নিয়ৰ Class 8 কবিতা প্ৰশ্ন উত্তৰ অংকুৰণ অষ্টম শ্ৰেণী

নিয়ৰ Class 8 | নিয়ৰ কবিতা প্ৰশ্ন উত্তৰ | নিয়ৰ কবিতাৰ মূলভাব | Class 8 Assamese Chapter 1 Question Answer

শ্ৰেণীঅষ্টম শ্ৰেণী (VIII)
বিষয়অংকুৰণ (অসমীয়া)
পাঠনিয়ৰ
কবিচন্দ্ৰকুমাৰ আগৰৱালা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

নিয়ৰ Class 8 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
ক : পাঠভিত্তিক

প্রশ্ন ১। কবিতাটো শুদ্ধকৈ পঢ়া আৰু আবৃত্তি কৰা।
উত্তৰঃ নিজে কৰিবলৈ যত্ন কৰা।

প্রশ্ন ২। উত্তৰ দিয়া :
প্রশ্ন (ক) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে?
উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টেপালক কৈছে। মুকুতা সদৃশ নিয়ৰৰ কণিকাবোৰ কাহিলিপুৱাতে ঘাঁহ-বনৰ ওপৰত জিলিকি থাকি অনাবিল সৌন্দৰ্যৰ সৃষ্টি কৰে।

প্রশ্ন (খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
উত্তৰঃ কবিয়ে নিয়ৰৰ টোপালত বিভিন্ন ৰূপ কল্পনা কৰিছে। নিয়ৰ টোপাল হৈছে ফটিক পানীৰে ধোৱা মুকুতা মণি, নিশা ফুলনিত নৃত্যৰতা নৰ্তকীৰ ডিঙিৰ পৰা ছিগি পৰা মণি, অথবা ই হৈছে পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানী।

প্রশ্ন (গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে নিয়ৰৰ টোপালত অপূর্ব সৌন্দৰ্যৰ আধাৰ থকা বুলি কল্পনা কৰিছে। নিয়ৰৰ টোপালে যেন নিস্তব্ধ নিশাৰ আকাশৰ সকলো দুখ হিয়াত সাঁচি থয়। নিস্তব্ধ নিশাৰ সকলো সপোন, হাঁহি-কান্দোনে যে নিয়ৰ হিয়াত ক্রিয়া কৰে।

প্রশ্ন (ঘ) ফুলনিত কি ছিগি ৰৈ গল?
উত্তৰঃ নিশাৰ ফুলনিত কোনোৱা নর্তকীয়ে নৃত্য কৰিছিল। নাচৰ চেওত নর্তকীৰ ডিঙিৰ মণি ছিগি পৰিছিল। সেই ছিগা মণিয়েই নিয়ৰৰ টোপালৰূপে ফুলনিৰ মাজত ৰৈ গৈছিল।

প্রশ্ন (ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে নিয়ৰৰ টোপালত অনবদ্য ৰূপৰ কল্পনা কৰিছে। ফটিক পানীৰে ধোৱা নিয়ৰৰ টোপালবোৰ হৈছে নিশাৰ আকাশত টোপনি গৈ থকা এটি তৰা। নিদ্ৰাৰত অৱস্থাত তৰাটো যেন সৰগৰ পৰা সৰি পৰিছে আৰু পৃথিৱীত ই নিয়ৰৰ
টোপালৰ ৰূপ লৈছে।

নিয়ৰ কবিতাৰ মূলভাব লিখা

প্রশ্ন ৩। কবিতাটোৰ মূলভাৱ চমুকৈ লিখা।
উত্তৰঃ কবিতাটোৰ মূলভাব : সৌন্দর্যপিয়াসী ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই ‘নিয়ৰ’ কবিতাটোৰ দ্বাৰা প্ৰকৃতিৰ অতি সাধাৰণ বস্তুক অসাধাৰণ ৰূপত উপস্থাপন কৰিছে। নিয়ৰ টোপাল হৈছে ফটিক পানীৰে ধোৱা এটি মুকুতা মণি, নিশাৰ আকাশত নিদ্ৰাৰত তৰাসমূহে যেন টোপনিৰ জালত আকাশৰপৰা সৰি পৰি নিয়ৰৰ টোপালৰ ৰূপ লৈছে। নিয়ৰ টোপালৰ হৃদয়ত যেন নিজম-নিশাৰ বিভিন্ন সুখ-দুখ, হাঁহি-কান্দোন সঞ্চিত হৈ আছে। নিয়ৰৰ টোপাল হৈছে নিশাৰ ফুলনিত নৃত্যৰতা কোনোৱা নৰ্তকীৰ ডিঙিৰপৰা ছিগি ৰোৱা একোটা মণি অথবা ই হৈছে পুৱাৰ পোহৰত সেমেকি উঠা একো’টোপাল চকুপানী। এইদৰে কবিয়ে নিয়ৰৰ টোপালক বিভিন্ন ৰূপত কল্পনা কৰিছে।

নিয়ৰ কবিতা প্ৰশ্ন উত্তৰ

প্রশ্ন ৪। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰঃ শব্দ অর্থ
ফটিকঃ নির্মল, স্বচ্ছ, এবিধ বৰ বগা নিমজ পাথৰ।
শোভেঃ শোভা কৰে।
হেঙুলিঃ হেঙুলৰ নিচিনা ৰঙা।
নিজমঃ নিঃশব্দ, নিস্তব্ধ, নীৰৱ।
নিচুকঃ কান্দোন এৰি শান্ত হ, মনে মনে থাক।

প্রশ্ন ৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :
“নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।”
উত্তৰঃউক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাটোৰপৰা উদ্ধৃত কৰা হৈছে।
সৌন্দর্যপিয়াসী কবি চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰকৃতিৰ অতি সাধাৰণ বস্তুবোৰত অসাধাৰণ সৌন্দৰ্যৰ কল্পনা কৰিছে। নিশাৰ নিয়ৰৰ টোপালক ফটিক পানীৰে ধোৱা মুকুতাৰ লগত তুলনা কৰিছে। কবিৰ কল্পনাত, নিয়ৰ কণাৰ হৃদয়ত নিস্তব্ধ নিশাৰ আকাশৰ বিভিন্ন সুখ- দুখৰ কথা সঞ্চিত হৈ আছে। নিশাৰ আকাশৰ বিভিন্ন ধৰণৰ সপোন, হাঁহি- কান্দোন আদি নিয়ৰে হিয়াত সাঁচি ৰাখিছে। এইদৰে কবিৰ কল্পনাত সাধাৰণ নিয়ৰৰ টোপালবোৰ এক অনবদ্য ৰূপত উদ্ভাসিত হৈ উঠিছে।

Class 8 Assamese Lesson 1

প্রশ্ন ৬। পাঠৰপৰা অন্ত্য মিল থকা শব্দবোৰ লিখা।
উদাহৰণ : ধোৱা :যোৱা
উত্তৰঃ
সাঁচি : নাচি
মণি : এইকণি
ভাহি : পাহি

খ : ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

প্রশ্ন ৭। উল্লিখিত শব্দবোৰৰ সমার্থক শব্দ লিখা।
উত্তৰঃ
টোপনিঃ নিদ্রা
বেলিঃ সূর্য
পানীঃ: জল
ফুলঃ পুষ্প
নিশাঃ: ৰাতি
সপোনঃ সামাজিক
আকাশঃ গগন
চকুঃ অক্ষি।

প্রশ্ন ৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ
ছিগা : জোৰা লগোৱা
পুৱা : নিশা
নিজম : কোলাহল
সৰগ : নৰক
দিন : ৰাতি
হাঁহি : কান্দোন

নিয়ৰ কবিতা প্ৰশ্ন উত্তৰ

প্রশ্ন ৯। বাক্য ৰচনা কৰা :
মুকুতা, পাহি, শোভে, নিচুক, ফুলজুপি, ফটিক।
উত্তৰঃ মুকুতা—সাগৰীয় শামুকৰ পেটত মুকুতা পোৱা যায়।
পাহি—নিশাৰ নিয়ৰৰ কণাবোৰ ফুলৰ পাহিত পৰি জকমকাই আছে।
শোভে—নিশাৰ আকাশত যিদৰে জোনবায়ে শোভে সেইদৰে গকুলত শ্ৰীকৃষ্ণই শোভাবৰ্দ্ধন কৰে।

নিচুক—সন্ধিয়াৰে পৰা কান্দি কান্দি ভাগৰ লগাত ল’ৰাটোৱে এতিয়া নিচুব্বি ধৰিছে।
ফুলজুপি—মলয়া বতাহত ফুলজুপি হালিজালি নাচিব ধৰিছে।
ফটিক—জোনাক ৰাতি প্রকৃতিয়ে ফটিকৰ দৰে ৰূপ ধাৰণ কৰে।

প্ৰশ্ন: সংস্কৃতমূলীয় শব্দবোৰক প্ৰধানকৈ কেইটা ভাগত ভাগোৱা হয়। সেই ভাগ কেইটা কি কি?
উঃ সংস্কৃতমূলীয় শব্দবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগোৱা হয়। সেই ভাগ তিনিটা হ’ল—
১। তৎসম ২। অর্ধতৎসম আৰু ৩। তদ্ভৱ।

১। তৎসমঃ যিবোৰ শব্দ সংস্কৃতৰ পৰা পোনে পোনে আহি অসমীয়া ভাষাত ব্যৱহাৰ হৈছে, সেইবোৰক তৎসম শব্দ বোলে। তৎসম শব্দবোৰৰ ৰূপ এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবোৰৰ উচ্চাৰণ কিছু সলনি হৈছে।

২। অর্ধতৎসমঃ যিবোৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সোমাই শব্দবোৰ ভাঙি উচ্চাৰণ সৰল কৰা হয় আৰু লিখোঁতেওঁ সেইবোৰ শব্দ অসমীয়া উচ্চাৰণতে লিখা হয়, সেইবোৰক অর্ধতৎসম শব্দ বোলে।
অর্ধতৎসম শব্দৰ উদাহৰণ :
ভক্তি- ভকতি
মুক্তা- মুকুতা
চেনেহ- প্রীতি

৩। তদ্ভৱঃ যিবোৰ সংস্কৃত শব্দ পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈ পালি, প্ৰাকৃত আদিৰ মাজেৰে সৰলীকৃত হৈ অসমীয়া ভাষাত সোমাইছে, সেইবোৰক তদ্ভৰ শব্দ বুলি কোৱা হয়।
তদ্ভৱ শব্দৰ উদাহৰণ : কৰ্ম- কাম

প্রশ্ন ৮। ‘নিয়ব’ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা।
উত্তৰঃ নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ তলত উল্লেখ কৰা হ’ল-
তৎসমঃ মণি, নিশা,আকাশ, ৰঙ্গিলী, শোভে ইত্যাদি

তদ্ভৱ শব্দবোৰ
ফটিক, তৰা, নিয়ৰ, হিয়া, সাঁচি, সপোন, নাচি, হাঁহি, নাচোন, চিন, হেঙুলি, নিয়ৰ, কলি, ভাহি আদি।

নিয়ৰ কবিতা প্ৰশ্ন উত্তৰ

প্রশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা :
(ক) যি আনৰ উন্নতি দেখিব নোবাৰে—।
(খ) একে মাকৰ সন্তান—।
(গ) যাৰ ঘৰ বাৰী নাই—৷
(ঘ) যিজনে ভাল বেয়াৰ বিচাৰ কৰিব নোৱাৰে—।
(ঙ) যি আগেয়ে হোৱা নাই—।

উত্তৰঃ (ক) পৰশ্ৰীকাতৰ,
(খ) সহোদৰ,
(গ) অঘৰী,
(ঘ) অবিৱেচক,
(ঙ) অভূতপূর্ব।

প্রশ্ন ১১৷ ‘নিয়ৰ’ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰা।
উত্তৰঃ

তৰা-নৰা-ছিঙি―(বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়) – সি তৰা-নৰা-ছিঙি লৰ মাৰি কোনো মতেহে ৰেলগাড়ীখন ধৰিলে।

আকাশত চাংপতাঃ – (অস্বাভাৱিক কল্পনা) – এইদৰে আকাশত চাংপাতি ফুৰাতকৈ হাতে-কামে কৰি দুপইচা উপাৰ্জন কৰাও ভাল।

পানী তলৰ কাঁইটঃ (নেদেখা বিপদ, অজ্ঞাত শত্রু)—পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত নানা ধৰণে বিপদ ঘটায়।

কথা চহকীঃ (বেছিকৈ কথা কোৱা লোক) – কথা চহকী লোকে অমূল্য সময় অবাবত নষ্ট কৰে।

হিয়াৰ আমঠুঃ – (অতি আদৰৰ) বিহু অসমীয়া জাতিৰ হিয়াৰ আমঠু স্বৰূপ।
অলীক সপোনঃ – (অমূলক কল্পনা)—অলীক সপোন দেখি অবাবত সময় নষ্ট কৰা উচিত নহয়।
চকু চৰহাঃ – (লোকৰ ভাল দেখিব নোৱাৰা) চকু চৰহা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে৷

নিয়ৰ Class 8 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

প্রশ্ন ১। কবিৰ দৃষ্টিত ফুলৰ পাহিত জিলিকি থকা মুকুতা মণিটো প্ৰকৃততে কি?
উত্তৰঃ কবিৰ দৃষ্টিত ফুলৰ পাহিত জিলিকি থকা মুকুতা মণিটো প্ৰকৃততে নিয়ৰৰ এটি টোপাল।

প্রশ্ন ২। সৰগত টোপনি গৈ থাঁকোতে কি সৰি পৰিছে?
উত্তৰঃ সৰগত টোপনি গৈ থাকোতে আকাশৰ তৰা এটি সৰি পৰিছে। প্ৰকৃততে কবিৰ দৃষ্টিত নিয়ৰৰ টোপালবোৰ হৈছে আকাশৰপৰা সৰি পৰা একোটা তৰা। নিশাৰ আকাশত টোপনি গৈ থাকোঁতে টোপনিৰ জালত তৰাবোৰ পৃথিৱীত সৰি পৰিছে। ফটিক পানীৰে ধোৱা নিয়ৰৰ কণাবোৰ নিশাৰ আকাশৰপৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ হিচাপে কবিৰ দৃষ্টিত ধৰা দিছে।

প্রশ্ন ৩। কবিয়ে নিয়ৰৰ হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে নিয়ৰৰ হিয়াত নিস্তব্ধ আকাশৰ নিচুক কথাবোৰ সাঁচি থোৱাৰ কথা কৈছে। নিশাৰ টোপনিত দেখা বিভিন্ন ধৰণৰ সপোন, নাচ, গান, ৰং, তামাশাৰ নীৰৱ সাক্ষী হৈছে এই নিয়ৰৰ কণাবোৰ। কবিয়ে নিশাৰ সকলোবোৰ কথা নিয়ৰে
হিয়াত সাঁচি ৰখা বুলি কৈছে।

প্রশ্ন ৪। “ছিগি ৰৈ গ’ল মণি,”—কাৰ মণি ছিগি ৰৈ গৈছিল বুজাই লিখা।
উত্তৰঃ ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই নিয়ৰৰ টোপালবোৰক বিভিন্ন ৰূপত কল্পনা কৰিছে। মুকুতাসদৃশ নিয়ৰৰ টোপালবোৰ কাহিলিপুৱাতে ঘাঁহ-বনৰ ওপৰত জিলিকি থকা দেখিলে মনলৈ বিভিন্ন ধৰণৰ ভাব অহাটো স্বাভাৱিক। কবিৰ কল্পনাত নিয়ৰৰ টোপাল হৈছে কোনো নৃত্যৰতা নৰ্তকীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি। নিশা প্ৰকৃতিৰ সৌন্দৰ্যত বিমুগ্ধ হৈ কৰা নৃত্যৰ উদ্দাম গতিত নৰ্তকীৰ ডিঙিৰ পৰা মণিধাৰ ছিগি পৰে আৰু ইয়ে নিয়ৰৰ টোপালৰূপে কবিৰ দৃষ্টিত ধৰা দিয়ে।

প্রশ্ন ৫। বায়ুৱে ফুলৰ পাহিৰপৰা কি জোকাৰি পেলালে?
উত্তৰঃ ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰকৃতিৰ সাধাৰণ বস্তুবোৰক অতি অসাধাৰণ ৰূপত উপস্থাপন কৰিছে। কবিৰ দৃষ্টিত ফটিক পানীৰে ধোৱা মুকুতা সদৃশ নিয়ৰৰ কণাবোৰ হৈছে আকাশৰপৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ, নিস্তব্ধ নিশাৰ আকাশৰ হাঁহি-কান্দোনৰ সাক্ষী, নৃত্যৰতা নৰ্তকীৰ ডিঙিৰ পৰা ছিঙিপৰা একোটা মণি, অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানী। কিন্তু এই অপূর্ব সৌন্দৰ্যৰ সমাহাৰ নিয়ৰৰ টোপালক চাই কবি নানা ভাবত বিভোৰ হৈ থাকোতেই এজাক বতাহ আহি ফুলগছজোপাক জোকাৰি যায় আৰু নিয়ৰৰ টেপাল সৰি পৰে।

নিয়ৰ Class 8 Question Answer Lesson 1

প্রশ্ন ৬। ব্যাখ্যা কৰা :

(ক) নিয়ৰ কলিয়ে শোভে ফুল জুপি
চাইছো ভাবতে ভাহি,
হায় কি বিষয় পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নিয়ৰ’ কবিতাটোৰ পৰা লোৱা হৈছে। কবিৰ দৃষ্টিত সামান্য নিয়ৰৰ টোপালবোৰ অনন্য ৰূপত উদ্ভাসিত হৈ উঠিছে। কবিয়ে কল্পনা কৰিছে যে নিয়ৰৰ টোপালবোৰ যেন ফটিক পানীৰে ধোৱা একোটা মুকুতামণি। নিশাৰ আকাশৰপৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ, নিশাৰ
ফুলনিত নৃত্যৰতা নৰ্তকীৰ ডিঙিৰপৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানী। এইদৰে কবিয়ে ফুলগছত পৰি থকা নিয়ৰৰ সৌন্দৰ্য চাই আত্মবিভোৰ হৈ থাকোতেই কৰবাৰ পৰা এজাক বিষম বতাহ আহি ফুলগছজোপাত দোলা দি যায় আৰু ফুলৰ পাহিৰপৰা নিয়ৰৰ টোপালবোৰ সৰি পৰে।

(খ) ফুলনিত কোনে নিশা নাচিছিল।
ছিগি ৰৈ গ’ল মণি,
ৰঙ্গিনীৰ ভাব হাঁহি নাচোনৰ
ৰ’ল চিন এই কণি।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নিয়ৰ’ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। সৌন্দর্যপিপাসু কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দৃষ্টিত সামান্য নিয়ৰৰ কণিকাবোৰ অতি অনবদ্য ৰূপত উদ্ভাসিত হৈ উঠিছে। কবিয়ে কল্পনা কৰিছে যে ফটিক পানীৰে ধোৱা এই মুকুতা সদৃশ নিয়ৰৰ কণাবোৰ নিশাৰ আকাশত নিদ্ৰাৰত অৱস্থাত থকা একোটা তৰাহে যেন। এই নিয়ৰৰ হৃদয়ত নীৰৱ আকাশৰ বিভিন্ন অনুভৱ সঞ্চিত হৈ আছে। অথবা নিয়ৰ কণা হৈছে নিশাৰ ফুলনিত নৃত্যৰতা কোনোৱা নর্তকীৰ ডিঙিৰ মণি। নাচৰ উদ্দাম গতিত নর্তকীৰ ডিঙিৰপৰা এই মণি ছিগি গৈছে আৰু নৰ্তকীৰ মনৰ ভাব-অনুভূতি, হাঁহি-আনন্দৰ চিন স্বৰূপে ই ফুলনিৰ মাজত ৰৈ গৈছে।

নিয়ৰ Class 8 Question Answer

কবিতাটোৰ মূলভাৱঃ প্ৰকৃতিৰ ৰূপ বৈচিত্র্যই মানুহৰ মনলৈ অনাবিল সুখ, শান্তি কঢ়িয়াই আনে। সৌন্দর্যপিপাসু কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দৃষ্টিত প্ৰকৃতিৰ প্ৰতিটো ক্ষুদ্র বস্তুতেই সৌন্দৰ্যৰ অপূৰ্ব আধাৰে গা কৰি উঠিছে। প্ৰতিটো পুৱাই আমাৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে। এই বৰ্ণময় বাৰ্তাৰ এক অন্যতম বাহক হৈছে ‘নিয়ৰ’। মুকুতা সদৃশ নিয়ৰৰ কণিকাবোৰ কাহিলিপুৱাতে ঘাঁহ-বনৰ ওপৰত জিলিকি থাকি আমাৰ মনলৈ নানা ভাব লৈ আহে। ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰ যেন নিশাৰ আকাশত টোপনি গৈ থাকোতে সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ।

পুনৰ কবিৰ কল্পনাত নিয়ৰ হৈছে নৃত্যৰতা পৃথিৱীৰ ডিঙিৰপৰা ছিগি পৰা একোটি মণি অথবা ই হৈছে পুৱাৰ পোহৰত সেমেকি উঠা একো- টোপাল চকুপানী। কবিৰ দৃষ্টিত নিয়ৰৰ কণিকাই ফুলজোপাত পৰি ফুলৰ শোভা বৰ্ধন কৰি থাকোতেই এজাক বিষম বায়ু আহি ফুলৰ পাহিত পৰি নিয়ৰ টোপাল ভূ-লুণ্ঠিত কৰি পেলাইছে। এইদৰে ৰোমাণ্টিক যুগৰ কবিসকলে সাধাৰণ বস্তুত অসাধাৰণতা আৰোপ কৰি কবিতাসমূহ মহিমামণ্ডিত কৰা দেখা যায়।

মণিটি বুলি কবিয়ে কাক কৈছে?

উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টেপালক কৈছে। মুকুতা সদৃশ নিয়ৰৰ কণিকাবোৰ কাহিলিপুৱাতে ঘাঁহ-বনৰ ওপৰত জিলিকি থাকি অনাবিল সৌন্দৰ্যৰ সৃষ্টি কৰে।

নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ কবিয়ে নিয়ৰৰ টোপালত বিভিন্ন ৰূপ কল্পনা কৰিছে। নিয়ৰ টোপাল হৈছে ফটিক পানীৰে ধোৱা মুকুতা মণি, নিশা ফুলনিত নৃত্যৰতা নৰ্তকীৰ ডিঙিৰ পৰা ছিগি পৰা মণি, অথবা ই হৈছে পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুপানী।

নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে নিয়ৰৰ টোপালত অপূর্ব সৌন্দৰ্যৰ আধাৰ থকা বুলি কল্পনা কৰিছে। নিয়ৰৰ টোপালে যেন নিস্তব্ধ নিশাৰ আকাশৰ সকলো দুখ হিয়াত সাঁচি থয়। নিস্তব্ধ নিশাৰ সকলো সপোন, হাঁহি-কান্দোনে যে নিয়ৰ হিয়াত ক্রিয়া কৰে।

ফুলনিত কি ছিগি ৰৈ গল?

উত্তৰঃ নিশাৰ ফুলনিত কোনোৱা নর্তকীয়ে নৃত্য কৰিছিল। নাচৰ চেওত নর্তকীৰ ডিঙিৰ মণি ছিগি পৰিছিল। সেই ছিগা মণিয়েই নিয়ৰৰ টোপালৰূপে ফুলনিৰ মাজত ৰৈ গৈছিল।

কবিয়ে কি সৰি থকাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে নিয়ৰৰ টোপালত অনবদ্য ৰূপৰ কল্পনা কৰিছে। ফটিক পানীৰে ধোৱা নিয়ৰৰ টোপালবোৰ হৈছে নিশাৰ আকাশত টোপনি গৈ থকা এটি তৰা। নিদ্ৰাৰত অৱস্থাত তৰাটো যেন সৰগৰ পৰা সৰি পৰিছে আৰু পৃথিৱীত ই নিয়ৰৰ
টোপালৰ ৰূপ লৈছে।

Leave a Comment