ৰাজপথ Class 11 Question Answer – সকলো প্ৰশ্নৰ উত্তৰ

ৰাজপথ Class 11 Question Answer | Class 11 Assamese Chapter 15 Question Answer | HS 1st Year Assamese Lesson 15 question Answer | একাদশ শ্ৰেণী অসমীয়া ৰাজপথ

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
কবিতা নামৰাজপথ
পাঠ15
গোটতৃতীয় গোট
লেখকহেম বৰুৱা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

ৰাজপথ Class 11 Question Answer


পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ‘অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন কাৰ ৰচনা?
উঃ ‘অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন ভৱানন্দ দত্তৰ ৰচনা।

২। ‘ব্লেক আউট’ মানে কি?
উঃ ‘ব্লেক আউট’ মানে নিষ্প্রদীপ অর্থাৎ বস্তি, বিজুলীবাতি একো নজলোৱা।

৩। ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?
উঃ ৰাজপথত আন্ধাৰ ৰাতি ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে।

৪। ‘ৰাজপথ’ কবিতাটি প্রথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
উঃ ‘ৰাজপথ’ কবিতাটো প্ৰকাশ পাইছিল ‘জয়ন্তী’ আলোচনীৰ প্ৰথম সংখ্যাত।

৫। ‘নচিকেতা’ কাৰ ছদ্মনাম?
উঃ ‘নচিকেতা’ কবি ভৱানন্দ দত্তৰ ছদ্মনাম।

(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – – ২ অথবা ৩)

১। ‘ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?
উঃ ‘ৰাজপথ’ নামৰ কবিতাটোত কবিয়ে আধুনিক যুগৰ চল্লিশৰ দশকৰ এখন বাস্তৱ চিত্র অংকন কৰিছে।মহাযুদ্ধৰ পাছত এফালে দুর্ভিক্ষ আৰু অনাটনে সাধাৰণ শ্ৰেণীৰ লোকৰ জীৱন দুর্বিসহ কৰি তুলিছিল আনহাতে এচাম পুঁজিপতিয়ে এনে পৰিস্থিতিতে নিজৰ প্ৰাচুৰ্য গঢ়িছিল। এইসকলে শ্রমজীৱিসকলক শোষণ কৰি বিলাসী জীৱন কটাইছিল। ‘ৰাজপথ’ কবিতাত শোষক আৰু শোষিতৰ এখন শ্রেণীদ্বন্দ্বৰ ছবি অংকিত হৈছে।

২। বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?
উঃ অফিচ ফেৰত হোটেল-বাকী কেৰাণী, ভদ্র-বনিতা, কলেজ গার্ল, ভিক্ষাৰী আদি সকলোৱে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে। কোনোবাই যদি হোটেলত বাকী কৰি অফিচৰ ক্লান্তি গুচাইছে, কোনো কোনোৱে আকৌ নিজৰ দেহদান কৰি জীৱিকা নিৰ্বাহ কৰিছে। গৃহহীন ভিক্ষাৰীয়ে আকৌ ৰাজপথকেই জিৰণিৰ স্থল হিচাপে লৈছে।

৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে?
উঃ ৰাজপথৰ দুকাষে থকা পাঁচ মহলীয়া বৃহৎ অট্টালিকাবোৰত বাস কৰা পুঁজি পতিসকলৰ কোঠাৰ অৰ্থেনত বাজে ৰবীন্দ্ৰ সংগীত। ডবল তলিচা পাৰি কোমল কৰি লোৱা মেহগনি পালেঙত কোনো বিৰহ-কাতৰা কলেজীয়া ছোৱালীৰ অলসায়িত দেহৰ সোৱাদ লৈ মাদকতা লাভ কৰে সেইসকল মধ্যবিত্তই। বিলাসী জীৱন-সংগীতৰ মূৰ্চ্চনাত চলা অনৈতিক জীৱনৰ প্ৰতিচ্ছৱি কবিতাটোত সুন্দৰকৈ প্ৰকাশ পাইছে।

৪। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?
উঃ ৰাজপথৰ দুয়োকাষৰ সুদৃশ্য দালানৰ তলৰ ফুটপাথত বাস কৰে হাতত শূন্য পাত্র লৈ কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা লগা এদল ভিক্ষাৰীয়ে। এই ভিক্ষাৰী, পংগু লোকসকল মহাযুদ্ধৰ সৃষ্টি। গৃহহীন, অর্থহীন, কংকালসাৰ, মৃতপ্রায় এইসকল লোকৰ হৃদয়বিদাৰক দৃশ্যৰ নীৰৱ সাক্ষী মহানগৰীৰ ৰাজপথ।

৫। ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?
উঃ ‘ৰাজপথ’ কবিতাটোত আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপৰ মাজতে বাস্তৱতা ফুটি উঠিছে। ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ ৰাতিৰ অন্ধকাৰত গোপন অভিসাৰ চলে। এই অভিসাৰ পুঁজিপতিসকলে জীৱন-সংগীতৰ মূৰ্চ্ছনাত ৰাজপথৰ দাঁতিত থকা সুউচ্চ অট্টালিকাৰ বিলাসী কোঠাত চলায়। ইপিনে সেই অট্টালিকাৰে তলৰ ফুটপাথত জীয়াই থকাৰ আখৰা চলায় এদল মৃতপ্রায় ভিক্ষাৰীয়ে। আধুনিক সমাজ জীৱনৰ এনে শ্ৰেণীবিভাজনৰ মাজতেই ফুটি উঠিছে বাস্তৱতা।

ৰাজপথ Class 11 Question Answer

(গ) দীঘল প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক — ৪ অথবা ৫)

১। ‘ৰাজপথ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে— বুজাই লিখা।
উঃ যুদ্ধোত্তৰ যুগত সমগ্ৰ পৃথিৱীতে গঢ়ি উঠিছিল এক আধুনিক সভ্যতা। এই সময়ত মধ্যবিত্ত শ্ৰেণীৰ জীৱনযাত্রা কল্পনাতীতভাৱে সলনি হৈছিল। বিলাসবহুল জীৱনৰ আহিলা হিচাপে তেওঁলোকে লৈছিল সুৰা, সংগীত আৰু নগ্ন নাৰীৰ সান্নিধ্য। আনকি পৱিত্ৰ প্ৰেমো ৰূপান্তৰিত হৈছিল পণ্য সামগ্ৰীলৈ। আন্ধাৰ ৰাতিৰ সুযোগ লৈ অনেক নাৰীয়ে প্ৰেমৰ নামত নিজৰ জীৱিকাৰ সন্ধান কৰিছিল যিসকল দিনৰ পোহৰত আছিল ভদ্র বনিতা। ৰাজপথৰ দুয়োকাষে থকা অট্টালিকাবোৰত বাস কৰা পুঁজিপতিসকলৰ কোঠাৰ অৰ্গেনত বাজে ৰবীন্দ্ৰ সংগীত। ডবল তলিচা পাৰি কোমল কৰি লোৱা মেহগনি পালেঙত কোনো বিৰহ-কাতৰা কলেজীয়া ছোৱালীৰ অলসায়িত দেহৰ সোৱাদ লৈ মাদকতা লাভ কৰে সেইসকল মধ্যবিত্তই। প্ৰেমৰ এনে নগ্ন চিত্ৰ অংকিত হৈছে ‘ৰাজপথ’ কবিতাত।

২। সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।
উঃ জয়ন্তী যুগৰ কবি ভৱানন্দ দত্ত এগৰাকী সমাজ সচেতন কবি। তেওঁ অসমীয়া সাম্প্ৰতিক কবিতাৰ বাটকটীয়া। ‘ৰাজপথ’ কবিতাটোত সমাজ জীৱনৰ প্ৰতিচ্ছবি প্রতিফলিত হৈছে। দ্বিতীয় মহাযুদ্ধৰ সময়ৰ কলিকাতা মহানগৰৰ এখন জীৱন্ত ছবি কবিতাটোৰ মাজেৰে অংকিত হৈছে।

মার্ক্সীয় আদৰ্শৰ কবি ভবানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাৰ মাজেৰে যুদ্ধ যুগৰ শ্ৰেণীবিভক্ত সমাজৰ নিখুঁত স্বাক্ষৰ প্ৰকাশিত হৈছে। যান্ত্রিক সভ্যতাৰ পতনৰ লগে লগে নগৰ সভ্যতাৰ কদর্যময় জীৱনৰ আগমন ঘটে কলিকাতাৰ দৰে মহানগৰীলৈ ৷ ব্লেক আউটৰ অন্ধকাৰময় ৰাজপথৰ মাজেৰে অসংখ্য বাছ, ট্রাক, টেক্সি, ৰিক্সা আদি চলে। এনে পৰিৱেশতে ভাৰতীয় সমাজ জীৱনলৈ আধুনিক নগৰকেন্দ্ৰিক সভ্যতাৰ দুষ্কৃতিৰ আগমন ঘটিল।

আমোলাতান্ত্রিক ব্যৱস্থাৰ সুযোগত তথাকথিত ভদ্র মহিলাসকলৰ অন্ধকাৰৰ্ময় জীৱনৰ সাক্ষী হৈ ৰ’ল মহানগৰৰ ৰাজপথসমূহ। ৰাজপথৰ দুকাষে গঢ়ি উঠা সুদৃশ্য অট্টালিকাসমূহত বাস কৰে শ্ৰেণীবিভক্ত সমাজৰ নাৰী- পুৰুষ। তাতে বাস কৰে আন কেতবোৰ মধ্যবিত্ত শ্রেণীৰ পুৰুষ। পাঁচ তলাৰ ওপৰত বাস কৰা সেইসকল মধ্যবিত্তই অর্গেনত সংগীত সুধা পান কৰি মেহগনি পালেঙত শুই পৰে কোনো বিৰহ-কাতৰা ‘কলেজ গার্ল’ৰ অলসায়িত দেহৰ সংগ লৈ। কিন্তু তাৰ তলতেই আছে অন্য এখন ছবি। ফুটপাথত বাস কৰে হাতত শূন্য পাত্ৰ লৈ কুৰি শতিকৰ সভ্যতাৰ নিলাজ হাতৰ চেকা লগা ভিক্ষাৰীৰ দলে। সেইসকল গৃহহীন, অৰ্থহীন, কংকালসাৰ মৃতপ্রায় লোকৰ হৃদয় বিদাৰক দৃশ্যৰ নীৰৱ সাক্ষী মহানগৰীৰ ৰাজপথ। কবিয়ে ‘ৰাজপথ’ৰ জৰিয়তে আধুনিক যুগৰ সমাজ জীৱনৰ মাজত সৃষ্টি হোৱা শ্ৰেণীবিভক্ত সমাজখনৰ এখন জীৱন্ত ছবি সুন্দৰ ৰূপত অংকিত কৰিছে।

৩। ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্রয়স্থলী হিচাপে প্রকাশ কৰা হৈছে?
উঃ কবিয়ে ‘ৰাজপথ’ক এচাম গৃহহীন, পংগু, মৃতপ্রায় ভিক্ষাৰীৰ আশ্রয়স্থল বুলি কৈছে। ৰাজপথৰ এফালে সুউচ্চ অট্টালিকাবোৰ আৰু আনহাতে সেই অট্টালিকাৰ তলতেই বাস কৰে হাতত শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা এচাম ভিক্ষাৰী।

৪। ৰাজপথ’ কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা।
উঃ ‘ৰাজপথ’ কবিতাটোত সমাজৰ দুটা শ্ৰেণীৰ অৱস্থা বর্ণনা কৰা হৈছে। প্রশ্নোদ্ধৃত কথাংশত সমাজৰ সেই শ্ৰেণীৰ কথা ক’ব খোজা হৈছে যাৰ অন্ন-বস্ত্ৰ বাসস্থান একোৱেই নাই। খাবলৈ, পিন্ধিবলৈ বা থাকিবলৈ অৰ্থ নাই বাবেই তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰো যেন নোহোৱা হৈ আহিছে। তেওঁলোক হৈছে হাতত শূন্য ভিক্ষাৰ পাত্ৰ লৈ থকা এদল ভিক্ষাৰী। দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি এওঁলোক। সমাজৰ সেইসকলৰ অৱহেলা, দস্যুতাৰ বলি এওঁলোক যি অট্টালিকাত বাস কৰে। কিন্তু এওঁলোকৰো আছে জীয়াই থকাৰ হেঁপাহ। সমাজৰ এচামৰ দ্বাৰা বঞ্চিত হ’লেও বাচিবৰ ইচ্ছাৰে তেওঁলোকে ৰাজপথত আশ্রয় লয়। ৰাজপথেই তেওঁলোকৰ জীৱিকাৰো উৎস, থকাৰো স্থল। কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা লগা। এইদল ভিক্ষাৰীয়ে নিঃচিত্তে শুই পৰে ৰাজপথত। ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰাৰ দলৰ এই হৃদয়বিদাৰক দৃশ্যৰ নীৰৱ সাক্ষী হৈ ৰয় ৰাজপথ। গৃহহীন, বঞ্চিত এই লোকসকলৰ শেষ আশ্রয় বা মুক্তিৰ পথ হ’ল এই ৰাজপথেই।

ৰাজপথ Class 11 Question Answer

৫। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :

(ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ
সমাজৰ চকুত ধূলি দিয়া
জীৱিকা-সন্ধানী ভদ্র-বনিতাৰ
চৰণাঘাত লভিছা কত!

উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা ভৱানন্দ দত্ত ৰচিত ‘ৰাজপথ’ কবিতাৰ পৰা লোৱা হৈছে।
প্ৰসংগ : কবিতাফাকিৰ মাজেৰে কবিয়ে যুদ্ধোত্তৰ যুগৰ অৱক্ষয়ী সমাজ এখনৰ প্ৰতিচ্ছবি প্ৰকাশ কৰিছে।ব্যাখ্যা : চল্লিশৰ দশকত সমগ্ৰ দেশজুৰি এক সামাজিক পৰিৱৰ্তন ঘটিছিল। সমাজত প্ৰত্যক্ষভাৱে গা কৰি উঠিছিল মধ্যবিত্ত সমাজৰ বিলাসবহুল জীৱনৰ কার্যকলাপ। পুৰুষতকৈও এই সময়ত নাৰীৰ পৰিৱৰ্তন হৈছিল চকুত লগা। দিনৰ পোহৰত ভদ্ৰ বুলি পৰিচিত নাৰীসকলৰ কিছুমানে নিশাৰ আন্ধাৰত ৰূপ লৈছিল দেহোপজীৱিনীৰ। আন কেতবোৰে আকৌ প্ৰেমৰ নামত আস্বাদন লৈছিল অনৈতিক যৌন পৰিতৃপ্তিৰ। কবিতাফাকিয়ে এনে পৰিৱৰ্তনৰ চিত্ৰ বহন কৰিছে।

(খ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,
অৰ্থেনত ৰবীন্দ্ৰ সংগীত,
ডবল তলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গাৰ্লৰ
অলসায়িত দেহা ।

উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা কবি ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাৰ পৰা লোৱা হৈছে।
প্রসংগ : কবিতাফাকিৰে কবিয়ে চল্লিশৰ দশকৰ সামাজিক পৰিৱৰ্তনৰ প্রতিচ্ছবি এখন অংকিত কৰিছে।
ব্যাখ্যা : চল্লিশৰ দশকৰ পৰা অন্য প্ৰান্তৰ দৰে অসমীয়া সমাজ জীৱনতো এক পৰিৱৰ্তন পৰিলক্ষিত হৈছিল। বিশেষকৈ সমাজৰ মধ্যবিত্ত লোকসকলৰ মাজত ৰেডিঅ’ত গান শুনা আৰু অৰ্গেনত ৰবীন্দ্ৰ সংগীত শুনাটো এক আভিজাত্যৰূপে গণ্য হৈছিল। ধনৰ প্ৰাচুৰ্যৰে গঢ়ি লোৱা সুউচ্চ অট্টালিকাৰ কোঠাত পাৰি লৈছিল দামী মেহগনি কাঠেৰে তৈয়াৰ কৰা ডবল তলিচাৰে সৈতে সুদৃশ্য পালেং। সেই পালেঙত ধনৰ বলতে কোনো বিৰহ-কাতৰা কলেজীয়া ছোৱালীৰ দেহৰ মাদকতা লৈছিল এইসকল মধ্যবিত্তই। কবিতাফাকিত অংকিত হৈছে এখন অনাকাংক্ষিত সমাজৰ প্ৰতিচ্ছবি।

(গ) আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া!)
শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা
মৃতপ্রায় কংকালৰ শাৰী;

উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা জয়ন্তী যুগৰ কবি ভবানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাৰ পৰা লোৱা হৈছে।
প্ৰসংগ : কবিতাফাকিৰ মাজেৰে কবিয়ে দাৰিদ্ৰ আৰু সমকালীন সমাজৰ অৱক্ষয়ৰ এখন চিত্র অংকন কৰিছে।
ব্যাখ্যা : মহাযুদ্ধৰ ফলত সমগ্ৰ পৃথিৱীতে এক অভূতপূর্ব পৰিৱৰ্তন ঘটিছিল। বিশেষকৈ বোমাই ধ্বংস কৰা এচাম পংগু আৰু গৃহহীন লোকে হাতত ভিক্ষা পাত্ৰ লৈ ওলাই আহিছিল ৰাজপথলৈ। তেওঁলোকে ক্ষুধাৰ তাড়নাত, জীয়াই থকাৰ আকাংক্ষাত মাত্ৰ এমুঠি ভাতৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। ক্ষুধা নিবাৰণৰ বাবে এমুঠি অন্ন বিচাৰি দিনৰ দিনটো ঘূৰি ফুৰি গৃহহীন এইফালে লোকে নিশা আশ্রয় লৈছিল ফুটপাথত। লঘোণীয়া পেটেৰে হাতত শূন্য ভিক্ষা পাত্ৰ লৈ মৃতপ্রায় কংকালসাৰ ভিক্ষাৰীসকলৰ এনে হৃদয় বিদাৰক দৃশ্যৰ প্ৰতিচ্ছবি অংকিত হৈছে উদ্ধৃত কবিতাংশৰ মাজেৰে ৷

Class 11 Assamese Chapter 15 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ :
১। কোন চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল ?
উঃ ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল।

২। কুৰি শতিকাৰ কোনটো দশকত আধুনিক কবিতাই আত্মপ্ৰকাশ কৰিছিল?
উঃ কুৰি শতিকাৰ চল্লিশৰ দশকত আধুনিক কবিতাই আত্মপ্ৰকাশ কৰিছিল।

৩। ‘ৰাজপথ’ কবিতাটো কোনে ৰচনা কৰিছে?
উঃ ‘ৰাজপথ’ কবিতাটো ৰচনা কৰিছে ভৱানন্দ দত্তই।

৪। ‘ৰাজপথ’ কোন শ্রেণীৰ কবিতা ?
উঃ ‘ৰাজপথ’ আধুনিক বাস্তৱবাদী কবিতা ।

৫। কিমান চনত আৰু ক’ত ভবানন্দ দত্তৰ জন্ম হয়?
উঃ ১৯১৯ চনত যোৰহাটত ভৱানন্দ দত্তৰ জন্ম হয়।

৬। ভৱানন্দ দত্তই লিখা দুখন পুথিৰ নাম লিখা।
উঃ ভৱানন্দ দত্তই লিখা দুখন পুথি হৈছে – ‘দৃষ্টি আৰু দৰ্শন’, ‘অসমীয়া কবিতাৰ কাহিনী’।

৭। ভৱানন্দ দত্তই ইংৰাজী ভাষাত ৰচনা কৰা পুথিখনিৰ নাম কি?
উঃ ভৱানন্দ দত্তই ইংৰাজী ভাষাত ৰচনা কৰা পুথিখনিৰ নাম ‘Philosophy and India’ |

৮। ভৱানন্দ দত্তই কি ছদ্মনামত ‘ৰাজপথ’ কবিতাটো প্ৰকাশ কৰিছিল?
উঃ ভৱানন্দ দত্তই ‘নচিকেতা’ ছদ্মনামত ‘ৰাজপথ’ কবিতাটো প্ৰকাশ কৰিছিল।

Class 11 Assamese Chapter 15 Question Answer

চমু প্রশ্নোত্তৰ :

১। ৰাজপথৰ প্ৰশান্ত অৱস্থাৰ সুবিধা লৈ কেনেধৰণৰ প্ৰেমৰ ছবি কবিয়ে অংকন কৰিছে – চমুকৈ লিখা।
উঃ আধুনিক সভ্যতাই মানুহৰ জীৱনলৈ আনিছে অনেক পৰিৱৰ্তন। ৰাজপথৰ উদাৰ বুকুৱেদি চলে নানা ধৰণৰ যান বাহন। মহানগৰীৰ বুকুত আশ্রয় লোৱা জীৱনবোৰে ট্রাম, বাছ, টেক্সি, ৰিক্সা আদিৰ দৰে গতি লাভ কৰে। কিছুমানে কেৱল ধন আৰু বিলাস প্ৰাচুৰ্ষৰ পাছত দৌৰি নানা দুষ্কৃতিত লিপ্ত হয়। জনবহুল মহানগৰীত দিন আৰু ৰাতি সমানে চলে এই দুষ্কৃতি। তদুপৰি ব্যস্ত জনতাৰ সুযোগ লৈ নিশাবোৰ হৈ পৰে প্ৰেমিক-প্ৰেমিকাৰ উদ্ভান্ত প্ৰেমৰ গোপন অভিসাৰৰ স্থল। ৰাজপথ যেন এই সকলোৰে প্ৰতি উদাৰ, প্ৰশান্ত, নির্বিকাৰ। এনে এক প্রতিচ্ছবি কবিয়ে অংকিত কৰিছে ‘ৰাজপথ’ কবিতাত।

২। ৰাজপথৰ দুয়োকাষে কবিয়ে কি লক্ষ্য কৰিছে? তাৰ ভিতৰুৱা ৰূপ কেনেকুৱা ?
উঃ ৰাজপথৰ দুয়োকাষে আছে সুউচ্চ দালানৰ শাৰী। পাঁচ মহলীয়া এনে অট্টালিকাবোৰত বাস কৰে পুঁজিপতিসকল। সেইসকলৰ কোঠাত অর্গেনত বাজে ৰবীন্দ্ৰ সংগীত। ডবল তলিচা পাৰি কোমল কৰি লোৱা মেহগনি পালেঙত কোনো বিৰহ-কাতৰা কলেজীয়া ছোৱালীৰ অলসায়িত দেহৰ সোৱাদ লৈ মাদকতা লাভ কৰে সেইসকল মধ্যবিত্তই। আনহাতে সেই অট্টালিকাৰ তলতেই ফুটপাথত বাস কৰে অনেক দৰিদ্ৰ ভিক্ষাৰীৰ দল। এই ভিক্ষাৰী, পংগু লোকসকল মহাযুদ্ধৰ সৃষ্টি। মৃতপ্রায় এই দৰিদ্ৰ লোকসকলৰ হৃদয় বিদাৰক এই দৃশ্য প্রত্যক্ষ কৰিব পাৰি ৰাজপথতে। ৰাজপথৰ বাহিৰত অট্টালিকা আৰু দৰিদ্ৰসকল; আনহাতে ভিতৰত বিলাসী জীৱন-সংগীতৰ মূৰ্চ্ছনাত চলা অনৈতিক জীৱনৰ প্ৰতিচ্ছবি কবিয়ে সুন্দৰকৈ অংকন কৰিছে।

ৰাজপথ কবি পৰিচয় (ভৱানন্দ দত্ত)

কবি পৰিচয়: ১৯১৯ চনত যোৰহাটত ভৱানন্দ দত্তই জন্মগ্রহণ কৰে। বজালী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা লোৱা দত্ত কটন কলেজৰ স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী। নলবাৰী কলেজত কৰ্মজীৱনৰ পাতনি মেলি তেওঁ পাছলৈ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত প্রবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ ৰচনাসমূহ হৈছে – ‘অসমীয়া কবিতাৰ কাহিনী’, ‘দৃষ্টি আৰু দৰ্শন’, ‘অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন’, ‘ৰবীন্দ্ৰ প্ৰতিভা’, ‘Philosophy and India’ আদি। ভৱানন্দ দত্ত অসম সাহিত্য সভাৰ মঙলদৈ অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি আছিল।

ৰাজপথ মূলভাব

মূলভাব: যুদ্ধোত্তৰ যুগত সমগ্ৰ পৃথিৱীতে গঢ়ি উঠিছিল এক আধুনিক সভ্যতা। ‘ৰাজপথ’ কবিতাটোত কবিয়ে আধুনিক যুগৰ চল্লিশৰ দশকৰ এখন বাস্তৱ ছবি অংকন কৰিছে। এই ছবি দ্বিতীয় মহাযুদ্ধৰ সময়ৰ কলিকতা মহানগৰৰ এখন জীৱন্ত ছবি। যান্ত্রিক সভ্যতাৰ পতনৰ লগে লগে নগৰ সভ্যতাৰ কদৰ্যময় জীৱনৰ আগমন ঘটে কলিকতাৰ দৰে মহানগৰীলৈ। মহানগৰত ব্লেক আউটৰ অন্ধকাৰময় ৰাজপথৰ মাজেৰে অসংখ্য ট্রাম, বাছ, টেক্সি, ৰিক্সা চলে। মহানগৰীৰ বুকুত আশ্রয় লোৱা জীৱনবোৰে এই যান-বাহনবোৰৰ দৰেই গতি লাভ কৰে। জনবহুল মহানগৰীত দিন-ৰাতি সমানে চলে দুষ্কৃতি। তদুপৰি ব্যস্ত জনতাৰ সুযোগ লৈ নিশাবোৰ হৈ পৰে প্ৰেমিক-প্ৰেমিকাৰ উদ্ভ্রান্ত প্ৰেমৰ গোপন অভিসাৰৰ স্থল। ৰাজপথ যেন এই সকলোৰে প্ৰতি উদাৰ, প্ৰশান্ত, নির্বিকাৰ। এই সময়ছোৱাত মধ্যবিত্ত শ্ৰেণীৰ জীৱনযাত্রা কল্পনাতীতভাৱে সলনি হৈছিল। বিলাসবহুল জীৱনৰ আহিলা হিচাপে তেওঁলোকে লৈছিল সুৰা, সংগীত আৰু নগ্ন নাৰীৰ সান্নিধ্য। আন্ধাৰ ৰাতিৰ সুযোগ লৈ অনেক নাৰীয়ে প্ৰেমৰ নামত নিজৰ জীৱিকাৰ সন্ধান কৰিছিল যিসকল দিনৰ পোহৰত আছিল ভদ্ৰ বনিতা।

আকৌ, ৰাজপথৰ দুকাষে গঢ়ি উঠা সুদৃশ্য অট্টালিকাসমূহত বাস কৰে শ্ৰেণীবিভক্ত সমাজৰ নাৰী-পুৰুষ। সুউচ্চ দালানত বাস কৰা এইসকল মধ্যবিত্তই অর্গেনত সংগীত সুধা পান কৰি ডবল তলিচা পাৰি কোমল কৰি লোৱা মেহগনি পালেঙত শুই পৰে কোনো বিৰহ- কাতৰা ‘কলেজ গার্ল’ৰ অলসায়িত দেহৰ সংগ লৈ। আনহাতে, সেই দালানৰ তলৰ ফুটপাথত বাস কৰে হাতত শূন্য পাত্ৰ লৈ কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা লগা ভিক্ষাৰীৰ দলে। সেইসকল গৃহহীন, অৰ্থহীন, কংকালসাৰ, মৃতপ্রায় লোকৰ হৃদয়বিদাৰক দৃশ্যৰ নীৰৱ
সাক্ষী মহানগৰীৰ ৰাজপথ।

কবিয়ে কবিতাটোৰ মাজেৰে আধুনিক যুগৰ সমাজ জীৱনৰ প্ৰতিচ্ছবিৰ লগতে এই জীৱনত সৃষ্টি হোৱা শ্ৰেণী, বৈষম্যৰ এখন জীৱন্ত ছবি নিখুঁতভাৱে চিত্ৰিত কৰিছে।

FAQ

প্ৰশ্ন: ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?

উঃ ৰাজপথত আন্ধাৰ ৰাতি ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে।

প্ৰশ্ন: ‘ৰাজপথ’ কবিতাটি প্রথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উঃ ‘ৰাজপথ’ কবিতাটো প্ৰকাশ পাইছিল ‘জয়ন্তী’ আলোচনীৰ প্ৰথম সংখ্যাত।

প্ৰশ্ন: ‘নচিকেতা’ কাৰ ছদ্মনাম?

উঃ ‘নচিকেতা’ কবি ভৱানন্দ দত্তৰ ছদ্মনাম।

প্ৰশ্ন: ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?

উঃ ৰাজপথৰ দুয়োকাষৰ সুদৃশ্য দালানৰ তলৰ ফুটপাথত বাস কৰে হাতত শূন্য পাত্র লৈ কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা লগা এদল ভিক্ষাৰীয়ে। এই ভিক্ষাৰী, পংগু লোকসকল মহাযুদ্ধৰ সৃষ্টি। গৃহহীন, অর্থহীন, কংকালসাৰ, মৃতপ্রায় এইসকল লোকৰ হৃদয়বিদাৰক দৃশ্যৰ নীৰৱ সাক্ষী মহানগৰীৰ ৰাজপথ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top