বিয়াৰ প্রেজেন্ট Class 11 Question Answer | বিয়াৰ প্রেজেন্ট Class 11 প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 9 Question Answer | বিয়াৰ প্রেজেন্ট Class 11 HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া
শ্ৰেণী | অসমীয়া Class 11 |
বিষয় | অসমীয়া (সাহিত্য সৌৰভ) |
পাঠৰ নাম | বিয়াৰ প্রেজেন্ট |
পাঠ | 9 |
লেখক | চৈয়দ আব্দুল মালিক |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
বিয়াৰ প্রেজেন্ট Class 11
(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্রকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি ?
উত্তৰ : পৰশমণি।
২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰ: ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা ।
উত্তৰঃ মাজত মাথোঁ হিমালয়।
৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘ৰূপতীৰ্থৰ যাত্ৰী।
৫। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি ?
উত্তৰঃ বিনীতা।
বিয়াৰ প্রেজেন্ট Class 11 Question Answer
(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)
১। “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে – ‘আমাৰ তাৰে নোহোৱানে’?” — কোনে, কাক কথাষাৰ সুধিছিল ?
উত্তৰঃ এই কথাষাৰ বিনীতাৰ দেউতাক কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল।
২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল।
৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?
উত্তৰঃ নাজিয়াই টাউনত তাইৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাইছিল। তেওঁ সৰু ছোৱালী বিনিতাৰ অসুখ হোৱা বাবে হস্পিতাললৈ আনিছিল যদিও পইচাৰ টনা-টনি হোৱাত গাঁৱলৈ গৈ পইচা অলপ যোগাৰ কৰাৰ কথা ভাবিছিল। কিন্তু বাটতে নাজিয়াক লগ পোৱাত নাজিয়াই বিনীতাৰ অৱস্থাৰ কথা শুনি বিয়াখনলৈ নগৈ সেই পইচাখিনিৰে বিনীতাক সহায় কৰিবলৈ হস্পিতাললৈ গৈছিল।
৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰ পৰা পইচা পালে?
উত্তৰঃ নাজিয়াই টাউনত থকা মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পালে। তেওঁ সৰু ছোৱালীজনী বিনীতাৰ অসুখৰ বাবে চৰকাৰী হস্পিতালত আনিছিল যদিও হঠাতে অপাৰেচন কৰিব লগা হোৱাত পইচা অলপ যোগাৰ কৰিবলৈ হতাশ মনেৰে গাৱলৈ যাবলৈ ওলাইছিল। কিন্তু নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ বিপদৰ কথা শুনি বিয়ালৈ নগৈ টকা এশ দি অপাৰেচন কৰাবলৈ কৈছিল। আৰু এনেকৈয়ে কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ পইচা পাইছিল।
৫। “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব” – ‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু তেওঁৰ স্বামীৰ কথা কোৱা হৈছে।
বিয়াৰ প্রেজেন্ট Class 11 Question Answer
(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ৪ অথবা ৫)
১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?
উত্তৰঃ নাজিয়াই টাউনত থকা মোমায়েকক জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পোৱাত কনকেশ্বৰ ঠাকুৰে নিজেই আহি নাজিয়াক মাত লগাইছিল। নাজিয়াইও একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাই কি কাৰণত টাউনলৈ আহিলে সকলো কথা কনকেশ্বৰ ঠাকুৰৰ পৰা জানিব পাৰিলে। কনকেশ্বৰ ঠাকুৰে জীয়েকৰ অসুখৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি হতাশ হোৱা পৰিস্থিতিতেই নাজিয়াই তেওঁলোকৰ পৰিয়াললৈ আশাৰ কিৰণ হৈ আহিছিল।
২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?
উত্তৰঃ নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যাবলৈ মন আছিল। আনহাতে চকুত লগা এটা উপহাৰ দিয়াৰো প্ৰবল হেঁপাহ আছিল। কিন্তু নাজিয়াৰ পৰিয়ালটোৱে আর্থিক সীমাবদ্ধতাৰ বাবে প্ৰতিটো খোজতে অত্যাধিক হিচাপ-নিকাচৰ মাজেৰে চলিবলগীয়া হয়। সেইকাৰণে আর্থিক অনাটনৰ বাবে নাজিয়াই অকলে বিয়ালৈ গৈছিল।
৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?
উত্তৰঃ আৰ্থিক অনাটনৰ জুৰুলা নাজিয়াই মোমায়েকৰ ছোৱালীৰ বিয়াত যাবলৈ কিবাকৈ টকা অলপ যোগাৰ কৰিছিল যদিও টাউনলৈ গৈ বাছ ষ্টেছনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পোৱাত নাজিয়াই বিয়ালৈ নোযোৱাৰ সিদ্ধান্ত ল’লে। কাৰণ কনকেশ্বৰ ঠাকুৰে জীয়েকৰ অসুখৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি একপ্ৰকাৰ দিশহাৰা হৈ পৰিছিল। সেইকাৰণে নাজিয়াই তাইৰ হাতত থকা টকা অলপ দি সহায় কৰাৰ বাবে বিয়ালৈ যাব নোৱাৰিলে।
Class 11 Assamese Chapter 9 Question Answer
৪। বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ’ল বৰ্ণনা কৰা ।
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়ালৈ বুলি টাউনলৈ গৈ বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে। কনকেশ্বৰ ঠাকুৰে সৰুজনী ছোৱালী বিনীতাৰ অসুখৰ বাবে হস্পিতালত ভৰ্তি কৰিছিল। ডাক্তৰে তাইক আজিয়েই অপাৰেচন কৰিবলৈ কৈছে আৰু দুৰ্বল হোৱা বাবে তেজো কেইবটলমান দিব লাগিব। কিন্তু আৰ্থিকভাৱে দুৰ্বল কনকেশ্বৰ ঠাকুৰে টকা-পইচাৰ যোগাৰ কৰিবলৈ গাঁৱলৈ যাব বুলি ভাবি বাছ আস্থানলৈ যাওঁতে নাজিয়াক লগ পালে। নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল আৰু টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে। আৰু এনেদৰে নাজিয়াৰ সহায়ৰ বাবে বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল আৰু বিনীতাও সুস্থ হৈ উঠিল।
৫। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত মানৱতাবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।
উত্তৰঃ চৈয়দ আব্দুল মালিকদেৱৰ ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত নাজিয়া চৰিত্ৰটিৰ যোগেদি মানৱতাবোধ প্ৰকাশ পাইছে। মানৱতাবোধ মানে আমি ইজনে সিজনক বিপদৰ সময়ত কৰা সহায়। মানৱতাবোধত কেতিয়া প্রতিদান থাকিব নালাগে। বিনা প্রতিদানত সহায় আগবঢ়োৱাটোৱেই প্রকৃত মানৱতাবোধ। নাজিয়াই আৰ্থিক অনাটনৰ বাবে খুব কষ্টেৰে টকা কেইটামান যোগাৰ কৰি মোমায়েকৰ ছোৱালীৰ বিয়ালৈ যাব বুলি টাউনত গৈ উপস্থিত হৈছিল যদিও হঠাতে টাউনৰ বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে। কনকেশ্বৰ ঠাকুৰে সৰু ছোৱালী বিনীতাৰ কঠিন নৰিয়া হেতুকে টাউনৰ চৰকাৰী হস্পিতালত থৈছিল। কিন্তু ডাক্তৰে লগে লগে অপাৰেচন কৰিবলৈ কোৱাত আৰ্থিক অনাটনত জুৰুলা কনকেশ্বৰ ঠাকুৰ একপ্ৰকাৰ জুৰুলা হৈ পৰিছিল। হঠাতে নাজিয়াক লগ পোৱাত নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ সেই পইচাখিনি বিনীতাৰ অপাৰেচনৰ খৰচ হিচাপে দি প্ৰকৃত মানৱতাবোধৰ পৰিচয় দিছিল। আৰু এই মানৱতাবোধেই হ’ল গল্পটোৰ মূল বার্তা।
বিয়াৰ প্রেজেন্ট Class 11 Question Answer
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)
১। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত সৃষ্টি হোৱা পৰিস্থিতি দুটা কি কি ?
উত্তৰঃ ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত সমান্তৰালভাৱে দুটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা হ’ল নাজিয়াৰ পৰিয়ালৰ আৰ্থিক সীমাবদ্ধতাৰ বাবে প্ৰতিটো খোজতে অত্যাধিক হিচাপ-নিকাচৰ মাজেৰে চলিবলগীয়া অৱস্থা। আনহাতে আন এটা পৰিস্থিতি হ’ল কনকেশ্বৰ ঠাকুৰৰ ছোৱালী বিনীতাৰ কঠিন নৰিয়া।
২। নাজিয়াই কনকেশ্বৰ ঠাকুৰক বিনীতাৰ অপাৰেচনৰ বাবে কিমান টকা দিছিল?
উত্তৰঃ এশ টকা।
৩। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোৰ মূল বাৰ্তা কি?
উত্তৰ: মানৱতাবোধ।
৪। মহাপুৰুষ শংকৰদেৱৰ জীৱনক কেন্দ্ৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কোনখন উপন্যাস লিখিছিল?
উত্তৰ: ধন্য নৰ তনু ভাল।
৫। চৈয়দ আব্দুল মালিকৰ গল্পৰ প্ৰধান বৈশিষ্ট্য কি?
উত্তৰঃ ভাষাৰ প্ৰাঞ্জলতা, সুখপাঠ্যতা আৰু মানৱতাবোধ।
৬। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটো প্ৰথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
উত্তৰঃ অধিনায়ক আলোচনীখনত।
৭। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটো ‘এখন নিলিখা চিঠিৰ কথাখিনি’ নাম সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।
৮। চুটিগল্প কি?
উত্তৰঃ চুটিগল্প মূলতে মানৱ মনৰ আশা-আকাংক্ষা, হর্ষ-বিষাদ আদি বিবিধ অনুভূতিৰ সুসংহত শৈল্পিক প্রকাশ।
৯। অসমীয়া গল্প সাহিত্যত সৰ্বাধিক গল্পৰ ৰচয়িতা কোন?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
১০। মালিকদেৱৰ কেইখনমান উপন্যাসৰ নাম লিখা।
উত্তৰঃ ৰথৰ চকৰি ঘূৰি, সূৰজমুখীৰ স্বপ্ন, পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে, ৰূপতীৰ্থৰ যাত্রী ইত্যাদি।
Class 11 Assamese Chapter 9 Question Answer
১১। চৈয়দ আব্দুল মালিকদেৱৰ কোনখন ভ্ৰমণ কাহিনীৰ বাবে ‘চোভিয়েট দেশ নেহৰু বঁটা’ লাভ কৰিছিল ?
উত্তৰঃ ‘মাজত মাথো হিমালয়’ ভ্রমণ কাহিনীখনৰ বাবে ১৯৬৫ চনত ‘চোভিয়েট দেশ নেহৰু বঁটা’ লাভ কৰিছিল।
১২। মালিকদেৱৰ গৱেষণামূলক গ্রন্থকেইখন কি কি?
উত্তৰঃ অসমীয়া জিকিৰ আৰু জাৰি, আজান ফকীৰ আৰু সুৰীয়া জিকিৰ আৰু চুফী আৰু চুফীবাদ।
১৩। বিয়ালৈ যাবলৈ নাজিয়াহঁতৰ হাতত কিমান টকা আছিল?
উত্তৰঃ দুশ টকা ৷
১৪। নাজিয়াই কাৰ বিয়া খাবলৈ যাবলৈ ওলাইছিল?
উত্তৰঃ নাজিয়াই তেওঁৰ সম্পৰ্কীয় মোমায়েক নগৰৰ বিখ্যাত মানুহ ৰিটায়ার্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়ালৈ যাবলৈ ওলাইছিল।
১৫। নাজিয়াই কেই বজালৈ হস্পিতালত আছিল?
উত্তৰ: পাঁচ বজালৈ।
১৬। ‘বিয়াৰ প্রেজেন্ট’ গল্পটো প্ৰথমতে কোনখন আলোচনীত প্রকাশ পাইছিল? এই গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটো প্ৰথমতে ‘অধিনায়ক’ আলোচনীখনিত প্ৰকাশ পাইছিল। গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম ‘বিনীতা’ আছিল।
বিয়াৰ প্রেজেন্ট Class 11 Question Answer
(খ) চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩/৪ অথবা ৫)
১। নাজিয়াই কিয় বিয়ালৈ যোৱাৰ বিপৰীতে কনকেশ্বৰ ঠাকুৰক সহায় কৰাটো বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিলে?
উত্তৰঃ নাজিয়াৰ পৰিয়ালটো যদিও আর্থিক ভাৱে দুৰ্বল তথাপিও তেওঁৰ অন্তৰখন বৰ কোমল, আৰু বিপদত পৰা মানুহক সহায় কৰিবলৈ নাজিয়া সদাপ্রস্তুত হৈ থাকে। সেইকাৰণেই নাজিয়াই যেতিয়া মোমায়েকৰ ছোৱালীৰ বিয়াখাবলৈ গৈ টাউনত থকা বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পাইছিল তেতিয়া নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ দুখ বুজি পাইছিল। আৰু একমাত্ৰ মানৱতাৰ খাতিৰত নাজিয়াই একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক সহায় কৰিছিল।
২। নাজিয়াই বিয়ালৈ নোযোৱাৰ কাৰণটো তেওঁৰ স্বামীক কোৱাত স্বামীৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল?
উত্তৰঃ নাজিয়াই যেতিয়া মোমায়েকৰ জীয়েকৰ বিয়ালৈ নোযোৱাৰ কাৰণটো ঘৰলৈ আহি তেওঁৰ স্বামীক সবিস্তাৰে বুজাই ক’লে তেতিয়া তেওঁৰ স্বামীয়ে মোমায়েকে বিয়ালৈ নোযোৱা কাৰণে বেয়া নাপাবনে বুলি নাজিয়াক প্রশ্ন কৰিছিল। আনহাতে কনকেশ্বৰ ঠাকুৰৰ হাতত আৰু বা কিমান টকা আছে, আনহাতে বিনীতাক লৈ আহিবলৈ টকাই বা জুৰিবনে এইবোৰ চিন্তাও নাজিয়াৰ স্বামীয়ে কৰিছিল। আৰু লগতে পাৰিলে কৰবাৰ পৰা টকা পঞ্চাছটামান যোগাৰ কৰি দি অহাৰ কথাও ভাবিছিল। ইয়াৰ পৰাই বুজা যায় যে নাজিয়াৰ দৰে তেওঁৰ স্বামীৰো মানৱ দৰদী মন এটা আছে আৰু ইয়েই মানৱতাবোধৰ এক ডাঙৰ উদাহৰণ।
প্ৰশ্ন: বিয়াৰ প্ৰেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি ?
উত্তৰঃ বিনীতা।
প্ৰশ্ন: নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল।
প্ৰশ্ন: ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোৰ মূল বাৰ্তা কি?
উত্তৰ: মানৱতাবোধ।
প্ৰশ্ন: ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটো প্ৰথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
উত্তৰঃ অধিনায়ক আলোচনীখনত।