গিবন Class 11 Question Answer – পাঠভিত্তিক প্রশ্নোত্তৰ

গিবন Class 11 Question Answer | গিবন কথা প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 5 Question Answer | গিবন HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
পাঠৰ নামগিবন
পাঠ5
লেখকহোমেন বৰগোহাঞি –
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

গিবন Class 11 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

১। এডৱাৰ্ড গিবন কোন আছিল?
উঃ এডৱাৰ্ড গিবন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক আছিল।

২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।
উঃ এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম আছিল মেগডালেন কলেজ।

৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম লিখা।
উঃ এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম হৈছে ‘ডি ডিক্লাইন এণ্ড ফল অব ডি ৰোমান এম্পায়াৰ’।

গিবন Class 11 Question Answer

(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – – ২ অথবা ৩)

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা।
উঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম হ’ল ‘পেৰাডাইজ লষ্ট’।

২। শ্বপেনহাৱাৰ কোন আছিল?
উঃ শ্বপেনহাৱাৰ আছিল এগৰাকী জার্মান দার্শনিক।

৩। ‘আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন আছিল?
উঃ ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক আছিল লঞ্চে ডালে।

২। দার্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উঃ দার্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থ হৈছে – ‘দ্য ছ’চিয়েল কনট্ৰেক্ট’ (The Social Contract) আৰু ‘কনফেছন্স’ (Confessions)।

৩। গিবনৰ সম্পূৰ্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল?
উঃ গিবনৰ সম্পূৰ্ণ নাম আছিল এডৱাৰ্ড গিবন। তেওঁ অষ্টাদশ শতিকাৰ লেখক আছিল

৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?
উঃ ‘Age of Reason’ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল।

৫। যৌৱন কালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?
উঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

গিবন Class 11 Question Answer

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া।
উঃ এডৱাৰ্ড গিবন আছিল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক। ১৭৩৭ চনত ইংলেণ্ডৰ ছুৰীৰ পুট্‌নী নগৰত তেওঁৰ জন্ম হৈছিল। এডৱাৰ্ড গিবন আৰু জুডিথ গিবনৰ পুত্ৰ গিবন ছাত্ৰাৱস্থাত সাধাৰণ মানৰ ছাত্ৰ আছিল। ১৫ বছৰ বয়সত তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মেগডালেন কলেজত পঢ়িবলৈ যায়। তাত পঢ়ি থকা সময়তে তেওঁ ৰোমান কেথলিক ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱা দেখি দেউতাকে ভয়তে ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ গিবনক পঠিয়াই দিয়ে। ১৭৫৮ চনত গিবনে ইংলেণ্ডলৈ উভতি আহে আৰু জীৱনৰ প্ৰথমখন গ্ৰন্থ লিখি উলিয়ায় ১৭৬১-ত। তাৰ পাছত তেওঁ দীঘলীয়া ভ্ৰমণৰ উদ্দেশ্যে ইউৰোপলৈ যায় । ইয়াতেই তেওঁৰ মনত ইতিহাস ৰচনাৰ বীজ অংকুৰিত হয়। ফলস্বৰূপে ১৭ বছৰ পৰিশ্ৰমৰ অন্তত তেওঁ লিখি উলিয়ায় ৰোমান সাম্ৰাজ্যৰ ইতিহাস সমৃদ্ধ গ্রন্থ ‘ডি ডিক্লাইন এণ্ড ফল অব ডি ৰোমান এম্পায়াৰ’ (The Decline and Fall of the Roman Empire)। এই গ্ৰন্থখন তেওঁৰ অমৰ কীৰ্তি। ইয়াৰ উপৰি কেইবাখনো গ্ৰন্থ আৰু বহু লেখা তেওঁ লিখি থৈ গৈছে। ১৭৮১-ৰ পৰা ১৭৮৪-লৈ তেওঁ বৃটিছ সংসদ সদস্য অর্থাৎ সাংসদো আছিল। ১৭৯৪-ত ৫৬ বছৰত তেওঁ মৃত্যুবৰণ কৰে।

২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা।
উঃ এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখন হৈছে ‘ডি ডিক্লাইন এণ্ড ফল অব ডি ৰোমান এম্পায়াৰ’। গ্ৰন্থখন সাতোটা খণ্ডত বিভক্ত। সম্ৰাট এন্টনিনেছৰ ৰাজত্বকালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টান্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ ১৪ টা শতাব্দীৰ বিস্তৃত বিৱৰণেৰে সমৃদ্ধ এই গ্রন্থ। ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি ইত্যাদি যুগান্তকাৰী ঘটনাৰ পুংখানুপুংখ বিশ্লেষণ এই’গ্ৰন্থত পোৱা যায়। কেৱল ঘটনাৰ বিশদ বিশ্লেষণেই নহয়, মহা মহা ঘটনা সংঘটিত কৰা কুশীলবসকলৰ চৰিত্ৰও গিবনে নিপুণতাৰে অংকন কৰিছে। ৰোমান সাম্ৰাজ্যত ১৪ টা শতাব্দীত ঘটা মহা ঘটনা-পৰিঘটনাৰ নিৰ্মোহ ব্যাখ্যাৰে গিবনৰ ডিক্লাইন এণ্ড ফল অভ্রভেদী গ্ৰীক মন্দিৰৰ দৰে বিশ্বত আজিও বিৰাজ কৰি আছে।

৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল, বুজাই লিখা।
উঃ এডৱাৰ্ড গিবনে শৈশৱত কিংষ্ট’নত পঢ়া-শুনা কৰিছিল। ন বছৰ বয়সত মাতৃবিয়োগৰ পাছত তেওঁক লণ্ডনৰে আন এখন আবাসিক বিদ্যালয়ত পঢ়িবলৈ দিয়া হয়। স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত ১৫ বছৰত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মেগডালেন কলেজত নামভৰ্তি কৰে। ছাত্ৰাৱস্থাত গিবনৰ বুদ্ধিবৃত্তি সাধাৰণ ছাত্ৰৰ দৰে আছিল। কলেজত অধ্যাপকৰ পৰা বিশেষ সহায় নাপাইছিল কিন্তু গিবনে নিজে প্ৰচুৰ অধ্যয়ন কৰিছিল। অক্সফ’ৰ্ডৰ্ত পঢ়ি থাকোতেই তেওঁ ৰোমান কেথলিক ধর্মমতত দীক্ষিত হ’ব খোজাত দেউতাকে গিবনক ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিয়ে। তাতে তেওঁ জীৱনৰ বাকীখিনি পঢ়া সমাপ্ত কৰে। তেওঁ পঢ়া সমাপ্ত কৰি শিক্ষাৰ অংশস্বৰূপে ইউৰোপ ভ্ৰমণো কৰিছিল।

গিবন Class 11 Question Answer

৪। চমুটোকা লিখা :

(ক) শ্বপেনহাৱাৰ :
উঃ শ্বপেনহাৱাৰ আছিল এগৰাকী জার্মান দার্শনিক। তেওঁ ১৭৮৮ চনত বৰ্তমান পোলেণ্ডৰ ডেনজিং চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল হেনৰিখ্ ফ্লোৰিছ শ্বপেনহাৱাৰ আৰু মাতৃ আছিল জোহানা। শৈশৱত পঢ়া-শুনা তাতেই কৰিছিল যদিও দেউতাকৰ মৃত্যুৰ পাছত মাকে তেওঁক লৈ জাৰ্মানীৰ ৱেইমাৰ চহৰলৈ গুচি আহে। জাৰ্মানীৰ ইউনিভাৰ্চিটী অব গট্টিনজেনত পৰাবিদ্যা আৰু মনস্তত্ত্ব বিষয় দুটা অধ্যয়ন কৰিবলৈ লয়। বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থাকোতেই তেওঁ জীৱনৰ প্ৰথমখন গ্রন্থ লিখি উলিয়ায়। ১৮১৯ চনত প্ৰকাশ হয় তেওঁৰ বিখ্যাত গ্রন্থ ‘The World as will and Representation’ |

১৮২০ চনত তেওঁ জাৰ্মানৰ প্রাচীন বিশ্ববিদ্যালয় ইউনিভাৰ্চিটী অব বার্লিন’ত অধ্যাপকৰূপে যোগ দিয়ে। ১৮৩৩ চনত তেওঁ ফ্ৰেংফুটলৈ আহে আৰু তাতে স্থায়ীভাৱে থাকিবলৈ লয়। এই চহৰতে তেওঁ বহু গভীৰ নৈতিক আৰু মনোবৈজ্ঞানিক লেখা লিখে। তেওঁৰ লিখাই ঊনবিংশ আৰু কুৰি শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক যথেষ্ট প্রভাবান্বিত কৰিছিল। ১৮৬০ চনত ৭২ বছৰ বয়সত ফ্ৰেংকফুট চহৰতে এইগৰাকী জার্মান দার্শনিকৰ মৃত্যু ঘটে।

(খ) ভলতেয়াৰ :
উঃ ভলতেয়াৰ আছিল অষ্টাদশ শতিকাৰ ফৰাছী লেখক আৰু দাৰ্শনিক। তেওঁ আছিল কবি, নাট্যকাৰ, ঔপন্যাসিক, আৰু ঐতিহাসিক। মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ ভলতেয়াৰে ১৬৯৪ চনত পেৰিছত জন্মগ্ৰহণ কৰিছিল। দেউতাকে তেওঁ অধিবক্তা হোৱাটো বিচাৰিছিল যদিও ভলতেয়াৰে নিজকে লেখক হিচাপেহে গঢ়িব বিচাৰিছিল। সেয়ে প্ৰতিকূল পৰিৱেশৰ মাজতো তেওঁ লিখি গৈছিল। তেওঁ মুখ্যতঃ ধৰ্মীয় অসহিষ্ণুতাৰ বিপক্ষে আৰু চিন্তাৰ সপক্ষে লিখিছিল। সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশ সামৰি তেওঁ লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ। ফৰাছী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰীও আছিল ভলতেয়াৰ । ‘কান্দিদ’ তেওঁৰ দ্বাৰা ৰচিত ব্যংগাত্মক উপন্যাস। ১৭৭৮ চনত এইগৰাকী দার্শনিক সাহিত্যিকৰ পেৰিছতে মৃত্যু ঘটে।

Class 11 Assamese Chapter 5

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

১। “যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে।”
উঃ সংগতি : ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হোমেন বৰগোহাঞিদেৱৰ ‘গিবন’ শীর্ষক পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

প্রসংগ : গ্রন্থ বা কোনো লেখা লিখি শেষ কৰি উঠাৰ পাছত লেখক এজনৰ কেনে অনুভৱ হয় সেই বৰ্ণনাৰ প্ৰসংগতে লেখক ‘বৰগোহাঞিদেৱে উদ্ধৃত কথাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা : প্রকৃতি বা মনোজগত বা বিশ্বব্ৰহ্মাণ্ডৰ নানা ঘটনা-পৰিঘটনাই একোজন লেখকৰ মাজত ভাবৰ হেন্দোলনি তোলে। সেই ভাবৰ সতে চেতন-অৱচেতন মনৰ নানা সংযোগেৰে লেখক এগৰাকীয়ে সৃষ্টিত নিমগ্ন হয়। কোনো কোনো লেখকে আজীৱন বা বহু বছৰ ধৰি একেখন গ্ৰন্থ ৰচনাৰ কামতো নিমগ্ন হৈ থাকে। অৱশেষত যেতিয়া কিতাপখন লিখা সম্পূৰ্ণ হৈ উঠে, তেওঁৰ শ্ৰম সম্পূর্ণ হয়। সেই কথা ভাবি তেওঁ সুখী হ’ব লাগিছিল, পিছে বাস্তৱত দেখা যায় লেখকজনক শূন্যতাইহে আৱৰি লেখকে এই কথা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক গিবনৰ বিষয়ে ক’বলৈ গৈ টানি আনিছে।

গিবন সোতৰ বছৰ ধৰি ব্যস্ত আছিল ৰোমান সাম্ৰাজ্যৰ ইতিহাসসমৃদ্ধ গ্রন্থ ‘ডি ডিক্লাইন এণ্ড ফল অব ডি ৰোমান এম্পায়াৰ’ৰ ৰচনাত। সকলো সুখ-দুখ, ভাবৰ সংগী আছিল তেওঁৰ এই ৰচনা কাৰ্য। যিদিনা তেওঁ গ্রন্থ লিখা কাম শেষ কৰিলে তেওঁৰ মন আনন্দেৰে ভৰি পৰিল। তেওঁ যেন ডাঙৰ কাম এটা কৰি শেষ কৰিলে, বহু পৰিমাণে তেওঁ স্বাধীন হ’ল। কিন্তু পিছ মুহূর্ততে এক বুজাব নোৱাৰা শূন্যতাই তেওঁক গ্ৰাস কৰি পেলালে । কিয়নো এক বৃহৎ কার্য তেওঁ সমাপন কৰিলে হয়, কিন্তু যি ৰচনাকাৰ্যৰ বাবে তেওঁ সকলো বাদ দিলে, সেই কার্যও যেতিয়া শেষ হ’ল তেওঁলৈকেতো একোৱেই নাথাকিল। ইয়াৰ পাছত তেওঁ কি লৈ ব্যস্ত থাকিব সেই কথা ভাবি তেওঁৰ ব্যক্তিগত অস্তিত্ব ক্ষণস্থায়ী যেন উপলব্ধি হ’ল । জীৱনটো অৰ্থহীন যেন লাগিল। যাৰ চিন্তাত দিন-ৰাতি তেওঁ ব্যস্ত আছিল সেই চিন্তাক বাদ দি তেওঁ অকলশৰীয়া অনুভৱ কৰিলে, প্রিয় বন্ধুকহে যেন তেওঁ হেৰুৱালে। ব্যাখ্যেয় কথাফাকিৰে লেখকে সৃষ্টিশীল লোকৰ গভীৰ আৰু বাস্তৱ উপলব্ধি মাজলৈ পাঠকক লৈ যাব পাৰিছে।

Class 11 Assamese Chapter 5

অতি চমু প্রশ্নোত্তৰ :

১। কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উঃ ‘পিতাপুত্র’ উপন্যাসৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

২। এডৱাৰ্ড গিবনক কি বুলি জনা যায়?
উঃ এডৱাৰ্ড গিবনক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক হিচাপে জনা যায় ।

৩। লঞ্চে জৰ্জ ডাৰেল কোন আছিল?
উঃ এগৰাকী প্ৰসিদ্ধ ব্ৰিটিছ কবি, ঔপন্যাসিক, নাট্যকাৰ তথা ভ্রমণ কাহিনী লেখক আছিল লঞ্চে জৰ্জ ডাৰেল ।

৪। পৃথিৱীৰ এশখন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকাত স্থানপ্রাপ্ত মিল্টনৰ গ্ৰন্থখনৰ নাম কি আছিল?
উঃ পৃথিৱীৰ এশখন সৰ্বশ্ৰেষ্ঠ কিতাপৰ তালিকাত স্থানপ্রাপ্ত মিল্টনৰ গ্ৰন্থখনৰ নাম পেৰাডাইজ লষ্ট’।

৫। এডৱাৰ্ড গিবনে অক্সফোর্ডত থাকোতে কি ধৰ্ম গ্ৰহণ কৰিবলৈ মন মেলিছিল?
উঃ এডৱাৰ্ড গিবনে অক্সফোৰ্ডত থাকোঁতে ৰোমান কেথলিক ধৰ্ম গ্ৰহণ কৰিবলৈ মন মেলিছিল।

৬। এডৱাৰ্ড গিবনক তেওঁৰ অভিভাৱকে জোৰকৈ ক’লৈ পঠিয়াই দিছিল?
উঃ এডৱাৰ্ড গিবনক তেওঁৰ অভিভাৱকে জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠিয়াই দিছিল।

৭। ৰুছোৰ আত্মজীৱনীখনৰ নাম কি?
উঃ ৰুছোৰ আত্মজীৱনীখনৰ নাম ‘কনফেছন্স’ (Confessions)।

৮। ভলতেয়াৰ কোন আছিল?
উঃ এজন বিখ্যাত ফৰাছী দার্শনিক আছিল ভলতেয়াৰ।

৯। “কান্দিদ” (Candid) গ্ৰন্থখনৰ ৰচক কোন?
উঃ ‘কান্দিদ’ (Candid) গ্ৰন্থখনৰ ৰচক ভল্টেয়াৰ ।

১০। লুছানত থাকোতে এডৱাৰ্ড গিৰনে কাৰ প্ৰেমত পৰিছিল?
উঃ লুছানত থাকোঁতে এডৱাৰ্ড গিবনে ছুজান কাৰ্চদ্ নামৰ এগৰাকী ছুইছ গাভৰুৰ প্ৰেমত পৰিছিল।

১১। নেকাৰ আৰু ছুজান ব্যাৰৰ্চদৰ কন্যাৰ নাম কি আছিল?
উঃ নেকাৰ আৰু ছুজান ব্যাৰৰ্চদৰ কন্যাৰ নাম মাডাম দ্য ষ্টেল আছিল।

১২। “Adolphe” নামৰ উপন্যাসখনৰ ৰচক কোন আছিল ?
উঃ “Adolphe” নামৰ উপন্যাসখনৰ ৰচক বেঞ্জামিন কঁষ্টাট আছিল।

১৩। “ডি ডিক্লাইন এণ্ড ফল অব ডি ৰোমান এম্পায়াৰ” গ্ৰন্থখনৰ ৰচনা কৰিবলৈ গিবনক কিমান বছৰৰ প্ৰয়োজন হৈছিল?
উঃ “ডি ডিক্লাইন এণ্ড ফল অৱ ডি ৰোমান এম্পায়াৰ” গ্ৰন্থখনৰ ৰচনা কৰিবলৈ গিবনক ১৭ বছৰৰ প্ৰয়োজন হৈছিল।

Class 11 Assamese Chapter 5 question Answer

চমু প্রশ্নোত্তৰ :

১। এডৱাৰ্ড গিবনে লুছানত উপস্থিত হোৱাৰ পিছত কোন ফৰাছী দার্শনিকৰ প্ৰভাৱ পৰিছিল?
উঃ এডৱাৰ্ড গিবনে লুহানত উপস্থিত হোৱাৰ পিছত ফৰাছী দার্শনিক ৰুছো, ভলতেয়ৰৰ প্ৰভাৱ পৰিছিল।

২। এডৱাৰ্ড গিবনৰ “ডি ডিক্লাইন এণ্ড ফল অব দ্য ৰোমান এম্পায়াৰ”ৰ মূল বিষয়বস্তু কি আছিল?
উঃ এডৱাৰ্ড গিবনৰ ‘ডি ডিক্লাইন এণ্ড ফল অব দ্য ৰোমান এম্পায়াৰ’ৰ মূল বিষয়বস্তু হ’ল ৰোমান সাম্ৰাজ্যৰ ইতিহাস। ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি অজস্র যুগান্তকাৰী বিষয় এই গ্ৰন্থই সামৰি লৈছে।

৩। ৰুছো কোন আছিল ? তেওঁৰ লেখাসমূহে ফৰাছী বিপ্লৱক কি বাণীৰে অনুপ্রাণিত কৰিছিল?
উঃ ৰুছো আছিল ফৰাছী দার্শনিক আৰু চিন্তাবিদ। তেওঁৰ লেখাসমূহে ফৰাছী বিপ্লৱক ‘সাম্য-মৈত্রী ভ্ৰাতৃত্ব’ৰ বাণীৰে অনুপ্রাণিত কৰিছিল।

৪। গিবনে “ডিক্লাইন এণ্ড ফল”ৰ সৰ্বশেষ পৃষ্ঠাকেইটা কেতিয়া লিখি উলিয়াইছিল?
উঃ গিবনে ১৭৮৭ চনৰ ২৭ জুনত ‘ডি ডিক্লাইন এণ্ড ফল’ৰ সৰ্বশেষ পৃষ্ঠাকেইটা লিখি উলিয়াইছিল।

গিবন Class 11 Question Answer

লেখকৰ পৰিচয়: সাম্প্রতিক অসমীয়া সাহিত্যৰ অগ্ৰজ লেখক হোমেন বৰগোহাঞিদেৱে ১৯৩২ চনত ঢকুৱাখনাত জন্মগ্ৰহণ কৰে। স্কুলীয়া শিক্ষা তাতে সমাপ্ত কৰি তেওঁ কটন কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্রী লয়। তাৰ পাছত কিছুকাল ঢকুৱাখনাতে শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫৫ চনত তেওঁ ছয়গাঁওত অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে চৰকাৰী চাকৰিত যোগ দিয়ে। ১৯৬৮ চনত তেওঁ সেই চাকৰি বাদ দি সাংবাদিক জীৱন আৰম্ভ কৰে আৰু ‘নীলাচল’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে যোগ দিয়ে। তাৰ পাছত ‘সমকাল’, ‘সূত্ৰধাৰ’, ‘অসম বাণী’, বাংলা দৈনিক ‘আজকাল’ আদিত তেওঁ কাম কৰে। সম্প্ৰতি তেওঁ দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্তা’ৰ প্ৰমুখ সম্পাদক। তেওঁ একাধাৰে গল্পকাৰ, কবি, ঔপন্যাসিক, সাংবাদিক।

ছাত্ৰাৱস্থাৰ পৰাই সাহিত্যচৰ্চাত ব্ৰতী বৰগোহাঞিৰ গল্পসংকলন কেইখন হৈছে- ‘বিভিন্ন কোৰাচ’, ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’, ‘বিভিন্ন নৰক’, ‘স্বপ্ন, স্মৃতি বিষাদ’, ‘গল্প আৰু নক্সা’, ‘অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা’ ইত্যাদি। কেৱল গল্পলেখাতেই ৰৈ নাথাকিল তেওঁ। ১৯৬৩ চনত প্ৰকাশ হয় তেওঁৰ প্ৰথমখন উপন্যাস ‘সুবালা’। তাৰ পাছত কেইবাখনো উপন্যাস লিখি উলিয়ায়।‘সাউদৰ পুতেকে নাও মেলি যায়’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘অস্তৰাগ’, ‘পিতা-পুত্র’, ‘তিমিৰ তীৰ্থ’, ‘কুশীলৱ’, ‘এদিনৰ ডায়েৰী’, ‘বিচ্ছিন্নতা’, ‘নিসংগতা’, ‘মৎস্যগন্ধা”আদি হৈছে তেওঁৰ দ্বাৰা ৰচিত উপন্যাস। ‘পিতা-পুত্র’ উপন্যাসৰ বাবে ১৯৭৮ চনত তেওঁ লাভ কৰে সাহিত্য অকাডেমি বঁটা ।

‘হৈমন্তী’ তেওঁৰ দ্বাৰা ৰচিত একমাত্র কাব্যসংকলন। কেৱল গল্প, উপন্যাস, কবিতাই নহয় তেওঁ আত্মজীৱনীমূলক ৰচনাও লিখি থৈ গৈছে – ‘ধুমুহা আৰু ৰামধেনু’, ‘আত্মানুসন্ধান’ তেওঁৰ এই শ্ৰেণীৰ গ্ৰন্থ। তদুপৰি বিভিন্ন চিন্তামূলক লেখা, প্রবন্ধ সংকলন ইত্যাদি ৰচনাৰে তেওঁ এগৰাকী প্ৰভাৱশালী লেখক হিচাপে স্বীকৃত । ১৯৯১ চনত তেওঁ ‘অসম উপত্যকা সাহিত্য বঁটা’ও লাভ কৰে। ২০০১-০২ বৰ্ষত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মূলকথা : অধ্যৱসায়, আত্মবিশ্বাস আৰু সাধনাৰ মাজেৰে একোটা মহৎ কাৰ্য আৰু একোগৰাকী মানুহৰ অমৰত্ব গঢ় লৈ উঠিব পাৰে – এয়াই পাঠটোৰ মূল কথা

পাঠটোত পৃথিৱীৰ অন্যতম শ্রেষ্ঠ ঐতিহাসিক এডৱাৰ্ড গিবনৰ কথা কোৱা হৈছে। ছাত্ৰাৱস্থাত সাধাৰণ মানৰ আছিল গিবন। বিভিন্ন পৰিৱেশৰ মাজেৰে গৈ তেওঁ লুছান চহৰত থাকিবলৈ লয়, এই চহৰতে পৰিৱৰ্তনে তেওঁক সামৰি লয়। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ গিবনে পঢ়া শেষ কৰি ইউৰোপ ভ্ৰমণলৈ যায় আৰু তাতেই তেওঁৰ মনলৈ আহে ৰোমৰ বিষয়ে লিখাৰ কথা। কথা মতেই কাম। আত্মবিশ্বাস অটুট ৰাখি তেওঁ অহোপুৰুষাৰ্থ কৰি ইমান তথ্য গোটালে যে এখন বিশাল সাম্ৰাজ্যৰ ইতিহাস লিখিব পৰা হ’ল। সোতৰ বছৰ তেওঁ অক্লান্ত পৰিশ্ৰম কৰি লিখি উলিয়ালে ‘ডি ডিক্লাইন এণ্ড ফল অব এ ৰোমান এম্পায়াৰ।’ সূক্ষ্ম পর্যবেক্ষণ শক্তিৰে নিৰ্মোহ বিশ্লেষণ কৰিলে সুদীৰ্ঘ ‘চৈধ্যশ বছৰীয়া ইতিহাসৰ। সম্ৰাট এন্টনিনেছৰ ৰাজত্বকালৰ পৰা আৰম্ভ কৰি তুর্কীসকলৰ কনষ্টান্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীর্ঘ ১৪ টা শতাব্দীৰ বিস্তৃত বিৱৰণেৰে সমৃদ্ধ এই গ্রন্থ। ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ ঘটনা, খ্ৰীষ্টিয়ানিটীৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি ইত্যাদি যুগান্তকাৰী ঘটনাৰ পুংখানুপুংখ বিশ্লেষণ এই গ্রন্থত পোৱা যায়। অভ্রভেদী গ্ৰীক মন্দিৰৰ দৰে বিশ্বত আজিও এই গ্ৰন্থৰ স্থিতি। পাঠটোত লেখকে গিবনৰ ব্যক্তিত্বৰ উত্তৰণৰ কথাও কৈছে। মানুহৰ জীৱনৰ লেখ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। নিজৰ কৰ্মৰ বাবেই গিবন আজি মৰিও অমৰ। সাধাৰণ মানৰ ছাত্ৰ হৈও মানসিক দৃঢ়তা, কঠোৰ পৰিশ্ৰমেৰে তেওঁ অসাধাৰণ কাৰ্য সম্পন্ন কৰিলে। সোতৰ বছৰৰ সাধানাৰ অন্তত তেওঁ বিশ্বক দি থৈ গ’ল মহৎ সৃষ্টি। এনে সাধনাত ব্ৰতী হ’ব পৰা মানসিকতা থাকিলেহে একোটা মহৎ কার্য বিশ্বত হ’ব পাৰে। লেখকে পাঠটোৰ মাজেৰে অৰ্থপূৰ্ণ জীৱনৰ বাবে আত্মবিশ্বাস, কঠোৰ শ্ৰম আৰু সাধনাৰ যে বিকল্প নাই সেই কথাকেই প্ৰকাৰান্তৰে ক’ব বিচাৰিছে।

গিবন Class 11 Question Answer

শব্দার্থ:

কীর্তিস্তম্ভ : কোনো লোকৰ নাম বা কোনো কাৰ্য চিৰকাললৈ
উজলাই ৰখা স্তম্ভ বা গাঁথনি
অগণিত : অলেখ
আতংকিত : ভয়ত কঁপি উঠা, ভয় পোৱা
উদ্বেলিত : নিজৰ পাৰ ভাঙি উপচি উঠা
বাহুল্য : বহুতে কঠিত
সংশয়বাদী : ভয় বা সন্দেহবাদী লোক
পথঙ্ক্রান্ত : বাট বুলি ভাগৰি পৰা
প্লাবিত : পানীৰে তল যোৱা
অস্তমিত : অস্ত যোৱা, অদৃশ্য হোৱা
অভ্রভেদী : আকাশলংঘী, অত্যুচ্চ
সুপ্তি : সুপ্ত থকা অৱস্থা

Class 11 Assamese Chapter 5 Question Answer

|| অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১ আৰু ২)

১। ‘গিবন’ পাঠটিৰ লেখক কোন?
উত্তৰ: হোমেন বৰগোহাঞি।

২। মানুহৰ জীৱনৰ লেখ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ কৰ্মৰ ওপৰত।

৩। কিহে মানুহক অমৰত্ব প্ৰদান কৰে?
উত্তৰ : কৰ্মই ।

৪। প্ৰকৃত সফলতা লাভৰ মূলমন্ত্র কি?
উত্তৰঃ অধ্যৱসায় আৰু আত্মবিশ্বাস।

৫। ‘গিবন’ পাঠটিৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ হোমেন বৰগোহাঞিৰ ‘স্বৰ্গ আৰু নৰক’ নামৰ গ্ৰন্থখনৰ পৰা।

৬। হোমেন বৰগোহাঞি বৰ্তমান কোনখন বাতৰি কাকতৰ প্ৰমুখ সম্পাদক?
উত্তৰঃ ‘নিয়মীয়া বার্তা।

৭। বৰগোহাঞিদেৱৰ দ্বাৰা ৰচিত কেইখনমান উল্লেখযোগ্য পুথি কি কি?
উত্তৰঃ সুবালা, পিতাপুত্ৰ, হালধীয়া চৰায়ে বাওধান খায়, তিমিৰ তীৰ্থ ইত্যাদি।

৮। বৰগোহাঞিদেৱে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ১৯৭৮ চনৰ ‘পিতাপুত্র’ উপন্যাসৰ বাবে।

৯। বৰগোহাঞিদেৱে কেতিয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ?
উত্তৰঃ ২০০১-০২ চনত।

১০। ‘আলেকজেন্ড্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ ডাৰেল।

১১। ‘পেৰাডাইজ লষ্ট’ৰ লেখক কোন?
উত্তৰঃ মিল্টন।

১২। এডৱাৰ্ড গিবনে কিমান বয়সত অক্সফোর্ডৰ মেগডালেন কলেজত ভৰ্ত্তি হৈছিল?
ডত্তৰ: পোন্ধৰ বছৰ বসয়ত।

১৩। আধুনিক সাহিত্যৰ এটি মাইলৰ খুঁটি বুলি কোনখন উপন্যাসক কোৱা হয়?
উত্তৰঃ বেঞ্জামিন কঁষ্টাটৰ Adolphe নামৰ আত্মজৈৱনিক উপন্যাসখনক কোৱা হয়।

১৪। এডৱাৰ্ড গিবনৰ ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখন কেইটা খণ্ডত সমাপ্ত।
উত্তৰঃ সাতটা।

১৫। কিমান চনত গিবনৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ সময়ত তেওঁৰ কিমান বয়স হৈছিল।
উত্তৰ: ১৭৯৪ চনৰ ষোল্ল জানুৱাৰীত গিবনৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ মাত্র ৫৬ বছৰ হৈছিল।

১৬৷ পৃথিৱীৰ উচ্চতম গিৰিশৃংগ বুলি কলে আমি কোনটো শৃংগৰ কথা বুজো?
উত্তৰঃ মাউন্ট এভাৰষ্টে।

১৭। পৃথিৱীৰ সৰ্বশ্রেষ্ঠ ঐতিহাসিক বুলি ক’লে কাৰ কথা মনলৈ আহে?
উত্তৰঃ এডৱাৰ্ড গিবন।

Class 11 Assamese Chapter 5 Question Answer

চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩/৪ অথবা ৫)

১। এডৱার্ড গিবন অক্সফোর্ডত থাকোঁতে ঘটা ঘটনাটোৰ বিষয়ে লিখা।
উত্তৰ: পোন্ধৰ বছৰ বয়সত গিবন যেতিয়া অক্সফোর্ডৰ মেগডালেন কলেজত ভৰ্ত্তি হৈছিল তেতিয়া তেওঁ প্ৰটেষ্টান্ট ধর্মমত ত্যাগ কৰি ৰোমান কেথলিক ধর্মমতত দীক্ষিত হ’বলৈ মন কৰিছিল। গিবনৰ এই মতগিতি দেখি তেওঁৰ অভিভাৱক সকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই আনি জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিছিল।

২। এডৱাৰ্ড গিবন ‘গিবন’ হোৱাৰ মূল কাৰণটো কি? বহলাই লিখা।
উত্তৰঃ গিবনে অক্সফোর্ডত থাকোতে প্রটেষ্টান্ট ধর্ম ত্যাগ কৰি যেতিয়া কেথলিক ধৰ্ম ল’বলৈ মন মেলিছিল, তেতিয়া তেওঁৰ অভিভাৱক সকলে আতংকিত হৈ গিবনক জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে। লুছান যদিও ভৌগলিক ভাৱে ছুইজাৰলেণ্ডৰ অন্তৰ্ভূত কিন্তু চহৰখন সম্পূৰ্ণভাৱে ফৰাচী প্ৰভাৱাধীন আছিল। গিবন যেতিয়া লুছানত গৈ উপস্থিত হৈছিল তেতিয়া তেওঁ ফ্ৰান্সৰ বিখ্যাত লেখক, দার্শনিক ৰুছো, ভল্‌তেয়াৰ আদিৰ সংস্পৰ্শলৈ আহিছিল। সেই সময়ত টমাছ পেইনৰ ‘The Age of Reason’ গ্ৰন্থখনে সমগ্ৰ ইউৰোপত তোলপাৰ লগাইছিল। তৰুণ গিবনকো এই গ্রন্থখনে ভালকৈয়ে গ্ৰাস কৰিলে যাৰ ফলত এসময়ত ৰোমান কেথলিক হ’ব খোজা মানুহজন এজন সংশয়বাদীত পৰিণত হ’ল। এডৱাড গিবনে তেওঁৰ যৌৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰকেইটা লুছানত অতিবাহিত নকৰা হ’লে তেওঁ গিবন হ’লহেতেন নে নাই সেই বিষয়ে সন্দেহ আছে।

৩। গিবন লুছানত থকা সময়ত ঘটা ঘটনাটোৰ বিষয়ে লিখা।
উত্তৰঃ গিবন যেতিয়া ছুইজাৰলেণ্ডৰ লুছানত আছিল তেতিয়া তেওঁ ছুজান কাৰচদ্ নামৰ এগৰাকী ছুইছ গাভৰু এগৰাকীৰ প্ৰেমত পৰিছিল। কিন্তু ঘটনাচক্ৰত সেই প্রেমে পৰিণতি লাভ কৰাৰ আগতেই গিবনে দেউতাকৰ নিৰ্দেশত ল’ৰা লৰিকৈ লুছান চহৰ এৰিবলগা হ’ল। ছুজানেও মচিয়ে নেকাৰক বিয়া কৰালে। এই নেকাৰেই ষষ্ঠদশ লুইৰ বিত্তমন্ত্ৰী হিচাপে বিপ্লৱপূৰ্ব
ফ্ৰান্সৰ ইতিহাসত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

৪। “The History of the Decline and Fall of the Roman Empire’গ্ৰন্থখন লিখাৰ পিছত গিবনে কিয় শূন্যতা অনুভৱ কৰিছিল?
উত্তৰ: ‘The History of the Decline and Fall of the Roman Empire.’ নামৰ গ্ৰন্থখন লিখিবলৈ গিবনৰ সুদীৰ্ঘ সোতৰ বছৰ লাগিছিল। সুদীৰ্ঘ সোতৰ বছৰ ধৰি যি গ্ৰন্থখনৰ ৰচনা কাৰ্য আছিল তেওঁৰ নিত্য সংগী, যিটো বস্তু আছিল তেওঁৰ নিজতকৈয়ো অধিক বাস্তৱ, সেই বহুদিনীয়া পুৰণি প্রিয় বন্ধুক অৱশেষত বিদায় দিবলগা হোৱাত গিবনে শূন্যতা অনুভৱ কৰিছিল।

Class 11 Assamese Chapter 5 Question Answer

৫। চমু টোকা লিখা :
(ক) অক্সফোর্ড বিশ্ববিদ্যালয়, (খ) ৰুছো, (গ) লঞ্চে ডালে, (ঘ) ৰোম, (ঙ) মিল্টন আৰু পেৰাডাইজ লষ্ট, (চ) Age of Reason |
উত্তৰঃ

(ক) অক্সফোর্ড বিশ্ববিদ্যালয় : একাদশ শতিকাতে স্থাপন হোৱা ইংলেণ্ডৰ এখন বিখ্যাত বিশ্ববিদ্যালয় হ’ল অক্সফোর্ড বিশ্ববিদ্যালয়। ইউৰোপৰ প্ৰাচীন প্রখ্যাত বিশ্ববিদ্যালয়সমূহৰ ভিতৰতএইখনেই সম্ভৱতঃ প্রথম বিশ্ববিদ্যালয়। প্রাচীনকালৰে পৰা বৰ্তমানলৈ মানৱ সভ্যতাৰ বিকাশত এই বিশ্ববিদ্যালয়খনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

(খ) ৰুছো : ৰুছো ফৰাচী দার্শনিক, সমাজবিদ আৰু চিন্তাবিদ আছিল। জন্মসূত্ৰে ছুইজাৰলেণ্ডৰ অধিবাসী হ’লেও ৰুছো আছিল ফৰাচী আন্দোলনৰ অন্যতম প্রতিনিধি আৰু ইউৰোপৰ প্ৰগতিবাদী তথা গণতান্ত্রিক সমাজচেতনাৰ প্ৰধান পৃষ্ঠপোষক। তেওঁৰ লিখনিসমূহে ফৰাচী বিপ্লৱৰ যোদ্ধাসকলক সাম্য-মৈত্রী-ভ্রাতৃত্ব’ৰ বাণীৰে অগ্ৰসৰ হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ প্রখ্যাত গ্ৰন্থখনৰ নাম ‘The Social Contract’ আৰু আত্মজীৱনীখনৰ নাম ‘Confessions’

(গ) লঞ্চে ডাৰেল : লঞ্জে জর্জ ডাৰেল (১৯১২-১৯৯০) এগৰাকী প্রসিদ্ধ বৃটিছ ঔপন্যাসিক, কবি, নাট্যকাৰ, আৰু ভ্ৰমণ কাহিনী লেখক। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ তেওঁৰ বিখ্যাত উপন্যাস।

(ঘ) ৰোম : প্রাচীন ৰোমান সাম্ৰাজ্যৰ ৰাজধানী আৰু এখন ধুনীয়া নগৰ। ৰোমক কেন্দ্ৰ কৰি প্ৰাচীন ৰোমান সভ্যতাৰ উত্থান ঘটিছিল। এই নগৰক পাশ্চাত্য সভ্যতাৰ জন্মভূমি বুলি গণ্য কৰা হয়। বর্তমান ই ইটালিৰ ৰাজধানী।

(ঙ) মিল্টন আৰু পেৰাডাইজ লষ্ট : জন মিল্টন (১৬০৮-১৬৭৪) ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। ‘পেৰাডাইজ লষ্ট’ তেওঁৰ অমৰ মহাকাব্য। অমিত্রাক্ষৰ ছন্দত এই মহাকাব্য ৰচিত। মিল্টনৰ গদ্যশৈলীও আকর্ষণীয়।

(চ) Age of Reason : টমাছ পেইনৰ দ্বাৰা ৰচিত এখন বিখ্যাত গ্রন্থ। অষ্টাদশ শতিকাৰ এই গ্ৰন্থৰ মাজেৰে সমকালীন ইংলেণ্ডৰ ধৰ্মীয় আনুষ্ঠানিকতা আৰু বাইবেলৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনোৱা হৈছে।

(ছ) হোমেন বৰগোহাঞি
উত্তৰ: অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ হ’ল হোমেন বৰগোহাঞি ১৯৩২ চনৰ ৭ ডিচেম্বৰ তাৰিখে হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত জন্ম হয়। হোমেন বৰগোহাঞি এজন শক্তিধৰ গদ্য শিল্পী। গণিকা জীৱনক ভিত্তি কৰি ৰচনা কৰা ‘সুবালা’ (১৯৬৩), বৰগোহাঞিৰ প্ৰথম প্রকাশিত উপন্যাস। তাৰ পাছৰ কেইবাখনো উপন্যাসৰ ভিতৰত ‘তান্ত্রিক’ (১৯৬৭), ‘তিমিৰতীৰ্থ’ (১৯৭৩), আৰু ‘পিতাপুত্র’ (১৯৭৫), ‘অন্তৰাগ’ বিশেষভাৱে আকর্ষণীয়। গোহাঞিৰ ৰচনাত বিষয়বস্তু আৰু প্ৰকাশভংগীৰ বৈচিত্ৰীকৰণৰ প্ৰচেষ্টা লক্ষ্য কৰা যায়। “পিতাপুত্র’ তেওঁৰ বিশিষ্ট অৱদান য’ত বিভিন্ন পুৰুষৰ সংঘাত, আধুনিকতা আৰু প্ৰাচীনতাৰ দ্বন্দ্ব আৰু স্থানবিশেষে অবাঞ্ছনীয় প্রতিক্রিয়া, গ্রাম্য জীৱনৰ নিখুঁত চিত্ৰ ৰূপায়িত হৈছে। ‘তান্ত্রিক’ত যৌনসঙ্গমৰ অনিবাৰ্চ্য ৰহস্যময় উপলব্ধি অভিনৱ দৃষ্টিৰে আলোকিত হৈছে।

৬। শ্বপেনহাৱাৰ কোন আছিল?
উত্তৰঃ এগৰাকী বিখ্যাত জার্মান দার্শনিক আছিল।

৭। হোমেন বৰগোহাঞিৰ দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ হোমেন বৰগোহাঞিৰ দুখন উপন্যাস হ’ল – (১) পিতাপুত্র (২) সুবালা।

১। এডৱাৰ্ড গিবন কোন আছিল?

উঃ এডৱাৰ্ড গিবন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক আছিল।

২। গিবন কোন দেশৰ নাগৰিক আছিল

উত্তৰঃ এডৱাৰ্ড গিবন ইংলেণ্ডৰ নাগৰিক আছিল

৩। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা

উত্তৰঃ এডৱাৰ্ড গিবনে পোন্ধৰ বছৰ বয়সত অক্সফোর্ডৰ মেগ্‌ডালেন কলেজত ভৰ্তি হৈছিল।

৪। গিবনৰ সম্পূৰ্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল?

উত্তৰঃ গিবনৰ সম্পূৰ্ণ নাম এডৱাৰ্ড গিবন। তেওঁ সপ্তদশ শতিকাৰ লেখক আছিল।

৫। যৌৱন কালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?

উত্তৰঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top