈলা। এহি বুলি মৰা সৰ্প ধনুৰ আগে আনি গলত দিয়া গৃহক গৈলা।

 

পাচে শৃঙ্গী ৰাজাক শাপিবাৰ কথা কহিলা। মহা ধৰ্মৰ্পৰ, আৰো হৰিভক্ত। মহাশ্রান্ত হৈয়া আমাত জল খুজিলন্ত। যাতো সাধুসৱে পৰৰ দুঃখেসে দুঃখী হৈয়া আপুনাৰ দুঃখ নুগুণে।

এদিন পৰীক্ষিত ৰজাই ধনু-শৰ লৈ পহু চিকাৰ কৰিবলৈ বনলৈ গৈছিল। পহুক খেদি ভোকে পিয়াহে কাতৰ হ’ল। এইবুলি মৰা সাপডাল ধনুৰ আগেৰে আনি মুনিৰ ডিঙিত পিন্ধাই দি ঘৰলৈ | গ’ল।

 

তাৰ পাছত শৃংগীয়ে ৰজাক অভিশাপ দিয়াৰ কথা ক’লে। মহা ধাৰ্মিক আৰু হৰিভক্ত। পিপাসাতুৰ হৈ মোক পানী খুজিছিল। যিদৰে সাধুসকলে আনৰ দুঃখত দুখী হৈ নিজৰ দুখক গুৰুত্ব নিদিয়ে।

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

প্রশ্ন ৪। ব্যাখ্যা কৰা :

লগতে পঢ়ক  শিশু লীলা Class 8 - অষ্টম শ্ৰেণী অসমীয়া | পাঠ 15

(ক) দাস হৈয়া স্বামীক অপকাৰ কৰে; ব্রাহ্মণসবে ক্ষত্রিয়ক ৰাজা পাতিছে; সি কোন আমাক দ্ৰোহ কৰে; দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে; আৰা এতেক অন্যায় কৰে।
উত্তৰ : উক্ত সংলাপখিনি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভট্টদেৱে ৰচনা কৰা “পৰীক্ষিতৰ ব্ৰহ্মশাপ” পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
উক্ত বাক্যশাৰী ক্রোধান্বিত মুনিপুত্ৰ শৃংগীয়ে পৰীক্ষিত ৰজাক উদ্দেশ্যে কৰি বালসকলৰ আগত ব্যক্ত কৰিছে। পিপাসাতুৰ পৰীক্ষিত ৰজাই ধ্যানমগ্ন মুনিৰ ওচৰত পানী বিচাৰি কোনো সমাধান নোপোৱাত ক্রোধিত হ’ল। সেই অপমানৰ হোৰ তুলিবৰ বাবে ধনুৰ আগেৰে মৰা সাপ এডাল আনি মুনিৰ ডিঙিত ওলোমাই দি ঘৰমুৱা হ’ল। মুনিপুত্র শৃঙ্গীয়ে এই কথা জানিব পাৰি ক্রোধান্বিত হৈ ৰজাক বিভিন্ন ধৰণে দোষাৰোপ কৰে আৰু সপ্তম দিনা তক্ষকে দংশন কৰিব বুলি অভিশাপ দিয়ে।  মুনিপুত্ৰই ৰজাক এই বুলি দোষাৰোপ কৰে যে ৰজাই অতি অন্যায় কৰিছে, ব্ৰাহ্মণসকলে ক্ষত্রিয়ক ৰজা পাতিছে কিন্তু তেওঁ আমাৰ প্ৰতি বিদ্রোহ কৰিছে; দাস হৈ স্বামীৰ অপকাৰ কৰিছে। এনেদৰে শৃংগীয়ে মনৰ ক্ষোভ প্রকাশ কৰিছে।

(খ) যাতো সাধুসৰে পৰৰ দুঃখেসে দুঃখী হৈয়া আপুনাৰ দুঃখ নুগুণে।
উত্তৰ : উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভট্টদেৱৰ দ্বাৰা ৰচিত “পৰীক্ষিতৰ ব্ৰহ্মশাপ” নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে।

উক্ত বাক্যশাৰী পৰীক্ষিতৰ ব্ৰহ্মশাপ পাঠটিত সূতৰ মুখেৰে নিঃসৃত হৈছে। ইয়াত শমীক মুনিৰ কথা কোৱা হৈছে। সাধু-মহত্ত লোকসকলে সদায় আনৰ দুখত দুখী হৈ ভাল পায়। তেওঁলোকে সংসাৰত নিজৰ দুখ কষ্টক কোনো দিন গুৰুত্ব নিদিয়ে। এইদৰে তেওঁলোকে নিজৰ মহত্ব প্ৰকাশ কৰে। পিয়াহত আতুৰ পৰীক্ষিত ৰজাই ধ্যানমগ্ন মুনিক জলভিক্ষা কৰিছিল। কিন্তু তেওঁৰ কথাক গুৰুত্ব নিদিয়া বুলি ভাবি ৰজাই মুনিৰ অপকাৰ কৰিছিল। এই কথা জানিব পাৰি মুনিপুত্ৰ শৃঙ্গীয়ে ৰজাক অভিশাপ দিয়াত শমীক মুনি নিজ পুত্ৰক দোষাৰোপ কৰে আৰু তেওঁ ৰজাৰ প্ৰতি কৰা সেই পাপৰ বাবে কৃষ্ণৰ চৰণত শৰণ ল’বলৈ উপদেশ দিয়ে।

প্রশ্ন ৫ । তলত দিয়া শব্দবিলাকৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই লিখা।
উত্তৰ :
সমাধি – ধ্যান
তৃষ্ণা – পিয়াহ
আকুল – ব্যগ্ৰ, কাতৰ
দণ্ডিবো – শাস্তি দিম
কৌশিকী — এখন নদীৰ নাম। এই নৈখন কুষিক ঋষিৰ কন্যা বুলি পুৰাণত আছে।
আচাত্ত – স্পর্শ
তক্ষক – পৰীক্ষিত ৰজাক খুটি মৰা এটা বিখ্যাত সাপৰ নাম ।
শাপ – লোকৰ অমংগল কৰা বাক্য, শাওঁ।

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

খ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৬। তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠত আছে। বিচাৰি উলিয়াই লিখা।
উত্তৰ : প্ৰজা – ৰজা
নিম্ন – উচ্চ
শান্ত – দুষ্ট

সুখ – দুঃখ
প্রশংসা – নিন্দা
উপকাৰ – অপকাৰ
ন্যায় – অন্যায়
অসমর্থ – সমর্থ।

প্রশ্ন ৭। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা :
শাপ, সাপ | তান, টান | শৰ, সৰ | সুত, সূত
উত্তৰ : শাপ: (লোকৰ অমংগল কৰা বাক্য, শাওঁ দিয়া) – অতিথিসেৱাত অৱহেলা কৰা বাবে দুর্বাসা মুনিয়ে শকুন্তলাক শাপ দিছিল।
সাপ: —(এবিধ সৰীসৃপ)—অজগৰ এবিধ প্ৰকাণ্ড সাপ।
শৰ:—(কাঁড়)—মহাভাৰতৰ যুদ্ধত পিতামহ ভীষ্ম শৰশয্যাত পৰিছিল।
সৰ: (পৰ্‌)—শৰতকালত শেৱালি ফুল তলভৰি সৰি থাকে।
তান: (সংগীত সুৰ, ৰাগ, ৰাগিণী) — সেই গীতটোৰ তানখিনি শুনিবলৈ অতি মধুৰ হৈছে।
টান: (কঠিন) —ল’ৰাজনে টান অংকটো পলকতে কৰি পেলালে।
সুত: (ধাৰে দিয়া ধনৰ পৰা বাঢ়ি অহা ধন) – – ৰামধনে মহাজনৰ পৰা লোৱা ধনৰ সুত আজিকোপতি পৰিশোধ কৰিব পৰা নাই।
সূত: (শৌনকাদি ঋষিৰ আগত ভাগৱত ব্যাখ্যা কৰা এজন মুনি) সূত মুনিয়ে আন মুনিসকলৰ আগত ভাগৱতৰ সহজ সৰল ব্যাখ্যা আগবঢ়াইছিল।

প্রশ্ন ৮। শুদ্ধ উত্তৰটোত (√) চিন দিয়া :
কৃষ্ণ শব্দটোৰ “ষ্ণ” যুক্ত যুক্তাক্ষৰটো ভাঙিলে হ’ব
(ক) ষ ঞ (খ) ষ ছ গ) ষ ণ (ঘ) ষ ন
উত্তৰ : (ক) ষ ঞ।

প্রশ্ন ৯। শ্রান্ত শব্দৰ ‘শ্র’ যুক্তাক্ষৰ ভাঙিলে হ’ব-
(ক) ড়+শ (খ) ষ +ড় (গ) শ + ঋ (ঘ) শ + ৰ
উত্তৰ : (ঘ) শ + ৰ।

প্রশ্ন ১০। অবজ্ঞা শব্দৰ যুক্তাক্ষৰ ভাঙিলে হ’ব –
(ক) জ + ণ
(খ) জ + ন
(গ) জ + ঞ (ঘ) জ + ছ
উত্তৰ : (গ) জ + ঞ।

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

প্রশ্ন ১১। পাঠত তোমালোকে ৰাজা, পিতৃ, ব্ৰাহ্মণ, পুত্র—এই শব্দকেইটা পাইছা ; শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা।
উত্তৰ:

পুংলিংগস্ত্রীলিংগ
ৰাজাৰাণী
পিতৃমাতৃ
ব্রাহ্মণব্রাহ্মণী
পুত্রকন্যা
  
  

প্রশ্ন ১২। পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান, অতীত আৰু ভৱিষ্যত কালৰ ক্ৰিয়াপদকেইটা বাচি উলিয়াই লিখা।
উদাহৰণ : বোলও—

অতীতবর্তমানভবিষ্যত
১। গৈলা
২। ভৈলা
৩। আচত্ত
১। পাতিছে
২। কৰে
৩। দেখ
১। হইবেক
২। পাইবেক ইত্যাদি।

জ্ঞান সম্প্ৰসাৰণ
জন্ম

লগতে পঢ়ক  ভক্তপ্ৰাণ প্ৰহ্লাদ Class 8 - প্ৰশ্নৰ উত্তৰ অসমীয়া পাঠ 5

১৩। পৰীক্ষিত ৰজাই শমীক মুনিৰ গলত মৰা সাপ আঁৰি দি ভূল কৰা নাছিলনে? তোমাৰ মতামত ব্যক্ত কৰা।
উত্তৰ : এদিনাখন ৰজা পৰীক্ষিতে মৃগয়া কৰি ঘূৰি ফুৰোঁতে ভোকে পিয়াহে কাতৰ হৈ শৰ্মীক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰে আৰু ধ্যানমগ্ন মুনিগৰাকীক পানী বিচাৰে। মুনিৰ পৰা কোনো সমিধান নাপাই ৰজা অপমানিত হয় আৰু ইয়াৰ প্রতিশোধ ল’বলৈ ধনুৰ আগেৰে মৰা সাপ এডাল তুলি লৈ মুনিৰ ডিঙিত আঁৰি দি ঘৰমুৱা হয়। এই কথা জানিব পাৰি মুনিপুত্ৰ শৃংগী ক্রোধিত হয় আৰু ৰজাক সাতদিনৰ দিনা তক্ষকে খুটিব বুলি অভিশাপ দিয়ে। শমীক মুনিয়ে পুতেকৰ এই কথা জানিব পাৰি মনত অতি বেজাৰ পায় আৰু পুত্ৰক নিন্দা কৰে। পিয়াহত আতুৰ চক্ৰৱৰ্তী ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ বাবে হোৱা পাপৰ প্ৰায়চিত্ত কৰিবলৈ মুনিয়ে শৃংগীক কৃষ্ণৰ শৰণ ল’বলৈ উপদেশ দিয়ে। পৰীক্ষিত এজন চক্ৰৱৰ্তী ৰজা আছিল। কিন্তু এই ৰজাজনে আগ-পাছ নুগুনি এটি ভুল কৰি পেলাইছিল। এওঁ শমীক মুনিৰ ডিঙিত মৰা সাপ আঁৰি দিয়াটো এটি অপৰাধ আছিল। তেওঁ জানিব লাগিছিল যে ধ্যানমগ্ন মুনিয়ে তেওঁ অহাৰ কথা গম পোৱা নাছিল। এই অপৰাধৰ বাবে ৰজা পৰীক্ষিতে ব্রহ্মশাপ পাবলগীয়া হৈছিল।

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

প্রশ্ন ১৪। তলত দিয়া বিষয়সমূহ আলোচনা কৰা।
(ক) পৰীক্ষিতৰ জন্ম কাহিনী।

উত্তৰ : পৰীক্ষিত ৰজা অভিমুন্য আৰু উত্তৰাৰ পুত্ৰ আছিল। তেওঁ মাকৰ গৰ্ভত থাকোতেই কুৰুক্ষেত্ৰৰ যুদ্ধত পিতৃৰ মৃত্যু হৈছিল। এই যুদ্ধত পাণ্ডৱসকল জয়ী হৈছিল যদিও অশ্বত্থামাই মুমূৰ্য দুর্যোধনৰ আগত ৰাতিৰ ভিতৰতে পাণ্ডৱকূল শেষ কৰিব বুলি শপত খাইছিল। সেই উদ্দেশ্যে ৰাতিৰ আন্ধাৰত ছাউনীত প্রবেশ কৰি সকলো সৈন্যক নিধন কৰিছিল। শেষত উত্তৰাৰ গৰ্ভ নষ্ট কৰাৰ বাবে তেওঁ মন্ত্রপুত এপাট কুশ মাৰি পঠিয়াইছিল। পিছে শ্রীকৃষ্ণই সেই কুশাস্ত্ৰৰ পৰা পাণ্ডৱকুলৰ শেষ সপ্তান পৰীক্ষিতক ৰক্ষা কৰিছিল।

(খ) শমীক মুনিৰ গলত মৰা সাপ আঁৰি দি পৰীক্ষিত ৰজা কেনেকুৱা অৱস্থাৰ সম্মুখীন হ’বলগীয়া হ’ল।

উত্তৰ : পৰীক্ষিত ৰজাই পিয়াহত আতুৰ হৈ ধ্যানমগ্ন শমীক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰি মুনিৰ ওচৰত জলভিক্ষা কৰে। কিন্তু মুনিয়ে এই বিষয়ে একো জানিব নোৱাৰাত ৰজাই অপমানিত বোধ কৰে আৰু আগ-পাছ নুগুণি ধনুৰ আগেৰে মৰা এডাল সাপ আনি মুনিৰ ডিঙিত ওলোমাই দিয়ে। ঘৰলৈ অহাৰ পিছত উক্ত কৰ্মৰ বাবে ৰজা অনুতপ্ত হয়। তেওঁ অতি বিমর্ষ হৈ পৰে। তেওঁ নিজ কৰ্মৰ বাবে প্ৰতিকাৰ কৰিবলৈ বিচাৰে।

(গ) মৃগয়াই কিদৰে প্ৰাণীকূল আৰু প্ৰাকৃতিক পৰিৱেশৰ ক্ষতিসাধন কৰিব পাৰে। যুক্তি সহকাৰে লিখা।

উত্তৰ : মৃগয়াই প্ৰাণীকূল আৰু প্ৰাকৃতিক পৰিৱেশৰ ক্ষতিসাধন কৰে। পহু চিকাৰ বা মৃগয়া সাধাৰণতে মনোৰঞ্জনৰ বাবে কৰা হয়। কিন্তু ইয়াৰ দ্বাৰা মানুহৰ কোনো ধৰণৰ লাভালাভ হোৱা দেখা নাযায়। বৰঞ্চ ই জীৱজগতৰ ক্ষতি সাধনহে কৰে। প্ৰাকৃতিক ভাৰসাম্য নিয়ন্ত্ৰণৰ বাবে পশুৰ আৱশ্যক আছে। জীৱজগতৰ প্ৰতিবিধ জীৱই ইটোৰ লগত সিটোৱে সম্বন্ধিত হৈ প্রাকৃতিক ভাৰসাম্য বজাই ৰাখে। গতিকে তাৰে এবিধ জীৱ কোনো কাৰণত নোহোৱা হ’লে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত হেৰফেৰ হোৱা দেখা যায়। ই প্ৰাকৃতিক পৰিৱেশত প্ৰভাৱ বিস্তাৰ কৰে। গতিকে ক’ব পাৰি যে মৃগয়াই প্ৰাণীকূল আৰু প্ৰাকৃতিক পৰিৱেশৰ ক্ষতিসাধন কৰিব পাৰে।

Also Read:

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

খ : প্রকল্প।

প্রশ্ন ১৫। পৃথিৱীৰ পৰা কিছুমান প্ৰাণীৰ প্ৰজাতি বিলুপ্ত হ’বলৈ ধৰিছে। বিলুপ্ত হ’বলৈ ধৰা প্ৰাণীৰ নাম, বিলুপ্ত হোৱাৰ কাৰণ আৰু সংৰক্ষণৰ উপায় উলিয়াই তালিকাত অন্তর্ভূক্ত কৰা।

(ক) বিলুপ্তপ্ৰায় হোৱা প্ৰাণীৰ নাম—
১। শিহু
২। হুদু
৩। সোণালী বান্দৰ
৪। বন কপৌ
৫। উট পক্ষী

(খ) বিলুপ্ত হোৱাৰ কাৰণ—
১। জনসংখ্যা বৃদ্ধি
২। চোৰাং-চিকাৰীৰ সংখ্যা বৃদ্ধি
৩। প্রাকৃতিক দুর্যোগ
৪। কৰ্তৃপক্ষৰ অমনোযোগিতা
৫) জধে-মধে বনাঞ্চল ধ্বংস।

(গ) সংৰক্ষণ কৰাৰ উপায়—
১। বর্ধিত জনসংখ্যাই যাতে প্রকৃতিৰাজ্য ধ্বংস কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিব লাগে।
২। চোৰাং-চিকাৰীয়ে যাতে জীৱ-জন্তু হত্যা কৰিব নোৱাৰে তাৰ বাবে আমি চোকা নজৰ দি বনাঞ্চলৰ সুৰক্ষাৰ বাবে কৰ্তৃপক্ষ বা চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিব লাগে।
৩। সুপৰিকল্পিতভাৱে বনানিকৰণত গুৰুত্ব দি প্রাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ আমি যত্নপৰ হ’ব লাগে।
৪। প্রাকৃতিক পৰিৱেশ সুস্থিৰ কৰি ৰাখিবলৈ চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ সফলভাৱে ৰূপায়িত হোৱাত আমি সকলোৱে সহায়ৰ হাত আগবঢ়াব লাগে।

প্রশ্ন ১৬। মহাভাৰত আৰু ৰামায়ণৰ পৰা তিনিটাকৈ নাৰী চৰিত্ৰ উল্লেখ কৰি চমুটোকা লিখা।
উত্তৰ : মহাভাৰতৰ তিনিটা নাৰী চৰিত্ৰ হৈছে কুন্তী, গান্ধাৰী আৰু দ্রৌপদী। কুন্তী : মহাৰাণী কুন্তী হস্তিনাপুৰৰ ৰজা পাণ্ডুৰ পত্নী আছিল। কুম্ভীৰ গৰ্ভত পঞ্চপাণ্ডৱৰ জন্ম হৈছিল।

গান্ধাৰীঃ হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নীৰ নাম আছিল গান্ধাৰী। এওঁ গান্ধাৰ দেশৰ ৰাজকন্যা আছিল। ধৃতৰাষ্ট্ৰ জন্মৰেপৰা অন্ধ আছিল। সেইবাবে গান্ধাৰীয়েও নিজৰ দুচকু চিৰদিনৰ বাবে বান্ধি ৰাখিছিল। গান্ধাৰীৰ গৰ্ভত এশজন পুত্ৰৰ জন্ম | হৈছিল। এওঁলোক কৌৰৱ নামেৰে জনাজাত আছিল।

দ্রৌপদী : দ্রৌপদী দ্ৰুপদ ৰজাৰ জীয়াৰী আছিল। যজ্ঞৰ অগ্নিকুণ্ডৰ পৰা দ্রৌপদীৰ জন্ম হোৱাৰ বাবে তেওঁৰ আন এক নাম আছিল যাজ্ঞসেনী। সয়ম্বৰ সভাত তৃতীয় পাণ্ডৱ অৰ্জুনে এওঁক লাভ কৰিছিল। কিন্তু মাতৃৰ আদেশ অনুসৰি পঞ্চপাণ্ডৱে এওঁক পত্নীৰূপে গ্ৰহণ কৰিছিল। কৌৰৱৰ ৰাজসভাত দুর্যোধনৰ আদেশত দুঃশাসনে এওঁৰ বস্ত্ৰহৰণ কৰিছিল। ৰামায়ণৰ তিনিটা চৰিত্ৰ হৈছে—সীতা, কৈকেয়ী আৰু মন্থৰা।

লগতে পঢ়ক  যুগমীয়া শৰাইঘাট Class 8 (প্ৰশ্ন উত্তৰ) অসমীয়া অষ্টম শ্ৰেণী

সীতা : সীতা মিথিলাৰ ৰজা জনকৰ জীয়াৰী আছিল। শ্ৰীৰামচন্দ্ৰই হৰধনু ভাঙি সীতাক লাভ কৰিছিল। পিতৃৰ আজ্ঞা পালন কৰি ৰামে চৈধ্য বছৰলৈ বনবাসলৈ যাওঁতে সীতাও ৰামৰ লগত বনবাস খাটিবলৈ গৈছিল। লংকাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰিছিল। বানৰ সৈন্যৰ সহায়ত ৰামে ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিছিল।

কৈকেয়ী : কৈকেয়ী দশৰথ ৰজাৰ দ্বিতীয়া পত্নী আছিল। এবাৰ দশৰথ ৰজাৰ টান নৰিয়া হোৱাত কৈকেয়ীয়ে তেওঁক শুশ্রূষা কৰিছিল আৰু নৰিয়া ভাল হোৱাত দশৰথ ৰজাই কৈকেয়ীক দুটা বৰ দিব খুজিছিল। কৈকেয়ীয়ে সময়ত বৰ দুটা পিছত ল’ব বুলি কৈছিল। সেইমতে উপযুক্ত সময়ত তেওঁ ৰজাক বৰ দুটা খুজিছিল যে প্ৰথম বৰ মতে দশৰথ ৰজাই চৈধ্য বছৰলৈ ৰামক বনবাস দিব লাগে আৰু দ্বিতীয় বৰ মতে তেওঁৰ পুত্ৰ ভৰতক ৰজা পাতিব লাগে। পিতৃসত্য পালন কৰি ৰাম বনলৈ গৈছিল আৰু সেই বেজাৰত ৰজা দশৰথৰ মৃত্যু হৈছিল।

মন্থৰা : মন্থৰা মহাৰাণী কৈকেয়ীৰ দাসী আছিল। এওঁ কুবুদ্ধিৰ ভঁৰাল আছিল। এওঁ সততে কৈকেয়ীক দিহা পৰামৰ্শ দিছিল। এওঁৰ পৰামৰ্শ অনুসৰি কৈকেয়ীয়ে দশৰথ ৰজাৰ পৰা বৰলৈ ৰামক বনবাসলৈ পঠাইছিল আৰু নিজ পুত্ৰ ভৰতৰ ৰজা পাতিব খুজিছিল।

পৰীক্ষিতৰ ব্ৰহ্মশাপ Class 8 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। “পৰীক্ষিতৰ ব্ৰহ্মশাপ” পাঠটিৰ কথাখিনি আধুনিক অসমীয়া ৰূপত লিখা।
উত্তৰ : এদিনাখন পৰীক্ষিত ৰজাই পহু চিকাৰ কৰিবলৈ বনলৈ গৈছিল। হৰিণাৰ পাছে পাছে খেদি ফুৰি ভোকে-পিয়াহে জৰ্জৰিত হৈ ৰজাই পানী বিচাৰি শমীক মুনিৰ আশ্ৰমত উপস্থিত হয় আৰু ধ্যানমগ্ন মুনিগৰাকীক পানী বিচাৰে। কিন্তু মুনিৰপৰা কোনো ধৰণৰ সমিধান নাপাই ৰজা অপমানিত হয় আৰু ইয়াৰ হোৰ তুলিবৰ বাবে মৰা সাপ এডাল ধনুৰ আগৈয়ে আনি মুনিৰ ডিঙিত পিন্ধাই দি ঘৰলৈ ওভতে। মুনিপুত্র শৃংগীয়ে এই কথা জানিব পাৰি ক্ৰোধিত হয় আৰু সাত দিনৰ দিনা ৰজাক তক্ষকে দংশন কৰিব বুলি অভিশাপ দিয়ে।

ধ্যান ভংগ হোৱাৰ পিছত শমীক মুনিয়ে এই কথা জানিব পাৰি পুত্ৰক নিন্দা কৰে। পুত্ৰই পিয়াহত আতুৰ চক্ৰৱতী ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ বাবে হোৱা পাপৰ প্ৰায়চিত্ত কৰিবলৈ মুনিয়ে শৃংগীক কৃষ্ণৰ শৰণ ল’বলৈ উপদেশ দিয়ে। শেষত সূত মুনিয়ে কৈছে, হৰিভক্তসকলে অপকাৰীৰ অপৰাধক ক্ষমা কৰে। সাধুসকলে নিজৰ দুখ- শোকৰ প্ৰতি গুৰুত্ব নিদি পৰৰ দুখত দুখী হৈহে ভাল পায়।

প্রশ্ন ২। “পৰীক্ষিতৰ ব্ৰহ্মশাপ” পাঠটি পঢ়ি কাৰ কি কথা, কিয় তোমাৰ ভাল বা বেয়া লাগিল যুক্তি দৰ্শাই লিখা।
উত্তৰ : এই পাঠটিত প্ৰধানকৈ তিনিটা চৰিত্ৰ আছে। শমীক মুনি, পৰীক্ষিত ৰজা আৰু মুনিপুত্ৰ শৃংগী। পৰীক্ষিত এগৰাকী প্রজাবৎসল আৰু চক্ৰৱৰ্তী ৰজা। এই ৰজাগৰাকীয়ে আগ-পাছ নুগুণি কৰা এটি সামান্য ভুলৰ বাবে ব্ৰহ্মশাপ পাবলগীয়া হৈছিল। পিয়াহত আতুৰ হৈ পৰীক্ষিত ৰজাই ঋষি শমীকক জলভিক্ষা মাগিছিল। কিন্তু ধ্যানমগ্ন হৈ থকাৰ বাবে ঋষিয়ে সেই কথা নুশুনাত ক্রোধান্বিত হৈ ৰজাই ধনুৰ আগেৰে মৰা সাপ এডাল আনি ঋষিৰ ডিঙিত ওলোমাই দি ঘৰমুৱা হৈছিল।

ঋষিপুত্র শৃংগীয়ে ৰজাক অভিশাপ দিয়াৰ সেইকথা জানিব পাৰি ঋষিয়ে নিজ পুত্ৰক নিন্দা কৰিছে আৰু পৰীক্ষিতৰ দৰে ৰজা এগৰাকীৰ প্ৰতি কৰা অন্যায়ৰ বাবে পুত্ৰক কৃষ্ণৰ চৰণত শৰণ ল’বলৈ উপদেশ দিছে। ইয়াতে ক’ব পাৰি যে সাধু-মহন্তসকলে নিজৰ দুখ-শোকৰ প্ৰতি কোনো বিবেচনা নকৰি আনৰ দুখত দুখী হৈহে ভাল পায়। এই চৰিত্ৰটো মোৰ অতি ভাল লাগিছে।

ইয়াৰপৰা মানুহে কিদৰে পৰোপকাৰী, বিনয়ী, নম্ৰ হ’ব পাৰে তাৰ শিক্ষা লাভ কৰে। ঋষিপুত্ৰৰ গাত এনে ধৰণৰ গুণৰ অভাৱ দেখা যায়। আনহাতে প্রজাবৎসল চক্ৰৱৰ্তী ৰজা এগৰাকীৰ দ্বাৰা সংঘটিত হোৱা এনে ধৰণৰ কাৰ্য অতি নিকৃষ্টতম হৈছে। এনে ধৰণৰ অমানৱীয় কাৰ্যই ৰজাগৰাকীৰ সৎগুণবোৰ লুপ্ত- প্রায় কৰি দিছে।

প্রশ্ন ৩। কি কি দোষত শৃংগী মুনিয়ে পৰীক্ষিত ৰজাক দোষী সাব্যস্ত কৰিছিল?
উত্তৰ : এদিনাখন পিয়াহত আতুৰ হৈ ৰজা পৰীক্ষিতে পানী বিচাৰি শমীক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিলে আৰু ধ্যানমগ্ন মুনিক জল ভিক্ষা কৰিলে। কিন্তু মুনিৰপৰা একো সমিধান নাপাই ক্রোধান্বিত হৈ ধনুৰ আগেৰে মৰা সাপ এডাল আনি মুনিৰ ডিঙিত আঁৰি দি ঘৰমুৱা হ’ল। মুনিপুত্র শৃংগীয়ে এই কথা জানিব পাৰি ক্ৰোধিত হ’ল আৰু ৰজাক এই ধৰণে দোষাৰোপ কৰিলে যে ৰজাই দাস হৈ তেওঁৰ স্বামীক অপকাৰ কৰিছে। ব্ৰাহ্মণসকলে ক্ষত্রিয়সকলক ৰজা পাতিছে, গতিকে পৰীক্ষিত ৰজাৰ বিদ্ৰোহ কৰিবলৈ কোনো অধিকাৰ নাই। দুষ্টক নিয়স্তা প্ৰভু শ্রীকৃষ্ণ বৈকুণ্ঠলৈ গ’ল বুলিয়েই ৰজাই অন্যায় কৰিব নোৱাৰে।

প্রশ্ন ৪। খঙৰ ভমকত শৃংগী মুনিয়ে পৰীক্ষিত ৰজাক কি বুলি অভিশাপ দিছিল?
উত্তৰ : খঙৰ ভমকত শৃংগী মুনিয়ে পৰীক্ষিত ৰজাক সাত দিনৰ দিনা তক্ষকে দংশন কৰিব বুলি অভিশাপ দিছিল।

প্রশ্ন ৫। দুষ্টৰ নিয়ন্তা প্রভৃ বৈকুণ্ঠক গৈলা, আৰা এতেক অন্যায় কৰে।— ব্যাখ্যা কৰা ।

উত্তৰ : উক্ত বাক্যশাৰীৰ দ্বাৰা শৃংগী মুনিয়ে ৰজা পৰীক্ষিতৰ প্ৰতি মনৰ ভাব ব্যক্ত কৰিছে। পিয়াহত আতুৰ ৰজা পৰীক্ষিতে পানী বিচাৰি ধ্যানমগ্ন শমীক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰি জলভিক্ষা কৰিলে। কিন্তু মুনিৰপৰা একো সমিধান নাপাই অপমানিত বোধ কৰি ধনুৰ আগেৰে মৰা সাপ এডাল আনি মুনিৰ ডিঙিত ওলোমাই দি ঘৰমুৱা হ’ল। মুনিপুত্ৰ শৃংগীয়ে এই কথা জানিব পাৰি ক্ৰোধান্বিত হয়। তেওঁ পৰীক্ষিত ৰজাক বিভিন্ন ধৰণে দোষাৰোপ কৰে। সেই প্ৰসংগত শৃংগীয়ে কয় যে ৰজাই অতি অন্যায় আচৰণ কৰিছে। দাস হৈ নিজৰ গৰাকীৰ অপকাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ব্ৰহ্মণসকলে ক্ষত্ৰিয়ক ৰজা পাতিছে। কিন্তু সেই ৰজাই ব্ৰাহ্মণৰ প্ৰতি বিদ্ৰোহ কৰিছে। বৈকুণ্ঠৰ পতি শ্ৰীকৃষ্ণই দুষ্টক নিয়ন্ত্ৰণ কৰি শান্তক পালন কৰিছিল। কিন্তু কৃষ্ণৰ বৈকুণ্ঠ গমনৰ লগে লগে দেশত নানাধৰণৰ অন্যায়- অবিচাৰে গা কৰি উঠিছে।

ৰজাই কি অন্যায় কৰাৰ কথা কৈছে?

ৰজা পৰীক্ষিতে দাস হৈ শৃংগীয়ে স্বামীৰ অপকাৰ কৰিছে। ই ৰজাৰ বাবে অতি অন্যায় কর্ম হৈছে বুলি মুনিপুত্র শৃংগীয়ে  ল’ৰাসকলৰ আগত কৈছিল।

কি খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল?

উত্তৰ : ৰজা পৰীক্ষিতে মৰা সাপ এডাল ধনুৰ আগেদি আনি শনীক মুনিৰ ডিঙিত আঁৰি দিয়াৰ কথা মুনি শুনি পুত্ৰ শৃংগীৰ খং উঠিছিল।

Leave a Comment