এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Class 11 Question Answer | এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 8 Question Answer | এভাৰেষ্টৰ সপোন আৰু বিভীষিকা HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া
শ্ৰেণী | অসমীয়া Class 11 |
বিষয় | অসমীয়া (সাহিত্য সৌৰভ) |
পাঠৰ নাম | এভাৰেষ্টৰ সপোন আৰু বিভীষিকা |
পাঠ | 8 |
লেখক | প্রণয় বৰদলৈ |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Class 11
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল?
উত্তৰঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্রাওজাৰ পিন্ধিছিল।
২। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা প্ৰায় ২৯,০৩৫ ফুট উচ্চতাত অৱস্থিত।
৩। অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?
উত্তৰঃ খুম্বু হিমবাহ।
৪। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?
উত্তৰঃ পুম’ৰি শিখৰক।
৫। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায় ?
উত্তৰ: মানস বৰুৱাৰ নেতৃত্বত।
১। হিমানী সম্পপাতৰ্ৰ প্ৰলয়ংকাৰী ৰূপক প্রতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল।
উত্তৰঃ মৃত্যু অৱধাৰিত বুলি ভাবি ‘অসম এভাৰেষ্ট অভিযান’ দলটোৱে নিজকে মৃতপথৰ পৰা উদ্ধাৰ কৰিবলৈ শ্বেপাসকলৰ লগত লগ হৈ গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰ দি ভাজ কৰি লৈ অলপ চাপৰি এভালেন্স পজিশ্যন বা হিমস্খলনৰ সাৱধানতা লৈছিল। এয়া হ’ল হিমস্খলনে গ্ৰাস কৰি উৰুৱাই নিব নোৱাৰা এক ব্যৱস্থা।
২। দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰ অছিল?
উত্তৰঃ চিকিৎসক দুগৰাকীৰ এগৰাকী চীন দেশৰ মহিলা চিকিৎসক আছিল আৰু আনগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছিল।
৩। ‘KHUMBO ICE FALL’ বুলিলে কি বুজা?
উত্তৰঃ বেছ কেম্পৰ পৰা খুম্বু হিমবাহৰ মাজেদি ১ নং শিবিৰলৈ আৰোহণ কৰিব পৰা পথছোৱাত বৰফৰ নদীখন ভাঙি খণ্ড বিখণ্ড হৈ স্তূপীকৃত বৰফৰ যি প্ৰাচীৰৰ সৃষ্টি কৰিছিল তাকে খুম্বু আইচ ফল (KHUMBO ICE FALL) বোলা হয়।
৪। কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?
উত্তৰঃ ১৯৮২ চনত প্ৰায় নেছিম আখতাৰৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল।
৬। প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?
উত্তৰঃ প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন হ’ল তৰুণ শইকীয়া আৰু মনিষ ডেকা।
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Class 11 Question Answer
(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)
১। লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?
উত্তৰঃ সেই দিনটো আছিল ১৯১৫ চনৰ ২৫ এপ্রিল। ৮ জন শ্বের্পা সহ অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰীৰ দলটোৱে বৰফৰ প্ৰাচীৰ আৰোহণৰ কৌশল অনুশীলনৰ উদ্দেশ্যে এভাৰেষ্টৰ প্ৰখ্যাত খুম্বু হিমবাহলৈ গৈছিল। ভালেখিনি অনুশীলন কৰাৰ পিছত তেওঁলোকৰ অনুশীলনৰ সামৰণি মাৰিবলৈ মাত্র কিছুসময় আছিল (নেপালৰ স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১১.৫৫ বজাত) তেনেতে হঠাৎ বৰফৰ পৃষ্ঠভাগৰ পৰা ওলোৱা গুমগুমণি শব্দৰ লগতে জোকাৰণিও অনুভৱ কৰিছিল উপস্থিত সকলোটিয়ে। ক’ত কি হৈছে উমান পোৱা আগতেই পাহাৰখনত প্ৰচণ্ড জোকৰণিৰ সৃষ্টি হৈছিল। সেই মূহুৰ্তত তেওঁলোকৰ ভাব হৈছিল, তেওঁলোক থিয় হৈ থকা বৰফৰ পৃষ্ঠ ভাগ ভাগি পৰিব আৰু আটাই কেইজন তললৈ সোমাই পৰিব। তেওঁলোকে সেয়া ভূমিকম্প বুলি জানি সতৰ্ক হৈ পৰিছিল আৰু আটাই কেইজন সদস্য আৰু শ্বেৰ্পা এঠাইত গোট খোৱাৰ চেষ্টা কৰিছিল। প্রায় ২ মিনিট সময় ধৰি অব্যাহত আছিল সেই জোঁকাৰণি। তেনেতে তেওঁলোকে প্রচণ্ড শব্দ শুনিবলৈ পাই মূৰ তুলি চাই দেখিবলৈ পাইছিল যে নাপচে্,আমা, দাবলাম্ লোলা আদি দাঁতি কাষৰীয়া শিখৰবোৰত জমা হৈ ওলমি থকা বৰফখণ্ড সেই ভূমিকম্পৰ জোঁকাৰণিত তললৈ খহি আহিছে। সেই অঞ্চলত বৰফৰ খণ্ড দ্রুত গতিত খহি পৰাটো নিত্য নৈমিত্তিক ঘটনা যদিও ৮.২ প্রাবল্যৰ সেইদিনাৰ ভূমিকম্পই বৰফৰ পাহাৰ সমূহ জোকাৰি দিয়া বাবে সম্পূর্ণ পৰিবেশ সলনি হৈ পৰিছিল।
চাৰিওফালৰ এভালেন্সৰ বা হিম সম্প্ৰপাতৰ দৃশ্য চাই থাকোঁতেই তেওঁলোকে আকৌ শুনিছিল এক প্রচণ্ড গর্জন। ঘূৰি চাই দেখিলে তেওঁলোকে কেম্প কৰি থকা বেছ কেম্পৰ পৰা প্ৰায় দুই তিনি কিলোমিটাৰ মান নিলগৰ পুম’ৰি শিখৰৰ প্ৰায় শীৰ্ষৰ পৰা বাগৰি পৰিছিল এক বিশাল বৰফ খণ্ড। সেই বৰফখণ্ডই সৃষ্টি কৰা হিমানী সম্প্রপাতে ভয়ংকৰ দৈত্য ৰূপ ধাৰণ কৰি দ্ৰুত গতিত ৭-৮ ছেকেণ্ড মানৰ ভিতৰতে বেছ কেম্পত আঘাত কৰি টেন্টসহ সকলো চুৰমাৰ কৰি কাগজৰ দৰে উৰুৱাই লৈ আহিছিল আৰু হিম সম্প্ৰপাতৰ এই সংহাৰি ৰূপ কিংকর্তব্যবিমুঢ় হৈ চাই থাকোঁতেই তেওঁলোকে ধৰিব পাৰিলে যে বৰফৰ দৈত্যৰূপী সম্প্রপাতে তেওঁলোকলৈ চোঁচা লৈছিল। মৃত্যু অৱধাৰিত বুলি ভাবি সকলোৱে গোলাকাৰে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাবটি ধৰি আঠু সামান্য ভৰি ভাজ খুৱাই অলপ চাপৰি এভালেন্স পজিশ্যন লৈছিল যাতে বৰফৰ দৈত্যই উৰুৱাই নিব নোৱাৰে। তেতিয়া তেওঁলোক সোমাই পৰিল এভালেন্সৰ গ্ৰাসত। এভালেন্সৰ বৰফে তেওঁলোকক পুতি পেলাইছিল। তেওঁলোকৰ উশাহ নিশাহ বন্ধ হোৱাৰ দৰে হৈছিল আৰু চকুৰে অন্ধকাৰ দেখিছিল। লগে লগে আটাই কেইজনে মূৰ উলিয়াই পোনকৈ থিয় হৈ উশাহ নিশাহ লোৱাৰ পিছত গালৈ তত্ ঘুৰি আহিছিল। সৌভাগ্যক্রমে বেছ কেম্পৰ পৰা তেওঁলোক এশ মিটাৰ মান উচ্চতাত হোৱা বাবে হিমানী সম্প্ৰপাতৰ গতি হ্ৰাস হৈছিল আৰু তেওঁলোকক অতিক্ৰম কৰাৰ পিছত সেই দৈত্যৰ শক্তি নোহোৱা হৈ পৰিছিল।
২। হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?
উত্তৰঃ হিমানী সম্প্ৰপাতৰ পিছত অভিযান কাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ দেখিছিল এক বিধস্ত পৰিবেশ। তাত শিবিৰ পতা দলসমূহৰ টেন্ট তথা অন্য সামগ্ৰীসমূহ ভাঙি চূর্ণীকৃত হৈ চৌপাশে সিঁচৰিত হৈ আছিল। এক অতি দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈছিল। কেইবাজনো বিদেশী পৰ্বতাৰোহীৰ সৈতে শ্বেপাৰ মৃত্যু হৈছিল। অভিযানকাৰীসকলে দেখিছিল তেওঁলোকৰ শিবিৰ এলেকাত দুটা মৃতদেহ পৰি আছে যি দুটা আছিল দুটা ভিন্ন অভিযানকাৰী দলৰ চিকিৎসকৰ যিসকলে তেওঁলোকৰ পৰা কিছু আঁতৰত বাহৰ পাতি আছিল। মৃত চিকিৎসক দুজনৰ এজন চীনৰ মহিলা আৰু আনজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ। পিছত তেওঁলোকে জানিব পাৰিছিল যে এই দুৰ্ঘটনাত মুঠতে ২০ গৰাকী পৰ্বাতৰোহীৰ মৃত্যু হোৱাৰ লগতে ৫০ ৰো অধিক আহত হৈছিল। এওঁলোকৰ অধিক সংখ্যকেই অবিৰাম তুষাৰপাতৰ বাবে টেন্টৰ ভিতৰত নিৰাপদ আশ্ৰয় লৈ আছিল। তেওঁলোকে অনুশীলনলৈ নোযোৱা হ’লে নিশ্চয় তেওঁলোকৰ অৱস্থাটোৱে একে হ’লহেতেন। তেওঁলোকৰ মাজৰ বেছ কেম্প মেনেজাৰ শৈলেন আৰু অমৰ শিবিৰতে আছিল যদিও নেদেখাজনৰ অজান কৃপাৰ গুণত তেওঁলোকো বাছি গৈছিল। প্রায় ১১ মান বজাত প্ৰশিক্ষণ ল’বলৈ যোৱা অভিযানকাৰী দলটোক চাহ দিবলৈ যোৱাৰ সময়ত অমৰে শৈলেনক লগ ধৰোঁতে শৈলেন যাব বিচৰা নাছিল যদি অমৰে এক প্ৰকাৰ জোৰ কৰি শৈলেনক লৈ গৈছিল৷ দুয়ো গৈ তেওঁলোকৰ ওচৰ পোৱাৰ লগে লগে দুৰ্ঘটনাটো ঘটিছিল। সৌভাগ্যৰ বলত তেওঁলোক দুয়োজনো বাছি গৈছিল। প্রায় ৩ কিলোমিটাৰ দীঘল বেছ কেম্প এলেকাৰ মাজৰ অংশত যিহেতু তেওঁলোকৰ বেছ কেম্প, তেওঁলোকৰ লগত থকা আন কেম্পবোৰৰ প্রায় কেইটা দলেই ক্ষতিগ্ৰস্ত হৈছিল। বৰফে টেন্টবিলাক ছিটিকাই দূৰতৈ পেলাইছিল। টেন্টবিলাক ফাটি ছিৰি ভিতৰৰ বস্তুবোৰ ওলাই পৰিছিল। মুঠতে গোটেই ঠাইখনতে যেন এক দুখঃজনক পৰিৱেশ।
Class 11 Assamese Chapter 8 Question Answer
৩। এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল?
উত্তৰঃ এভাৰেষ্ট অভিযানত সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো এনেকুৱা – যিহেতু ৩ এপ্ৰিলত ঘৰ এৰাৰ দিনৰ পৰা প্ৰায় ২৫ এপ্ৰিললৈ সুদীর্ঘ ২২ দিন পর্যন্ত লিখক সহিতে তেওঁলোকৰ অভিযানকাৰী দলটিয়ে মাছৰ সোৱাদ ল’ব পৰা নাছিল, সেয়ে বেছ কেম্প মেনেজাৰ অমৰ ডেকাই দুদিনমান আগৰে পৰা প্ৰস্তুতি চলাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে মাছ অনাৰ ব্যৱস্থা কৰিছিল তেওঁলোকৰ দলটোৰ বাবে। অমৰে থেকেৰাৰে মাছৰ টেঙা বনাবলৈ দলটোৰ ৰান্ধনিৰ জৰিয়তে বিশেষ ব্যৱস্থাও কৰিছিল। জলপান খাই প্রশিক্ষণলৈ ওলাই যোৱাৰ সময়ত লিখকে আশা কৰিছিল বহুদিনৰ পিছত মাছৰে এসাজ জুটি লগাই খাব পাৰিব। কিন্তু হিমানী সম্প্রপাতে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিছিল। তেওঁলোকৰ আশ্ৰয় লোৱা টেন্ট সমূহৰ লগত পাকঘৰ থকা তম্বু আৰু ডাইনিং টেন্ট আদিও উৰি গৈ ছিন্ন ভিন্ন হৈ পৰিছিল। বৰফৰ দৈত্যজনে তেওঁলোকৰ আন খাদ্য সামগ্ৰী সমূহৰ লগতে কাঠমাণ্ডুৰ পৰা অনা মাছৰ টেঙাৰ আঞ্জাও গ্ৰাস কৰিছিল।
৪। প্ৰয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনৰ এটি চমুটোকা যুগুত কৰা।
উত্তৰঃ লিখকে এভাৰেষ্ট আৰোহণৰ সপোন দেখিছিল, নেছিম আখতাৰৰ নেতৃত্বত কৰা এক ট্রেকিং অভিযানত অংশ গ্ৰহণ কৰাৰ সময়তে। নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ আছিল এই ট্রেকিং অভিযান। এই অভিযানৰ সময়ত তেওঁ এঠাইত দেখিছিল গিৰিৰাজ হিমালয়ৰ বহুবোৰ শুভ্ৰ কিৰীটি পৰিহিত শিখৰৰ মাজত ২৯,০৩৫ ফুট উচ্চতাৰ মাউন্ট এভাৰেষ্টক। তেতিয়াৰ পৰাই তেওঁৰ মনত এক সপোন তথা হেপাঁহে থিতাপি লৈছিল বিশ্বৰ সৰ্বোচ্চ চূড়াত থিয় হৈ তলৰ পৃথিৱী চোৱাৰ। তাৰপিছত আৰু বহু অভিযানত অংশ গ্ৰহণ কৰিছিল যদিও তেওঁৰ এভাৰেষ্ট জয়ৰ সপোন পূৰণ হোৱা নাছিল। বয়স বঢ়াৰ লগে লগে সেই সপোন ক্ৰমাৎ স্তিমিত হৈ পৰিছিল। কিন্তু নেছিম আখতাৰে লিখকৰ মনত পুনৰ জগাই তুলিছিল এভাৰেষ্ট জয়ৰ সপোন। তেখেতে লিখকক লগ পালেই কৈছিল দেশৰ অন্য প্ৰান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া পাৰিছে অসমৰ পবৰ্তাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষত থিয় দিব নোৱাৰিব কিয় ? আনকি তেখেতে এই সপোন বাস্তৱায়িত কৰাৰ বাবে পদক্ষেপ লৈ প্ৰাক্ এভাৰেষ্ট অভিযানৰ আয়োজন কৰিছিল। যদিও তেখেতৰ অকাল বিয়োগে এই সৎ উদ্দেশ্যত যতি পেলালে, পিছত লিখকে এই সপোন বাস্তবায়িত কৰাৰ লক্ষ্যৰে দুবাৰো চেষ্টা চলাই যদিও প্রাকৃতিক বিভীষিকাৰ বাবেই এভাৰেষ্ট জয়ৰ সপোন অসম্পূৰ্ণ হৈছিল।
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Class 11
৫। ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ ওভতনি যাত্রা কেনেকুৱা আছিল ব্যাখ্যা কৰা!
উত্তৰঃ ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ ওভতনি যাত্ৰা সুখদায়ক নাছিল। প্ৰকৃতিৰ সংহাৰি মূর্তি দেখি, বেছ কেম্পত আশ্ৰয় আৰু খাদ্য সামগ্রী অভাৱৰ কথাও অনুভৱ কৰি দলটিয়ে উভতি আহিবলৈ সিদ্ধান্ত লৈছিল। বেছ কেম্পত শিবিৰ কৰি থকা সকলো দলৰে সেই সময়ত একেই অৱস্থা হৈছিল। বহুতো দলৰ সতীৰ্থ
সকলে আহত সকলক চাঙি কৰি বান্ধি, দাং কোলাকৈ তললৈ লৈ আহিছিল। লিখকৰ দলটিও তললৈ নামি আহিছিল। ভোক, পিয়াহ, দুখ ভাগৰত জৰ্জৰিত দলটি আহি আশ্ৰয় লৈছিল এভাৰেষ্ট বেছ কেম্পত থকা ‘গোৰখশ্বেপ’ নামৰ অন্তিমখন পৰ্যটন নিবাসত। গোৰখশ্বেপ পোৱাৰ সময়লৈকে সন্ধিয়া নামি আহিছিল। কিন্তু তাত বৰফ পৰা বন্ধ হোৱা নাছিল। দলটিৰ নিশাৰ আশ্ৰয়ৰ বাবে দলৰ শ্বেপাকেইজন আগতেই নামি আহি গোৰখশ্বেপৰ সন্মুখত থকা বিশাল উপত্যকাটোত বৰফৰ ওপৰতে টেন্ট তৰিছিল। কিন্তু দলটিৰ সকলোকে অত্যন্ত ভাগৰুৱা হৈ পৰা দেখি লিডাৰ মানসে শ্বেৰ্পা কেইজনক লজ কেইটাতহে ৰূম বিচাৰিবলৈ নিৰ্দেশ দিছিল। তাৰে এটা লজত দলটিৰ থকাৰ ব্যৱস্থা হ’ল। ৰূমত সকলো শান্তিৰে নিশাটো কটায়। পিছদিনা পুৱাই আহাৰ গ্ৰহণ কৰি যাত্ৰা কৰিছিল নিজ ঘৰ অভিমুখে। বেছ কেম্পত প্ৰকৃতিৰ সেই মুহুৰ্তৰ তাণ্ডৱে সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত পেলাই দিছিল তেওঁলোকৰ বছৰ জোৰা এভাৰেষ্ট অভিযানৰ প্ৰস্তুতি।
Class 11 Assamese Chapter 8 Question Answer
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১/২/৩/৪/আৰু ৫)
১। ‘এভাৰেষ্ট’ৰ সপোন আৰু বিভীষিকা পাঠৰ বিষয় বস্তু কি?
উত্তৰ: ‘এভাৰেষ্ট’ৰ সপোন আৰু বিভীষিকা পাঠটিৰ বিষয়বস্তু হ’ল ‘পৰ্বতাৰোহনকাৰী দলৰ এভাৰেষ্ট শৃঙ্গ আৰোহণ অভিযান’।
২। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটিৰ পাঠ্যপুথিত নিৰ্বাচন কৰাৰ উদ্দেশ্য কি?
উত্তৰঃ পাঠটিৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক অভিযান সম্পর্কে অৱগত কৰা। এই ধৰণৰ দুঃসাহসিক অভিযান তথা অসাধ্য সাধন কৰিবলৈ হলে যে মনৰ একাগ্ৰতা, দৃঢ় মনোবলৰ লগতে যে সপোন দেখাৰো প্ৰয়োজন। সফলতাৰ পথ যে বৰ উজু নহয় এই কথা ছাত্র-ছত্ৰীসকলক জনোৱাটোও পাঠটিৰ উদ্দেশ্য আছিল।
৩। ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা’ পাঠটিৰ লিখক কোন?
উত্তৰঃ প্ৰণয় বৰদলৈ।
৪। প্ৰণয় বৰদলৈৰ পেছা আৰু নিচা কি?
উত্তৰঃ পণয় বৰদলৈৰ পেছা হ’ল সাংবাদিকতা আৰু নিচা হ’ল দুঃসাহসিক অভিযান ।
৫। ‘ক্ৰেভাছ’ কি?
উত্তৰঃ ক্ৰেভাছ হ’ল বৰফৰ ফাঁট, যিটোৰ গভীৰতা পাছ ফুটৰ পৰা সহস্ৰাধিক ফুট হ’ব পাৰে।
৬। ‘অসম এভাৰেষ্ট অভিযান নামৰ দলটোৰ শ্বেপাচৰ্দাৰ জনৰ নাম কি আছিল?
উত্তৰঃ লাপা ৰনডুক শ্বেৰ্পা।
৭।অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া দলটিৰ সদস্য সকলৰ নাম লিখা ?
উত্তৰ : মানস বৰুৱা, প্ৰণয় বৰদলৈ, উপেন চক্ৰৱৰ্তী, ডাঃ জগদীশ বসুমতাৰী, হেনৰী ডেভিদ ট্ৰেৰণ, বিপ্লৱ চহৰীয়া, নন্দ দুলাল দাস, খৰছিং ইংতি আৰু পৰাগ দাস।
৮। হিমানী সম্প্রপাত কি?
উত্তৰঃ পৰ্বতৰ গাৰে শিলাস্তম্ভৰ সৈতে বৈ অহা বৰফৰাশিকে হিমানী সম্প্রপাত বোলে।
৯। প্ৰণয় বৰদলৈক সাহস যোগোৱা পৰ্বতাৰোহীজনৰ নাম কি আছিল?
উত্তৰঃ নেছিম আখতাৰ।
১০। ‘অসম এভাৰেষ্ট অভিযান’ত সহযোগ কৰা সংগঠন কেইটামানৰ নাম লিখা ?
উত্তৰঃ এক্সপ্ল’ৰাৰ্ছ, শিখৰ, কাৰ্বি আংলং পর্বতাৰোহণ সংস্থা আদি।
১১। ১৯১৬ চনত এভাৰেষ্ট জয় কৰা অসমীয়া চাৰি গৰাকীৰ নাম লিখা ?
উত্তৰঃ নৱ ফুকন, হেনৰি ডেভিদ টেৰণ, খৰছিং তেৰাং আৰু নন্দ দুলাল দাস।
১২। প্ৰণয় বৰদলৈয়ে হিমালয়ৰ কি কি শিখৰত বিজয়ধ্বজা উৰুৱাইছিল?
উত্তৰঃ যোগীন – ১, যোগীন- ৩, কাং, চচ’ কাং-নেলডা আদি।
১৩। প্ৰণয় বৰদলৈয়ে কৰি ভাল পোৱা দুঃসাহসিক কাৰ্য কেইবিধমানৰ নাম লিখা ?
উত্তৰঃ পৰ্বত আৰোহণ, চাইক্লিং, পেৰামটাৰিং, পেৰা জাম্পিং, ৰাফ্টিং আদি।
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Class 11
১৪। পাঠটিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক কেনেকুৱা শিক্ষা দিবলৈ বিচৰা হৈছে আলোচনা কৰা।
উত্তৰঃ পাঠটিত লেখকে এভাৰেষ্ট শৃঙ্গ আৰোহণৰ এক দুঃসাহসিক অভিযানৰ বৰ্ণনা কৰিছে, তেওঁলোকে এভাৰেষ্ট জয়ৰ সপোন বুকুত বান্ধি একুৰিৰো বেছি দিন সংশয় আৰু বিভীষিকাৰ মাজৰে হিমালয়ৰ বুকুতে কটাইছিল। এনে পৰ্বত আৰোহণৰ আৰত তেওঁলোকক প্রয়োজন হৈছিল অসীম ধৈর্য, আত্মবিশ্বাস, দৃঢ় মনোবল আৰু কঠোৰ পৰিশ্ৰমৰ। ইয়াৰে পৰা ছাত্ৰ- ছাত্রীসকলে উমান ল’ব পাৰিব কোনো অসাধ্য সাধনৰ চেষ্টা কৰিব লাগিলে প্রয়োজন হয় মনৰ একাগ্ৰতা তথা দৃঢ় মনোবলৰ। লিখকে দেখুৱাইছে কেনেকৈ তেওঁলোকে মৃত্যুৰ সৈতে যুঁজি নিজৰ প্ৰাণটি বচাইছিল। কিন্তু প্রতিকূল পৰিবেশে কিছুসময়ৰ বাবে দুঃসাহসিক অভিযান স্থবিৰ কৰিলেও সপোন বাস্তবায়িত কৰাৰ বাবে মনত দৃঢ় সংকল্প বৰ্তাই ৰখা প্রয়োজন। প্রণয় বৰদলৈ দেৱে এভাৰেষ্ট বিজয়ৰ যি সপোন দেখিছিল তাক সফল কৰাৰ বাবে অহৰহ চেষ্টা চলাইছিল। মাজে মাজে তেওঁৰ মনত নিৰাশা আহিছিল যদিও পুনৰ মনৰ সপোন পূৰণৰ বাবে নিজকে প্ৰস্তুত কৰিছিল। সফলতা অর্জনৰ বাবে যে নেৰা নেপেৰা চেষ্টা প্রয়োজন। সফলতাৰ পথ উজু নহয়, এই কথা পাঠটোৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক শিকাব বিচৰা হৈছে।
১৫। লেখক প্ৰণয় বৰদলৈৰ চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ প্ৰণয় বৰদলৈৰ জন্ম হয় ১৯৬৪ চনত, গুৱাহাটীত। পিতৃৰ নাম হৰেন বৰদলৈ, মাতৃৰ নাম বীণা বৰদলৈ । শিক্ষাগ্ৰহণ কৰে কটন কলেজিয়েট স্কুলত। উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা সমাপ্ত কৰে। মহাবিদ্যালয়ত পঢ়াৰ দিনৰে পৰা লিখা মেলাত মনোনিবেশ কৰে। ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপ-সম্পাদকৰ পদত থকাৰ উপৰি ‘আজিৰ অসম’, ‘আজিৰ বাতৰি’, ‘জনসাধাৰণ’ ইত্যাদি কাকতৰ উপ-সম্পাদক তথা কাৰ্যবাহী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে। দুঃসাহসিক ক্রিয়াকলাপৰ লগত জড়িত বৰদলৈয়ে বন্যপ্রাণী সংৰক্ষণৰ দিশতো আগভাগ লয়। প্রকাশিত গ্রন্থঃ ‘হিমালয়ৰ শিখৰে মাতিছে’, ‘উত্তুঙ্গ যোগীন’ আদি। বর্তমান কেবাখনো গ্রন্থ প্ৰকাশৰ পথত। তেওঁ বৰ্তমান ‘DY 365’ নামৰ নিউজ চেনেলৰ পৰিচালন সম্পাদক ৰূপে কৰ্মৰত। পেছাত সাংবাদিক হ’লেও তেওঁৰ নিচা হ’ল দুঃসাহসিক অভিযান। চাইক্লিং, পেৰামট’ৰিং, পেৰা গ্লাইডিং, পেৰা জাম্পিং আদি দুঃসাহসিক ক্রীড়াত তেওঁ সিদ্ধহস্ত। তেওঁ বৰ্তমান দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কাৰ্যবাহী সভাপতিৰ দায়িত্বত আছে।
১৬। মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰঃ ২৯,০৩৫ ফুট উচ্চতাত।
প্রশ্নঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল?
উত্তৰঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্রাওজাৰ পিন্ধিছিল।
প্রশ্নঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা প্ৰায় ২৯,০৩৫ ফুট উচ্চতাত অৱস্থিত।
প্রশ্নঃ অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?
উত্তৰঃ খুম্বু হিমবাহ।
প্রশ্নঃ নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?
উত্তৰঃ পুম’ৰি শিখৰক।
প্রশ্নঃ লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায় ?
উত্তৰ: মানস বৰুৱাৰ নেতৃত্বত।