অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ – প্ৰশ্ন উত্তৰ

অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Class 11 Question Answer | অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ প্ৰশ্ন উত্তৰ | Class 11 Assamese Lesson 2 Question Answer| HS 1st Year Assamese Lesson 2 | একাদশ শ্ৰেণী অসমীয়া

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
পাঠৰ নামঅসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ
Lesson2
লেখকপদ্মনাথ গোহাঞি বৰুৱা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ
বোৰ্ডAHSEC

অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Class 11

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণী’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল ?
উত্তৰঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ কৰিছিল।

৩। পদ্মনাথ গোঁহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল- ‘মোৰ সোঁৱৰণী’।

8। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?
উত্তৰঃ ‘আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত।

৫। গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱা।

Cass 11 Assamese Question Answer Lesson 2

চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।
উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল—‘টেটোন তামুলী’ আৰু জয়মতী।

২। পদ্মনাথ গোঁহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।
উত্তৰঃ ‘বিজুলী’, ‘আসাম বস্তি’ আৰু ‘ঊষা’।

৩। পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থ হ’ল— ‘গাঁও বুঢ়া’, ‘গদাধৰ’ আৰু ‘শ্রীকৃষ্ণ’।

8। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি চিঠি লিখিছিল।

৫। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীর্ষক পাঠটিত উল্লেখ কৰা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।
উত্তৰঃ মৌলানা মহম্মদ আলি আৰু তৰুণৰাম ফুকন।

অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Class 11

(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। পদ্মনাথ গোঁহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছিল?
উত্তৰঃ পদ্মনাথ গোঁহাঞি বৰুৱাই ভালেমান দিনৰ পৰাই ঘুনুক-ঘানাককৈ মহাত্মা গান্ধীৰ কথা শুনি আছিল। দক্ষিণ আফ্রিকা বাসী ভাৰত সন্তানৰ দুখ নির্যাতন মোচন আৰু অভাৱ- অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি শুনি তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিৰে পদ্মনাথ গোঁহাঞিবৰুৱাৰ অন্তৰ ভৰি পৰিছিল। সেই সময় ছোৱাত আমাৰ দেশৰ মানুহে মহাত্মা গান্ধীৰ এই অসাধাৰণ কার্যকলাপ আৰু কীৰ্তি-কাহিনীৰ বিষয়ে বৰ বিশেষ নাজানিছিল যদিও দূৰ-দূৰণিৰ আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানৱিক কাৰ্য-কলাপৰ বহুলভাৱে আলোচনা আৰু সমালোচনা চলিছিল। বিশেষকৈ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰী সম্প্রদায়ে গান্ধীজীৰ মানৱ জাতিৰ মঙ্গলার্থে কৰা অলৌকিক আত্মোৎসর্গত বিস্ময় মানি তেখেতক ভূয়সী প্রশংসা কৰিছিল, আনকি সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্রীসকলে মহাত্মা গান্ধীজীক যীশু খ্ৰীষ্টতকৈও ওপৰত স্থান দিয়া কথাটোৱে গোহাঞিবৰুৱাক স্তম্ভিত কৰি তুলিছিল।

এনেকুৱা এটা সময়তে মহামানৱ মহাত্মা গান্ধীজী নিজ জন্মভূমিলৈ উভটি আহিছিল। বোজা কঢ়িয়াই ধ্বংসৰ মুখলৈ আগুৱাই যোৱা ভাৰতবাসীক উদ্ধাৰৰ অৰ্থে উঠি পৰি লাগিছিল। ইয়াৰ বাবে গান্ধীয়ে নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক আদি বিবিধ বিষয়ক দেশহিতকৰ কাৰ্যত আত্ম নিয়োগ কৰিছিল। সেই আলমতে গান্ধীজীয়ে সেই কালৰ ভাৰত গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ যি পত্র লিখিছিল তাত জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি লিখিছিল, যি কার্য সেই সময়ছোৱাত আন কোনেও কৰিবলৈ সাহস কৰা গোঁহাঞিবৰুৱাৰ চকুত পৰা নাছিল। এই কাৰ্যবোৰৰ বাবেই মহান স্বাধীনচেতীয়া মহামানৱ মহাত্মা মোহন গান্ধীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গান্ধীজীৰ দৰ্শন লাভৰ সুযোগ বিচাৰি ফুৰিছিল।

২। গান্ধীজীৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা। 
উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্রতিদ্বন্দ্বী নেতা মহাত্মা গান্ধীয়ে ভাৰত পৰ্যটনৰ উদ্দেশ্যে যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰাৰে এটা অংশ আছিল তেখেতৰ অসম ভ্ৰমণ। ১৯২১ চনৰ আগষ্ট মাহত গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিবলৈ আহে। অসমৰ নেতাসকলৰ আমন্ত্ৰণক্ৰমে ১৯২১ চনৰ ১৮ আগষ্টত তেওঁ তেওঁৰ সহযোগী আৰু সতীর্থ মহম্মদ আলি, আজাদ শোভানী, যমুনা লাল বাজাজ, আব্দুল হায়াত আদি লোকেৰে গঠিত ১১ জনীয়া দল এটি লৈ গোলকগঞ্জত উপস্থিত হয় আৰু তাৰ পিছত তেওঁলোকে পর্যায়ক্রমে গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ভ্ৰমণ কৰি অসহযোগৰ বাণী প্ৰচাৰ কৰে আৰু শেষত শ্রীহট্টৰ পৰা ৩০ আগষ্টত কলিকতালৈ যাত্ৰা কৰে৷ গুৱাহাটীত আহি তেওঁ সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনৰ ঘৰত (এদিন এৰাতিলৈ) সদলবলে আলহী হৈছিল। মহাত্মা গান্ধীৰ এই ভ্রমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতিও মজবুত কৰি তুলিছিল। মহাত্মা গান্ধীয়ে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই ৭৫ জন উকিলৰ ভিতৰত মুঠতে ১৫ জনে ওকালতি বৰ্জন কৰি আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। অৱশ্যে চৰকাৰী চাকৰি ইস্তফা দি আন্দোলনত অংশ গ্ৰহণ কৰা লোকৰ সংখ্যা তাকৰীয়া আছিল।

৩। গান্ধীজী আৰু পদ্মনাথ গোঁহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা।
উত্তৰঃ মহাত্মা গান্ধীৰ জাহাজখন যেতিয়া ১৯২১ চনৰ ২১ আগষ্টৰ ৰাতিপূৱা ৯ বজাত তেজপুৰ জাহাজঘাটত লাগিলেহি, তেতিয়া অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পদ্মনাথ গোঁহাঞি বৰুৱাই পোন প্রথমে গৈ জাহাজত উঠিলেগৈ আৰু তৰুণ ৰাম ফুকনৰ আঙুলিৰ নিৰ্দেশেৰে দেখুৱাই দিয়া মাত্ৰকে গৈ গান্ধীজীক নমস্কাৰ কৰিলে ৷ পদ্মনাথ গোঁহাঞি বৰুৱাই তেওঁৰ কল্পনাৰ গান্ধীজী আৰু বাস্তৱত দেখা পোৱা গান্ধীজীৰ শাৰিৰীক গঠনৰ পাৰ্থক্যৰ কথা ভাবি তেওঁলৈ একেথৰে চাই থাকোতেই তৰুণ ৰাম ফুকনে আহি গান্ধীজীৰ লগত পৰিচয় কৰাই দিলে এইদৰে ‘এখেত তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা ৰায় চাহাব পদ্মনাথ গোহাঞি বৰুৱা’। কথাখিনি শুনি গান্ধীজীয়ে আচৰিত হৈ সুধিলে যে ৰায়চাহাব উপাধিধাৰী মানুহে তেখেতক কিয় আদৰিবলৈ আহিছে। তেতিয়া তৰুণৰাম ফুকনে গান্ধীক বুজাই কলে যে ৰায়চাহাব উপাধি ল’লেও পদ্মনাথ গোহাঞি বৰুৱাই আচলতে ৰাইজৰ হৈ হে কাম কৰে । গান্ধীয়ে এই কথা শুনি সেই বিষয়টোৰ সামৰণি পেলাবলৈ গোঁহাঞি বৰুৱালৈ চাই ক’লে তেওঁ আশাকৰে খিতাপ কিৰীটিয়ে যাতে গোহাঞিবৰুৱাক পাক ঘুৰণি খুৱাই ৰাইজৰ প্রতিকূলমুখী নকৰে। পদ্মনাথ গোহাঞিবৰুৱাইও তেওঁক তেনে কাম নকৰা প্ৰতিশ্ৰুতি হিচাপে মূৰ দোঁৱাই সন্মত হোৱাটো জনালে। ইয়াৰ পিছত পদ্মনাথক গান্ধীজীয়ে লগত অহা মৌলানা মহম্মদ আলিৰ লগত চিনাকি কৰি দিলে আৰু তাৰ পিছত তিনিও জনে লগলাগি ‘স্বৰাজ’ সম্বন্ধে দুই এটা কথা পাতিলে।

এনেকৈ কথা পাতি থাকোঁতে পদ্মনাথৰ সাজপাৰৰ ওপৰত তেওঁলোকৰ চকু পৰিল । পদ্মনাথ গোঁহাঞি বৰুৱাই অসমীয়া পাটৰ চুৰিয়া, কূৰ্তাচোলা পিন্ধাৰ লগতে আশী নম্বৰী সূতাৰ ঘৰতে বোৱা চেলেং চাদৰ লৈ গৈছিল। দুয়োজনে গোহাঞিবৰুৱাৰ চোলা চুৰিয়াৰ প্ৰশংসা কৰিলে। গান্ধীজীয়ে চেলেংচাদৰৰ সুতা স্বদেশী নে সুধিলে। পদ্মনাথ গোহাঞি বৰুৱাই উত্তৰত ক’লে যে ‘সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি ঘৰত বোৱাকা পোৰহে।” এই কথা শুনি গান্ধীজীৰ মুখমণ্ডলত অসন্তোষৰ ভাব পৰিস্ফুট হ’ল আৰু পদ্মনাথৰ মুখলৈ চাই এনেদৰে ক’লে— এই চাদৰৰ সূতা বিদেশী-বিলাসী আশাকৰোঁ, আপোনাৰ চোলা- চুৰিয়াৰ দৰে চাদৰো অনতি পলমে সম্পূর্ণে স্বদেশী হয় যেন। এনেদৰে কিছু কথা পতাৰ পিছত তেওঁলোক আটাইয়ে জাহাজৰ পৰা নামি আহিল।

Cass 11 Assamese Question Answer Lesson 2

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল,বুজাই লিখা।
উত্তৰ: মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ত যেতিয়া তেজপুৰ চহৰলৈ গৈছিল জাহাজ ঘাটৰ পৰা তেখেতক প্ৰথমে হৰিবিলাস আগৰৱালাৰ ‘পকী কুঠীলৈ’ নিয়া হৈছিল। তাত আদৰণী সমিতিৰ সদস্য সকলে তেখেতৰ আলপৈচান ধৰে তেওঁলোকে পকীঘৰৰ ভিতৰত তেওঁক যতনাই ৰখা ছাগলীৰ গাখীৰেৰে জলপান কৰায়। ইফালে গান্ধীক চাবলৈ অহা মানুহেৰে পকীঘৰৰ বাহিৰ ভিতৰ ভৰি পৰিছিল। আলিবাটত চলাচল কৰিবৰ উপায় নোহোৱা হৈছিল। হাজাৰ বুজাইও কোনো জনকে সেই ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰিলে। উপায় নাপায় আলোচনা কৰি গান্ধীজীক পকীঘৰৰ চাদলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি মহাত্মা গান্ধী চাদৰ ওপৰলৈ উঠি উদং গাৰে কৃষ্ণভঙ্গীৰে থিয় দিলেগৈ, উদগ্ৰীৱ ৰাইজে হেপাহ পলুৱাই গান্ধী দৰ্শন কৰিলে। গান্ধীয়ে সন্মোহিনী মূৰ্তিৰে পোন্ধৰ মিনিট মান পকীৰ ওপৰত পৰমানন্দে দৰ্শকক দৰিশন দি দৰ্শকৰ আগ্রহ দেখি নিজেও আনন্দত আপ্লুত হৈ পৰিছিল।

তেখেতে অঙ্গিভঙ্গিৰে প্ৰণাম সম্ভাষণ জ্ঞাপন কৰি ৰাইজৰ পৰা সাম্প্ৰতিক ভাবে বিদায় লৈ তললৈ নামি আহিছিল। ৰাইজসকলো ঘৰাঘৰি গৈছিল। ইয়াৰ পিছত সন্ধিয়া সাত বজাৰ পৰা ‘পকী’ৰ সন্মুখত বহল ঘাঁহনি চোতালত দলিচা সতৰঞ্চি, ত্ৰিপাল আদি পাৰি মজলিচ বৈঠক পতা হৈছিল। পূৰ্বনিৰ্ধাৰিত কার্যতালিকা অনুসৰি টাউনৰ গণ্যমান্য লোকসকল দূৰৈৰ পৰা আহি অভ্যর্থনাত যোগ দিয়া ৰাইজৰ নেতা শ্রেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি আহি নিজ নিজ আসনত বহিছিল। ৰায়চাহাব পদ্মনাথ গোঁহাঞি বৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী চাকৰীয়াল, পেন্সনীয়া আৰু গৱৰ্ণমেণ্ট খিতাপ ধাৰীলোকে সেই মজলিচত যোগ দিয়া নাছিল। ৭ বজাত গান্ধীজী যেতিয়া আহি সেই মজলিচত থিয় দিছিল তেতিয়া সমবেত সমজুৱাই একেচাবে উঠি থিয় দি তেখেতক সন্মান জনাইছিল।

গান্ধীজী আহি তেখেতৰ বাবে সজাই থোৱা সৰু চালপীৰাত পিচ্ গাৰু দিয়া সুনিৰ্দ্দিষ্ট আসনত বহি পৰিছিল। আসন গ্ৰহণ কৰি তেখেতে হিন্দী গুজৰাটী ভাষাত তেখেতৰ ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰি সুগভীৰ সাৰুৱা বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল, সমবেত ৰাইজে তেখেতৰ বক্তৃতা মন্ত্ৰ মুগ্ধৰ দৰে শুনি গৈছিল। বক্তৃতাত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ এই জটিল বিষয় দুটাৰ বিষয়ে বিশদ ভাৱে বিৱৰণ দাঙি ধৰিছিল— যি দুটা বিষয়ৰ ওপৰত তেজপুৰ চহৰত আগেয়ে তেনে কোনো আলোচনা কৰা হোৱা নাছিল। সেই বক্তৃতা সন্ধিয়া আঠ বজাৰ পৰা দহ বজালৈকে ‘পূৰা দুঘন্টা সময় বিৰতি নোলোৱাকৈ দিয়া হৈছিল’ আৰু শ্ৰোতাসকলেও একমন হৈ নীৰৱে শুনিছিল। বক্তৃতাৰ অন্তত, গান্ধীজীয়ে পিছদিনাখনৰ কাৰ্যতালিকাৰ আভাস দি বিনীত ভাৱে বৈঠকত উপস্থিত ৰাইজৰ পৰা বিদায় লৈ পৰ্কীৰ ভিতৰ চৰালৈ সোমাই গৈছিল।

৫। “আচৰিত, ৰায়চাহাৰ খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।”— এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা।
উত্তৰঃ উক্ত কথাফাঁকি মহাত্মা গান্ধীয়ে পদ্মনাথ গোঁহাঞি বৰুৱাক কৈছিল। মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ত যেতিয়া গান্ধীজীৰ জাহাজ গৈ তেজপুৰৰ জাহাজ ঘাটত চাপিছিল, তেতিয়া অধিৰ আগ্ৰহেৰে বাট চাই থকা পদ্মনাথ গোঁহাঞি বৰুৱাই প্ৰথমেই গৈ সেই জাহাজত উঠিছিল। জাহাজত উঠিয়েই তেওঁ তৰুণ ৰাম ফুকনৰ আঙুলিৰ নিৰ্দেশ অনুসৰি গৈ মহাত্মা গান্ধীজীক নমস্কাৰ জনাইছিল। এনে সময়তে তৰুণ ৰাম ফুকনে আহি পদ্মনাথ গোঁহাঞি বৰুৱাক গান্ধীজীৰ ওচৰত পৰিচয় কৰাই দিছিল এনেদৰে— “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশ হিতৈষী অসমীয়া নেতা-ৰায়চাহাব পদ্মনাথ গোঁহাঞি বৰুৱা।” এই কথা শুনি গান্ধীজী উপচ খাই উঠাৰ দৰে হৈছিল আৰু আচৰিত, ৰায় চাহাব খিতাপধাৰীয়ে আদৰিবলৈ আহে।’ কথাষাৰ কৈছিল৷ ইয়াৰ কাৰণ এনে ৰায়চাহাব হ’ল চৰকাৰৰ ফালৰ পৰা প্ৰদত্ত খিতাপ। সেই সময়ত এনেলোক সকলে চৰকাৰৰ ভয়ত এনে অনুষ্ঠানত অংশগ্ৰহণ নকৰিছিল আৰু ৰাইজৰ মংগলৰ হঁকে মাত মাতিবলৈ কুণ্ঠাবোধ কৰিছিল। তেনেস্থলত এনে খিতাপধাৰী এজনে মুকলিভাৱে গান্ধীজীক লগ পাব অহাত তেখেত (গান্ধীজী) আচৰিত হৈ গৈছিল। তৰুণ ৰাম ফুকনে তেতিয়া বুজাই দিছিল যে গোহাঞি বৰুৱাই ‘ৰায়চাহাব’ যাচি দিয়া চৰকাৰী খিতাপ পিন্ধিলেও সৰ্বতোভাৱে ৰাইজৰ ফলীয়া হৈ হে কাৰ্যক্ষেত্ৰত আগবাঢ়ে। কথা শুনি গান্ধীজীয়ে গোহাঞি বৰুৱাক এনেদৰে কৈছিল যিহওঁক, আশাকৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক প্রতিকূলমুখীয়া নকৰক যেন।” পদ্মনাথ গোহাঞি বৰুৱাই মুৰ দোৱাই তেখেতৰ কথাত সন্মতি প্ৰকাশ কৰিছিল।

অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Class 11

অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। পদ্মনাথ গোহাঞি বৰুৱাই জন্ম লাভ কৰা ঠাইখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীমপুৰ জিলাৰ নকাৰী গাঁও।

২। পদ্মনাথ গোহাঞি বৰুৱাই পঢ়াশলীয়া শিক্ষা ক’ত গ্ৰহণ কৰিছিল।
উত্তৰঃ শিৱসাগৰ আৰু কহিমাত ৷

৩।পদ্মনাথ গোহাঞি বৰুৱাই কলিকতাত থাকোতেই সম্পাদনা কৰা আলোচনী খনৰ নাম কি?
উত্তৰঃ ‘বিজুলী’।

8। অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত, কেতিয়া হৈছিল আৰু তাত কোনে সভাপতিত্ব কৰিছিল ?
উত্তৰঃ শিৱসাগৰত, ১৯১৭ চনত। এই সভাত সভাপতিত্ব কৰিছিল পদ্মনাথ গোঁহাঞি বৰুৱা।

৫। পদ্মনাথ গোঁহাঞি বৰুৱাক ভাৰত চৰকাৰে কি খিতাপেৰে বিভূষিত কৰিছিল?
উত্তৰ: ‘ৰায় চাহাব’।

৬। পদ্মনাথ গোহাঞি বৰুৱাৰ নাটক কেইখন মানৰ নাম লিখা।
উত্তৰঃ ‘গাঁওবুটা’, ‘টেটোন তামুলী’, ‘জয়মতী’, ‘গদাধৰ’;‘সাধনী’ আৰু ‘লাচিত বৰফুকন’।

৭। কোনে মহাত্মা গান্ধীক যীশুখৃষ্টতকৈ ওপৰত স্থান দিছিল?
উত্তৰঃ আমেৰিকাৰ খ্ৰীষ্ট্ৰিয়ান মিছনেৰী সম্প্ৰদায়ৰ পাদ্ৰীসকলে।

৮।পদ্মনাথ গোহাঞি বৰুৱাক মহাত্মা গান্ধীৰ লগত চিনাকী কৰি দিয়া ব্যক্তিজন কোন আছিল।
উত্তৰঃ তৰুণ ৰাম ফুকন।

৯। পকীৰ সন্মুখত বহা মজলিচ্ বৈঠকত মহাত্মা গান্ধীয়ে কি দুটা বিষয় ওপৰত বক্তৃতা দিছিল?
উত্তৰঃ স্বৰাজ আৰু অসহযোগিতা।

১০। মহাত্মা গান্ধীক দেখা কৰিবলৈ তেজপুৰ ঘাটলৈ যাওঁতে পদ্মনাথ গোহাঞি বৰুৱাই কেনে বস্ত্ৰ পৰিধান কৰিছিল?
উত্তৰঃ অসমীয়া পাটৰ কৃৰ্তা, চোলা আৰু গাত আশী নম্বৰী সূতাৰ ঘৰত বোৱা চেলেং পৰিধান কৰিছিল।

১১। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা।

১২। “সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে।” — কথাষাৰ কোনে, কাৰ আগত কৈছিল?
উত্তৰঃ প্রশ্নোকৃত কথাষাৰ পদ্মনাথ গোহাঞি বৰুৱাই মহাত্মা গান্ধীক কৈছিল।

Cass 11 Assamese Question Answer Lesson 2

চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩/৪ আৰু ৫)

১।তেজপুৰ ঘাটত মহাত্মা গান্ধীক আদৰিবলৈ অহা তেজপুৰ বাসী ৰাইজৰ মাজত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল। আলোচনা কৰা।

উত্তৰঃ ইংৰাজী ১৯২১ চনৰ ২১ আগষ্ট তাৰিখে দেওবাৰে ৰাতিপুৱা ৮ বজাত গান্ধীজী তেজপুৰৰ জাহাজঘাটত নমাৰ কথা। সেই অনুসৰি তেজপুৰবাসী ৰাইজে তিনিদিন আগৰ পৰাই জাহাজ ঘাটত তেখেতক আদৰাৰ আয়োজন কৰিছিল। গান্ধীৰ এই আগমনৰ বাৰ্তা ৰাইজে তেজপুৰ সদৰৰ মৌজা, গাঁও আৰু লাগতিয়াল কেন্দ্ৰস্থানবোৰৰ পৰা জানিব পাৰিলো। নিৰ্ধাৰিত দিনা ৰাতিপুৱা ৬ বজাৰ পৰা আৰম্ভ কৰি ৮ বজাৰ ভিতৰত তেজপুৰ জাহাজঘাট মানুহেৰে ঠাই খাই পৰিল, টাউনৰ আলিবাটত বিৰ-দি-বাট নোপোৱা অৱস্থাৰ সৃষ্টি হ’ল। ইফালে সেইদিনা উপজি পোৱাৰে পৰা বতৰৰ বিপাক ঘটিল, মেঘে মুষলধাৰে বৰষুণ দি আছিল। তথাপি কাৰো মুখত কণমানো বিৰক্তিৰ ভাৱ দেখা নগৈছিল। বতৰৰ আহুকাললৈ আওকান কৰি তিতি বুৰি জুৰুলি জুপুৰি হৈ হাজাৰ হাজাৰ লোকে অধিক আগ্ৰহৰে ৰৈ থাকিল, উজনিমুৱা জাহাজ অহালৈকে। সেইদিনা অন্যদিনাতকৈ জাহাজ অহাতো পলম হৈছিল। কোনেও আমনি অনুভৱ কৰা নাছিল যদিও একেথৰে চাই থকা ৰাইজে গা-মনৰ উচ্‌পিচনিত চকু পিৰকিয়াবলৈ ধৰিছিল। ইফালে বৰষুণ ধাৰাষাৰে আহিছিল যদিও উৎকণ্ঠিত ৰাইজে তালৈ অকনো ভ্ৰক্ষেপেই কৰা নাছিল। তিতাই তিতিয়েই আছিল, আধা তিতাই গাৰ কাপোৰ চেপি ল’বলৈ বুলি জাহাজৰ বোট আৰু অফিচ আৰু কাষৰ ৰে’লৰ অফিচ, মালগাড়ী আদিত আশ্রয় লৈছিল। এনে সময়তে দূৰণিত ৰিণিকি ৰিণিকি জাহাজৰ ধোৱা উৰা দেখা গৈছিল। অনাশেষ অপেক্ষাৰ অন্তত ৯ বজা মানত জাহাজ আহি জাহাজ ঘাটত লাগিছিল আৰু গান্ধীৰ দৰ্শন লাভ কৰি সকলোৱে উৎফুল্লিত হৈ পৰিছিল।

২। জোনাকী যুগৰ গদ্য শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ সাহিত্যিক ৰীতি বিকশিত হোৱাৰ মূলতে দুই শক্তি- লেখকৰ ব্যক্তিগত শক্তি আৰু যুগৰ বা সমাজৰ শক্তি। ‘জোনাকী’ যুগৰ গদ্যৰীতিৰ বিকাশৰ ক্ষেত্ৰত এই দুয়োটাই সক্রিয়ভাৱে কাম কৰিছিল। নকৈ আয়ত্ব কৰা ইংৰাজী ভাষা সাহিত্যৰ প্ৰভাৱ লেখক সকলৰ ওপৰত পৰিছিল। বিশেষকৈ কলিকতাত প্রবাসী ছাত্র-জীৱন অতিবাহিত কৰা সেই যুগৰ অধিক, ভাগলেখকৰে আদৰ্শ আৰু দৃষ্টি ভঙ্গীত এক যুক্তিবাদী আৰু মানবদৰদী চিন্তাই প্ৰসাৰ লাভ কৰিছিল। স্বৰাজ আন্দোলনে জগাই তোলা জাতীয় চৈতন্যৰ প্ৰভাৱো কম নাছিল। এই সমস্তৰ সমাহাৰত গঢ়ি উঠা বৌদ্ধিক পৰিবেশে জোনাকী যুগৰ গদ্যৰীতিৰ বিকাশত বিশেষ অৰিহণা যোগাইছিল। জোনাকী যুগত নতুন নতুন সাহিত্যিক ৰূপৰ প্ৰৱৰ্তনৰ লগে লগে, সিবিলাকৰো উপযোগীকৈ গদশৈলীৰো বিকাশ হৈছিল।

প্ৰকৃতাৰ্থত জোনাকী যুগৰ পৰাহে অসমীয়া গদ্য বিভিন্ন ৰসৰ বাহক হ’ব পাৰিছে। তাৰ আগলৈকে ই প্ৰধানকৈ ভাবৰ বাহক হৈয়ে আছিল। জোনাকী যুগৰ আগলৈকে সৃষ্টিশীল ৰচনাৰ সংখ্যাও নগণ্য আছিল। সৃষ্টিশীল লেখকৰ সংখ্যা বৃদ্ধি লগে লগে ভাষাটোৱেও জঠৰতা অতিক্রম দ্রুতগতিত বিকশিত হবলৈ ধৰিছিল। সমাজিক ঐতিহাসিক কাৰণত লেখকসকলৰ মনৰ দিগন্ত অভূতপূর্বভাবে প্ৰসাৰিত হোৱাত এই যুগত ভাষায়ো নতুন শক্তি আহৰণ কৰিছিল, নতুন নতুন শব্দ সম্ভাৰেৰে সমৃদ্ধ হবলৈ ধৰিছিল। এই যুগত লেখকসকলে সাহিত্যচর্চ্চাক দেশ-মাতৃৰ সেৱা হিচাপে ধৰি লৈ সেই কাৰ্যত নিষ্ঠাৰে ব্ৰতী হৈছিল। ৰচনা যাতে নির্ভুল আৰু উপযুক্ত হয় তাৰ বাবেও তেওঁলোক বিশেষভাৱে যত্নপৰ হৈছিল। বাৰে বঙলুৱা শব্দ আৰু প্ৰকাশভঙ্গীৰে আমদানিয়ে যাতে ভাষাটোক বিজতৰীয়া কৰি নেপেলাই তাৰ প্ৰতি তেওঁলোক যথেষ্ট সজাগ আছিল।

অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ Class 11

৩। অসমীয়া ভাষাত প্ৰকাশিত প্রথম সার্থক উপন্যাসখন আৰু উপন্যাসিক জনৰ নাম লিখা ?
উত্তৰঃ ১৮৯২ চনত প্ৰকাশিত ‘ভানুমতী’ উপন্যাসেই হ’ল আধুনিক অসমীয়া প্রথম সার্থক উপন্যাস আৰু ঔপন্যাসিক জনৰ নাম পদ্মনাথ গোহাঞি বৰুৱা।

৪। ‘পদ্মনাথ গোহাঞি বৰুৱাৰ উপন্যাস সম্পর্কে এটি আলোচনা আগবঢ়োৱা ।
উত্তৰঃ অসমীয়া সাহিত্য জগতত পদ্মনাথ গোহাঞি বৰুৱা দেৱেই পোন-প্রথমে সার্থক উপন্যাস ৰচনা কৰে। তেওঁ দুখনকৈ উপন্যাস ৰচনা কৰিছিল- ‘ভানুমতী’ আৰু ‘লাহৰী’। ভানুমতী উপন্যাস সেই যুগৰ অন্যতম আলোচনী ‘বিজুলী’ত খণ্ড খণ্ড প্ৰকাশ হৈছিল। ইয়াৰ পিছত সম- সাময়িক ভাবে লাহৰী নামৰ উপন্যাস প্রকাশ পায়। তেখেতৰ উপন্যাসৰ পটভূমি ঐতিহাসিক হ’লেও ইতিহাসৰ ঘটনাৰ লগত উপন্যাসৰ কাহিনীৰ যোগসূত্র ক্ষীণ। সেয়ে উপন্যাস দুখনক ঐতিহাসিক নকৈ সামাজিক উপন্যাস বুলিও কব পাৰি। দুয়োখন নাটকেই আহোম যুগৰ পটভূমিত ৰচিত। ভানুমতীত শিৱসিংহৰ কাল আৰু লাহৰীত মানৱ আক্ৰমণৰ শেষ কালছোৱাৰ পটভূমি পৰিলক্ষিত হয়। গোহাঞি বৰুৱাৰ দুয়োখন উপন্যাসৰ কেন্দ্ৰস্থ ভাৱ হ’ল যুৱক যুৱতীৰ প্ৰণয়। দুয়োখন উপন্যাসে নায়িকা প্রধান। ভানুমতী উপন্যাসত ভানুমতী চৰিত্ৰটোৱে মুখেৰে সমস্ত কাহিনী বর্ণনা কৰিছে। ইয়াত নায়ক চাৰুচন্দ্ৰ গোহাঁই আৰু নায়িকা ভানুমতীৰ কৰুণাত্মক প্রণয় কাহিনী দাঙি ধৰা হৈছে। কিন্তু লাহৰী হ’ল মিলনাত্মক উপন্যাস। কমল আৰু লাহৰি নামৰ ডেকা গাভৰু এহালৰ মিলনাত্মক প্রণয় কাহিনী বর্ণনা কৰা হৈছে। চৰিত্ৰৰ মনোবিশ্লেষণ বিশেষ নাই যদিও কাহিনী বা আখ্যানৰ গুৰুত্ব মনকৰিবলগীয়া। যদিও মিছনেৰী যুগৰ পৰাই উপন্যাসধর্মী ৰচনা কিছুমান ওলাইছিল, প্রকৃতাৰ্থত সেইবোৰক উপন্যাস বুলিব নোৱাৰি । ভানুমতী আৰু লাহৰীৰ সৃষ্টিৰ পিছতহে অসমীয়া সাহিত্যত উপন্যাসৰ প্ৰকৃত সোঁত ববলৈ ধৰা বুলি কব পাৰি।

‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণী’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে।

মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ কৰিছিল।

পদ্মনাথ গোঁহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল- ‘মোৰ সোঁৱৰণী’।

‘আগৰৱালা পকী’ ক’ত অৱস্থিত?

উত্তৰঃ ‘আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত।

গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top