অসমৰ পুৰণি খেল-ধেমালি Class 11 Question Answer | অসমৰ পুৰণি খেল-ধেমালি প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 7 Question Answer | অসমৰ পুৰণি খেল-ধেমালি HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া
শ্ৰেণী | অসমীয়া Class 11 |
বিষয় | অসমীয়া (সাহিত্য সৌৰভ) |
পাঠৰ নাম | অসমৰ পুৰণি খেল-ধেমালি |
পাঠ | 7 |
লেখক | সুবোধমল্ল বৰুৱা |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
অসমৰ পুৰণি খেল-ধেমালি Class 11 Question Answer
পাঠভিত্তিক, প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)
১। ‘বিহু আকৌ আহিল’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ হেম বৰগোহাঞিয়ে ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।
২। প্রথম আহোম ৰজাজনৰ নাম কি আছিল ?
উত্তৰ: প্রথম আহোম ৰজাজনৰ নাম আছিল ‘চ্যুকাফা’।
৩। ক্রীড়া কি?
উত্তৰঃ ক্রীড়া হ’ল এক আনন্দ, শাৰিৰীক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্রকাশ।
৪। বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?
উত্তৰঃ ছু-চু।
৫। চীনত ছ-ুচু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?
উত্তৰঃ কণী যুঁজ, কড়ি যুঁজ ইত্যাদি।
অসমৰ পুৰণি খেল-ধেমালি Class 11 Question Answer
(খ) চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)
১। ঢোপ খেলৰ প্ৰচলন ক’ত, কেনেকৈ হৈছিল বর্ণনা কৰা।
উত্তৰঃ ঢোপ খেলৰ জন্ম ক’ত হৈছিল সেয়া কোনেও ক’ব নোৱাৰে। এইবিধ খেল যে আহোম যুগতো জনপ্রিয় আছিল তাৰ অলেখ উদাহৰণ পোৱা যায়। ব্ৰিটিছ ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা আঠ কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। পিছত কোকৰাঝাৰৰ বিনোদ ব্ৰহ্ম নামৰ এগৰাকী খেলুৱৈয়ে এইবিধ খেল জনপ্রিয় কৰি তোলাৰ বাবে প্ৰয়াস কৰিলেও ই সফল নহ’ল। আমাৰ থলুৱা খেলবিলাক একত্ৰিত কৰি ইয়াক জনমানসত প্রতিষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা ১৯৮৯ চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্রীড়া সমাৰোহৰ আয়োজন কৰিছিল। ইণ্ডিজেনাছ গেমছৰ সৈতে সম্পৰ্ক ৰখা ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত ঢেমনা অনা খেলৰ অনেক মিল পোৱা যায়।
২। বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ কি কি?
উত্তৰঃ বৰপেটা অঞ্চলৰ জনসাধাৰণৰ মাজত বহুবোৰ থলুৱা খেলৰ প্ৰচলন আছিল। এইসমূহৰ ভিতৰত গন্ধ হাউ, লালী, ফূর্তি বা গোল্লা, হাফলা, মিলা, ৰছী টনা, কধৰা টনা, কুকুৰা যুঁজ, টাংগুটি, ভটা-গুটি, মুঠি ভটা, বামবোল, মংগল পাঠা, হাতবল, বৈঠা বল, তিনিঠেঙীয়া দৌৰ, টেকেলি ভঙা, গছ কপটি, থাটি কপটি আদিৰ কথা বিশেষভাৱে উল্লেখযোগ্য।
৩। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা।
উত্তৰঃ ম’হ যুঁজ, বাঘ ভালুকৰ যুঁজ, হাতী যুঁজ আদি ৰংঘৰৰ সন্মুখত অনুষ্ঠিত হৈছিল।
8। ইণ্ডিজেনাছ গেম্ছ কোনে, ক’ত, কেতিয়া অনুষ্ঠিত কৰিছিল ?
উত্তৰঃ ইণ্ডিজেনাছ গেম্ছ ১৯৮৯ চনত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰ বাকৰিত অনুষ্ঠিত হৈছিল।
৫। ‘ফুল-ফুলতী’ খেল কিদৰে খেলা হয়, পাঠৰ আধাৰত লিখা।
উত্তৰঃ ‘ফুল-ফুলতী’ খেল ছোৱালীৰ মাজত আৱদ্ধ আৰু সমাজ জীৱনত যথেষ্ঠ সমাদৃত। এই খেলত সৰু-সৰু বল বা গুটিৰে শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পিছতো প্রতিজন অংশ গ্রহণ কাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব। এনেদৰে বৃত্ত আঁকোতে কোনো প্রতিযোগীয়ে যদি গুটি স্পর্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয় ।
অসমৰ পুৰণি খেল-ধেমালি Class 11 Question Answer
(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)
১। আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল? তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল, তাৰ এটি চমু বৰ্ণনা দিয়া।
উত্তৰঃ আহোম যুগত ক্রীড়াই সর্বাধিক পৃষ্ঠপোষকতা পাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্রীড়াৰ প্ৰতি (সাঁতোৰ আদি) জনসাধাৰণক আকৃষ্ট কৰিছিল। অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্ৰকাশ কৰিছিল। তেওঁ ১৫-১৬ হাতৰ শালকাঠৰ খুঁটাৰে এই পেভিলিয়ন সদৃশ মঞ্চ
নিৰ্মাণ কৰিছিল।
২। পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল?
উত্তৰঃ পুৰণি কালত বিহুৰ সময়ত নৈ, পুখুৰী আদিত নাওঁখেল অনুষ্ঠিত হৈছিল। একেদৰে কিছুমান পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল। এই মালযুঁজ বর্তমান ৰেষ্টলিং অথবা মল্লযুদ্ধৰ লেখীয়া আছিল।
৩। আহোম যুগৰ আটাইতকৈ জনপ্রিয় খেলবিধ কি? এই খেল সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ আহোম যুগৰ আটাইতকৈ জনপ্রিয় খেলবিধ হৈছে শেন আৰু কনুৱাৰ খেল। শেন আৰু কনুৱাৰ খেলৰ বাবে স্থাপন কৰা হৈছিল চৰাইচোং। ছয়-সাতখন মুকলি খেল পথাৰক লৈ চিহ্নিত কৰা হৈছিল চৰাইচোঙক। শেন মেলাত অংশ লোৱা শেন চৰাইক প্রশিক্ষকসকলে দিয়া অভিনৱ প্ৰশিক্ষণ মন কৰিবলগীয়া আছিল। বিশেষকৈ খেলৰ মাজত শেন চৰাইটোৱে কণুৱাক বধ কৰি ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে খৰলুটি মাৰি তললৈ নামি অহাৰ দৃশ্য চাই থাকিবলগীয়া আছিল।
৪। ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত? খেলবিধৰ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ঢেমনা অনা খেল বৰপেটা অঞ্চলত প্ৰচলিত। ঢেমনা অনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হৈছিল। বৰপেটা অঞ্চলত ঢেমনা অনাৰ অর্থ হ’ল কোনো বিপত্নীকে বাৰী তিৰোতাক পত্নী ৰূপে অনা। দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত ৪ জনৰ পৰা ১০ জন বা ততোধিক খেলুৱৈ থাকে। বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয়। খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়। এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ঢেমনা, আনিব, সেই দলটোৱেই বিজয়ী হ’ব।
অসমৰ পুৰণি খেল-ধেমালি Class 11 Question Answer
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। কণুৱা চৰাইৰ প্রিয় খাদ্য কি?
উত্তৰঃ কণুৱা চৰাইৰ প্ৰিয় খাদ্য হ’ল মাছ।
২। ধেমনা খেল কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ: ধেমনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হয়।
৪। শেন মেলাৰ বাবে কাক কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰঃ শেন মেলাৰ বাবে শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাক নিযুক্তি দিছিল।
৫। ৰংঘৰৰ কোন পিনে হাতীশাল স্থাপন কৰা হৈছিল?
উত্তৰঃ হাতী যুঁজৰ বাবে ৰংঘৰৰ উত্তৰ পিনে হাতীশাল স্থাপন কৰা হৈছিল।
৬। বৰপেটা অঞ্চলত প্ৰচলিত কি খেলৰ লগত ক্রিকেট খেলৰ সাদৃশ্য আছে?
উত্তৰঃ বৰপেটা অঞ্চলত প্ৰচলিত বৈঠা বল আৰু হাতবলৰ সৈতে ক্রিকেট খেলৰ সাদৃশ আছে।
৭। লোক-ক্রীড়াৰ আলম লৈ কি সাহিত্যৰ সৃষ্টি হৈছিল?
উত্তৰঃ লোক-ক্রীড়াৰ আলম লৈ অঞ্চলসমূহত সৃষ্টি হৈছিল অনেক লোকগীত ।
৮। প্রথম আহোম ৰজাজনৰ নাম কি?
উত্তৰঃ চুকাফা।
অসমৰ পুৰণি খেল-ধেমালি Class 11 Question Answer
(খ) চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩/৪/আৰু ৫)
১। শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি ক’ৰবলৈ গুচি যায়, তেন্তে শেনৰ গৰাকীৰ কি কৰা হৈছিল?
উত্তৰঃ শেন খেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি ক’ৰবালৈ গুচি যায় তেন্তে শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হৈছিল।
২। অসমৰ কোনবিধ খেল ভাৰতৰ আন ৰাজ্যত আন নামেৰে প্ৰচলিত?
উত্তৰ: অসমৰ হাউগুদু খেলবিধক ভাৰতৰ কৰ্ণাটকত ছেদুগুদু, কোলাত ৱণ্ডি কালি, পঞ্জাৱত জব্বৰ ঘানা হিচাপে জনা যায় ।
৩। অসমৰ ক্ৰীড়া ইতিহাসৰ বৰ্ণময় আৰম্ভণি কেতিয়াৰপৰা হৈছিল?
উত্তৰঃ অসমৰ ইতিহাস গমি-পিতি চালে চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহোম ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে অসমৰ ক্ৰীড়া ইতিহাসৰ বৰ্ণময় আৰম্ভণি হোৱাৰ কথা ক’ব পাৰি।
8। আহোম ৰজাঘৰৰ লগত খেলৰ গুৰুত্ব বা ৰীতি-নীতিৰ সম্পৰ্ক এটি উল্লেখ কৰা।
উত্তৰঃ আহোম যুগত কোনো ৰজাৰ অভিষেক হলে অথবা ৰাজপৰিয়ালত পুত্ৰ আদিৰ জন্ম হ’লে প্ৰায় এসপ্তাহ জুৰি বিভিন্ন খেলৰ আয়োজন কৰিছিল। ই বৰ্তমান ক্রীড়া সমাৰোহৰ লেখীয়া আছিল।
৫। মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োৰে জনসাধাৰণৰ মাজত প্ৰচলিত খেলবোৰৰ নাম লিখা
উত্তৰ: মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য খেল জনসাধাৰণৰ মাজত প্ৰচলিত আছিল। সেই খেলসমূহৰ অন্যতম হ’ল – হাউ খেল, ঢোপ খেল, টাংগুটি, ঘিলা খেল, লুকা-ভাকু, বুন্দিয়া হাউ, কড়ি খেল ইত্যাদি।
৬। কোনবোৰ প্ৰাচীন গীতত ঘিলা খেলৰ বৰ্ণনা পোৱা যায়।
উত্তৰঃ ফুল কোঁৱৰ আৰু মণি কোঁৱৰৰ গীতসমূহত অসমৰ থলুৱা খেলসমূহৰ ভিতৰত অন্যতম জনপ্রিয় ঘিলা খেলৰ সুন্দৰ বৰ্ণনা আছে।
৭। ঘিলা খেলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ঘিলা খেলত দুই ইঞ্চি ব্যাসার্ধৰ এটি চেপেটা গুটি ব্যৱহাৰ কৰা হয়। এই চেপেটা গুটিটোৰে সামান্য ব্যৱধানত একে শাৰীত পুতি থোৱা কেইটামান ঘিলালৈ দলিয়াব লাগে। এই ঘিলাবোৰে একে শাৰীত ৰখা ঘিলাত যদি খুন্দা খুৱাব পাৰে তেন্তে খেলুৱৈজনে ঘিলাটো লাভ কৰে। এনেদৰে যিজনে আটাইতকৈ বেছি ঘিলা জয় কৰে, তেওঁক সময়ত বিজয়ী বুলি ঘোষণা কৰা হয়। উল্লেখ্য যে ঘিলা খেলৰ বিষয়ে গুণাভিৰাম বৰুৱাৰ ‘আগৰ দিন আৰু এতিয়াৰ দিন’ শীর্ষক নিৱন্ধত সুন্দৰাৱে উল্লেখ আছে।
৮। কথা গুৰুচৰিতত বিৱৰণ থকা দুইবিধ খেলৰ নাম লিখা।
উত্তৰঃ কথা গুৰুচৰিতত বিৱৰণ থকা দুইবিধ খেল হৈছে— ভটাগুটি আৰু বামবোল।
৯। বর্তমানো প্রচলন থকা এবিধ প্রাচীন খেলৰ নাম লিখি ক’ত প্ৰচলন আছে উল্লেখ কৰা।
উত্তৰঃ থলুৱা খেলবোৰ লুপ্তপ্ৰায় যদিও দক্ষিণ কামুৰূপৰ কোনো কোনো অঞ্চলত ‘সুৱৰী’ উৎসৱত মালযুঁজ খেল এতিয়াও প্রচলিত আছে।
১০। ছোৱালীৰ মাজত আৱদ্ধ থকা এবিধ খেলৰ পৰিচয় দিয়া।
উত্তৰঃ ‘ফুল ফুলতী’ খেল ছোৱালীৰ মাজত আৱদ্ধ আৰু সমাজ জীৱনত যথেষ্ট সমাদৃত। এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান গুটি ৰাখি লাগে। আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পিছতো প্ৰতিজন অংশগ্রহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব। এনেদৰে বৃত্ত আকোতে কোনো প্রতিযোগীয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয়। এইবিধ খেল লুপ্তপ্রায়।
১১। আহোম শাসনকর্তাসকলে পৃষ্ঠপোষকতা আগবঢ়োৱা কোনবোৰ খেল পৰিবৰ্তিত হৈ নতুন নাম লৈছে? নতুন নামবোৰো উল্লেখ কৰা।
উত্তৰ : আহোম শাসনকর্তাসকলে অসমত বিভিন্ন মাধ্যমেৰে ম’হ যুঁজ, মাল যুঁজ, দৌৰা, তৰোৱাল খেল, শেন মেলা, ঘোঁৰা দৌৰ, কাঁড় খেল ইত্যাদিৰ পৃষ্ঠপোষকতা আগবঢ়াইছিল আহোম স্বৰ্গদেউ অথবা ৰাজপৰিয়ালৰ পৰা খেলক যিদৰে পৃষ্ঠপোষকতা আগবঢ়োৱা হৈছিল, সেয়া হয়তো আজিৰ চৰকাৰেও আগবঢ়োৱা নাই। আমি অসমত যদি ক্ৰীড়াৰ পৃষ্ঠপোষকতা : কথা কওঁ তেতিয়া হ’লে আহোম যুগক শ্রদ্ধা সহকাৰে সুঁৱৰিব লাগিব। আমি ম’হ যুঁজক বর্তমান স্পেইনৰ বাফেলো যুঁজ, তৰোৱাল খেলক ফেন্সিং, ঘোঁৰা দৌৰক ইকুৱেষ্ট্রিয়ান, কাঁড় খেলক আৰ্চাৰী, মাল যুঁজক ৰেষ্টলিং বুলি ক’ব পাৰোঁ।
Class 11 Assamese Chapter 7 Question Answer
১২। আহোমসকলৰ খেলনীতি কেনেধৰণৰ আছিল?
উত্তৰ : আহোম ৰজাঘৰীয়াসকলে ক্ৰীড়াৰ মাজেৰে মানসিক শাৰীৰিক বিকাশৰ লগতে অৱসৰ গানে বিনোদনক প্রাধান্য দিছিল। আহোম যুগত ক্ৰীড়াৰ বাবে বিষয়া নিযুক্তি, প্রশিক্ষণশালা গঢ়ি তোলাৰ বাহিৰেও মুকলি ঠাই সংৰক্ষণ কৰি এক যাউতিযুগীয়া তথা সুদূৰপ্ৰসাৰী দৃষ্টান্ত স্থাপন কৰিছিল। বিশেষ বিশেষ খেলৰ বাবে বিষয়া, প্রশিক্ষক পর্যন্ত নিযুক্তি দি ক্ৰীড়াৰ প্ৰতি জনগণৰ মন আকৰ্ষণৰ প্ৰয়াস কৰিছিল। খেলক লৈ বঁটা বাহন আৰু মৰ্যাদা দিয়াৰ নীতিও আহোমসকলে কাৰ্যকৰী কৰিছিল। ৰজাঘৰৰ তৰফৰ পৰা খেলসমূহত শ্ৰেষ্ঠতা অৰ্জন কৰাজনক চাকৰি আদি তাৰ পদোন্নতি দিয়াৰ ব্যৱস্থাও কৰিছিল।
১৩। ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ কোনবিধ খেলৰ অনেক মিল পোৱা যায়। এইবিধ খেল কেনেদৰে খেলা হয় বর্ণনা কৰা৷
উত্তৰঃ ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত ঢেমনা অনা খেলৰ অনেক মিল পোৱা যায় ৷ ধেমনা অনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হৈছিল। বৰপেটা অঞ্চলত ধেমনা অনাৰ অৰ্থ হ’ল কোনো বিপত্নীকে কোনো বাৰী তিৰোতাক পত্নীৰূপে অনা। দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত চাৰিজনৰ পৰা দহ জন বা তাতোধিক খেলুৱৈ থাকে। বয়সৰ তাৰতম্যলৈও খেলুৱৈৰ সংখ্যা কম বেছি কৰা হয়। খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়। আহল বহল মুকলি ঠাইত এইবিধ খেল খেলা হৈছিল। এইবিধ খেল ক’ত কেতিয়া কোনে আৱিস্কাৰ কৰিছিল, সেয়া কোনোৱে নাজানে। কিন্তু এটা কথা ঠিক, এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ধেমনা আনিব, সেই দলটোৱেই বিজয়ী হ’ব। অৰ্থাৎ এটা মূৰৰ পৰা এটা দলে জোৰেৰে ওপৰলৈ দলিয়ালে আনটো দলে ওপৰতে ধৰিব লাগিব। ইয়াৰে পিছত যিটো দলে প্রথমে বলটো ধৰে তেওঁ মধ্যবৃত্ত এটাত থিয় হৈ থাকে। আনহাতে, অন্য দলৰ বল শূন্যত ধৰা খেলুৱৈজনে বলটো মদ্যবৃত্তত থকা খেলুৱৈলৈ উদ্দেশ্য কৰি দলিয়ায়। এই বলটো যদি মধ্যবৃত্তত ৰৈ থকা খেলুৱৈজনৰ গাত লাগে তেন্তে তেওঁক ধেমনা আখ্যা দি প্ৰতিপক্ষৰ দললৈ আহিব লাগিব। এনেদৰেই ঢেমনা অনা খেলটো খেলা হয়।
১৪। বিহু আৰু ক্ৰীড়াৰ মাজত সম্পৰ্ক আছেনে? অসমীয়া জাতীয় জীৱনৰ সৈতে ক্ৰীড়াৰ ঐতিহাসিক সম্পর্ক কেনেকুৱা—এই সম্পর্কে এটি টোকা লিখা।
উত্তৰঃ অসমৰ ক্ৰীড়া জীৱনলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় জাতিটোৰ জাতীয় জীৱনৰ সৈতে ক্ৰীড়াৰ ঐতিহাসিক সম্পৰ্কৰ কথা। সেয়েহে বিহু আৰু ক্ৰীড়াৰ মাজত সম্পর্ক যুগমীয়া। তাহানি যেতিয়া চীনত ছু-চু খেলা হৈছিল ঠিক তেতিয়া আৰু তাৰ আগেয়ে আমি অসমীয়া জাতিয়ে খেলিছিলোঁ কণী যুঁজ, কড়ি যুঁজ আদি। এই আটাইবোৰক আমি খেল বুলি ধৰি ল’ব পাৰোঁ৷ ক্রীড়া হ’ল এক আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্রকাশ। প্রবীণ সাহিত্যিক হেম বৰগোহাঞিৰ ‘বিহু আকৌ আহিল’ শীর্ষক গ্ৰন্থখনত কণী যুঁজ সম্পৰ্কত বিস্তৃত আলোচনা কৰিছে।
আনহাতে যতীন বৰুৱাৰ ‘বিহু উৎসৱৰ খেলা-ধূলা’ত এই বিষয়ে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। ‘বিহু আকৌ আহিল’ শীর্ষক গ্ৰন্থখনত বিহুৰ আনন্দত মতলীয়া কণী যুঁজাৰুসকলে কিদৰে শিৱসাগৰৰ বকতা মৌজা, নেমুগুৰি, হাটবৰ আৰু লাহৰীৰত মিলিত হৈ খেলিছিল। তাৰ সুন্দৰ উপমা পোৱা যায়। নেমুগুৰিত কৃষিজীৱীসকলে ধান নাকাটি বিহুৰ আনন্দত মতলীয়া হৈ কণী যুঁজৰ বাবে একগোট হোৱাৰ বিষয়েও উল্লেখ আছে। আনহাতে, হাজোৰ কণী যুঁজ, বুলবুলি চৰাইৰ যুঁজ, কড়ি যুঁজ আদি বিহুৰ সময়ত অনুষ্ঠিত কৰাৰ বিষয়েও জানিব পৰা গৈছিল। বিহুৰ মাজেৰে অসমৰ ক্রীড়া অথবা খেলে শৈশৱত ভৰি দিলেও আহোম যুগত অসমৰ ক্ৰীড়াই গা কৰি উঠিছিল। প্ৰকৃতাৰ্থত বিহুৰ আলম লৈ বৰ অসমে এনেবোৰ খেলত অংশ লৈ মানসিক দৃঢ়তাৰ পৰিচয় দি আনন্দত মতলীয়া হৈ পৰিছিল।
১৫। শেন খেলা কেতিয়া অনুষ্ঠিত হয়। সেই খেলাৰ বিশেষত্ব কি তাৰ বৰ্ণনা দিয়া ।
উত্তৰ : আহোম ৰাজত্ব কালত মাঘ মাহৰ পৰা বহাগ মাহলৈ শেনখেল অনুষ্ঠিত কৰা হৈছিল। এই খেলে ৰজাঘৰ প্ৰজাঘৰ সকলোকে আমোদ দিছিল। শেন আৰু কণুৱাৰ খেলৰ বাবে স্থাপন কৰা হৈছিল চৰাইচোং। ছয়-সাতখন মুকলি খেলপাথাৰক লৈ চিহ্নিত কৰা হৈছিল চৰাই চোঙক। শেন খেলাত অংশ লোৱা শেন চৰাইক প্ৰশিক্ষকসকলে দিয়া অভিনৱ প্ৰশিক্ষণ মন কৰিবলগীয়া। বিশেষকৈ খেলৰ মাজত শেন চৰাইটোৱে কণুৱাক বধ কৰি ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে খৰলুটি মাৰি তললৈ নামি অহাৰ দৃশ্য চাই থাকিবলগীয়া আছিল। ইয়াৰ দ্বাৰা তাহানিৰ প্ৰশিক্ষণ পদ্ধতি কিমান উচ্চমানৰ আছিল তাক জানিব পাৰি।
এই শেন খেলাত কৃতিত্ব দেখুওৱা শেনৰ গৰাকীক বঁটা দিয়াৰ ব্যৱস্থা কৰা হয়। মাঘ মাহৰ পৰা বহাগ মাহলৈ অনুষ্ঠিত এই শেন খেলাত যদি শেন চৰাইটোৱে কণুৱাৰ সৈতে যুঁজ নকৰি কৰবালৈ পলাই যায় তেন্তে শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হৈছিল। ৰংঘৰক কেন্দ্ৰ কৰি এইবিধ খেল অনুষ্ঠিত হৈছিল।
Class 11 Assamese Chapter 7 Question Answer
১৬। এছিয়াৰ প্ৰথম স্প’ৰ্টছ বা ক্রীড়া পেভিলিয়ন কোনটো ? ইয়াৰ বৰ্ণনা দাঙি ধৰা।
উত্তৰঃ এছিয়াৰ প্ৰথম স্প’ৰ্টছ পেভিলিয়ন অথবা ক্রীড়া পেভিলিয়নটো হ’ল—অসমৰ সকলোৰে পৰিচিত শিৱসাগৰৰ ৰূপহী পথাৰৰ ৰংঘৰ। ৰংঘৰে সগৰ্বেৰে সোঁৱৰাই আহোম যুগৰ ক্রীড়া প্ৰেমৰ কথা। ৰংঘৰৰ লেখীয়া পেভিলিয়ন নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। কাঠৰ পাতেৰে এই পেভিলিয়ন নিৰ্মাণৰ বুনিয়াদ স্থাপন কৰিছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ চনত ৰংঘৰক পূৰ্ণ ৰূপ দিয়ে। ৮৮ ফুট দৈর্ঘ্য আৰু ৩৬.৫ ফুট বহুল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহুৰ্ত্ত। দুফুট মোটা ইটাৰে ইয়াৰ বেৰ নিৰ্মাণ কৰা হৈছিল। তেলাল মাছ, মাটি দাইল, কণী, চাউল আৰু অন্যানা কিছুমান বস্তুৰ মিশ্ৰণক চিমেন্ট হিচাপে ব্যৱহাৰ কৰা হৈছিল।
এনেদৰেই নিৰ্মিত হৈচিল এছিয়াৰ প্ৰথমটো ক্রীড়া পেভিলিয়ন। এই পেভিলিয়ন নিৰ্মাণৰ পিছত কেইবাটাও বিধ্বংসী ভূমিকম্পই অসম জোকাৰি গৈছে কিন্তু আঢ়ৈশ বছৰ অতিক্ৰমৰ পিছতো ই গুৰু-গম্ভীৰভাবে গৌৰৱেৰে থিয় দি আছে। পৰৱৰ্তী কালত ৰংঘৰৰ কাষতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আন এটা পেভিলিয়ন নিৰ্মাণ কৰিছিল। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনাৰ পিছত বথাম উপাধিৰ এজন শাসনকৰ্তাই অসমৰ গৌৰৱ ৰংঘৰক নিশিচহ্ন কৰাৰ পৰিকল্পনা ৰচিছিল। ব্ৰিটিছে ১৩০০ টকাত স্থানীয় এজন ব্যক্তিক ৰংঘৰটো বিক্ৰী কৰিছিল। তেতিয়াই ইয়াক ভাঙি নিয়াৰ প্ৰয়াস কৰা হৈছিল বুলি পৰাগধৰ চলিহাৰ ‘Aspects of Assamese Culture’ নামৰ গ্ৰন্থত উল্লেখ কৰা হৈছে। তথাপি ৰংঘৰে আজিও ৰূপহীপথাৰত গৌৰৱৰ চানেকি হৈ আহোম যুগৰ গৌৰৱপূৰ্ণ ক্রীড়া পৃষ্ঠপোষকতাৰ কথা সোঁৱৰাই আছে।
১৭। ম’হ যুঁজৰ বিস্তৃতিৰ বিষয়ে লিখি এই যুঁজৰ চমুটোকা যুগুত কৰা।
উত্তৰ : ম’হ যুঁজ আহোমৰ যুগতে আৰম্ভ হৈছিল। কিন্তু ইয়াৰ বিস্তৃতি আছিল অনেক। ভয়াৱহ এইবিধ খেল এতিয়াওঁ মৰিগাঁৱৰ আঁহতগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আয়োজিত হয়। খেল চলি থকাৰ সময়ত জুম বান্ধি সকলোৱে এইবিধ খেল উপভোগ কৰে। আঁহতগুৰিত কেইদিনমানৰ ব্যৱধানত দুবাৰ এই ম’হ যুঁজ অনুষ্ঠিত হয়। প্ৰথমবাৰৰ মাঘৰ বিহুত আৰু দ্বিতীয়বাৰ ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস উপলক্ষে এই খেল অনুষ্ঠিত হয়। আঁহতগুৰিৰ বাহিৰেও মিকিৰভেটা, চৰাইবাহী, বৰভগীয়া, বাৰপূজীয়া, গোনামাৰা, বৰামাৰা, দমাল, বৰশীবন্ধা, দৱৰি মলি আদিত ম’হ যুঁজ অনুষ্ঠিত হয়। মাঘৰ বিহুৰ সময়ত ম’হ যুঁজ অনুষ্ঠিত হয় সেই ঠাইসমূহত। এই ম’হ যুঁজত কোনো নির্দিষ্ট নীতি নিয়ম দেখা পোৱা নাযায় যদিও প্রতিযোগিতাত বিজয়ী হোৱা ম’হৰ গৰাকীৰ বাবে এই কৃতিত্ব গৌৰৱ আৰু আত্মসন্মানৰ কথা বুলি ধৰা হয়।
এইখিনিতে উল্লেখ কৰাটো উচিত হ’ব যে এই যুঁজৰ ভালেমান দিন আগৰ পৰা যুঁজাৰু ম’হক কামৰ বোজা কমাই ভালকৈ তত্ত্বাবধান লোৱা হয়। খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হয় আৰু ম’হ প্ৰতিপালন কৰা ঠাই টুকুৰাত আন মানুহ যোৱাটো বন্ধ কৰি দিয়া হয়। শেষ নিশা ম’হক চৰাবলৈ নিয়া হয় যাতে বেলি উঠালৈ ম’হে পেট পূৰাই খাব পাৰে। পূৰ্বতে উল্লেখ কৰা হৈছে এইবিধ খেলৰ ভয়াৱহতাৰ কথা। কেতিয়াবা দুয়োটা ম’হে কেবাঘণ্টাও যুঁজ কৰে। এনে এক উদাহৰণ পোৱা যায় চৰাইবাহীত ১৯৮২ চনৰ ম’হ যুজৰ সময়ত। হাজাৰ হাজাৰ জনসাধাৰণৰ উপস্থিতিত সেইদিনা দুটা ম’হে ১৪০ মিনিট একেৰাহে যুঁজ কৰিছিল। সেইদিনা ম’হ দুটাৰ শিঙৰ খুন্দাত এটা ম’হৰ বাওঁ শিংটো গুৰিতেই ভাঙি যায়। ইয়াৰ পিছতো ম’হটোৱে পৃষ্ঠভংগ দিয়া নাছিল। দুই মিনিট প্ৰবল পৰাক্ৰমেৰে যুঁজ কৰিছিল ম’হটোৱে। এটা সময়ত ম’হটোৱে নিজৰ দুৰ্দশাৰ কথা বুজিব পাৰি খেলপথাৰৰ পৰা তৰা নৰা ছিঙি প্ৰাণৰক্ষাৰ বাবে পলাই গৈছিল। ম’হ যুঁজ অৱশ্যে এতিয়াও বিভিন্ন অঞ্চলত চলি আছে। এনেবোৰ দিশৰ সন্দৰ্ভত ড° বি. কে. বৰুৱাৰ ‘A Cultural History of Assam’ ত ভালদৰে বৰ্ণোৱা আছে।
Class 11 Assamese Chapter 7 Question Answer
১৮। সুবোধ মল্লবৰুৱাৰ পৰিচিত প্ৰদান কৰা।
উত্তৰঃ সুবোধ মল্লবৰুৱাৰ ১৯৬৩ চনত জন্ম হয়। পিতৃ অসমৰ লব্ধ পতিষ্ঠ কবি পৰেশ মল্ল বৰুৱা। স্কুলীয়া শিক্ষা জীৱন গুৱাহাটীৰ কটন কলেজিয়েটত আৰম্ভ কৰি ১৯৭৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰি বৰুৱাই ভাৰতৰ ক্রীড়া সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰে। ১৯৮৭ চনৰ পৰা তেওঁ দৈনিক কাকত ‘আজিৰ অসম’ আৰু ‘নতুন দৈনিক’ ত উপ-সম্পাদক হিচাপে কাম কৰিছিল। দুয়োখন দৈনিক কাকতত জন্মলগ্নৰে পৰা জড়িত বৰুৱাই ১৯৯১ চনত অসমৰ সবাতোকৈ পুৰণি আৰু সম্ভ্ৰান্ত ‘দৈনিক অসম’ত যোগ দিয়ে। বৰ্তমান তেওঁ সেই কাকতত চিফ অৱ নিউজ ব্যুৰ (Chief of news Bureau) হিচাপে কৰ্মৰত। ১৯৮৯ ৰ পৰা অসম ক্রীড়া সাংবাদিক সন্থাৰ বিভিন্ন পদৰ লগতে বর্তমান সভাপতিৰ আসনত অধিষ্ঠিত হৈছে। ২০০৮ চনৰ পৰা ফেডাৰেছনৰ উপ- সভাপতি পদৰ দায়িত্বভাৰ আৰু বিভিন্ন ক্রীড়া প্রতিযোগিতাৰ কামৰ দায়িত্ব বহন কৰিছে। এই সমূহৰ অন্যতম হ’ল – ‘এথেন্সৰ পৰা শ্বিলঙলৈ’, ‘One more six’, ‘বিখ্যাত ফুটবলাৰৰ ল’ৰালিকাল’ ইত্যাদি। প্রকাশিত হৈছে কেইবাখনো ক্রীড়া ভিত্তিক উপন্যাস উপন্যাসিকা আৰু খেল সম্পৰ্কীয় গল্প। তদুপৰি কেইবাখনো গ্ৰন্থত অসমৰ ক্রীড়া সম্পৰ্কীয় গৱেষণামুলক প্রবন্ধ প্রকাশিত হৈছে আৰু এই প্ৰৱন্ধ ৰাজিয়ে ইতিমধ্যে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে।
১৯। চৰাইচোং কোনে কিহৰ বাবে স্থাপন কৰিছিল ?
উত্তৰ: আহোম স্বৰ্গদেউসকলে স্থাপন কৰিছিল। চৰাইচোংত মাছ ধৰিবলৈ কনুৱা চৰাইক এৰি দিয়া হয়।
২০। চমু টোকা লিখা : অসমৰ লোক ক্রীড়া
উত্তৰ: অৱসৰ বিনোদন আৰু ৰং-ৰহইচৰ বাবে অসমৰ মানুহে ঢুকি নোপোৱা কালৰে পৰাই বিভিন্ন খেল-ধেমালি কৰি আহিছে। অসমত নিগাজীকৈ বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ মাজত ভিন্ন নামৰ ভালে সংখ্যক খেল-ধেমালি প্রচলিত। আবহমান কালৰে পৰা প্ৰচলিত হৈ অহা কিছু সংখ্যক খেলে মধ্যযুগত ৰাজ পৃষ্ঠপোষকতা লাভ কৰিবলৈ সমৰ্থ হয়। অর্থাৎ আহোম ৰাজ্য বিস্তাৰৰ লগে লগে অসমৰো ক্রীড়া ইতিহাসৰ আৰম্ভণি। তলত পুৰণি অসমত প্রচলিত কিছু সংখ্যক খেল-ধেমালিৰ নাম উল্লেখ কৰা হ’ল – হাউ খেল, ঢোপ খেল, টাংগুটি, ঘিলা খেল, লুকা ভাকু, বুন্দিয়া হাউ, কড়ি খেল, ম’হ যুঁজ, হাতী যুঁজ, মাল যুঁজ, ঢোপ খেল, হাফলা, ঘিলা খেল, কুকুৰা যুঁজ, টেকেলি ভঙা, মুঠি ভটা, লালী, ইত্যাদি।
প্রশ্নঃ ‘বিহু আকৌ আহিল’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ হেম বৰগোহাঞিয়ে ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।
প্রশ্নঃ প্রথম আহোম ৰজাজনৰ নাম কি আছিল ?
উত্তৰ: প্রথম আহোম ৰজাজনৰ নাম আছিল ‘চ্যুকাফা’।
প্রশ্নঃ ক্রীড়া কি?
উত্তৰঃ ক্রীড়া হ’ল এক আনন্দ, শাৰিৰীক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্রকাশ।
প্রশ্নঃ বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?
উত্তৰঃ ছু-চু।
প্রশ্নঃ চীনত ছ-ুচু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?
উত্তৰঃ কণী যুঁজ, কড়ি যুঁজ ইত্যাদি।