গৌৰৱ Class 11 Question Answer পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

গৌৰৱ Class 11 Question Answer | গৌৰৱ প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 3 Question Answer| গৌৰৱ HS 1st Year Assamese | একাদশ শ্ৰেণী অসমীয়া

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
পাঠৰ নামগৌৰৱ
পাঠ3
লেখককালিৰাম মেধি
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

গৌৰৱ Class 11 Question Answer

|| পাঠভিত্তিক প্রশ্নোত্তৰ ||
(ক) অতি চমু প্রশ্ন – (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

প্রশ্নঃ ১। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল-“অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব”।

প্রশ্নঃ ২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?
উত্তৰঃ ‘ডিভাইন কমেডি’ইটালীৰ বিশ্ববিখ্যাত কবি ডান্টেৰ ৰচনা।

প্রশ্নঃ ৩। নেপোলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল?
উত্তৰঃ নেপোলিয়ান বোনাপাৰ্ট ফ্রান্স দেশৰ বীৰ আছিল ৷

প্রশ্নঃ 8৷ মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে?
উত্তৰঃ মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।

প্রশ্নঃ ৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে?
উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে।

গৌৰৱ Class 11 Question Answer

চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

প্রশ্নঃ ১। সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে?
উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয় — সৌভাগ্য, শৰীৰ আৰু মন। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে । জন্মসূত্ৰে লাভ কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভাৱে কিবা ভাল কাম কৰক বা নকৰক সমাজত কিন্তু তেওঁলোকৰ স্থান সদায় একেই থাকে। উদাহৰণ স্বৰূপে নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি বৰুৱাৰ ঘৰৰ ল’ৰাই আগমালা আৰু আগ ঠগি পোৱাৰ নিয়ম সামাজিক আইনত বন্ধ আছে। কিন্তু সাধাৰণ মানুহৰ ল’ৰা-ছোৱালীয়ে জন্মসূত্রে সাধাৰণ হোৱা বাবে নিজৰ কৃতিত্বৰ বাবে কিন্তু সমাজত আগস্থান নাপায়।

প্রশ্নঃ ২। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী নহয়। কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে।

প্রশ্নঃ ৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে?
উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে।

প্রশ্নঃ 8। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে।

প্রশ্নঃ ৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে। কাৰণ বিজেতাই প্রথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।

গৌৰৱ Class 11 Question Answer

(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

প্রশ্নঃ ১। ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’—কথাষাৰ বুজাই লিখা।
উত্তৰঃ উদ্ধৃত কথাফাঁকিৰ দুয়োপিনে যুক্তি আছে। আজিকালি ধন থকা জনে মর্যাদা আৰু শ্ৰদ্ধা লাভ কৰে। ধন থকা জনৰ পুত্ৰই কু-কৰ্ম কৰিলেও তেওঁলোকৰ মানহানি নহয়। ধন থকাজনৰ গোন্ধই সকলোকে তেওঁৰ ওচৰত বিনীত, বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ কৰি ৰাখে।

ধন থাকিলে দান নিদিয়া লোকেও দানী হিচাপে মর্যাদা পায়। ধন থাকিলে মান-মর্যদা আপোনা-আপুনি নিজৰ ওচৰলৈ আহে। পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে। সেয়েহে আজিকালি ধনেই আলাউদ্দিনৰ বন্তি যেন হৈছে। কিন্তু, ধন নাথাকিলেও মানুহ ভাল হ’ব পাৰে। ধনেই সকলো নহয়। ধনে গৌৰৱ বঢ়ালেও দুখীয়াজনৰ মনৰ গৌৰৱৰো স্থায়িত্ব আছে। আজিকালি জ্ঞানীক লোকে চকুৰে চায়, উচ্চ আসনত বহুৱায়। আজিকালি জ্ঞানীয়ে মর্যাদা পায়। ধনীৰ জ্ঞান নহ’লে মানুহে ভাল নোবোলে। আজিকালি সেয়ে ধনেই সর্বস্ব নহয়। ধনে মর্যাদাক হ্রাস কৰিবও পাৰে। আজিকালি জ্ঞানে প্রাসঙ্গিকতা বহন কৰিছে।

প্রশ্নঃ ২। ‘গৌৰৱ’ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
উত্তৰ : প্রকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়। ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্রহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদানৰ ইতিহাসো গৌৰৱৰ বিষয়। ছেক্সপীয়েৰ, কবীৰ, মাধৱদেৱ আদি মহাপুৰুষৰ পূৰ্ণাংগ জীৱনী পোৱা নাযায়। কিন্তু প্ৰজাই ৰাজ্যৰ সম্ৰাট বা ৰজাক যেনে— আকবৰ, চ্যুকাফা, নৰনাৰায়ণ, জুলিয়াছ ছিজাব, আলেকজেণ্ডাৰ, নেপোলিয়ন বোনাপার্ট আদিক যিমান ভালদৰে জানে তাতকৈ বেছি ভালদৰে জানে ক্রমে গৌতম বুদ্ধ, শংকৰদেৱ, ভার্জিল, প্লেটো, মার্টিন লুথাৰ আদি একো একোজন সন্ত মহাপুৰুষৰ জীৱনী। কিন্তু মহা মহা সম্ৰাটৰ বিস্তৃত জীৱনীহে পোৱা যায় ৷ প্ৰকৃততে জ্ঞান, আত্মসংযম, আত্মদান আদিয়ে সন্ত মহাপুৰুষ, সতী সাবিত্ৰী আদিক অমৰত্ব প্ৰদান কৰিছে।

Class 11 Assamese Chapter 3 Question Answer

প্রশ্নঃ ৩I প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা – “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।”
উত্তৰঃ উদ্ধৃত বাক্যশাৰি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
দেশ বিজয় কৰা বীৰসকলক আমি গৌৰৱৰ পাত্ৰ বুলি ভাবো। কিন্তু বিজেতাই প্রথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। বিজেতাই মানুহক পৰাস্ত কৰে কিন্তু মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে— জুলিয়াছ ছিজাৰে বাস্তৱিকতে দেশ জয় কৰা নাছিল, কিন্তু ভার্জিলে কৰিছিল। আলেকজেণ্ডাৰে দেশ লৈছিল হয়, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল। ইউৰোপত নেপোলিয়ন বোনাপার্টতকৈ মার্টিন লুথাৰ বেছি জনপ্রিয়। আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল, কিন্তু গৌতম বুদ্ধৰ হোৱা নাই। চ্যুকাফাৰ ৰাজ্য আৰু নৰনাৰায়ণৰ ৰাজ্য কালে ধ্বংস কৰিলে হয়, কিন্তু শংকৰদেৱৰ ৰাজ্য ধ্বংস কৰিব পৰা নাই। মহা পুৰুষৰ ৰাজ্য টুটক ছাৰি বাঢ়িছেহে। নিউটন, ডাউইন আদি পণ্ডিতে তেওঁলোকৰ নিজৰ মনৰ ভাৱ আনৰ মনত সুমুৱাই দি তেওঁলোকৰ নিচিনা সকলোকে ৰৈ যায় বিলীন নহয়। চিন্তা কৰিবলৈ দিছে। অর্থাৎ চিন্তা, কর্ম, জ্ঞান, আত্মসংযম, আত্মদান আদি সদায় মানুহৰ মনত ৰৈ যায় বিলীন নহয়।

প্রশ্নঃ 8। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃ অসমত অতীতৰে পৰা বংশ মর্যাদাই প্রাধান্য লাভ কৰি আহিছে। ইয়াৰ বিষয়ে ‘গৌৰৱ প্ৰৱন্ধটিতো উল্লেখ আছে। বৰুৱাৰ ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠগি পোৱাৰ নিয়ম অসমীয়া সামাজিক আইনত বন্ধা আছে। কলামণি হাজাৰ হওক সাধাৰণ মানুহৰ ল’ৰা, তেওঁ মালা আৰু ঠগি পাছে পাব। বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি, ক’লামণি দাস বংশৰ বিদ্যাভূষণ হ’লেও সাধাৰণ সামান্য মানুহ। এনে ধৰণৰ বংশ পৰম্পৰাই অসমীয়া সমাজত আজিও প্রচলিত। অর্থাৎ উচ্চবংশৰ লোকসকলে সদায় মর্যাদা আৰু নিম্ন বৰ্গৰ মানুহ গুণসম্পন্ন হ’লৈও মর্যাদা নোপোৱাকৈ থকাটো কালিৰাম মেধিৰ ‘গৌৰৱ’ প্রবন্ধটিত কোৱা হৈছে। ই এক পৰম্পৰাগত আৰু প্ৰবাহিত ৰীতি ৰূপেই আজি প্ৰচলিত হৈ আছে।

Class 11 Assamese Chapter 3 Question Answer

প্রশ্নঃ ৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :
“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”
উত্তৰঃ উদ্ধৃত বাক্যশাৰি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰন্ধটিৰ পৰা তুলি দিয়া হৈছে।
ৰূপৰ বাবেই যে বিভিন্ন কাৰণ সংঘটিত হয় আৰু বহুবোৰ কাৰ্যৰ আৰু যে ৰূপেই ক্ৰিয়া কৰে, সেয়া উদ্ধৃত বাক্যশাৰিত প্ৰকাশিত হৈছে।

গৌৰৱ উৎপন্ন হোৱা দ্বিতীয় বিধ উপাদান শৰীৰৰ ভিতৰতো ৰূপে অন্যতম। ৰূপে জ্ঞানীক অজ্ঞানী কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে। ৰূপে জগতৰ বুৰঞ্জী পৰিবৰ্তন কৰে আৰু নিৰ্বলীক বলী কৰে। মহাদেৱৰ নিচিনা যোগীকো ভগৱানৰ বিশ্ববিমোহন ৰূপে বলিয়া কৰিছিল। ৰাম ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ। ডান্টেৰ ‘ডিভাইন কমেডি’ৰূপৰ পৰাই ওলাইছে। ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে। হিৰোৰ লাৱণ্য শক্তিৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি সাঁতুৰি পাৰ হ’বলৈ ভয় নকৰিছিল ।সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়, মানুহো তেনেকৈ ৰূপত মুগ্ধ হয়। এই ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায়।

মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকর্ষণ লাভ কৰিছিল। ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল। ৰূপ ঈশ্বৰদত্ত। কামদেৱ, এণ্ডিমিয়ান, তিলোত্তমা আৰু হেলেনৰ ৰূপ মাধুৰী নিজৰ আৰ্জিত নহয়। কিন্তু সেইবুলিয়ে ৰূপৰ ওপৰত যে আমাৰ হাত নাই এনে নহয়। হৰমোহন ৰূপ পাবলৈ নোৱাৰিলেও নিজ চেষ্টাৰ বলত কুৎসিত আকাৰ কিছু পৰিমাণে কমাব পাৰি। জাপানীবিলাকে তেওঁলোকৰ গঢ় কোকেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে। কিঞ্চিত কৃতকার্যও হৈছিল। ৰূপ সৌন্দৰ্য্য বঢ়োৱাত স্বাস্থ্যই বৰ সহায় কৰে। ভাল স্বাস্থ্য থাকিলে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ গঢ় বেয়া হ’লেও আৰু মানুহ দেখিবলৈ কুশ্ৰী নহয়। কিন্তু ৰুগীয়া মানুহৰ মুখ কাৰ্তিক, নাৰ্চিছাছৰ দৰে সুন্দৰ হ’লেও দেখিবলৈ কুৎচিত আৰু ঘিণ লগা হয়। শৰীৰৰ মানসিক আৰু অন্তলীৰ্ণ বলে ৰূপৰ জেউতি চৰায়।

গৌৰৱ Class 11 Question Answer

|| অতিৰিক্ত প্রশ্নোত্তৰ ||
(ক) চমু আৰু দীঘল প্রশ্ন‌ঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২/৩/৪ আৰু ৫)

প্রশ্নঃ ১। সৌভাগ্য বা শৰীৰ গৌৰৱৰ প্ৰকৃত কাৰণ হ’ব পাৰেনে?
উত্তৰঃ সৌভাগ্য বা শৰীৰ গৌৰৱৰ প্ৰকৃত কাৰণ হ’ব নোৱাৰে।

প্রশ্নঃ ২। শৰীৰৰ কি কি গুণ পৰা গৌৰব উপজিব পাৰে বুজাই লিখাঁ।
উত্তৰঃ শৰীৰৰ তিনিটা গুণৰ পৰা গৌৰৱ উপজিব পাৰে। এই তিনিটা গুণ হ’ল ৰূপ, স্বাস্থ্য আৰু বল। ৰূপে জ্ঞানীক অজ্ঞানী কৰে, যুদ্ধ-বিগ্রহ সৃষ্টি কৰে। জগতৰ বুৰঞ্জী পৰিৱৰ্তন কৰে আৰু নিৰ্বলক বলী কৰে। ৰাম ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ স্বাস্থ্য ভালে থাকিলে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ গঢ় বেয়া হ’লেও মানুহ দেখিবলৈ কুশ্ৰী নহয় । কিন্তু ৰুগীয়া মানুহৰ মুখ কাৰ্তিক, নাৰ্চিছাছৰ নিচিনা সুন্দৰ হ’লেও দেখিবলৈ কুৎসিত আৰু ঘৃণ লগা হয়। স্বাস্থ্যই বহুত সুখৰ মূল। ধন-জন, মান-সম্ভ্রম আৰু বিষয় ঐশ্বর্য সকলো স্বাস্থ্যৰ তল । শৰীৰৰ আন এটি গৌৰৱৰ কাৰণ বল। বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে। বল থাকিলে মানুহে আনৰ ওপৰত কেতিয়াবা প্রভুত্ব চলাব আৰু আনৰ পৰা ভয় আৰু ভক্তি আকৰ্ষণ কৰিব পাৰে। ছেণ্ডো আৰু প্ৰফেছাৰ ৰামমূৰ্তিৰ বল অনেকাংশ নিজ চেষ্টাৰ ফল।

প্রশ্নঃ ৩। গৌৰৱ ক’ৰ পৰা উৎপন্ন হয়? স্থায়ী আৰু প্ৰকৃত গৌৰৱ কি ?
উত্তৰঃ সৌভাগ্য, শৰীৰ আৰু মন – ৰ পৰা গৌৰৱ মূলতে উৎপন্ন হয়। ৰূপ যৌৱনক লৈও মানুহে গৌৰৱ কৰে। মনৰ পৰা সৃষ্টি হোৱা গৌৰৱ হৈছে স্থায়ী আৰু প্ৰকৃত গৌৰৱ।

প্রশ্নঃ 8। কালিৰাম মেধিৰ চমু পৰিচয় দিয়া।
উত্তৰঃ ১৮৭৮ চনত হাজোৰ ওচৰৰ ৰামদিয়া গাঁৱত কালিৰাম মেধিৰ জন্ম হয়। গুৱাহাটীত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটি কলেজ আৰু প্ৰেছিডেন্সী কলেজত পঢ়াৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ঘূৰি আহিয়েই  তেখেতে উপপ্রতি সমাহর্তা হিচাপে চাকৰিত যোগদান কৰে। মেধিৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰ বাবে শেষত ই এল.চি. পদলৈ উন্নীত হয়। চৰকাৰী চাকৰিৰ দায়িত্বত থাকিও তেখেতে আজৰি সময়ত সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। ‘আসাম বান্ধব’ আলোচনী আৰু কামৰূপ অনুসন্ধান সমিতিৰ ইংৰাজী মুখপত্ৰত কেইবাটাও প্রবন্ধ লিখিছিল। পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিল যদি ভাষাবিদ আৰু ব্যাকৰণ প্রণেতা হিচাপেহে তেখেতে খ্যাতি লাভ কৰিছিল। মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি হৈছে তেখেতৰ দ্বাৰা প্ৰণীত বৃহৎ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ তদুপৰি তেখেতৰ সম্পাদিত গ্রন্থসমূহ হৈছে ‘অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’, ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’৷ ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ গ্ৰন্থই মেধিদেৱক বৈষ্ণৱ সাহিত্যৰ এজন গৱেষক পণ্ডিতৰূপে পৰিচয় কৰালে। ইংৰাজীতো তেখেতে বহু প্ৰৱন্ধ লিখিছিল। ১৯১৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ তেওঁ সভাপতি আছিল। ১৯৫৪ চনত তেখেতৰ মৃত্যু হয়।

প্রশ্নঃ ৫। নাম নোহোৱা অৱস্থা কেনেদৰে গৌৰৱৰ বিষয় হৈ পৰে লিখা।
উত্তৰঃ কেতিয়াবা নাম নোহোৱা অৱস্থাত গৌৰৱৰ বিষয় হৈ পৰে। হোমাৰৰ জন্মস্থান অনিশ্চিত। এই নিমিত্তে স্মাৰ্ণা, ৰোডছ ক’ল, ক’ন, ছেলমিছ, কাইয়’ছ আৰ্গছ আৰু এথেন্স দেশৰ মানুহে হোমাৰ তেওঁলোকৰ ঠাইত জন্মিছিল বুলি গৌৰৱ কৰে। এইদৰে অনন্ত কন্দলি আৰু ডাকক লৈ বঙালী অসমীয়াই আৰু বিদ্যাপতিক লৈ মৈথিলী বঙালীয়ে টনাটনি আৰু গৌৰৱ কৰে। এইদৰে অসমৰ ভিতৰতে ভিন্‌ ভিন্‌ জিলাৰ মানুহে মাধৱ কন্দলি, মাধৱদেৱ, অনন্ত কন্দলি আদি মহাত্মা সকলক ভিন্‌ ভিন্‌ ঠাইত পেলাইছে। আকৌ, সাধাৰণ মানুহবিলাকেও তেওঁলোকৰ নিজা জাতৰ বা একে ব্যৱসায়ৰ কোনো মানুহক বিখ্যাত হোৱা দেখিলে তেওঁৰ নাম কৈ সেই জাতৰ গৌৰৱ কৰে। তেওঁলোকৰ ভিতৰত এজন যদি ডাঙৰ হয়, তেওঁক লৈও গৌৰৱ কৰিব পাৰি। এনেদৰে, নাম নোহোৱা অৱস্থাও গৌৰৱৰ বিষয় হৈ পৰিব পাৰে।

প্রশ্নঃ ৬। গৌৰৱ তিনি ঠাইৰ পৰা উৎপত্তি হয়। তোমাৰ পাঠ্যপুথিৰ সহায়ত কথাষাৰৰ যুক্তি যুক্ততা প্রমাণ কৰা।
উত্তৰ: সৌভাগ্য, শৰীৰ আৰু মন—এই তিনি ঠাইৰ পৰাই গৌৰৱ ওপজে। সৌভাগ্যৰ বাবে উচ্চবংশ মর্যাদা, ধন সম্পত্তি আৰু মান মর্যাদা লাভ কৰে। এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বর্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে, কিন্তু সকলোৰে বাবে তেওঁলোকে পূজনীয় নহবও পাৰে। ৰূপ, স্বাস্থ্য, আৰু বল —এই তিনিটা শাৰীৰিক গুণৰ লোকেও গৌৰৱ কৰিব পাৰে। কিন্তু ৰূপ, স্বাস্থ্য বা বলেৰে কঢ়িয়াই অনা গৌৰৱ চিৰস্থায়ী নহয়৷ কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে। মনহে প্ৰকৃততে গৌৰৱৰ বিষয়। মনৰ পৰা ওপজা গৌৰৱ অকৃত্রিম যাৰ বাবে ই স্থায়ী আৰু স্বৰ্গীয়।

প্রশ্নঃ ৭। ‘গৌৰৱ তুলনাৰ পৰা ওপজে’—এই উক্তি ৰাণীৰ অলংকাৰ আৰু বান্দীৰ বাঢ়নী দুয়োটা ক্ষেত্ৰত কিদৰে সত্য হ’ব পাৰে লিখা।
উত্তৰঃ গৌৰৱ তুলনাৰ পৰা ওপজে। কোনো মানুহৰ কোনো অংশ আন এজনতকৈ হীন হ’লে দ্বিতীয়জনে প্ৰথমজনক মনে মনে অলপ ঘৃণা কৰে। দ্বিতীয় জনৰ সেইটোৱেই আকৌ গৌৰৱৰ কাৰণ হ’ব পাৰে। ৰাণীৰ অলংকাৰ যেনে গৌৰৱৰ কাৰণ, বান্দীৰ বাঢ়নীটাৰো তেনে গৌৰৱৰ কাৰণ। ৰাণীয়ে নিজৰ ৰূপ সৌন্দৰ্য, প্ৰভাৱ প্রতিপত্তি ইত্যাদি অলংকাৰৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰে। ৰাণীৰ অলংকাৰে ধন ঐশ্বৰ্যৰো বাৰ্তা প্ৰকাশ কৰে। এইবোৰ বান্দীৰ ঈর্ষৰ কাৰণ হ’ব পাৰে। বান্দীসকল সাধাৰণতে নীচ বংশৰ হয়। বান্দীৰ সামাজিক প্রতিপত্তি নাই। বান্দীৰ ধন ঐশ্বৰ্যক লৈ গৌৰৱ কৰাৰ কাৰণ নাই। কিন্তু বান্দীৰ বাঢ়নীডালেৰে জগতৰ মলি গুচোৱা হয় । ৰাজদৰবাৰ চাফ চিকুনকৈ ৰখা হয়। জগতক চাফ চিকুণকৈ ৰখা বান্দীৰ বাবে গৌৰৱৰ কাৰণ । অৰ্থাৎ সকলো মানুহে সকলে৷ অৱস্থাতে গৌৰৱ কৰিবৰ কাৰণ বিচাৰি পায়।

প্রশ্নঃ ৮। সৌভাগ্য প্রকৃত গৌৰৱৰ কাৰণ হয়নে? বুজাই লিখা।
উত্তৰঃ সৌভাগ্য প্রকৃত গৌৰৱৰ কাৰণ নহয়। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে। কোনো লোক যদি উচ্চ বংশত জন্মে তেতিয়া হ’ল তেওঁ সমাজত সন্মান লাভ কৰে। উদাহৰণস্বৰূপে নিধিৰাম বৰুৱাৰ পুতেক গৰু চোৰ হ’লেও তেওঁ ভূঞা পোৱালী, ক’লামণি দাস বিদ্যাভূষণ হ’লেও সামান্য মানুহ৷ তেনেদৰে মহাভাৰতৰ কৰ্ণৰ জন্ম বাকী পাণ্ডৱৰ দৰে আছিল যদিও ভাগ্যই তেওঁক সকলোৰে আগত ঠাট্টাৰ পাত্ৰ কৰিছিল। আকৌ এজন ধনী মানুহৰ ধন থাকিলেই হ’ল সেই ধন তেওঁ কাকো ধাৰে দিব নালাগে, সজ কামত খৰচ কৰিব নালাগে বা দানো কৰিব নালাগে, মাথো ধন থকাৰ বাবে তেওঁ সকলোৰে পৰা ভয়, ভক্তি আৰু সন্মান পায়। কেৱল ধনৰ বাবেই তেওঁৰ ওচৰত সকলোকে বিনীত, শিষ্টাচাৰী আৰু নম্ৰ কৰিব। টকা থকালৈকে মান সম্ভ্রম সকলোৱে আহি লগ ধৰে। আকৌ বিশ্বমিত্ৰ ঋষিৰ দুখৰ কাৰণ আছিল তেখেতৰ জন্ম। সৌভাগ্য নানা কাৰণৰ পৰা আহিলেও আমি সৌভাগ্যক লৈ কেতিয়াও গৌৰৱ কৰা উচিত নহয়। সৌভাগ্য যিহেতু আমি নিজে আর্জিত ফল নহয় গতিকে তাক লৈ গৌৰৱ কৰিবৰ অধিকাৰো আমাৰ নাই ।

গৌৰৱ Class 11 Question Answer

প্রশ্নঃ আঁতিগুৰি মাৰি ব্যাখ্যা কৰা :
(ক) দুর্যোধনৰ ঐশ্বৰ্য্য বিদুৰৰ খুদ-চাউলৰ ওপৰত অতি তুচ্ছ ভাবিয়েই ভগৱান শ্রীকৃষ্ণে পৰিত্যাগ কৰিছিল।

উত্তৰঃ উদ্ধৃত বাক্যশাৰি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত‘গৌৰৱ’ নামৰ প্ৰন্ধটিৰ পৰা তুলি দিয়া হৈছে।
ইয়াত মানসিক কৰ্ম আৰু প্ৰকৃত গৌৰৱৰ সাৰমৰ্ম বিবৃত হৈছে।
সৌভাগ্য আৰু শৰীৰৰ পৰা উদ্বুদ্ধ গৌৰৱ স্থায়ী নহয়। মনৰ গৌৰৱহে প্ৰকৃততে স্থায়ী। মানসিক বৃত্তিবিলাকৰ উৎকৰ্ষ সাধন নিজ চেষ্টাৰ ফল। তাৰ পৰা ওপজা গৌৰৱো অকৃত্রিম। সেই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী। কুবেৰৰ ধন মহাদেৱৰ ভিক্ষাৰ জোলোঙাতকৈ সকলোৱে নীচ বুলি ভাৱে। দুর্যোধনৰ যি খ্যাতি আৰু যশস্যা ঐশ্বৰ্য্য সেয়া বিদুৰৰ খুদ চাউলৰ ওচৰত অতি তুচ্ছ। সেয়ে ভগৱান শ্রীকৃষ্ণই দুর্যোধনক পৰিত্যাগ কৰিছিল। গৌৰৱে সৌভাগ্য আৰু শাৰীৰিক গুণৰাজিক মনৰ শক্তিৰ তুলনাত পৰাভূত কৰিব নোৱাৰে। মনৰ গৌৰৱ পৰাভূত হোৱাবিধৰ নহয় । ভগৱান আৰু গুণী জ্ঞানীয়ে মনৰ গৌৰৱকহে গুৰুত্ব প্রদান কৰে। তেনেধৰণে শ্ৰী কৃষ্ণইয়েও বিদুৰৰ খুদ চাউলক যথোচিত মৰ্য্যদা দিছে।

(খ) আজিকালি ধনেই আলাউদ্দিনৰ বন্তি ।
উত্তৰঃ উদ্ধৃত বাক্যশাৰি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰন্ধটিৰ পৰা তুলি দিয়া হৈছে।
বৰ্তমান সমাজত ধনৰ গুৰুত্ব সম্পৰ্কে ইয়াত উল্লেখ আছে।
আজিকালি ধন থকাজনক সকলোৱে শ্ৰদ্ধা মৰ্য্যদা প্ৰদান কৰে। ধন থাকিলে ধাৰে নিদিলেও দানী বুলিব পাৰি। দান নকৰিলেও সকলোৱে মানে। ধন থকাজনে বর্তমান সমাজত শিষ্টাচাৰী আৰু নম্ৰ বুলি পৰিচয় প্রদান কৰে। ধন থকা ব্যক্তিৰ পুত্ৰই বেয়া কাম কৰি গাঁঠিৰ ধন ভাঙিলেও তেওঁলোকৰ কাণসাৰ নাথাকে। পুত্ৰৰ কুকৰ্মত ধনবান সকলৰ মানহানি নহয়। টকা থাকিলে বাহিৰৰ পৰা মান সভ্ৰম আপোনা আপুনি আহি তেওঁলোকৰ লগ ধৰে। পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয় মান আৰু ভক্তি নকৰে। সেয়ে কালিৰাম মেধিয়ে আজিকালি ধনেই আলাউদ্দিনৰ বন্তি বুলি মন্তব্য কৰিছে।

প্রশ্নঃ ১০। চমুটোকা লিখাঃ

(ক) আলাউদ্দিন, (খ) ৰামৰাৱণৰ যুদ্ধ, (গ) গ্রীক-উজান যুদ্ধ, (ঘ) ডান্টেঃ, (ঙ) হিৰো, (চ) তিলোত্তমা, (ছ) নেপোলিয়ন, (জ) জয়মতী, (ঝ) হোমাৰ, (ঞ) জুলিয়াহু ছিজাৰ, (ট) ডাক, (ঠ) ডাউইন, (ড) নৰনাৰায়ণ।
উত্তৰ : (ক) আলাউদ্দিন : আৰব্য উপন্যাসৰ আলাউদ্দিন নামৰ এটি চৰিত্ৰ। তেওঁৰ এটি আচৰিত ধৰণৰ চাকি আছিল। সেই চাকিত যি বিচৰা যায় তাকেই পোৱা হৈছিল।

(খ) ৰাম-ৰাৱণৰ যুদ্ধঃ ৰূপৱৰ্তী হোৱা কাৰণেই সীতাক ৰাৱণে হৰি নিছিল। তাৰ ফলতেই ৰাম-ৰাৱণৰ যুদ্ধ হৈছিল।
(গ) গ্রীক-ট্ৰজান যুদ্ধঃ বিশ্বসুন্দৰী হেলেনৰ কাৰণেই গ্ৰীক আৰু ট্ৰজানসকলৰ যুদ্ধ হৈছিল। যাৰ ফলত ট্রয় নগৰ ধ্বংস হৈছিল।

(ঘ) ডান্টেঃ (১২৬৫-১৩১১) ইটালীৰ বিশ্ববিখ্যাত কবি। তেওঁ ৰূপহী প্রেমিকা বিয়েট্ৰিছক উপলক্ষ্য কৰি ‘ডিভাইন কমেডি’ নামৰ বিখ্যাত কাব্য গ্রন্থ লিখিছিল।
(ঙ) হিৰোঃ এগৰাকী অপূর্ব সুন্দৰী, যাক পাবলৈ লিয়েণ্ডাৰে সাঁতুৰি সাগৰ পাৰ হৈছিল।
(চ) তিলোত্তমাঃ পুৰাণত বৰ্ণিত এজনী পৰম সুন্দৰী নাৰী। এওঁক লাভ কৰাৰ উদ্দেশ্যে সুন্দ আৰু উপসুন্দ নামে দুটা দৈত্যই (ভায়েক-ককায়েক) পৰস্পৰ যুদ্ধ কৰি মৃত্যুবৰণ কৰে।
(ছ) নেপোলিয়নঃ ফ্ৰান্সৰ এজন বীৰ। এওঁৰ ১৭৬৯ চনত কৰ্ছিকা দ্বীপত জন্ম । পৰাক্ৰমেৰে সমগ্ৰ ইউৰোপ কঁপাই তুলিছিল ১৮২১ চনত চেন্টহেলিনা দ্বীপত মৃত্যু হয়।
(জ) জয়মতীঃ আহোম ৰজা গদাধৰ সিংহৰ পত্নী। এওঁ স্বামীৰ জীৱন ৰক্ষাৰ্থে নিজৰ জীৱন আহুতি দিছিল।

(ঝ) হোমাৰঃ গ্ৰীচ দেশৰ কবি। ইলিয়াড’ আৰু ‘ওডিছী’ নামৰ দুখন মহাকাব্যৰ ৰচক।

প্রশ্নঃ ১১। গৌৰৱ কেই ঠাইৰ পৰা উৎপন্ন হয়?
উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয়।

প্রশ্নঃ ১২। ডাণ্টে কোন দেশৰ কবি? তেওঁৰ বিখ্যাত কাব্য গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ ডাণ্টে ইটালীৰ বিশ্ববিখ্যাত কবি। তেওঁৰ বিখ্যাত কাব্যগ্রন্থ ‘ডিভাইন কমেডি’।

প্রশ্নঃ কঠিন শব্দৰ অৰ্থ :

শব্দঅর্থ
বিদ্যাভূষণবিদ্যাৰ অলংকাৰ
উপৰিপুৰুষপূর্বপুৰুষ
বিনীতনম্র, ভদ্র, অহংকাৰহীন
বন্তিচাকি
বিদ্রুপইতিকিং, উপহাস
বমোহনমোহিত হোৱা
ঈশ্বৰদত্তঈশ্বৰৰ দান

প্রশ্নঃ ‘ডিভাইন কমেডি’ কাৰ ৰচনা?

উত্তৰঃ ‘ডিভাইন কমেডি’ইটালীৰ বিশ্ববিখ্যাত কবি ডান্টেৰ ৰচনা।

প্রশ্নঃ নেপোলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল?

উত্তৰঃ নেপোলিয়ান বোনাপাৰ্ট ফ্রান্স দেশৰ বীৰ আছিল ৷

প্রশ্নঃ মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে?

উত্তৰঃ মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।

প্রশ্নঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে?

উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে।

প্রশ্নঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল-“অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব”।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top