কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান | কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 6 Question Answer | কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া
শ্ৰেণী | অসমীয়া Class 11 |
বিষয় | অসমীয়া (সাহিত্য সৌৰভ) |
পাঠৰ নাম | কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান |
পাঠ | 6 |
লেখক | ড° হীৰেন গোহাঁই |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11
পাঠভিত্তিক প্রশ্নোত্তৰ
অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। কেম্ব্রিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?
উত্তৰঃ কেম্ নদীৰ উপত্যকাত অৱস্থিত।
২। কে ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উত্তৰঃ একত্ৰিছ খন (৩১)।
৩। ড° হীৰেণ গোহাঁয়ে অধ্যয়ন কৰা কেম্ব্রিজৰ কলেজখনৰ নাম লিখা।
উত্তৰঃ গণবিল্ এণ্ড কীইজ্ কলেজ।
৪। কেম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কেম্ব্রিজ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল।
৫। জর্জ ষ্টাইনাৰ কোন ?
উত্তৰঃ জৰ্জ ষ্টাইনাৰ এগৰাকী বিখ্যাত মার্কিন পণ্ডিত।
কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11
চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩)
১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ পাৰি বা পেৰিছ বিশ্ববিদ্যালয়, হাইডে’লবার্গ বিশ্ববিদ্যালয়, অক্সফোর্ড বিশ্ববিদ্যালয়, আৰু কেম্ব্রিজ বিশ্ববিদ্যালয়।
২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল?
উত্তৰ : টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্ৰখ্যাত দার্শনিক আছিল। আনহাতে পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দার্শনিক, পণ্ডিত আৰু কবি আছিল।
৩। ইংলেণ্ডৰ গিৰ্জাত পৰিস্ফুট হোৱা তিনি প্ৰকাৰৰ গথিক স্থাপত্য শৈলীৰ নাম লিখা।
উত্তৰঃ কলন, ৰিম আৰু নটৰডাম।
৪। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল ?
উত্তৰ: কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ অধ্যক্ষবোৰক কলেজৰ ফেলোসকলে নির্বাচন কৰিছিল। আৰু অধ্যক্ষৰ লগ লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল। অধ্যক্ষবোৰৰ ভিতৰত বাহিৰৰ পৰা অহা বিখ্যাত পণ্ডিতো আছিল।
৫। আৰবী গ্ৰন্থত প্লেটো আৰু এৰিস্ততলক কি কি নামেৰে জনা যায় ?
উত্তৰঃ আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন্’ আৰু এৰিস্ততলক নাম ‘আৰিস্ত’।
কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11
(গ) দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)
১। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।
উত্তৰ: কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক চাৰ্চৰ বা খ্ৰীষ্টীয় ধৰ্ম মণ্ডলীৰ অন্তৰ্ভুক্ত অছিল আৰু বিদ্যা চৰ্চাৰ বাবে চাৰ্চৰ অন্যান্য কামৰ পৰা তেওঁলোকক ভালেখিনি অব্যাহতি দিয়া হৈছিল। বিশ্ববিদ্যালয়বোৰে গিৰ্জাৰ পৰা পোৱা দান বৰঙণিৰ উপৰিও ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰাও অৰ্থ-সাহাৰ্য লাভ কৰিছিল। পণ্ডিতসকলেও বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি সম্পত্তি সংগ্ৰহ কৰিছিল। অর্থাৎ ধৰ্ম চৰ্চাৰ দৰে বিদ্যা চর্চাও প্রয়োজনীয় বুলি সেই সময়ৰ গীৰ্জাৰ পৰিচালকসকলে অনুভৱ কৰিছিল। কলেজৰ ফে’লোসকলে এজন অধ্যক্ষ নির্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল।
২। ‘য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা।’—কথাষাৰ বুজাই লিখা।
উত্তৰঃ য়ুৰোপীয় পণ্ডিতসকলে প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ সীমা নিৰ্ধাৰণ কৰিলেও য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। খ্ৰীষ্টানৰ পৱিত্ৰস্থান জে’ৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদগণিত বহু দশক জুৰি যি ক্ৰুছে’ড বা ধর্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে য়ুৰোপীয়সকলে আৰৱসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পৰ্শ লৈ আহিছিল । আৰৱ পণ্ডিতসকলে আকৌ গ্রীক-ৰোমাণ সভ্যতাৰ পৰা ‘মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। সেই আৰৱ পণ্ডিতসকলৰ ভিতৰত ইবন্ ৰুশ্বড্, ইবন্ চিনা আদি অনেকে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল য়ুৰোপীয় বিশ্ববিদ্যালয়বোৰত।
Class 11 Assamese Chapter 6 Question Answer
৩। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান কার্য সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান ব্যৱস্থা সুকীয়া। কলেজৰ পৰা লে’কচাৰ শুনিবলৈ ছাত্ৰসকলে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ যাব লাগে। প্রতিজন প্রবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে। অৰ্থাৎ বক্তৃতাবোৰত যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখা আৰু অভিমত থাকিব লাগিব। কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্রিত পণ্ডিত তথা অনৰেৰী (অস্থায়ী) ফে’লোৱেও এটা বা দুটা টার্ম ক্লাছ লৈছিল। এনেদৰে কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত পাঠদান কৰা হৈছিল।
৪। ড° হীৰেণ গোহাঁঁইৰ সাহিত্য প্রতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্রণী ভূমিকা পালন কৰা চিন্তাবিদ, শিক্ষাবিদ, সাহিত্যিক, সম্পাদক ড° হীৰেণ গোহাঁইৰ জন্ম ১৯৩৯ চনত হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তণ মুৰব্বী অধ্যাপক তথা প্রাক্তন কলাগুৰু। হীৰেণ গোঁহাই দেৱৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল। এতিয়ালৈকে তেওঁ প্ৰায় তিনি কুৰিখন গ্ৰন্থৰ উপৰিও বিভিন্ন কাকত আলোচনী আৰু সংকলনত তেওঁৰ বহুতো প্ৰবন্ধ সিঁচৰিত হৈ আছে। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল – সাহিত্য আৰু সমাজ সমালোচনামূলক গ্রন্থ ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্রোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, কীৰ্তন পুথিৰ ৰস বিচাৰ’ আৰু ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’। তেওঁৰ আত্মকথনমূলক গ্ৰন্থৰ ভিতৰত – ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিক্চৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত উল্লেখযোগ্য। গোহাঁইদেৱে অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ নামৰ গ্ৰন্থখনৰ বাবে ১৯৮৯ চনত সাহিত্য অকাদেমী বঁটা লাভ কৰিছিল।
Class 11 Assamese Chapter 6 Question Answer
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :
“দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানবীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।”
উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ড° হীৰেণ গোহাঁইদেৱৰ ৰচিত ‘কে’ম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। পণ্ডিতসকলে বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি-সম্পত্তি সংগ্ৰহ কৰিছিল, আনহাতে ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰা অৰ্থ সাহাৰ্যও লাভ কৰিছিল। অর্থাৎ ধৰ্ম-চৰ্চাৰ বাবেই বিদ্যা-চৰ্চাৰ প্রয়োজন বুলি এসময়ত কেথলিক চার্চে উপলব্ধি কৰিছিল।
কলেজৰ সদস্যসকলে অধ্যক্ষ নির্বাচন কৰিছিল আৰু অধ্যক্ষৰ লগ-লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল। কিন্তু পিছলৈ আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাই য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। আৰৱ পণ্ডিতসকলে আকৌ গ্রীক-ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। অর্থাৎ যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। কেৱল সম্পত্তিৰ ৰূপত চোৱা জ্ঞান কেতিয়াও ফলপ্রসূ নহয়।
কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১)
১। ড° হীৰেণ গোহঁইদেৱ কি কাৰণত কে ‘ম্ব্রিজ বিশ্ববিদ্যালয়লৈ গৈছিল?
উত্তৰঃ ড° হীৰেণ গোহাঁয়ে ১৯৬৫ চনত গৱেষণাৰ উদ্দেশ্যে ইংলেণ্ডস্থিত কে’ম্ব্রিজ বিশ্ববিদ্যালয়লৈ গৈছিল।
২। ড° হীৰেণ গোহাঁইদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ হীৰেণ গোহাঁইদেৱে ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। ড° হীৰেণ গোহঁইদেৱৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?
উত্তৰ: ‘Tradition and Paradise Lost.
৪। আৰৱী গ্ৰন্থত প্লেটো আৰু এৰিস্তলৰ নাম কি ?
উত্তৰঃ আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন্’ আৰু এৰিস্ততলৰ নাম ‘আৰিস্তু’।
৫। কেম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ প্ৰথমতে ক’ত নামভৰ্তি কৰিব লাগিব ?
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ হ’লে প্ৰথমতে কলেজত নামভৰ্তি কৰিব লাগিব।
৬। ভাৰতবৰ্ষৰ তিনিখন প্রাচীন বিদ্যালয় কি কি?
উত্তৰ: কলকাতা বিশ্ববিদ্যালয়, বোম্বাই বিশ্ববিদ্যালয় আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়। এই তিনিখন বিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল ১৮৫৭ চনত।
৭। কেম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কেম্ব্রিজ বিশ্ববিদ্যালয় স্থাপন কৰে।
Class 11 Assamese Chapter 6 Question Answer
(খ) চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩/৪ অথবা ৫)
১। কে’ম্ব্ৰিজৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ পোচাক কেনেকুৱা আছিল?
উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাকে কলেজত থকা সময়ত পোছাকৰ ওপৰত বাদুলীৰ দৰে আঁঠুলৈ পৰা গাউন পৰিধান কৰাটো বাধ্যতামূলক আছিল আৰু ফে’লোসকলে সৰু গাঁঠিলৈ পৰা গাউন বা হলৌচোলা পিন্ধা নিয়ম আছিল।
২। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্ত্তিৰ ব্যৱস্থা কেনেধৰণৰ?
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ হ’লে প্ৰথমতে কলেজত নামভৰ্ত্তি কৰিব লাগিব। আনহাতে পি. এইচ্. ডি. ডিগ্ৰীৰ বাবে গৱেষণা কৰাসকলে নিয়মানুযায়ী বিশ্ববিদ্যালয়ৰ অনুমোদন লাভ কৰিব লাগিব।
৩। দ্বাদশ-ত্রয়োদশ শতিকাত য়ুৰোপ মহাদেশত স্থাপন হোৱা কেইখনমান প্রসিদ্ধ বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ পেৰিছ, হাইজে’লবার্গ, অক্সফোর্ড, কেম্ব্রিজ আদি বিশ্ববিদ্যালয়।
৪। য়ুৰোপ মহাদেশৰ বিশ্ববিদ্যালয়বোৰত অধ্যাপনা আৰু অধ্যয়ন কৰা কেইজনমান বিশ্ববিখ্যাত পণ্ডিতৰ নাম লিখা।
উত্তৰঃ টমাছ আকুৱাইনাছ, পিয়েৰ আবে’লাৰ, ৰজাৰ বেইকন, এবেটাৰ্ছ মেগ্লাছ, উইলিয়াম অৱ অকে’ম আৰু জন ডান্স স্কটাছ। তেওঁলোকে য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত তৰ্কশাস্ত্ৰ, দর্শন, ব্যাকৰণ, লাতিন সাহিত্য, গণিত আদি বিষয়ৰ চৰ্চা আৰু অধ্যাপনা কৰিছিল।
৫। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা।
উত্তৰ: কেম্ব্রিজ বিশ্ববিদ্যালয়ত অন্তর্গত কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্রতিষ্ঠা কৰিছিল। কলেজৰ ফেলোসকলে এজন অধ্যক্ষ নির্বাচন কৰিছিল আৰু যুটীয়াকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল। পণ্ডিতসকলে নির্ভয়ে স্বাধীন চিন্তাৰ অনুশীলন আৰু অনুসৰণ কৰিবলৈ সুবিধা পাইছিল। ছাত্ৰসকলক অধ্যাপনা কৰিবলৈ বিদেশৰ পৰা পণ্ডিতো অনা হৈছিল ক্লাছত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল, কিন্তু প্রতিজন বিখ্যাত পণ্ডিতে মেধা আৰু পাণ্ডিত্যৰে অজস্ৰ ছাত্ৰক বিভিন্ন য়ুৰোপীয় দেশৰ পৰা আকৰ্ষণ কৰিব পাৰিছিল। য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত আৰৱ জগতৰ পৰাও আৰ্হি আৰু অনুপ্ৰেৰণা আহিছিল। আৰৱ পণ্ডিতসকলে গ্রীক-ৰোমাণ, সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্র, ঈশ্বৰতত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভৰাঁল চহকী কৰিছিল। ইবন্ ৰুশ্ব্ড্, ইবন্ চিলা আদি অনেকে গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। য়ুৰোপীয় বিশ্ববিদ্যালয়বোৰত কেম্ব্ৰিজত প্ৰথমৰে পৰা কঢ়া অনুশাসনৰ মাজতো ছাত্ৰৰ আত্মমর্যাদা আৰু অধিকাৰ-সচেতনতা পোষন কৰা হয়। প্ৰতিজন ছাত্ৰ থকা কুঠৰীৰ সন্মুখত তেওঁৰ নাম নামফলকত লগাই দিয়া হয়। আনহাতে Mr. (মিষ্টাৰ) শব্দটো কেৱল প্ৰবক্তা তথা ফে’লোসকলৰ নামফলকতহে থাকে।
প্রশ্নঃ জর্জ ষ্টাইনাৰ কোন ?
উত্তৰঃ জৰ্জ ষ্টাইনাৰ এগৰাকী বিখ্যাত মার্কিন পণ্ডিত।
প্রশ্নঃ কে ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উত্তৰঃ একত্ৰিছ খন (৩১)।
প্রশ্নঃ কেম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কেম্ব্রিজ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল।
প্রশ্নঃ টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল?
উত্তৰ : টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্ৰখ্যাত দার্শনিক আছিল। আনহাতে পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দার্শনিক, পণ্ডিত আৰু কবি আছিল।