কিতাপৰ কথা Class 11 – পাঠভিত্তিক প্রশ্নোত্তৰ একাদশ শ্ৰেণী

কিতাপৰ কথা Class 11 Question Answer | কিতাপৰ কথা প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 4 Question Answer | কিতাপৰ কথা HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
পাঠৰ নামকিতাপৰ কথা
পাঠ4
লেখকপ্রফুল্ল দত্ত গোস্বামী
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

কিতাপৰ কথা Class 11 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ?
উত্তৰঃ চীন দেশৰ আৱিষ্কাৰ।

২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?
উত্তৰঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে।

৩। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?
উত্তৰঃ ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিয়া দিহাটো এনেধৰণৰ– “কিছু কিতাপৰ সোবাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”

8। বিদ্যাৰ অনুশীলন নহ’লে কি হয়?
উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে ৷

৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যোজনা প্রচলিত আছে?
উত্তৰঃ চীনদেশীয় লোকৰ মাজত কিতাপ সম্পর্কে প্রচলিত যোজনা হ’ল—
কিতাপ মেলা মানেই লাভ।
বিদ্বান লোকে চোৰাং কাম নকৰে।

প্ৰথম বাৰ কিতাপ এখন হাতত লোৱা মানে নতুন বন্ধু এজনেৰে চিনাকি হোৱা, দ্বিতীয়বাৰ সেইখন হাতত লোৱা মানে পুৰণি বন্ধুক লগ পোৱা। যদিহে কোনোৱাই অতীত আৰু বৰ্তমান জানিব খোজে তেনেহ’লে তেওঁ পাঁচ গাড়ী কিতাপ পঢ়ি ল’ব লাগে।

কিতাপৰ কথা Class 11 Question Answer

চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?
উত্তৰঃ হেলেন কেলাৰে তেওঁৰ আত্মজীৱনীত লিখিছিল— “সাহিত্যই মোৰ নন্দন কানন। ইয়াত মোৰ ভোট নথকা নহয়। কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলোকে মোৰ লগত নিঃসংকোচে সহজভাৱে কথা পাতে।” আচলতে হেলেন কেলাৰে কেচুঁৱাত দৃষ্টি শক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁৰ কিতাপৰ প্ৰতি
থকা অদম্য স্পৃহাৰ বাবে ক’লা মানুহৰ বাবে বিশেষভাৱে তৈয়াৰী কিতাপ পঢ়িও তেওঁ মনত উপজা সেই স্পৃহা পূৰণ কৰিছিল। শাৰীৰিক প্ৰতিবন্ধকতাই তেওঁৰ সেই গ্ৰন্থ স্পৃহা পূৰণত হেঙাৰ হ’ব পৰা নাছিল। হেলেন কেলাৰৰ আত্মজীৱনীৰ এই কথাই, মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল।

২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞানতকৈ যে আন একোৱে ডাঙৰ হ’ব নোৱাৰে সেই কথা বুজাবলৈ চেষ্টা কৰিছিল। তেওঁ অসমীয়া বন্ধুসকলক বিদ্যাৰ উপকাৰৰ বিষয়ে ক’বলৈ গৈ কৈছিল যে বিদ্যাৰ সমকক্ষ এই জীৱনকালত একোৱে হ’ব নোৱাৰে কিন্তু সভ্য আৰু সুখী হ’ব খোজাজনে কৃষি, শিল্প আদি কৰ্মত ইংৰাজসকলৰ দৰে পাৰ্গত হ’বলৈ চেষ্টা কৰিব লাগে ৷ তেওঁৰ মতে অসমীয়াসকলে অজ্ঞনতা আৰু শ্ৰমবিমুখিতা স্বভাৱ পৰিহাৰ কৰি কৰ্মৰ যোগেদি বিদ্যা অৰ্জনত কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকে জীৱনত উন্নতি কৰিব পাৰিব।

৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্রবন্ধটিৰ আধাৰত বিচাৰ কৰা।
উত্তৰঃ বিদ্যাৰ চৰ্চা বাঢ়িলে কিতাপৰ সমাদৰ বৃদ্ধি পায়, কিতাপৰ যোগেদি বিভিন্ন কথা জানিব পাৰি। কথা বতৰা জানিলে বিবেচনা বাঢ়ে, সাহ বাঢ়ে, বুদ্ধি মুকলি হয়। কোনো এখন সমাজত গ্ৰন্থ স্পৃহা বঢ়াৰ লগে লগে ৰাইজে নিজৰ অভাৱ অভিযোগ বুজি উঠে। ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে। কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, বিবেকানন্দ ৰামমোহন ৰায়, গান্ধীজী আদি লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে। তেনেকৈ ইউৰোপত ৰুছো, মার্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজলৈ পৰিবৰ্তন আনিছে।

৪। সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা।
উত্তৰঃ সাহিত্যৰ প্ৰতি থকা প্রীতিয়ে জীৱনক উদ্ভাসিত কৰি তুলিব পাৰে। জ্ঞানৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত সাহিত্যৰ ভূমিকা গুৰুত্বপূৰ্ণ। সাহিত্যই আমাক জীৱনৰ ভিন্ন দিশ ফঁহিয়াই চাবলৈ শিকায়। সংসাৰৰ জটিলতা বুজিবলৈ, মনৰ শান্তিৰ বাবে সাহিত্যৰ প্ৰয়োজনীয়তা আছে। জ্ঞান বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে চহকী বহুতো লোকে তেওঁলোকৰ অজ্ঞিতাসমূহ কিতাপৰ জৰিয়তে সঞ্চয় কৰে। এনে কিছুমান সাহিত্যৰ মাজতে পাঠকে বিচাৰি পায় নিজ জীৱনৰ অনুপ্ৰেৰণাৰ উৎস। এই বিলাকে পাঠকৰ অন্তৰাত্মাত সঁহাৰি যোগায়। হেলেন কেলাৰৰ আত্মজীৱনীখনকে ধৰা যাওক। সাহিত্য তেওঁৰ বাবে নন্দন কানন সদৃশ। যদিও তেওঁ কেচুঁৱাতে দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল, সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে তেওঁক এই প্রতিবন্ধকতা হেলাৰঙে পাৰ কৰাত সহায় কৰিছিল। ক’লা মানুহৰ বাবে বিশেষকৈ সঙ্গ কিতাপেৰে তেওঁ সাহিত্যৰ ভিন্ন জ্ঞান অর্জন কৰিছিল। তেওঁ কৈছিল— “কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলোকে মোৰ লগত নিঃসংকোচে সহজভাৱে কথা পাতে।’

৫। “….. কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে।”—কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ সজ কিতাপ এখন পঢ়িলে তাৰ পৰা বহুতো জ্ঞান অৰ্জন কৰিব পাৰি। সজ কিতাপে মানুহৰ অন্তৰাত্মা পবিত্র কৰে। জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে। তাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ, ভাস্বত হৈ উঠে জীৱন। কিন্তু কেতিয়াবা, কেতিয়াবা নিজৰ স্বাৰ্থৰ বাবে কোনো কোনো শাসকে এনে সজ কিতাপ একোখন নষ্ট কৰি পেলায়। কিন্তু সজ কিতাপ এখন ধ্বংস কৰাটো অতি নিকৃষ্ট কাম। কাৰণ ইয়াৰ লগে লগে ধ্বংস হয়, কিছুমান সজ বিবেচনা, যিটোৱে নেকি আন দহ জনৰ কল্যাণ সাধিব পাৰে।

কিতাপৰ কথা Class 11 Question Answer

(গ)দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। “অনাৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” পাঠটিৰ সহায়ত আলোচনা কৰা।
উত্তৰঃ নিৰক্ষৰ লোকসকলে নিজা যিহেতু লিখা পঢ়া নাজানে, সেয়ে তেওঁলোকে কিতাপৰ পৰা পাব পৰা জ্ঞানৰ পৰা বঞ্চিত হয়৷ তেওঁলোকে ইয়াৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰে। সেয়েহে কিতাপ পঢ়াটো যথেষ্ট দৰকাৰী বুলি অনুভৱ কৰে। চহালোক সকলৰ ভাবধাৰাৰ বিষয়ে জানিবলৈ হ’লে আমি জন-সাহিত্য বা লোক সাহিত্য সমূহৰ চৰ্চা কৰিব লাগে। পৃথিৱীৰ বিভিন্ন দেশ সমূহৰ জনসাহিত্যই আমাক ইয়াৰ সঠিক উত্তৰ দিয়ে। চীনদেশত পুৰণি কালৰে পৰা জ্ঞানৰ সমাদৰ আছিল, ছপাশাল আৰু কাগজো এই দেশৰে আৱিষ্কাৰ।

চীন দেশত প্ৰচলিত যোজনাই আমাক কিতাপ সম্পর্কে জনসাধাৰণৰ মাজত প্ৰচলিত কিছুমান ধাৰণা আভাস দিয়ে। চীনদেশৰ কেইটিমান এনে যোজনা হ’ল কিতাপ মেলা মানেই লাভ। বিদ্বান লোকে চোৰাং কাম নকৰে। প্ৰথম বাৰ কিতাপ লোৱা মানে নতুন বন্ধু এজনেৰে চিনাকি হোৱা, দ্বিতীয়বাৰ সেইখন হাতত লোৱা মানে পুৰণি বন্ধুক লগ পোৱা। যদিহে কোনোৱাই অতীত আৰু বৰ্তমান জানিব খোজে তেনেহ’লে তেওঁ পাঁচ গাড়ী কিতাপ পঢ়ি ল’ব লাগে।

আলবানিয়াত প্রচলিত যোজনা এটিয়েও অনাৰী লোকৰ মনৰ ভাব এনেদৰে ব্যক্ত কৰিছে যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা। তেখেতে পৃথিৱীত এনে বহুতো জন সাহিত্য পোৱা যায় য’ত অনাখৰী লোকে কিতাপৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ‘আমাৰ অসমৰ জনসাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়। অসমীয়া লোকসমাজৰ মাজতো পঢ়া শুনা বা কিতাপ সম্বন্ধীয় যোজনা আছে। যেনে— (ক) পঢ়ে পঢ়াই, ৰোৱে পাণ, ই তিনিয়ে নিচিন্তে আন। লিখা পঢ়া জানে যি হাতী ঘোঁৰাত উঠে সি
ওপৰোক্ত যোজনাবৈাৰৰ পৰা ইয়াকে জনা যায় যে অনাৰী লোকসকলে কেতিয়াও কিতাপক বা পঢ়া শুনা আদিক অশ্রদ্ধা কৰা নাছিল। বৰঞ্চ এইলোকসকলে আনক কিতাপৰ জ্ঞান লাভৰ বাবে উৎসাহহে যোগাইছিল।

Class 11 Assamese Chapter 4 Question Answer

২। “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা।
উত্তৰঃ এয়া আছিল ইংৰাজ দার্শনিক বেকনৰ কিতাপৰ অধ্যয়নৰ সম্পৰ্কে দিয়া দিহা । আমি আমাৰ জীৱনত বহুতো কিতাপৰ সংস্পৰ্শলৈ আহো। আমি পোৱা সকলো কিতাপ আমি গূঢ়ার্থ বুজি পঢ়াৰ আৱশ্যক নহয়। কিতাপ সমূহক আমি নির্বাচন কৰি পঢ়ো। কিতাপৰ প্ৰকাৰ অনুযায়ী আমি সেইবোৰক পঢ়াৰ ধৰণো সলনি কৰোঁ। কোনো বিখ্যাত লিখকৰ ধৰা হ’ল কোনো এখন কিতাপ নতুনকৈ ওলাইছে, কিতাপে পত্রে সেই কিতাখনৰ খুউব চৰ্চা হৈ আছে কিতাপখননো আচলতে কেনেকুৱা বুলি আমি তাৰ পাত সমূহ লুটিয়াই চাওঁ তেতিয়াহ’লে কিতাপখনৰ আমি সোৱাদ লোৱা বা চাকি চোৱা কথাটো বুজাব। কেতিয়াবা বতৰ বেয়া থাকিলে, বিষেষ কাম কাজো নাই, সময় কটাবৰ বাবে বিছনাত পৰি পৰি যদি আমি কোনো গ্রন্থ পঢ়োঁ, পঢ়ি পঢ়ি একে গঢ়াই কিতাপখন যদি শেষ কৰোঁ অথচ পঢ়াৰ অন্তত আমাৰ বিশেষ একো মনত নাথাকিলে, কোনোবাই সুধিলেও সঠিককৈ ক’ব নোৱাৰিলে কিতাপখনক গিলি পেলোৱা অৰ্থটো বুজায়।

আকৌ আমি দোকানলৈ গৈ কোনো এখন কিতাপ কিনি আনিলো। কিতাপখনৰ কোনো এটা বিশেষ ঘটনাই বা কথাই আমাৰ মন এনেকৈ চুই গ’ল যে যাৰ বাবে আমি সেই ঘটনা বা কথাৰ গূঢ়ার্থ বুজিবলৈ কিতাপখন অতি পুংখানুপুংখভাৱে অধ্যয়ন কৰিলো। তেতিয়া সেই কিতাপ খন চোবাই পাগুলি হজম কৰা কথাটোকে বুজায়।

৩। “হে মোৰ অসমিয়া মিত্র সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই:”— কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা।
উত্তৰঃ হে মোৰ অসমীয়া মিত্ৰসকল বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয় এই কথাষাৰ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া লোকসকলক ইংলেণ্ডৰ বিৱৰণ দিয়াৰ সময়ত কৈছিল। তেখেতে অসমীয়া সকলক ইংলেণ্ডৰ লোক সকলক অনুসৰণ কৰি নিজকে সকলো দিশৰ পৰা শ্ৰেষ্ঠ বনাবলৈ কৈছিল। তেখেতৰ মতে আমাৰ দেশখন পূৰ্বতে ইংলেণ্ডৰ তুলনাত সভ্য আছিল। কিন্তু পিছলৈ ইংলেণ্ডৰ বিদ্যোৎসাহী লোকসকলে নিজৰ যোগ্যতাৰ গুণত পৃথিৱীৰ সভ্য জাতিৰ আগশাৰীত স্থান ল’লে। কিন্তু আমাৰ অসমীয়া জাতিটোৱ দিনে দিনে সভ্য হোৱাতকৈ তলৰ ফালেহে নামি গৈছিল। আজিৰ পৰা এশ বছৰ মান আগেয়ে অসমীয়া জাতিয়ে কানি বৰবিহৰ পিছত পৰি ধ্বংস হোৱাৰ উপক্ৰম হৈছিল। তাৰোপৰি জাতিটো হৈ পৰিছিল চূড়ান্ত এলেহুৱা আৰু অজ্ঞানী। এই সময়ত এই অসমীয়া অজ্ঞানীলোক সকলক আন্ধাৰৰ কবলৰ পৰা উঠাই আনিবলৈ বিদ্যা শিক্ষাৰ প্ৰয়োজন হৈছিল।

এই জগতত জ্ঞান আজনৰ ক্ষেত্ৰত বিদ্যাৰ সমকক্ষ একো নহয় আৰু জ্ঞান থাকিলেহে আদৰ সন্মান থাকে। অসমীয়াসকলে নিজৰ অজ্ঞানী আৰু শ্ৰম বিমুখতা স্বভাৱ এৰি একান্ত ভাৱে বিদ্যা আহৰণ কৰে তেতিয়াহ’লে তেওঁলোকেও নিশ্চয় এদিন সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাব পাৰিব। বেঙ্গলী সকলে যেনেকৈ এই ইংৰাজসকলৰ পৰাই নানা বিদ্যা অৰ্জন কৰি ভিন্ন ক্ষেত্ৰত সফল হৈছে, অসমীয়া জাতিয়েও এনে ধৰণৰ উপায় অৱলম্বন কৰাটো দৰকাৰ। সেয়েহে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া সকলক বুজাবলৈ চেষ্টা কৰিছে – বিদ্যা অৰ্জন কৰিবলৈ হ’লে লাজ নকৰিবা। অলসতা অজ্ঞানতা আঁতৰাই মাত্র বিদ্যাৰ অনুশীলন কৰা। কাৰণ বিদ্যাতকৈ ডাঙৰ সম্পদ আৰু নাই। বিদ্যাই যেনেকৈ উপকাৰ কৰে, এই জনমত আন কোনো বস্তুৱে নোৱাৰে। বিদ্যা আৰু জ্ঞানেই হ’ল উন্নতিৰ মূল।

৪। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখা।
উত্তৰঃ কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়। কিতাপ হ’ল জ্ঞান ভাণ্ডাৰ। আন কথাত কব পাৰি কিতাপৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। আনে থুপাই থোৱা ধন যেনেকৈ কষ্ট নকৰাকৈ ভোগ কৰিব পাৰি তেনেকৈ কিতাপৰ জ্ঞানো কষ্ট নকৰাকৈ আৰ্জিব পাৰি। কিতাপে আমাক দূৰৈৰ মাণিক হাততে পোৱাত সহায় কৰে। দেশ বিদেশৰ বিভিন্ন জনৰ ভিন্ন ধৰণৰ জ্ঞান আমি ঘৰত বহিয়েই লাভ কৰিব পাৰোঁ। এইবোৰ পঢ়িলে আমাৰ বিবেচনা শক্তি বাঢ়ে, সাহ বাঢ়ে, বুদ্ধিও মুকলি হয়। অতি প্রাচীন কালৰ পৰাই কিতাপে ৰাইজৰ ওপৰত প্ৰভাৱ পেলাই আহিছে। আমি আমাৰ ৰামায়ণ, মহাভাৰত, গীতা আদি পুঁথিসমূহক এই শ্ৰেণীত ধৰিব পাৰো। এই পুঁথিসমূহে প্রাচীন কালৰ পৰা বৰ্তমান সময়লৈকে বহুতো জ্ঞানৰ সমল যোগায় আহিছে। তেনেকৈ বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদি লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে। তেনেকৈ ইউৰোপত কছো, মার্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিবৰ্তনত প্ৰেৰণা যোগাইছে। ৰুছোৰ ‘The Social Contract’, ‘Emile’, ‘Confessions’ কালমার্ক্সৰ ‘The communist Manifesto’, ‘Das Kapital’ আদি গ্রন্থই অত্যাচাৰৰ বিৰুদ্ধে থিয় দিবলৈ শিকাইছিল। তেনেকৈ মেক্সিম গৰ্কীৰ কিতাপেও ৰুচিয়াত নৱজাগৰণৰ সৃষ্টি কৰিছিল। গৰ্কীৰ নাটক, উপন্যাস আৰু কবিতাত মুখৰিত হৈ উঠিছিল সাহিয়াল, নিষ্কৰ্মী আৰু পদদলিত হৈ সপোন দেখোতা জনৰ উন্মাদনা।

পৃথিৱীৰ যিমান বিলাক ধৰ্মগ্রন্থ, দৰ্শনৰ কিতাপ, আত্মজীৱনী বা অন্যান্য বিষয়ৰ কিতাপ লিখা হৈছে সকলোতে আছে অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা, যি মানুহক ভবাই তোলে আৰু জীৱন ধাৰণ কৰিবলৈ সহজ, শুদ্ধ আৰু পবিত্ৰ পথৰ নিৰ্দেশ দিয়ে। কিতাপ হ’ল সত্যৰ পোহৰ বিলোৱা, কাহানিও নুনুমোৱা এক বস্তি। মানুহৰ অন্তৰত কোনো এটা বিষয়ৰ শুদ্ধতা বা অশুদ্ধতাৰ প্ৰমাণ দিয়াৰ ক্ষেত্ৰত কিতাপ হ’ল উৎকৃষ্ট মাধ্যম। সেয়েহে পৃথিৱীৰ উৎকৃষ্ট কিতাপ কিছুমানে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলোৱা দেখা যায়।

Class 11 Assamese Chapter 4 Question Answer

৫। “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে। এতিয়া কিতাপেই গুৰু।” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা।
উত্তৰঃ কিতাপ পঢ়িব লাগে জ্ঞানৰ কাৰণে। দেখাত জ্ঞান দৈনন্দিন জীৱনত আৱশ্যকীয় যেন নালাগিলেও, সংসাৰৰ জটিলতা বুজিবলৈ, মনৰ শান্তিৰ বাবে লাগতিয়াল। জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে চহকী বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাসমূহ সঞ্চিত কৰিছে কিতাপত সৃষ্টি কৰি। এইবিলাকে পাঠকৰ অন্তৰাত্মাত সঁহাৰি তোলে। আজিৰ যুগৰ সৰহভাগ কিতাপে বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস দিয়ে। পাঠ্যপুথি, আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ আজিৰ দিনত কিতাপৰ অলেখ পো-পোৱালি। আগৰ দিনত কিতাপৰ অভাৱ আছিল। প্রয়োজন অনুপাতে কিতাপ নথকাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। এই অভাৱৰ বাবে ছাত্ৰ সকলে সেই সময়ত গুৰু গৃহত থাকি গুৰুৰ মুখৰ পৰা যি ওলায় তাকে ‘বিদ্যা শিক্ষা’ হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান যুগ যিহেতু যন্ত্ৰৰ যুগ। এতিয়া আৰু আগৰ সেই কিতাপৰ অভাৱো নাই, গুৰু গৃহত গৈ বিদ্যা শিক্ষা লোৱাৰ প্ৰয়োজনীয়তাও নাই। এতিয়া কিতাপেই গুৰু। বৰ্তমানত কিতাপ প্ৰকাশৰ বাবে বহুতো উন্নত ছপাশালৰ ব্যৱহাৰ হোৱাত প্ৰায় সকলো ধৰণৰ কিতাপে আমাৰ মাজত আছে। আমি মাত্র প্রয়োজন অনুসৰি সেইবোৰ গোটাই ল’লেই হ’ল। অৱশ্যে কিতাপৰ বিষয়টো বুজিবলৈ প্ৰয়োজনীয় বিচাৰ বুদ্ধি আমাৰ থাকিব লাগিব। এই বিচাৰ বুদ্ধি থাকিলে আমি স্কুল কলেজত নপঢ়িও ঘৰতে কিতাপৰ সহায়ত জ্ঞান অর্জন কৰিব পাৰোঁ।

কিতাপৰ কথা Class 11 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ‘কিতাপৰ কথা’ পাঠটি ক’ৰ পৰা লোৱা হৈছে?
উত্তৰঃ হোমেন বৰগোহাঞিৰ সম্পাদিত ‘শ্ৰেষ্ঠ অসমীয়া নির্বাচিত প্রবন্ধ শীৰ্ষক গ্ৰন্থৰ পৰা লোৱা হৈছে।

২। আমাৰ পাঠ্যপুথিত ‘কিতাপৰ কথা’ পাঠটি সন্নিবিষ্ট কৰাৰ উদ্দেশ্য কি ?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে যাতে কিতাপৰ প্ৰতি বা অধ্যয়নৰ প্ৰতি নিজৰ আগ্ৰহ বৃদ্ধি কৰিবলৈ উৎসাহ পায় সেই বিবেচনাৰে পাঠটি পাঠ্যপুথিত সন্নিবিষ্ট কৰা হৈছে।

৩। প্রফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ ‘মনৰ পক্ষী উভটি উৰে৷’

8। প্রফুল্ল দত্ত গোস্বামীৰ কি দুখন উপন্যাসে অসমীয়া উপন্যাস সাহিত্যত আধুনিকতাবাদী ধাৰণাটোৰ আৰম্ভ কৰে।
উত্তৰঃ ‘শেষ ক’ত’, আৰু ‘কেঁচা পাতৰ কঁপনি’।

৫। কিতাপ সম্পর্কে বাইবেলত থকা কেনেকুৱা কথাৰ বিষয়ে পাঠটিত উল্লেখ আছে?
উত্তৰ: বাইবেলত আছে বোলে কিতাপৰ শেষ নাই, কিন্তু সৰহকৈ পঢ়া-শুনা কৰিলে শৰীৰ ভাগৰিহে পৰে। আকৌ এটাইত উল্লেখ আছে যে-জ্ঞানৰ পৰিসৰ যিমানে বঢ়ায়, সেইজনে বেদনাৰ পৰিমাণো বৃদ্ধি কৰে।

6। নাজানিলেই ভাল, অজ্ঞানতে সুখ— কথাফাঁকি কি উদ্দেশ্যত কোৱা হয়?
উত্তৰঃ ‘নাজানিলেই ভাল, অজ্ঞানতে সুখ’— কোৱাৰ উদ্দেশ্য হ’ল, জ্ঞান বাঢ়িলে মানুহৰ বোধশক্তি বাঢ়ে, চিন্তা বাঢ়ে, অনুভূতি চোকা হয়, তাৰ লগে লগে তেওঁৰ সুখ-দুখৰ ভাব-চিন্তাও বৃদ্ধি পায়।

কিতাপৰ কথা Class 11 Question Answer

৭। পাঠটিৰ মতে কেনেকুৱা কিতাপ মানৱ জাতিৰ বাবে উমৈহতীয়া সম্পত্তি?
উত্তৰঃ জ্ঞান বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে চকী বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপৰ লগত সাঁচি থৈ গৈছে। এইবিলাক কিতাপে মানৱ জাতিৰ উমৈহতীয়া সম্পদ। এইবিলাক কিতাপে যুগ যুগ ধৰি পাঠকৰ মন আকৰ্ষণ কৰি আহিছে। পুৰণি ধৰ্মপুথি, কিছুমান দৰ্শনৰ কিতাপ, আত্মজীৱনী আৰু কেতবোৰ উপন্যাস এই ধৰণৰ ৰচনা।

৮। প্রফুল্ল দত্ত গোস্বামীৰ চমু পৰিচয় দিয়া।
উত্তৰঃ ড° প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম হয় ইং ১৯১৪ চনৰ ১৮ মাৰ্চত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত। অসমীয়া কান্য জগতৰ এজন বিশিষ্ট কবি সিংহদত্ত দেৱ অধিকাৰী আছিল তেখেতৰ পিতৃ । কটন কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্ৰী আৰু কবিতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেখেতে যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৪৫ চনত তেখেতে কটন কলেজত আৰু ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু বি. টি.বিভাগৰ ইংৰাজীৰ পবক্তাৰূপে যোগদান কৰে। ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত লোক সংস্কৃতি গৱেষণা বিভাগ স্থাপিত হোৱাত তেখেতে এই বিভাগৰ প্ৰাধ্যাপক আৰু বিভাগীয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৮১ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৫৫ চনত ‘Studies in the Folklore of Assam’ শীর্ষক গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেখেতক ডি. ফিল. ডিগ্রী প্রদান কৰে। আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়তো কিছুদিন জনকৃষ্টি বিষয়ক অধ্যাপনা কৰা এই আন্তর্জাতিক খ্যাতিসম্পন্ন পণ্ডিত গৰাকীৰ ১৯৯৪ চনত মৃত্যু হয়।

ড° প্রফুল্ল দত্ত গোস্বামী আছিল একাধাৰে শিক্ষাবিদ, লোক-সংস্কৃতিবিদ, ঔপন্যাসিক, সমালোচক, ভ্ৰমণ সাহিত্য ৰচয়িতা তথা জীৱনীকাৰ। তেখেতে বহু গ্রন্থ সম্পাদনাও কৰিছিল। ‘মনৰ পক্ষী উভতি উৰে’ তেখেতৰ আত্মজীৱনী। তেখেতৰ ‘শেষ ক’ত’ আৰু ‘কেঁচাপাতৰ কঁপনি’ উপন্যাস দুখনেই অসমীয়া উপন্যাস সাহিত্যত আধুনিকতাবাদী ধাৰাটোৰ আৰম্ভ কৰে। তেখেতৰ আন আন গ্রন্থসমূহ হ’ল—‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’, ‘অসমীয়া জনসাহিত্য’, ‘বিলাতত সাত মাহ’, ‘সোণ ৰূপৰ নহয় সি দেশ’, ‘পৃথিৱীৰ চৌপাশে এপাক’, ‘মোৰ ৰাছিয়া ভ্ৰমণ, ‘ইউৰোপৰ মনীষা’, ‘বিলাতী হোজা’, ‘ভেজাল সোণ’, ‘নিতে নৱ ৰূপ তাৰ’,‘মাণিক চন্দ্ৰ বৰুৱা’, ‘এটি জীয়া কাহিনী’, ‘চৰাই বিনন্দীয়া’, ‘বুৰঞ্জী আৰু সংস্কৃতি’, ‘Assamese Drama’, ‘The Teaching in English’, ‘Folk Literature of Assam’, ‘Bihu Songs of Assam, ‘Ballads and Tales of Assam’, ‘The Spring time Bihu of Assam’ ইত্যাদি।

৯। ‘কিতাপৰ কথা’ৰ দ্বাৰা লিখকে কি সংবাদ দিবলৈ চেষ্টা কৰিছে?
উত্তৰঃ লিখকৰ মতে জ্ঞানেই মানুহৰ শক্তি। কথা বতৰা জানিলে বিবেচনা বাঢ়ে, সাহ বাঢ়ে, বুদ্ধি মুকলি হয়। জীৱনত সংসাৰৰ জটিলতাক বুজিবলৈ মানুহক জ্ঞানৰ প্ৰয়োজন হয়। গ্ৰন্থ অধ্যয়ন বর্তমান সময়ত জ্ঞান লাভৰ অন্যতম উপায়। যুগ যুগ ধৰি মানুহে লাভ কৰা সকলে৷ জ্ঞান কিতাপৰ পাতত থুপ খাই আছে। সেয়ে কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি। পৃথিৱীৰ বিভিন্ন দেশৰ ধৰ্মগ্ৰন্থ, দৰ্শনৰ কিতাপ, আত্মজীৱনী বা অন্যান্য বিষয়ক কিতাপ সকলোতে সঞ্চিত হৈ আছে অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা, যিয়ে নেকি মানুহক জীৱন যাপনৰ শুদ্ধ আৰু পবিত্ৰ পথৰ সন্ধান দিয়ে। কিতাপ হ’ল সত্যৰ পোহৰ বিলোৱা অক্ষয় বন্তিৰ নিচিনা। সত্যৰ আলোচনা চলি থকাৰ বাবেই হওঁক বা শাসন কার্য নিয়াৰিকৈ চলিবলৈয়ে হওঁক মানুহ কিতাপৰ জ্ঞানেৰে পৰিপুষ্ট হোৱাটো প্রয়োজন। কিতাপ এখন নষ্ট কৰাটো মানুহ হত্য কৰাতকৈও নিকৃষ্ট কাম। সেয়েহে লিখকে বুজাবলৈ চেষ্টা কৰিছে, আমি কিতাপৰ জ্ঞান অর্জন অতি প্রয়োজনীয় যিহেতু কিতাপ অতীজৰে পৰা আজিলৈকে মানুহৰ সহৃদয়, শ্রেষ্ঠতম বন্ধু হৈ আছে।

১০। ছপাখানা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ?
উত্তৰঃ ছপাখানা আৰু কাগজ চীন দেশৰ আৱিষ্কাৰ ৷

প্রশ্নঃ ‘কিতাপৰ কথা’ পাঠটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ হোমেন বৰগোহাঞিৰ সম্পাদিত ‘শ্ৰেষ্ঠ অসমীয়া নির্বাচিত প্রবন্ধ শীৰ্ষক গ্ৰন্থৰ পৰা লোৱা হৈছে।

প্রশ্নঃ ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ?

উত্তৰঃ চীন দেশৰ আৱিষ্কাৰ।

প্রশ্নঃ গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?

উত্তৰঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে।

প্রশ্নঃ বিদ্যাৰ অনুশীলন নহ’লে কি হয়?

উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে ৷

প্রশ্নঃ ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?

উত্তৰঃ ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিয়া দিহাটো এনেধৰণৰ– “কিছু কিতাপৰ সোবাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top