এখন চিঠি Class 11 (হেম বৰুৱা) সকলো প্ৰশ্নৰ উত্তৰ

এখন চিঠি Class 11 Question Answer | Class 11 Assamese Chapter 16 Question Answer | HS 1st Year Assamese Lesson 16 question Answer | একাদশ শ্ৰেণী অসমীয়া এখন চিঠি কবিতা হেম বৰুৱা

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
কবিতা নামএখন চিঠি
পাঠ16
গোটতৃতীয় গোট
লেখকহেম বৰুৱা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

এখন চিঠি Class 11 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত ?
উঃ ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ ‘মন-ময়ূৰী’ কাব্যপুথিৰ অন্তৰ্গত।

২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা।
উঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম হ’ল ‘পছোৱা’।

৩। চেলা গিৰিপথ ক’ত আছে?
উঃ অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত টাৱাং আৰু পশ্চিম কামেং জিলাৰ মাজত চেলা গিৰিপথ অৱস্থিত।

৪। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?
উঃ যি মৃত্যুৱে দহক জীৱন দিয়ে তেনে মৃত্যুক কবিয়ে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে।

৫। ‘এখন চিঠি’ কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি?
উঃ ‘এখন চিঠি’ কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম মমতা।

এখন চিঠি Class 11 Question Answer

(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক — ২ অথবা ৩)

১। ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?
উঃ ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীৰ দুচকুৰে দুখ চকুলো হৈ বৈছিল। শোকত কাতৰ হৈ তেওঁ মৌন হৈ ৰৈছিল।

২। ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?
উঃ যুদ্ধক্ষেত্ৰত কেৱল কামানৰ গৰ্জন আৰু ধোঁৱাহে দেখা যায়। তেজৰ ঢেঁকুৰা পৰি থাকে মৰাশালিত থকাৰ দৰে। ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ বিৱৰণ এনেদৰে দিছে।

৩। সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?
উঃ সৈনিকজনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ লাগি থকা পাৰিজাত ফুল বুলি গণ্য কৰিছে। তেনে মৃত্যুক সেয়ে তেওঁ গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে।

৪। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?
উঃ দেশ আৰু দহৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈ নিজৰ সন্তান দুটিক বুজনি দিবলৈ সৈনিকজনে কৈছে।

৫। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱৰাৰ কাৰণ কি ?
উঃ সৈনিকে চিঠিখন লিখি শেষ কৰাৰ পাছতে যুদ্ধক্ষেত্ৰৰ আহ্বান শুনিবলৈ পাইছিল। অৰুণাচল প্ৰদেশৰ চেলা গিৰিপথেদি শত্ৰু সৈন্যই দেশ অভিমুখে আগবাঢ়ি আহিছিল। সেয়ে দেশমাতৃক উদ্ধাৰ কৰিবলৈ সৈনিক যাব লগা হৈছিল। তেনেস্থলত পত্নীলৈ লিখা চিঠিখন ডাকত দিবলৈ তেওঁ সময় পোৱা নাছিল।

এখন চিঠি Class 11 Question Answer

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। ‘এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাব প্রকাশ পাইছে?
উঃ এগৰাকী সৈনিক অইনৰ দৰে এগৰাকী মানুহো। সকলো মানুহৰ দৰে তেওঁৰো সাংসাৰিক সুখ-দুখ আদি আৱেগ আছে। যুদ্ধক্ষেত্ৰলৈ যাবলৈ ওলাই স্বগৃহৰ পৰা বিদায় লোৱাৰ সময়ত পত্নীৰ বেদনাসিক্ত চকুৱে তেওঁক কষ্ট দিছিল। শোকে খুন্দা মাৰি ধৰা পত্নীৰ দুচকুৰ লোতক দেখি তেওঁ যন্ত্রণাদগ্ধ হৈছিল। মৌনতাই ভাষা আছিল যেন সেই সময়ত । পত্নীৰ প্ৰতি তেওঁৰ প্ৰচুৰ মৰম আছিল, সেয়ে শত্ৰুৰ কামানৰ গৰ্জন আৰু ধোঁৱাৰ মাজতো অকণমান সময় উলিয়াই তেওঁ পত্নীলৈ চিঠি লিখিছিল। চিঠি লিখিবলৈ লোৱাৰ সময়তো তেওঁৰ বাৰে বাৰে মনলৈ আহিছিল বিদায়ৰ মুহূৰ্তত দেখা পত্নীৰ দুচকুৰ লোতক, সেয়া যেন বাৰিষাৰ বান যি ৰৈ যোৱাৰ নাম লোৱা নাছিল। পত্নীৰ কষ্টই সিদিনা তেওঁক নিৰুত্তৰ কৰি ৰাখিছিল। কেৱল মৰমেই নহয়, পত্নীৰ প্ৰতি সৈনিকৰ আছিল অগাধ বিশ্বাস। সেয়ে তেওঁ পত্নীক এই দায়িত্ব অৰ্পণ কৰিছে যাতে ল’ৰা দুটাক তেওঁৰ অভাৱ অনুভৱ হ’বলৈ নিদিয়ে। কবিতাটোত পত্নীৰ প্ৰতি থকা দৈনিকৰ মৰম-বিশ্বাসৰ ছবিখন সুন্দৰ ৰূপত চিত্রিত হৈছে।

২। সৈনিকৰ দেশপ্রেম ‘এখন চিঠি’ কবিতাত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
উঃ ‘এখন চিঠি’ নামৰ কবিতাটোত এজন সৈনিকৰ অন্তৰ্বেদনা তথা স্বদেশৰ প্ৰতি থকা তেওঁৰ প্ৰেম স্পষ্টভাৱে ফুটি উঠিছে। ঘৰৰ পৰা যুদ্ধভূমিলৈ অহাৰ সময়ত দুখত কাতৰ হোৱা তেওঁৰ পত্নীৰ মুখখনে তেওঁক বৰকৈ আমনি কৰে। সেই মুহূৰ্তৰ যন্ত্ৰণালৈ মনত পৰিলে যুদ্ধভূমিৰ পৰ্বতৰ মাজতো তেওঁ দুখত ভাঙি পৰে। অথচ সেই ঠাইত শত্ৰুৰ কামানৰ গৰ্জন আৰু ধোঁৱাৰ বাহিৰে আন কথাৰ ঠায়েই নাই। তেজৰ ঢেঁকুৰাৰ মাজত কল্পনাবোৰ ছাই হৈ যায়। অনিশ্চিত জীৱনৰ আতংকই অহৰহ সৈনিকক খেদি ফুৰে। প্রিয়জনক পুনৰ লগ পোৱাৰ সৌভাগ্য তেওঁৰ হয়তো নহ’বও পাৰে। তথাপি দেশৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ তেওঁ আজীৱন সাজু। কিয়নো আনৰ বাবে মৃত্যুবৰণ কৰাটো দৈৱিক কাম সমাধা কৰাৰ লেখীয়া। অৱশ্যে সাংসাৰিক দায়িত্ববোধে তেওঁক বিচলিত নকৰা নহয়। কিন্তু অন্তৰত থকা দেশপ্রেমে তেওঁক শক্তি দিয়ে আৰু তাৰেই মন বান্ধি তেওঁ নিজৰ সন্তানলৈও সেই বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰে। সৈনিকৰ অন্তৰৰ এই ভাবেই কবিতাটোত বিয়পি আছে।

৩। ‘এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াবহতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উঃ ‘এখন চিঠি’ কবিতাটোৰ সৈনিকজন যুদ্ধক্ষেত্ৰত আছে আৰু তাৰ পৰাই তেওঁ পত্নীলৈ চিঠি লিখিছে । যুদ্ধ আৰু যুদ্ধক্ষেত্ৰৰ ভয়াবহতাক তেওঁ চাক্ষুস দৃষ্টিৰে বৰ্ণনা কৰিছে। যুদ্ধক্ষেত্ৰত ডাৱৰ আৰু পৰ্বতৰ বাহিৰে একোৱেই দেখা নাপায়। পৰ্বতৰ মাজত কেৱল কামানৰ গৰ্জন আৰু ধোঁৱাহে আছে। শত্রুপক্ষৰ কামানৰ গৰ্জনত প্ৰাণ হেৰুৱাইছে কতজনে, সেইসকলৰ তেজৰ ঢেঁকুৰা যুদ্ধক্ষেত্ৰতেই বিয়পি আছে। যুদ্ধক্ষেত্ৰত মৰমৰ কোনো স্থান নাই। সৈনিকসকলে সুখত হাঁহিছে, আপোনজনলৈ মনত পেলাই দুখত কাতৰ হৈছে, মৰমত কাতৰ সেই অন্তৰবোৰ যুদ্ধভূমিতেই বিলীন হৈ গৈছে। অন্তৰৰ সেই গুপুত অনুভূতিবোৰ কেৱল পৰ্বতৰহে দৃশ্যমান হৈছে। পৰ্বতৰ মাজত কল্পনা ছাইত পৰিণত হয়, চৌপাশে কেৱল অন্তৰৰ জুইশিখা। সৈনিকক সদায়েই আকৰ্ষণ কৰে যুদ্ধক্ষেত্ৰই। কিন্তু দুখত অধীৰ সৈনিকৰ বাবে যুদ্ধক্ষেত্র যেন কেৱল এখন মৰিশালি য’ত মানৱীয় আশা-আকাংক্ষাক কবৰ দিয়া হয়। কবিতাটোতো যুদ্ধক্ষেত্ৰৰ ভয়াবহতা এনেদৰেই ফুটি উঠিছে।

লগতে পঢ়ক  কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11 সকলো প্ৰশ্নৰ উত্তৰ

৪। ‘তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা।
উঃ কাৰুণ্যৰ গভীৰতা বুজাবলৈ প্রশ্নোদ্ধৃত কবিতাফাকি কবিয়ে লিখিছে। এগৰাকী সৈনিক পত্নীৰ মৰ্মবেদনা কবিতাফাকিৰ মাজেৰে পৰিস্ফুট হৈছে। সৈনিকৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য দেশসেৱা হ’লেও তেওঁ এগৰাকী মানুহ। সাধাৰণ মানৱৰ দৰে তেওঁৰো সুখ-দুখ, আশা-আকাংক্ষা আছে। নিজৰ সৰু পৰিয়ালটোক লৈ তেওঁৰো সপোন আছে। তেওঁৰ সমানেই সৈনিক পত্নীৰো আছে সাংসাৰিক সপোন। স্বাভাৱিকতেই যুদ্ধক্ষেত্ৰলৈ যাবলৈ ওলোৱা সৈনিকক বিদায় দিবলৈ তেওঁ প্ৰস্তুত
হ’ব পৰা নাই । যুদ্ধক্ষেত্ৰলৈ যোৱা মানেই অনিশ্চয়তা। তাত সপোন-আকাংক্ষা, মৰম আদিৰ কোনো মূল্য নাথাকে। তালৈ যোৱা মানুহ পুনৰ উভতি আহিবনে নাই তাৰো কোনো নিশ্চয়তা নাই। ল’ৰা দুটিক মানুহ কৰিবলৈ পতি ঘুৰিবনে নাই সেই দুশ্চিন্তাই অনবৰতে সৈনিক পত্নীক কঁপাই তোলে।

সৈনিকে স্বগৃহ ত্যাগ কৰাৰ সময়ত সেয়ে তেওঁৰ পত্নীৰ দুচকু চকুলোৰে উপচি পৰিছিল। পাৰভঙা চকুলোৰে যেন বান নামিছিল, চকুলো ৰৈ যোৱাৰ কোনো লক্ষণ নেদেখি সৈনিক মর্মাহত হৈছিল। নিৰুত্তৰ হৈ চাই ৰৈছিল পত্নীলৈ সেই চকুলোৰ বানে সৈনিকৰ অন্তৰ খহাই নিছিল। পত্নীৰ কাতৰ চাৱনিয়ে যুদ্ধক্ষেত্ৰতো তেওঁক আমনি কৰিছিল । বানে বহু পাছলৈ ক্ষতি কৰি থকাৰ দৰে পত্নীৰ বেদনাবহুল চকুযুৰিয়ে সৈনিকক বনপোৰা জুইৰ দৰে পুৰিছিল। ‘বাৰিষাৰ বান’ কথাংশৰে কবিয়ে সৈনিক পত্নীৰ কাৰুণ্যকে তুলি ধৰিছে ।

এখন চিঠি Class 11 Question Answer

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—

(ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই
লেখি যোৱা তেজৰ বুৰঞ্জী।
উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা হেম বৰুৱা ৰচিত ‘এখন চিঠি’ শীর্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

প্ৰসংগ : সৈনিকৰ জীৱনৰ ত্যাগ আৰু সংঘৰ্ষময় পৰিৱেশৰ প্ৰসংগ বুজাবলৈ কবিয়ে কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা : কবিতাটোৰ সৈনিকজন যুদ্ধক্ষেত্ৰত আছে; ডাৱৰ আৰু পৰ্বতৰ বাহিৰে য’ত একোৱেই দেখা নাপায়। তেওঁলোকে সুখত হাঁহিছে, আপোনজনলৈ মনত পেলাই দুখত কাতৰ হৈছে—অন্তৰৰ এই গুপুত অনুভূতি পৰ্বতৰহে দৃশ্যমান হৈছে। শত্রুপক্ষৰ কামানৰ গৰ্জনত প্ৰাণ হেৰুৱাইছে কতজনে; সেইসকলৰ তেজৰ ঢেঁকুৰা পৰ্বতৰ মাজতেই বিয়পি আছে। মৰমত কাতৰ সেই অন্তৰবোৰ এদিন পৰ্বততেই লুপ্ত হৈ গৈছে। এই অলেখ আশা-আকাংক্ষা, কল্পনা, মৰম একত্রিত কৰিলে তাৰে সৃষ্টি হ’ব এখন মহাকাব্য— সেই মহাকাব্যই দাঙি ধৰিব ত্যাগৰ ইতিহাস। পৰ্বতৰ ভাষা মৌন হ’লেও এনে এখন বুৰঞ্জী কবিৰ মাজত সোমাই আছে যি কঢ়িয়াই ফুৰে আদৰ্শৰ ধ্বজা।

(খ) মৃত্যুৱে যদি অভিনন্দন জনায়
সেই মৃত্যু পাৰিজাত ফুল
তাত দেৱতাৰ আশীৰ্বাদ আছে।
উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা হেম বৰুৱা ৰচিত ‘এখন চিঠি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগ : কবিয়ে দেশৰ বাবে বৰণ কৰা মৃত্যুক স্বর্গীয় বুলি কবিতাফাকিত প্ৰকাশ কৰিছে।
ব্যাখ্যা : প্রত্যেক মানুহৰে নিজৰ দেশৰ প্ৰতি দায়বদ্ধতা থাকে। কবিয়ে এগৰাকী সৈনিকৰ মনোবেদনা প্ৰকাশ কৰিবলৈ যাওঁতে নিজৰ দেশপ্রেমিক মনটো স্পষ্টভাৱে ওলাই পৰিছে। নিজৰ সৰু সংসাৰৰ প্ৰতি থকা দায়িত্বৰ পৰা সৈনিকজন আঁতৰি আহিবলৈ বিচৰা নাই। কিন্তু দেশ ৰক্ষাৰ আহ্বান তেওঁৰ বাবে সকলোতকৈ ডাঙৰ। সেয়ে তেওঁ নিজ পত্নীক সংসাৰৰ দায়িত্ব অর্পণ কৰি দেশৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ সাজু হৈছে। কিয়নো সৈনিকে বিশ্বাস কৰে দহজনৰ প্ৰাণ যদি নিজৰ মৃত্যুৰে বচাব পাৰি, তেন্তে সেই মৃত্যু স্বর্গীয় আশীর্বাদপুষ্ট হৈ পৰে। এই আদৰ্শ তেওঁ নিজ পুত্ৰলৈ অৰ্থাৎ উত্তৰপুৰুষলৈ এৰি যাব বিচাৰে।

Class 11 Assamese Chapter 16 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ :

১। ‘কিউপিড আৰু ছাইকী’ গ্ৰন্থখনৰ ৰচক কোন?
উঃ ‘কিউপিড আৰু ছাইকী’ গ্ৰন্থখনৰ ৰচক হেম বৰুৱা ৷

২।’ সৈনিকজনে তেওঁৰ সন্তান দুটিক কি কথা জনাবলৈ পত্নীক অনুৰোধ কৰিছে?
উঃ সৈনিকজনে তেওঁৰ সন্তান দুটিক জনাবলৈ কৈছে যে দেশ তথা দহৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।

৩। হেম বৰুৱাদেৱে অসম সাহিত্য সভাৰ কোন অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল ?
উঃ হেম বৰুৱাদেৱে ১৯৭২ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল।

৪। সৈনিকজনে স্বগৃহৰ পৰা বিদায় লোৱা মুহূৰ্তত পত্নীৰ বেদনাসিক্ত অৱস্থাক বুজাবলৈ কবিয়ে কি উপমাৰ প্ৰয়োগ কৰিছে?
উঃ সৈনিকজনে স্বগৃহৰ পৰা বিদায় লোৱা মুহূৰ্তত পত্নীৰ বেদনাসিক্ত অৱস্থাক বুজাবলৈ কবিয়ে লিখিছে— “তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল”। ইয়াত কবিয়ে প্ৰয়োগ কৰা উপমাটো হৈছে ‘বাৰিষাৰ বান’।

৫। হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘এখন চিঠি’ শীর্ষক কবিতাটো তেওঁৰ কোনখন কাব্যগ্রন্থৰ অন্তৰ্গত ?
উঃ হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘এখন চিঠি’ শীর্ষক কবিতাটো তেওঁৰ ‘মন-ময়ূৰী’ শীৰ্ষক কাব্যগ্রন্থৰ অন্তৰ্গত।

লগতে পঢ়ক  এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Class 11

Class 11 Assamese Chapter 16 Question Answer

চমু প্রশ্নোত্তৰ :

১। ওখ পর্বতবোৰত কেনে ধৰণৰ স্মৃতিৰ প্ৰতিধ্বনি শুনিবলৈ পাইছে?
উঃ ওখ পৰ্বতবোৰত তেওঁ আৰু তেওঁৰ পত্নীৰ বুকুৰ তেজৰ ঢেঁকুৰা, অন্তৰৰ জুই-শিখা আৰু মৰমৰ মৰিশালিবোৰৰ স্মৃতিৰ প্ৰতিধ্বনি শুনিবলৈ পাইছে।

২। চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিকগৰাকীয়ে ‘কি কথা’ বুলি ভাবিছে? তেওঁৰ অন্তৰত সেইবোৰ কিহৰ ৰূপত আছে?
উঃ চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিকগৰাকীয়ে ‘অনাৰী কথা’ বুলি ভাবিছে। তেওঁৰ অন্তৰত সেইবোৰ কথা পৰ্বতীয়া বনপোৰা জুইৰ ৰূপত আছে।

৩। সৈনিক জীৱনৰ ঘটনা প্রবাহক কিহৰ লগত তুলনা কৰা হৈছে?
উঃ সৈনিক জীৱনৰ ঘটনা প্রবাহক এখন মহাকাব্য তথা পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জীৰ লগত তুলনা কৰা হৈছে।

৪। কবিতাটিত মৃত্যুক কিহৰ লগত তুলনা কৰা হৈছে?
উঃ কবিতাটিত মৃত্যুক দেৱতাৰ আশীৰ্বাদপুষ্ট পাৰিজাত ফুলৰ লগত তুলনা কৰা হৈছে। যি মৃত্যুয়ে দহক জীৱন দিয়ে সেই মৃত্যুক কবিয়ে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে।

৫। কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম কি ? তেওঁ পত্নীক কি বুলি অনুৰোধ কৰিছে?
উঃ কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম হৈছে মমতা। সৈনিকজনে নিজৰ পত্নীক অনুৰোধ কৰিছে যাতে তেওঁলোকৰ ল’ৰা দুটাক পিতৃৰ অভাৱ অনুভৱ হ’বলৈ নিদিয়ে। দেশ আৰু দহৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি ক’বলৈও পত্নীক সৈনিকে কৈছে।

৬। স্বগৃহৰ পৰা বিদায় বেলিকা সৈনিকজন কিয় নিৰুত্তৰ হৈছিল ?
উঃ স্বগৃহৰ পৰা বিদায় বেলিকা সৈনিকজনৰ পত্নী শোকত কাতৰ হৈ পৰিছিল। তেওঁৰ দুচকুৰে দুখ চকুলো হৈ বৈছিল। মৌন হৈ ৰৈছিল দুয়ো। বিদায়ৰ সেই মুহূৰ্তত শোকে খুন্দা মাৰি ধৰাত সৈনিকজন নিৰুত্তৰ হৈ ৰৈছিল।

৭। ‘মৰমৰ মৰিশালিবোৰ”— বাক্যাংশৰ দ্বাৰা কবিয়ে কবিতাটোত কি কথা ব্যক্ত কৰিব বিচাৰিছে?
উঃ যুদ্ধভূমিত সৈনিকসকলে তেওঁলোকৰ মৰম, স্নেহ দমাই ৰাখিব লগা হয়। কবিতাটোত সৈনিকজন পৰ্বতৰ মাজত আছে, তাত কেৱল কামানৰ গৰ্জন আৰু ধোঁৱাহে আছে। সেই ঠাইত মৰমৰ কোনো স্থান নাই ; ‘মৰমৰ মৰিশালিবোৰ’ বাক্যাংশৰে কবিয়ে এই কথাই ব্যক্ত কৰিব বিচাৰিছে।

৮। দেশমাতৃৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ সৈনিকজনে ভবিষ্যত প্রজন্মক কিদৰে আহ্বান জনাইছে?
উঃ দেশমাতৃৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ সৈনিকজনে ভৱিষ্যত প্রজন্মক আহ্বান জনাইছে। দেশৰ বাবে প্ৰাণত্যাগ কৰাটোক দেৱতাৰ আশীৰ্বাদ লাগি থকা পাৰিজাত ফুলৰ দৰে বুলি কৈছে। দহৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। সেয়ে মৃত্যুলৈ ভয় নকৰি দেশ ৰক্ষাৰ বাবে ওলাই আহিবলৈ সৈনিকজনে উত্তৰপুৰুষক আহ্বান জনাইছে।

৯। “দীঘলীয়কৈ চিঠি লেখিবলৈ আজৰি নাই” – সৈনিকজনে কি পৰিস্থিতিত পত্নীক তেনেকৈ ক’বলগীয়া হৈছে?
উঃ সৈনিকজনে তেওঁৰ পত্নীলৈ চিঠি লিখাৰ সময়ত তেওঁ যুদ্ধভূমিত আছিল। শত্ৰুৰ কামানৰ গৰ্জন আৰু ধোঁৱাৰ মাজত অকণমান সময় উলিয়াই তেওঁ চিঠি এখন লিখিছিল যদিও যুদ্ধৰ আহ্বানে তেওঁক আজৰি সময় নিদিয়ে। সেয়ে দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই’ বুলি সৈনিকজনে দুখেৰে পত্নীক জনাইছিল।

Class 11 Assamese Chapter 16 Question Answer

দীঘলীয়া প্রশ্নোত্তৰ :

১। সৈনিকগৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নীৰ মানসিক অৱস্থা কেনেকুৱা আছিল? সেই সময়ত সৈনিকগৰাকীয়ে কি কৰিছিল?
উঃ সৈনিকগৰাকীয়ে পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীৰ মন বিষাদেৰে ভৰি পৰিছিল। দুখৰ উকমুকনিত তেওঁ মৌন হৈ পৰিছিল। তেওঁৰ দুচকুৰে বৈ আহিছিল চকুলোৰ বন্যা। বিদায়ৰ কাৰুণ্যই তেওঁক নিথৰ কৰি পেলাইছিল। পত্নীৰ এই কৰুণ ৰূপত ভাগি পৰি সৈনিকগৰাকী মাথোঁ নিৰুত্তৰ হৈ পৰিছিল। তেওঁৰ মুখৰ মাত হেৰাই গৈছিল।

২। সৈনিক জীৱনৰ মৃত্যু সম্পৰ্কত কবিতাটিৰ পৰা কি বুজিব পাৰিছা – চমুকৈ লিখা।
উঃ সৈনিক জীৱনৰ মৃত্যুক কবিতাটিত দেৱতাৰ আশীৰ্বাদ লাগি থকা পাৰিজাত ফুল বুলি কোৱা হৈছে। অৰ্থাৎ সৈনিকৰ মৃত্যুত সৰগৰ স্পৰ্শ লাগি থাকে। কিয়নো সৈনিকসকলে দেশৰ বাবে, দেশৰ জনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে। যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ। কবিতাটিত সৈনিকৰ মৃত্যুক উচ্চ স্থান দিয়া হৈছে।

৩। কবিতাটোৰ সাৰমমখিনি বুজাই লিখা।
উঃ উত্তৰৰ বাবে কবিতাটোৰ মূলভাব চোৱা ।

৪। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—
যি মৃত্যুৱে দহক জীবন দিয়ে
সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।
উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা হেম বৰুৱা ৰচিত ‘এখন চিঠি’ শীর্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগ : কাৰোবাৰ মৃত্যুত যদি আন দহজনে জীয়াই থকাৰ বাট বিচাৰি পায়, তেন্তে সেই মৃত্যু অক্ষয় হৈ ৰয় – কবিতাফাকিত এই প্ৰসংগই উত্থাপন হৈছে।
ব্যাখ্যা : কবিতাটোত উল্লেখ কৰা সৈনিকজন দেশপ্রেমিক। দেশৰ বাবে, দেশবাসীক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত সৈনিকে হাঁহিমুখে যুদ্ধক্ষেত্ৰলৈ আগুৱাইছে। যিকোনো মুহূর্ততে প্রাণ বিসর্জন দিবলৈ তেওঁ সাজু। ভাৰতীয় দৰ্শনত আত্মাক অবিনাশী বুলি বিশ্বাস কৰা হয়। অর্থাৎ শৰীৰ নাথাকিলেও আত্মাৰ অস্তিত্ব থাকি যায়। কবিয়ে দহৰ বাবে বৰণ কৰা মৃত্যুক আত্মাৰ দৰেই অবিনাশী বুলি কৈছে। কিয়নো, সৈনিকৰ শৰীৰ শেষ হৈ গ’লেও তেওঁৰ ত্যাগক উত্তৰপুৰুষে যুগে যুগে শ্ৰদ্ধাৰে সুঁৱৰিব আৰু এনেদৰে তেওঁ মৰিও অমৰ হৈ ৰ’ব জনতাৰ মাজত।

লগতে পঢ়ক  বিয়াৰ প্রেজেন্ট Class 11 - সকলো প্ৰশ্নৰ উত্তৰ অসমীয়া

এখন চিঠি কবিতা হেম বৰুৱা

৫। সৈনিকজনৰ অন্তৰৰ কথাখিনি চমুকৈ প্ৰকাশ কৰা।
উঃ‘এখন চিঠি’ নামৰ কবিতাটোত এজন সৈনিকৰ অন্তৰ্বেদনা তথা স্বদেশৰ প্ৰতি থকা তেওঁৰ প্ৰেম স্পষ্টভাৱে ফুটি উঠিছে। ঘৰৰ পৰা যুদ্ধভূমিলৈ অহাৰ সময়ত দুখত কাতৰ হোৱা তেওঁৰ পত্নীৰ মুখখনে তেওঁক বৰকৈ আমনি কৰে। সেই মুহূৰ্তৰ যন্ত্ৰণালৈ মনত পৰিলে যুদ্ধভূমিৰ পৰ্বতৰ মাজতো তেওঁ দুখত ভাঙি পৰে। অথচ সেই ঠাইত শত্ৰুৰ কামানৰ গৰ্জন আৰু ধোঁৱাৰ বাহিৰে আন কথাৰ ঠায়েই নাই। তেজৰ ঢেঁকুৰাৰ মাজত কল্পনাবোৰ ছাই হৈ যায় ৷ অনিশ্চিত জীৱনৰ আতংকই অহৰহ সৈনিকক খেদি ফুৰে। প্রিয়জনক লগ পোৱাৰ সৌভাগ্য তেওঁৰ হয়তো নহ’বও পাৰে। তথাপি দেশৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ তেওঁ আজীৱন সাজু। কিয়নো আনৰ বাবে মৃত্যুবৰণ কৰাটো দৈৱিক কাম সমাধা কৰাৰ লেখীয়া। অৱশ্যে সাংসাৰিক দায়িত্ববোধে তেওঁক বিচলিত নকৰা নহয়। কিন্তু অন্তৰত থকা দেশপ্রেমে তেওঁক শক্তি দিয়ে আৰু তাৰেই মন বান্ধি তেওঁ নিজৰ সন্তানলৈও সেই বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰে। সৈনিকৰ অন্তৰৰ এই ভাবেই কবিতাটোত বিয়পি আছে।

৬। সৈনিকজনৰ কোনবোৰ স্মৃতিক বনপোৰা জুইৰ সতে তুলনা কৰা হৈছে? সেইবোৰক কিয় বনপোৰা জুইৰ সতে তুলনা কৰা হৈছে?
উঃ সৈনিকজনে স্বগৃহ ত্যাগ কৰাৰ সময়ত তেওঁৰ পত্নী শোকত কাতৰ হৈ পৰিছিল। দুচকুৰে ধাৰাসাৰ চকুলো নামিছিল অথচ মুখেৰে ফুটাই একো ক’ব পৰা নাছিল। সৈনিকৰ এইবোৰ স্মৃতিকে বনপোৰা জুইৰ সতে তুলনা কৰা হৈছে। হাবিত কেতিয়াবা নিজে নিজে জুই লাগে আৰু নিজেই নুমাই যায় – এনে জুইক বনপোৰা জুই বুলি কোৱা হয়। অর্থাৎ বনপোৰা জুই এনে জুই যি নিজৰ বাহিৰে আনক কষ্ট নিদিয়ে । সৈনিকজনৰ অন্তৰৰ বেদনাই তেওঁকহে দুখত অধীৰ কৰিছে, অন্য কাৰো ক্ষতি কৰা নাই৷ সেয়ে তেওঁৰ স্মৃতিক বনপোৰা জুইৰ সৈতে তুলনা কৰা হৈছে।

এখন চিঠি কবি পৰিচয়

হেম বৰুৱা : যুদ্ধোত্তৰ যুগৰ প্ৰখ্যাত কবি হেম বৰুৱাই ১৯১৫ চনত তেজপুৰত জন্মগ্ৰহণ কৰে। তেওঁ কটন কলেজৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী। গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ বৰুৱাদেৱে সন্দিকৈ ছোৱালী কলেজ আৰু যোৰহাটৰ জে বি কলেজতো অধ্যাপনা কৰিছিল। বিয়াল্লিছৰ গণ আন্দোলনত ভাগ লোৱা বৰুৱা যথাৰ্থতে এগৰাকী সুবক্তা আৰু কৃতী সাংসদ। ‘আৱাহন’, ‘জয়ন্তী’, ‘ৰামধেনু’ আদি কাকত-আলোচনীৰ মাজেৰে সাহিত্য চৰ্চা কৰা বৰুৱাই ‘পছোৱা’ আলোচনী আৰু দৈনিক ইংৰাজী কাকত ‘আসাম এক্সপ্ৰেছৰ সম্পাদনা কৰিছিল। চুটি গল্প, ভ্রমণ কাহিনী, প্রবন্ধ আদিতো বৰুৱাদেৱৰ যথেষ্ট দখল আছিল। অসমীয়া সাহিত্যত বৰুৱাদেৱ এগৰাকী বিশিষ্ট কবি হিচাপেহে জনাজাত। তেওঁ ৰচনা কৰা কাব্যসংকলনসমূহ হ’ল – ‘বালিছন্দা’, ‘মন-ময়ূৰী’ আৰু ‘হেম বৰুৱাৰ কবিতা’। অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰা এইগৰাকী প্রখ্যাত সাহিত্যিকৰ মৃত্যু হয় ১৯৭৭ চনত ।

এখন চিঠি কবিতা হেম বৰুৱা

এখন চিঠি মূলভাব
মূলভাব: ‘এখন চিঠি’ কবিতাটোত এজন সৈনিকে তেওঁৰ পত্নীলৈ লিখা চিঠি এখনৰ দ্বাৰা এক অৰ্থবহ আৰু গভীৰ ভাব কঢ়িওৱা দেখা যায়। এই ভাব হৈছে দেশৰ প্ৰতি উৎসর্গিত মনোভাব। কবিতাটোত এজন সৈনিকে যুদ্ধভূমিলৈ আহিবলৈ প্ৰিয়জনৰ পৰা বিদায় লোৱা মুহূৰ্তৰ মর্মস্পর্শী দৃশ্য চিত্ৰিত হৈছে। সৈনিকৰ অন্তৰ্বেৰ্দনাৰ লগতে নাৰী হৃদয়ৰ কাৰণ্যও কবিতাটোৰ প্রথম দফাতে পৰিলক্ষিত হয়।

সৈনিকক সদায়ে আকৃষ্ট কৰে যুদ্ধক্ষেত্ৰই। কবিতাটোৰ সৈনিকজন এনে এক যুদ্ধক্ষেত্ৰত আছে য’ত কামানৰ গৰ্জন আৰু ধোঁৱাৰ বাহিৰে আন একো কথাৰে ঠাই নাই। মানৱীয় আশা-আকাংক্ষা, কল্পনা, মৰম ইত্যাদিয়ে বিচলিত কৰিলেও ক্ষন্তেক পাছতেই দেশ তথা দহৰ ৰক্ষাৰ বাবে সৈনিকজনে যুদ্ধত জঁপিয়াবলৈ সাজু হৈছে। জীৱনৰ অনিশ্চয়তাই অহৰহ তেওঁক খেদি ফুৰে। কিন্তু, তেওঁ দেশৰ বাবে প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰে। কিয়নো, সৈনিকে বিশ্বাস কৰে দহজনৰ বাবে জীৱন দিয়াটো স্বৰ্গীয় কামৰ তুল্য। সকলোৱে এই সুযোগ নাপায়।

নিজৰ দেশৰ প্ৰতি এক ধৰণৰ দায়বদ্ধতা সৈনিকে অনুভৱ কৰে আৰু সেই অনুভৱ উত্তৰপুৰুষৰো থকাটো তেওঁ বিচাৰে। দেশৰ বাবে মৃত্যুবৰণ কৰা কাৰ্যক সৈনিকে অবিনাশী বুলি কৈছে। পাৰ্থিৱ শৰীৰ নাথাকিলেও আত্মা নমৰে বুলি ভাৰতীয় দর্শনে কয়। সৈনিকে ভাবে তেওঁৰ ত্যাগৰ মাজেৰেই উত্তৰপুৰুষৰ মাজত তেওঁ অমৰ হৈ ৰ’ব, যিদৰে আত্মা অমৰ। কবিতাটোত দেশপ্ৰেমৰ ভাবেৰে উত্তৰপুৰুষক উদ্বুদ্ধ কৰাৰ প্ৰয়াস পূর্ণমাত্রাই দেখা যায়।

‘এখন চিঠি’ কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি?

উঃ ‘এখন চিঠি’ কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম মমতা।

‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?

উঃ ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীৰ দুচকুৰে দুখ চকুলো হৈ বৈছিল। শোকত কাতৰ হৈ তেওঁ মৌন হৈ ৰৈছিল।

‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?

উঃ যুদ্ধক্ষেত্ৰত কেৱল কামানৰ গৰ্জন আৰু ধোঁৱাহে দেখা যায়। তেজৰ ঢেঁকুৰা পৰি থাকে মৰাশালিত থকাৰ দৰে। ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ বিৱৰণ এনেদৰে দিছে।

সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?

উঃ সৈনিকজনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ লাগি থকা পাৰিজাত ফুল বুলি গণ্য কৰিছে। তেনে মৃত্যুক সেয়ে তেওঁ গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে।

নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?

উঃ দেশ আৰু দহৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈ নিজৰ সন্তান দুটিক বুজনি দিবলৈ সৈনিকজনে কৈছে।

Leave a Comment